লেখক- স্বপ্না দত্ত ভৰালী
ইফালে সিফালে পিন্ধি যোৱা আধাপুৰণি কাপোৰ দুযোৰমান আৰু ঘৰত লবলৈ বুলি তাই নিজে বোৱা আশীসূতাৰ চাদৰ দুখনৰ বাহিৰে আন একো লোৱা নাই ৰূপালীয়ে। গহণা গাঁঠৰিৰ পৰা বিয়াত দিয়া গুণাৰ মেইনচেটজোৰলৈকে ভি আই পি টোতে ভৰাই থোৱা আছে। সেইটো ভি আই পি আক’ বিয়াৰ দিনা আহিব নোৱাৰি পাছত ছুটিত আহোঁতে তাইৰ ঘৰলৈ বুলি এপাক মাৰিবলৈ অহা, ডিফেন্সত কৰা তাইৰ বৰদেউতাকৰ ল’ৰাটোয়ে অনা। পাতল আকাশী ৰঙৰ, আৰ্মীৰ পোছাকৰ দৰে খবলা খবলি ফুল থকা ভাঠ বটলগ্ৰীন ৰঙৰ কভাৰ এটা পিন্ধাই থোৱা ভি আই পি টোত তাই পাটৰ কাপোৰ কেইযোৰৰ লগতে গহণা গাঁঠৰি কেইটাও ভৰাই লক্ কৰি চাবিটো সদায় তুলিৰ তলতে থৈ দিয়ে। সেইবোৰৰ এতিয়া আৰু তাই প্ৰয়োজন অনুভৱ কৰা নাই। দেউতাকৰ ঘৰৰপৰা পিন্ধি অহা ৰূপৰ ৰিংযোৰ আৰু শিকলি ডিজাইনৰ চেইনডাল অৱশ্যে গাতেই আছে। সেয়ানো কিয় এৰি যাব! বাকী কালিলৈকে সম্পূৰ্ণ তাইৰ অধিকাৰত থকা বস্তুবোৰৰ প্ৰতি আজি তাইৰ অনীহা আহিছে। বস্তুৰ লগতে মানুহটোলৈকো।
মানুহটো আলেঙে আলেঙে আছে। তাইৰ মুখামুখি হ’বলৈ যেন কিবা এক সংকোচবোধ! ভনীয়েকজনীও বিয়া দিয়া নন্দেকজনীৰ কোঠাত সোমাই তলমূৰকৈ বহি আছেহি। তাইৰ অগোচৰে ইমান ডাঙৰ সিদ্ধান্ত এটা ল’ব পাৰিলে, এতিয়া চুচুকচামাকখন কিহৰ? বায়েকৰ সতিনী খাটিম বুলিয়েইতো জানি বুজি আহিছে। মানুহটোৰ কথা তাইৰ আৰু ভাবিবলৈ মন নগ’ল। ল’ৰা–ছোৱালী এটা নোহোৱাৰ অজুহাতত সি এনে এটা কাম কৰিব বুলি তাইৰ ধাৰণা নাছিল। সিহঁতৰ বিয়াৰ সময়ত তাই গাত কাপোৰ লোৱাই নাছিল। সেই অকণমানিৰে পৰা পোৱা সেইজনী ভনীয়েককনো সিনো সেইটো দৃষ্টিৰে কেতিয়াৰে পৰা চাবলৈ ল’লে নাইবা তায়েইনো নিজতকৈ অতবছৰে ডাঙৰ ভিনিয়েকটোলৈ আহিব পৰাকৈ কেনেকৈ ইমান সাহসী হৈ পৰিল তাই ভাবি ভাবিও পাৰ নাপালে।
”আকৌ কৈছোঁ আই। দুইজনী মিলিজুলি থাক। কিনো নোহোৱা নোপজা কথাটো হ’ল অ’। সেয়া নৰেনৰ দুজনী কেনেকৈ মিলাপ্ৰীতিৰে থাকে দেখা নাই জানো।”
শাহুৱেকে ৰূপালীক বুজনি দিলেহি। তাই জানে, তেওঁ বেয়াও পোৱা নাই। পুতেকৰ একো দোষ আজিলৈকে চকুতেই নাই পৰা চাগৈ!
