ক’ৰনা কালৰ অনুভৱ
লেখক- ঈশ্বৰ প্ৰসন্ন বৰা
ক’ভিডক জয় কৰিলো বুলি কোৱা উচিত জানো? মোৰ মতে অনুচিত যেন লাগে( অৱশ্যে কোনোবা ব্যক্তি বিশেষে এই ৰোগৰ পৰা সুস্থ হৈ উঠিল, তেনে ক্ষেত্ৰত ব্যক্তিজন সাপেক্ষে হয়তো প্ৰযোজ্য হবও পাৰে)। কাৰণ ভাইৰাছৰ বৈশিষ্ট্য অনুযায়ী সংক্ৰমণ ক্ৰমে বাঢ়ি গৈ একেবাৰে শীৰ্ষ পৰ্যায় পোৱাৰ পিছত লাহে লাহে হ্ৰাস পাবলৈ আৰম্ভ কৰে। সংক্ৰমণৰ এই নিম্নগামী হাৰকেই যদি ক’ভিডক জয় কৰিলো বুলি দায়িত্বশীল লোকে ঘোষণা কৰি দিয়ে, তেনেহ’লে চল্লিশ শতাংশ নিৰক্ষৰ (বহু শিক্ষিতৰো নমুনা ৰাইজে দেখিছেই) লোকে স্বাভাৱিকতেই ক’ভিড নাই বুলি ধৰি লৈ পুনৰ বেপৰোৱা আচৰণ আৰম্ভ কৰি দিলে ভাৰতৰ অৱস্থা হয়তো আৰু অধিক অৱনমিত হ’ব। কাৰণ আমি বহুতেই জানো উৎপৰিবৰ্তন(mutation) হৈ এই ক’ৰনা ভাইৰাছৰ নতুন নতুন “ভেৰিয়েণ্ট” ওলায়েই আছে আৰু হয়তো থাকিবও। সম্ভাব্য তৃতীয় ঢৌৰ বাবে বিজ্ঞানী সকলে ইতিমধ্যে সতৰ্ক কৰি দিছেই। এই ঢৌৱে শিশু আৰু তৰুণ -তৰুণী সকলক লক্ষ্য কৰিব বুলি কোৱা হৈছে। ভাৱকচোন, কথাবোৰ সহজ নে?
গতিকে কোনোবা নেতাই ক’ভিডক জয় কৰিলো বুলি ক’লেই জনতা উল্লসিত হোৱাৰ বিপৰীতে অধিক সতৰ্কহে হোৱা উচিত। জনতাই নেতাৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত কথাতকৈ, বিজ্ঞানী-চিকিৎসা বিশেষজ্ঞ সকলৰ বিজ্ঞান সন্মত কথাতহে গুৰুত্ব দিয়া উচিত। ইতিমধ্যে নীতি আয়োগৰ স্বাস্থ্য সম্বন্ধীয় বিশেষজ্ঞই এইবাৰ ক’ৰণাৰ ঢৌৱে সংহাৰী ৰূপ লোৱাৰ বাবে নেতা-জনতাৰ বেপৰোৱা আচৰণ, ধৰ্মীয়, ৰাজনৈতিক আদি কাৰণত হোৱা লাখ লাখ লোকৰ দায়িত্বজ্ঞানহীন জনসমাগমক জগৰীয়া কৰিছে। গতিকে চৰকাৰে নিয়ম কিছু শিথিল কৰিলে বুলিয়েই বেপৰোৱা হোৱাৰ পৰিবৰ্তে অধিক সজাগ সচেতন হোৱাহে উচিত বুলি যদি জনতাই বিবেচনা কৰে, তেন্তে এই আচৰণ নিশ্চয় পৰিপক্ব আৰু দূৰদৰ্শী হ’ব।
ইতিমধ্যে দেশৰ ধৰণী স্বৰূপ ছাত্ৰ ছাত্ৰী সকলৰ মূল্যবান দুটি বছৰ গ’লেই। ঘৰতে আবদ্ধ থাকি এই কণ কণ ল’ৰা-ছোৱালীহঁতে মনে মনে চাগে কিমান বিৰক্ত হৈছে, মানসিক-শৈক্ষিক ক্ষতিৰ সন্মুখীন হৈছে তাৰ খবৰ জানো আমি ৰাখিছোঁ। অনলাইন ক্লাছৰো নেটৱৰ্ককে ধৰি অনেক সমস্যা, তদুপৰি গ্ৰামাঞ্চলত ত্ৰিশ শতাংশ লোকৰহে এন্দ্ৰইড ম’বাইল আছে। আনহাতে অনলাইন ক্লাছৰ জৰিয়তে নিম্ন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলে বিশেষ আয়ত্ত কৰিব নোৱাৰে। তেওঁলোকৰ ভৱিষ্যত লৈ আমি নিশ্চয় শংকিত হোৱা উচিত। আশাকৰো মেধাসম্পন্ন লোকে তেওঁ লোকৰ বাবে বিকল্প ফলপ্ৰসূ উপায় উদ্ভাৱন কৰিব।
সেয়েহে, আগন্তুক দিনবোৰ যাতে সোনকালেই স্বাভাৱিক হয়, তাৰ বাবে সংক্ৰমণ হ্ৰাস হোৱাৰ বাবে নিয়ম নীতি শিথিল কৰি দিলেও আমি কঠোৰভাবে মানি চলিবলৈ দৃঢ় হ’লে হয়তো সুফল পাম। কিন্তু ক’ৰনাক জয় কৰিলো বুলি ভাবি লৈ আগৰ বাৰৰ দৰে ভুল কৰি বেপৰোৱা হ’লে নিজৰ ভৰিত নিজেই কুঠাৰ মৰা হ’ব।
ক’ৰনাৰ প্ৰভাৱত দেশৰ অৰ্থনীতি সংকুচিত হৈছে, কোটিৰ ওপৰৰ লোক সংস্থাপনহীন হৈছে, ৰাষ্ট্ৰসংঘৰ স্থায়ী বিকাশৰ লক্ষ্যৰ ৰেংকিংত ভাৰতৰ স্থান ভুটান, নেপাল, বাংলাদেশতকৈও অৱনমিত হৈছে। এই ক্ষেত্ৰত প্ৰধানকৈ ক’ৰনাৰ প্ৰভাৱ স্পষ্ট। গতিকে দেশৰ যদি ভাল হোৱাটো বিচাৰো, উঠি অহা প্ৰজন্মৰ ভৱিষ্যত যদি সুচল আৰু সুৰক্ষিত হোৱাতো বিচাৰো, আমি কৰনাকালীন নীতি নিয়মবোৰ মানিয়েই দেশৰ ভালৰ বাবে অৱদান আগবঢ়াব পাৰোঁ। আনে শুনা কৈ “জয়হিন্দ” বুলি চিঞৰি নীতি নিয়মক বৃদ্ধাংগুষ্ঠ দেখুৱালে দেশ তথা জনতাৰ দুৰ্দশা বেছি হোৱাৰ সম্ভাৱনা।
আৰু এটা কথা, “ দেশত আনলক প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে বুলি “ মবাইলত যোৱাবাৰেই আৰম্ভ কৰা হেল্ল’টিউন এইবাৰ বন্ধেই নকৰিলে, এতিয়াও বাজিয়েই থাকে। ভাবকচোন, কিমান অসংবেদন শীল। কথাটো কাৰোবাৰ দৃষ্টিত সৰু হ’ব পাৰে, কিন্তু গুৰুত্বপূৰ্ণ।