হেৰাই যাব ধৰা চ’তৰ বিহু

লেখক- পাৰুল বৰুৱা

বিহু বিহু বিহুটি
আমাৰ বিহু তিনিটি
কাতি বিহু কঙালী
মাঘৰ বিহু ভোগালী
বহাগ বিহু ৰঙালী
ৰঙালীতে ধেমালি কৰো হেৰা চেনাইটি অ’

অসমীয়া জাতীয় জীৱনৰ পৰিচায়ক বিহু তিনিটা—মাঘৰ বিহু বা ভোগালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু ব’হাগ বিহু বা ৰঙালী বিহু। কিন্তু আজিৰ নৱ প্ৰজন্মই নাজানিলেও তাহানিতে ৰঙালী বিহুটিক চ’তৰ বিহু বুলিও কোৱা হৈছিল। অসমীয়া সংস্কৃতিৰ সাধক, সাহিত্যিক ড° লীলা গগৈদেৱৰ মতে —“তাহানি চ’তৰ বিহু আৰু ব’হাগৰ বিহু বুলিলে দুটা সুকীয়া বিহুক বুজাইছিল। গোটেই চ’ত মাহটোত ডেকা-গাভৰুৱে বিহু পাতিছিল। এই বিহুত যৌনাসক্তিপূৰ্ণ গীত গাই ডেকা-গাভৰুৱে মনৰ ভাৱ বিনিময় কৰাটো একো আচৰিত নাছিল। সাধাৰণতে ডেকাই ডেকাৰ ভাগে, গাভৰুৱে গাভৰুৰ ভাগে সুকীয়াকৈ বিহু পাতিছিল। ডেকাৰ বিহুৰ সমল আছিল ঢোল, পেঁপা, গগণা আৰু তাল। গাভৰুৰ বাদ্য আছিল টকা আৰু গগণা। এই বিহু এমাহ জুৰি চলিছিল।”

তাহানি চ’ত মাহৰ আৰম্ভণিৰ পৰাই বিহু নাম শুনিবলৈ পোৱা গৈছিল। ফাগুনৰ উৰুঙা বতৰে ডেকা-গাভৰুৰ মনবোৰ ৰিঙা ৰিঙা কৰে। ফাগুনৰ বুকু গৰকি চ’ত মাহ সোমায়। বসন্তৰ পৰশ লাগি মোহনীয়া হোৱা প্ৰাকৃতিক পৰিৱেশে ডেকা-গাভৰুৰ মন ৰাঁই জাঁই কৰি তোলে। আদিম কৃষিজীৱী মানুহে যৌনাসক্তিমূলক গীত আৰু নাচোনৰ প্ৰভাৱত পথাৰত শস্যৰ উৎপাদন বৃদ্ধি হয় বুলি বিশ্বাস কৰিছিল। সেয়ে বসন্তৰ কমনীয় পৰিৱেশত উতলা ডেকা-গাভৰুৱে গোটেই চ’ত মাহটোত শস্যৰ মুকলি পথাৰত উদ্দাম বিহু নৃত্য কৰিছিল। এয়ে আছিল তাহানিৰ ৰাতি বিহু বা চ’তৰ বিহু। সেয়ে অন্য সময়তো বৰকৈ আনন্দ উল্লাস কৰিলে -‘‘চ’তৰ বিহু লাগিছে নেকি” বুলি কোৱা হয়।

বিহুত প্ৰিয়জনক দিবলৈ অসমীয়া জীয়ৰী-বোৱাৰীয়ে হেঁপাহৰ বিহুৱানখন ব’হাগৰ আগতেই বৈ কাটি উলিয়াইছিল। কেনেবাকৈ উলিয়াব নোৱাৰিলে “বিহুচেৰা” হ’ল বুলি কোৱা হৈছিল। সাধাৰণতে যঁতৰত সূতা কটা, মহুৰা ফুৰোৱা কামবোৰ ৰাতিতে কৰি দিনৰ ভাগত তাঁতৰ পাটত বহিছিল। বিহুনামত গোৱা হয়—

‘‘ৰাতি দুপৰলৈ কাটি সূতা লাহি
ধনলৈ বিহুৱান ব’লো
ৰঙাকৈ আঁচুৰে বাচি পাণেকটা
টিপতে লুকুৱাই থলো।”

সেইদৰে—
‘‘আজি বিহু বিহু কালি বিহু বিহু
নাহৰ ফুল ফুলিবৰ বতৰ
ফুলপানী ছিগাতে ঢোলৰ মাত শুনিছোঁ
গছকি ভাঙি যাওঁ যঁতৰ।”

