লাইফ অৱ এ ড্ৰাইভাৰ, কেবিনৰ ইপাৰে
লেখক- অনামিকা বড়া
গ্ৰন্থৰ নামঃ লাইফ অৱ এ ড্ৰাইভাৰ, কেবিনৰ ইপাৰে
লেখকঃ ৰূপম দত্ত
প্ৰকাশকঃ অসমীয়া ভাষা আৰু ছফট্ৱেৰ বিকাশ কেন্দ্ৰ
প্ৰথম প্ৰকাশঃ ২৪ ডিচেম্বৰ, ২০২০
মুঠ পৃষ্ঠাঃ ৪৮৮
মূল্যঃ ৩০০ টকা
“লাইফ অৱ এ ড্ৰাইভাৰ, কেবিনৰ ইপাৰে”, ২০২০ চনৰ ২৪ ডিচেম্বৰত প্ৰকাশ হোৱা এখন বহুল চৰ্চিত উপন্যাস। ২০২০ চনৰ গুৱাহাটী গ্ৰন্থমেলাত সৰ্বাধিক বিক্ৰীৰ অভিলেখ গঢ়া কিতাপখনৰ প্ৰতি পঢ়ুৱৈৰ উৎসুকতাই ইয়াকে প্ৰমাণ কৰে যে অসমীয়া গ্ৰন্থৰ প্ৰতি পঢ়ুৱৈৰ আস্থা এতিয়াও হেৰাই যোৱা নাই। প্ৰকাশৰ সময়ৰ পৰা ২০২১ চনৰ ২৩ ফেব্ৰুৱাৰীলৈকে মাথোঁ দুমাহৰ ভিতৰতে কিতাপখনৰ মুঠ তেৰটা সংস্কৰণ প্ৰকাশ পায়।
লেখক দত্তই কিতাপখন পিতৃ স্বৰ্গীয় চন্দ্ৰ দত্তলৈ উছৰ্গা কৰি এইদৰে লিখিছে, “… বেগে বেগে কিতাপ কিনি ঘৰত থোৱা, দেখি দেখি সেইবোৰ পঢ়ি যোৱাও মোৰ মনত আছে। কিমান যে কিতাপ, সেই কম বয়সতে পঢ়ি পেলাইছিলোঁ! … আজি চাওক, মই কি লিখি দিলোঁ! আপুনি নাই, কিন্তু মই জানো, আজি আপুনি কি ক’লেহেঁতেন! চকুপানী বৈ আহিছে … …।” কিতাপখনৰ কথা ক’বলৈ যোৱাৰ আগতে এইখিনি উল্লেখ কৰাৰ এটা কাৰণ আছে। প্ৰকাশ হ’বৰেপৰা কিতাপখনৰ শিৰোনামত থকা ‘ড্ৰাইভাৰ’ শব্দটোৱে পাঠক সমাজত যি ঢৌৰ সৃষ্টি কৰিলে, সেই অনুপাতে লেখকৰ শৈশৱ–কৈশোৰৰ অধ্যয়নশীল পৰিৱেশ তথা অধ্যয়নপুষ্ট মন–অভ্যাসৰ কথাটো তল পৰি থাকিল। মোৰ দৃষ্টিত পিছৰ দিশটোৰহে প্ৰয়োজনীয়তা তথা গুৰুত্ব সৰ্বাধিক। সেইবাবেই কিতাপখনৰ বিষয়ে একলম লিখাৰ পূৰ্বে প্ৰদত্ত কথাটোৰ উল্লেখ কৰাৰ প্ৰয়োজনবোধ কৰা হ’ল।
আৰম্ভণিতে চাৰিজন গণ্যমান্য ব্যক্তিয়ে নিজা অভিমতেৰে কিতাপখনক অন্য এক মাত্ৰা দিছে। ইয়াৰে ভিতৰত ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে লিখিছে,
“ৰূপম দত্তৰ ‘লাইফ অৱ এ ড্ৰাইভাৰ’ নামৰ উপন্যাসখনৰ পাণ্ডুলিপি হাতত লৈ মোৰ মনত খেলি যোৱা প্ৰথম ভাবটো আছিল – নিজৰ গাড়ী চলোৱা অভিজ্ঞতাৰে নাইট ছুপাৰ ক্ষেত্ৰখনৰ বিচিত্ৰ কাহিনীক উপন্যাসৰ ৰূপ দি ৰূপম দত্তই হয়তো অসমীয়া উপন্যাসত এক অভিলেখৰেই সৃষ্টি কৰিলে।”
