‘অসমীয়া ভাষাৰ সমাপিকা ক্ৰিয়া
আৰু অসমাপিকা ক্ৰিয়াৰ ব্যৱহাৰ’
লেখক- কমললোচন দাস
এনেধৰণৰ খেলিমেলি কোনো কোনো বাতৰি কাকত, আলোচনী, স্মৃতিগ্ৰন্থ আদিত মাজে-সময়ে দেখা পোৱাৰ লগতে ‘ফেইচবুক’ আদিতো দেখিবলৈ পাইছোঁ।
‘ফেইচবুক’ত পঢ়ি থকা এনেকুৱা আসোঁৱাহযুক্ত বহুতো বাক্যৰ মাজৰ মাথোঁ দুটা উদাহৰণ তলত দিছোঁ। এবাৰ পঢ়ি চাওকচোন —
(১) “অসম গৌৰৱ Lovlina Borgohain ক ৩ লাখ টকাৰ পুৰস্কাৰ আগবঢ়াই।”
(২) “ওপৰত থকা গৰাকীয়ে কৰ্মহে চাই / ধন সম্পত্তি নাচাই।”
অসমীয়া ভাষাত এনে ধৰণে ভুলকৈ লিখা কেইটামান বাক্য তলত উদাহৰণ হিচাপে লিখিছোঁ।
(১) সি দুপৰীয়া সদায় ভাত খাই।
(২) ল’ৰা-ছোৱালীবোৰে ন বজাৰ আগতে বিদ্যালয়লৈ যাই।
(৩) ছহিদ স্তম্ভই আন্দোলনৰ কথা সোঁৱৰাই।
(৪) শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক পাঠ্যপুথি পঢ়াই।
(৫) ৰমেনে গধূলি পৰত সদায় টি ভি চাই।
(৬) দেউতাই সদায় মোক ভয় খুৱাই।
(৭) ছোৱালীজনীয়ে সুন্দৰকৈ গান গাই।
ওপৰৰ বাক্যকেইটাৰ ক্ৰিয়াপদকেইটা লিখোঁতে শুদ্ধ হোৱা নাই।
খাই, যাই, সোঁৱৰাই, পঢ়াই, চাই, খুৱাই, গাই শব্দকেইটা হ’ব লাগিছিল – খায়, যায়, সোঁৱৰায়, পঢ়ায়, চায়, খুৱায়, গায়। (সমাপিকা ক্ৰিয়া)
আকৌ, আন কেইটামান বাক্য পঢ়ি চাওঁ, আহক।
(ক) সি ভাত খায় বিদ্যালয়লৈ যায়।
(খ) ৰমেনে টিভি চায় বহি থাকে।
(গ) তেওঁ আমাক ইংৰাজী শিকায় ঘৰলৈ যায়।
(ঘ) ছোৱালীজনীয়ে গান গায় সুনাম অৰ্জন কৰিছে।
(ঙ) দেউতাই মোক ভয় খুৱায় আনন্দ পায়।
(চ) সি এতিয়া ফটোবোৰ দেখুৱায় আছে।
(ছ) শিক্ষকগৰাকীয়ে ছাত্ৰজনক অংক বুজায় আছে।
এইবাৰো বাক্যকেইটা শুদ্ধ হোৱা নাই।
বাক্যকেইটাৰ মাজত থকা খায়, চায়, শিকায়, গায়, খুৱায়, দেখুৱায়, বুজায় — এই শব্দকেইটা হ’ব লাগিছিল – খাই, চাই, শিকাই, গাই, খুৱাই, দেখুৱাই, বুজাই। (অসমাপিকা ক্ৰিয়া)
এনেকুৱা ভুলৰ বিষয়ে কৰা আলোচনা মাজে-সময়ে পঢ়িবলৈ পাওঁ।
শিক্ষক-শিক্ষয়িত্ৰীসকলেও ছাত্ৰ-ছাত্ৰীক এই বিষয়ে বুজাই দিবলৈ যত্ন কৰে।
কিন্তু, এনেকুৱা ভুলৰ বিষয়ে লিখা কথাবোৰ পঢ়াৰ পাছতো সকলোৰে এই বিষয়ে ধাৰণা স্পষ্ট হৈ নুঠে যেন লাগে।
কিছুমানে এই ধৰণে ভাবি লোৱা দেখা যায় যে বাক্যৰ শেষৰ শব্দটোৰ শেষৰ বৰ্ণটো ‘ই’ – হ’লেও ‘য়’ – লিখিব লাগে। যেনেঃ- সি ইয়াত নায়। (বাক্যৰ শেষত ‘নাই’ অশুদ্ধ বুলি ভাবে।)
