অষ্টম অধ্যায়: ৰামধেনু যুগৰ অসমীয়া সাহিত্য
লেখক- মৃণাল জ্যোতি গোস্বামী
৮.৫ চুটিগল্প
জোনাকী যুগত যে অসমীয়া গল্প সাহিত্যৰ উন্মেষ যে ঘটিছিল সেয়া সকলোৱে জানে৷ সেই সময়ত ‘জোনাকী’ কাকতৰ লগতে ‘আৱাহন’ কাকতৰ জৰিয়তে অসমীয়া গল্প সাহিত্যৰ প্ৰাণ প্ৰতিষ্ঠা হয়৷ বিশেষকৈ ‘আৱাহন’ কাকতৰ মাজেদি অসমীয়া গল্প সাহিত্যলৈ যি পৰিৱৰ্তন আহিল, দ্বিতীয় মহাযুদ্ধ আৰম্ভ হোৱাৰ প্ৰাৰম্ভিক কেইটামান বছৰলৈ তাৰ গতি অব্যাহত আছিল; কিন্তু যুদ্ধৰ তীব্ৰতা আৰু ব্যাপ্তি বঢ়াৰ লগে লগে সাহিত্যতো তাৰ বিৰূপ প্ৰতিক্ৰিয়া পৰিল৷ বিশেষকৈ ‘আৱাহন’ কাকতৰ প্ৰকাশ অনিয়মীয়া হ’ল, লগতে কাগজ আদিৰ অনাটনৰ বাবে পুথি প্ৰকাশো বাধাপ্ৰাপ্ত হ’ল৷ ফলত সাময়িকভাৱে সাহিত্যৰ বিভিন্ন ঠালবোৰৰ দৰে গল্প সাহিত্যৰ বিকাশো বাধাগ্ৰস্ত হ’ল৷ ইয়াৰ পাছতে কেইবাজনো অসমপ্ৰেমী যুৱকৰ প্ৰচেষ্টাত ‘জয়ন্তী’, ‘সুৰভি’ আদি কাকত প্ৰকাশ হৈছিল৷ এইকেইখনত দুই-চাৰিটা গল্প প্ৰকাশ হৈছিল যদিও তাক পৰ্যাপ্ত বুলিব নোৱাৰি৷ অৱশ্যে বিশ্বযুদ্ধ শাম কটাৰ লগে লগে আৰু দেশে স্বাধীনতা লাভৰ পিছত সাহিত্যতো নতুন জাগৰণে দেখা দিলে৷ এই সময়তে অসমীয়া সাহিত্যৰো স্বৰূপ সলনি হয়৷ স্বৰাজোত্তৰ কালত অসমীয়া চুটিগল্পই অধিক সমৃদ্ধিশালী ৰূপত আত্মপ্ৰকাশ কৰে৷ ১৯৫১ চনৰ পৰা প্ৰকাশ পোৱা ‘ৰামধেনু’ আলোচনীখনে এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছিল৷ প্ৰগতিশীল ‘জয়ন্তী’ কাকতৰ বুকুতেই এই পৰিক্ৰমাৰ আৰম্ভ হৈছিল যদিও ‘ৰামধেনু’ আলোচনীৰ পাততহে ই অধিক জনপ্ৰিয় তথা বিস্তাৰিত হৈ উঠে৷ জোনাকী যুগত প্ৰতিষ্ঠা লাভ কৰা দুই-এক গল্পকাৰৰ লগত ৰামধেনু যুগত আত্মপ্ৰকাশ কৰিলে এচাম নতুন গল্পকাৰে৷ এওঁলোকে বিভিন্ন ন ন আংগিক তথা বিষয়বস্তুৰে অসমীয়া চুটিগল্পক আৰু সমৃদ্ধ কৰি তোলে৷