তেখেতৰ কথাখিনিত অলপো দ্বিমত নাই যে অসমীয়া উপন্যাসত ই এক অভিলেখ। একেদৰে অনুৰাধা শৰ্মা পূজাৰীৰ ভাষাত,
“ৰূপম দত্তই শ্ৰমক মৰ্যাদা দি, নাইট ছুপাৰ চলায়। … নতুন লেখক ৰূপম দত্তৰ ‘লাইফ অৱ এ ড্ৰাইভাৰ’ৰ কেবিনৰ সিপাৰে থকা পৃথিৱীখনৰ সন্ধানে পঢ়ুৱৈক অন্য সোৱাদ দিব। অসমীয়া সাহিত্যত এনে বিচিত্ৰ অভিজ্ঞতাৰ সংযোজনে নতুন মাত্ৰা আনিব।”
নিঃসন্দেহে ড্ৰাইভাৰৰ অভিজ্ঞতাসম্বলিত উপন্যাসখন অসমীয়া সাহিত্যত এক ব্যতিক্ৰমী সংযোজন। শৰ্মা পূজাৰী বাইদেউৰ সৈতে সুৰ মিলাই এইখিনিতে কিতাপখনৰ বাবে লেখক ৰূপম দত্তলৈ শুভেচ্ছা তথা অভিনন্দন।
প্ৰায় পাঁচশ পৃষ্ঠাজোৰা উপন্যাসখন একেবহাতে পঢ়ি শেষ কৰিব পৰাকৈ কাহিনীটো আগবঢ়া। কাহিনী–কথন, উপস্থাপন শৈলী, বাস্তৱভিত্তিক বৰ্ণনাই এয়া সম্ভৱ কৰি তুলিছে। প্ৰথমখন কিতাপতে পাঠকক বান্ধি ৰাখিব পৰা লেখকৰ কলমৰ বাবে উনুকিয়াব বিচাৰিছোঁ আৰম্ভণিতে উল্লেখ কৰা কিতাপ পঢ়াৰ অভ্যাসৰ কথা। শিশু অৱস্থাৰ পৰাই বিবিধ গ্ৰন্থৰ অধ্যয়নে লেখকক কিমান সমৃদ্ধ কৰিলে, কিমান অভিজ্ঞ কৰিলে, তাৰেই প্ৰতিফলন ঘটিছে উপন্যাসৰ পাতে পাতে। য’ত তেওঁৰ বৃত্তিগত অভিজ্ঞতায়ো হাত উজান দি প্ৰচুৰ সমলসমৃদ্ধ কৰি তুলিলে। নৈশ বাছ চলোৱাৰ আৰম্ভণি, আঁৰৰ উদ্দেশ্য, ঘৰুৱা সন্মতি, আত্মীয়ৰ উৎসাহ–পৰামৰ্শ, গাড়ী এখন অসুবিধা নোহোৱাকৈ চলি থাকিবলৈ কেনেকৈ ৰাখিব লাগে, ইঞ্জিনৰ যত্ন কিদৰে ল’ব লাগে, নতুন বাছ কিনিবলৈ যোৱাৰ মধুৰ আৱেশ, দীঘলীয়া যাত্ৰাৰ বিচিত্ৰ কাহিনী, যাত্ৰীৰ বাবে ড্ৰাইভাৰ এজনৰ ব্যৱহাৰ তথা দায়িত্ব আৰু তদ্ৰুপ শিহৰণকাৰী ডকাইত কাণ্ডৰ ৰহস্য, বাছৰ মালিক–হেণ্ডিমেন–চালকৰ অনিৰ্বচনীয় সম্পৰ্ক, অবাঞ্ছিত দুৰ্ঘটনা, অঁৰিয়াঅঁৰি আদিকে কৰি ৰাতিৰ পৃথিৱীখনৰ অনেক অলেখ ঘটনাসম্ভাৰ “লাইফ অৱ এ ড্ৰাইভাৰ” ত পোৱা যায় যিসমূহ লেখকে আগবঢ়াই নিবলৈ সহায় লৈছে ব্যক্তিগত প্ৰেম–কাহিনীৰ। বাস্তৱ–কল্পনাৰ মিশ্ৰণত লেখকৰ কলম পাকৈত। তদুপৰি নৈশ যাত্ৰীবাহী বাছ চলোৱাটো অন্যান্য বাছ বা গাড়ী চলোৱাৰ পৰা ভিন্ন দিশত কেনেকৈ সুকীয়া সেয়া ফুটাই তুলিবলৈ যত্ন কৰিছে লেখকে।
