নৈতিকতাৰ কমাৰশাল
লেখক- জ্যোতিস্মিতা দেৱী
প্ৰস্তাৱনা:
জীৱনৰ আনুষ্ঠানিক শিক্ষাৰ পাতনি মেলাৰ আগতে ওপজা ঘৰখনতে শিশু এটাৰ শিক্ষাৰম্ভ হয়। ঘৰখনেই হৈছে আমাৰ প্ৰথমটো শিক্ষানুষ্ঠান আৰু পিতৃ–মাতৃ জীৱনৰ প্ৰথম শিক্ষাগুৰু। পিতৃ–মাতৃ দুয়োগৰাকীয়েই সন্তানৰ অভিভাৱক যদিও মূলত: মাতৃগৰাকীয়েহে সন্তানক পথিকৃৎ কৰে। পৌৰাণিক উপাখ্যান অনুসৰিও এগৰাকী মাতৃয়ে শিশুক গৰ্ভত ধাৰণ কৰাৰ সময়ৰ পৰাই সন্তানটোৰ শিকণ প্ৰক্ৰিয়া আৰম্ভ হয়। মাতৃ এগৰাকী আনুষ্ঠানিক শিক্ষাৰে চহকী নহ’লেও তেওঁ কিন্তু সমৃদ্ধ হয় জীৱনৰ শিক্ষাৰে। প্ৰতিটো শিশুৰ মনবোৰ এখিলা উকা পাতৰ দৰে।সিহঁতবোৰ আমাৰ প্ৰতিবিম্ব! আমি যেনেদৰে সন্তানক লালন–পালন কৰিম সিহঁতৰ স্বভাৱ আৰু দৃষ্টিভংগীও ঠিক তেনেধৰণৰেই হ’ব। নৈতিকতাৰ কোনো কথাকে আমাৰ সন্তানক কৈ শিকাব নোৱাৰোঁ। সিহঁতক আৱৰি থকা পৰিৱেশে যিবোৰ কথা শিকাব, সিহঁতবোৰে সেয়াই শিকিব। ঘৰখনৰ পৰিৱেশে শিশুৰ সংস্কাৰ গঢ়ে। প্ৰত্যেক ব্যক্তিৰ প্ৰতি আমাৰ সন্তানসকলৰ আচাৰ–ব্যৱহাৰ, কথা–বতৰা আৰু সংস্কাৰৰ শিক্ষা পোনপ্ৰথমতে ঘৰখনেই দিয়ে। আমিও সিহঁতক মৰম আৰু শাসনৰ দোল এডালেৰে বান্ধি, কৌশলেৰে জীৱনৰ পাঠ শিকাব লাগিব। অতিমাত্ৰা মৰমে যেনেদৰে সন্তানক বিপথে পৰিচালিত কৰে ঠিক তেনেদৰে জোখতকৈ অধিক শাসনৰ বাবেও কেতিয়াবা সন্তানসকল বিদ্ৰোহী হৈ উঠে। শিশু এটা ডাঙৰ হৈ সমাজৰ এজন সফল ব্যক্তিৰূপে গঢ়ি উঠাৰ আঁৰত থাকে অলেখ বিনীদ্ৰ ৰাতিৰ নীৰৱ সাধনা; ঠিক তেনেদৰে কিন্তু সন্তান এটি ধ্বংসৰ আঁৰতো থাকে বহু অব্যক্ত বেদনা।
এটা সুস্থ পৰিৱেশত ডাঙৰ হোৱা শিশুৰ সুসম মানসিক স্থিৰতাৰ লগতে নৈতিক দিশটোও সন্তুলিত আৰু সংস্কাৰেৰে পৰিপূৰ্ণ হয়। নৈতিকতা আৰু অনুশাসনৰ ক্ষেত্ৰত মূলতে মাতৃগৰাকীৰ দিহা–পৰামৰ্শৰেই শিশুৰ জীৱনৰ সিংহভাগ আৱৰি থাকে। এগৰাকী মাতৃৰ ভূমিকা পালনৰ ক্ষেত্ৰত আমি মানি চলিবলগীয়া গুৰুত্বপূৰ্ণ দিশ কেইটামান তলত আলোচনা কৰা হ’ল:
