সেই সুকোমল দৃঢ় পৰশটো
লেখক- ডা° মুনীন্দ্ৰ কুমাৰ চৌধাৰী
চিকিৎসক হিচাপে আমি অনেক বিচিত্ৰ অভিজ্ঞতাৰ সন্মুখীন হওঁ। কিছুমান ঘটনা–পৰিঘটনাই জীৱনটো বিস্বাদময় কৰি তোলে আৰু কিছুমান ঘটনাই মনত বহুদিনলৈ প্ৰশান্তিৰ জিৰজিৰ নিজৰা বোঁৱাই ৰাখে। চিকিৎসক হিচাপে মই ভাগ্যশালী যে মোৰ জীৱনত মধুৰ অভিজ্ঞতাৰ সংখ্যাই অধিক। আজি চিকিৎসক দিৱসৰ দিনাখন তেনে এটি ঘটনাৰ কথাই ক’বলৈ ওলাইছো।
দুবছৰমান আগৰ কথা। আবেলি ৪মান বজাত দুগৰাকী মহিলা উৎকণ্ঠিতভাৱে চেম্বাৰলৈ সোমাই আহিল। এগৰাকীৰ কোলাত কেঁচুৱা এটা, গোটেই দেহাটো কাপোৰেৰে আবৃত। লগত অহাগৰাকীয়ে ক’বলৈ আৰম্ভ কৰিলে,
– ছাৰ, জন্মৰ পিছদিনাৰ পৰাই কেঁচুৱাটোৰ ঘাঁ হ’বলৈ আৰম্ভ কৰিছিল আৰু এতিয়া গোটেই শৰীৰতে বিয়পি পৰিছে।
মই দেখুৱাবলৈ কোৱাত কাপোৰখিনি আঁতৰাই দিলে। এক মুহূৰ্তৰ বাবে মই চমকি উঠিলো। ক’ব নোৱাৰাকৈয়ে মুখৰপৰা ওলাই গ’ল,
– আপোনালোক কি মানুহহে? এই অৱস্থা কৰি বাচ্চাটোক মোৰ ওচৰলৈ লৈ আহিছে! বয়স কিমান?
– ছাৰ, আজি তেৰদিনত সোমাইছে । গাঁৱলীয়া মানুহ আমি। তিনিদিন আইৰ সকাম কৰিলো। পানী জাৰি খুৱালো। দিনকদিনে বেছিহে হ’ব ধৰাত আজি কলিয়াবৰৰপৰা লৈ আহিছোঁ।
খং এটা উঠি আহিছিল, কোনোমতে সম্বৰণ কৰিলো। আমাৰ মানুহবোৰৰ ‘আই’ হৈছে বুলি কোৱাটো এটা মেনিয়া। শৰীৰত ঘাঁ, ফোঁহা বা পানীজোলা জাতীয় যিকোনো কিবা এটা হ’লেই বসন্ত ওলাইছে বুলি নিজে নিজে ডায়াগ্ন’চিছ কৰি লয়। শেষত উপায় নাপাই ডাক্তৰৰ ওচৰলৈ লৈ আহে।
এই তেৰদিনীয়া কেঁচুৱাটোক লৈ মই কি কৰো এতিয়া? ইমানেই বেয়াকৈ ইনফেকছন হৈছে যে চকুমুখৰ যেন চিনেই নাইকিয়া হৈ গৈছে ৷ লাহে লাহে মই ক’লো,
– চাওক, ইমান কম বয়সীয়া কেঁচুৱাটো আচলতে এজন শিশুৰোগ বিশেষজ্ঞই চালেহে বেছি ভাল হ’লহেঁতেন নেকি?