ৰামধেনু যুগৰ সাহিত্যৰ পটভূমিৰ মূলতে আছিল দ্বিতীয় বিশ্বযুদ্ধ, ভাৰতৰ স্বাধীনতা আন্দোলন, স্বাধীনতা লাভ, মোহভংগৰ যন্ত্ৰণা আদি৷ দ্বিতীয় বিশ্বযুদ্ধই মানুহৰ প্ৰচলিত সামাজিক দৃষ্টিভংগী তথা মূল্যবোধক কুঠাৰঘাট কৰে৷ এই সময়তেই ভাৰতবৰ্ষই লাভ কৰে স্বাধীনতা৷ ই মানুহৰ মনত নতুন আশাৰ সঞ্চাৰ কৰিছিল যদিও বহু নতুন নতুন সমস্যাৰো সৃষ্টি কৰিলে৷ ভাৰতৰ অৰ্থনৈতিক অৱস্থাৰ অৱনতি ঘটিল৷ মানুহৰ মনলৈ হতাশা আহিলে৷ ‘‘সামাজিক আৰু ব্যক্তিগত সম্পৰ্কৰ অৱনতি, সামাজিক আৰু নৈতিক প্ৰমূল্যসমূহত ধৰা ভাঙন, সাম্প্ৰদায়িক সংঘৰ্ষ, ৰাজনৈতিক সংগ্ৰাম, যুদ্ধই সৃষ্টি কৰা মুদ্ৰাস্ফীতি আৰু অনাটন, নতুন ধৰ্ণাঢ্য শ্ৰেণীৰ সৃষ্টি– এই আটাইবোৰ সংকট, সমস্যা আৰু ঐতিহাসিক ঘটনাই জাতীয় জীৱনত এক ডাঙৰ পৰিৱৰ্তনৰ সূচনা কৰে৷’’ এইবোৰৰ ফলস্বৰূপে অসমীয়া চুটিগল্পলৈও পৰিৱৰ্তন আহিল৷ ইয়াৰ লগতে প্ৰভাৱ পেলালে পাশ্চাত্য সাহিত্যয়ো, বিভিন্ন সাহিত্যিক মতবাদে, যেনে– সমাজবাদ, বাস্তৱবাদ, মনস্তাত্ত্বিক, অৱস্থিতিবাদ, অভিব্যক্তিবাদ, অতিবাস্তৱবাদ, চেতনাস্ৰোত আদিয়েও অসমীয়া চুটিগল্পত সোমাই পৰি এই শিল্পকৰ্মটিক অধিক বৈচিত্ৰ্যময় কৰি তোলে৷ গল্পকাৰসকল বিষয়বস্তু আৰু আংগিকৰ প্ৰতি অধিক সচেতন হ’ল৷ এই সময়তে ‘ৰামধেনু’ আলোচনীখনক কেন্দ্ৰ হিচাপে লৈ অসমীয়া গল্পকাৰে অসমীয়া চুটিগল্পক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিলে ন ন ভাব তথা আংগিকেৰে৷ ৰামধেনু যুগৰ প্ৰধান গল্পকাৰসকলৰ ভিতৰত উল্লেখযোগ্য হ’ল– চৈয়দ আব্দুল মালিক, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, যোগেশ দাস, মহিম বৰা, সৌৰভ কুমাৰ চলিহা, ভবেন্দ্ৰ নাথ শইকীয়া, হোমেন বৰগোহাঞি, নিৰোদ চৌধুৰী, চন্দ্ৰপ্ৰসাদ শইকীয়া, স্নেহ দেৱী, নিৰুপমা বৰগোহাঞি, অতুলানন্দ গোস্বামী, শীলভদ্ৰ, মামণি ৰয়ছম গোস্বামী, নগেন শইকীয়া, অণিমা দত্ত, প্ৰবীণা শইকীয়া, গোবিন্দ প্ৰসাদ শৰ্মা, কুমুদ গোস্বামী, অপূৰ্ব শৰ্মা, ভদ্ৰেশ্বৰ শইকীয়া, ৰিজু হাজৰিকা, যতীন বৰা, লক্ষ্মীনন্দন বৰা আদি৷
