শৈশৱৰ পোক-পৰুৱা, চৰাই-চিৰিকতিবোৰ
লেখক- কৰবী দত্ত
ক’লৈকো যাব নোৱাৰি, কোনো আহিব নোৱাৰে। শব্দ, বাদ্যযন্ত্ৰৰ সংমিশ্ৰণেৰে ক’ভিড আতংকৰ সৃষ্টি কৰি থকা চেনেলবোৰো চাবলৈ ভয়, সেইবাবেই টিভি চোৱাটোও বন্ধ। বাতৰিকাকত পঢ়া কামটোও ৰাতিপুৱাই শেষ। ৰন্ধা-বঢ়া, কাপোৰ ধোৱা কামখিনি কৰাৰ পাছত আজৰিয়েই আজৰি, হাতত অফুৰন্ত সময়। এই ভৰ বাৰিষাত বাগিচাৰ কাম কৰাটোও সম্ভৱ নহয়। সেইবাবেই সঘনাই ওভোটনি যাত্ৰা শৈশৱলৈ। শৈশৱৰ শাওন-বহাগ, পূজা-বিহু, বতৰৰ ফল-ফুলবোৰ, মাৰ হাতৰ বিচনীৰ বা, আবুৰ মুখৰ সাধুকথা, দেউতাৰ স’তে বকুলৰ তলত কটোৱা আবেলিবোৰ… সেইবোৰকে লিৰিকি-বিদাৰি পাৰ কৰিছোঁ এই সময়চোৱা। আচৰিত ধৰণে গৃহবন্দীত্বৰ এই সময়ছোৱা মোৰ বাবে আমনিদায়ক হৈ পৰা নাই, বৰং শৈশৱৰ বাৰেবৰণীয়া সোঁৱৰণীয়ে কেতিয়াবা মোক আনন্দিতহে কৰিছে। এই সোঁৱৰণীৰ কোনো ধাৰাবাহিকতা নাই, সকলোবোৰেই টুকুৰা-টুকুৰ ছবি। প্ৰতিখন ছবিয়েই মোৰ বাবে একক, অনন্য আৰু বুকু জুৰাব পৰা।
এই যোৱা সপ্তাহৰ কথাকে ধৰক। মোৰ মনত ভাঁহি উঠিল গাঁৱৰ ঘৰৰ পঢ়া টেবুলখন। টেবুলৰ সমুখৰ নতুনকৈ চূণ-তেল দিয়া বেৰখনত লাহে লাহে বগাবলৈ লোৱা অজস্ৰ ভৰি থকা, তেনেই লাহি দেহৰ, চাৰি ইঞ্চিমান দীঘল সৰস্বতী চেলাডাল আজি প্ৰায় ৩৬/৩৭ বছৰৰ পাছতো মোৰ মনৰ চকুত একেই জীৱন্ত ৰূপত ধৰা দিলেহি। পঢ়া টেবুলত থকা লেমটোৰ পোহৰটো যে তেনেই কমাই দি চেলা ডালৰ গতিবিধি লক্ষ্য কৰি আছিলোঁ! প্ৰায় আন্ধাৰ কোঠাটোত চেলাডাল জোনাকী পৰুৱাৰ দৰে জিলিকিছিল। লেমৰ পোহৰ বঢ়াই দিলে চেলাৰ পোহৰ কমে, কমাই দিলে বাঢ়ে। তেনেকৈ আধা ঘণ্টামান আন্ধাৰ-পোহৰৰ লগত খেলি থাকোঁতেই ভাত খাবৰ হৈছিল, পঢ়াৰো সিমানতে ইতি পৰিছিল। গোটেই ঘটনাটো মোৰ মনত জিলিকি উঠিল এখন কথাছবিৰ দৰেই। গাঁওবোৰত বা এতিয়া সৰস্বতী চেলা আছেনে নাই? কেৱল সৰস্বতী চেলাইনে? তেনে কত জীৱ, পোক-পৰুৱা আজি কত বছৰে দেখা নাই!
