প্ৰখ্যাত ভূগোলবিদ তথা বিশিষ্ট পৰিৱেশ কৰ্মী ড° অৱনী কুমাৰ ভাগৱতীৰ সৈতে সাক্ষাৎকাৰ

সাক্ষাৎকাৰ গ্ৰহণ- অভিজিত দত্ত, মৃদুল কুমাৰ শৰ্মা আৰু বিকাশ দত্ত

‘সাহিত্য ডট অৰ্গ’ৰ এই সংখ্যাৰ সাক্ষাৎকাৰৰ বাবে এইবাৰ সাক্ষাৎ কৰা হৈছিল প্ৰখ্যাত ভূগোলবিদ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন কৰি অসম তথা ভাৰতবৰ্ষলৈ বিশেষ অৱদান আগবঢ়োৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অধ্যাপক ড° অৱনী কুমাৰ ভাগৱতীৰ। তেখেতৰ অধ্যয়নৰ ক্ষেত্ৰ তথা ব্যক্তিত্বৰ বিভিন্ন দিশ উদ্ভাসিত হৈছে নিম্নোক্ত সাক্ষাৎকাৰটিত। এগৰাকী বিশিষ্ট পৰিৱেশ কৰ্মী তথা গ্ৰন্থকাৰ হিচাপেও ড° ভাগৱতী অসমৰ ছাত্ৰ সমাজ তথা পাঠক সমাজৰ মাজত জনপ্ৰিয়। সাহিত্য ডট অৰ্গৰ হৈ উক্ত সাক্ষাৎকাৰ গ্ৰহণ কৰিছে অভিজিত দত্ত, মৃদুল কুমাৰ শৰ্মা আৰু বিকাশ দত্তই। সাক্ষাৎকাৰৰ অনুলেখন কৰিছে মণ্টু বৰঠাকুৰ, তুষাৰ ৰঞ্জন আৰু লক্ষ্যজ্যোতি নাথে।

সাহিত্য ডট অৰ্গ: নমস্কাৰ ছাৰ। আজিৰ এই সাক্ষাৎকাৰৰ বাবে আমাক সময় দিয়া বাবে আপোনাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এগৰাকী ভূগোলবিদ তথা প্ৰকৃতিবিদ হিচাপে আপুনি সমৃদ্ধি লাভ কৰিছে। একেদৰে জৈৱ বৈচিত্ৰ্যৰ ওপৰতো আপোনাৰ পাণ্ডিত্য সৰ্বজনবিদিত। প্ৰকৃতি আৰু পৰিবেশৰ প্ৰতি আপুনি আকৃষ্ট হৈ পৰাৰ সেই ক্ষণ হয়তো আৰম্ভ হৈছিল আপোনাৰ শৈশৱৰ পৰাই। এই বিষয়ে অনুগ্ৰহ কৰি আমাক অলপ জনাবনে? 

অৱনী কুমাৰ ভাগৱতী: মোৰ জন্ম হৈছিল বৰ্তমান নলবাৰী জিলাৰ অন্তৰ্গত কৈঠালকুছি গাৱঁত। কৈঠালকুছি গাৱঁত প্ৰায় দহটামান চুবুৰী আছে। আমাৰ চুবুৰীটোৰ নাম হ’ল ভাগৱতীপাৰা। সেই সময়ত আমাৰ ঠাইখন বৰ ভিতৰুৱা অঞ্চল আছিল। মোৰ শৈশৱৰ স্মৃতি বিজড়িত হৈ থকা আমাৰ গাঁওখন প্ৰাকৃতিক সম্পদেৰে ঠাহ খাই আছিল। কি নাছিল আমাৰ গাঁৱত! বিল, নদী, ধাননি পথাৰ, ফল মূলৰ গছ, ফুলগছ আদিৰে আমাৰ গাঁওখন নদন -বদন হৈ আছিল। গাঁৱৰ বাসিন্দাসকলৰ বাৰীত বিভিন্ন ধৰণৰ গছ-গছনি আছিল। সেই গছ-গছনিবোৰত বিভিন্ন চৰাই-চিৰিকতি, সাপ আদিয়ে বাস কৰিছিল। গাঁৱৰ বাৰীবোৰত শিয়াল, বনৰীয়া শহাপহু আদিও আছিল। আমাৰ গাঁৱৰ বাৰীত এসময়ত বনৰীয়া গাহৰিও আছিল বুলি গাঁৱৰ বয়সস্থ লোকসকলে আমাক জনাইছিল। বাৰিষা বানপানী হ’লে উত্তৰ ফালৰ পৰা আমাৰ গাঁৱলৈ হৰিণা পহু উটি আহিছিল। আমাৰ গাঁৱত অৱস্থিত সৰু নদীখনৰ নাম হ’ল ‘কাণাই খুন্দা’। সেই ‘কাণাই খুন্দা’ নৈৰ পৰা পূব দিশত আন এখন নদী আছিল। সেই নদীখন আছিল বুঢ়াদিয়া। এই ‘কাণাই খুন্দা’ নামৰ সৰু নৈখন বুঢ়াদিয়াত পৰিছে। এই বুঢ়াদিয়া আকৌ আগুৱাই গৈ ব্ৰহ্মপুত্ৰত পৰিছে। আমাৰ ঘৰৰ পৰা পশ্চিমে থকা আনখন নদী হ’ল মৰা পাগলাদিয়া।  সেই কাণাই খুন্দা’ নামৰ সৰু নৈখনৰে বাৰিষা শ হিচাপত শিহু আহিছিল। এই  নদীৰ পাৰে পাৰে আগুৱাই আমি শিহুবোৰ চাবলৈ যাওঁ। আমাৰ গাঁওখন হয়তো চৰাইবোৰৰ বৰ প্ৰিয় ঠাই আছিল। বিলত থকা বিলৰ চৰাই, নৈত থকা নৈৰ চৰাই, ওখ গছবোৰত থকা চৰাই, মানুহৰ ঘৰে ঘৰে থকা কপৌ, শালিকা আদি নানা চৰায়ে সদায়েই কিচিৰ-মিচিৰ শব্দেৰে আমাৰ গাঁওখন মধুময় কৰি তুলিছিল। আমি এনে ধৰণৰ এক সুন্দৰ জৈৱ-বৈচিত্ৰ্যৰে সমৃদ্ধ পৰিৱেশত বাস কৰিছিলোঁ। কেতিয়াবা আমাৰ বয়সৰ ল’ৰা- ছোৱালী পথাৰৰ ফালে ওলাই গ’লে আমি সুন্দৰ পৰিবেশ এটা প্ৰত্যক্ষ কৰিছিলোঁ। বিভিন্ন মাছ, চৰাই, সাপ, সন্ধিয়া শিয়াল আদি আমি তেতিয়া দেখিবলৈ পাইছিলো। সেই সময়ত ক’ৰবাত যদি আকৌ মৰা গৰু এটা পৰি থাকে তাৰ ওপৰত শগুন আহি যেন এখন ক’লা আচ্ছাদনৰহে সৃষ্টি কৰিছিল! শগুনবোৰে মৰা গৰু বিচাৰি নামি অহাৰ দৃশ্যটোও আমি উপভোগ কৰিছিলোঁ। চৰাই-চিৰিকতিৰ বাঁহবোৰ চাই আমি আনন্দ লাভ কৰিছিলোঁ। কেতবোৰ চৰাই আছিল গছৰ খোৰোঙত। আন কেতবোৰ চৰাইয়ে আকৌ গছৰ পাতত বাঁহ সাজিছিল। শেন আৰু আন কিছুমান ডাঙৰ চৰাইয়ে ওখ গছত বাঁহ বান্ধিছিল। এনেদৰে শৈশৱৰ সেই দিনবোৰত প্ৰকৃতিৰ মাজত থাকি আমি প্ৰতিটো মূহুৰ্ত উপভোগ কৰিছিলোঁ। মুঠতে আমি আমাৰ শৈশৱ এনে এক সুন্দৰ জৈৱ বৈচিত্ৰ্যৰ পৰিৱেশত পাৰ কৰিছিলোঁ। 

সাহিত্য ডট অৰ্গ: ছাৰ আপুনি যে ক’লে ‘কাণাই খুন্দা’ নামৰ নদীখন, নদীখন কোনোবা ‘কানাই’ নামৰ মানুহে খান্দিছিল নেকি বাৰু! 

অৱনী কুমাৰ ভাগৱতী: অ, সেইটো বৰ গুৰুত্বপূৰ্ণ কথা। আচলতে নদীখন য’ৰ পৰা খান্দি উলিয়াই নিয়া হৈছিল, তাৰ অলপমান আগতে থকা এখন ডাঙৰ পথাৰত পানী বন্ধ হৈ পৰিছিল। এই বন্ধ হৈ থকা পানীয়ে পথাৰখনৰ অনিষ্ট সাধন কৰিছিল। সেইবাবে প্ৰতিঘৰ মানুহে বাৰ ফুট দীঘল, তিনি ফুট দ আৰু পাঁচ ফুট বহলকৈ তাক খান্দিবলৈ আৰম্ভ কৰিলে। পিছলৈ ই সম্পূৰ্ণ নৈ এখনৰ ৰূপ পালে। এই খন্দা কামটোত এদিন কণা মানুহ এজনে কোৰ ধৰিছিল। সেই মানুহজনৰ নামেৰেই নদীখনৰ নামটো ‘কাণাই খুন্দা’ দিয়া হ’ল। এই নদী খন্দা কামটোত মোৰ পিতাৰো বেছ অৰিহণা আছে। তেওঁৰ নাম আছিল ভৱদেৱ ভাগৱতী। তেখেত আছিল চামতা হাইস্কুলৰ সংস্কৃতৰ শিক্ষক।  ১৯২৮-৩০ চনমানত পিতাই বেনাৰসত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ সংস্কৃতত কিতাপো লিখিছিল। তেখেতৰ এখন গ্ৰন্থৰ পাতনি লিখিছিল পণ্ডিতপ্ৰবৰ কৃষ্ণকান্ত সন্দিকৈদেৱে। কৃষ্ণকান্ত সন্দিকৈৰ লগত মোৰ পিতাৰ এক আন্তৰিক সম্পৰ্ক আছিল আৰু তেওঁলোকৰ মাজত চিঠি -পত্ৰৰ আদান প্ৰদান চলিছিল। পিতাই তেখেতৰ যোৰহাটৰ ঘৰলৈও গৈছিল। আমাৰ গাঁৱত ১৯৬০ চনতেই এখন ছোৱালী হাইস্কুল প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমাৰ পিতাই আগভাগ লৈছিল। আমাৰ গাঁৱৰ আৰু এজন শিক্ষাগুৰু আছিল শ্ৰদ্ধেয় ৰামচৰণ শৰ্মা। মোৰ পিতা আৰু শৰ্মাদেৱ সমাজকৰ্মী আছিল। গাঁৱৰ বাট-পথ নিৰ্মাণ কৰাকে ধৰি গাঁৱৰ উন্নয়নৰ ক্ষেত্ৰত দুয়োজনে বহু কাম সমাধা কৰিছিল। পিতা আৰু ৰামচৰণ শৰ্মাই এই নদী খন্দাৰ প্ৰস্তাৱটো দিছিল আৰু সেইবাবে এখন সমিতি গঠন কৰা হৈছিল। আমাৰ পিতা আৰু ৰামচৰণ শৰ্মাদেৱ এই সমিতিখনৰ সম্পাদক আছিল। গঞাক সদায় সহায়ৰ হাত আগবঢ়াইছিল পিতা আৰু শ্ৰদ্ধেয় শৰ্মাই। আচলতে সেই সময়ছোৱাত গ্ৰাম্যাঞ্চলত থকা শিক্ষকসকলে নকৰা কাম একোৱেই নাছিল। বিদ্যালয়ত শিক্ষা প্ৰদান কৰাৰ পৰা গাঁৱত কাৰোবাৰ কাজিয়া হ’লে তাৰ মীমাংসা কৰা, চৰকাৰী অনুদানৰ প্ৰয়োজন হলে তাৰ দৰ্খাস্ত লিখা, গঞাক চিঠি-টেলিগ্ৰাম আদি লিখি দিয়া আদি বিভিন্ন ধৰণৰ কামবোৰ সেই সময়ত শিক্ষকসকলেই সম্পাদন কৰিছিল। আমাৰ পিতা আৰু প্ৰখ্যাত শিক্ষক ৰামচৰণ শৰ্মাৰ নেতৃত্বত সমগ্ৰ অঞ্চলৰ লোকসকল একেলগ হৈ নদীখন খান্দিবলৈ আগবাঢ়িছিল। সেইসময়ত সেইয়া এখন সৰু জানৰ দৰে আছিল। পিছে এতিয়া সেই সৰু জানটোৱে পূৰ্ণাঙ্গ নদী এখনৰ ৰূপ পালে। 