জয়ন্তীৰ পাততে গল্পকাৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰা চৈয়দ আব্দুল মালিকৰ চুটিগল্পই পৈণত ৰূপ লাভ কৰে ৰামধেনু যুগত৷ সামাজিক সচেতনতা, ৰোমাণ্টিক স্বপ্ন আৰু নৰ-নাৰীৰ যৌন সম্পৰ্কৰ বিশ্লেষণ আদিয়েই আছিল তেওঁৰ গল্পৰ মূল উপজীব্য৷ ‘হৰি মাষ্টৰৰ দোকান’, ‘বীভৎস বেদনা’, ‘তিনিচকীয়া গাড়ী’, ‘যীশুখৃষ্টৰ ছবি’, ‘কাঠফুলা’ আদি এওঁৰ উল্লেখযোগ্য গল্প৷ ‘পৰশমণি’, ‘ৰঙাগড়া’, ‘মৰহা পাপৰি’, ‘মৰম মৰম লাগে’, ‘এজনী নতুন ছোৱালী’, ‘শিল আৰু শিখা’, ‘শিখৰে শিখৰে’, ‘ছয় নম্বৰ প্ৰশ্নৰ উত্তৰ’, ‘বহুত বেদনা’, ‘এটোপাল চকুলো’, ‘প্ৰাণাধিকা’, ‘পোৰা গাঁওত পহিলা বহাগ’ আদি মালিকৰ প্ৰকাশিত গল্পপুথি৷ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ‘এজনী জাপানী ছোৱালী’, ‘মাকনৰ গোসাঁই’, ‘মিঞা মনচুৰ’, ‘ঈদৰ জোন’ আদি গল্পৰে সামাজিক বাস্তৱবাদক অধিক স্পষ্ট কৰি তোলে৷ নাট্যগুণধৰ্মিতা আৰু গীতিধৰ্মিতা এওঁৰ গল্পৰ প্ৰধান বৈশিষ্ট্য৷ ‘কলং আজিও বয়’ আৰু ‘সাতসৰী’ তেওঁৰ উল্লেখযোগ্য গল্পপুথি৷ মহিম বৰাই ‘কাঠনিবাৰী ঘাট’, ‘বহুভুজী ত্ৰিভুজ’, ‘মই, পিপলি আৰু পূজা’, ‘টোপ’, ‘এখন নদীৰ মৃত্যু’ আদি গল্পৰে ঘটনা উপযোগী বাস্তৱ পৰিৱেশ সৃষ্টি কৰি এক কাব্যিক ব্যঞ্জনাৰে গভীৰ জীৱনবোধৰ প্ৰকাশ কৰিছিল৷ ‘কাঠনিবাৰী ঘাট’, ‘বহুভুজী ত্ৰিভুজ’, ‘মই, পিপলি আৰু পূজা’, ‘এখন নদীৰ মৃত্যু’, ‘ৰাতি ফুলা ফুল’ আদি বৰাৰ প্ৰকাশিত গল্প সংকলন৷ যোগেশ দাস ৰামধেনু যুগৰ আন এগৰাকী প্ৰসিদ্ধ গল্পকাৰ৷ সহজ-সৰল আৰু সাৱলীল ভাষাৰে চহৰীয়া আৰু গাঁৱলীয়া জীৱনৰ পটভূমিত ৰচনা কৰা দাসৰ অধিক সংখ্যক গল্পই শিল্পগুণেৰে সমৃদ্ধ৷ তেওঁৰ আদিছোৱাৰ একাংশ গল্পত ফুটাই তোলা ব্যক্তিজীৱনৰ নৈতিক অধঃপতনৰ চিত্ৰ প্ৰত্যয়শীল আৰু চিত্তস্পৰ্শী৷ দাসৰ ‘গদাধৰ টি ষ্টল’, ‘কলপটুৱাৰ মৃত্যু’, ‘পূজাৰ ফুল’, ‘পৃথিৱীৰ অসুখ’ আদি গল্পৰ আবেদনশীলতা অবিস্মৰণীয়৷ ‘পপীয়া তৰা’, ‘আন্ধাৰৰ আঁৰে আঁৰে’, ‘ত্ৰিবেণী’, ‘হেজাৰ লোকৰ ভিৰ’, ‘পৃথিৱীৰ অসুখ’ আদি তেওঁৰ প্ৰকাশিত গল্পপুথি৷
