স্বাস্থ্য সচেতনতা আৰু অসমীয়া সমাজ

লেখক- অঞ্জন বৰা

আমাৰ অসমীয়া মানুহ এলেহুৱা বুলি এষাৰ কথা আছে। অৰ্থাৎ, অসমীয়া মানুহে একো কাম বন নকৰি শুই থাকিবলৈ ভাল পায়।
আমি প্ৰাথমিক বিদ্যালয়ত পঢ়া ‘নোৱাৰোঁ’ নামৰ কবিতাটোত কবিয়ে উল্লেখ কৰিছে –
‘এলেহুৱা হৈ কিয় তুমি জীৱন ধৰিবা’….
কিন্তু, বৰ্তমানৰ কৰ’ণাকালীন দ্বিতীয় লহৰ চলি থকা সময়ত আমি অনুভৱ কৰিছো যে অসমীয়া মানুহ এলেহুৱা নহয়। আমাৰ ককা-আইতা, খুৰা-খুৰী, ডেকা-গাভৰু আৰু শিশুহতঁ, কোনোৱেই এলেহুৱা নহয়। কৰ’ণাৰ প্ৰকোপৰ বাবে স্বাস্থ্য সচেতনতাৰ ক্ষেত্ৰত আমি পিচ পৰি ৰোৱা নাই। বৰঞ্চ, আমি প্ৰাতঃ ভ্ৰমণ আৰু ভাৰতৰ পৰম্পৰাগত যোগ-ব্যামৰ যোগেদি আমাৰ মানুহখিনি স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট সচেতনত হোৱা পৰিলক্ষিত হৈছে।

মই নিজে আজি পোন্ধৰ বছৰমানৰ পৰা কম-বেছি পৰিমাণে প্ৰাতঃ ভ্ৰমণৰ লগতে যোগ সাধনাও কৰি আহিছোঁ আৰু ইয়াৰ ফলাফলো লাভ কৰিছোঁ। কিন্তু, আমাৰ অসমীয়া সমাজখনত ইয়াৰ প্ৰৱণতা যথেষ্ট কম। আমাৰ অসমীয়া মুনিহ-তিৰোতাই বেলি মূৰৰ ওপৰ পোৱাৰ পিছতহে শোৱাপাটি এৰাটো এক অভ্যাসতে পৰিণত হৈছে। এয়া নিশ্চয়কৈ শুভ লক্ষণ নহয়।

কৰ’ণা সময়ৰ আগতে প্ৰাতঃ ভ্ৰমণ কালত পদপথত লগ হোৱা আমাৰ অসমীয়া ল’ৰা-ছোৱালীৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা। যি দুই-এক লগ পোৱা যায় তেওঁলোকো উদ্দেশ্য ভিত্তিক (শাৰীৰিক সাক্ষাৎকাৰ বাবে) দৌৰিবলৈ আহে।
বয়োজেষ্ঠৰ বেলিকাও সংখ্যাটো তাকৰ। বতৰ্মান সময়ত আমাৰ অসমীয়া মানুহৰ (পুৰুষ-মহিলা) স্বাস্থ্য সচেতনতা বৃদ্ধি হোৱাটো নিশ্চয়কৈ শুভ লক্ষণ। ইয়াক কৰ’ণাৰ এক যোগাত্মক দিশ বুলি বিবেচনা কৰিব পাৰি।

কৰ’ণাৰ সময়ত (লকডাউনৰ বাবে) অফুৰন্ত সময়ৰ বাবে তেওঁলোকে পুৱা-গধূলি পদপথলৈ ওলাই আহিব ধৰিছে। আমাৰ উত্তৰ অসমত আকৌ সম্পূৰ্ণ লকডাউনৰ সময়ত নৱ-নিৰ্মিত ফৰলেনযুক্ত পথলৈ গাড়ী, বাইক লৈ খোজ কাঢ়িবলৈ অহা মানুহৰ প্ৰয়োভৰত বাবে স্থানীয় প্ৰশাসনে আৰক্ষীৰ যোগেদিহে সান্ধ্য ভ্ৰমণকাৰীক নিয়ন্ত্ৰণ কৰিবৰ লেখিয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল। যি নহওক, ইয়ো এক নতুন অভিজ্ঞতা।

বিভিন্ন প্ৰশিক্ষণ শিবিৰ আৰু সামাজিক মাধ্যমৰ যোগেদি আমাৰ বহুতো ডেকা ল’ৰা-ছোৱালীয়ে বিনামূলীয়াকৈ যোগৰ প্ৰশিক্ষণ প্ৰদান কৰি মানুহক স্বাস্থ্যৰ প্ৰতি সচেতন হ’বলৈ শিকাইছে। তদুপৰি, সামৰ্থ অনুযায়ী আমাৰ ডেকাসকলে ককা-দেউতাহঁতৰ আগৰ গতানুগতিক চাইকেলখন আঁতৰাই নতুন আধুনিক চাইকেল চলাই স্বাস্থ্যৰ যতন লোৱাৰ যি প্ৰৱণতা গঢ়ি উঠিছে সেয়া নিশ্চিত ভাৱে আদৰণীয়। ইয়াৰ লগত আমাৰ পৰিবেশৰ ভাৰসাম্য কথাও জড়িত হৈ আছে। শেষত, প্ৰাতঃভ্ৰমণ তথা যোগ-ব্যামৰ জড়িয়তে আমি কিঞ্চিত হ’লেও দেহটো সুস্থ সবল আৰু নিৰোগী কৰি ৰাখিব পাৰিম। কৰ’ণাৰ সময়ত হোৱাৰ দৰে স্বাস্থ্য সচেতনতা যাতে এক জনমুখী আন্দোলনত হৈ মানুহৰ অভ্যাসত পৰিণত হওক তাকে অন্তঃকৰণৰে কামনা কৰিলোঁ কাৰণ ‘স্বাস্থ্যই পৰম ধন’।

অঞ্জন বৰা।
বিশ্বনাথ চাৰিআলি।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments