হীৰুদাৰ কথা..ইটো-সিটো-বহুতো
লেখক- ৰঞ্জিত ভূঞা।
কবি নৱকান্ত বৰুৱাই হীৰুদাৰ কবিতাৰ বিষয়ে কৈছিল, “তেওঁৰ কবিতাখিনি মোৰ বাবে এটামাত্ৰ দীঘল কবিতাৰ বিভিন্ন স্তৱক। হীৰুৱে যেন এই ত্ৰিশকাল জুৰি এটা কবিতাই লিখি আছে-সেই কবিতাৰ বিষয় হ’ল শস্য আৰু মানুহ!’’ তেখেতে হীৰুদাক লৈ এটা লিমাৰিক লিখিছিল এনেদৰে—
চুটি চুটি কবিতা লিখে দীঘল হীৰেন ভট্ট ই
ফিলিস্তিন ক খৰ্ব কৰাত এক প্ৰকাৰে মত্তই
যমক অনুপ্ৰাস ৰ জমক
বুকুত লগাই দি যায় চমক
হঠাতে কোৱা কথাবোৰো অবাক কৰা সত্য ই
এই চুটি চুটি কবিতা বোৰ হীৰুদাই নো কিয় লিখে বুলি এবাৰ সুধিছিল ডঃ বীৰেন্দ্ৰ নাথ দত্তই। অকণো সময় নলৈ হীৰুদাই উত্তৰ দিছিল, “ভৱিষ্যতে ল’ৰা-ছোৱালীৰ অসুবিধা নহ’বৰ কাৰণে৷” হীৰুদাই কবিতা পুথি এখন উপহাৰ দিছিল তেওঁৰ অতি ঘনিষ্ঠ গণশিল্পী হেমাংগ বিশ্বাসক। পঢ়ি উঠি হেমাংগ বিশ্বাসে এটি কবিতাৰে হীৰুদাৰ কবিতাৰ শলাগ লৈ সমালোচনা আগবঢ়ালে এইদৰে—
কবি হীৰেন ভট্ট লৈ
তোমাৰ নিৰ্বাচিত কবিতাৰ
উপহাৰ পালোঁ
বৰ সুৱদি হাতখন তোমাৰ
পঢ়ি পঢ়ি আমনি নালাগে,
মন টানি লৈ যায় কানিৰ ৰাগীয়ে।
নিচা কাটি গলে পিছে,
তোমাৰ কবিতা বৰ
উকা উকা লাগে,
ফটাকানিৰ গাত যেন
সূক্ষ্ম এম্ব্ৰইদাৰী
পাৰিব জানো বাটৰ দাঁতিত
ঠেঁটুৱৈ লগা নঙঠা ছোৱালীৰ
লাজ ঢাকিবলে’?
নোৱাৰে যদি
কেলেই নো এই ফুলবছা?
এনেকৈয়ে ক’ব লগা খিনি, বুজাব লগাখিনি হীৰুদাক বুজালে গণ শিল্পী গৰাকীয়ে। অকণো বেয়া পোৱা নাছিল চাগে হীৰুদাই, হেমাংগ বিশ্বাসৰ প্ৰতি তেওঁৰ ঘনিষ্ঠতা, তেওঁৰ প্ৰতি থকা শ্ৰদ্ধা-আন্তৰিকতা কমি যোৱা নাছিল। বহুতে কব খোজে, ইয়াৰ পাছত ৰচনা কৰা হীৰুদাৰ কবিতাত এই সমালোচনাৰ প্ৰভাৱ পৰিছিল। এই কবিতা টোৰ ৰচনাৰ চন-তাৰিখ অৱশ্যে পোৱা হোৱা নাই। কি ভাবি লিখিছিল হীৰুদাইহে জানিব— ‘‘ল’ৰা-ধেমালি”ত হীৰুদাই লিখিলে—
সমালোচক আচলতে ছদ্মবেশী নিন্দুক
প্ৰশংসা ৰ চলেৰে লেখকৰ বন্ধ কৰে মুখ
১৯৫৪ চনত কবি গীতিকাৰ কেশৱ মহন্তৰ দ্বাৰা সম্পাদিত “প্ৰবাহ” নামৰ আলোচনীত প্ৰকাশিত ‘নিমন্ত্ৰণ’ নামৰ কবিতাটোৱেই আছিল হীৰুদাৰ প্ৰথম কবিতা। তেতিয়া তেওঁৰ বয়স আছিল ২২ বছৰ। এই কথাতো হীৰুদাই নিজস্ব ধেমেলীয়া শৈলীৰে কয় যে ভোটাধিকাৰ পোৱাৰ পাছত হে কবিতা লিখিবলৈ লোৱা বুলি! কবিতা বাৰু বুজাব পৰা বস্তু নে বুলি এবাৰ এজন যুৱকে হীৰুদাক সুধিছিল। কবিৰ তাৎক্ষণিক উত্তৰ— ‘‘উত্তম প্ৰশ্ন কৰিছা। ধৰা শংকৰদেৱ। শংকৰদেৱক মোৰ পত্নী য়ে যিদৰে বুজিব, মোৰ ল’ৰাটো বা ছোৱালীজনীয়ে সেইদৰে নুবুজিব পাৰে আৰু মইয়ো পৃথক ধৰণে বুজোঁ। কবিতা ও ঠিক তেনেকুৱাই।” যুৱকে ঢেৰ বুজি পোৱা যেন দেখুৱালে!
