সুখবোৰ ঢেঁকীয়াৰ দৰে

লেখক- তৃপ্তি দাস

ঢেঁকীয়া শাক মোৰ প্ৰিয়। ঢেঁকীয়া শাকৰ ৰং আৰু পাতৰ কাৰুকাৰ্যই মোক আকৰ্ষণ কৰে। ঢেঁকীয়া বিক্ৰী কৰিবলৈ আমাৰ ঘৰলৈ সৰু সৰু ল’ৰা দুটা আহে। ওচৰৰ বাগানত থাকে। তাৰপৰাই ঢেঁকীয়া আনে। আঠ / নবছৰীয়া ল’ৰা দুটাৰ পৰা মই ঢেঁকীয়া কিনি লোৱাৰ লগতে খাবলৈ বিস্কুট দুটামান দিছিলোঁ। তাৰপিছত প্ৰায়ে সিহঁত আমাৰ ঘৰলৈ আহে। দুটাৰ লগত আৰু দুটামান লগ লাগি এটা সৰু দল হৈ আহে। গেটৰ বাহিৰৰ পৰা “বাইদেউ ঢেঁকীয়া ল’ব নেকি?” বুলি চিঞৰি থাকে। সৰু দলটোত আঠৰ পৰা ছবছৰীয়া ল’ৰা দেখি মোৰ খুউব বেয়া লাগে। ইমান কম বয়সতে পেটৰ বাবে সিহঁতে ৰ’দ, বৰষুণ নেওচি ঘৰৰ পৰা ওলাই আহে। বহু দূৰ খোজকাঢ়ি আহে। আমাৰ দৰে পৰিয়ালৰ সন্তানে এনেকুৱা বয়সত পানী এগিলাচ লৈ খাব নাজানে। মোক দেখিলেই ইটোৱে কয় -“বাইদেউ মোৰ শাকটো ল”, সিটোৱে কয় – “মোৰ শাকটো ল।” মই বিপাঙত পৰোঁ। কেতিয়াবা প্ৰয়োজন নাথাকিলেও দুয়োটাৰ পৰাই কিনি লওঁ। উদ্দেশ্যে সিহঁতক অকণমান সহায় কৰা। ঢেঁকীয়া লৈ সিহঁত আমাৰ ঘৰলৈ আহিলেই মই সিহঁতক কিবা খাবলৈ দিওঁ। মোৰ হাতত সময় থাকিলে ৰুটি সেকিও সিহঁতক খাবলৈ দিওঁ। সিহঁতক পেটভৰাই খাবলৈ দিলে মোৰ মন ভৰে।

সিহঁত আহিলে আজিকালি কলিং বেল বজায়। মা, দেউতা বা ঘৰৰ আন কোনোবাই “ঢেঁকীয়া আজি নালাগে” বুলি ক’লে সিহঁতে কয় -“বাইদেউক মাতক।” গেৰেজত লেপেটা পাৰি দলটো বহি থাকে। মই গৈ সিহঁতক কওঁ – ঢেঁকীয়া নালাগে বুলি তহঁতক ক’লে নহয়, মোক কিয় মাতিছ? দলটোৰ দলপতি ধৰণৰৰ ল’ৰাটোৱে বেচ্‌ গপচত কয় -“খাবলৈ দে।” মই সিহঁতৰ বাবে খোৱাৰ যোগাৰ কৰোঁ। কেতিয়াবা ঘৰত ঢেঁকীয়া থাকিলেও সিহঁতৰ শ্ৰম যাতে অথলে নাযায়, তাৰবাবে ঢেঁকীয়া কিনো। মায়ে কয়, “ঢেঁকীয়া খাই আমনি লাগিছে। মই নাখাওঁ। তয়ে খাবি।” মইনো অকলে কেনেকৈ খাওঁ? ঢেঁকীয়াৰ কি কি ব্যঞ্জন ৰান্ধিব পাৰি জানিবলৈ ইউটিউব চাওঁ। নতুন ষ্টাইলত ৰান্ধিলে ‘আমনি লাগিছে’ বুলি কোৱাসকলেও অকণমান সৰহকৈহে খায়।

হাতত ঢেঁকীয়া দুমুঠিমান লৈ সিহঁত আমাৰ ঘৰলৈ সপ্তাহত এবাৰ হ’লেও আহে। ঢেঁকীয়া নিকিনিলেও নাই। খাবলৈ কিন্তু দিবই লাগিব। মোক নিসংকোচে কয়— “খাবলৈ দে।” মোৰ বৰ ভাল লাগে। খাবলৈ দিলে সিহঁতৰ মুখকেইখন পোহৰ হৈ পৰে। সেই মুখকেইখন দেখিলে মই সুখী হৈ পৰোঁ । ভতিজাৰ বাবে সৰু হৈ যোৱা কাপোৰ কিছুমান সিহঁতক দিওঁ। সিহঁত আনন্দত আত্মহাৰা হয়। এতিয়া কেৱল ঢেঁকীয়াই মোৰ প্ৰিয় নহয়। বুকুত ঢেঁকীয়াৰ মুঠি বৰ সাৱধানে সাৱটি লৈ অহা ল’ৰা কেইটাও মোৰ প্ৰিয়। সৰু সৰু হাত দুখনেৰে ঢেঁকীয়াৰ মুঠিটো বুকুত সাৱটি লৈ অহা দেখি এদিন বেগ এটা দিছিলোঁ। আজিকালি মোৰ পৰা পলিথিন খুজি নিয়ে। বটলত ফিল্টাৰৰ পানী ভৰাই সিহঁতক দিওঁ – লৈ যাবলৈ। সিহঁতৰ অভাৱী শৈশৱক মই ক্ষণিকৰ বাবে হ’লেও আলপৈচান ধৰিব বিচাৰোঁ। মাছে-মঙহে খাই থাকিলে কেতিয়াবা মোৰ সিহঁতৰ মুখকেইখনলৈ মনত পৰে। একেবাৰে স্পষ্টকৈ মোহ লগা মাতষাৰ শুনো – “খাবলৈ দে।”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!