সাহিত্য ডট অৰ্গ: ছাৰ এগৰাকী সংৰক্ষণবিদ হিচাপে আপুনি বেছ জনপ্ৰিয়। সৌ তাহানিৰ চিঠি অথবা বিভিন্ন লেখা সংগ্ৰহ কৰি সংৰক্ষণ কৰাটো আপোনাৰ এক বিশেষ চখ। মহম্মদ তাহেৰ ছাৰৰ বিষয়ে কিতাপ এখন প্ৰকাশ কৰাৰ ক্ষেত্ৰত আপুনি বহু পুৰণি চিঠি পত্ৰ আৰু মূল্যবান তথ্যপাতি যোগান ধৰিছিল বুলি আমি জানিব পাৰিছোঁ। কৃষ্ণকান্ত সন্দিকৈ, ৰামচৰণ শৰ্মা আৰু আপোনাৰ পিতাৰ লগত থকা আপোনাৰ সম্পৰ্কৰ কিবা চিঠি পত্ৰ আদি আপুনি সংৰক্ষণ কৰি থৈছে নেকি? এনেধৰণৰ সংৰক্ষণ কৰা আপুৰুগীয়া সামগ্ৰী তথা আপুনি গাঁৱত লাভ কৰা বিভিন্ন অভিজ্ঞতাই আপোনাৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছে? 

অৱনী কুমাৰ ভাগৱতী: হয়, মই সংৰক্ষণ কৰি বৰ ভাল পাওঁ। আচলতে তোমালোকে ঠিকেই কৈছা। তোমালোকক কথা এটা কওঁ। আমাৰ চুবুৰীটোৰ এফালে বামুণ মানুহ আছে আৰু আনফালে ৰাজবংশী মানুহ আছে। এবাৰ শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰে আমাৰ গাঁৱৰ বামুণ আৰু ৰাজবংশীসকলৰ সামূহিক অৱস্থানৰ কথাটো জানি মই ৰাজবংশী মানুহখিনিৰ পৰা কি শিকিছো সেইবিষয়ে মোৰ পৰা জানিব বিচাৰিলে। মই ছাৰক ক’লো যে মই এখন ভৰানদী সাঁতুৰি পাৰ হ’ব জানো, মই যিকোনো গছত উঠিব জানো, মই দা-কুঠাৰ বা কোদালৰ কাম জানো, মই এডাল সাপ ওলালে অলপো ভয় নকৰোঁ। সেই সময়ত মোৰ লগৰ দুটামান ৰাজবংশী সম্প্ৰদায়ৰ লগৰীয়াই নেজত ধৰি সাপডাল ঘূৰাই দিছিল। আমি যেতিয়া মাছ ধৰিবলৈ  চেপা পাতিছিলো, সেই চেপাত কেতিয়াবা মাছৰ সতে সাপো সোমাই থাকে। সেই সাপ আৰু মাছ থকা চেপাটো আমি দাঙি আনো। পিছত চেপাটোৰ পৰা মাছ উলিয়াই দিয়াৰ সময়ত সাপডালো ওলাই আহে যদিও সেই দৃশ্যই আমাক বিতত কৰি তুলিব নোৱাৰে। এনেবোৰ বহু কথা মই এই ৰাজবংশী সম্প্ৰদায়ৰ লোকসকলৰ স’তে থাকি শিকিছিলোঁ বুলি ছাৰক জনাইছিলো আৰু ছাৰে মোৰ কথা শুনি বৰ ৰস পাইছিল। মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱালৈকে আমাৰ ঘৰত গৰু আছিল।  আমাৰ গাই এজনীক মই সদায় দুপৰীয়া চৰাবলৈ লৈ গৈছিলো। মোৰ পিতা শিক্ষক হোৱা বাবে মোক গৰু চৰাবলৈ নিদিয়ে। পিছে আমাৰ গাইজনীক চৰাব লাগে বুলি মই বুদ্ধি কৰি গাইজনীক লৈ পথাৰলৈ যাওঁ। পথাৰত মই যেতিয়া ৰাজবংশী সম্প্ৰদায়ৰ ল’ৰাবোৰক লগ পাওঁ, তেতিয়া আমাৰ গাইজনীক তেওঁলোকৰ গৰুবোৰৰ সতে এৰি দি মই তেওঁলোকৰ সঙ্গসুখ লাভ কৰোঁ। তেওঁলোকৰ সতে সময় অতিবাহিত কৰি মই বৰ আমেজ পাইছিলো আৰু তেওঁলোকৰ পৰা বিভিন্ন কথা শিকাৰ সুযোগ পাইছিলো। মঙ্গলদৈৰ ফালে যেনেদৰে ‘নাঙেলী গীত’ প্ৰচলিত হৈ আছে, তেনেদৰে বিভিন্ন গৰখীয়া গীতো মই ৰাজবংশী সম্প্ৰদায়ৰ মোৰ লগৰীয়াসকলৰ মুখত শুনি আনন্দিত হৈছিলোঁ। ৰাজবংশী লোকসকলৰ খেতিবাতি আছিল, গৰু গাড়ী আছিল। তেওঁলোকৰ জীৱন প্ৰণালীও অলপমান বেলেগ ধৰণৰ আছিল। বেছিভাগ ৰাজবংশী ল’ৰা মোৰ বৰ ভাল বন্ধু আছিল আৰু তেওঁলোকে জীৱনত বিভিন্ন অভিজ্ঞতা সংগ্ৰহ কৰাৰ ক্ষেত্ৰত মোলৈ যথেষ্ট অৱদান আগবঢ়াইছিল। 

অ, আৰু এটা বেছ ভাল লগা কথা মনত পৰিছে। আমাৰ চুবুৰীত ৰাজবংশীসকলৰ দহ-বাৰটামান পৰিয়াল আছিল। তেওঁলোকৰ মাজত এটা ওজাপালি আৰু এটা ঢুলীয়াৰ দল আছিল। তোমালোকে নিশ্চয় জানা যে কৈহাটীৰ ঢুলীয়া জগত বিখ্যাত। আমাৰ জোৱাতীৰ ঢুলীয়াও সেই সময়ত বেছ বিখ্যাত হৈ পৰিছিল। সেই ঢুলীয়াসকলৰ ‘বাইন’জন আছিল আমাৰ গাঁৱৰ। সেই সময়ত বিভিন্ন ধৰণৰ ঢোল যেনে ডাঙৰ ঢোল, মাজু ঢোল, সৰু ঢোল আদি ঢোলবোৰ দেখি মই বৰ আনন্দ পাইছিলোঁ। এনেদৰেই ঢুলীয়া, ওজাপালি আদি লোকসকল বিশেষকৈ ৰাজবংশীসকলেই আছিল। আচলতে এই ৰাজবংশী সম্প্ৰদায়ৰ লোকসকলৰ জীৱনটো বৰ বৈচিত্ৰ্যপূৰ্ণ আছিল। তেওঁলোকৰ খেতি-বাতি আছিল। একেদৰে তেওঁলোকৰ গৰু আছিল, গাখীৰ বিক্ৰী কৰিছিল আৰু বিভিন্ন সাংস্কৃতিক কৰ্মৰ সতেও সমানেই জড়িত হৈ আছিল। অৰ্থাৎ তেওঁলোকৰ জীৱন প্ৰণালী বৈচিত্ৰ্যময় আছিল। মোৰ বেছিভাগ লগৰীয়া যিহেতু এই ৰাজবংশী সম্প্ৰদায়ৰ আছিল, তেওঁলোকৰ জীৱন প্ৰণালীয়ে মোক বৰকৈ প্ৰভাৱিত কৰিছিল। তেওঁলোকৰ পৰাই জাল নিৰ্মাণ কৰা, গছ বগোৱা আদি বিভিন্ন কথা মই শিকিব পাৰিছিলো।  বামুণে পূজা কৰিলে ওজাপালিৰ বাবে এই ৰাজবংশীসকল আহিছিল। এনেদৰে এক সমন্বয়ৰ সৃষ্টি হৈছিল। যেনেদৰে নৈ, খাল, বিল আদিৰ পৰিৱেশেৰে প্ৰকৃতিত বৈচিত্ৰ্যতাৰ সৃষ্টি হয়, একেদৰে সমাজ এখনতো বেলেগ বেলেগ জাতি, সম্প্ৰদায় আৰু বেলেগ বেলেগ ধৰ্মৰ মানুহ থাকে আৰু সকলোৱে মিলি সৃষ্টি কৰে এক সামাজিক তথা সাংস্কৃতিক বৈচিত্ৰ্যৰ। যদিহে এটা জাতিৰ মাজতে থাকি ডাঙৰ হোৱা যায়, তেতিয়া মাত্ৰ সেই জাতিটোৰ কথাহে শিকা যায়। সেই ক্ষেত্ৰত শিক্ষাটো অলপ একঘেয়ামী হৈ পৰে। পিছে সাংস্কৃতিক বৈশিষ্ট থকা বিভিন্ন সম্প্ৰদায়ৰ মানুহ বাস কৰা ঠাইত জন্ম হ’লে বিভিন্ন কথা শিকিব পৰা যায়। মোৰ ক্ষেত্ৰত এই কথাটোৱেই প্ৰযোজ্য হৈছিল। ৰাজবংশী তথা গাঁৱৰ বাসিন্দাসকলৰ পৰা মই বিভিন্ন অভিজ্ঞতা লাভ কৰিছিলোঁ আৰু ইয়েই মোৰ শৈশৱটো গঢ় দিছিল। মই বৰগোহাঞি ছাৰক এই কথাবোৰ কওঁতে তেওঁ বৰ আনন্দিত হৈছিল। 

সাহিত্য ডট অৰ্গ: ছাৰ বৰগোহাঞি ছাৰৰ সৈতে থকা আপোনাৰ সম্পৰ্কৰ বিষয়ে আমাক অলপ জনাবনে? 

অৱনী কুমাৰ ভাগৱতী: হয়। ছাৰৰ সতে মোৰ এক আন্তৰিক সম্পৰ্ক আছিল। ১৯৯১ চন মানৰ পৰা মই তেওঁৰ সতে ঘনিষ্ঠ হৈ পৰোঁ। ছাৰৰ ঢকুৱাখানাৰ ঘৰলৈও মই গৈছিলোঁ। ছাৰৰ কথাত মই ছাৰে এসময়ত সম্পাদনা কৰা ‘আমাৰ অসম’ কাকতত লিখামেলা কৰিছিলোঁ। 

সাহিত্য ডট অৰ্গ: বৰগোহাঞি ছাৰে যেনেদৰে ‘সাউদৰ পুতেকে নাও মেলি যায়’ নামৰ গ্ৰন্থত মুখ্য চৰিত্ৰ বাপুকণক লগৰীয়াসকলে প্ৰভাৱিত কৰাৰ কথা উল্লেখ কৰিছিল, তেনেধৰণে শৈশৱত আপুনিও কোনো বিশেষ ব্যক্তিৰ দ্বাৰা প্ৰভাৱিত হৈছিল নেকি? 

