মহন্তদাৰ বিলাই

লেখক- নিখিল শৰ্মা

মহন্ত দা বৰ অমায়িক লোক। মহন্তদাৰ হাৰ্ডৱেৰৰ দোকানখন চহৰৰ ভিতৰতে আটাইতকৈ পুৰণি আৰু ডাঙৰ দোকান। মহন্তদাৰ ৰসাল কথাবতৰাৰ বাবে প্ৰায়ে সন্ধিয়া তেখেতৰ দোকানত আড্ডা মাৰোগৈ। হাৰ্ডৱেৰ দোকানত গধূলি সময়ত গ্ৰাহক নাহে বুলি কলেও ভুল নহয়। খুব কম সেয়ে গধূলিৰ সময়খিনি দাদাৰ দোকানত আড্ডা হয়। মহন্তদাৰ গোটেই পৰিয়ালতোক চহৰখনৰ বাদেও ওচৰ পাজৰৰ বহুত মানুহেও চিনি পায়। 

দুবছৰমান আগতে মহন্তদাৰ সৰু লৰাটো হেৰাল। ১৩/১৪ বছৰীয়া লৰাটো হেৰোৱাৰ খবৰটো চহৰখনত বনজুইৰ দৰে বিয়পি পৰিল। কাজেই মহন্তদাৰ ঘৰলৈ শুভাকাংক্ষীৰ সোঁত পৰিল। থানাৰ I/C ছাৰে নিজেই উপযাচি মহন্তদাৰ ঘৰত আহি এজাহাৰ এখন লিখাই লৈ গল। বাতৰি চেনেলৰ স্থানীয় ৰিপৰ্টাৰ সকল আহি বাতৰি সংগ্ৰহ কৰিলে।  বহুতে লৰাটোৰ ফটো ফেচবুকত দি লৰাটো বিচাৰি উলিওৱাত সহায় কৰাৰ বাবে উঠিপৰি লাগিল। 

ঘটনাটোৰ সাতদিনমান পিছত লৰাজনক গুৱাহাটীৰ ফুটপাথত কোনোবাই দেখি থানাত চমজাই দি আহিল। তেখেতে হেনো লৰাজনৰ ফটো ফেচবুকত দেখিছিল। সেয়ে সন্দেহবশতঃ লৰাজনৰ নাম ঠিকনা সুধি মিল পোৱা বাবে থানাত চমজাই দিলে থানাৰ পৰা মহন্তদাক ফোন কৰিলে। মহন্তদা আৰু লোকেল থানাৰ পুলিচ দুজন গৈ লৰাজনক লৈ আহিল। লৰাই হেনো ভুলতে পেহীয়েকৰ ঘৰত যোৱা গাড়ীৰ সলনি গুৱাহাটীৰ গাড়ীত উঠি দিলে। নতুন চহৰৰ আওভাও নোপোৱাৰ বাবে তাৰ এই গতি হল। 

মহন্তদা ফেচবুকৰ ওচৰত কৃতজ্ঞ। ফেচবুকৰ যহতে হেৰোৱা লৰা ঘূৰাই পালে। লৰাজনক ঘূৰাই পোৱাৰ দুদিনমান পিছত মহন্তদাই ডাঙৰকৈ পাৰ্টী এটা দিলে। ফেচবুকত লৰাৰ ফটো দিয়া সকলৰ ওচৰত মহন্তদা চিৰঋণী। কাজেই মহন্তদাকো ফেচবুক একাউণ্ট এটা খুলি চলাব শিকাই দিয়াৰ দায়িত্ব মোৰ ওপৰতে আহি পৰিল। 

দিন বাগৰি গল। ময়ো চহৰখন এৰি আহিলোঁ। মাজে মাজে মহন্তদাৰ লগত ফোনত কথা পাতোঁ। খবৰ লওঁ। 

সিদিনা হঠাৎ ফেচবুকতে দেখিলোঁ

নিৰুদ্দেশ সম্পৰ্কীয় পোষ্ট এটা। 

ফটোখন: 

নাম: 

বয়স: 

পিন্ধণত: 

কোনোবাই দেখিলে যোগাযোগ কৰিব দিয়া ফোন নম্বৰটোও মহন্তদাৰে। 

বৰ চিন্তাত পৰিলোঁ। লৰাজন আকৌ হেৰাল নেকি? মহন্তদাক ফোন কৰিলোঁ। 

: কি খবৰ মহন্ত দা? 

: আছো দিয়া। তোমাৰ খবৰ কোৱা। 

মহন্তদাৰ মাতত একো অস্বাভাৱিকতা নাই। সাহস কৰি মহন্তদাক সুধিলোঁ

: দাদা, বাবা আকৌ হেৰাল নেকি? 

: ***, পগলা হৈ গৈছোঁ। ফোনৰ ওপৰত ফোন। লৰা ঘৰৰ বাহিৰ ওলাব নোৱাৰে ইত্যাদি ইত্যাদি। 

মহন্তদাৰ কথাৰ সাৰাংশ হ, ৰা ফেচবুকৰ দৌলতত ঘূৰাই পালে ঠিকেই। কিন্তু আচল বিপদটো হল তাৰ পিছত। ফেচবুকত ফটোখন যোৱা দুবছৰে ঘূৰি আছে। লৰাক ৰাস্তাত দেখিলেই মানুহে ধৰিবান্ধি আনি ঘৰত গতাই দিয়ে আহি। আনকি স্কুলত যাওঁতে ৰাস্তাত পালেও আধাবাটৰ পৰাই ঘূৰাই লৈ আহে। মাহীয়েক পেহীয়েক মামাকৰ ঘৰ কতো যাব নোৱাৰে। যতে যিয়ে দেখে তাৰ পৰাই ধৰিবান্ধি থানাত চমজাই দিয়ে বা মহন্তদাৰ ঘৰত লৈ আহে। শেষত উপায়হীন হৈ লৰাক বাহিৰৰ স্কুলত পঢ়োৱাৰ চিন্তা কৰিছে। লক ডাউন খুলিলেই কৰবাৰ বৰ্ডিং স্কুলত দিব। 

: দাদা, ফেচবুক ভালনে বেয়া কওক এতিয়া? 

: __________অবাইচ মাত এসোপামান মাতি মহন্তদাই ফোনটো কাটি দিলে। 

মহন্তদাৰ এটা কথা কাণত বাজি থাকিল 

ধই ********* ফেচবুক। জীৱন শেষ কৰি দিলে আমাৰ! 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!