এই যুগৰ আন এজন বিশিষ্ট কথাশিল্পী হ’ল সৌৰভ কুমাৰ চলিহা৷ আন গল্পকাৰসকলতকৈ কিছু পৃথক বিষয়বস্তু আৰু প্ৰকাশভংগীৰ অভিনৱত্বৰে আধুনিক নগৰকেন্দ্ৰিক জীৱনৰ নিঃসংগতা, বিচ্ছিন্নতা, অন্তঃসাৰশূন্যতাৰ বুদ্ধিদীপ্ত প্ৰকাশ ঘটিছে এওঁৰ গল্পত৷ তেওঁ ৰামধেনু আলোচনীখনত ‘অশান্ত ইলেক্ট্ৰন’ নামৰ গল্পটোৰে গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল৷ ‘বীণা কুটিৰ’, ‘গোলাম’, ‘এহাত ডবা’ আদি তেওঁৰ প্ৰধান গল্প৷ ব্যঞ্জনাত্মক বিন্যাস ৰীতি, প্ৰতীক-চিত্ৰকল্পৰ প্ৰয়োগ, দৃষ্টিৰ অন্তৰ্মুখিতা আৰু মনস্তাত্ত্বিক বিশ্লেষণ আদিৰ সংযোগত চলিহাৰ গল্পই প্ৰকৃতাৰ্থত আধুনিকতাবাদী গল্পৰ ৰূপ পৰিগ্ৰহ কৰিছে৷ ‘অশান্ত ইলেক্ট্ৰন’, ‘দুপৰীয়া’, ‘গোলাম’, ‘এহাত ডাবা’ আদি চলিহাৰ উল্লেখযোগ্য গল্পপুথি৷
ভবেন্দ্ৰ নাথ শইকীয়াই ‘পথ নিৰুপমা’ গল্পৰে নিজৰ গল্পকাৰ জীৱন আৰম্ভ কৰি ‘গ্ৰহণ’, ‘গহ্বৰ’, ‘প্ৰহৰী’, ‘অসুখ’, ‘এন্দুৰ’, ‘ঢোৰাসাপ’ আদি উৎকৃষ্টতম গল্প লিখি অসমীয়া গল্পসাহিত্যৰ ভঁৰাল চহকী কৰে৷ মহেন্দ্ৰ বৰাৰ মতে এওঁৰ গল্পত ‘ডিটেইলছৰ ধাৰ নিছিগা স্ফুৰণ’ পোৱা যায়৷ শইকীয়াৰ প্ৰকাশিত গল্পপুথিসমূহ হ’ল–‘প্ৰহৰী’, গহ্বৰ’, ‘বৃন্দাবন’, ‘সেন্দূৰ’, ‘শৃংখল’, ‘ভবেন্দ্ৰ নাথ শইকীয়াৰ শ্ৰেষ্ঠ গল্প’, ‘সান্ধ্য ভ্ৰমণ’ ইত্যাদি৷ তেওঁ ‘সেন্দূৰ’ পুথিৰ বাবে ‘প্ৰকাশন পৰিষদ বঁটা’ আৰু ‘শৃংখল’ৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে৷ বৌদ্ধিক দুখ আৰু বিষাদ তথা সামাজিক যন্ত্ৰণাই সৃষ্টি কৰা যন্ত্ৰণা আৰু ক্ৰোধৰ বহিপ্ৰৰ্কাশ ঘটিছিল হোমেন বৰগোহাঞিৰ গল্পত৷ ‘ইস্মাইল শেখৰ সন্ধানত’, ‘ভয়’, ‘এপিটাফ’, ‘ধুমুহা’, ‘হাতী’, ‘আনন্দৰ উৎস’, ‘শূন্যতা’ আদি এওঁৰ উৎকৃষ্টতম গল্পবোৰৰ একোটা৷ ‘বিভিন্ন কোৰাছ’, ‘প্ৰেম আৰু মৃত্যুৰ কাৰণে’ আদি বৰগোহাঞিৰ উল্লেখযোগ্য গল্পপুথি৷ ‘এদিন’ নামৰ উপন্যাসেৰে সাহিত্যত আত্মপ্ৰকাশ কৰা চন্দ্ৰপ্ৰসাদ শইকীয়াৰ গল্পত আদৰ্শপৰায়ণতা আৰু মানৱীয় প্ৰমূল্য অন্বেষী চৰিত্ৰ সৃষ্টিৰ প্ৰৱণতা লক্ষ্য কৰা হয়৷ শইকীয়াৰ চৰিত্ৰ চিত্ৰণত অন্তদৃৰ্ষ্টি আৰু পৰ্যবেক্ষণশীলতাৰ পৰিচয় পোৱা যায়৷ ‘মায়ামৃগ’, ‘নাচপতি ফল’, ‘অংগীকাৰ’ আদি তেওঁৰ প্ৰকাশিত গল্প সংকলন৷