আকৌ, বাক্যৰ মাজৰ শব্দটোৰ শেষৰ বৰ্ণটো ‘য়’ হ’লেও ‘ই’ লিখিব লাগে বুলি ভাবোঁ। যেনেঃ- আমি সদাই (বাক্যৰ মাজত ‘সদায়’ অশুদ্ধ বুলি ভাবে।) বজাৰলৈ যাওঁ।
সেয়েহে, এই বিষয়ে কিছু আলোচনা কৰিব খুজিছোঁ।
প্ৰথমতে, আমি এটা কথা লক্ষ্য কৰা উচিত যে আমি শব্দৰ বানানৰ শেষৰ বৰ্ণ ‘ই’ আৰু ‘য়’ -ৰ যি কথা কৈছোঁ সেয়া মাথোঁ মূলত সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়াৰ ক্ষেত্ৰতহে হয়।
বিশেষ্য, বিশেষণ, সৰ্বনাম, অব্যয় আদি পদৰ ক্ষেত্ৰত সেই কথা নাহে।
সমাপিকা ক্ৰিয়া বুলিলে আমি কি বুজোঁ-
কোনো বাক্যৰ যি ক্ৰিয়াই বাক্যটো সম্পূৰ্ণ কৰে তাকে সমাপিকা ক্ৰিয়া বোলা হয়।
সমাপিকা ক্ৰিয়াৰ কিছুমান উদাহৰণঃ (১) মই কামটো কৰিলোঁ।(২) তুমি এটা ভাল গান লিখিলা। (৩) আমি বজাৰৰ পৰা আহিলোঁ।(৪) সি তবলা বজাবলৈ শিকিলে।
উদাহৰণ হিচাপে উল্লেখ কৰা এই চাৰিটা বাক্যত চাৰিটা সমাপিকা ক্ৰিয়া আছে।
ক্ৰিয়াবোৰ হ’ল — কৰিলোঁ, লিখিলা, আহিলোঁ, শিকিলে।
অসমাপিকা ক্ৰিয়া বুলিলে আমি কি বুজোঁ– কোনো বাক্যৰ যি ক্ৰিয়াই বাক্য সম্পূৰ্ণ নকৰে তাকে অসমাপিকা ক্ৰিয়া বুলি কওঁ।
এতিয়া ওপৰৰ (১, ২, ৩, ৪ নং) বাক্য চাৰিটাৰ সমাপিকা ক্ৰিয়াক, অসমাপিকা ক্ৰিয়াৰ ৰূপত লৈ তলত আকৌ চাৰিটা বাক্য লিখিছোঁ।
এই বাক্য চাৰিটা লক্ষ্য কৰোঁ আহক।
(৫, ৬, ৭, ৮ নং বাক্য)
(৫) মই কামটো কৰি ঘৰলৈ গ’লোঁ।
(৬) তুমি এটা ভাল গান লিখি আমাক দিবা।
(৭) আমি বজাৰৰ পৰা আহি তোমাক লগ পালোঁ।
(৮) সি তবলা বজাবলৈ শিকি থাকোঁতে ঘটনাটো ঘটিছিল।
ওপৰৰ বাক্য চাৰিটাত কৰি, লিখি, আহি, শিকি — এই চাৰিটা অসমাপিকা ক্ৰিয়া।
এতিয়া, ১, ২, ৩, ৪ নং (সমাপিকা ক্ৰিয়াৰ) আৰু ৫, ৬, ৭, ৮ নং (অসমাপিকা ক্ৰিয়া থকা) — এই আঠোটা বাক্যৰ সমাপিকা ক্ৰিয়াৰ ৰূপ আৰু অসমাপিকা ক্ৰিয়াৰ ৰূপ লক্ষ্য কৰোঁ আহক।
বাক্য নং
১ কৰিলোঁ, ৫ কৰি
, ২ লিখিলা, ৬ লিখি, ৩ আহিলোঁ, ৭ আহি
, ৪ শিকিলে, ৮ শিকি
(সমাপিকা ক্ৰিয়া),(অসমাপিকা ক্ৰিয়া)
ওপৰৰ বাক্যকেইটাৰ সমাপিকা আৰু অসমাপিকা ক্ৰিয়াবোৰলৈ – (কৰিলোঁ/কৰি, লিখিলা/লিখি, আহিলোঁ/আহি, শিকিলে/শিকি) লক্ষ্য কৰি আমি ক’ব পাৰোঁ যে সাধাৰণতে এনেকুৱা বাক্যৰ সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়াৰ শব্দবোৰৰ বানানৰ ক্ষেত্ৰত আমাৰ কোনো খেলি-মেলি নহয়।
কিন্তু, খেলি-মেলি হয় ক’ত?