অৱনী কুমাৰ ভাগৱতী: হয়, হয়। মোৰো তেনেধৰণৰ লগৰীয়া আছিল। তেওঁৰ নামটো আছিল সৰ্বেশ্বৰ ৰাজবংশী। তেওঁৰ ঘৰো আমাৰ চুবুৰীতেই আছিল। তেওঁ মোতকৈ প্ৰায় পাচ বছৰমান ডাঙৰ আছিল। পিছে তেওঁ মোৰ নলেগলে লগা বন্ধু হৈ পৰিছিল।বিখ্যাত অভিনেতা মহানন্দ শৰ্মা আদিৰ সমসাময়িক সৰ্বেশ্বৰ ৰাজবংশী নাটকৰ এগৰাকী ভাল অভিনেতা আছিল। তেওঁ মকুন্দ, আৱাহন  সুৰদেৱী থিয়েটাৰ আদিত অভিনয় কৰিছিল। অৱশ্যে তেওঁ এতিয়া নাই। তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। সৰ্বেশ্বৰ ৰাজবংশীৰ পঢ়া শুনা কম আছিল যদিও তেওঁ বৰ চোকা আছিল। তেওঁৰ পিতৃ আছিল ঢুলীয়া দলৰ ‘বাইন’। সৰ্বেশ্বৰে পুতলা সাজিব পাৰিছিল, মাটিৰ বস্তুও সাজিব পাৰিছিল। তেওঁ এবাৰ সুৰদেৱী থিয়েটাৰত অভিনয় কৰি থকাৰ সময়ত বিষ্ণু ৰাভাকো লগ পাইছিল। তেওঁৰ স’তে মোৰ এক আন্তৰিক সম্পৰ্ক আছিল। ১৯৬৫ চনত নলবাৰীত অসম সাহিত্য সভাৰ অধিবেশন হৈছিল। সেই সময়ত মোৰ বয়স আঠ নে ন বছৰ হৈছিল। তাৰ সভাপতি আছিল প্ৰয়াত ডিম্বেশ্বৰ নেওগ। সেই অধিবেশনলৈ পিতাও গৈছিল আৰু পিতাই মোক সৰ্বেশ্বৰৰ স’তে অধিবেশনলৈ যাবলৈ কৈছিল। সেইবাৰ সৰ্বেশ্বৰ ৰাজবংশীৰ স’তে সাহিত্য সভালৈ যাওঁতে মই ডিম্বেশ্বৰ নেওগক দেখা পাইছিলোঁ। 

সৰ্বেশ্বৰ ৰাজবংশী সেই সৰুকালৰ পৰাই থিয়েটাৰ আৰু অভিনয়ৰ সতে জড়িত হৈ পৰিছিল। আমিও গাঁৱত বহাগ বিহুৰ সময়ত নাটক কৰিছিলোঁ। তেতিয়া মই দৰং মহাবিদ্যালয়ত কাম কৰোঁ আৰু নাটকৰ সময়ত মই বিশ দিন মানৰ বাবে ছুটি লৈ ঘৰলৈ গুচি আহোঁ। তেতিয়া আমাৰ নাটকৰ পৰিচালক আছিল সৰ্বেশ্বৰ ৰাজবংশী। তেতিয়া আমাৰ তাত সুৰদেৱী থিয়েটাৰ আৰু পাঠশালাত নটৰাজ থিয়েটাৰ চলি আছিল। আমাৰ ঠাইখিনি আৰু তাৰ সমীপবৰ্তী অঞ্চল মানে কৈঠালকুছি, মৰোৱা, বেলশৰ আদিত বৰকৈ নাটক চলে। তেতিয়া আমি ডাঙৰ মানুহ বুলিলে এই নাটক কৰা মানুহবোৰক বুজিছিলোঁ। মহানন্দ শৰ্মা, ৰুদ্ৰ চৌধুৰী, চন্দ্ৰ চৌধুৰী, হৰেণ দাস আদিয়ে সেই সময়ত প্ৰখ্যাত অভিনেতা হিচাপে খ্যাতি লাভ কৰিছিল। তেওঁলোকৰ দৰে আমাৰো অভিনেতা হোৱাৰ মন আছিল। সেই সময়ত নাটক চোৱা আমাৰ এটা ডাঙৰ নিচা হৈ পৰিছিল। খোজ কাঢ়ি, চাইকেল চলাই নাটক চাবলৈ গৈছিলোঁ। মই আচলতে সৰুৰে পৰাই উচ্চ-নীচ, জাত-পাত আদি নামানো। সকলোৰে স’তে এক হৈ মই বহু কথা শিকিছো আৰু জীৱন সম্পৰ্কে বহু অভিজ্ঞতা লাভ কৰিছোঁ। 

সাহিত্য ডট অৰ্গ: কৃষি পাৰিপাৰ্শ্বিকতা বিষয়ত আপোনাৰ এক বিশেষ দখল আছে। উক্ত বিষয়ৰ প্ৰতি আপুনি কেনেদৰে আকৰ্ষিত হ’ল সেই বিষয়ে আমাক অলপ জনাবনে? 

অৱনী কুমাৰ ভাগৱতী: নিশ্চয়। আমাৰ গাঁৱৰ ওচৰতেই ৰাজবংশীসকলৰ দৰে কলিতা সম্প্ৰদায়ৰ লোকসকলো আছিল। মাজকুছি নামৰ চুবুৰীত এই কলিতা সম্প্ৰদায়ৰ লোকসকলে বাস কৰিছিল। ৰাজবংশীসকলৰ দৰেই তেওঁলোকৰ স’তেও আমাৰ মধুৰ সম্পৰ্ক আছিল। তাৰ ওচৰতেই আন এখন কলিতা চুবুৰী আছে। এই সকলোবোৰ চুবুৰীৰ বাসিন্দাসকল এশ শতাংশই খেতিয়ক আছিল। কৃষিৰ সতে মোৰ সেই সৰুকালৰ পৰাই এক সম্পৰ্ক গঢ় লৈ উঠিছিল। সৰুকালত হাল বাই থাকোঁতে চিকচিকিয়া নাঙলখন মই প্ৰায়েই লক্ষ্য কৰি থাকোঁ। দুটা গৰু আৰু খেতিয়কজনে যে এক বিশেষ শৈলীৰে নাঙলখন ধৰি আগুৱাই যায়, সেই দৃশ্যই মোক বৰকৈ আকৰ্ষিত কৰে। মাজে মাজে মোৰ হালখন ধৰিবলৈ বৰ মন যায়। কিন্তু মই সুবিধা নাপাওঁ। সেই সময়ত আমাৰ পিতাই এটুকুৰা মাটিত আলুখেতি কৰিছিল। সেই মাটি চহ কৰিবলৈ হালৰ গৰু লৈ মানুহ আহে। মই সেই মানুহজনৰ বাবে জলপান লৈ যাওঁ। তেওঁ জলপান খাবলৈ বহিলেই মই নাঙলৰ মুঠিত ধৰোঁ। সেই সময়ত মৈত উঠি আমি গাড়ীত উঠাৰ দৰে আনন্দ লাভ কৰিছিলোঁ। মই কাচিৰে ধান কাটিও পাইছোঁ। সৰুকালিতেই মই ধানৰ মুঠি বান্ধিছিলোঁ। এইবোৰ অভিজ্ঞতা মই সৰু থাকোঁতেই লাভ কৰিছিলোঁ। পথাৰৰ সমগ্ৰ খেতিৰ ব্যৱস্থা যেনে মাটি বৰণ দিয়া, কঠীয়া ৰোৱা আদি দেখি মই বৰ আনন্দ পাইছিলোঁ। সেই সৰুকালৰ পৰাই মই খেতিয়কক সন্মান কৰোঁ। মই খেতিয়কজনক এগৰাকী চিত্ৰকৰ বা শিল্পী হিচাপে গণ্য কৰোঁ। আমি যেনেকৈ উকা কাগজত পেন বা পেঞ্চিলেৰে ছবি আঁকো, একেদৰে খেতিয়কে নাঙলেৰে পথাৰত ছবি আঁকে। তেওঁলোকে বৃত্ত আকে, আয়তক্ষেত্ৰ আকে আৰু পথাৰত এখন সুন্দৰ চিত্ৰ অঙ্কন কৰে। ছবিখনত আমি ৰঙৰ সমাহাৰ ঘটোৱাৰ দৰে তেওঁলোকেও পথাৰত ৰঙ ব্যৱহাৰ কৰে। সেই যে পথাৰখনৰ বন-বিৰিখ আঁতৰালে, সেয়া যেন আমি ৰবৰডালেৰে কাগজখন মচি লোৱাৰ দৰেই এটি কাৰ্য। পথাৰত বোকা দিয়াত মটীয়া ৰঙৰ হ’ল। সেইয়া পথাৰত ৰঙ আৰম্ভ হৈ গ’ল। পথাৰত কঠীয়া সিচাৰ লগে লগে সেইজীয়া ৰঙৰ সমাহাৰ ঘটিল। পকা ধানেৰে পথাৰখন ভৰি সেই ছবিখন সোণালী বৰণৰ হ’ল। পথাৰখনত কৰা খেতি সেয়েহে এক অনুপম শিল্পকাৰ্য। পথাৰত জ্যামিতি থাকে। সেই শিল্পকৰ্মৰ সতেই মানুহৰ জীৱন আৰু জীৱিকা জড়িত হৈ থাকে। পথাৰৰ সীৰলুও এক সুন্দৰ ৰেখা। 

সাহিত্য ডট অৰ্গ: ছাৰ, কৃষি সম্পৰ্কে থকা আপোনাৰ জ্ঞান সঁচাকৈয়েই অপৰিসীম। এই বিষয়ে আমাক আৰু অলপ জনাবনে? 

অৱনী কুমাৰ ভাগৱতী: হয়। পৃথিৱীৰ প্ৰথম সংস্কৃতিয়েই হ’ল খেতি। অৰ্থাৎ সংস্কৃতিৰ আৰম্ভণিয়েই হ’ল খেতি। আজিৰ পৰা দহ বা বাৰ হাজাৰ বছৰ আগেয়ে পৃথিৱীত খেতিৰ উন্মেষ ঘটিছিল। তাৰ আগেয়ে মানুহে চিকাৰ কৰি পেট প্ৰবৰ্তন কৰিছিল। অৰ্থাৎ আমাৰ সমগ্ৰ মানৱ সংস্কৃতিৰ জন্ম হৈছে কৃষিক কেন্দ্ৰ কৰি। সেইবাবেই লোক সংস্কৃতিৰ আধাৰো হ’ল কৃষি। য’ত কৃষি বিলুপ্ত হৈছে, তাতেই সংস্কৃতি বাধাগ্ৰস্ত হৈছে। কৃষকসকলেই কঢ়িয়াই আনে লোক সংস্কৃতিৰ ধাৰাক।  আমাৰ পুৰণি খেতি কৰা পদ্ধতি আছিল প্ৰকৃতিৰ সতে সংপৃক্ত হৈ। তাকেই পৰিবেশ অনুকূল খেতি বা ‘eco farming’ বুলি কোৱা হয়। কেতিয়াবা পলসতেই ধান হয়। বিলৰ পাৰত থকা গভীৰ বোকাও প্ৰকৃতিৰ দান। বাও ধান দ ঠাইত হয়। ইয়াক আহু ধানৰ কঠীয়াৰ সতে সিঁচা হয় আৰু শালিধানৰ স’তে চপোৱা হয়। বাওধানৰ খেতিপথাৰখনো এক ‘ইকো চিষ্টেম’ৰ উদাহৰণ। তাত পানী থাকে,  চৰাইৰ বাঁহ থাকে। তাত কাৱৈ মাছ থাকে, তাত সাপে মাছ খাবলৈ আহে। তাত মেটেকা আদি থাকিলে শৰালি আদিয়ে কণী পাৰে। অৰ্থাৎ সেই খেতি কৰা পথাৰতেই মানুহৰ প্ৰয়োজন ধান আৰু প্ৰকৃতিৰ উপাদানসমূহৰ সমাহাৰ ঘটে। চোৱাচোন, এইয়া মানুহ আৰু প্ৰকৃতিৰ কেনে এক সুন্দৰ সমন্বয়! সেয়েহে বাওধানৰ পথাৰখনক প্ৰাকৃতিক আৰু সাংস্কৃতিক ক্ষেত্ৰ হিচাপে গণ্য কৰিব পাৰি। অলপ দ মাটিত যেতিয়া হাল বোৱা যায়, যেতিয়া মৈ দিয়া হয়, তেতিয়া সেই পথাৰত খেতিয়কে মাছ ধৰে। বগলী আদি চৰাইয়ে সেই পথাৰলৈ মাছ খাবলৈ আহে। তাত মাছো পোৱা যায়। কি নাই সেই মাটিত! মাছ, খেতি সকলো পায়। গো-বগে তাতেই গৰুৰ গাৰ পোক খাবলৈ আহে। এনেদৰে সকলো কথা মিলি যায়। 