অৱশ্যে কাহিনীৰ মধ্যভাগৰ পৰা ‘ড্ৰাইভাৰ’ ৰ কাহিনীয়ে আঁত হেৰুৱাই ‘প্ৰেমিক’ ৰ কাহিনীয়ে বাট কাটি লোৱা পৰিলক্ষিত হ’ল। যাৰ বাবে কিতাপখন উপন্যাস হিচাপে কিছুদূৰ সুখপাঠ্য হ’লেও শিৰোনামসুলভ হৈ নাথাকিল। সেইখিনিতে অলপ আশাহত হ’লো। বিচিত্ৰ অভিজ্ঞতাক কলমেৰে জীৱন্ত ৰূপ দিয়া কিতাপখনৰ সমালোচনা কৰাৰ স্পৰ্ধা আমাৰ নাই। কিন্তু ‘ড্ৰাইভাৰ’ এজনৰ জীৱন কাহিনীক মূল শাহ হিচাপে লৈ লিখি উলিওৱা উপন্যাসখন মূল দিশৰ পৰা অলপ আঁতৰি একেবাৰে ব্যক্তিগত জীৱনকেন্দ্ৰিক হৈ পৰাত দুই দিশৰ ভাৰসামতা বৰ্তি নাথাকিল। কিতাপখনৰ নামটোৰ সাৰ্থকতাও তাতেই কমি গ’ল। কিয়নো কিতাপখনৰ আৰম্ভণিতে লেখকৰ আগকথাত ৰূপম দত্তই কিতাপখন লিখাৰ উদ্দেশ্য এনেদৰে ব্যক্ত কৰিছে, “সততে ড্ৰাইভাৰসকলৰ প্ৰতি থকা নিম্ন ভাৱনা আৰু তিক্ত মনোভাৱে মোৰ অন্তৰত প্ৰতিদিনেই আঘাত দি গৈছিল। কিয়নো প্ৰায় পোন্ধৰ বছৰ মই নাইট ছুপাৰ চলাইছিলোঁ। এজন ড্ৰাইভাৰৰ কষ্ট, কৰ্তব্যনিষ্ঠা সাধাৰণ জনগণক জ্ঞাত কৰাটো মোৰ প্ৰধান উদ্দেশ্য আছিল। এজন ড্ৰাইভাৰ আচলতে যে এজন মানৱ, তেওঁৰো অন্তৰ আছে, দুখ–বেদনা আছে সেয়া সকলোৱে জনাটো জৰুৰী।” এইক্ষেত্ৰত লেখকৰ কষ্টখিনি ফলপ্ৰসূ নাইহোৱা বুলি কোৱা নাই। কিন্তু যিখিনি কথা ডেৰশ–দুশ পৃষ্ঠাৰ ভিতৰতে প্ৰকাশ কৰিব পৰাকৈ যথেষ্ট, সেইখিনি প্ৰেম কাহিনীৰে বাহুল্য কৰি অযথা পৃষ্ঠা বৃদ্ধি কৰা যেন অনুমান হ’ল। আৰম্ভণিতে কিতাপখন সুখপাঠ্য বুলি কোৱাৰ প্ৰসংগত ক’ব লাগিব যে সেইয়াও আচলতে এক কৌতূহলহে। শেষ পৰিণতি কি, মাত্ৰ তাকে জানিবলৈহে পাঠকে কিতাপখন পঢ়িলে এৰিব নোৱাৰে। কিতাপ এখন বা কাহিনী একোটা পঢ়ি থাকিলে তাৰ লগে লগে গৈ থকাৰ যি প্ৰৱণতা, সেই যাত্ৰাৰ মাধুৰ্য্য মাজতে হেৰাই যায়। এই কাৰণতে বোধহয় কিতাপখনৰ অধিকাংশ পঢ়ুৱৈ যুৱপ্ৰজন্মৰ মাজতে সীমাবদ্ধ। সকলো শ্ৰেণীৰ পাঠকে সহজে