– নিছিলো ছাৰ । তেখেতে ক’লে “এহ্ !গোটেইটো পঁচাই মেলি এতিয়া আনিছে– মই একো কৰিব নোৱাৰো। ৰাখে যদি চিভিল হস্পিতালত ভৰ্তি কৰি দিয়কগৈ।” আচলতে ছাৰ কিবা হৈ যাব বুলি তেখেতে ভয় কৰিছে । আমিও ছাৰ আশা প্ৰায় এৰিয়েই দিছো। তথাপি আপুনি এবাৰ চেষ্টা কৰি চাব নেকি? বেয়া কিবা এটা ঘটিলেও আমি অকণো দোষ নিদিও আপোনাক৷”
মূৰতুলি চালোঁ। দুহালি বিষাদগ্ৰস্ত চকুৱে মোলৈ আকূতিৰে চাই আছে। কাপোৰখিনি সম্পূৰ্ণকৈ আঁতৰাই কেঁচুৱাটোক ভালকৈ পুনৰ নিৰীক্ষণ কৰিলোঁ। মাকক সুধিলো,
– কেঁচুৱাটোৱে আপোনাৰ গাখীৰ খাই আছেনে?
– হয় ছাৰ, খাই আছে ।
অলপ সাহস পালোঁ । লাহে লাহে তেওঁলোকক ক’লো,
– মই চিকিৎসা কৰিম বাৰু । কিন্তু মোৰ দুটা কথা আপোনালোকে মানিব লাগিব। আজিৰপৰা দহদিনৰ মূৰত যদিহে কেঁচুৱাটো ঠিকে থাকে তেনেহ’লে তাক চেক্ আপত আনিব লাগিব। দ্বিতীয়তে, যদিহে গাখীৰ খাব নোৱাৰা হৈ যায়, তেতিয়া তৎক্ষণাৎ তাক হস্পিটেলত ভৰ্তি কৰাব লাগিব ৷
– হ’ব ছাৰ ৷ আমি বুজি পাইছোঁ ৷
যথেষ্ট সময় ভাবিচিন্তি প্ৰেচক্ৰিপচন লিখি তেওঁলোকক বুজাই দিলো৷ যেনেকৈ কৈছো আখৰে আখৰে মানি চলিবলৈ বাৰে বাৰে সকীয়াই দিলো। ধন্যবাদ জনাই কৃতজ্ঞচিত্তে তেওঁলোক ওলাই গ’ল ।
এদিন দুদিনকৈ চাৰিদিন পাৰ হ’ল । এই কেইদিনত বহুতো নতুন আৰু তাৰ ভিতৰত কিছুমান বৰ জটিল ৰোগীৰো চিকিৎসা কৰিলোঁ। কিন্তু প্ৰায়েই অকনমাণিটোৰ ইনফেকছনেৰে ভৰা মুখখন মনলৈ আহি থাকিবলৈ ল’লে।
মই ক’ব নোৱাৰাকৈয়ে দিনবোৰ গণিবলৈ আৰম্ভ কৰিলোঁ । ৮ দিন–৯–১০–১১ দিন। হাৰে! কেঁচুৱাটোক লৈ নাহিলে কিয়? আকৌ দুদিন বাট চালো। নাই, কোনো খবৰ নাই। বিষাদেৰে মনটো ভৰি গ’ল। বোধহয় শেষ ৰক্ষা নহ’ল। সময় কাৰো বাবে ৰৈ নাথাকে। ময়ো হস্পিটেল, চেম্বাৰ, ঘৰ– বজাৰ আদিত ব্যস্ত হৈ পৰিলো।
কিছুদিন পিছত এদিন আবেলি আকৌ মহিলা দুগৰাকী আহিল। মাকজনীৰ কোলা খালী আৰু লগৰজনীৰ কোচত নোদোকা কেঁচুৱা এটা। কিবা এটা অপৰাধবোধেৰে মনটো ভৰি পৰিল। মাকৰ চকুৱে চকুৱে চাবলৈ যেন সাহসেই কৰিবপৰা নাই । কোনোমতে সুধিলো,
– ভালে আছে?
তেওঁ উৎসাহেৰে ক’লে,
– হয় ছাৰ, আছো। সিদিনাখন যে আপোনাৰপৰা কেঁচুৱাটোৰ চিকিৎসা লৈ গ’লো, পিছদিনাখনৰ পৰাই আচৰিতধৰণে তাৰ ৰোগটো কমিবলৈ আৰম্ভ কৰিলে। আপুনি দহদিনৰ দিনাখন আনিবলৈ কৈছিল, মনত পৰি আছিল ছাৰ। কিন্ত ভাবিলো যে কমি আহিছেই যেতিয়া একেবাৰে মাহেকীয়াটো পাতি লও, তাৰপিছত ছাৰৰ ওচৰলৈ যাম। এনেকৈ থাকোতে থাকোতে আৰু দহদিন পাৰ হৈ গ’ল ।
অধৈৰ্য্য হৈ সুধিলো,
– কিন্তু কেঁচুৱাটোক কিয় লৈ নাহিলে?
