বিচ্ছিন্ন প্ৰত্যয় আৰু বিভক্তি
লেখক- সুৰেন গোস্বামী
আজিকালি, বিশেষকৈ ফেচবুকত কিছুমান বাক্য দেখি ভাব হয় অসমীয়া ভাষাটোৰ কিবা ‘লেকাম’ আছে নে নাই। সাধাৰণ লেখকৰ কথা বাৰু নক’লোৱেই, নামী–দামী লেখকৰ লেখাত নিম্নোক্তধৰণৰ বাক্য দেখিলে বৰ দুখ লাগে। এদিন এজন প্ৰসিদ্ধ লেখকৰ বৰ গুৰুত্বপূৰ্ণ লেখাৰপৰা মই নিম্নোক্ত বাক্যকেইটি টুকি ৰাখিছিলোঁ। লেখাটো অতি সুন্দৰ, প্ৰয়োজনীয়, শিক্ষণীয় কিন্তু প্ৰায় ৩০টামান বাক্যত এনেধৰণৰ শব্দ পাই ধাৰণা হ’ল যে প্ৰকৃততে সেইবোৰ অনিচ্ছাকৃত, টাইপিং ভুল নহয়। ই তেওঁৰ লিখাৰেই ঢং। অকল তেৱেঁই নহয়, প্ৰায় প্ৰতিদিনে বেছিভাগ লেখকৰ এনেবোৰ প্ৰত্যয় আৰু বিভক্তিক বিভাজন কৰি লিখা লেখাবোৰ দেখি ভাব হৈছে, ই অসমীয়া ভাষাত অকাম্য, নতুন ঢং সোমাল। বাক্য কেইটামান উল্লেখ কৰা হ’ল (বাক্যবোৰৰ কেৱল প্ৰয়োজনীয় অংশখিনিৰহে উদ্ধৃতি দিয়া হৈছে)ঃ
আশুতোষ মুখাৰ্জী ৰ দৰে অতি উচ্চ—–;
অসমীয়া এটা ঐতিহ্য ময় স্বতন্ত্ৰ ভাষা—;
ইতিমধ্য উপাচাৰ্য্য মুখাৰ্জী ৰ অনুৰোধত—–;
হেমচন্দ্ৰ গোস্বামী য়ে—;
গোস্বামীয়ে উপাচাৰ্য্য মুখাৰ্জী ক—-;
ভোলানাথ বৰুৱা ৰ ঘৰলৈ আনিছিল;
উপাচাৰ্য্য মুখাৰ্জী ও—;
মুখাৰ্জী ডাঙৰীয়া ৰ দিনতেই হয়; বিৰিঞ্চি কুমাৰ বৰুৱা ক অধ্যাপক নিযুক্তি দিয়ে;
— কুমাৰ বৰুৱা ই;
— মুখাৰ্জী ৰ পুত্ৰ —-;
বিৰিঞ্চি কুমাৰ বৰুৱা ৰো— “ ইত্যাদি ইত্যাদি।
আজি এজনে লিখিছে, “মোৰ মোবাইলটো পৰি —”, মোলৈ এটা মেছেজ আহিছে, “ৰাতিপুৱা টো—”৷ এনেদৰে প্ৰতিদিন বহুজনৰ বহু লেখা আজিকালি ফেচবুকত বন্ধুসকলে লিখে। সেয়ে ক’বলৈ বিচাৰিছোঁ যে এনেদৰে টো, খন, জন, দাল, ডাল, গৰাকী, টা, টি, কণ, ফেৰা, ফেৰি, গছ, গছি, পাত, পাটি, চটা, চটি, বোৰ, বিলাক ইত্যাদিবোৰ দেখাত উপশব্দ হ’লেও সেইবোৰ তদ্ধিত প্ৰত্যয়। আনহাতে ৰ, ত, য়, ক, ও, আদি যিবোৰ ‘বৰ্ণ’(? ) কোনো বিশেষ্য বা সৰ্বনামৰ লগত যোগ দি শব্দটোক নতুন ৰূপ দিয়া হয়, (যেনে বৰুৱা(ক), মুখাৰ্জী(ৰ), বৰুৱা(ই), গোস্বামী(ক), দত্ত(ই) আদি)। সেইবোৰক বৰ্ণ নুবুলি বিভক্তি বোলা হয়।
এই প্ৰত্যয় আৰু বিভক্তিবোৰ মূল শব্দৰপৰা আঁতৰি নাযায়। আঁতৰাই দিলে সেই বিভক্তি বা প্ৰত্যয়ৰ নিজা ধৰ্ম (শব্দক নতুন ৰূপ দিয়া) ৰক্ষা নপৰে আৰু মূল শব্দটোৰো অৰ্থ বিভ্ৰান্তি ঘটে। ওপৰত উদাহৰণ হিচাপে দিয়া বাক্যবোৰ পঢ়িলেই এই বিসংগতি সহজে ধৰিব পাৰি। পঢ়োঁতেই খোঁকোজা লাগে, অৰ্থ ভাগি পৰে আৰু পাঠকৰ নিজৰে অস্বস্তিবোধ হয়। এনেবোৰ বিংগতিয়ে ভাষাটোৰ অস্থিৰতা বঢ়ায়।