ঘৰৰ সমুখৰ, হাইস্কুলৰ খেলপথাৰৰ ওচৰৰ পথাৰকেইখনত, আমাৰ চুবুৰীটোৰ এমূৰে থকা হোলাটোত থকা জোনাকী পৰুৱাবোৰেও এসময়ত কম আকৰ্ষণ কৰিছিলনে! আচলতে হস্পিটালৰ সমুখৰ, হাইস্কুলৰ খেলপথাৰৰ কাষৰ পথাৰখন বা হোলাটোৰ ওচৰেৰে সন্ধিয়া আহিবলৈ ভয়েই লাগিছিল। সেইসময়ত প্ৰচলিত ভূত-দ’তৰ অলেখ কাহিনীকো নেওচি কেতিয়াবা সন্ধিয়া সেইফালে যাবলগীয়া হ’লে জাক জাক জোনাকী পৰুৱাই সন্মোহিত কৰিছিল। একেদৰেই সন্মোহিত কৰিছিল আন্ধাৰ নিশাবোৰত অলেখ তৰাৰে ভৰি থকা আকাশখনে। কেতিয়াবা একোটা তৰা আকাশৰ ইমূৰৰ পৰা সিমূৰলৈ গতি কৰা দেখিছিলোঁ, লগে লগে চিঞৰি ওচৰত থকা সকলোকে জনাইছিলোঁ– সৌটো ৰকেট! নেদেখা হোৱালৈকে সেই তৰাটো চাই থকাটোও কম আনন্দৰ কথা নাছিল। নিজান নিশাৰ ঝিলীবোৰৰ মাততো কি যে এক সুকীয়া আকৰ্ষণ আছিল!
বাৰিষাৰ দিনবোৰত পোক-পৰুৱাবোৰ বেছি হৈছিল। কেচু-কুমতি, কুমজেলেকুৱা, পুখুৰীত পিলপিলাই থকা নেজলগা লালুকীবোৰ, খালৰ ভয়লগা পানীজোকবোৰ, বনৰ ওপৰত লেউলেউকৈ বগাই ফুৰা চিনাজোকবোৰ! একোদিন আঙুলিৰ মাজত সোমাই তেজ পি বৰ একোটা হোৱা চিনাজোকবোৰ হাতত অলপ থুই লৈ এৰাই দিয়াৰ কথাটো শুনি আজিকালিৰ ল’ৰা-ছোৱালীয়ে ঘিণেই কৰিব। তাৰ পাছত জোকডালত অকণমান নিমখ ছটিয়াই দিলেই ৰক্তাৰক্তি কাৰবাৰ! গৰু-ছাগলীৰ গাত লাগি অহি বৰ বৰ জোকবোৰ মাৰিবলৈ অৱশ্যে সাহস হোৱা নাছিল, সিহঁতক মৃত্যুদণ্ড দিছিল গৰখীয়া ল’ৰাবোৰে। নিমখ ছটিয়াই মৃত্যুদণ্ড দিয়া ব্যৱস্থাটো কুমজেলেকুৱাৰ ক্ষেত্ৰতো অব্যাহত আছিল। জিকা গছবোৰত হোৱা গান্ধীপোকৰ গোন্ধটো কি যে অসহনীয় আছিল! গুবৰুৱা আৰু ভোমোৰাবোৰক সৰুতে একে যেনেই দেখিছিলোঁ, পাছত অৱশ্যে আকাৰ-আকৃতি দেখি চিনিব পৰা হৈছিলোঁ। বাৰিষাৰ আগমনৰ লগে লগে বিছাবোৰো হঠাতে কৰ’বাৰ পৰা ওলাবলৈ আৰম্ভ কৰিছিল। হাবিয়ে-বননিয়ে পিটপিটাই ফুৰা আমাৰ দৰে ল’ৰা-ছোৱালীৰ বিছাবোৰ আছিল পৰম শত্ৰু। বিছাই ডাকিলে তাৰ তীব্ৰতা অনুসৰি কাণত চূণৰ ফোঁট নাইবা ডিঙিত কলচোচনিৰ মালা পিন্ধিব লাগিছিল। লগতে শুনিব লাগিছিল এসোপামান বকনি। বিছাবোৰেই পাছলৈ পখিলা হয়গৈ বুলি মায়ে কৈছিল যদিও বিশ্বাস কৰিব পৰা নাছিলোঁ। আমাক ইমান কষ্ট দিয়া বিছাবোৰ গৈ সুন্দৰ সুন্দৰ, ৰঙীন পখিলা হ’ব পৰাটো তেতিয়া অবিশ্বাস্যই আছিল।