সাহিত্য ডট অৰ্গ:  হয় ছাৰ। শালি ধানৰ পথাৰত বোকা দিয়াৰ পিছত পথাৰৰ পৰা এসোপামান পোক ওলাই অহা আমিও প্ৰত্যক্ষ কৰিছিলোঁ। সেইবোৰ খাবলৈ শ শ চৰাই পথাৰ পোৱা দৃশ্যটোৱে আজিও আমাৰ মনত ডোলা দি যায়হি। 

অৱনী কুমাৰ ভাগৱতী: হয়, হয়। সেইয়া চৰায়ে ভোজ খাবলৈ আহে। এইয়া আচলতে এক সমন্বয়ৰ কথা। তোমালোকক মাজুলীত মই দেখা ঘটনা এটা কওঁ শুনা। এবাৰ মাজুলীলৈ যাওঁতে বনৰীয়া হাঁহবোৰে হাল বাই থকা মানুহ এজনৰ ওচৰত অৱস্থান কৰা মই লক্ষ্য কৰিছিলোঁ। মাজুলীত বাস কৰা সত্ৰীয়া-সংস্কৃতিত বিশ্বাসী লোকসকলে মাংস নাখায়। আকৌ মাজুলীত থকা মিছিং জনগোষ্ঠীয়ে মাংস খায়। সেয়েহে হাঁহবোৰে মিছিংসকলৰ ওচৰলৈ নাযায়। এই হাঁহবোৰ হাল বোৱা মানুহজনৰ ওচৰত চৰি থকা দেখি মই প্ৰথমতে সেয়া ঘৰচীয়া হাঁহ বুলি ভাবিছিলো। পিছলৈ মোৰ ভুল ভাঙিল। বনৰীয়া হাঁহবোৰ নিৰ্ভয়ে চৰি থকা দেখি মই বৰ আনন্দ পাইছিলোঁ। এই সকলোবোৰ কথাতেই মানুহ আৰু প্ৰকৃতি মিলি আছে। আমাৰ পথাৰত থকা ‘হাবৰাঙা’ নামৰ এবিধ পাতল কেঁচু আছে। খেতিয়কে হাল বাই দিয়াৰ পিছত সেই কেঁচুৱে মাটি চহ কৰে। এইবোৰেই সাৰৰ সৃষ্টি কৰে। চোৱাচোন, কি এক আচৰিত সমন্বয়। 

সাহিত্য ডট অৰ্গ: ছাৰ, আমিও লক্ষ্য কৰিছিলোঁ যে বগলী, হাড়গিলা, বৰটোকোলা আদি সাধাৰণতে মানুহে নাখায়। হয়তো এনেধৰণৰ চৰাই নমৰা কথাটোৱে মানুহৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি থকা আকৰ্ষণৰ কথাটোকেই প্ৰমাণ কৰে। 

অৱনী কুমাৰ ভাগৱতী: হয়, ঠিকেই কৈছা। এসময়ত মানুহে শৰালিও বধ কৰা নাছিল। শৰালিৰ কণী অৱশ্যে খাইছিল। অৱশ্যে সংখ্যাৰ তুলনাত এনেধৰণৰ চৰাই দুই এটা মাৰিলেও ইয়াৰ দ্বাৰা বৰ এটা অন্যায় হোৱা নাছিল। আজিকালি পিছে এইবোৰ নোহোৱা হ’ল। কেঁচু, শামুক, ভেকুলী আদিও নোহোৱা হ’ল। শামুকখোলা, হাড়গিলা আদি চৰাইও নোহোৱা হৈ আহিল। এইবোৰ প্ৰকৃতি তথা মানুহৰ বাবে বৰ উদ্বেগজনক কথা। 

সাহিত্য ডট অৰ্গ: ছাৰ, আপুনি আমাক ইতিমধ্যে জনালে যে সৌ তাহানিতেই আপোনালোকৰ গাঁৱৰ গঞাৰ সহযোগত বন্ধ হৈ থকা জলাশয় এটা মুকলি কৰি দিয়া হৈছিল আৰু গঞাৰ এই মহান কৰ্মই পিছলৈ এখন স্থায়ী নদীৰ জন্ম দিছিল। পিছে আজিৰ তাৰিখত এনেধৰণৰ জলাশয়বোৰ লাহে লাহে নিঃশেষ হৈ যোৱাহে আমি প্ৰত্যক্ষ কৰিছো। জলাশয়, নদ-নদী আদি ধ্বংস কৰি আমি হয়তো ভৱিষ্যত প্ৰজন্মৰ বাবেও এক অশনি সংকেত কঢ়িয়াই আনিছো। এইবিষয়ে আপোনাৰ মতামত অনুগ্ৰহ কৰি আমাক জনাবনে? 

অৱনী কুমাৰ ভাগৱতী: হয়। মানুহবোৰ এতিয়া আত্মকেন্দ্ৰিক হৈ পৰিল। তোমালোকে হয়তো মন কৰিছা যে আমাৰ গাঁৱৰ বিশাল পথাৰবোৰৰ দুয়োফালে গঞাৰ মাটি আছে। সেই পথাৰবোৰত পানী আহিব পৰা সুঁতি একোটাৰ ব্যৱস্থা আছে। খেতিয়কসকলে কোনো কাজিয়া-পেচাল নকৰাকৈ এখন পথাৰৰ পৰা আনখন পথাৰলৈ পানীখিনি বোৱাই নিয়ে। কোনোবাই অলপ পানী বন্ধ কৰি ৰাখিলেও বা ধান ৰোৱাৰ বাবে অলপমান পানী নিজাকৈ ৰাখিলেও খেতিয়কসকলৰ মাজত এক পাৰস্পৰিক বুজাপৰা থাকে।  পানীৰ অভাৱৰ বাবে কাৰো খেতি নহ’বলগীয়া অৱস্থা এটাৰ কাহিনীও সৃষ্টি নহয়। কেতিয়াবা আকৌ পথাৰৰ মাজতেই পানীৰ নলা একোটা থাকে। এনেধৰণৰ নলা একোটাই সকলো খেতিয়কৰেই পানীৰ প্ৰয়োজন পূৰণ কৰে। এনেদৰেই সৌ সিদিনালৈকে ভূমি অথবা পানীৰ এক সুচল ব্যৱস্থা সমূহীয়াভাবে চালিত হৈ আছিল। পিছে এতিয়া জনসংখ্যা বৃদ্ধি হ’ল। মানুহবোৰো আত্মকেন্দ্ৰিক হৈ পৰিল। প্ৰশাসনিক আৰু ৰাজনৈতিক ভাবেও বিশেষ কোনো ধৰণৰ নিয়ন্ত্ৰণ আমাৰ চকুত নপৰা হ’ল। এতিয়া জোৰ যাৰ মুলুক তাৰ সদৃশ পৰিৱেশ এটাৰ সৃষ্টি হোৱা দেখা গ’ল। মানুহবোৰ গাঁৱৰ পৰা নগৰমুখী হ’ল। প্ৰকৃতিৰ সুৰ, তাল আৰু লয়ৰ সতে থকা মানুহৰ ছন্দোৱদ্ধ জীৱনটোৰো ইমানতেই ইতি পৰিল। 

মানুহে নিজ সুবিধা আদায়ৰ বাবে প্ৰকৃতিৰ ওপৰত এক নেতিবাচক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিলে। এই কথাটোকেই এটা উদাহৰণেৰে বুজাবলৈ তোমালোকৰ আগত এক তথ্য দাঙি ধৰোঁ ৰ’বা। ১৯৫১ চনৰ তথ্যমতে ভাৰতৰ ভিতৰত প্ৰতি একৰ মাটিত ধানৰ উৎপাদন আটাইতকৈ বেছি আছিল অসমত। সেই সময়ত আমাৰ ধানখেতি সম্পূৰ্ণৰূপে প্ৰাকৃতিক আছিল। এতিয়া পিছে ধানৰ উৎপাদন সকলোতকৈ বেছি পঞ্জাৱত হয়। যেতিয়াই ধান অথবা অন্যান্য শস্য উৎপাদনৰ ক্ষেত্ৰত উৎপাদন বৃদ্ধিৰ কথা আহিল, তেতিয়াই কৃষিত মানুহ আৰু বলদ গৰুৰ পৰিৱৰ্তে যন্ত্ৰৰ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গ’ল। আচলতে তেতিয়াৰ পৰা হিতে বিপৰীতহে হ’ল। লাহে লাহে ফচল সামগ্ৰীৰ মানদণ্ড নিম্নগামী হৈ পৰিল। একেদৰে ১৯৬৬-৬৭ চন মানৰ পৰা সেউজ বিপ্লৱ আৰম্ভ হ’ল আৰু লগে লগে খেতিৰ বাবে মূলধনৰো প্ৰয়োজন হ’ল। পিছে তাহানিতে কথাবোৰ এনেধৰণৰ নাছিল। সেই সময়ত খেতি কৰিবলৈ নগদ ধনৰ প্ৰয়োজন নাছিল। তেতিয়া শ্ৰমিকৰ খৰচ বুলিবলৈও একো নাছিল। শস্য সিঁচিবলৈ অথবা উৎপাদিত সামগ্ৰীসমূহ সংগ্ৰহ কৰিবলৈ গাঁও অথবা ঘৰখনতেই জনবল মজুত আছিল। গতিকে কোনো ধৰণৰ বিনিয়োগ নোহোৱাকৈ খেতি কৰিব পৰা পৰিৱেশ এটা আছিল। অৰ্থাৎ সেই সময়ত খেতি প্ৰাকৃতিকভাৱে কৰা হৈছিল। পিছে তেনেধৰণৰ পৰিবেশ এটা আজি আৰু দেখিবলৈ পোৱা নাযায়। বাহ্যিক অৰ্থত মানুহৰ উন্নতি হোৱা বুলি আমি সন্তুষ্টি লাভ কৰোঁ।  জনমূৰি আয় বৃদ্ধি, অন্যান্য যান্ত্ৰিক উন্নয়ন, বিভিন্ন ধৰণৰ যন্ত্ৰপাতিৰ ব্যৱহাৰ আদিয়ে হয়তো পথাৰখনৰ আমূল পৰিবৰ্তন সাধন কৰিলে। পিছে আই বসুমতীৰ স’তে খেতিয়কৰ যি বান্ধোন সেই তাহানিতে আছিল, সেই বান্ধোন লাহে লাহে নোহোৱা হৈ পৰিল। পিছে আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ড, মেঘালয় আদিত বাস কৰা লোকসকলৰ মনত আজিও পৱিত্ৰ অৰণ্য (Sacred Grooves/Sacred Forest)ৰ ধাৰণাটো অটুট হৈ আছে। হয়, তেওঁলোকেও পৰিবৰ্তনৰ ধামখুমীয়াত সেই অৰণ্যৰ ন্যূনতম অংশ ধবংস কৰিছে। পিছে অৰণ্যৰ প্ৰয়োজন অনুভৱ কৰি তেওঁলোকে যৎসামান্য হ’লেও অৰণ্য সংৰক্ষণ কৰি ৰাখিছে। অসমৰ তাহানিৰ মানুহবোৰো তেনেধৰণৰ আছিল। তেতিয়া আমাৰো নগদ ধন অথবা বেঙ্ক বা তেনেধৰণৰ বিত্তীয় প্ৰতিষ্ঠান সম্পৰ্কীয় কোনো কথাই নাছিল। অৰ্থ সঞ্চয় কৰাৰ কথাটো সেই সময়ত আমাৰ মানুহবোৰে সমূলি গুৰুত্ব দিয়া নাছিল। সেই সময়ত প্ৰকৃতিৰ সতে তেওঁলোক বান্ধ খাই আছিল। 

সাহিত্য ডট অৰ্গ: ছাৰ, এই যে পৰিৱৰ্তন এটা সংঘটিত হ’ল, সেই বিষয়ে আপোনাৰ মতামত কি সেয়া অনুগ্ৰহ কৰি আমাক জনাবনে? 