এইবাৰ সমাপিকা ক্ৰিয়াৰ আন চাৰিটা বাক্যলৈ মন কৰক।
(ক) সীতাই ৰাতিপুৱা বৰগীত গায়।
(খ) মুন্মীয়ে মোক অসমীয়া শিকায়।
(গ) ছাৰে কথাবোৰ ভালদৰে বুজায়।
(ঘ) স্মৃতিয়ে আমাক বহু কথা সোঁৱৰায়।
এই বাক্য চাৰিটাৰ — গায়, শিকায়, বুজায়, সোঁৱৰায় সমাপিকা ক্ৰিয়াৰ ৰূপ।
এইবাৰ এই চাৰিটা বাক্যৰ সমাপিকা ক্ৰিয়াক অসমাপিকা ৰূপত লৈ তলত আকৌ চাৰিটা বাক্য লিখিছোঁ।
এই বাক্য চাৰিটা লক্ষ্য কৰোঁ আহক!
(ঙ) সীতাই ৰাতিপুৱা বৰগীত গাই ভগৱানক প্ৰাৰ্থনা কৰে।
(চ) মুন্মীয়ে মোক অসমীয়া শিকাই ঘৰলৈ যায়।
(ছ) ছাৰে কথাবোৰ ভালদৰে বুজাই দি আমাক লিখিবলৈ দিয়ে।
(জ) সময়ে সোঁৱৰাই দিয়া কথাবোৰ আমি মনত ৰখা উচিত।
এতিয়া, (ক), (খ), (গ), (ঘ) সমাপিকা ক্ৰিয়া আৰু (ঙ), (চ), (ছ), (জ) অসমাপিকা ক্ৰিয়া থকা বাক্যকেইটাৰ ক্ৰিয়াৰ ৰূপলৈ লক্ষ্য কৰোঁ আহক!
বাক্য নং (ক) গায়, (ঙ) গাই
, (খ) শিকায়,(চ) শিকাই
, (গ) বুজায়,(ছ) বুজাই
,(ঘ) সোঁৱৰায়,(জ) সোঁৱৱাই
(সমাপিকা ক্ৰিয়া),(অসমাপিকা ক্ৰিয়া)
এইবাৰ, গায়, শিকায়, বুজায়, সোঁৱৰায় — এই শব্দ চাৰিটাৰ ক্ষেত্ৰত সমাপিকা ক্ৰিয়াৰ ৰূপত আৰু অসমাপিকা ক্ৰিয়াৰ ৰূপত শব্দকেইটাৰ বানানলৈ চালে দেখা পাম যে সমাপিকা ৰূপত শব্দকেইটাৰ শেষৰ বৰ্ণ ‘য়’ আৰু অসমাপিকা ৰূপৰ ক্ষেত্ৰত শেষৰ বৰ্ণ ‘ই’ আৰু এনেকুৱা ধৰণৰ শব্দৰ সমাপিকা ৰূপৰ আৰু অসমাপিকা ৰূপৰ বানান আমি বহু সময়ত ভুল কৰি লিখোঁ।
এই আলোচনাৰ প্ৰথম ভাগতেই এনেকুৱা কিছুমান ভুল বানানৰ শব্দ থকা বাক্যৰ উদাহৰণ দিয়া হৈছে।
এতিয়া থূলমূলকৈ কৈছোঁ যে, ‘ই’ আৰু ‘য়’-ক লৈ হোৱা এনেকুৱা খেলিমেলি কেতিয়াও বিশেষ্য পদৰ, যেনে, (চৰাই, জুই, বিদায়, ভয়, ভাই) বিশেষণ পদৰ, (যেনেঃ- সদায়, সমুদায়, সৰ্বদায়, নাই), সৰ্বনাম পদৰ, (মই, তই, তাই) অথবা অব্যয় পদৰ শব্দৰ ক্ষেত্ৰত কেতিয়াও নহয় কাৰণ সমাপিকা অথবা অসমাপিকা ক্ৰিয়া পদৰ নিচিনাকৈ এই শব্দবোৰ পৰিৱৰ্তিত নহয়।
আকৌ, সকলো সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়াৰ ক্ষেত্ৰত এই ‘ই’ আৰু ‘য়’-ৰ কথা নাহে।
যেনেঃ- সমাপিকা ক্ৰিয়াৰ উদাহৰণ —
(১) মই তোমাৰ কথাবোৰ শুনিলোঁ।
(২) সি কালি আমাৰ ঘৰলৈ আহিছিল।
(৩) তুমি কালিলৈ কামটো কৰিবা।
বৰ্তমান কালৰ, অতীত কালৰ, ভৱিষ্যৎ কালৰ এই বাক্য তিনিটা সমাপিকা ক্ৰিয়া – শুনিলোঁ, আহিছিল, কৰিবা – এই তিনিটাৰ বানানৰ শেষত ‘য়’ নাই।