বোন্দাকেঁচুবোৰ হাঁহৰ প্ৰিয় খাদ্য আছিল, শামুকবোৰো সিহঁতে ভাল পাইছিল। বোন্দাকেঁচুবোৰ আন্ধাৰত জ্বলি থাকিছিল, অৱশ্যে জোনাকী পৰুৱা আৰু সৰস্বতী চেলাতকৈ নিষ্প্ৰভ আছিল। বিশেষকৈ হাঁহ পোৱালিবোৰে কেঁচু আৰু শামুক বৰ ভাল পাইছিল। চেপাত লাগি অহা শামুকৰ খোলাবোৰ ভাঙি দলিয়াই দিয়াৰ পাছত আমাৰ দৰে শিশুবোৰৰ বাবে হাঁহ পোৱালিবোৰৰ মাজৰ দৌৰ প্ৰতিযোগিতা এক আমোদজনক বিষয় আছিল। পঁচা কলগছৰ মাজৰ সৰু সৰু কেঁচুবোৰে বৰকৈ জপিয়াব পাৰিছিল। বৰশীৰ টোপৰ বাবে এই কেঁচুৱেই সকলোতকৈ ভাল বুলি অভিজ্ঞতাই আমাক শিকাইছিল। অৱশ্যে গোঁহালিৰ দাঁতিত সুদৃশ্য জালত ওলমি থকা ক’লা, হালধীয়া ৰঙৰ বৰ বৰ বাঘ মকৰাবোৰো বৰশীৰ টোপ হিচাপে ভাল আছিল। কান্ধুলী মাছবোৰে আকৌ পইতাচোৰাৰ টোপহে পচন্দ কৰিছিল। বৰলৰ টোপ প্ৰায় দুষ্প্ৰাপ্যই আছিল। গোহালিৰ পাছফালে মাজে সময়ে টেকেলিৰ আকাৰৰ কদো বাহটো দেখিবলৈ কিমান যে ধুনীয়া আছিল! এবাৰ এজোপা লেচু গছত মৌৱে বাহ লৈছিল। সেই সময়ত লেচুবোৰ পুৰঠ হৈছে, পকিবলৈ বেছিদিন নাই। তেনে সময়তে মৌবাহৰ আগমনে মোক দুশ্চিন্তাতেই পেলাইছিল। ঘৰৰ ডাঙৰসকলে সাৱধানবাণী দি থৈছিল– চাবি দেই, লেচুৰ খকত মৌবাহৰ ওচৰলৈ নাযাবি। মৌৱে আগুৰি ধৰিলে ৰক্ষা নাপাবি! ভাগ্যে যেনিবা দুদিনৰ পাছতেই মৌবাহ উৰি গৈছিল। মাহঁতে কোৱা শুনিছিলোঁ– সেইবাহ হেনো জিৰণীয়া মৌ আছিল।
ঘৰৰ অ’ত-ত’ত মাজে মাজে কুমাৰণীৰ বাহ দেখিছিলোঁ। অলপ অলপকৈ মাটি কঢ়িয়াই বাহ সজা কামটো চাই কিমান সময় যে কটাব পাৰিছিলোঁ! সৰুতে অৱশ্যে সকলোতকৈ চিনাকি আছিল আমবোৰৰ ভিতৰত থকা ক’লা ক’লা টান পোকবোৰ। তেতিয়া ঘিণ কি বস্তু জনাই নাছিলোঁ। গছৰ পৰা সৰি পৰা পকা আম একোটা হাতেৰে মচি, দাঁতেৰে বাকলি গুচাই খাবলৈ লওঁতেই কেতিয়াবা ক’লা পোক একোটা ওলাই আহিছিল। সেই সময়ত ঘৰৰ বাৰীত আম-কঠাল ভৰি আছিল। তথাপিও পোকলগা আমবোৰ পেলাই নিদিছিলোঁ, ভাল অংশটো খাইহে এৰিছিলো। পুখুৰীপাৰৰ কৰ্দৈ গছজোপালৈ কেতিয়াবা এজাক টিঁয়া চৰাই আহিছিল। কেঁচা কৰ্দৈবোৰ কূটি পেলোৱা সেইজাক চৰাইক মই বেয়া পাইছিলোঁ, মোৰ ভাগৰ কৰ্দৈ খাই শেষ কৰি পেলাব বুলি আশংকা কৰিছিলোঁ। অথচ বাৰমাহে লগা সেই কৰ্দৈজোপাত লমালমে লগা কৰ্দৈবোৰৰ বেছিভাগেই পকি, সৰি নষ্ট হৈছিল।