মানুহ গৰাকীয়ে মিচিকিয়াই হাঁহিলে আৰু ক’লে,
– অ’ ছাৰে ধৰিবই পৰা নাই ৷ এইটো দেখোন বৰমাকৰ কোচত খেলি আছে। “আহা সোণটো, ছাৰৰ ওচৰলৈ আহা” বুলি কাষৰ মহিলাগৰাকীৰ কোলাৰ পৰা কেঁচুৱাটো নিজৰ কোলালৈ আনিলে।
এইবাৰ মোৰ আচৰিত হোৱাৰ পাল। মই মনে মনে হিচাপ কৰি দেখিলো যে বেবীটো আজিৰ দিনত এমাহ দহদিনীয়া, দেখাত কিন্তু বেছি যেন লাগে। চেহেৰাটো থোলোকা আৰু মৰমলগা। গালেমুখে হাত বোলাই মৰম কৰিলোঁ। সি স্থিৰ দৃষ্টিৰে মোলৈ চালে আৰু তাৰ অকণমানি হাতখনেৰে মোৰ বাওঁহাতৰ তৰ্জনী আঙুলিটো ধৰি ল’লে। এটা মাখন কোমল পৰশ। তেনেকৈ থাকিয়েই মই তেওঁলোকৰ লগত কথা পাতিলো আৰু জিংক বেছিকৈ থকা ভিটামিন ড্ৰপটো আৰু দুমাহমান খুৱাবলৈ দিলোঁ।
মাত লগাই তেওঁলোক যাবলৈ ওলাল । বৰমাক গৰাকীয়ে ক’লে,
– অ’ তাক চোৱা, ছাৰৰ আঙুলিটো এৰি দিয়াই নাই।
মই তাক অলপ মৰম কৰি আঙুলিটো মুক্ত কৰিব খুজি গম পালো যে সি যেন এইবাৰ আঙুলিটো আগতকৈ অলপ দৃঢ়ভাৱে ধৰিছে। এইবাৰ মাকে ক’লে,
– আচলতে কি জানে ছাৰ, তাৰ অন্তৰাত্মাই চাগে কৈছে যে এখেতৰ কাৰণেই তই নতুনকৈ জীৱন পালি ।
বেবীটোলৈ চালো। আকৌ আমাৰ চকুৱে চকুৱে মিলিল। মাত্ৰ চল্লিছদিনীয়া কেঁচুৱা এটাৰ দৃষ্টি ইমান স্থিৰ হয়নে!
মাকে অলপ জোৰ দি তাৰ হাতখন মোৰ আঙুলিটোৰপৰা এৰুৱাই ল’লে আৰু ক’লে,
– আমি আকৌ আহিম নহয় সোণটো। তেতিয়া ছাৰে তোমাক আকৌ মৰম কৰিব দেই।
কৈ কৈ তেওঁলোক ওলাই গ’ল।
মই কিছুসময় মৌন হৈ ৰ’লোঁ। প্ৰকাশ কৰিব নোৱাৰা এক আনন্দৰ ঢৌৱে মনটো ধুৱাই দিলে। চিকিৎসক জীৱনৰ প্ৰকৃত মাদকতা আকৌ এবাৰ যেন নতুনকৈ অনুভৱ কৰিলোঁ ।
এতিয়াও কেতিয়াবা যদি নিজস্ব নিজানত গভীৰভাৱে ভাবো, সেই মাখন কোমল দৃঢ় পৰশটো অনুভৱ কৰোঁ। এক অনাবিল প্ৰশান্তিত হৃদয় জুৰ পৰি যায়৷
(১ জুলাই, চিকিৎসক দিৱস উপলক্ষে)