এইবাৰ, বাক্য তিনিটা অসমাপিকা ক্ৰিয়াত লিখি চাওঁ আহক।
(ক) তোমাৰ কথাবোৰ শুনি ভাল লাগিল।
(খ) কালি সি আমাৰ ঘৰলৈ আহি থাকোঁতে ঘটনাটো ঘটিছিল।
(গ) কালিলৈ তুমি কামটো কৰি থাকোঁতে তেওঁ আহি পাব।
এইবাৰো অসমাপিকা ক্ৰিয়া – শুনি, আহি, কৰি – এই তিনিটাৰ শেষত ই-কাৰ থাকিলেও ‘ই’ নাই।
এনেকুৱা উদাহৰণ এই লেখাৰ প্ৰথম ভাগতো কেইটামান লিখা হৈছে আৰু এইবোৰত ‘ই’ আৰু ‘য়’-ৰ ভুল আহিব নোৱাৰে।
ইতিমধ্যে আমি কৰা আলোচনাৰ পৰা ক’ব পাৰোঁ যে ‘ই’ আৰু ‘য়’- বৰ্ণৰ খেলিমেলি শেষত ‘য়’ থকা কিছুমান সমাপিকা ক্ৰিয়া পদৰ আৰু মাজভাগত ‘ই’ থকা কিছুমান অসমাপিকা ক্ৰিয়া পদৰ শব্দৰ ক্ষেত্ৰতহে আহে।
এনেকুৱা শব্দ কিছুমান হ’ল — (বন্ধনীৰ ভিতৰত অসমাপিকা ক্ৰিয়াৰ ৰূপত লিখিছোঁ) খায় (খাই), পায় (পাই), চায় (চাই), পায় (পাই), বায় (বাই), শিকায় (শিকাই), বুজায় (বুজাই), সোঁৱৰায় (সোঁৱৰাই), সলায় (সলাই), খুৱায় (খুৱাই), হহুৱায় (হহুৱাই), কন্দুৱায় (কন্দুৱাই), ভুকুৱায় (ভুকুৱাই), জিৰায় (জিৰাই), লুকুৱায় (লুকুৱাই), কোবায় (কোৱাই), পিন্ধায় (পিন্ধাই), শুৱায় (শুৱাই) আদি।
এতিয়া, সমাপিকা ক্ৰিয়া থকা কিছু দীঘল বাক্যৰ কথা অলপ আলোচনা কৰোঁ আহক।
‘দুপৰীয়া মই ভাত খাওঁ।’ — এই বাক্যটোৰ ক্ৰিয়া – ‘খাওঁ’ এটা সমাপিকা ক্ৰিয়া।
একেদৰে, ‘দুপৰীয়া মই ভাত খাওঁ কিন্তু ৰাতি ৰুটিহে খাওঁ।’
এই বাক্যটোত ‘খাওঁ’ ক্ৰিয়াটো মাজত আৰু শেষত দুবাৰ লিখা হৈছে। কিন্তু, ‘খাওঁ’ ক্ৰিয়া পদটো অসমাপিকা ক্ৰিয়াৰ ৰূপত লিখা হোৱা নাই।
এনেধৰণে দুটা বাক্য কিছুমান অব্যয় পদৰ সহায়ত যুক্ত কৰি লিখিলে তেনে বাক্যত অসমাপিকা ক্ৰিয়া নাথাকে।
এতিয়া তলৰ বাক্যকেইটা এবাৰ পঢ়ি চাওঁ আহক।
(১) সন্ধিয়া পৰত সি সদায় গান গায় আৰু ৰাতি আমাৰ ঘৰত ভাত খায়।
(২) প্ৰত্যেক দেওবাৰে দিনত চিনেমা হললৈ গৈ সি চিনেমা চায় কিন্তু ৰাতি কেতিয়াও চাবলৈ নাযায়।
(৩) সন্ধিয়া পৰত সি আমাৰ ঘৰত জিৰায় আৰু আমাক জোকায়।
(৪) বিদ্যালয়ৰ পৰা আহোঁতে সি আমাৰ ঘৰত সোমায় আৰু আমাক হঁহুৱায়।
(৫) ৰামে যদি হৰিৰ ঘৰলৈ যায়, সিহঁতে অলপো বেয়া নাপায়।
(৬) ছাৰে আমাক অংক শিকায় কিন্তু ভালদৰে নুবুজায়।
(৭) সি কুকুৰটোক সদায় কোবায় আৰু কন্দুৱায়।
(৮) যদি সি অলপ সময়ো নিজিৰায়, মাকে তাক বেয়াকৈ চৰিয়ায়।
(৯) সন্ধিয়া তাই পোছাক সলায় যদিও কামৰ পৰা অলপো নিজিৰায়।