আকাশেৰে বগলী উৰি যোৱা দেখিলে হাত দুখন আগবঢ়াই “বগলী, বগা ফোঁট দি যা” বুলি চিঞৰিছিলোঁ। আচৰিত ধৰণে নখবোৰত বগা বগা ফুটবোৰ দেখি সেয়া বগলীজাকে দি যোৱা বুলিয়েই ভাবিছিলোঁ। কেতিয়াবা গৰুৰ পিঠিত উঠি থকা বগলীবোৰ দেখি কিমান যে ভাল লাগিছিল! ধাননি পথাৰত মাছৰ বাবে চোপ লৈ থকা পখৰা কণাবগলীবোৰে বহু পৰ লৰচৰ নকৰাকৈ থকা দেখি আচৰিত হৈছিলোঁ। বৰটোকোলা (বৰটোকোলাক আমি কথিত ভাষাত হদং বুলি কৈছিলোঁ) আৰু হাড়গিলাবোৰক পিছে অলপ ভয় লাগিছিল, বোধহয় সিহঁতৰ আকাৰ আৰু আকৃতিৰ বাবেই। বৰটোকোলাবোৰ আকাৰত হাড়গিলাতকৈও ডাঙৰ আছিল।
পথাৰত পেলাই থৈ অহা মৰা গৰুবোৰ খাবলৈ পাখি মেলি বহি থকা শগুণবোৰক বৰ ধীৰ-স্থিৰ যেন লাগিছিল। মাহঁতে কোৱা শুনিছিলোঁ– ৰজা শগুণটো আহি মৰা গৰুটোৰ চকুটো ফুটাই দিলেহে বাকীবোৰ শগুণে খাবলৈ আৰম্ভ কৰে। জাকটোৰ মাজত জিলিকি থকা, ওলমি পৰা ৰঙা ডিঙিৰ শগুণবোৰক আমি ৰজা শগুণ বুলি ভাবিছিলোঁ। অৱশ্যে শগুণবোৰৰ লগতে ঢোৰা কাউৰীবোৰেও সেই বৰভোজত যোগ দিছিল। আকাশৰ বহু ওপৰেৰে উৰিব পৰা চিলনীবোৰক সবাতোকৈ ভাগ্যবান যেন লাগিছিল, কেতিয়াবা সিহঁতলৈ হিংসাই লাগিছিল। দুই ঠেঙৰ মাজত সাপ একোটা ধৰি নি ওখ গছ একোজোপাত বৰভোজৰ আয়োজন কৰোঁতেই সাপকটা চৰাইটোলৈ চাই চিঞৰিছিলোঁ– ‘‘সাপকাটা তোৰ কাণখান চাউ!” আমাক আচৰিত কৰি চৰাইটোৱে মূৰ লৰাই লৰাই আমাক কাণখন দেখুৱাইছিল।
কুলি, কেতেকীক সিঞৰা কথাটো তেনেই সাধাৰণ আছিল। “কুউউ” বুলি মৰা দীঘল চিঞৰটো, “বৌ কাকা ক’ত” বুলি কেতেকীৰ মুখে মুখে কোৱাটো শৈশৱৰ এক ধৰণৰ খেলেই আছিল। হুদুৱে মাতিলে অলপ ভয় ভয় লাগিছিল, হয়তো ডাঙৰবোৰৰ মুখত হুদুক অমংগলীয়া চৰাই বুলি শুনা বাবেই। তথাপিও তাৰ “হুদু, হুদু” মাতটোক অনুকৰণ কৰি সিঞাৰিছিলোঁ–ভিঠাৰ মাটি খুন্দু! হাতীক জোকাবলৈহে পিছে বুকুত সাহস গোটাব লাগিছিল। আমি শুনিছিলোঁ– ‘‘হাতী টেমি চোৰ” বুলি ক’লে হাতীৰ বৰ খং উঠে, খঙতে জোকোৱাটোলৈ চোঁচা লয়। সেই বিৰাটাকায় জীৱটোৱে দৌৰি খেদি আহিলে দেখিবলৈ কেনে লাগিব সেয়া কল্পনা কৰিছিলোঁ আৰু প্ৰাণটাকি চিঞৰিছিলোঁ– “হাতী টেমি চোৰ।” নাই, হাতীৰ খং উঠাৰ উমঘামেই নাছিল। মোৰ দৰে বহুতেই ঘৰৰ মানুহে নেদেখাকৈ হাতীৰ পেটৰ তলেৰে পাৰ হৈছিল। সেই উত্তেজনাপূৰ্ণ মুহূৰ্ত সঁচাকৈয়ে উপভোগ্য আছিল।
