তোমালোকৰ ভাল হওক

লেখক- হীৰামনি দাস

গ্ৰন্থৰ নামঃ তোমালোকৰ ভাল হওক

গ্ৰন্থকাৰঃ° ভবেন্দ্ৰ নাথ শইকীয়া

গ্ৰন্থৰ প্ৰকাৰঃ প্ৰবন্ধ

প্ৰকাশকঃ নয়নতৰা প্ৰকাশন

প্ৰথম প্ৰকাশঃ জুন, ১৯৯৮

মূল্যঃ ৭৫.০০ টকা

পৃষ্ঠাঃ ১৩৮ 

অসমীয়া সাহিত্যত ড° ভবেন্দ্ৰনাথ শইকীয়া এটি চিৰ পৰিচিত নাম। তেখেতে কবিতা, গল্প, নাটক, উপন্যাস, প্ৰবন্ধ, শিশু সাহিত্য আদিকে ধৰি সাহিত্য সংস্কৃতিৰ প্ৰায় সকলো দিশতে অৱদান আগবঢ়াই গৈছে। স্বকৰ্মৰাজিৰে শইকীয়াদেৱে অসম প্ৰকাশন পৰিষদ বঁটা, সাহিত্য অকাডেমি বঁটা, অসম উপত্যকা সাহিত্য বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ লগতে পদ্মশ্ৰী সন্মানো লাভ কৰিছিল। 

শিশুসকল হৈছে আমাৰ ভৱিষ্যৎ। সেয়েহে বিভিন্ন সজ উপদেশ, সজ পৰামৰ্শ আদি আগবঢ়াই ভবেন্দ্ৰনাথ শইকীয়াদেৱে বহুকেইখন শিশু গ্ৰন্থ ৰচনা কৰিছিল। তাৰ ভিতৰত এখন হতোমালোকৰ ভাল হওক”৷ তেখেতৰ সম্পাদনাত সঁফুৰা আলোচনী প্ৰকাশ হৈ থকাৰ সময়ত শইকীয়াদেৱে প্ৰতিটো সংখ্যাৰ আৰম্ভণিতেআশাকৰো তোমালোকে ভালে আছানামৰ পৃষ্ঠাটোত শিশুসকলক উদ্দেশ্যি কিছুমান কথা লিখিছিল। সেই কথাখিনিৰেই সমল হতোমালোকৰ ভাল হওক”৷ 

১৩৮ পৃষ্ঠাজোৰা গ্ৰন্থখনত শইকীয়াদেৱে ১৩৭টা উপদেশমূলক প্ৰবন্ধ লিখিছে। লগতে প্ৰত্যেকটো প্ৰবন্ধৰেই একোটাকৈ নাম দিছে। 

কামৰ বীৰ” নামৰ শীৰ্ষক প্ৰবন্ধটিত তেখেতে কৈছে যে আমি সদায় দেখি থকা, ব্যৱহাৰ কৰি থকা সৰু সৰু বস্তু বা সৰু সৰু কথাবোৰলৈও মন দিব লাগে। তাৰ পৰাও আমি কিবাকিবি লিখিব পাৰো নাইবা তাৰ পৰাই ন বস্তু এটিৰো উদ্ভাৱন হব পাৰে। 

নিজে নিলিখা গল্প আৰু নিজৰ নামত আনে লিখা গল্প প্ৰবন্ধ দুটাৰ পৰা আমি যে আনে লিখা গল্প, কবিতা, প্ৰবন্ধ আদি যিয়েই নহওক কেতিয়াও নিজৰ নামত লিখিব নালাগে সেই কথা শইকীয়াদেৱে স্পষ্টভাৱে প্ৰকাশ কৰিছে। আৰু তেনে কৰাতো যে বেয়া অভ্যাস সেয়াও তেখেতে প্ৰকাশ কৰিছে। 

প্ৰত্যেক মানুহৰে যিকোনো এটিকৈ বিশেষ গুণ থাকেই। আমি যি কামেই নকৰো কিয় এটা কথা সদায় সৰুৰ পৰাই মনত ৰাখিব লাগে যে ভৱিষ্যতে আমি এদিন গুণী মানুহ হমেই। এই কথাখিনি সৰগত কৰি জীৱনত আগবাঢ়িলে আমাক গুণী ব্যক্তি হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। ভবেন্দ্ৰনাথ শইকীয়াদেৱে এই কথাখিনিআমি এদিন গুণী মানুহ হমেই” প্ৰবন্ধটিত বৰ আমোদলগাকৈ বৰ্ণনা কৰিছে। 

ৰাখিব পৰা সৰু সৰু প্ৰতিজ্ঞা” প্ৰবন্ধটিত তেখেতে কৈছে যে নতুন বছৰৰ আৰম্ভণিতে আমি প্ৰত্যেকেই একোটাকৈ প্ৰতিজ্ঞা কৰিব লাগে। লগতে সেই প্ৰতিজ্ঞা সদায় মানিব লাগে। আৰু আমি প্ৰতিদিনেই ডায়েৰী লিখিব লাগে। 