এবাৰ কবিতাৰে অনুষ্ঠান এটাত ন-পুৰণি কবি, শ্ৰোতা-দৰ্শক ৰ আগত কবিতাৰ জন্ম-মৃত্যুৰ কথা কলে এই বুলি, “দহ শাৰী কবিতা যেতিয়া পাঠকৰ মনত এশ শাৰী হয়, তেতিয়াই কবিতাৰ জন্ম হয় আৰু যেতিয়া অধ্যাপকে ক্লাছত কবিতা ব্যাখ্যা কৰে, তেতিয়াই কবিতাৰ মৃত্যু হয়!” এনেকুৱা ৰসাল, তপৰাই কৈ মানুহক অবাক কৰাৰ লগতে নিৰ্মল হাঁহিৰ জোৱাৰ উঠোৱা কিমান যে কথা আছে হীৰুদাৰ! চুটি, মাত্ৰ কেইটিমান শব্দ, কিমান ৰসাল আৰু গভীৰ অৰ্থবহ!
সাদিন ৰ কাৰ্য্যালয়। সাংবাদিক তিলক হাজৰিকাৰ সম্বৰ্ধনা অনুষ্ঠান। বহুজনে তেখেতৰ গুণ-গৰিমা ব্যাখ্যা কৰি বক্তৃতা দিলে। হীৰুদাৰ পাল পৰিল। তেওঁ মাত্ৰ এষাৰি বাক্যতে সম্বৰ্ধনা জনালে এই বুলি, “তিলক দা ক সাংবাদিক হিচাপে মই ভাল পাওঁ; কাৰণ তেওঁ তিলকে তাল নকৰে!” মাত্ৰ কেইটা মান শব্দ, সকলো ক’ব লগা কোৱা হৈ গল!
এবাৰ এক অন্তৰংগ আলাপত হীৰুদাক সুধিছিল কোনোবাই—‘‘আপোনাৰ ল’ৰালিৰ কিছু অভিজ্ঞতা ৰ কথা কওক চোন হীৰুদা।” অকণো নভবাকৈ হাঁহি এটা মাৰি দিয়া হীৰুদা ৰ উত্তৰ— ‘‘ল’ৰালিয়ে মোৰ লগ এৰা নাই৷” হীৰুদাৰ বাহিৰে এনে কথা আৰু কোনে কব পাৰে?
জানেই বোধহয় সকলোৱে যে হীৰুদাই বোৰকা হাইস্কুলত (১৯৬৩-৬৪ চন মানত)শিক্ষকতা কৰিছিল। সেই সময়ৰ বহুতো ৰসাল কাহিনী আছে, তাৰে মাত্ৰ দুটামান— গৰমৰ বন্ধৰ আগদিনা। আন শিক্ষকে ঢেৰ homework দিছে, অবাবত সময় নকটাই ভালকৈ পঢ়িবলৈ উপদেশ দিছে। হীৰুদাৰ উপদেশ মাত্ৰ এটাই, “ছুটী মানে ছুটি। আম খোৱা, কঁঠাল খোৱা, কুৰ্মা খোৱা। মন-মগজু পাতল কৰা৷” শ্ৰেণীত ল’ৰা-ছোৱালী য়ে মনে মনে বেছি দেৰি থাকিলে হীৰুদাই বেয়া পায়। কয়, “তোমালোক ইমান মনে মনে আছা যে? চিঞৰ-বাখৰ কৰা। আমাৰ দিনতো স্কুল ত আমি চিঞৰ-বাখৰ কৰিছিলোঁ!” এইজন মাষ্টৰক ল’ৰা-ছোৱালী য়ে যে একেবাৰে নোপোৱাই পোৱা দি পাইছিল আৰু গাওঁৰ সৰু সৰু ল’ৰা-ছোৱালীবোৰে, গাঁৱৰ দুখীয়া খেতিয়ক-শিপিনী বোৰে! কেতিয়াবা মন গ’লে হীৰুদাই এগাল মান মৰ্টন আনি বিলাই দিয়ে ল’ৰা-ছোৱালীবোৰৰ মাজত। বিপদে-আপদে সহায় কৰাৰ উপৰি শিপিনীৰ বাবে সূতা কিনি আনে। সেই সময়ৰে ঢেৰ কথা।