”মোক আৰু বাধা নিদিব বৌটি।”
নৰেনৰ দুজনী মিলি থাকিলে বুলিয়েই তাই সৰুৰে পৰা কোলাত লৈ ডাঙৰ কৰা ভনীয়েকজনীৰ লগত সতিনী খাটিবনে! সকলোৰে বাবে সকলো কথা ইমান সহজ জানো! সহোদৰা ভনীয়েকজনী নহৈ অন্য এজনী অনাহলেও! তলিত থকা আশীসূতাৰ চাদৰ দুখন উলিয়াই লওঁতে খেলিমেলি কৰা কাপোৰবোৰ এটা এটাকৈ পুনৰ ট্ৰাংকটোত ভৰাই গ’ল। মানুহটোয়ে কইনা আনিবলৈ যাওঁতে পিন্ধা ধূতি পাঞ্জাৱীজোৰ, দৰাবৰণৰ, দুয়োমূৰে এহতীয়া ফুল থকা, বুটা বছা গামোচাখন, খাৰত সিজাই ধুই থোৱা এৰীয়া চাদৰখন ভৰাওঁতে আনকালে শুঙা এটা মাৰি কৰ্পূৰৰ গোন্ধটো বুকুত ভৰাই লোৱাৰ দৰে আজি তাইৰ তিলমানো ল’বলৈ মন নগ’ল। ভাদমহীয়া কাপোৰবোৰ উলিয়াই, ৰদাই ভৰাই থওঁতে আগতে এইটো গোন্ধ তাই প্ৰায়েই উজাই লয়। সুগন্ধটোয়ে পলকতে তাইক তাইৰ বিয়াৰ ৰভাতলী পোৱায়গৈ! নাইবা সিহঁতৰ বিয়াৰ পাছৰ মধুময় দিনবোৰলৈ। এতিয়া পিছে এইটো সুগন্ধই তাইক আৰু মতলীয়া কৰিব নোৱাৰে। পাছতো চাগৈ কৰ্পূৰৰ গোন্ধটো তাই আৰু সহ্য কৰিব নোৱাৰিবগৈ! সেই যে তাইৰ স্কুলীয়া বান্ধৱী তুলিকা, মেট্ৰিক পাছ কৰিব নোৱাৰি ফেনাইল খাই দিছিলে, মুখেদি ফেন ওলাই ওলাই মৃতদেহ হৈ যোৱা ছোৱালীজনীৰ ঘৰটো ফেনাইল ফেনাইল গোন্ধাই আছিল। আৰু সেই তেতিয়াৰে পৰা তাই আৰু ফেনাইলৰ গোন্ধটো সহ্য কৰিব নোৱাৰা হৈছিল। ফেনাইলৰ গোন্ধ মানেই যেন মৃত্যুৰ গোন্ধ! আৰু কৰ্পূৰৰ গোন্ধ মানে? প্ৰতাৰণা আৰু বিশ্বাসহীনতাৰ! অন্যৰ বাবে নহলেও অন্তত তাইৰ বাবে।
কাপোৰবোৰ ভৰাই তাই নিবলৈ ওলোৱা কাপোৰকেইটা তুলিৰ তলৰ পলিথিনৰ পেকেট এটাতে ভৰাই ললে। হ’ব। বহুতকণ বাট নহয় ঘৰলৈ। পথাৰেদি পোনাই দিলে তামোল এখন খোৱাৰ পৰ নালাগেই। মাকজনী জীয়াই আছে বুলিহে! নহ’লে চাগৈ ঘৰলৈ বুলি যাবলৈ এধানিমান সংকোচ আহিলহেঁতেন! অৱশ্যে ককায়েক বৌয়েকে তাইক যথেষ্ট মৰম কৰে। তাতে তাই মানুহজনী আত্মনিৰ্ভৰশীল। বোৱা–কটা কৰি তাই মাহটোত ভালেকেইটা টকা উপাৰ্জন কৰে। তাই বোৱা গামোচা টাউনৰ সমবায় দোকানলৈয়ো সময়ে সময়ে লৈ যায়হি। তাই ঘৰখনৰ বোজা নহয়গৈ বুলি সিহঁতেও জানে।
”বৌটি। মই আহিলোঁ। ভালকৈ থাকিব। কেতিয়াবা মনত দুখ দিয়াকৈ কিবা কৈছিলোঁ যদি ধৰি নাথাকিব।”
শাহুৱেকৰ ভৰি চুই ওলগ এটা ললে তাই। আজি বাৰবছৰে সেইজনী মানুহৰ লগতে কটালে। এতিয়া এৰি যাবলৈ মনটো বেয়া লগাটো স্বাভাৱিক।
“কি কওঁ আই!”
বিবাহৰ তিনিটা বছৰৰ পাছতে স্বামীক হেৰুৱাই, এমাডিমা দুটা সন্তানক বুকুত বান্ধি, টানি আঁজুৰি জীৱনটো চলাই চলাই বয়সতকৈয়ো সোনকালে বৃদ্ধা হৈ পৰা মানুহজনীয়ে আৰু একো ক’ব নোৱাৰিলে। সৰসৰকৈ মাথোঁ চকুৰপানীহে ওলাল। কিছু আঁতৰত তলমুৱাকৈ ৰৈ থকা মানুহটোক যাওঁ বুলি কোৱাৰ প্ৰয়োজনবোধ নকৰি তাই খৰধৰকৈ ওলাই আহি আলিবাটত ভৰি থলেহি। আলিবাট পাইহে মনলৈ আহিল, পলিথিনত ভৰাই লোৱা কাপোৰকানিকেইটা লৰালৰিত এৰিয়েই আহিল। থাওক। ঘূৰি যাবলৈ আৰু তাইৰ মন নগ’ল। সন্ধিয়া লাগিবলৈ আৰু বেছিপৰ নাই। কোবাকুবিকৈ গ’লেহে সাজলগাৰ আগতে ঘৰ সোমাব পাৰিব। চিৰদিনৰ বাবে ঘৰলৈ বুলি ওভতা ৰূপালীয়ে আজি বহুত কিবাকিবিয়েই এৰি আহিলে। কাৰোবাৰ পত্নী বা বোৱাৰীৰ চিলমোহৰৰ লগতে সদায়েই বুকুৰ একোনত লৈ ফুৰা একালৰ প্ৰেমিক, পাছত জীৱনসংগী হৈ পৰা মানুহটোকো আজি বিসৰ্জি আহিছে।
নিজান পথাৰখনেদি ঘৰলৈ বুলি পোনাই দিওঁতে কিবা পাতল পাতল লাগি আহিছে ৰূপালীৰ। খালী হাতেৰে উভতিছে যে! পাতল লাগিবই। পিছে এটা কথাহে তাই বুজি নাপালে। খালী বুকুখন কিয়বা ইমান গধুৰ!