সপ্তদশ খণ্ড:আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণীল লিপি
লেখক- পাৰবীন চুলতানা
অলেখ গুণাগঁথা কৰি ৱিজ্জী পৰিষদৰ উপৰজা যুদ্ধবীৰেই বৈশালীৰ পৰৱৰ্তী নৃপতি হিচাপে যোগ্য নেতা হিচাপে গণ্য কৰিলোঁ আৰু পৰৱৰ্তী কাৰ্যসূচীৰ বাবে সাজু হ’লোঁ।
“ৱিজ্জী পৰিষদৰ নেতা তথা উপৰজা যুদ্ধবীৰৰ সৈতে নৈশ-আহাৰ গ্ৰহণ কৰিবলৈ পাই খুবেই আপ্লুত। আশাকৰোঁ খাদ্যসমূহ আপোনাৰ মন-পছন্দৰ হৈছে।” যুদ্ধবীৰক সম্ভাষণ জনালোঁ।
“নগৰবধূৰ বাসভৱনত আহাৰৰ নিমন্ত্ৰণ পাই নথৈ আনন্দিত অনুভৱ কৰিছোঁ। মোৰেই সৌভাগ্য যে, যি সময়ত নগৰবধূৰ সাক্ষাৎ পাবলৈ প্ৰৱেশদ্বাৰৰ বাহিৰত দেশী-বিদেশী ব্যক্তিয়ে শাৰী পাতিছে, সেই সময়ত খোদ নগৰবধূৱে মোক সাক্ষাৎ কৰিবলৈ নিমন্ত্ৰণ দিছে”, যুদ্ধবীৰে বিনয়ীভাৱেৰে মোক সম্ভাষণৰ উত্তৰ দিলে।
মায়াসনা হাঁহি এটাৰে উত্তৰ দিলোঁ, “শুনিছিলোঁ, বৈশালীৰ উপৰজা কেৱল কামতেই দক্ষ এনে নহয়, তেওঁৰ আচৰণো মাৰ্জিত, কথাও শ্ৰুতিমধুৰ। সেয়া আজি প্ৰমাণ পালোঁ।”
“ধন্যবাদ মহোদয়া। কিন্তু আপোনাৰ প্ৰশংসাই মোক লজ্জিতহে কৰিছে। শ্ৰুতিমধুৰ শব্দপ্ৰয়োগত আপোনাৰ সৈতে মোৰ তুলনা নহয়।”
হাঁহিৰ ঝংকাৰ এটি বতাহত বিয়পি গ’ল। উপৰজা যুদ্ধবীৰ মোহাচ্ছন্ন। দেৱী আম্ৰপালীৰ এই সাক্ষাৎ যেন বাস্তৱ নহয়, এক মধুৰ স্বপ্নহে। যি সময়ত ৰজা মনুদেৱে আম্ৰপালীৰ অহংকাৰৰ কথা কৈ তেওঁৰ কৰ্ণ গধুৰ কৰি থৈছে, সেই সময়ত দেৱী আম্ৰপালীৰ এই ব্যৱহাৰ সঁচাকৈয়ে আশ্চৰ্যজনক। তেওঁ তত ধৰিব নোৱাৰিলে।
“বৈশালীবাসীৰ বাবে আচলতে আপোনাৰ দৰে নেতাহে যোগ্য নেতা। ৰজা মনুদেৱৰ দৰে অবিবেচকী আৰু দাম্ভিক ব্যক্তি এজন ৰজা হৈ আচলতে বৈশালীবাসীক প্ৰতাৰণা কৰিছে। আপুনি এই দায়িত্ব লোৱা উচিত”, মই লাহেকৈ বাণ এটা এৰিলোঁ।
উপৰজা যুদ্ধবীৰে থতমত খালে। কণ্ঠত ভদ্ৰতা সানি ক’লে, “ধন্যবাদ মহোদয়া। কিন্তু ৰজা মনুদেৱে বিগত কুৰিবছৰৰ পৰা ৰজাৰ দায়িত্ব বৰ সুন্দৰকৈ পালন কৰি আহিছে। বৈশালীবাসীৰ বহু বিপদৰ সময়ত তেওঁ কাষত থিয় দিছে।”
“সেয়া কোনোবা যুগৰ কথা উপৰজা যুদ্ধবীৰ। সেই কথা এতিয়া ইতিহাস হ’ল। সমগ্ৰ বৈশালীবাসীয়ে জানে যে, সোমৰস আৰু ৰোহঘৰৰ বাদে বৈশালী নৃপতি মনুদেৱৰ আন ঠিকনা বৰ্তমান নাই। সমগ্ৰ বৈশালীয়ে জানে যে, মনুদেৱৰ হৈ সকলো দায়িত্ব উপৰজা যুদ্ধবীৰেই পালন কৰি আহিছে।”
পুনৰ থতমত খোৱাৰ উপক্ৰম হ’ল উপৰজা যুদ্ধবীৰৰ। ৰাজমহলৰ অন্তেষপুৰৰ ইমান গোপন খবৰ এই নাৰীৰ নখদৰ্পণত কিদৰে আহিল?