এই সময়ৰে আন এগৰাকী গল্পকাৰ ৰোহিণী কাকতিৰ গল্পত সমসাময়িক মধ্যবিত্ত শ্ৰেণীৰ জীৱন চিত্ৰণ আৱেদনশীল৷ ‘এজাক এন্ধাৰ’ আৰু ‘কুৎসিৎ’ তেওঁৰ দ্বাৰা ৰচিত আৰু প্ৰকাশিত গল্পপুথি৷ এই সময়ছোৱাত প্ৰতিষ্ঠা লাভ কৰা গল্পকাৰ বীৰেশ্বৰ বৰুৱাৰ প্ৰকাশিত গল্পপুথি– ‘প্ৰথম ৰাগিণী’, ‘নীলিমাৰ মন’, ‘বনহৰিণী’, ‘প্ৰাচীৰ আৰু প্ৰতিচ্ছবি’ ৷ বৰুৱাৰ গল্প কোৱা ৰীতিত বৈচিত্ৰ্য আছে৷ তেওঁৰ একাংশ গল্পত ৰোমাণ্টিক চেতনাৰ প্ৰকাশ মন কৰিবলগীয়া৷ দুই-এটা গল্প ৰূপকধৰ্মীও৷
বৰ্তমানলৈকে গল্প ৰচনা কৰি থকা এই সময়ৰ এজন উল্লেখযোগ্য গল্পকাৰ হ’ল লক্ষ্মীনন্দন বৰা৷ ‘দৃষ্টি ৰূপক’, ‘মন-মাটি-মেঘ’, ‘অচিন কইনা’, ‘কঠিন মায়া’, ‘মাজত তৃষাৰ নৈ’, ‘গোপন গধূলি’, ‘এৰাবাৰীৰ লেছেৰী’ আদি লক্ষ্মীনন্দন বৰাৰ প্ৰকাশিত গল্পপুথি৷ তেওঁৰ গল্পত অসমৰ গ্ৰাম্য সমাজ জীৱনৰ চিত্ৰ সম্যকভাৱে প্ৰতিফলিত হৈছে৷ ৰামধেনু যুগৰ গল্পকাৰ স্নেহ দেৱীৰ গল্পত প্ৰাত্যহিক ঘটনাৰ মাজেদি একোটা আদৰ্শ ৰূপায়ণ কৰাৰ আগ্ৰহ চকুত পৰে৷ ‘স্নেহ দেৱীৰ গল্প’, ‘স্নেহ দেৱীৰ একুঁকি গল্প’ আদি তেওঁৰ উল্লেখযোগ্য গল্প সংকলন৷ ঠিক সেইদৰে নিৰুপমা বৰগোহাঞিৰ গল্পত দেখা যায় নাৰীমনৰ মুক্ত প্ৰকাশ আৰু গ্ৰাম্য জীৱনৰ চিত্ৰ৷ তেওঁৰ গল্পৰ উপস্থাপন ৰীতি পোন, ভাষা সাৱলীল৷ ‘অনেক আকাশ’, ‘জলছবি’, ‘কাশীলৈ দূৰ নহয়’ আদি তেওঁৰ প্ৰকাশিত গল্পৰ পুথি৷ এই যুগৰ আন এগৰাকী ব্যতিক্ৰমধৰ্মী গল্পকাৰ হ’ল অপূৰ্ব শৰ্মা৷ চেতনাস্ৰোত ধাৰাৰে লিখা এওঁৰ গল্পসমূহত ঘাইকৈ ব্যক্তিৰ মনোদ্বন্দ্বক প্ৰধান উপজীব্য কৰি লোৱা হৈছিল৷ ‘শুভবাৰ্তা’, ‘নিনাদ’, ‘বাহিৰলৈ যোৱা বাট’, ‘হলধৰ’ আদি এওঁৰ উল্লেখযোগ্য গল্প৷
ৰামধেনু যুগতে নগেন শইকীয়ায়ো আংগিকৰ প্ৰতি সজাগ দৃষ্টি নিক্ষেপ কৰি গল্প ৰচনাত ব্ৰতী হৈছিল৷ ‘আন্ধাৰত নিজৰ মুখ’, ‘মজিদ চাৰ ঢুকাল’, ‘অন্তিম অপেক্ষা’ আদি এওঁৰ উৎকৃষ্ট গল্পবোৰৰ উদাহৰণ৷ ‘অপাৰ্থিৱ পাৰ্থিৱ’, ‘অস্তিত্বৰ শিকলি’, ‘আন্ধাৰত নিজৰ মুখ’ আদি শইকীয়াৰ উল্লেখযোগ্য গল্পপুথি৷ তেওঁৰ গল্পত আংগিকৰ চমৎকাৰিত্ব আৰু চৰিত্ৰৰ অন্তদ্বৰ্ন্দ্বৰ ৰূপায়ণ মন কৰিবলগীয়া৷ তেওঁৰ একাংশ গল্পত অস্তিত্ববাদী দৰ্শনৰ প্ৰভাৱ সুস্পষ্ট৷ পাছলৈ ঔপন্যাসিক হিচাপে চিহ্নিত হোৱা মামণি ৰয়ছম গোস্বামীয়েও এই সময়তে গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল৷ নাৰীৰ মনস্তত্ত্বৰ লগতে নাৰী মুক্তিৰ চেতনা মানৱীয় দৃষ্টিভংগীৰে প্ৰকাশ পাইছিল এওঁৰ গল্পত৷
এই সময়ত প্ৰতিষ্ঠা লাভ কৰা গল্পকাৰ নিৰোদ চৌধুৰী, ইমৰান শ্বাহ, অণিমা দত্ত, অৰুণ গোস্বামী, কুমুদ গোস্বামী, অতুলানন্দ গোস্বামী, মেদিনী চৌধুৰী, পদ্ম বৰকটকী, বীৰেশ্বৰ বৰুৱা, ছাইদুল ইছলাম, নীলিমা শৰ্মা, ভুবনমোহন মহন্ত, মহেন্দ্ৰ বৰঠাকুৰ, প্ৰবীণা শইকীয়া, কেশৱ শইকীয়া, গোবিন্দ প্ৰসাদ শৰ্মা, সদা শইকীয়া, হৰেকৃষ্ণ ডেকা, কামাখ্যা সভাপণ্ডিত, পেলেন বৰকটকী, ত্ৰৈলোক্য ভট্টাচাৰ্য, ৰিজু হাজৰিকা, কুমাৰ কিশোৰ আদিয়েও বিভিন্ন গল্প লিখি অসমীয়া গল্প সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে বা সমৃদ্ধ কৰিছে৷
এই সময়ৰ গল্পসমূহৰ প্ৰধান বৈশিষ্ট্যসমূহ এনেদৰে লিপিবদ্ধ কৰিব পাৰি–
ক) সামাজিক দায়বদ্ধতা সমাজ সচেতনৰ মূৰ্ত প্ৰকাশ৷
খ) মানৱিক চেতনাৰ গুৰুত্ব অধিক৷ মূলতঃ উদাৰনৈতিক মানৱতাবাদী দৃষ্টিভংগীৰ পৰিৱৰ্তে মনঃসমীক্ষাত্মক মানৱতাবাদ আৰু বাস্তৱবাদী মানৱতাবাদৰ প্ৰচাৰ৷
গ) কলাসন্মত ৰূপত পৰোক্ষভাৱে নাৰী মুক্তিৰ বাণীৰ প্ৰচাৰ৷
ঘ) ব্যংগাত্মক ধাৰা এটায়ো গঢ় লৈ উঠিছিল৷ ই বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে৷
ঙ) মানৱীয় মনস্তত্ত্বৰ সাৰ্থক প্ৰকাশ৷
চ) অভিব্যক্তিবাদ, অধিবাস্তৱবাদ, প্ৰগতিবাদ আদিৰ দৰে অন্যান্য মতবাদৰ সাৰ্থক প্ৰকাশ, ইত্যাদি৷
ছ) নৰ-নাৰীৰ জৈৱিক কামনা-বাসনা, মৃত্যু স্পহা আদিৰ সৰস চিত্ৰণ৷
শেষত এই সময়ছোৱাৰ অসমীয়া চুটিগল্প সম্পৰ্কে শৈলেন ভৰালীৰ ভাষাৰে ক’ব পাৰি– ‘‘সমকালীন জীৱনৰ দ্বন্দ্ব গল্পৰ মাজেদি ৰূপায়িত হ’ল৷ আঙ্গিকৰ অভিনৱত্বৰ প্ৰতিও গল্পকাৰসকলে মনোযোগ দিলে৷’’
(ক্ৰমশঃ)