অৱনী কুমাৰ ভাগৱতী: এটা সৰু উদাহৰণেৰে মই তোমালোকক এই পৰিৱৰ্তনৰ কথাটো ক’বলৈ চেষ্টা কৰিম। আমাৰ ভৰিত যেতিয়ালৈকে চেণ্ডেল নাছিল, তেতিয়ালৈকে বোকাই আমাৰ বাবে একো সমস্যাৰ সৃষ্টি কৰা নাছিল। তেতিয়া আমি ভৰিখন বোকাত দিবলৈ ভালহে পাওঁ। সিফালে পানী অলপমান থাকিলে ভৰিখন জুবুৰিয়াই ধুই যাব পাৰি। এনে ধৰণৰ অভিজ্ঞতা তোমালোকৰো আছে নিশ্চয়! আকৌ আগতে যেতিয়া মানুহে ধুতি পিন্ধিছিল, অলপ দূৰ গৈ ক’ৰবাত পানী পালে অথবা দ যেন পালে ধুতিখন ওপৰলৈ কোঁচাই পাৰ হৈ গৈছিল। 

সমস্যাটো কেতিয়া আহিল? আমি যেতিয়া চেণ্ডেল পিন্ধা আৰম্ভ কৰিলোঁ, আমি যেতিয়া লংপেণ্ট পিন্ধা আৰম্ভ কৰিলোঁ, তেতিয়াই। অৰ্থাৎ কিবা এক নতুনত্ব অহাৰ লগে লগে তাৰ এক নতুন প্ৰভাৱ আৰম্ভ হৈ যায়। 

আকৌ ধৰি লোৱা এই মটৰ গাড়ীৰ কথাটো। গাৱঁৰ পৰা চহৰ অথবা নগৰত বাস কৰিবলৈ অহা যিসকল লোকৰ মটৰ গাড়ী আছে, তেওঁলোকে গাঁৱৰ ঘৰলৈ যাবলৈ পকী পথ এটাৰ আৱশ্যকতা অনুভৱ কৰা হ’ল। কেঁচা পথ এটাৰে তেওঁলোকৰ গাড়ীখন নচলে। এনেদৰেই য’ত পকী পথৰ কোনো প্ৰয়োজন নাই, তাতো পকী পথ নিৰ্মাণ কৰা হ’ল। আমাৰ নৈপৰীয়া অঞ্চলত থকা নাওসমূহ এসময়ত যাতায়তৰ মাধ্যম আছিল। সেই নাওসমূহে প্ৰদূষণ বৃদ্ধি কৰা নাছিল। আজিকালি নাওৰ ঠাইত মটৰ গাড়ী হ’ল। এনেধৰণৰ পৰিবৰ্তনে জীৱনটো উপভোগ কৰাৰ ক্ষেত্ৰত মানুহক বহুতো সুবিধা প্ৰদান কৰিলে। পিছে এই পৰিৱৰ্তনেই মানুহক লাহে লাহে প্ৰকৃতিৰ পৰা বিচ্ছিন্ন কৰিলে। আমাৰ শৈশৱকালৰ এটি দৃশ্য এই মুহূৰ্তত মোৰ চকুৰ আগত ভাঁহি উঠিছে। সেই সময়ত দুঘৰ বা তিনিঘৰ মানুহৰ মাজত দমকল বা কুঁৱা এটাই আছিল। এতিয়া পিছে দু-কঠা মাটিতে দুখন ঘৰ আৰু নিজাকৈ একোটা দমকল থাকে। এই যে উমৈহতীয়া সম্পদৰ ধাৰণাটো আছিল, সেই ধাৰণাটোৱে আমাক প্ৰকৃতিৰ লগত সংপৃক্ত কৰি ৰাখিছিল। আজিকালি উমৈহতীয়া সম্পদৰ ধাৰণাটো উচন হ’ল। এনেধৰণৰ পৰিবৰ্তনে আচলতে আমাৰ সমাজখনলৈ ভাবুকি কঢ়িয়াই আনিলে। 

সাহিত্য ডট অৰ্গ: ছাৰ, নদী সম্পৰ্কে সচেতনতা সৃষ্টি কৰিবলৈ কেনেধৰণৰ কাম হাতত লোৱা জৰুৰী বুলি আপুনি অনুভৱ কৰে সেইবিষয়ে আমাক অলপ জনাবনে? 

অৱনী কুমাৰ ভাগৱতী: আচলতে নদীসমূহ সম্পৰ্কে সকলোৱে জনাটো আৱশ্যক। অসমৰ সকলো সৰু-বৰ নদীৰ ওপৰত একোখন সৰু সৰু পুস্তিকা থাকিব লাগে। প্ৰতিখন নদীৰ নামেৰেই একোখন পুস্তিকা ৰচনা কৰি নদীসমূহ সম্পৰ্কে আমি সৰ্বসাধাৰণক জনোৱা উচিত। এই ধৰা পাগলাদিয়া, বৰলীয়া, বেকী, মানাহ আদি বিভিন্ন নদ-নদীৰ একোখন কিতাপ থাকিব লাগে। সেইবোৰ কিতাপৰ বিক্ৰীও ভাল হ’ব আৰু অসমৰ জনগণে নদীসমূহ সম্পৰ্কেও জ্ঞান লাভ কৰিব।  

সাহিত্য ডট অৰ্গ: নদী সংৰক্ষণৰ বাবে আমি কেনেদৰে আগবাঢ়িব পাৰোঁ? 

অৱনী কুমাৰ ভাগৱতী: এই ক্ষেত্ৰত আমাৰ কৰণীয় আছে। কথাটো বুজাবলৈ মই থিম্ফু নদীৰ সতে জড়িত কথা এটা কবলৈ বিচাৰিছোঁ। ভূটানৰ ৰাজধানী থিম্ফু। আচলতে থিম্ফু হৈছে এখন নদীৰ নাম। এই থিম্ফু চহৰৰ মাজেৰে যিখন নদী পাৰ হৈ গৈছে সেই নদীখন ইমানেই চাফা যে তাৰ পানী তুমি নিচিন্তমনে সেৱন কৰিব পাৰা।  তেওঁলোকে কিছুমান ঠাই সংৰক্ষণৰ ব্যৱস্থা কৰিছে য’লৈ মানুহ যাবও নোৱাৰে আৰু অলাগতিয়াল একো পেলাবও নোৱাৰে। এনেদৰে আমিও নদীসমূহ সংৰক্ষণ কৰিব লাগিব।  অৱশ্যে লাহে লাহে অসমৰ মানুহৰ মনলৈয়ো এই সম্পৰ্কে সচেতনতা আহিব ধৰিছে। এই সচেতনতাই হয়তো আমাক আগুৱাই লৈ যাব। 

সাহিত্য ডট্ অৰ্গ: নদী ধ্বংসৰ ক্ষেত্ৰত প্ৰধান ভূমিকা লোৱা কাৰকবোৰ আপুনি কি বুলি ভাবে? 

অৱনী কুমাৰ ভাগৱতী: নদী ধ্বংসৰ ক্ষেত্ৰত দুটা কথা আহি পৰে। আমাৰ নদীসমূহৰ উৎপত্তিস্থল সাধাৰণতে নাগালেণ্ড, অৰুণাচল নাইবা ভূটান। সেই সমূহত লাহে লাহে বনাঞ্চল ধ্বংস হোৱা আৰম্ভ হৈছে। ফলশ্ৰুতিত তাৰ পৰা যথেষ্ট পৰিমাণৰ বালি, বোকা, গেদ আদি আহি নদীৰ বুকুত জমা হৈছেহি। ইয়াৰ বাবে নদীৰ বুকু উদং হৈ পৰিছে। তদুপৰি নদীৰ পাৰে পাৰে যিসমূহ অৰণ্য আছিল সেইসমূহ আজিকালি নোহোৱা হ’ল। ইয়াৰোপৰি জনসংখ্যাও যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। লগতে চাহ-বাগান আদিত ব্যৱহৃত কীটনাশক, ৰাসায়নিক দ্ৰব্যবোৰ পানীৰ সতে আহি নদী সমূহ প্ৰদূষিত কৰিছে। আনহাতে নাগালেণ্ড, মেঘালয় আদিত হোৱা কয়লাৰ খননেও নৈসমূহক প্ৰদূষিত কৰিছে। আনকি নদীৰ তলিত থকা শিলসমূহো মানুহে উঠাই আনি ঘৰ নিৰ্মাণ কৰাত অথবা অন্যান্য কাৰণত ব্যৱহাৰ কৰিবলৈ ধৰিছে। এইবোৰৰ বাবেই নদীসমূহ ধ্বংস হ’বলৈ ধৰিছে। 

সাহিত্য ডট্ অৰ্গ: এইসমূহ ৰোধ কৰিবলৈ আমি বা চৰকাৰে কেনেধৰণৰ পদক্ষেপ হাতত লোৱা উচিত? 

অৱনী কুমাৰ ভাগৱতী: আচলতে সম্পূৰ্ণকৈ নোৱাৰিলেও কিছু পৰিমাণে হ’লেও এই সমূহ ৰোধ কৰাৰ চেষ্টা আমি কৰিব পাৰোঁ। আমি নৈৰ পাৰৰ ঠাইসমূহত বৃক্ষ ৰোপণৰ দ্বাৰা সৰু সৰু অৰণ্যৰ সৃষ্টি কৰিব পাৰোঁ। কিছুমান বিশেষ ধৰণৰ গছে ভূমিস্খলনো ৰোধ কৰিব পাৰে। তদুপৰি বজাৰ-সমাৰ, নগৰ-চহৰত সৃষ্টি হোৱা আৱৰ্জনাসমূহ যাতে নৈত পেলোৱা নহয় তাৰ বাবে আমি ব্যৱস্থা লোৱা উচিত। এইসমূহ নদীত পোনপটীয়াকৈ পেলাই দিয়াতকৈ গাঁতত পেলোৱাৰ ব্যৱস্থা কৰিব লাগে। তদুপৰি প্লাষ্টিক জাতীয় সামগ্ৰী নদীত পেলোৱাটো বন্ধ কৰিব লাগিব। ইয়াৰ বাবে সজাগতা কাৰ্যসূচী নাইবা কিছুমান নীতি-নিয়ম সৃষ্টি কৰা উচিত। নদীখন পৰিষ্কাৰ হৈ নাথাকিলে আমাৰ নিজৰেই অসুবিধা হ’ব। এই প্ৰসংগতে এটা কথা কওঁ। আজিকালি আমাৰ নদীৰ পৰা শিহুবোৰ নোহোৱা হ’ল। ইয়াৰ এক অন্যতম কাৰণ হৈছে নদীৰ প্ৰদূষণ। কাৰণ শিহু জীয়াই থাকিবলৈ নদীখনৰ গভীৰতা প্ৰায় দহ ফুট হ’ব লাগে। গতিকে নদীৰ গভীৰতা কমি যোৱাৰ বাবে আৰু নদীসমূহ প্ৰদূষিত হোৱাৰ বাবে শিহুবোৰ নোহোৱা হৈছে। হাতীসমূহো এতিয়া অৰণ্যৰ পৰা বাহিৰলৈ ওলাই আহিছে। হাতীৰ বসতিস্থল অৰণ্যসমূহ ধ্বংসৰ গৰাহত পৰিছে। এনেবোৰ কাৰণতে আজিকালি বন্যপ্ৰাণীৰ দেহত থকা জীৱাণুৰ পৰা হোৱা বেমাৰবোৰ মানুহৰ গালৈ সোচৰিছে। বেমাৰবোৰ বৃদ্ধি পাইছে। উদাহৰণস্বৰূপে ‘এনকেফেলাইটিছ’ বেমাৰ সৃষ্টি কৰা জীৱাণুবোৰ বগলীৰ গাত থাকে। বগলীৰ দেহৰ পৰা মানুহৰ দেহলৈ ‘এনকেফেলাইটিছ’ বেমাৰ অহাটোৱেই বুজাইছে যে অৰণ্য ধ্বংসৰ ফলত বগলীবোৰৰ থকা ঠাইৰ অভাৱ হোৱাত সিহঁত এতিয়া আমাৰ ওচৰে-পাজৰে থাকিবলৈ লৈছে। এতিয়া সিদিনা মই নিজেই মন কৰিছোঁ যে আমাৰ ঘৰৰ ঠিক ওচৰতেই ডাউক চৰাইয়ে বাহ সাজিছে। কিন্তু ডাউক সাধাৰণতে থাকে দলনি বা মেটেকাৰ মাজত। এতিয়া সিহঁতৰ থকা ঠাইৰ অভাৱ হোৱাত উপায়বিহীন হৈ পৰিছে। 

সাহিত্য ডট্ অৰ্গ: ছাৰ, নদীবোৰ যে তৰাং হৈ গৈছে তাৰ বাবে মথাউৰিসমূহো কিছু কিছু পৰিমাণে দায়ী বুলি ক’ব পাৰি নেকি? 