“মই কিবা অনুচিত বচন মাতিছোঁ নেকি উপৰজা যুদ্ধবীৰ?”, তেওঁৰ আশ্চৰ্যৰ পম খেদি মই প্ৰশ্ন কৰিলোঁ।
“নাই, মানে…..”, উপৰজা মোৰ প্ৰশ্নত একপ্ৰকাৰ বন্দী হৈ পৰিছে।
“বাৰু বাদ দিয়ক এইবোৰ কথা। মোৰ প্ৰশ্নটো হৈছে, আপুনি কেতিয়াবা, বৈশালীৰ ৰাজসিংহাসনত অধিষ্ঠিত হ’ব খোজেনে?”
“এয়া কেনেধৰণৰ প্ৰশ্ন দেৱী? বৈশালীৰ ৰাজসিংহাসনত বহিবলৈ কোনে ইচ্ছা নকৰিব? কিন্তু এই ক্ষেত্ৰত মই কোনো সপোন নেদেখোঁ, যিহেতু ৰজা মনুদেৱ এতিয়াও শাৰিৰীক মানসিকভাৱে সুস্থ আৰু বয়সৰফালৰ পৰাও তেওঁ যোগ্য ব্যক্তি।“
“শাৰিৰীক-মানসিকভাৱে আপুনিও সুস্থ তথা বয়সৰ ফালৰ পৰা তেওঁতকৈও যোগ্য ব্যক্তি।”
“দেৱী, কিয় মিছা সপোনৰ কথা পাতি সময় নষ্ট কৰিছোঁ আমি?”, উপৰজা বিতত হৈছে।
হঠাতে মোৰ কথাৰ সুৰটো গহীন হৈ পৰিল। ধীৰে ধীৰে উচ্চাৰণ কৰিলোঁ, “যদি মই আপোনাক এটা সপোন দেখুৱাওঁ, যদি মই আপোনাক বৈশালীৰ মুকুট আনি শিৰত তুলি দিওঁ?”
উচপ খাই উঠিছে উপৰজা যুদ্ধবীৰ, কি কয় দেৱীয়ে? দেৱীৰ ইমান ক্ষমতা আছেনে ? দেৱীয়ে তেওঁৰ প্ৰতি ইমান সদয় হোৱাৰ কাৰণেই বা কি?
তেওঁৰ মনৰ কথা টানি আনি উত্তৰ দিলোঁ, “আপোনাৰ প্ৰতি সদয় হোৱাৰ এটাই কাৰণ, সেয়া হ’ল ৰজা মনুদেৱৰ সৈতে মোৰ শত্ৰুতা। আপোনাক বাচি লোৱাৰ এটাই কাৰণ, সেয়া হ’ল আপোনাৰ নৈতিকতা, আপোনাৰ দায়িত্বশীলতা।”
“কিন্তু এয়া একপ্ৰকাৰ অসম্ভৱ কথা। ৱিজ্জী পৰিষদৰ চকুত নেতা হিচাপে মনুদেৱ যোগ্য ব্যক্তি। মনুদেৱৰ ওপৰত তেওঁলোক অসন্তুষ্ট নহয়। তেওঁলোকে মনুদেৱক এৰি আনক নেতা হিচাপে নিৰ্বাচন কিয় কৰিব?” তেওঁৰ সৰল বিশ্বাস দেখি হাঁহি উঠিল মোৰ, “উপৰজা যুদ্ধবীৰ, বৈশালীৰ নগৰবধূ হিচাপে মই ৱিজ্জী পৰিষদৰ বিভিন্ন সদস্যসকলৰ সান্নিধ্যলৈ আহিছোঁ, কথাৰ লাচত মই সকলোৰে মনৰ খবৰ গম পাইছোঁ। ৰজা মনুদেৱক লৈ কোনোৱেই সন্তুষ্ট নহয় অথচ বিকল্পৰ বাবেও চিন্তা কৰিবলৈ সময় নাই যেন। আমি বিকল্প হিচাপে আপোনাক প্ৰক্ষেপ কৰিব বিচাৰিছোঁ। আপোনাৰ সন্মতি পালেই আমাৰ কাৰ্যপন্থা হাতত ল’ব পাৰিম।“
“মই সন্মতি দিলোৱেই যেনিবা, আপুনি কিদৰে কামত আগবাঢ়িব? আৰু যদি আপুনি সফল নহয়, মোৰ ৰাজনৈতিক জীৱন শেষ হৈ যাব। আপুনি বুজি পাইছেনে মই কি ক’ব খুজিছোঁ?”