গছৰ তলে তলে বগাই ফুৰা সাপবোৰ আৰু তৰাগছবোৰৰ মাজৰ নেউলবোৰেও আমাৰ দৃষ্টি আকৰ্ষণ কৰিছিল। এবাৰ এজন সাপধৰা মানুহে আমাৰ বাৰীৰ সীমাতে লাগি থকা মুকুন্দ বায়নৰ বাৰীৰ পৰা বৰ এডাল মচোৱা গোম ধৰি আনি বজাৰৰ মাজত দেখুৱাইছিল। এবাৰ আকৌ সাপ-নেউলৰ যুঁজ লগা শুনি মা-আবুহঁতৰ হকাবধা নেওচি উধাতু খাই সেই ‘যুদ্ধক্ষেত্ৰ’ পাইছিলোগৈ। পিছে সেইদিনা আছিল বজাৰ বাৰ, সাপ-নেউলৰ যুঁজ চোৱা মানুহেৰে ৰণথলী ভৰি পৰিছিল। সকলো ফালে মানুহেই মানুহ। মানুহৰ ভীৰত সাপ-নেউল একোৱেই নেদেখি বৰ দুখ পাইছিলোঁ।
ডালিম ফুলৰ মৌ খাবলৈ অহা চঞ্চল মৌপিয়াবোৰ, নেজ জোকাৰি জোকাৰি ইফাল সিফাল কৰি থকা দহিকতৰা, চোতালৰ নাৰিকলজোপাত বাহ লোৱা কাঠৰোকা, পুখুৰীৰ দলংখনত ধ্যানমগ্ন মাছৰোকা, তামোল গছত বাহৰ বাহিৰত বহি ওলমি থকা টোকোৰা, সেউজীয়া ৰঙৰ হেটুলুকা, শেৱালিজোপাৰ নোমাল বিছাবোৰ খাবলৈ অহা হালধীয়া পাটমাদৈ, পথাৰৰ বাঁহৰ বেৰত বহি পোক-পৰুৱা, ফৰিং ধৰিবলৈ বাট চাই থকা ফেচু, শালিকা আৰু চুতীয়া শালিকা, খেৰৰ পুজিৰ মাজৰ পৰা ভুৰুং ভুৰুংকৈ উৰা মৰা ঘনচিৰিকাজাক, আপচু পোৱালিকেইটাৰ সৈতে বাঁহনিত ঘূৰি ফুৰা ডাউকহাল, কণমানি টুনি চৰাইবোৰ, নিজান দুপৰীয়াবোৰত ৰৈ ৰৈ ৰুণ দিয়া কপৌকেইটা, … সকলোবোৰ দেখোন তেনেই চিনাকি, তেনেই আপোন আছিল!
পুখুৰীৰ পাৰৰ বগৰীজোপাৰ তলত বহি, বগৰী খাই খাই উঁই হাফলুৰ ব্যস্ত উঁইবোৰ চোৱাটোও কম ভাল লগা কাম আছিলনে? তামোল গছবোৰৰ সদাব্যস্ত টোকোৰা চৰাইবোৰৰ ভাগৰ কিয় নালাগে তাকে ভাবি আচৰিত হৈছিলোঁ। আন এক ব্যস্ত প্ৰাণী আছিল কেৰ্কেটুৱাবোৰ। এজোপা গছৰ পৰা আন এজোপালৈ সিহঁতে জাপ মৰা চাই বিস্ময় মানিছিলোঁ। অৱশ্যে লিচুগছৰ আমৰলি পৰুৱাবোৰ কিজানি সকলোতকৈ ব্যস্ত আছিল! ওখ ওখ গছবোৰত ওলমি থকা বাদুলীবোৰে দিনটো এলেহুৱা হৈ কটাইছিল, সিহঁতৰ চফৰ আৰম্ভ হৈছিল সন্ধিয়াহে। সন্ধিয়া হ’লেই বাঁহৰ তলত হোৱা দিয়া, কেতিয়াবা চকামকালৈ দেখা পোৱা শিয়ালবোৰলৈ সৰুতে পিছে ভয়ো নলগাকৈ থকা নাছিল। বাৰিষাৰ সন্ধিয়া কৰ্কশ মাতেৰে মাতি থকা ভেকুলীবোৰ! পুখুৰীৰ পানীত বিজলুৱা ফিতা এডালৰ মাজৰ ভেকুলীৰ কণীবোৰ, নেজ লগা লালুকীবোৰ, নেজ নসৰা আৰু নেজ সৰাৰ পাছৰ ভেকুলীবোৰ– সকলোবোৰতো তেনেই চিনাকি আছিল। আঁজলি ভৰাই পুখুৰীৰ পানীৰ পৰা লালুকী ধৰাৰ খেলখনো মজাৰ আছিল। পুখুৰীৰ পানীত বৰ বেগেৰে পাকঘূৰণি খাই নাচি থকা পানীপৰুৱা, পানীৰ মাজত দি থোৱা বাঁহৰ আগলিবোৰত পৰি থকা জিঞাঁবোৰ, ধাননিৰ সেউজীয়া ফৰিং, ভঁৰালৰ এন্দুৰ, চিলিঙত বাঁহ লোৱা কঠালগুটিয়া নিগনিবোৰো তেনেই চিনাকি আছিল। উস্, চিকাৰ গোন্ধটোযে কিমান অসহ্য আছিল!