১) প্ৰতিটো শিশুৱেই বিশিষ্ট: মাতৃগৰাকী হৈছে সন্তানৰ প্ৰথমজন শিক্ষাগুৰু। নিজৰ লগত পৰিচিত হ’বলৈ, নিজক গ্ৰহণ কৰিবলৈ আৰু জীৱনটোক ভাল পাবলৈ প্ৰথম শিক্ষা এগৰাকী মাতৃয়েহে দিব পাৰে। দৈনন্দিন জীৱনৰ প্ৰতিটো অভিজ্ঞতাৰ পৰা যিবোৰ কথা আমি শিকোঁ, সেয়াই আমাৰ শিক্ষা। কেৱল লিখা–পঢ়া জনা ব্যক্তি এজনক স্বাক্ষৰ বুলিহে কয়, তেওঁ প্ৰকৃতাৰ্থত শিক্ষিত নহ’বও পাৰে। জীৱনৰ নৈতিক শিক্ষা, শ্ৰেণীকোঠাত হোৱা পৰীক্ষাৰ নম্বৰ বা গ্ৰেডৰ বহিৰ্ভূত। সচৰাচৰ ঘটি থকা প্ৰতিটো ঘটনাৰ পৰাই শিশুৱে শিকে, অনুকৰণ কৰে। সেয়ে, মৰম কৰাৰ সমান্তৰালভাৱে শিশুসকলক প্ৰাপ্য সন্মান দিয়াটোও অতি প্ৰয়োজন। নিজৰ ঘৰখনত সন্তানে সন্মান পোৱা পৰিৱেশটো ডাঙৰে সন্মান পোৱাৰ দৰেই স্বাভাৱিক হ’ব লাগে, কাৰণ সমাজত স্বকীয় স্থিতি প্ৰতিষ্ঠা কৰিবলৈ প্ৰথমতে ঘৰখনত নিজৰ স্থিতি সুদৃঢ় বুলি আত্মবিশ্বাস থাকিব লাগিব। প্ৰত্যেক ব্যক্তিৰে কিছুমান বিশেষত্ব আৰু কিছুমান দুৰ্বলতা থাকে। সৃষ্টিকৰ্তাৰ প্ৰতিটো সৃষ্টিয়েই বিশেষ, প্ৰতিটো সৃষ্টিয়েই ভিন্ন। আন সাধাৰণ গুণবোৰৰ মাজৰ পৰা বিশেষ গুণকেইটা চিনাক্ত কৰি সেইবোৰ পোহৰাই তোলাৰ প্ৰথম দায়িত্ব অভিভাৱকৰ। সমান্তৰালভাৱে প্ৰত্যেকেই নিজৰ সীমাবদ্ধতাবোৰোকো সহজে গ্ৰহণ কৰিবলৈ এনেদৰে শিকিব লাগিব যাতে দুৰ্বলতাবোৰ সফলতাৰ বাটৰ হেঁঙাৰ হ’ব নোৱাৰে।
২) তুলনাই আত্মবিশ্বাস নিম্নগামী কৰে: এগৰাকী মাতৃয়ে নিজৰ একাধিক সন্তানৰ মাজত তুলনা কৰাটো অনুচিত। তদুপৰি সন্তানক লগ–সমনীয়াৰ লগতো কোনো ক্ষেত্ৰতে তুলনামূলক দৃষ্টিৰে চোৱাটোও সমীচীন নহয়। আনৰ লগত তুলনা কৰা বা অন্য ব্যক্তিৰ সন্মুখত সন্তানৰ দুৰ্বলতাৰ বিষয়ে আলোচনা কৰাটো সিহঁতক অৱমাননা কৰাৰ দৰে হয়। এনেবোৰ কথাই সিহঁতৰ আত্মবিশ্বাস নিম্নগামী কৰি পেলায়। ধৰি লোৱা হ’ল, এগৰাকী মাকৰ দুটা ল’ৰা সন্তান। ডাঙৰটো সন্তানে সদায় শ্ৰেণীত প্ৰথম হয়, তাৰ বিপৰীতে সৰুটো সন্তানে ফুটবল খেল খুব ভাল খেলে। কিন্তু ‘অংক’ সৰুটো সন্তানৰ পচন্দৰ বিষয় নহয় আৰু সেইটো বিষয়ত সি পোৱা নম্বৰো সন্তোষজনক নহয়। একেগৰাকী মাতৃৰ দুয়োটা সন্তানেই দুটা পৃথক বিষয়ত নিজৰ পাৰদৰ্শিতা দেখুৱায়। তেনে ক্ষেত্ৰত মাকগৰাকীয়ে সৰুটো সন্তানৰ অংক বিষয়ৰ নম্বৰ ডাঙৰটো সন্তানৰ সমান হোৱা নাই বুলি তুলনা কৰাটো ভুল হ’ব।