“মই আপোনাৰ ৰাজনৈতিক জীৱন উত্তৰণ ঘটাবলৈহে এই কাৰ্যপন্থা হাতত লৈছোঁ, আপুনি মোৰ ওপৰত বিশ্বাস ৰাখক।“
হুমুনিয়াহ এটা নিগৰি আহিল বুকুৰে। অলপ ৰৈ আকৌ ক’লোঁ, “সেই ওঠৰবছৰীয়া ছোৱালীজনীৰ কথা মনত আছেনে উপৰজা যুদ্ধবীৰ, মনুদেৱে ষড়যন্ত্ৰ কৰি যিগৰাকীক অনিয়মভাৱে নগৰগণিকা হিচাপে নিৰ্বাচিত কৰিছিল, সেই ৰজাই অতবছৰৰ পাছতো সেই ছোৱালীজনীৰ আঙুলিটো পৰ্যন্ত স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাই। আপুনি তাইৰ ওপৰত বিশ্বাস ৰাখক। দেৱী আম্ৰপালীয়ে যি কাম হাতত লয়, সেই কাম আধাকৈ নেৰে আৰু বিফলতা শব্দটো দেৱীৰ মাজত নাই।“
দুচকু পানীৰে ভৰি পৰিছিল মোৰ- হয়তো ক্ষোভত নতুবা আবেগত।
“মই আপোনাক বৈশালীৰ সিংহাসনত বহুৱামেই, আপুনি নিশ্চিন্ত থাকক। বিনিময়ত মই মনুদেৱক বিচাৰিম, মনুদেৱৰ সকলো শেষ হৈ যোৱা চাবলৈ মই এই অভিযান সফল কৰি তুলিমেই।“
উপৰজা যুদ্ধবীৰে সন্মতিসূচক হিচাপে মূৰ দুঁপিয়ালে।
“কিন্তু দেৱী এটা চৰ্তত…”
“কৈ যাওক উপৰজা যুদ্ধবীৰ। কি চৰ্ত?”
“ৰজা মনুদেৱে যেন এই আলোচনাৰ বিষয়ে ঘূণাক্ষৰেও গম নাপায়। গোপনীয়তা আমাৰ প্ৰধান অস্ত্ৰ হ’ব।”
“ময়ো তাকেই ক’ব খুজিছিলোঁ উপৰজা যুদ্ধবীৰ। আমি ৰাজহুৱা স্থানত এই ঘনিষ্ঠতা দেখুওৱা উচিত নহ’ব। তদুপৰি আমি সঘনাই মিলিত হোৱাটোও উচিত নহ’ব। তিনিমাহত এবাৰ লগ পালেই যথেষ্ট হ’ব আমাৰ বাবে। কিন্তু তলে তলে আমি কামবোৰ আগবঢ়াই থাকিম।“
তাৰ পিছত ক’লোঁ, “ইয়ালৈ অহা নেতাসকলৰ আগত প্ৰভাই কৌশলেৰে কথা পাতিব। সেইটো কৰিলে কোনজন ৰজা মনুদেৱৰ সপক্ষে আছে নতুবা কোনজন বিপথে, সেয়া গম পোৱা যাব। আৰু উপৰজা যুদ্ধবীৰ যাতে শেষ সময়লৈকে ৰজা মনুদেৱৰ আস্থাভাজন হৈ থাকে। ৰজা মনুদেৱৰ মনত আপোনাৰ প্ৰতি তিলমাত্ৰও সন্দেহৰ জন্ম হ’ব নালাগিব।”
চকুত আশাৰ তিৰবিৰণি আৰু জিভাত সুমিষ্ট আহাৰৰ সোৱাদ লৈ যুদ্ধবীৰে আম্ৰকুঞ্জৰ পৰা বিদায় ল’লে। মই আৰু প্ৰভাই আখৰা আৰম্ভ কৰিলোঁ পিছদিনা হ’বলগীয়া শুক্ল পক্ষৰ নৃত্যানুষ্ঠানটোৰ বাবে। ৰামায়ণৰ সীতা-হৰণ কাণ্ডৰ আধাৰত আমি নৃত্যৰ ভংগীমাসমূহ ফুটাই তুলিলোঁ। শেষ ৰাতিলৈ আমাক ক্লান্তিয়ে হেঁচি ধৰিলে।