বিল্ল্বেশ্বৰ মন্দিৰৰ মঠৰ ভিতৰত এহাল লক্ষ্মী ফেঁচা দুবাৰমান দেখাৰ মনত পৰে। সেইহাল ফেঁচাক সকলোৱে সৌভাগ্যৰ প্ৰতীক বুলি বিশ্বাস কৰিছিল। এতিয়া ভাবিলেও হাঁহি উঠে, ফেঁচাই উৰুলি দিলে কাৰোবাৰ বিয়া হব আৰু নিউ নিউ কৰিলে কাৰোবাৰ মৃত্যু হ’ব বুলি সৰুতে আমি বিশ্বাস কৰিছিলোঁ। শণিবাৰ-মংগলবাৰে শহা আৰু কেটেলা পহুৰ জ্বৰ উঠাৰ কথাও সঁচা বুলি ভাবিছিলোঁ।
শাৰী পাতি গৈ থকা পৰুৱাবোৰৰ দুই-এটাই মাজে-সময়ে ৰৈ বিপৰীত ফালৰ পৰা অহা কোনোটো পৰুৱাৰ মুখত মুখ লগাই দিয়ে, যেন কিবা কথাহে পাতে! বাৰিষা খেলিবলৈ বাহিৰলৈ যাব নোৱাৰা সময়ত মুখত কণ কণ বগা কণীবোৰ লৈ খৰখেদাকৈ অহাযোৱা কৰা পৰুৱাবোৰেও কম আমোদ দিছিলনে?
ঘৰৰ হাঁহ, পাৰ, গৰু-ছাগলী, কুকুৰ-মেকুৰীবোৰ! পুখুৰীৰ মাছ, কেঁকোৰা, শামুকবোৰ! সকলোবোৰ দেখোন তেনেই আপোন আছিল! এবাৰ ছাগলী পোৱালি এটা মৰাত ভাইটি আৰু মই কান্দি কান্দি চকু উখহাই পেলাইছিলোঁ। জনতা চাবোনৰ কাঠৰ পেটীৰে সাজি দিয়া বাহবোৰৰ পৰা কেতিয়াবা হাপাই পাৰ নিলেও বৰ দুখ লাগিছিল। বিলু বোলা ঢেকুৰা কুকুৰটো অৱশ্যে মোতকৈ ভাইটিৰহে বেছি মৰমৰ আছিল।
১৯৮৬ চনত গাঁৱৰ ঘৰ এৰি অহাৰ পিছত এই জীৱবোৰৰ বেছিভাগেই নেদেখা হ’লো। পিছে মনৰ মাজত আজিও সকলোবোৰ ছবি ফটফটীয়া হৈ আছে। ক’ভিডৰ সময়ত ঘৰৰ ভিতৰতে পাতি লোৱা জেলখন আমনিদায়ক নোহোৱাত এইবোৰৰ অৱদানো কম নহয় পিছে! সেইবাবেই মাজে মাজে মনৰ ভিতৰলৈ এটা এটাকৈ সিহঁত সকলোকে মাতি আনো আৰু কও– তহঁত সকলোৰে ওচৰতে অমুকী পৰম কৃতজ্ঞ! শৈশৱৰ এছোৱা তহঁতৰ সান্নিধ্যত সুন্দৰকৈ পাৰ হ’ল। এতিয়া আদবয়সতো তহঁতৰ ছবিবোৰকে লিৰিকি-বিদাৰি সময় কটাইছোঁ। আগলৈকো মোক নেৰিবি দেই!