ল’বপৰা নহয়। কিতাপখনৰ মূল উদ্দেশ্যক সমাজৰ সকলো শ্ৰেণীৰ মাজলৈ লৈ যোৱাত কিতাপখন আধৰুৱা হৈ থাকিল। অৱশ্যে “লাইফ অৱ এ ড্ৰাইভাৰ”ৰ সলনি ‘ড্ৰাইভাৰ’ আৰু ‘প্ৰেমিক–প্ৰেমিকা/প্ৰেম’, এই দুই প্ৰসংগক সমানে প্ৰকাশ হোৱাকৈ কিতাপখনৰ আন এটা নাম দিয়া হ’লে কিতাপখনৰ প্ৰতি পাঠকৰ দৃষ্টিভংগী নিশ্চয় সুকীয়া হ’লহেঁতেন।
প্ৰণিধানযোগ্য যে আমি চিনা, জনা, দেখা, শুনা প্ৰায় সকলো লেখকেই (একমাত্ৰ কলমকে পেচা/নিচা হিচাপে লোৱা অসমীয়া ব্যক্তি আঙুলিৰ মূৰত লিখিব পৰা ব্যতিক্ৰমীসকলক বাদ দি) সাংবাদিকতা, চিকিৎসাসেৱা, অভিযন্তা, শিক্ষকতা, ব্যৱসায় আদি বিবিধ বৃত্তিত জড়িত। ৰূপম দত্তও ইয়াৰ ব্যতিক্ৰম নহয়। কিন্তু দুখৰ কথাটো হ’ল আমি অল্পমতি অসমীয়াই তেখেতৰ শ্ৰমক মৰ্যাদা দিয়াৰ পৰিৱৰ্তে সেই শ্ৰমক পুতৌ আৰু সহানুভূতিৰ দিশলৈ লৈ যাওঁ, যিটো অনুচিত আৰু লেখকেও তেনে হোৱাটো কেতিয়াও নিবিচাৰে। বাস্তৱ অভিজ্ঞতাৰপৰা তেখেতে এইটো প্ৰসংগ কিতাপখনত ঠায়ে ঠায়ে উল্লেখ কৰি গৈছে। সৰ্বসাধাৰণৰ এনে দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ বাবে ৰূপম দত্তই কৰা প্ৰয়াস ধন্যবাদৰ যোগ্য।
যিকোনো বৃত্তিৰ ক্ষেত্ৰতে বৃত্তিধাৰীয়ে দক্ষতা–অৰ্হতা আহৰণৰ সমান্তৰালকৈ বৃত্তিটোৰ প্ৰতি শ্ৰদ্ধাশীল, আন্তৰিক আগ্ৰহৰ মনোভাৱ নাৰাখিলে বৃত্তিধাৰীৰ বৃত্তি গ্ৰহণৰ সাৰ্থকতা নাথাকে। ড্ৰাইভাৰো তেনে এক বৃত্তিয়েই য’ত প্ৰয়োজন একান্ত ইচ্ছা, আন্তৰিক শ্ৰদ্ধাৰ৷ এজন সু–চালক হ’বলৈ হ’লে সুদক্ষ হোৱাৰ লগতে গাড়ী চলোৱাৰ প্ৰতি শ্ৰদ্ধা, গাড়ীখনৰ প্ৰতি স্নেহ থাকিবই লাগিব। ইয়াকে কোৱা হয় দায়িত্বশীলতা। গাড়ীখনক নিজ সন্তানৰ দৰে ধুৱাই–পখলাই, তেল–ম’বিল পৰীক্ষা কৰি বিভিন্ন অংশসমূহৰ নিয়মিত নিৰীক্ষণ কৰি যত্ন লোৱাৰ মাজেৰে লেখকে সেই দায়িত্বশীলতাক সুবিধা পালেই প্ৰকাশ কৰিছে। গাড়ীৰ প্ৰতি থকা মৰমক বুজাবলৈ ঠাইবিশেষে ব্যৱহাৰ কৰা শব্দগুচ্ছ মন কৰিবলগীয়া। উদাহৰণ স্বৰূপে, ‘ইঞ্জিনৰ ডাঙৰ শব্দ, কিন্তু মিঠা’, ‘লাহে লাহে বাছে