নিদ্ৰাৰ সেই চেতন-অচেতন সময়খিনিতে দেখিলোঁ, সূৰুযৰ দৰে শৌৰ্য-বীৰ্যৰ জিলিকনি লৈ এজন সুপুৰুষ উপস্থিত হৈ মোৰ ক্লান্ত দেহাটো দাঙি লৈছে, ময়ূৰপংখীৰে চকু মুখত শীতল বা’ দি মোৰ ক্লান্তি দূৰ কৰিবলৈ চেষ্টা কৰিছে। কিমান কঠিন অথচ কিমান সুকোমল সেই আলিংগন। আলিংগনৰ বৰষুণজাকে মোক তিয়াই দিলে। উচপ খাই সাৰ পাই উঠিলোঁ। কপালত বিন্দু বিন্দু ঘাম।পাটী এৰোঁতে বেলি দুপৰ হ’ল। কোন আছিল এই সুপুৰুষ? মন গ’ল যেন প্ৰভাক সুধি পেলাওঁ। নাই। প্ৰভা ব্যস্ত হৈ আছে। প্ৰভাৰ তদাৰকীত দাসীসকলে প্ৰমোদকক্ষৰ মঞ্চসজ্জাত লাগিছে। অতিথিবৃন্দৰ বাবে প্ৰৱেশপথত ৰঙা দলিচা পাৰি দিছে। ফুল আৰু বন্তিৰে সজোৱা হৈছে আম্ৰকুঞ্জৰ প্ৰৱেশদ্বাৰৰ তোৰণ। হৰিৎ উদ্যানত ভিন্নৰঙী দীপমালাৰ ঢিমিক ঢামাক পোহৰ। পাকশালাত সুস্বাদু ব্যঞ্জন। সমগ্ৰ চৌহদ নিৰাপত্তাৰক্ষীৰে পৰিবেষ্টিত ।
নৃত্যত সংগ দিয়াৰ উপৰিও কৃশাংগী প্ৰভাৰ ওপৰত এটা দায়িত্ব আছে। নেতা কল্কিনাথক ৰজা মনুদেৱৰ প্ৰতি সমৰ্থন উঠাবলৈ বুজনি দিয়াৰ দৰে গুৰুদায়িত্ব এটা তাই হাতত লৈছে। সখী প্ৰভাই অনেকবাৰ কল্কিনাথৰ অংকশায়িনী হৈছে। কাজেই কল্কিনাথৰ দুৰ্বলতাসমূহ তাইৰ অজ্ঞাত নহয়।
নৃত্যানুষ্ঠানৰ পিছত দাঁতিকাষৰীয়া ৰাজ্যৰ পৰা আহি আম্ৰকুঞ্জত ভৰি থোৱা বণিকজনৰ বাবে দ্বাৰৰক্ষীয়ে মোৰ অনুমতি বিচাৰিলে।
“বিক্ৰমসেনে দেৱীৰ সাক্ষাতৰ বাবে অপেক্ষা কৰি আছে”, দাসীয়ে আহি মোক খবৰ দিলে।“কোন বিক্ৰমসেন?”, ভাগৰুৱা কণ্ঠেৰে ওলোটাই সুধিলোঁ।“সেইজন বণিক, যি বিগত দুয়োটা নৃত্য-অনুষ্ঠানৰ খৰছ বহন কৰিছে”।“স্বপ্নকক্ষিকালৈ আমন্ত্ৰণ দিয়া হওক তেওঁক”, দাসীৰ ওচৰত দ্বাৰৰক্ষীলৈ খবৰ পঠিয়াই পালংকৰ শুভ্ৰ মখমলী বস্ত্ৰত মুখ গুজি ৰ’লোঁ।
স্বপ্নকক্ষিকাৰ দুৱাৰ খুলিবলৈ মন নাছিল মোৰ। ভাগৰুৱা দেহাটো শয়নপাটীত এৰি মনৰ মাজত আগৰাতিৰ সপোনৰ সুন্দৰ পুৰুষজনৰ ছবি আঁকিবলৈ মন আছিল। অনন্ত সময় ধৰি যেন অপেক্ষা কৰিছোঁ সেই অচিন পুৰুষলৈ। নৃত্যৰতা অৱস্থাতো বাৰে বাৰে মোৰ ভৰি থমকিব খোজে। তেওঁৰ নিৰীক্ষণত যেন পৰিচালিত হৈ আছে মোৰ আত্মা। কোন হয় তেওঁ, কিয় ৰৈ আছোঁ তেওঁৰ বাবে, একোৱেই নাজানো। স্বপ্নকক্ষিকাৰ বন্ধ দেৱাল সাক্ষী হৈ ৰোৱা