অৱনী কুমাৰ ভাগৱতী: আচলতে এই নদীবোৰ তৰাং হোৱা আৰম্ভ হ’ল ১৯৫০ চনৰ ভূমিকম্পৰ পাছৰে পৰা। তোমালোকে কোৱাৰ দৰে মথাউৰি নিৰ্মাণেও এই প্ৰক্ৰিয়াটো বাঢ়ি যোৱাত সহায় কৰিছে। মথাউৰি নিৰ্মাণ কৰোঁতে তাৰ পৰা বাগৰি অহা গেদ, বালি, বোকা আদি নদীখনত পৰি নদীখন তৰাং কৰি তুলিছে। লগতে পাহাৰ-ভৈয়ামৰ বনাঞ্চল ধ্বংসও ইয়াৰ আন এটা কাৰণ। কাৰণ এই গেদ, বালি, বোকা আদিয়ে নদীৰ বহন ক্ষমতা হ্ৰাস কৰিছে। 

সাহিত্য ডট্ অৰ্গ: আমি প্ৰায়ে খবৰ কাগজ বা বাতৰিৰ চেনেলবোৰত নদীৰ খননৰ বিষয়ে জানিবলৈ পাওঁ। এই সম্পৰ্কে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাবনে? 

অৱনী কুমাৰ ভাগৱতী: এই সম্পৰ্কে অসম বিজ্ঞান সমিতিত আমাৰ এখন কৰ্মশালা অনুষ্ঠিত হৈছিল। ইয়াৰ আলোচনাত আমি পাইছিলোঁ যে ব্ৰহ্মপুত্ৰ নদীখনত এনে খনন কাৰ্য দৰাচলতে প্ৰযোজ্য নহয়। ধৰা হল সৰু উপনদী এখনৰ বহন ক্ষমতা কমিছে। তাৰ কিছু অংশত খনন কৰি নাইবা অত্যন্ত সৰ্পিল গতিৰে আগবঢ়া নদীখনৰ ভাঁজবোৰ কাটি দি তাৰ বহন ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই খনন কাৰ্য প্ৰয়োজনীয়। কিন্তু ব্ৰহ্মপুত্ৰৰ দৰে নদী এখনত সম্পূৰ্ণ খনন কাৰ্য চলোৱা সম্ভৱ নহয়। কাৰণ ব্ৰহ্মপুত্ৰৰ দৰে নদী এখনে অত্যধিক পৰিমাণে গেদ, বালি আৰু বোকা কঢ়িয়াই আনে আৰু এইবোৰ কৃত্ৰিমভাবে খনন কৰি নদীখন তৰাং কৰাটো আচলতে এক অসম্ভৱ কথা। তদুপৰি কৃত্ৰিম খনন কাৰ্যৰ ফলত নদীখনৰ পৰিস্থিতিতন্ত্ৰ সম্পূৰ্ণ ধ্বংস হৈ যোৱাৰ সম্ভাৱনা আছে। 

সাহিত্য ডট অৰ্গ: আমি জানিবলৈ পোৱা অনুসৰি অসম বিজ্ঞান সমিতিৰ ‘মৃত্যুমুখী নদ-নদী আৰু জলাশয় সংৰক্ষণ’ নামৰ এক প্ৰকল্পৰ সতে আপুনি জড়িত হৈ আছে। এই সম্পৰ্কে আমাক অলপ জনাবনে? 

অৱনী কুমাৰ ভাগৱতী: হয়। আচলতে সোৱণশিৰি নদীৰ প্ৰকল্পৰ বাবে গঠন কৰা বিশেষজ্ঞ সমিতিৰ মই এগৰাকী সদস্য হৈ থকাৰ সময়ত অনুভৱ কৰিলোঁ যে অসমৰ জীয়া নদী, মৰানদী আদি সম্পৰ্কে বিভিন্ন ধৰণৰ কাম হাতত ল’ব পৰা যায়। ইতিমধ্যে মই নদীকেন্দ্ৰিক সমস্যাসমূহ তথা দেশী-বিদেশী নদ-নদী আদিৰ বিষয়ে অধ্যয়ন কৰি ‘নদী আৰু মানুহ’ নামৰ এখন গ্ৰন্থ প্ৰণয়ন কৰিছিলোঁ। একেদৰে অসমৰ বিভিন্ন কাকততো নদীকেন্দ্ৰিক সমস্যাসমূহৰ বিষয়ে মোৰ এলানি লেখা প্ৰকাশ হ’ল। আচলতে এই লেখাবোৰ লৈয়েই মই উক্ত গ্ৰন্থখন প্ৰকাশ কৰিছিলো। এই যে নদীবোৰৰ ওপৰত লিখা আৰম্ভ কৰিলোঁ, তেতিয়াই অসমৰ নদ-নদীৰ সমস্যাসমূহৰ বিষয়ে অৱগত হৈ এই নদ-নদীসমূহ সংৰক্ষণৰ বিষয়টো সম্পৰ্কে মই অসম বিজ্ঞান সমিতিৰ সতে আলোচনা কৰিলোঁ আৰু শেষত এই প্ৰকল্পটো হাতত ললো। নগৰ আৰু বজাৰেই আচলতে নদীক বেছি অন্যায় কৰিছে। মই বিশ্বাস কৰোঁ যে মোৰ দৰেই হয়তো অসমৰ লোকসকলেও নদীক মনে প্ৰাণে ভাল পায়। নদীসমূহ সংৰক্ষণৰ ক্ষেত্ৰত আমি ইতিমধ্যে এই প্ৰকল্পৰ অধীনত বিভিন্ন ঠাইত বিভিন্ন কাম আৰম্ভ কৰিছো। আচলতে নদ-নদী আদি সংৰক্ষণৰ ক্ষেত্ৰত সকলোৰেই ভূমিকা আছে। নদী সংৰক্ষণ অথবা অন্যান্য ক্ষেত্ৰতো ৰাইজক নজনোৱাকৈ আমি কোনো সিদ্ধান্তই ল’ব নালাগে। এই যে ১৯৫০ চনত ভূমিকম্পটো হ’ল, ১৯৬৪ চনত ডাঙৰ বানপানীটোও হ’ল, তাৰ পিছত সকলো মথাউৰি নিৰ্মাণত লাগিল। কিন্তু তাৰ ফলত নদীসমূহৰ কি ক্ষতি হ’ল সেই সম্পৰ্কে বৰ বেছি আলোচনা কৰা দেখা নগ’ল। 

সাহিত্য ডট অৰ্গ: ছাৰ, গুৱাহাটীৰ মাজেৰে বৈ যোৱা ভৰলু নদীৰ আজি মৃতপ্ৰায় অৱস্থা। এই নদীখন সংৰক্ষণ কৰাৰ বাবে কিবা কামকাজ চলি আছে নেকি? 

অৱনী কুমাৰ ভাগৱতী: ভৰলুত আমি কাম আৰম্ভ কৰিছিলোঁ। কিন্তু, কাম কৰা মানুহেই নাপালোঁ দেখোন! ভৰলুৰ সমীপতে থকা প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ সতেও আমি কথা পাতিছিলোঁ। পিছে এই ক্ষেত্ৰত বিশেষ সঁহাৰি নাপালোঁ। আচলতে নগৰৰ তুলনাত গাঁৱত কাম কৰা সহজ। আজিকালি অৱশ্যে নগৰৰ মানুহো সচেতন হৈছে। কংগ্ৰেছ চৰকাৰৰ দিনত তদানীন্তন মুখ্যমন্ত্ৰী স্বৰ্গীয় তৰুণ গগৈদেৱৰ কাৰ্যকালৰ সময়ছোৱাত এই কামবোৰ অলপ অচৰপ চলিছিল। গগৈদেৱৰ তেতিয়াৰ সহযোগী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছিল। তেতিয়া নদীখন চাফ কৰিবলৈ তেওঁলোকে আগভাগ লৈছিল। হয়, ভৰলুখনৰ আজি আগৰ ঐতিহ্য নাই। অ, এইখিনিতে এটা কথা মনত পৰিল। এবাৰ লণ্ডনৰ থেমছ নদীখন কলুষিত হৈ পৰিল। সেই নদীখন ইমান কদৰ্য হৈ পৰিল যে তাত মাছ নোহোৱা হ’ল। সেই নদীখনৰ পাৰত অৱস্থিত উদ্যোগসমূহৰ শ্ৰমিকসকলে ধৰ্মঘট আৰম্ভ কৰিলে। সেই ধৰ্মঘটৰ কাৰণটো আছিল এই যে শ্ৰমিকসকলক সদায়েই থেমছ নদীৰ মাছ খাবলৈ দিয়া হয়। পিছে শ্ৰমিকসকলে সেই মাছ নাখায় বুলি ধৰ্মঘট আৰম্ভ কৰিলে। আচলতে বৃটিছসকল সঁচাকৈয়েই এক বেলেগ ধৰণৰ জাতি। তেওঁলোক নদীখনৰ সংৰক্ষণত লাগিল। এসময়ত নদীখন আকৌ মাছেৰে ভৰি পৰিল। 

সাহিত্য ডট অৰ্গ: ছাৰ, অসমৰ বিভিন্ন নদীৰ বিভিন্ন নাম আছে। কোনো ক্ষেত্ৰত যদি ঠাইৰ নাম অনুসৰি নদীৰ নাম দিয়া হৈছে, আন এখন নদীৰ নামটোৰ সতে জড়িত হৈ আছে কোনো এক বিশেষ ঘটনা। নদীৰ নামকৰণ সম্পৰ্কে অনুগ্ৰহ কৰি আমাক অলপ জনাবনে? 

অৱনী কুমাৰ ভাগৱতী: হয়। এই কথাটো আচলতে এক অধ্যয়নৰ বিষয়। এই ধৰা চাৰিকড়িয়া নদীৰ নামটো আহিল নদী পাৰ হ’বলৈ ব্যৱহাৰ কৰা নাওৰ নাৱৰীয়াক এসময়ত ভাড়া হিচাপে দিবলগীয়া চাৰিটা কড়িৰ পৰা। একেদৰে এই নদীখনৰ কাষতে থকা আনখন নদীৰ নামটো হ’ল দুইকড়িয়া। অৰ্থাৎ এই নদীৰ নাৱৰীয়াক যাত্ৰীয়ে ভাড়া হিচাপে দিব লাগিছিল দুটা কড়ি। আৰু এখন নদী হ’ল ডাংধৰা। এইখন নদী ডাং এডালত ধৰি পাৰ হ’ব লাগে। সেয়েহে তাৰ নাম হ’ল ডাংধৰা। এনেদৰেই নদীসমূহ নামকৰণ কৰা হৈছিল। এই চাৰিকড়িয়া নদীখন অৰুণাচলৰ পৰা আহি ব্ৰহ্মপুত্ৰত পৰিছেহি। শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰে এইখন নদীক তেওঁৰ লেখাৰে জনপ্ৰিয় কৰি তুলিলে। 

সাহিত্য ডট্ অৰ্গ: এই সাক্ষাৎকাৰটোত আমি ডাউক চৰাই, শৰালি আদি সম্পৰ্কে আপোনাৰ পৰা জানিব পাৰিলোঁ। আপুনি শৈশৱ অতিবাহিত কৰা গাঁওখনতো চৰাইৰ কলৰৱে পৰিবেশ মুখৰিত কৰি ৰাখিছিল বুলি আপুনি ইতিমধ্যে আমাক জনালে। পিছে আজিকালি এই চৰাইবোৰৰ কলৰৱ আমি নুশুনা হ’লোঁ। জিলীৰ মাতে নিশাৰ নিৰ্জনতা গভীৰ কৰা পৰিবেশ এটা এতিয়া আৰু নাই। একেদৰে আন আন কিছুমান জীৱও হেৰাই যাবলৈ ধৰিছে। এইয়া আমাৰ বাবে উদ্বেগৰ কাৰণ নহয়নে? 