নিজৰ ছন্দ ল’লে’, ‘নতুন ড্ৰাইভাৰ, ষ্টিয়’ৰিং এৰিবলৈ মনেই নাযায়’ ইত্যাদি। তদুপৰি যাত্ৰীৰ প্ৰতি থকা দায়িত্ব পালনৰ মহান অনুভৱ ফুটি উঠিছে এনেকৈ, “মাজনিশা যেতিয়া মই বাছ চলাই থাকোঁ, ভিতৰত থকা সকলো যাত্ৰী সপোনৰ ৰাজ্যত উটি ফুৰে। তেনেতে কেবিনত বহি অহা যাত্ৰীবোৰৰ ওপৰেদি মোৰ চকু পাৰ হৈ যায়। সকলো টোপনিত। হেণ্ডিমেনো অবাঞ্ছিত টোপনিত। বৰশী বাই থাকে। অকল মোৰ দুটি নয়ন সজাগ হৈ থাকে। বুকুখন ফুলি উঠে, ইমানবোৰ মানুহ, ইমানবোৰ জীৱনৰ দায়িত্ব অকল মোৰ ওপৰত। বেছি সজাগ হৈ পৰোঁ। যিমান পাৰোঁ কোমলকৈ চলাবলৈ বিচাৰোঁ, মিহিকৈ ব্ৰেক মাৰোঁ, মৰমত গীয়েৰ লগাওঁ, যাতে যাত্ৰীবোৰৰ টোপনিত ব্যাঘাত নজন্মে। মাজনিশা যাত্ৰীসকলে গমকে নাপায় ড্ৰাইভাৰ কেতিয়া বদলি হয়। এশ শতাংশ দি আমি ৰাতিটো আমাৰ ডিউটি কৰোঁ।”
কাহিনীৰ শেষৰফালে সম্পন্ন হোৱা ব্যতিক্ৰমী বিবাহখনে নৱপ্ৰজন্মৰ বহুতকে আকৰ্ষণ কৰিব বুলি মোৰ বিশ্বাস। যৌতুকবিহীন, অনাড়ম্বৰ, অযথা খৰচৰহিত এনে বিবাহৰ অৱতাৰণা কিতাপখনৰ এক শক্তিশালী দিশ বুলি ক’লেও বঢ়াই কোৱা নহ’ব৷ কিয়নো, সাধাৰণতে উপন্যাসতহে এনে বিবাহ সম্ভৱ, কিন্তু বাস্তৱত এনে হোৱা দেখা নাযায়(যদিহে কিতাপখনত লিখাৰ দৰেই ৰূপম দত্তৰ জীৱনত সেয়া সম্পন্ন হৈছে)। হ’বলৈ গ’লেওঁ সমাজ, বংশ–পৰিয়াল, পৰম্পৰাৰ নামত তেনে পদক্ষেপ ল’বলৈ বিচৰাসকলক ‘ইম’শ্যনেল ব্লেকমেইলিঙ’ৰ বলি সজাই বাধা দিয়া হয়। কিন্তু ৰূপম–অংকিতাই সকলো বাধাক যুক্তি,সমীহ তথা শ্ৰদ্ধাৰে আঁতৰাই ঈপ্সিত লক্ষ্যত উপনীত হোৱাৰ যাত্ৰাটো প্ৰতিজন নৱচিন্তাশীল যুৱক–যুৱতীৰ বাবে এক নিদৰ্শন হৈ ৰ’ব।
উপসংহাৰঃ উপন্যাস এখন লিখি উলিওৱাটো মুখৰ কথা নহয়। ৰূপম দত্তলৈ ধন্যবাদ জনাই কওঁ যে অদূৰ ভৱিষ্যতে তেখেতৰপৰা নৈশ বাছৰ অভিজ্ঞতাৰে ৰাতিৰ পৃথিৱীখনৰ বিষয়ে পৰিমিত বৰ্ণনাৰে সুকীয়া গ্ৰন্থ পাম বুলি আমি আশাবাদী, যিখন(সমূহ)ক লৈ আমি একেমুখে ক’ব পাৰিম– “ৰাতিৰ পৃথিৱীৰ ইমানবোৰ কথা আবাল–বৃদ্ধ–বনিতাৰ প্ৰতিজন ব্যক্তিয়েই জনা উচিত, বুজা উচিত।”