বিশেষ প্ৰতিভা থকা বিষয়টোক আগবঢ়াই নিবলৈ সদায় সিহঁতক উদগনি দিব লাগে, কাৰণ পিতৃ–মাতৃয়ে সন্তানৰ প্ৰথম আৰু শেষ ভৰষা। ঘৰৰ বাহিৰৰ পৃথিৱীখনৰ প্ৰতিযোগিতাত নিজৰ অস্তিত্বক প্ৰমাণ কৰিবলৈ ঘৰখনৰ সমৰ্থন অত্যাৱশ্যকীয়। জীৱনৰ বিশ্বাসী বন্ধু আৰু পথ পদৰ্শকৰ ৰূপত মাতৃগৰাকীক পালে মানুহে বিশ্বজয়ৰ সপোনো ৰচিব পাৰে। ভাল–বেয়াৰ বিচাৰ কৰিবলৈ, মনৰ ভিতৰৰ অস্থিৰতাবোৰক মুকলিকৈ আলোচনা কৰিবলৈ মাতৃগৰাকীৰ সমকক্ষ আন কোনো হ’ব নোৱাৰে। শিশুক মানসিকভাবে নিৰাপত্তা দিয়াৰ ক্ষেত্ৰতো মাতৃগৰাকীয়ে মুখ্য ভূমিকা পালন কৰিব পাৰে। তেনক্ষেত্ৰত শিশু এটা বিপথে পৰিচালিত হোৱাৰ সম্ভাৱনাও কম থাকে।
৩) অযুক্তিকৰ দাবীবোৰ প্ৰত্যাখ্যান কৰা: আমাৰ শিশুসকলৰ বাবে প্ৰতিটো পৰিৱেশ বা প্ৰতিটো বস্তুৱে নতুন। নতুন বস্তুবোৰক জানিবলৈ বিচৰা বা পাবলৈ বিচৰাটোও তেনেই স্বাভাৱিক। আৱেগ আৰু মৰমৰ বশবৰ্তী হৈ বহু সময়ত সন্তানে বিচৰা যিকোনো বস্তুৱেই আমি সিহঁতক দিবলৈ চেষ্টা কৰোঁ। এটা সময়ত বিচাৰিলেই যিকোনো বস্তু পোৱাটো সিহঁতৰ অভ্যাসত পৰিণত হৈ পৰে। তাৰ পিছৰ পৰ্যায়ত কেতিয়াবা সন্তানে বিচৰা কিবা এটা অদ্ভুত বস্তু বা আমি দিবলৈ অসমৰ্থ হোৱা বস্তু কিছুমানৰ বাবে সিহঁতবোৰে জীৱনত যিকোনো পদক্ষেপ লৈ পেলোৱাটোও আচৰিত নহয়। কাৰণ তেতিয়ালৈকে বস্তুৰ মূল্য আৰু প্ৰয়োজনীয়তা বুজি পাব পৰাকৈ মানসিকভাৱে সিহঁত পৰিপক্ব হৈ নুঠে। মনোবিজ্ঞানী আৰু মানসিক পৰামৰ্শদাতা ডক্টৰ ছালোনি প্ৰিয়াই কৈছিল, “সন্তানক ইমানেই মৰম কৰক যাতে সিহঁতৰ যিকোনো অযুক্তিকৰ দাবীক প্ৰত্যাখ্যান কৰিব পাৰে।”
৪) প্ৰথমতে নিজকে সংশোধন কৰা: সন্তানক আমি যেনেদৰে গঢ়িব বিচাৰোঁ, তেনেদৰে প্ৰথমতে আমি নিজকে গঢ়ি তুলিব লাগিব। আমাৰ আদৰ্শত সিহঁতবোৰে নিজেই গঢ় লয়। সন্তানক চাৰিৰ পৰা পাঁচ বছৰ বয়সলৈ আপ–ডাল কৰাটো মাতৃগৰাকীৰ বাবে কিছু কঠিন হয়। কাৰণ সিহঁতক তেতিয়াৰে পৰা পঢ়াৰ গুৰুত্বৰ বিষয়ে বুজাব লাগে, প্ৰতিটো নতুন বস্তুৰ লগত পৰিচয় কৰিবলগীয়াও হয়। কুমলীয়া মনটোক উপযুক্ত