শইকীয়াদেৱে বহুকেইটা প্ৰবন্ধত শব্দৰ অৰ্থ, শব্দৰ উচ্চাৰন আৰু বানানৰ বিষয়ে লিখিছে। তোমাৰ তুমাৰ, মোৰ মুৰ, বিৰাট মানে কি?, অৰ্থৰ কথা নভবাকৈ ব্যৱহাৰ কৰা শব্দ, গা নহয় বগা, এটি আৰু এটা শব্দৰ ব্যৱহাৰ, সূৰ্য্য, কাৰ্য্য আদি শব্দৰ বানান, “শব্দবোৰ জানি বুজিহে ব্যৱহাৰ কৰিবা” আদি প্ৰবন্ধকেইটাৰ যোগেদি তেখেতে কোনবোৰ শব্দ আমি প্ৰায়ে ভুলকৈ লিখো, কোনবোৰ শব্দ ভুলকৈ উচ্চাৰন কৰো তাৰ বিষয়ে বৰ সহজকৈ তেখেতে লিখিছে। 

আমি প্ৰায়ে ভাবো যে নিজে কৰা কামবোৰ বহুত ভাল। কোনোবাই বেয়া বুলি কলেও আমাৰ খং উঠে। কিন্তু নিজৰ কামৰ প্ৰশংসা কেতিয়াও নিজে কৰিব নালাগে। যদি আমাৰ কাম সঁচাই ভাল তেতিয়া আন মানুহে নিশ্চয় কব ভাল বুলি।নিজৰ কামৰ বিচাৰ” প্ৰবন্ধটিৰ পৰা বুজিলোঁ যে আমি কেতিয়াও নিজে নিজৰ কামৰ বিচাৰ কৰিব নালাগে। আজিকালি প্ৰায়ে দেখা যায় যে বিহুৰ সময়তেই হওক বা পূজাৰ সময়তেই হওক মুঠতে সুবিধা পালেই মানুহে চান্দা তোলে। আমি চান্দা তুলিলেও নিজৰ চুবুৰীৰ মাজতেই তুলি তাতেই কিবাকিবি অনুষ্ঠান পাতিব লাগে। চান্দাৰ নামত আন মানুহক হাৰাশাস্তি কৰিব নালাগে। আমি পৰীক্ষাৰ সময়ত টোপনি ক্ষতি কৰি যে গোটেই ৰাতি পঢ়ি থাকিব নালাগে বৰঞ্চ সদায় অলপ অলপকৈ পঢ়ি থাকিব লাগে। লগতে আমাৰ সৰু সৰু যিবোৰ সাধাৰণ জ্ঞান সেইবোৰ আমি জানি লব লাগে আৰু আমি যিকোনো কাম প্ৰথমে সৰুৰ পৰাই আৰম্ভ কৰিব লাগে তাৰ পিছতহে ডাঙৰ কাম কৰিব লাগে। আদি নানান উপদেশমূলক কথাৰে শইকীয়াদেৱে প্ৰবন্ধবোৰ লিখিছে। 

বহুত এনে লৰা ছোৱালী আছে যে যিয়ে কৰবালৈ গলে ইটো নাখাওঁ সিটো নাখাওঁ কৰে। যাৰ ফলত গৃহস্থৰ অসুবিধা হয়। সেয়েহে তেখেতেইটো নাখাওঁ সিটো নাখাওঁ” শীৰ্ষক প্ৰবন্ধটিত কৈছে যে আমি ইটো সিটো নাখাওঁ বুলি আনক কেতিয়াও অসুবিধাত পেলাব নালাগে। লগতে আমি নজনাকৈয়ে কিছুমান বেয়া অভ্যাস গঢ় লৈ উঠে। সেইবোৰ অভ্যাস অলপ অলপকৈ নাইকিয়া কৰিবৰ চেষ্টা কৰিব লাগে। ইয়াৰ উপৰিও আমি নিজে পৰা কামবোৰ নিজে কৰিব লাগে, কিবা ভুল হলে সেইবোৰ জানিবলৈ চেষ্টা কৰা, পুৰণি কিতাপৰ সদব্যৱহাৰ আদি বহুকেইটা প্ৰবন্ধত এইবোৰ কথা উল্লেখ আছে। 

ওপৰত উল্লেখ কৰা প্ৰবন্ধকেইটাৰ বাহিৰেও আৰু বহুত প্ৰবন্ধ শইকীয়াদেৱে লিখিছে যৰপৰা শিশুসকলৰ লগতে কিশোৰ অৱস্থাৰ লৰা ছোৱালীৰো লাভ হয়। শিশুসকলে পঢ়িবলগা এখন বৰ প্ৰয়োজনীয় কিতাপতোমালোকৰ ভাল হওক যিখন পঢ়িলে তেওঁলোকৰ জ্ঞানৰ ভঁৰাল টনকিয়াল হব আৰু ভৱিষ্যতে এগৰাকী সফল ব্যক্তি হোৱাত সহায় কৰিব। 

 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
hiramani Das
2 years ago

সাহিত্য ডট অৰ্গলৈ বহুত ধন্যবাদ

Don`t copy text!