সহস্ৰজনৰ প্ৰেমেও সুখী কৰিব পৰা নাই মোক। স্বৰ্গীয় প্ৰেমৰ অনুভূতিসমূহ নৃত্যৰ মুদ্ৰাতে সামৰি থৈছোঁ। ৰাধা-কৃষ্ণৰ দৰে সৰ্ব-সমৰ্পিত প্ৰেমৰ ধাৰণাবোৰ মোক স্পৰ্শ কৰাবলৈ কোনো পুৰুষৰ সাধ্য আছে নে এই জগতত? খোজত আলস্য সানি স্বপ্নকক্ষিকাৰ ফালে খোজ ল’লোঁ। দুকাষে দুজন নিৰাপত্তাৰক্ষী।
“মহাশয় বিক্ৰমসেন, স্বপ্নকক্ষিকালৈ আপোনাক সাদৰ স্বাগতম জনাইছোঁ”, ভাগৰৰ প্ৰলেপ ঢাকি স্মিত হাঁহিৰে দুয়ো হাত দাঙি নমস্কাৰ জ্ঞাপন কৰিলোঁ তেওঁক। মোৰ প্ৰৱেশৰ উমান তেওঁ পোৱা নাছিল। মোৰ ফালে পিঠি দি একান্তমনে দেৱালৰ ছবিসমূহলৈ চাই আছিল।
মোৰ সম্ভাষণত উচপ খাই উঠি মুখ ঘূৰাই নমস্কাৰৰ প্ৰত্যুত্তৰ দিলে তেওঁ। উচপ খাই উঠিলোঁ ময়ো, ক’ৰবাত যেন দেখিছোঁ, যেন লগ পাইছোঁ তেওঁক, যেন বহু যুগৰ চিনাকী এই পুৰুষ, যেন চিনাকী সুবাস।
একেই কাতৰ চাৱনিৰে মোলৈ একেথৰে চাই ৰ’ল তেওঁ। ইমান তীক্ষ্ণ অথচ কিমান সুগভীৰ সেই চাৱনি! চকুৰ পলক নপৰিল মোৰো। বিগত সময়ত কত পুৰুষৰ কামুক দৃষ্টিক মই নীৰৱে গ্ৰহণ কৰি গৈছোঁ, অথচ এই যে প্ৰথমবাৰৰ বাবে মোৰ চকুহাল শৰবদ্ধ পহুৰ দৰে তেওঁৰ চকুৰ মাজত বন্দী হৈ গ’ল । “কোন হয় আপুনি, ক’ৰ পৰা আহিছে, অচিনাকী হৈও ইমান নিৰাপত্তা কিদৰে আনি দিব পাৰিছে আপুনি?”- অজস্ৰ কথাই মনত তোলপাৰ লগালে। নিৰাপত্তাৰক্ষীক বিদায় দি স্বপ্নকক্ষিকাৰ দুৱাৰ জপাই অতিথিৰ সন্মুখত আসন ল’লোঁ।
ৰাজভূষণ এৰি সাধাৰণ পোছাক গ্ৰহণ কৰা ছদ্মবেশী বিম্বিসাৰে তেতিয়া অটল ভাৱনাত ডুব গৈ আছে। তেওঁ ভাবিব পৰা নাই, সন্মুখত যি দেখিছে সেয়া সপোন নে দিঠক। আজি নিচেই ওচৰৰ পৰা দেখিছে দেৱী আম্ৰপালীক। অপ্সৰাৰ সৌন্দৰ্যৰে সৌন্দৰ্যায়িত, অপূৰ্ব দেহ-বল্লৰীৰ অধিকাৰী এই নাৰী। স্বপ্নকক্ষিকাৰ ৰেহ-ৰূপ দেখিও আশ্বৰ্যচকিত তেওঁ। এই বৈভৱে তেওঁৰ বিম্বিসাৰপুৰীকো চেৰ পেলাবলৈ সক্ষম হ’ব। বগা পাথৰৰ মজিয়া, দেৱালত কাষ্ঠৰে নিৰ্মিত কাঠামোসমূহত বিশ্বৰ বিখ্যাত মহিষ-মহিষীসকলৰ তৈলচিত্ৰ। “তাৰমানে এই নৃত্য-পটিয়সী চিত্ৰকলাৰো অনুৰাগী”, তেওঁ ভাবিলে।“এগৰাকী নাৰী কিদৰে ইমান অসাধাৰণভাৱে সাধাৰণ হ’ব পাৰে”, তেওঁ নিজকে প্ৰশ্ন কৰিলে।