অৰ্থাৎ ৰাতি বিহু বা চ’তৰ বিহুত ঢোলৰ মাত শুনি উত্ৰাৱল গাভৰুৱে যঁতৰ ঠেকেঁচা মাৰি ৰাতি বিহুলৈ ঢাপলি মেলিছিল। ডেকা-গাভৰুৱে মুকলি পথাৰত গছৰ তলত ৰাতি বিহু মাৰিছিল। কোনো বাধা নথকা এই বিহুত আছিল স্বাভাৱিক মৰম-চেনেহ, প্ৰেম-পীৰিতিৰ বতৰা আৰু যৌৱনৰ বিচৰণ। বিহুতলীতে ডেকাই জীৱন সংগিনীও বিচাৰি ল’ব পাৰিছিল। ডেকাই গাভৰুক পলুৱাইও নিছিল। সেয়ে চ’তৰ বিহুক “নিলাজী বিহু”ও বোলা হৈছিল। বিহুনামত আছে—

‘‘নিলাজী চ’ত আছিলি য’ত
যাগৈ নিলাজী থাকগৈ ত’ত।”

ওৰে নিশা ডেকা-গাভৰুৱে বিহু মাৰিছিল। বিহুনামত এনেদৰে কোৱা হয়—
‘‘এপৰ দুপৰ কৰি ৰাতি পাৰে হ’ব
আমাৰ বিহুত আমনি নাই
ৰাতিৰ পৰে পৰে ফেঁচাই কুৰুলিয়ায়
আমাৰ বিহু ভাঙোতা নাই।”

এতেকে বিহুৰ মূল উপাদান বিহু নৃত্য চ’ততে আৰম্ভ হৈছিল। বুৰঞ্জীবিদ হৰকান্ত সদৰামিনৰ “অসম বুৰঞ্জী”তো “চৈত্ৰৰ বিহু”ৰ উল্লেখ আছে। কবিয়েও কবিতাৰে বৰ্ণনা কৰিছে—
‘‘চ’তৰ বিহুত বৰদৈচিলা
মাকৰ ঘৰলৈ যায়
গছ-গছনি ঘৰ দুৱাৰ
নিয়ে উৰুৱাই।”

সংগীতানুৰাগী স্বৰ্গদেউ ৰুদ্ৰসিংহই এই বিহুক ৰংঘৰৰ বাকৰিলৈ আনি ৰজাঘৰীয়া স্বীকৃতি প্ৰদান কৰে আৰু তেতিয়াই বিহুনামবোৰলৈও সুকীয়া মৰ্যাদা আহে। সাধাৰণতে ৰাতি বিহুৰ প্ৰেম-পীৰিতিৰ নাম আৰু যৌনাদ্দীপক বনঘোষাবোৰ মুকলিকৈ গোৱা নহৈছিল।

এনেদৰেই পথাৰৰ গছৰ তলৰ বিহু ৰজাঘৰীয়া মৰ্যাদাৰে ৰাইজৰ চোতাল গৰকি হুঁচৰিৰ ৰূপ পালে বুলি ধাৰণা কৰা যায়। বহু পণ্ডিতৰ মতে বিহু “প্ৰাক আৰ্য্য” কালৰ বুলি ক’লেও সময়ৰ সোঁতত বিহুত ধৰ্মীয় চেতনায়ো গা কৰি উঠে। চ’তৰ বিহু পালন কৰিলেও বিহুৰ আনুষংগিক লোকাচাৰ আৰু ধৰ্মীয় পৰম্পৰাখিনি অতীজৰে পৰা ব’হাগৰ বিহুতেই পালন কৰি অহা হৈছে। সময়ৰ বিৱৰ্তনত বিহুৰ ধ্যান-ধাৰণালৈও বহু পৰিৱৰ্তন আহিল। কালক্ৰমত এসময়ৰ গছ তলৰ বিহু আহি মঞ্চ গৰকিলেহি। পূৰ্বতে হুঁচৰিত মহিলাই অংশগ্ৰহণ নকৰিলেও বৰ্তমান বিহু হুঁচৰিত গাভৰুৱে অংশগ্ৰহণ কৰাটো সকলোৱে গ্ৰহণযোগ্য বুলি আদৰি লৈছে। পৰিৱৰ্তিত সমাজ ব্যৱস্থাত বিহুৱেও ৰূপ সলাইছে। জীৱন আৰু জীৱিকাৰ তাড়নাত জীৱন ধাৰণলৈও পৰিৱৰ্তন আহিছে আৰু ৰূপান্তৰৰ গতিত লাহে লাহে বিহুৰ বহু লোকাচাৰ আৰু পৰম্পৰা হেৰাই গৈছে।
হয়তো এনেদৰে চ’তৰ বিহু হেৰাই গ’লেও বৰ্তমান মঞ্চ বিহুৰ বাবে চ’ত মাহত কৰা আখৰাই “চ’তৰ বিহু”ক উজ্জীৱিত কৰি ৰাখিব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!