‘‘তুমি নো কি ইংৰাজী পঢ়ুৱা হে’’ বুলি ব্যংগ কৰা ইংৰাজী কাকতৰ সম্পাদকজনক যে চুঙা চাই সোপা দিছিল, সেই তো সকলোৱে জনা কাহিনী। শিক্ষকতা কৰা সময়তে অলপ দিন হীৰুদা অকলে আছিল। কোনোবাই সুধিছিল, “আপুনি ঘৰ টোত অকলে থাকে?” অকলে নহয়, , মোৰ লগত কেইটা মান জেঠী আৰু নিগনি ও আছে।” লগে লগে উত্তৰ আহিল! ‘‘আপুনি উপন্যাসো লিখিব চোন। বৰ ভাল হব।” বৰ আগ্ৰহেৰে এজন অনুৰাগী য়ে হীৰুদাক পৰামৰ্শ দিছিল। হীৰুদাই লগে লগে ক’লে—‘‘সেই কাৰণেই তো লিখা নাই। বৰ বেছি ভালটো সকলোতে বেয়া”
গ্ৰন্থমেলা ত এজন অনুৰাগী য়ে লগ পাই সুধিলে হীৰুদাক— ‘‘এইবাৰ আপোনাৰ কি কিতাপ ওলাইছে হীৰুদা?” মিহিকৈ হাঁহি এটা মাৰি হীৰুদাই তেওঁৰ মুখলৈ চাই কলে, “মই কবিতা হে লিখোঁ, পঞ্জিকা নিলিখোঁ নহয়, প্ৰতি বছৰে ওলাবলৈ!” এবাৰ গ্ৰন্থমেলাতে এজন সাংবাদিকে সুধিলে হীৰুদাক, “হীৰুদা, আপুনি গ্ৰন্থ মেলালৈ সদায়ে কিয় আহে?” গ্ৰন্থমেলাৰ দুৱাৰ মুখতে বিনা পইচা ই দিয়া লিভছেভ ৰ বড়ি কেইটাৰ আশাত!”
এবাৰ এগৰাকী অনুৰাগী য়ে হীৰুদাক অনুৰোধ জনালে -‘‘চুটি পদ্য এটা মাতক চোন হীৰুদা৷” এক মুহূৰ্তৰ ভিতৰতে গাই দিলে হীৰুদাই— ‘‘মাৰা গুলি, ঢেকীয়াজুলি।”
কবিয়ে কপৌ ফুল বোলে বৰ ভাল পাইছিল। কাৰণতো নো কি বুলি সুধিছিল সাংবাদিক মনোজ ডেকাই। হীৰুদাই কাৰণ ব্যাখ্যা কৰিলে এইবুলি, “জু ৰোড ত পানী নুঠে জানো? পানী উঠিলেও কপৌ ফুল ৰ একো নহয়, ওপৰত থাকে যে! সেই কাৰণে কপৌ ফুল ভাল লাগে।” হীৰুদাৰ ঘৰ “স্নেহ-তীৰ্থ” জু ৰোডত। গুৱাহাটী কমাৰ্চ কলেজৰ ওচৰত। এজনে সুধিছিল এদিন, “আপোনাৰ ঘৰতো গুৱাহাটী কমাৰ্চ কলেজৰ ওচৰত নহয় জানো?” প্ৰশ্নটো মুঠেও ভাল নাপালে হীৰুদাই। উত্তৰ দিলে এইবুলি, “নহয়, মোৰ ঘৰৰ ওচৰত হে গুৱাহাটী কমাৰ্চ কলেজ।” তাৰ পাছত কলে লাহেকৈ, “কমাৰ্চ কলেজ হোৱাৰ বহু আগৰে পৰাই মই এই ঘৰৰ বাসিন্দা।” গতিকে হীৰুদাই সেই কথা মানি ল’ব ই বা কিয়?
এনেকৈ কিমান যে কথা, কিমান যে বতৰা, ৰস লগা, ভাল লগা! তাৰ মাজতো কিন্তু হঠাতে কৈ পেলোৱা চিৰিয়াচ কথা, চিন্তা কিছুমানো আছে। আছে ৰাজনীতিৰ কথা, মানুহৰ কথা, মাতৃভাষাৰ কথা।
থাকক নেকি এতিয়ালৈ ইমান তেই! আকৌ কেতিয়াবা হীৰুদা কথা আকৌ পাতিম এনেকৈয়ে!
[লেখাটো প্ৰস্তুত কৰোঁতে ‘‘ৰ’দে বৰষুণে’’ (দিপালি ভট্টাচাৰ্য বৰুৱা), ভাবে ৰসে হীৰুদা (সংকলন আৰু সম্পাদনা-অক্ষয় কুমাৰ মিশ্ৰ) আৰু হেমাংগ বিশ্বাস ৰচনাৱলী (সম্পাদনা ডঃ পৰমানন্দ মজুমদাৰ) ৰ সহায় লোৱা হৈছে। হীৰুদাৰ ফটোখন Sumi Barman ৰ ৱাল ৰ পৰা সংগ্ৰহ কৰা। ]