প্ৰশ্নবোৰে আকৌ ঠিকনা হেৰুৱালে। দিনৰ পিছত দিন গণি যাৰ সান্নিধ্য পাবলৈ তেওঁ সাধাৰণ বণিকৰ দৰে অস্থায়ী শিবিৰত বাহৰ পাতিছিল, যাৰ বাবে পত্নী ক্ষেমাৰ ওচৰত মিছা মাতিবলগাত পৰিছিল, যাৰ ছবি বিনে তেওঁৰ এক নিমিষ দুচকুৰ পৰা সৰকি যোৱা নাছিল, এই মুহূৰ্তত সেই নাৰী তেওঁৰ পৰা মাত্ৰ কিছুহাত দূৰত। মন গ’লেই চুব পৰাকৈ, বাহুত সুমুৱাই ল’বপৰাকৈ নিকট স্থানত অৱস্থান লৈছে তেওঁ। অথচ তেওঁ যেন নিজক চম্ভালিব পৰা নাই, দেৱীৰ কণ্ঠই তেওঁক বাকৰুদ্ধ কৰিছে, দেৱীৰ চকুৰ ৰশ্মিয়ে তেওঁক দিশহাৰা কৰিছে। কঁপি উঠিছে তেওঁ, আবেগৰ বিহ্বলতাত তেওঁ চকু মুদি দিছে, দেৱী আহি পিছফালৰ পৰা তেওঁক আঁকোৱালি লৈ পৰ্যংকত শুৱাই দিছে,
“বিশ্ৰাম কৰক মহাশয়, মই আপোনাৰ শুশ্ৰষাৰ দিহা কৰোঁ।”
কোন হয় এখেত, কিয় কঁপি উঠিছে তেওঁ, বহল বক্ষৰ, দীৰ্ঘ উচ্চতাৰ পেশীবহুল মানুহ এজন কিদৰে এনেকৈ দুৰ্বল হ’ব পাৰে, এনে হাজাৰ প্ৰশ্ন মনৰ মাজত ৰাখি তেওঁৰ বাবে গো-দুগ্ধ গৰম কৰিলোঁ, পাদুকা খুলি গৰম পানীৰে ভৰি ধুৱাই দিলোঁ। বিৰবিৰাই থাকিল তেওঁ,
“দেৱী এই কাম নকৰিবা দেৱী, চৰণ স্পৰ্শ কৰি মোক পাপী নসজাবা।”
নিহালিৰে শৰীৰ ঢাকি মই তেওঁৰ মুখলৈ চালোঁ, কপালত চন্দনৰ তিলক, গৌৰবৰ্ণী বদন, কেশসজ্জা কান্ধলৈকে পৰা, যেন এটা ৰাজকীয় অৱয়বৰ দেহা।
“কোন হয় আপুনি?”, সুধি পেলালোঁ।
শান্ত কণ্ঠেৰে উত্তৰ দিলে তেওঁ, “সেয়া যে মই নিজেও নাজানো।“
“কি অবান্তৰ কথা!”, কথাত ব্যংগ ফুটি উঠিল মোৰ।
“প্ৰশ্নটোৱেই অবান্তৰ”, তেওঁ গহীন স্বৰত উত্তৰ দিলে। “সেয়া কিদৰে?”
“পৃথিৱীলৈ আহোঁতে নৱজাত কেঁচুৱাই জানো জানে তেওঁৰ পৰিচয় কি, ক’ৰ পৰা আহিল, ক’লৈ যোৱাৰ লক্ষ্য।“
“তেওঁ নিজে নাজানিলেও আনে দিয়া এটা পৰিচয় থাকে। আপোনাৰ তেনে কোনো পৰিচয় নাই?”
“আছে, তেনে বহুত পৰিচয় আছে, কাৰোবাৰ পুত্ৰ হিচাপে, কাৰোবাৰ স্বামী হিচাপে মোৰো ভিন্ন পৰিচয় আছে। এই সমাজত মোৰ পৰিচয় বিক্ৰম নামেৰে”, মিছা মাতিবলৈ যেন জড়বোধ হৈছিল মগধৰাজ বিম্বিসাৰৰ।
“বিক্ৰম! অৱশ্যেই আপোনাৰ লগত নামটো বৰ সুন্দৰকৈ খাপ খাই পৰিছে। কিন্তু এই বিক্ৰমী পুৰুষজন কঁপি উঠিল কিয়, পৃথিৱীৰ উত্তাপে তেওঁক সহযোগিতা কৰা নাই নে আন কোনো কাৰণ?”