(১০) স্কুললৈ যোৱাৰ সময়ত দেউতাকে সৰু ল’ৰাটোক কাপোৰ পিন্ধায় আৰু তাৰ আগে আগে মাকে অলপ অলপ ভাত খুৱায়।
(১১) যদি তেওঁ ছাত্ৰবোৰক ঘৰতে পঢ়ুৱায় তেনেহ’লে সিহঁতে আজি বিদ্যালয়লৈ নাযায়।
(১২) যদি তেওঁ ভালদৰে বুজায়, তেনেহ’লে ল’ৰাকেইটাই ৰাতি ৰাতি চিনেমা চাবলৈ নাযায়।
এই বাক্যকেইটা লক্ষ্য কৰিলে দেখা যায় যে বাক্যবোৰত থকা গায়, খায়, চায়, বায়, নাযায়, জিৰায়, নিজিৰায়, জোকায়, সোমায়, হঁহুৱায়, নাপায়, শিকায়, নুবুজায়, কোবায়, কন্দুৱায়, চৰিয়ায়, সলায়, খুৱায়, পিন্ধায়, পঢ়ুৱায়, নাযায় — আদি ক্ৰিয়াবোৰ সমাপিকা ক্ৰিয়া। ইয়াত অসমাপিকা ক্ৰিয়া নাই।
ভালদৰে মন কৰিলে দেখা যায় যে ওপৰৰ এই বাক্যবোৰ দুই প্ৰকাৰৰ বাক্যৰ সমষ্টিৰ দৰে। এই বাক্যবোৰ কিন্তু আৰু যদি — আদি অব্যয় পদে সংযুক্ত কৰি ৰাখিছে।
এইখিনিতে আমি আকৌ এবাৰ মন কৰিব পাৰোঁ যে কোনো বাক্যৰ যি ক্ৰিয়াই বাক্য সম্পূৰ্ণ কৰে তাকে সমাপিকা ক্ৰিয়া বোলা হয়।
সেয়েহে এনেকুৱা বাক্যবোৰৰ প্ৰথম সমাপিকা ক্ৰিয়াক তলত লিখাৰ দৰে অসমাপিকা ৰূপত লিখিলে অশুদ্ধ হ’ব।
একেদৰে, শেষৰ সমাপিকা ক্ৰিয়াকো অসমাপিকা ৰূপত লিখিলে অশুদ্ধ হ’ব।
অশুদ্ধ বাক্যৰ উদাহৰণঃ–
(১) সন্ধিয়া পৰত সি সদায় গান গাই আৰু ৰাতি আমাৰ ঘৰত ভাত খায়।
(২) প্ৰত্যেক দেওবাৰে দিনত চিনেমা হললৈ গৈ সি চিনেমা চাই কিন্তু ৰাতি কেতিয়াও চাবলৈ নাযায়।
(৩) সন্ধিয়া পৰত সি আমাৰ ঘৰত জিৰাই আৰু আমাক জোকায়।
(৪) বিদ্যালয়ৰ পৰা আহোঁতে সি আমাৰ ঘৰত সোমাই আৰু আমাক হঁহুৱায়।
(৫) ৰামে যদি হৰিৰ ঘৰলৈ যাই, সিহঁতে অলপো বেয়া নাপায়।
এই পাঁচটা বাক্য অশুদ্ধ, কাৰণ মাজৰ সমাপিকা ক্ৰিয়াৰ শব্দটো অসমাপিকা ক্ৰিয়াৰ ৰূপত লিখা হৈছে।
এইবাৰ পাছৰ (৬ নং বাক্যৰ পৰা ১০ নং বাক্যলৈ) বাক্যকেইটাও অশুদ্ধ ৰূপত লিখিছোঁ। পঢ়ি চাওকচোন।
(৬) ছাৰে আমাক অংক শিকায় কিন্তু ভালদৰে নুবুজাই।
(৭) সি কুকুৰটোক সদায় কোৱায় আৰু কন্দুৱাই।
(৮) যদি সি অলপ সময়ো নিজিৰায়, মাকে তাক বেয়াকৈ চৰিয়াই।
(৯) সন্ধিয়া তাই পোছাক সলায় যদিও কামৰ পৰা অলপো নিজিৰাই।
(১০) স্কুললৈ যোৱাৰ সময়ত দেউতাকে সৰু ল’ৰাটোক কাপোৰ পিন্ধায় আৰু আগে আগে মাকে অলপ ভাত খুৱাই।
এইবাৰ, শেষৰ সমাপিকা ক্ৰিয়াৰ শব্দটো অসমাপিকা ৰূপত লিখা বাবে বাক্যকেইটা অশুদ্ধ হৈছে।
এতিয়া দেখা গ’ল যে — গায়, খায়, শিকায়, জিৰায়, জোকায়, হঁহুৱায়, খুৱায়, পিন্ধায় আদি শেষত ‘য়’ থকা সমাপিকা ক্ৰিয়াৰ ক্ষেত্ৰত আৰু শিকাই, হঁহুৱাই, খুৱাই, সোমাই, কোবাই, কন্দুৱাই, সলাই, পিন্ধাই আদি শেষত ‘ই’ থকা অসমাপিকা ক্ৰিয়াৰ শব্দ লিখোঁতে আমি সাৱধান হোৱা উচিত।
আমি মন কৰিবলগীয়া আৰু এটা কথা এয়ে যে কিছুমান চুটি বাক্যতো অসমাপিকা ক্ৰিয়া থাকে।
অসমীয়া ভাষাত বৰ্তমান কালত, অতীত কালত আৰু ভৱিষ্যৎ কালত কিছুমান বাক্য দুই ধৰণে লিখোঁ যদিও অৰ্থ বহুখিনি ওচৰা-ওচৰি। যেনেঃ-
বৰ্তমান কালত —
(১) ছাৰে ল’ৰাজনক অংক শিকায়।
(২) ছাৰে ল’ৰাজনক অংক শিকাই আছে।
অতীত কালত —
(১) কালি প্ৰতাপে আমাক হঁহুৱাইছিল।
(২) কালি প্ৰতাপে আমাক হঁহুৱাই আছিল।
ভৱিষ্যৎ কালত —
(১) সিহঁতে আমাৰ ঘৰতে জিৰাব।
(২) সিহঁতে আমাৰ ঘৰতে জিৰাই থাকিব।
ওপৰৰ বাক্যকেইটাৰ শিকাই, হঁহুৱাই, জিৰাই — অসমাপিকা ক্ৰিয়া।
এইখিনিতে আৰু এটা কথা কওঁ যে বাক্যৰ অসমাপিকা ক্ৰিয়া সাধাৰণতে মাজভাগতে থাকে যদিও বাক্যৰ শেষ ভাগতো থাকিব পাৰে।
তলৰ বাক্যকেইটা পঢ়ি চাওঁ আহক।
(১) দুষ্ট ল’ৰাটোৱে ছোৱালীজনীক বিয়াৰ বাবে সন্মত কৰালে মিছা মিছা কথাৰে ফুচুলাই।
(২) মই এডাল অজগৰ সাপ পুহিলোঁ ইমান দিনে ভাল ভাল খাদ্য খুৱাই।
(৩) কোনে দিলে নাওখন ডুবাই !
(৪) সি ক’লৈ গ’ল এই বেয়া বস্তুবোৰ য’তে ত’তে পেলাই?
(৫) এনেদৰে গছবোৰ সেউজীয়া হয় ডালবোৰৰ পুৰণি পাতবোৰ সলাই।
এই বাক্যকেইটাৰ শেষৰ শব্দ ফুচুলাই, খুৱাই, ডুবাই, পেলাই, সলাই সমাপিকা ক্ৰিয়াৰ শব্দ নহয়, অসমাপিকা ক্ৰিয়াৰ শব্দহে।
শব্দকেইটা বাক্যৰ শেষত লিখা বাবে কেতিয়াবা কেতিয়াবা ভুল কৰি সমাপিকাৰ ৰূপত লিখা দেখা যায়।
এইবাৰ আন ধৰণৰ বাক্য কিছুমান চাওঁ আহক।
(১) সি এতিয়া গান গাই আছে।
(২) মই এতিয়া ভাত খাই আছোঁ।
(৩) শিক্ষকজনে শিকাই আছিল।
(৪) তুমি মোক বুজাই আছিলা।
(৫) আবেলি মই জিৰাই থাকিম।
(৬) সি গ’লে মই লুকাই থাকিম।
এই বাক্যকেইটা বৰ্তমান কালৰ (১, ২), অতীত কালৰ (৩, ৪) আৰু ভৱিষ্যৎ কালৰ (৫, ৬) আৰু প্ৰতিটো বাক্য – গাই, খাই, শিকাই, বুজাই, জিৰাই, লুকাই — এইকেইটা অসমাপিকা ক্ৰিয়া যুক্ত।
এইকেইটা বাক্যত ক্ৰিয়াবোৰ আমি সমাপিকা ৰূপত লিখিলে বাক্যকেইটা অশুদ্ধ হ’ব।
একেদৰে তলৰ বাক্যকেইটাও অসমাপিকা ক্ৰিয়াযুক্ত। যেনেঃ-
(১) মই তাক কথাটো বুজাই দিলোঁ।
(২) তেওঁ মোক বুদ্ধিটো শিকাই দিছিল।
(৩) আমি ফুটবলটো লুকাই ৰাখিম।
বুজাই, শিকাই, লুকাই — অসমাপিকা ক্ৰিয়াৰ শব্দ।
ওপৰৰ বাক্যবোৰত দেখুওৱাৰ দৰে অতীত, বৰ্তমান, ভৱিষ্যৎ কালত কাম চলি থকা বুজাবলৈ এনেদৰে অসমাপিকা ক্ৰিয়া ব্যৱহাৰ কৰা হয়।
এইখিনিতে আৰু এটা কথা মন কৰিবলগীয়া যে — সমাপিকা ক্ৰিয়াবোৰৰ ৰূপ পুৰুষ অনুযায়ী (প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ, তৃতীয় পুৰুষ) বেলেগ বেলেগ হয়। যেনেঃ– মই খাওঁ। তুমি খোৱা। তেওঁ খায়।
আকৌ, কাল অনুযায়ীও বেলেগ বেলেগ হয়। যেনেঃ- মই খাওঁ, মই খাইছিলোঁ, মই খাম।
তুমি খোৱা, তুমি খাইছিলা, তুমি খাবা। কিন্তু অসমাপিকা ক্ৰিয়াৰ ক্ষেত্ৰত পুৰুষ অনুযায়ী বা কাল অনুযায়ী ক্ৰিয়াৰ ৰূপৰ কোনো পৰিৱৰ্তন নহয়। যেনেঃ-
(১) মই ভাত খাই বিদ্যালয়লৈ যাওঁ / গৈছিলোঁ / যাম।
(২) তুমি ভাত খাই বিদ্যালয়লৈ যোৱা / গৈছিলা / যাবা।
(৩) সি ভাত খাই বিদ্যালয়লৈ যায় / গৈছিল / যাব।
ওপৰৰ বাক্যকেইটাত অসমাপিকা ক্ৰিয়াৰ ৰূপৰ পুৰুষ বা কালৰ ভিন্নতাক লৈ সলনি হোৱা নাই — কেৱল ‘খাই’ হৈ আছে। কিন্তু একেটা সমাপিকা ক্ৰিয়াই যাওঁ, যোৱা, যায়, গৈছিলোঁ, গৈছিলা, গৈছিল, যাম, যাবা, যাব — ৰূপ লৈছে। একেটা ৰূপতে নাথাকে। আমি ‘ই’ আৰু ‘য়’-ৰ ভুল-শুদ্ধৰ কথা আলোচনা কৰা বাবে শেষত ‘ই’ নথকা আন আন অসমাপিকা ক্ৰিয়াৰ কথা আলোচনালৈ অনা নাই। কিন্তু সকলো অসমাপিকা ক্ৰিয়াৰ ৰূপৰ পুৰুষ অনুযায়ী বা কাল অনুযায়ী সলনি নহয়। যেনেঃ-
(১) মই/আমি কামটো কৰি থাকোঁতে তোমাৰ কথা ভাবিছোঁ / ভাবিম / ভাবিছিলোঁ।
(২) তোমাক/সিহঁতক দেখি মোৰো গুৱাহাটীলৈ যাবলৈ ইচ্ছা হৈছে / হৈছিল।
(৩) তোমাৰ/ৰীণাৰ কথা ভাবি আছোঁ / আছিলোঁ / থাকিম।
এইবাৰ লিখা, কৰি, দেখি, ভাবি — এই অসমাপিকা ক্ৰিয়াবোৰৰো পুৰুষ অনুযায়ী বা কাল অনুযায়ী কোনো পৰিৱৰ্তন নহয়।
অসমাপিকা ক্ৰিয়া সদায় কাল আৰু পুৰুষ নিৰপেক্ষ।
এই অসমাপিকা ক্ৰিয়া কেতিয়াবা কেতিয়াবা একেটা বাক্যতে একাধিক বাৰ ব্যৱহাৰ কৰা হয়। যেনেঃ-
(১) মই ভাত খাই খাই তোমাৰ বাবে ৰৈ আছোঁ।
(২) ল’ৰাটোক শিকাই শিকাই মই ভাগৰি গৈছোঁ।
(৩) তাক বুজাই বুজাই মই ঘৰলৈ ঘূৰাই আনিছোঁ।
যোৰ হিচাপে থকা এনেকুৱা অসমাপিকা ক্ৰিয়াৰো শেষত সদায় ‘ই’ বৰ্ণ লিখিব লাগে।
খায় খায়, শিকায় শিকায়, বুজায় বুজায় লিখিলে অশুদ্ধ হ’ব।
যিহেতু অসমাপিকা ক্ৰিয়া সদায় কাল আৰু পুৰুষ নিৰপেক্ষ, সেয়েহে আৰু এটা কথা আমি লক্ষ্য কৰিব পাৰোঁ। মানে, কোনো এটা বাক্যৰ কোনটো সমাপিকা ক্ৰিয়া বা কোনটো অসমাপিকা নিৰ্ধাৰণ কৰাৰ বাবে বাক্যটোৰ কাল সলনি কৰি লিখি চাব পাৰে। (বাক্যটো বৰ্তমান, অতীত, ভৱিষ্যৎ যি কালৰে নহওক।)
বৰ্তমান কালৰ এটা বাক্য উদাহৰণ হিচাপে লিখিছোঁ — গিৰীয়েকে ঘৰৰ পৰা ওলাই যোৱাৰ পাছত মহিলাগৰাকীয়ে ছোৱালীজনীক বুজাই বুজাই অংক শিকাই পাকঘৰলৈ যায় আৰু ৰুটী-তৰকাৰী খাই দূৰদৰ্শনৰ নাটক চায়।
এই বাক্যটোৰ ক্ৰিয়াবোৰ হ’ল — ওলাই, বুজাই বুজাই, শিকাই, যায়, খাই আৰু চায়।
এতিয়া বাক্যটো আমি অতীত কালত লিখি চাওঁ।
বাক্যটো এনেকুৱা হ’ব — গিৰীয়েকে ঘৰৰ পৰা ওলাই যোৱাৰ পাছত মহিলাগৰাকীয়ে ছোৱালীজনীক বুজাই বুজাই অংক শিকাই পাকঘৰলৈ গৈছিল আৰু ৰুটী-তৰকাৰী খাই দূৰদৰ্শনৰ নাটক চাইছিল।
এতিয়া আমি স্পষ্টকৈ ক’ব পাৰোঁ যে বাক্যটোৰ ওলাই, বুজাই বুজাই, শিকাই, খাই — এই চাৰিওটা অসমাপিকা ক্ৰিয়া।
সেয়েহে, কাল অনুযায়ী ইহঁতৰ কোনো পৰিৱৰ্তন হোৱা নাই।
আনহাতে, যায় আৰু চায় – এই দুটা সমাপিকা ক্ৰিয়া। সেয়েহে কালৰ পৰিৱৰ্তনৰ লগে লগে এই ক্ৰিয়া দুটাৰ ৰূপৰ পৰিৱৰ্তন হৈছে।
শেষত, সমাপিকা ক্ৰিয়া থকা আৰু অসমাপিকা ক্ৰিয়া থকা আৰু কিছুমান বাক্য লিখি আজিৰ এই আলোচনা সামৰিব খুজিছোঁ।
সমাপিকা ক্ৰিয়া থকা আৰু কিছুমান বাক্যঃ–
(১) সি নিৰামিষ ভাত খায় জানো!
(২) চোৰে সঁচা কথা কয় জানো!
(৩) ছোৱালীজনীয়ে লোকগীত গায়নে?
(৪) ছাৰে তোমালোকক অংক শিকায় নে?
(৫) অঞ্জনে মাছ খায় নে মাংস খায়?
(৬) সি সঁচা কথা কয় নে নকয়?
(৭) যদিও তেওঁ মাছ-মাংস খায়, তথাপি তেওঁৰ স্বাস্থ্য ভাল হোৱা নাই।
(৮) যদি তেওঁ তোমাক শিকায়, মই নিশিকাওঁ।
(৯) মই জানো তেওঁ ছাত্ৰবোৰক পঢ়ায়, কিন্তু ভালদৰে নিশিকায়।
(১০) সি পুলিচৰ চকুত ধূলি মাৰি সদায় পলায় কিন্তু এদিন ধৰা পৰিবই।
(১১) তেওঁ ছাত্ৰবোৰক যত্ন কৰি পঢ়ায়, বুজায়, শিকায় ; কিন্তু ছাত্ৰবোৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই।
অসমাপিকা ক্ৰিয়া থকা কিছুমান বাক্যঃ
(১) সি এতিয়া ভাত খাই আছে।
(২) ছোৱালীজনীয়ে গান গাই আছে।
(৩) তোমাক শিকাই শিকাই মই ভাগৰি পৰিছোঁ।
(৪) ডকাইতে তাক গুৰিয়াই গুৰিয়াই মাৰিছে।
(৫) তেওঁক বুজাই বুজাই অলপ শান্ত কৰি ৰাখিছোঁ।
(৬) শাকবোৰ শুকাই গৈছে।
(৭) মোৰ বহুতো কিতাপ হেৰাই গৈছে।
(৮) সোণৰ অলংকাৰবোৰ তেওঁ লুকাই থৈছে।
(৯) মই মাটিৰ চাকিটো জ্বলাই দিছোঁ।
(১০) তুমি প্ৰসাদবোৰ বিলাই দিছা।
(১১) সিহঁতে ছোৱালীজনীক পলুৱাই নিছে।
(১২) পুলিচে চোৰটোক কোবাই কোবাই নিছে।
(১৩) তেওঁ ক’ত লুকাই আছে?