অৱনী কুমাৰ ভাগৱতী: হয়, ঠিকেই কৈছা। এতিয়া ধৰা আগতে আমাৰ গাঁৱে-ভূঞে অসংখ্য শিয়াল আছিল। আজিকালি শিয়ালৰ সংখ্যা কমি গ’ল। কাৰণ সৰু সৰু হাবিবোৰ ভাঙি মানুহে তাত চাহৰ খেতি কৰিবলৈ আৰম্ভ কৰিলে। আগতে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদতো যথেষ্ট শিয়াল আছিল। কিন্তু আজিকালি নাই। ঠিক তেনেকৈ কুৰুৱা চৰাইবোৰো আজিকালি দেখা নোপোৱা হ’লোঁ। একেদৰে মাছৰোকা চৰাইৰ সংখ্যা আগতকৈ কমিল। তোমালোকে কোৱাৰ দৰে জিলীৰ মাত আগৰ দৰে শুনিবলৈ নোপোৱা হ’লোঁ। ডাউকৰ সংখ্যা আগতকৈ কমিল। পাতসিয়া চৰাই, টুনী চৰাই, হেটুলুকা চৰাই আদি অসংখ্য পক্ষী এতিয়া বিলুপ্তিৰ পথত। আচলতে প্ৰকৃতিৰ এক নিজা সুৰ আছে, মূৰ্ছনা আছে। আমি সৰু থাকোঁতে জিলীৰ মাত অহৰহ কাণত বাজি আছিল। আঁহতৰ যেতিয়া নতুন পাত ওলায়, বতাহত সেইয়া ল’ৰিলে এটি সুৰৰ সৃষ্টি হয়। ফাগুনমহীয়া বাঁহনি ডৰাৰ কাষত ৰৈ থাকিলে আমি বাঁহৰ শব্দৰ সুৰ শুনা পাওঁ। এইসমূহ প্ৰকৃতিয়ে সৃষ্টি কৰা সুৰ, প্ৰকৃতিৰ মূৰ্ছনা। এইসমূহ আজিকালি লাহে লাহে নোহোৱা হৈ আহিছে। আজিকালি গাড়ী-মটৰৰ শব্দ, কাৰখানাৰ শব্দ, ঘৰুৱা যন্ত্ৰ-পাতিৰ শব্দই প্ৰকৃতিৰ এই মনোমোহা শব্দবোৰক ক্ৰমাৎ নিঃশেষ কৰি পেলাইছে। এতিয়া পূৰ্ণিমা আৰু  অমাৱস্যাৰ পাৰ্থক্য প্ৰায় নোহোৱা হ’ল। পূৰ্ণিমা আৰু অমাৱস্যাৰ কিন্তু এটা সুকীয়া মাদকতা আছে। পূৰ্ণিমাৰ জোনটো বা অমাৱস্যাৰ জোনাকী পৰুৱাটোৰ চিকমিকনিৰ সেই মাদকতা আমি এতিয়া অনুভৱ কৰিব পৰা পৰিবেশ এটা নাই। এতিয়া বিজুলী বাতিৰ পোহৰে সেইবোৰ নিস্প্ৰভ কৰি তুলিলে। 

সাহিত্য ডট্ অৰ্গ: এতিয়া এটি বিদ্যায়তনিক দিশৰ কথা আলোচনা কৰোঁ। হয়তো ১৯৮৭ চন মানলৈ ভূগোল বিষয়টো ঐচ্ছিক বিষয় হিচাপে হ’লেও আমাৰ বিদ্যালয়সমূহত আছিল। কিন্তু ১৯৮৮ চন মানৰ পৰা ‘সমাজ বিদ্যাৰ পৰিচয়’ বুলি এটা নতুন বিষয় অন্তৰ্ভুক্ত কৰা হ’ল। এই বিষয়টোত কিছুমান সানমিহলি কথা, অলপ সমাজৰ কথা আৰু অলপ অচৰপ ভূগোলৰ কথা সন্নিবিষ্ট কৰা হ’ল। ভূগোলৰ পৰা আমি জানিবলগীয়া ইমানখিনি কথা থকা সত্ত্বেও এই কাৰ্যৰ দ্বাৰা ভূগোলক অৱহেলা কৰা যেন হোৱা নাইনে? 

অৱনী কুমাৰ ভাগৱতী: তাৰমানে কথাটো কি হ’ল জানা, আগতে ভূগোল আছিল ১০০ নম্বৰ প্ৰশ্ন কাকতৰ। তাৰপাছত এয়া গৈ ‘সমাজ বিদ্যা’ হ’ল। সমাজ বিদ্যাত অৰ্থনীতি, ভূগোল, বুৰঞ্জী, ৰাজনীতি সকলো সানমিহলি হৈ এটা বিষয় হ’ল।  বিষয় হিচাপে ভূগোলৰ অস্তিত্ব নোহোৱা হৈ পৰিল। সমাজ বিজ্ঞান বা সমাজ অধ্যয়ন বুলি কৈ ভূগোল, বুৰঞ্জী সকলো সামৰি লোৱা হ’ল। গতিকে প্ৰশ্ন কাকত এখনেই হ’ল। সেইবাবেই ভূগোলৰ সম্যক অধ্যয়নৰ আশা একেবাৰে কমি গৈছে। মই এটা কথা বিশ্বাস কৰোঁ। যদি শিক্ষাৰ উদ্দেশ্য সমাজৰ উন্নয়ন হয়, তেতিয়া হ’লে ভূগোল আৰু বুৰঞ্জী দুয়োটা বিষয় অধ্যয়ন কৰা আৱশ্যক। দুয়োটা বিষয় আচলতে এটাৰ আনটোৰ পৰিপূৰক। অৰ্থাৎ ভূগোল ন’হলে বুৰঞ্জী হ’ব নোৱাৰে আৰু বুৰঞ্জী ন’হলে ভূগোল হ’ব নোৱাৰে। একেদৰে ভূগোল আৰু বুৰঞ্জীৰ যি পৰিসৰ, সেইয়া পঢ়ুৱৈসকলে অনুধাৱন কৰাটো বৰ জৰুৰী। অৰ্থাৎ এখন ঠাই, এটা অঞ্চল, তাৰ প্ৰাকৃতিক পৰিৱেশ, প্ৰাকৃতিক পটভূমি, তাৰপাছত মানুহৰ বিৱৰ্তন, ক্ৰমবিৱৰ্তন আদি বিভিন্ন দিশ ভূগোল আৰু বুৰঞ্জী অধ্যয়নৰ দ্বাৰাহে সম্ভৱ। এই যে ৰূপান্তৰৰ এক গদ্যৰ কথা থাকে, সেইয়া ভূগোল আৰু বুৰঞ্জী অধ্যয়ন কৰিহে জানিব পাৰি। আমি সৰুকালৰ পৰাই আমাৰ গাঁৱত এই ৰূপান্তৰৰ দৃশ্য প্ৰত্যক্ষ কৰিছোঁ।  পিছে সেই ৰূপান্তৰ আৰু আজিৰ গ্ৰাম্যাঞ্চলৰ ৰূপান্তৰৰ আকাশ পাতাল পাৰ্থক্য আছে। এতিয়াৰ ৰূপান্তৰে প্ৰকৃতিক একেবাৰে কোঙা কৰি পেলাইছে। পিছে আমি সৰুকালত দেখা সেই ৰূপান্তৰ প্ৰকৃতিৰ অনুকূলে আছিল।  এই বিষয়ৰ ওপৰত মোৰ এখন কিতাপ আছে  ‘প্ৰকৃতিৰ অনুকুলে – প্ৰতিকূলে’ বুলি। যিসকল বিখ্যাত মানুহ তেওঁলোক কিন্তু প্ৰকৃতিপ্ৰেমী ন’হলে বিখ্যাত নহয়েই। জ্যোতিপ্ৰসাদে চৈধ্য বছৰ বয়সতেই ‘শোণিত কুঁৱৰী’ নাটক লিখিলে। ‘গছে গছে পাতি দিলে ফুলৰে শৰাই’, ‘লানিকৈ ৰুলে ঐ গছৰে গুটি, সেউজী গছতে সোণৰে গুটি’, তাৰপাছত ‘সেউজী সেউজী সেউজী অ’- এই সকলোবোৰতেই প্ৰকৃতিৰ গুণগান কৰা হৈছে। বিষ্ণুৰাভাৰ গীত অথবা তেওঁৰ কবিতাতো সেই একেই প্ৰকৃতিৰ আভাস পোৱা যায়। ড° ভূপেন হাজৰিকাক আকৌ মোৰ ভূগোলৰ মানুহ যেনেই লাগে। তেওঁ প্ৰকৃতিক প্ৰাণভৰি ভাল পাইছিল। আচলতে আমি প্ৰকৃতিৰ ভেটিত সংস্কৃতি ৰচনা কৰিছোঁ আৰু আমাৰ জীৱন তাৰ ওপৰতেই চলি আছে। এই কথাটো আমি ভালদৰেই বুজি পাব লাগিব। সময়ৰ যি পৰিসৰ অৰ্থাৎ সময়ৰ গতিত যি পৰিৱৰ্তনৰ ইতিহাস সেইয়া আমি জানিব লাগিব। কোনো এজন মানুহক যদি আমি সভ্য বা ভদ্ৰ মানুহ বুলি ধৰি লওঁ, তেনেহলে তেওঁৰ তিনিটা পৰিসৰত জ্ঞান থাকিব লাগিব। এটা হৈছে অতীত, এটা বৰ্তমান আৰু আনটো ভৱিষ্যত। যিগৰাকী লোকৰ অতীতৰ প্ৰতি শ্ৰদ্ধা আছে, বৰ্তমানৰ প্ৰতি দায়বদ্ধতা আছে আৰু ভৱিষ্যতৰ প্ৰতি সপোন আছে তেনেজন মানুহক আমি দায়বদ্ধ মানুহ বুলি কম। এই তিনিটা গুণ থাকিবলৈ হলে মানুহজনে ভূগোল আৰু বুৰঞ্জী অধ্যয়ন কৰিব লাগিব। বিদ্যালয়ত ভূগোল বাধ্যতামূলক কৰে নে নকৰে নাজানো। কিন্তু ভূগোলৰ জ্ঞান সকলোৰে থকাটো বাঞ্ছনীয়। 

সাহিত্য ডট অৰ্গ: ছাৰ, এগৰাকী সফল কবি হিচাপেও আপুনি পাঠকসকলৰ পৰা সমাদৰ লাভ কৰিছে। কবিতাৰ প্ৰতি আপুনি কেনেদৰে আকৰ্ষিত হ’ল সেই বিষয়ে আমাক অলপ জনাবনে? 

অৱনী কুমাৰ ভাগৱতী: হয়। আচলতে পঢ়ি থকা দিনৰ পৰাই মোৰ কবিতাত ৰাপ আছিল। পিছে মহাবিদ্যালয়ত পঢ়ি থাকোঁতেহে মই প্ৰথম কবিতা লিখা আৰম্ভ কৰিলোঁ। তেতিয়া মানৱ প্ৰেম সম্পৰ্কে মই কবিতাসমূহত উল্লেখ কৰিছিলোঁ। সেই সময়ত আমি নীলমণি ফুকন ছাৰ আৰু নলিনীধৰ ভট্টাচাৰ্য ছাৰক গুৰু মানি লৈছিলোঁ। পিছলৈ যেতিয়া মই গদ্য লিখা আৰম্ভ কৰিলোঁ, তেতিয়া হোমেন বৰগোঁহাঞি ছাৰে মোৰ গদ্যশৈলীক প্ৰশংসা কৰিছিল।  পিছলৈ মোৰ অজানিতেই কবিতাবোৰ ভূগোল আৰু প্ৰকৃতিকেন্দ্ৰিক হৈ পৰিল। এতিয়া মোৰ বেছিভাগ কবিতা নৈকেন্দ্ৰিক। গছ-গছনি পথাৰ আদিয়েই বৰ্তমান মোৰ কবিতাসমূহৰ মূল বিষয়বস্তু। 

সাহিত্য ডট অৰ্গ: অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমণ কৰি আপুনি বিভিন্নজনৰ সান্নিধ্য লাভ কৰিছে। কোনো সাধাৰণ অথচ বিশেষ ব্যক্তিৰ সান্নিধ্য আপোনাৰ মনত আজিও স্মৰণীয় হৈ আছে নে ছাৰ? 