সেমেকা হাঁহি এটাৰে উত্তৰ দিলে তেওঁ,“তোমাৰ প্ৰশ্নবোৰ মোৰো প্ৰশ্ন, তোমাৰ দৰেই মোৰ ওঁঠতো উত্তৰহীনতা। চকুলৈ চোৱা, হয়তো উত্তৰ তাতেই পাবা।”
এইবাৰ কঁপি উঠিলোঁ মই। কিয় চাম তেওঁৰ চকুলৈ? মনৰ মাজত দুৰ্দান্ত প্ৰেমৰ তাড়না কঢ়িয়াই থাকিলেও বাস্তৱক্ষেত্ৰত কোনো পুৰুষৰ বশ হোৱাৰ পক্ষপাতী নহয় মই। কণ্ঠটো কঠোৰ হ’ল মোৰ,
“হে পুৰুষ, কিয় আপোনাৰ চকুলৈ চাম মই? মোৰ অনুষ্ঠানত আপুনি ধন দান কৰিছে, বিনিময়ত ৰাতিৰ এই অন্ধকাৰত মোৰ দেহাটো আপোনাৰ হাতত মই তুলি দিব পাৰোঁ। ইয়াত চকুৰ কথা আহিলেই বা কিয়?”
কঁপি উঠা বন্তিগছি ফুঃ মাৰি নুমুৱাই দিলোঁ। চকুলৈ চাবলৈ ভয় লাগিল মোৰ। আগৰাতিৰ সপোনটো মনলৈ আহিল, একেই অৱয়ৱ, একেই চাৱনি, একেই সুন্দৰতা।
পুৰুষ মানুহ ইমান সুন্দৰ হ’ব পাৰে নে? আন্ধাৰ ফালি মই স্বপ্নকক্ষিকাৰ পৰা ওলাই আহিবলৈ প্ৰস্তুত হ’লোঁ।
“মহাশয়, আপোনাৰ প্ৰস্তাৱ মই মানিব নোৱাৰিলোঁ, আপোনাৰ চকুত মই চকু থ’ব নোৱাৰিলোঁ। এই দৃঢ়তা মই বৰ কষ্টকৈ আৰ্জিছোঁ। দুৰ্বল হোৱাৰ ইচ্ছা নাই মোৰ।” হাঁহি উঠিল সুন্দৰ পুৰুষ, “তাৰমানে মোৰ চকুলৈ চালে তুমি দুৰ্বল হোৱাৰ আশংকা আছে।“
“সেয়া অৱশ্যেই”, মুখেৰে হঠাতে ওলাই গ’ল মোৰ।
মোৰ হাতখনত থাপ মাৰি ধৰিলে তেওঁ, “এই আশংকাক মই মোৰ জয় বুলি গণ্য কৰোঁনে দেৱী?”
তেওঁৰ হাতৰ পৰা পলাবলৈ উদ্যত হ’লোঁ মই, “প্ৰেমৰ ক্ষেত্ৰত জয়-পৰাজয় কিদৰে আহিল মহাশয়? এয়াতো যুদ্ধক্ষেত্ৰ নহয়।”
“ক্ষমা কৰিবা দেৱী। মোৰ কথাই তোমাক আহত কৰিছে।“, বিচলিত হৈ পৰিছে তেওঁ।
ওঁঠত আঙুলি ৰাখি উত্তৰ দিলো, “বিক্ৰমী পুৰুষে সাধাৰণ নাৰীৰ ওচৰত ক্ষমা নোখোজে।”
“তুমি সাধাৰণ নোহোৱা, তুমি অসাধাৰণ, তুমি অনন্যা, তোমাৰ ৰূপ দেখিয়েই মই প্ৰেমত পৰিছিলোঁ। আজি ভাবিছোঁ, তোমাৰ আত্মিক সৌন্দৰ্য তোমাৰ কায়িক সৌন্দৰ্যতকৈ কিমান যে উচ্চ!
“পুৰুষে নাৰীক মুখৰ আগতে বন্দনা নকৰে মহাশয়, সেয়া প্ৰেমতেই হওক বা যুদ্ধতেই হওক। এইবোৰ মাথোঁ কাব্য আৰু গীততহে থাকে।”
“ক্ষান্ত হোৱা দেৱী, পুৰুষ-বিদ্বেষেৰে তোমাৰ অন্তৰ দহি আছে। মই তেনে পুৰুষ নহওঁ।”
“কেনে পুৰুষ আপুনি? ৰজা মনুদেৱতকৈ কিহত পৃথক আপুনি? তেখেতে বলেৰে মোক বশ কৰিবলৈ বিচাৰিছিল, আপুনি বুদ্ধিৰে।“
“দেৱী তুমি শান্ত হোৱা। এনে কথা নক’বা, যিবোৰে পিছলৈ তোমাৰ বুকু দহিব।“
“মোৰ বুকুৰ দহনৰ বিষয়ে কিদৰে জ্ঞাত আপুনি?”
“সেয়াই পাৰ্থক্য ৰজা মনুদেৱ আৰু মোৰ মাজত”, তেওঁ গভীৰ কণ্ঠেৰে উত্তৰ দিলে।
পুৱতি পখীয়ে গীত জুৰিলে, শুক্ল পক্ষৰ চন্দ্ৰটোৱে জিৰণি ল’বলৈ আকাশৰ বুকুত লুকাই গ’ল। গৱাক্ষৰ আৱৰণ আঁতৰাই দিলোঁ, আদিত্যৰাজৰ কোমল কিৰণে ধৰাৰ বুকুত উম দিছে। মোৰ বুকুত উম দিবলৈ আহিছে কোন?