সংস্কাৰেৰে গঢ় দিয়াৰ সময়ো এইখিনি। প্ৰতিজন মানুহক সন্মান কৰাৰ লগতে তেওঁলোকৰ কৰ্মক সন্মান দিবলৈকো শিকিব লাগিব। যিমানখিনিলৈ সম্ভৱ সিমানখিনিলৈ সিহঁতক সকলোবোৰ কথা উপলব্ধি কৰিবলৈ দিয়াটো বাঞ্ছনীয়। এগৰাকী লেখক, শিক্ষক আৰু বৰ্তমান ইনফোচিচ ফাউণ্ডেচনৰ অধ্যক্ষ, শ্ৰীমতী সুধা মুৰ্থীয়ে কৈছিল, “টকাৰ প্ৰয়োজনীয়তা আৰু অভাৱগ্ৰস্তসকলৰ ওচৰত টকাৰ মূল্যৰ বিষয়ে সন্তানক অৱগত কৰোৱাটোও আমাৰ কৰ্তব্য।”
পিতৃ–মাতৃয়ে কৰা কামবোৰ সন্তানৰ বাবে অনুপ্ৰেৰণা হৈ ৰয়। যেতিয়ালৈকে সন্তানে অভাৱ বুজি নাপাব তেতিয়ালৈকে সিহঁতে কৰ্মৰ মূল্য উপলব্ধি কৰিব নোৱাৰিব। কৰ্মক সন্মান কৰিব জানিলেহে মানৱীয় মূল্যবোধক শ্ৰদ্ধা কৰিব পাৰিব, আৰু এই মানৱীয় মূল্যবোধেই মানুহক জীৱশ্ৰেষ্ঠৰ স্তৰলৈ উন্নীত কৰে। সুধা মুৰ্থীৰ সন্তানে এবাৰ নিজৰ জন্মদিনটো এখন অভিজাত হোটেলত পালন কৰিবলৈ মাকৰ পৰা অনুমতি বিচাৰিছিল। মাকে সেই অনুৰোধ প্ৰত্যাখ্যান কৰি সাধাৰণভাৱে সমনীয়াৰ সৈতে জন্মদিন উদযাপন কৰিছিল আৰু ৰাহি হোৱা টকাখিনি তেওঁলোকৰ গাড়ীৰ চালকজনৰ সন্তানৰ স্কুলৰ মাচুলৰ বাবে হাতত তুলি দিছিল। সুধা মুৰ্থীৰ সেইজন সন্তানে এদিন স্বাৱলম্বী হৈ নিজৰ আন এটা জন্মদিনত সামৰ্থানুযায়ী কিছু টকা মাকক দি কৈছিল, “এইখিনিৰে সংসদ ভৱনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা জোৱানৰ সন্তানসকলৰ পঢ়াৰ বাবে কিছু সহায় কৰি দিবা।”
৫) প্ৰকৃততে ‘মানুহ’ হোৱাটো আটাইতকৈ প্ৰয়োজনীয়: মানুহ জাতিটোক জীৱ–জগতৰ শ্ৰেষ্ঠ বুলি অভিহিত কৰাৰ মূলতে হৈছে মানুহৰ মগজুৰ অধিক উন্নত কোষকেন্দ্ৰীয় গঠন। আন জীৱৰ দৰেই মানৱ শিশু এটাৰো শাৰীৰিক বিকাশ প্ৰাকৃতিক ভাবেই হয়। মানুহৰ বিবেকেৰে সিদ্ধান্ত লোৱাৰ ক্ষমতা থাকে। মানৱীয়তা গুণৰ অধিকৰী বাবেই মানুহক জীৱশ্ৰেষ্ঠ বুলি অভিহিত কৰা হয়। নৈতিকতাৰে মানৱীয় গুণসমূহ সম্পূৰ্ণ হৈ উঠে। শিশুৰ মানসিক বিকাশ, মন আৰু মগজুৰ সন্তুলন নিৰ্ভৰ কৰে ঘৰখনৰ সংস্কাৰ আৰু পৰিৱেশৰ ওপৰত। মাতৃগৰাকীয়ে সময়ৰ লগে লগে শিশুক জীৱনৰ লগত জড়িত সকলো ভাল–বেয়া দিশ বুজাই দিব