অৱনী কুমাৰ ভাগৱতী: হয়। এই বিষয়ে মই এবাৰ বাতৰি কাকতত লিখিছিলোঁ।  মই এবাৰ মাজুলীলৈ যাওঁতে নদীৰ পাৰলৈ গৈছিলোঁ। গৰাখহনীয়াই বিধ্বস্ত কৰা মিছিং সম্প্ৰদায়ৰ কেতবোৰ মানুহে মথাউৰিত বাস কৰা মই লক্ষ্য কৰিছিলোঁ। এদিন নদীৰ পাৰে পাৰে গৈ থাকোঁতে এজোপা গছৰ তলত এজন প্ৰায় পঁচাশী বছৰীয়া বৃদ্ধ মিছিং লোকক মই লগ পালোঁ। বয়সিয়াল লোকসকলক লগ পালে মই আনন্দিত হৈ পৰোঁ। কাৰণ তেওঁলোক হৈছে পুৰণি তথ্যৰ ভঁড়াল। মই মিছিং সম্প্ৰদায়ৰ সেই বুঢ়া মানুহজনক ব্ৰহ্মপুত্ৰৰ বিষয়ে সুধিলোঁ। মানুহজনে মোক ক’লে যে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বাবে তেওঁ এতিয়ালৈকে ছয় বাৰ নিজৰ ঘৰ সলনি কৰিছে। তেতিয়া মই মানুহজনক সুধিলোঁ, “এই নদীখনে আপোনালোকক ইমান কষ্ট দিয়ে, আপোনালোকৰ খঙ নুঠেনে?” মানুহজনে এপলক মোৰ ফালে চাই ৰ’ল আৰু তাৰপাছত ক’বলৈ আৰম্ভ কৰিলে, “খঙটো নুঠে আমাৰ। নদীলৈনো কিয় খঙ উঠিব? মই যেতিয়া হাল বাই থাকো মোৰ গোটেই শৰীৰত বোকা লাগি থাকে, পৰুৱাই কামোৰে, মহে কামোৰে। মোৰ গোটেই শৰীৰ লেবেজান হৈ পৰে। হালবাই উঠি মই যেতিয়া নদীৰ পাৰত গৰু কেইটাক গা ধুৱাই নিজেই পানীলৈ নামি গৈ নদীত বুৰ মাৰো তেতিয়া ইমান শীতলতা অনুভৱ কৰো যে মোৰ শৰীৰৰ সমগ্ৰ দুখ-বেদনা পলকতে নোহোৱা হৈ যায়।” তেওঁ পুনৰ ক’লে যে চৰকাৰে বান্ধ নিৰ্মাণৰ কাৰণে ইমান টকা যে খৰচ কৰিছে এইবোৰ কৰি আচলতে একো লাভ নাই। সহজ সৰল মনৰ মানুহজনে ব্ৰহ্মপুত্ৰ নদীখন এডাল সাপৰ সতে তুলনা কৰি কলে যে নদীখনক এফালে কোবালে আনফালে ভাঙিব আৰু সেইফালে কোবালে এইফালে ভাঙিব। সেই সাধাৰণ মানুহজনে প্ৰকৃতিক প্ৰকৃতিৰ ভাগে থাকিব দি প্ৰকৃতিৰ নিয়মক হস্তক্ষেপ নকৰি মানুহে নিজৰ কাম কৰিব লাগে বুলি মত প্ৰকাশ কৰিছিল। 

আন এটা স্মৰণীয় ঘটনা ঘটিছে ২০০৬ চনত। সেই সময়ত মই জৈৱ বৈচিত্ৰ্যৰ ওপৰত এখন ডাঙৰ কিতাপৰ কাম আৰম্ভ কৰিছিলোঁ। সেই কিতাপখনৰ নেতৃত্ব ময়েই লৈছিলোঁ। কিতাপখনৰ নাম আছিল ‘বায়’ডাইভাৰছিটি অফ্ আছাম’ (Biodiversity of Assam)। সেই সময়তেই আমি বিহালীৰ ওচৰৰ বেদেতী নামৰ ঠাইটুকুৰাত এখন ৰাইজমেল পাতিছিলোঁ। সেই ৰাইজমেলখনলৈ সেই অঞ্চলৰ বহু মানুহ আহিছিল। তাৰে এজনে কৈছিল যে তেওঁলোকৰ তাত সকলোৱে নিজৰ নিজৰ কাম কৰি খায়। এজন বুঢ়া মানুহে সিদিনা আমাক কৈছিল,  “আমাৰ খেতি বাতি যেতিয়াই নোহোৱা হ’ল, সেই তেতিয়াৰ পৰাই মানুহৰ চৰিত্ৰ নষ্ট হ’বলৈ ধৰিলে।” সাধাৰণ মানুহ এজনে নিজৰ অনুভৱেৰে কোৱা কথাষাৰত যথেষ্ট সবল যুক্তি আছিল। কাৰণ খেতিৰ লগত চৰিত্ৰৰ সঁচা অৰ্থত মিল আছে। মাটি থাকিও খেতি নকৰি মানুহ এলেহুৱা হৈছে, অকৰ্মণ্য হৈছে। আন এজন মানুহে চৰাই নোহোৱা হোৱা বাবে আক্ষেপ প্ৰকাশ কৰিছিল। আমি খন্দা পুখুৰীবোৰত মেটেকা, পুনি, দল ঘাঁহ আদি গজিবলৈ দি ডাউক জাতীয় চৰাই বিলুপ্ত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰোঁ বুলি তেওঁ মত প্ৰকাশ কৰিছিল। এই সাধাৰণ মানুহবোৰৰ চিন্তাধাৰা প্ৰকৃতিৰ অনুকুলেই থাকে। সাধাৰণ শ্ৰেণীৰ মানুহক প্ৰকৃতি ধ্বংসকাৰী বুলি কেতিয়াও ক’ব নোৱাৰি। কেতিয়াবা প্ৰকৃতিৰ অহিতে যদি কিবা কৰে সেইয়া তেওঁলোকে নিজৰ পেটৰ কাৰণে অথবা নিজৰ ইচ্ছাৰ বিৰূদ্ধে গৈ কৰিবলগীয়া হয়। 

সাহিত্য ডট্ অৰ্গ: ছাৰ, বৰ্তমান প্ৰজন্ম তথা সাহিত্য ডট অৰ্গৰ পাঠকসকলে পৰিস্থিতিৰ ভাৰসাম্য কেনেদৰে ৰক্ষা কৰিবলৈ সমৰ্থ হ’ব সেইবিষয়ে অনুগ্ৰহ কৰি আমাক অলপ পৰামৰ্শ দিবনে?  

অৱনী কুমাৰ ভাগৱতী: মই এটা কথাই ক’ব বিচাৰিম। ধৰা এটি শিশুৱে যদি নৈৰ সোঁতত অকণমান সময়ৰ বাবে হ’লেও তাৰ ভৰি দুখন তিয়াই নৈৰ সোঁতৰ স্পৰ্শ লাভ কৰে, শিশুটোৱে যদি মেটেকা নাইবা দলনিৰ মাজত এটা চৰাইৰ বাহ দেখে নাইবা যদি এটা শিশুৱে এটা বাহত কিছুমান শালিকা চৰাইৰ পোৱালি দেখা পায় আৰু মাক বা বাপেক শালিকাটোৱে সিহঁতলৈ মুখত কেইটামান ফৰিং লৈ অহা লক্ষ্য কৰে, তেনেহ’লে সেই শিশুটোৱে প্ৰকৃতিৰ সতে মিতিৰালি পাতিবলৈ সক্ষম হ’ব।  শালিকা পোৱালিৰ মাকটো বা বাপেকটোৰ পোৱালিকেইটালৈ ইমানেই মৰম যে নিজৰ ভোক থকাৰ পাছতো এটাও ফৰিং সিহঁতে ভক্ষণ নকৰে। শিশু এটাৰ এনেধৰণৰ কথা মন কৰাৰ প্ৰৱণতা থাকিলে সি প্ৰকৃতিক অনুভৱ কৰিব। পৰুৱাই লানি পতা দৃশ্যটো, মকৰাই জাল পতাৰ কৌশলটো প্ৰত্যক্ষ কৰিব পৰা মানুহজনেই আচলতে প্ৰকৃতিৰ উপাসক। এইখিনিতেই প্ৰসংগক্ৰমে ঘটনা এটা কওঁ শুনা। সৌ সিদিনা এডাল সাপে কেৰ্কেটুৱাৰ পোৱালি ভক্ষণ কৰা মই প্ৰত্যক্ষ কৰিলোঁ। মই জানিলো যে সাপে কেৰ্কেটুৱা খায়। আকৌ সাপক বিভিন্ন চৰাইয়ে ভক্ষণ কৰে। এতিয়া এই সাপবোৰৰ সংখ্যা আগতকৈ কমি যোৱাৰ বাবে কেৰ্কেটুৱাৰ সংখ্যা বাঢ়িছে। আকৌ ধৰা আমি ধান তিয়াই থোৱাৰ পাছত বীজ সিঁচি দিলোঁ, তাৰ পৰা কঠীয়া গজিল, সেই কঠীয়া আনি ৰোৱাৰ পিছত তাৰ পৰা ধান ওলাল। এই সমগ্ৰ প্ৰক্ৰিয়াবোৰ যদি এটি শিশুৱে লক্ষ্য কৰে নাইবা এই প্ৰক্ৰিয়াবোৰৰ লগত যদি শিশুবোৰক সংযুক্ত কৰা যায় তেতিয়া শিশু অৱস্থাতেই তেওঁলোকৰ মনত প্ৰকৃতিৰ প্ৰতি এক ভালপোৱা গঢ় লৈ উঠিব। মোৰ ‘নিজৰ ঠাই, নিজৰ ঘৰ’ নামৰ এখন কিতাপ আছে। সকলোৰে নিজৰ আপোন ঠাইখনৰ প্ৰতি থকা ভালপোৱাখিনিয়েই এই কিতাপখনৰ মূল বিষয়বস্তু। এই যে আপোন ঠাই বা নিজৰ ঠাই- এই কথাটো মানুহ এজনৰ মনত গভীৰভাৱে সোমাই গ’লে তেওঁ নিজৰ ঠাইখনৰ প্ৰতি অহিত চিন্তা কেতিয়াও কৰিব নোৱাৰে আৰু তাৰ পৰাই আচলতে জাতীয়তাবাদৰ সত্তা এটাও গঢ় লৈ উঠে। 

সাহিত্য ডট অৰ্গ: ছাৰ, আপোনাক সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা ধন্যবাদ জনালোঁ। আমাক ইমান সময় দি আপোনাৰ শৈশৱৰ পৰা আৰম্ভ কৰি আপোনাৰ কৰ্মজগত, আপোনাৰ জীৱন দৰ্শন আদিকে ধৰি আমাক বহু কথা জনালে। আপোনাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ছাৰ। 

অবনী কুমাৰ ভাগৱতী: তোমালোককো ধন্যবাদ জনাই তোমালোকৰ ই- আলোচনীখনৰ উত্তৰোত্তৰ কামনা কৰিলোঁ।

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Dr. Sangeeta Devi
1 year ago

মহাশয়, ড০ অৱনী কুমাৰ ভাগৱতী দেৱৰ সাক্ষাৎকাৰটি পঢ়ি অভিভূত হ’লো। আমি নিজেও তেখেতক এবাৰ লগ পাই আলাপ কৰিব পাৰিলে নথৈ আনন্দিত হ’ম। ইয়াৰ বাবে তেখেতৰ আগতীয়া অনুমতি ল’বলৈ আমাক তেখেতৰ ইমেইল আই দি বা ফোন নম্বৰ দিব পাৰিব নেকি? দিলে নথৈ কৃতাৰ্থ হ’ম। ধন্যবাদেৰে- ড০ সংগীতা দেৱী

Don`t copy text!