তেওঁলৈ চালোঁ, পৰ্যংকৰ পৰা নামি পাদুকাযোৰ ভৰিত সুমুৱাই লৈছে তেওঁ। কিয় কিয়? প্ৰস্থানৰ বাবে সাজু হৈছে নেকি তেওঁ? বুকুখন কঁপি উঠিল মোৰ। কেনে পুৰুষ তেওঁ, মোৰ অন্তৰৰ আহ্বান শুনা নাই কিয় তেওঁ? যোৱাটো নিশা মই তেওঁৰ লগত বাৰ্তালাপ কৰি উজাগৰে কটালোঁ, তেওঁ বুজা নাই নে সেই কথা?
“নাযাবা, নাযাবা”, দুভৰিত সাৱটি ধৰি ৰাখি থ’ম যেন তেওঁক।
তেওঁ মোৰ কান্ধত হাত থ’লে, “এৰাতিৰ বাবেহে চুক্তি আছিল।“
“কেৱল স্বপ্নকক্ষিকাৰ বাবেহে চুক্তি আছিল, হৃদয়লৈ প্ৰৱেশ কৰাৰ অনুমতি কোনে দিছিল?”
“আকৌ আহিম, বহুদিনৰ বাবে আহিম।“
“কিমান দিনৰ বাবে ?”
“অনন্ত সময়ৰ বাবে আহিম, মহাকালৰ লগত বিলীন হৈ নোযোৱালৈকে থাকিম।”
চিকুটি চালোঁ তেওঁক, “এয়া সপোন নে বাস্তৱ?”
তেওঁ উত্তৰ দিলে, “মই দেৱীৰ বিক্ৰম, দেৱীৰ সাহস”।
“বৈশালীৰ কোনো পুৰুষৰ কণ্ঠত এনে মধুৰ বাচ্য মোৰ কৰ্ণশ্ৰুত হোৱা নাছিল। আপুনি কোন?”
“পৃথিৱীৰ পৰিচয় মই পাহৰি গৈছোঁ, এই সময়ত দেৱীৰ মই একান্ত প্ৰেমিক, সেয়া স্ফটিকৰ দৰে নিৰ্মল আৰু শুদ্ধ।“
“যোৱাগৈ বিক্ৰম, মাত্ৰ এটা কথা শুনি যোৱা।”
বিক্ৰমে মোৰ মুখলৈ চালে। নিসংকোচে তেওঁৰ হাতখন মোৰ হাতত তুলি ল’লোঁ, “পঁচিশটা বসন্ত গৰকিলো, পঁচিশটা ধুমুহা পাৰ কৰি পঁচিশটা শ্ৰাৱণ ঋতু পাৰ কৰিলোঁ। কোনোটো শ্ৰাৱনেই মোক এই ৰাতিটোৰ দৰে ভিজাব নোৱাৰিলে। তাতোকৈ আচৰিত কথাটো কি জানানে?”
তেওঁ মৌন, মই ডিঙিৰ হাৰডাল দেখুৱাই ক’লোঁ, “মোৰ ডিঙিৰ মণি এডালো লৰচৰ নহ’ল এই ৰাতিটোত। অথচ কোষে কোষে, ৰন্ধ্ৰে ৰন্ধ্ৰে আলোড়ন উঠিল বিক্ৰম। মোৰ দৰে কঠোৰ নাৰীৰ বাবে এই দুৰ্বলতা কিদৰে সম্ভৱ বিক্ৰম!”
কাষ চপাই আনিলে তেওঁ, দুবাহুৰ মাজত আলিংগন কৰি উত্তৰ দিলে, “এই সকলো প্ৰশ্নৰ উত্তৰ সময়ে দিব দেৱী। সময়ৰ ওপৰত আস্থা ৰাখা।”
কুঁৱলীৰে ঢকা কেঁকুৰি এটাত মোক এৰি থৈ তেওঁ মুহূৰ্ততে প্ৰস্থান কৰিলে। ৰহস্যৰ আৱৰ্তত পাকঘূৰণি খাই থাকিল প্ৰশ্নৰ টুকুৰাবোৰ।
“এয়া মোৰ শ্ৰেষ্ঠতম সময়” বুলি কোৱা নহ’ল তেওঁক। অনন্তকালৰ বাবে তেওঁ অহাৰ কথা, তেতিয়ালৈ সাঁচি ৰাখিলোঁ বহু কথা।
(আগলৈ)