চকুপানী

লেখক- ধ্ৰুৱজ্যোতি তামুলী

দুখ হৈ সৰ তই কেতিয়াবা,
অথবা জিলিকি উঠ মুকুতা হৈ।
আকৌ কেতিয়াবা
আইৰ আশীৰ্বাদ, পিতাইৰ আনন্দ,
প্ৰেয়সীৰ সুখ হৈ
যেন ডিঙাৰ চৈ।
সৰাপাতত পৰি
যেতিয়া হীৰাৰ চমক তোল!
ঐ, অহংকাৰত তই বাৰু গৌৰৱী নহৱনে?
আশাক বুকুত বান্ধি
যেতিয়া আচলেৰে ঢাকিব খোজ নিজক,
কচোন ক তোৰ বাৰু কেনে লাগে!
অসহায় হৈ নপৰনে তই?
প্ৰতিশ্ৰুতিবোৰ হেৰাই যোৱাৰ পৰত
বা ঘূৰাই লোৱাৰ ক্ষণত
তই বাৰু কেনেকৈ
শিল হৈ ওপঙি থাকিব পাৰ?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments