ধান দোৱা তিৰোতা
লেখক- বিতোপন গগৈ
মূলঃ জেচিন্তা কেৰকেট্টা
অনুবাদঃ বিতোপন গগৈ
১
তিৰোতাসকলে ভূঁই ৰোৱে
ধান দায়
মূৰত ডাঙৰি কঢ়িয়ায়
তেওঁলোকে নিজৰ পিতা, স্বামী, পুত্ৰৰ পথাৰত
ভূঁই ৰোৱে
ধান দায়
মূৰত ডাঙৰি কঢ়িয়ায়
তেওঁলোকৰ নিজৰ কোনো পথাৰ নাথাকে
তেওঁলোক এই ধৰাত
আজীৱন
কাৰোবাৰ নহয় কাৰোবাৰ পথাৰৰ
বন্ধোৱা শ্ৰমিক মাত্ৰ।
২
সেইফালে আন্ধাৰত কোন আছে
কেঁকাই থকা এগৰাকী তিৰোতা আছে
এয়াটো সেইগৰাকী তিৰোতাই
যি এই ধৰাত
নিজৰ পিতা, স্বামী, পুত্ৰৰ পথাৰত আজীৱন
ভূঁই ৰোৱে
ধান দায়
মূৰত ডাঙৰি কঢ়িয়ায়
তেন্তে বয়সে ভাটি দিলে
কিয় আন্ধাৰ কোঠাত তেওঁ লঘোনে শোৱে
এতিয়া কাকোৱেই তেওঁৰ প্ৰয়োজন নাই
আন তিৰোতাই তেওঁৰ ঠাই ল’লে
এতিয়া তেওঁলোকে নিজৰ স্বামী আৰু পুত্ৰৰ পথাৰত
ভূঁই ৰোৱে
ধান দায়
মূৰত ডাঙৰি কঢ়িয়ায়
আন্ধাৰ কোঠাত পৰি থকা তিৰোতাগৰাকীয়ে
প্ৰতিবাৰ দুৱাৰ খোলাৰ শব্দ শুনি
জীয়েকহঁতক নাম ধৰি মাতিবলৈ ধৰে
এতিয়া তেওঁ মাত্ৰ সিহঁত চহৰৰ পৰা
উভতি অহালৈ বাট চাই থাকে
আজীৱন যাৰ পথাৰত তেওঁ কাম কৰে
তাতনো কোনে তেওঁৰ সহায় কৰে
তেতিয়াও জীয়ৰীবোৰ য’লৈকে যায়
খেতি-খোলা, ঘৰ-বাৰী, মাক-দেউতাক
সকলোকে চম্ভালে
তেওঁলোকৰ অবিহনে আদিবাসী জন-জীৱন
স্তব্ধ হৈ যাব পাৰে
সেইবাবেই প্ৰতিটো আদিবাসী পৰিয়ালে জীয়ৰী বিচাৰে।
[জেচিন্তা কেৰকেট্টাৰ বিষয়েঃ সাংবাদিকতাৰে কৰ্মজীৱন আৰম্ভ কৰা জেচিন্তা কেৰকেট্টা ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাৰ অৰাওঁ জনগোষ্ঠীৰ এগৰাকী আদিবাসী কবি আৰু সমাজসেৱী। অৰাওঁ লোকসকল ভাৰতীয় মাইথ’লজীত ৰাৱণৰ সন্তান বুলি জনা যায় । অৰাওঁ আদিবাসী লোকসকলৰ প্ৰতি হোৱা অন্যায়, অবিচাৰৰ হকে সাহিত্যৰ যোগেদি মাত মাতি অহা যেচিন্তাৰ কবিতাসমূহে অৰাওঁ লোকজীৱন, বিশ্বদৰ্শন, সংস্কৃতি আদিও পৰিস্ফুত কৰিছে। ইতিমধ্যে প্ৰকাশিত হোৱা দুখন কবিতা পুথি Angor (২০১৬) Land of the Roots (২০১৮) ইংৰাজী আৰু জাৰ্মান ভাষালৈও অনূদিত হৈছে। ]
সুন্দৰ , এটি জীয়া জীৱনৰ কাহিনী ❤️❤️