লাগিব, নহ’লে ঘৰৰ বাহিৰৰ পৰিৱেশে শিশুক নেতিবাচক দিশটোকেই আগতে শিকোৱাৰ সম্ভাৱনা অধিক। ভাল দিশবোৰক কেনেদৰে গ্ৰহণ কৰিব লাগিব আৰু বেয়াবোৰক কোনখিনিত প্ৰত্যাখ্যান কৰিব লাগিব সেয়া বুজি উঠিব পৰা হয় এগৰাকী মাতৃৰ তত্ত্বাৱধানত। সিহঁতক বুজাই দিব লাগিব যে “ভুল মানুহে সেইখিনিতেই কৰে, য’ত পাহৰি যায় যে আৰু কিমান দূৰ আগুৱাই গ’লে উভতি অহাৰ বাট নাথাকে।”
আমাৰ শিশুসকলৰ উন্নত মানসিক বিকাশৰ ক্ষেত্ৰত আমি অহোপুৰুষাৰ্থ কৰিব লাগিব যাতে আগলৈ গৈ সিহঁত স্বনিৰ্ভৰশীল হ’ব পাৰে, সন্মান সহকাৰে জীয়াব পাৰে আৰু নিজৰ লগতে আনৰো সুখৰ কাৰণ হৈ উঠিব পাৰে।
৬) সিদ্ধান্ত ল’বলৈ দিয়া স্বাধীনতা: পিতৃ–মাতৃৰ হাতৰ আঙুলিত ধৰি সন্তানে প্ৰথম খোজ দিবলৈ শিকে। কিছুদিনৰ পিছত যেতিয়া সিহঁতে নিজে খোজ কাঢ়িব পৰা হৈ যায়, তেতিয়া আৰু আঙুলিত ধৰি খোজ কঢ়াবলৈ বিচাৰিলে সিহঁতে আমনি পায়। কাৰণ সিহঁতৰ শাৰীৰিক বিকাশ হৈ উঠাৰ পিছত শৰীৰক নিজেই চালনা কৰিবলৈ বিচাৰে। ঠিক তেনেদৰে বয়সৰ অনুপাতে সৰু সৰু সিদ্ধান্তবোৰ ল’বলৈ স্বাধীনতা দিয়াটোৱে শিশুৰ মানসিক বিকাশত সহায়ক হয়। আউল লগা বহু কথাৰ মাজতো সিহঁতে সঠিকটো বাছি উলিয়াবলৈ শিকে। কোনো এটা বিষয়ত দক্ষতা আহৰণ কৰিবলৈ কেতিয়াবা উজুতি খোৱাৰো প্ৰয়োজন হয়। চৰাই পোৱালিক উৰণ শিকাবলৈ মাকজনীয়ে সিহঁতক নিৰ্দিষ্ট এটা বয়সৰ পিছত বাহৰ পৰা নমাই বতাহত এৰি দিয়ে আৰু সিহঁতে উৰিবলৈ শিকিও যায়। প্ৰাকৃতিকভাৱেই গঢ়ি উঠা বিকাশ পদ্ধতিক সুকলমে আগুৱাবলৈ দিয়াটোহে আমাৰ কৰ্তব্য। আগুৱাই যাওঁতে বহুবাৰ হয়তো জীৱনৰ খলা–বমাত উজুতি খাবলগীয়াও হ’ব। লক্ষ্যত উপনীত হ’বলৈ কষ্টবোৰ স্বীকাৰ কৰিব পাৰিবই লাগিব। বিখ্যাৎ বৈজ্ঞানিক তথা পূৰ্বৰ ৰাষ্ট্ৰ্পতি আব্দুল কালামে কৈছিল, “যদি সূৰ্যৰ দৰে উজ্জ্বলিবলৈ বিচাৰা, তেতিয়া হ’লে প্ৰথমতে সূৰ্যৰ দৰে জ্বলিবলৈ শিকিব লাগিব।”
সামৰণি:
শিশুক প্ৰথমতে সুখ আৰু আনন্দৰে ভৰা বাতাৱৰণ এটা দিব লাগে, এয়া মৰমৰ পৰিৱেশতকৈও অধিক প্ৰয়োজনীয়। মনোবৈজ্ঞানিক সমীক্ষা অনুসৰি সন্তানে পাঁচৰ পৰা সাত বছৰ বয়সলৈহে পিতৃ–মাতৃৰ উমাল সান্নিধ্য বিচাৰে। তাৰ পিছৰ পৰা সিহঁতে বাহিৰৰ পৃথিৱীখনৰ লগত পৰিচিত হ’বলৈ হাবিয়াস কৰে। এনে সময়ত অভিভাৱক হিচাপে আমি সন্তানক মুকলি পৃথিৱীখনত খোজ পেলাবলৈ সহযোগ কৰা উচিত, কিয়নো প্ৰতিগৰাকী ব্যক্তিয়ে নিজাকৈ এটা আৱৰ্তন গঢ়ি তুলিব বিচাৰে।
সন্তানসকল আমাৰ মাধ্যমেৰে এই পৃথিৱীলৈ আহিছে। গতিকে সিহঁতক উপযুক্ত সংস্কাৰেৰে জীৱনৰ পাঠ শিকোৱাতো প্ৰতিগৰাকী মাতৃৰে কৰ্তব্য। সন্তানৰ প্ৰতিটো ভাল বা বেয়া ফলৰ দায়িত্বও আমিয়েই ল’ব পাৰিব লাগিব। কিন্তু বহু ক্ষেত্ৰত মাতৃসকলে থিৰাং কৰি লয় যে সন্তানৰ এশ শতাংশ দায়িত্বই একমাত্ৰ তেওঁলোকৰ, যদিওবা কথাষাৰ সম্পূৰ্ণ শুদ্ধ নহয় কিন্তু মাতৃস্থানৰ বহু ব্যক্তিয়েই এনে এটা ধাৰণাকে যুগে যুগে বহন কৰি আহিছে। তেনে ক্ষেত্ৰত সন্তানসকলে কেতিয়াবা আৱেগৰ শিকলিৰে বান্ধ খাই নিজৰ অস্তিত্ব হেৰুওৱাৰো উপক্ৰম হয়। আমি আমাৰ অনুভূতিৰ বাবে সন্তানৰ ব্যক্তিসত্তাক পাহৰি যোৱাটো অনুচিত। নিজা বলয়ৰ মাজত সিহঁতৰো মুকলিকৈ উশাহ লোৱাৰ সম্পূৰ্ণ অধিকাৰ থকাটো অত্যাৱশ্যকীয়। আমাৰ সন্তানবোৰ আমাতকৈ অলপ হ’লেও অধিক সমৃদ্ধ হোৱাটো উচিত। আমাৰ পূৰ্বৰ প্ৰজন্মৰ কোনো কোনোৱে কৰি যোৱা একেবোৰ ভুলকেই আমিও যদি কৰিবলৈ লওঁ, তেন্তে উত্তৰ প্ৰজন্মও আমাৰ স্থিতিতেই ৰৈ যাব। আমাৰ শিক্ষা বা সংস্কাৰৰ ক্ষেত্ৰত ক’ৰবাত কিছুমান ভুল যেন শূলবিদ্ধ হৈ ৰৈ গৈছে। সেয়া অনুধাৱন কৰাৰ সময় সমাগত। তেতিয়া সময়ৰ লগে লগে আমাৰ সন্তানেও উপলব্ধি কৰিব যে, “সময়তকৈ ডাঙৰ কোনো শিক্ষক নাই, জীৱনতকৈ ডাঙৰ কোনো পাঠ্য নাই।”
‘মা’ শব্দই কেৱল মাথোঁ জন্মদাত্ৰী হোৱাকেই নুবুজায়। জৈৱিকভাৱে সন্তানক জন্ম নিদিয়াকৈও মাতৃ এগৰাকী ‘মা’ হ’ব পাৰে। সন্তানৰ প্ৰতিটো উশাহৰ অনুভূতি উপলব্ধি কৰিব পৰাকে মমত্বৰে পূৰ্ণ হয় মাতৃগৰাকী। জীৱনৰ হুমুনিয়াহবোৰক সন্তোষলৈ ৰূপান্তৰ কৰিবও পাৰে এগৰাকী মাকে। মমতাময়ী মাতৃসুলভ অনুভৱেৰে পৰিপূৰ্ণ হৃদয়ৰ ব্যক্তিয়েহে মাতৃত্বৰ ভূমিকা পালন কৰিব পাৰে। মাতৃত্ব এক নিস্বাৰ্থ, জীৱনজোৰা সাধনা। সেয়ে হয়তো আইৰ তুলনা হয় নৈৰ লগতহে৷