মনৰ কথা
লেখক- কৃষ্ণা বৈশ্য
২০০৩ চনত চিকিৎসা সংক্ৰান্তত কেৰালাৰ কোচি চহৰলৈ গৈছিলোঁ। হস্পিটেলত নামভৰ্তি ফৰ্মখনৰ ঠিকনাত গুৱাহাটী, অসম বুলি লিখোঁতে তাত থকা ৰিচিপছ’নিষ্ট গৰাকীয়ে অসম ক’ত বুলি সুধিছিল।
২০০৫ চনত গোৱালৈ ফুৰিবলৈ যাওঁতে আমি থকা হোটেলখনত দিল্লীৰ পৰিয়াল এটা লগ পাইছিলোঁ। তেওঁলোকো গোৱা ফুৰিবলৈ আহিছিল। এদিন গধূলি তেওঁলোকৰ লগত কথা বতৰা পাতোঁতে আমি অসমৰ বুলি কোৱাত পৰিয়ালটোৰ মুৰব্বীজনে অসম পশ্চিমবংগত নেকি সুধিছিল। মানুহজন আছিল বেছ শিক্ষিত আৰু দিল্লীৰ কলেজ এখনৰ প্ৰফেছৰ।
২০০৯ চন। বৰোদাৰ ৰেলৱে ষ্টাফ কলেজ। সেইদিনা আছিল আমাৰ এমহীয়া বিভাগীয় ট্ৰেইনিঙৰ প্ৰথম দিন। ন বজাৰ প্ৰথম ক্লাছত চিনাকি পৰ্ব চলিছে।
: আই এম ডা কৃষ্ণা, এ ডি এম অ’। তিনিচুকীয়া, আসাম।
: ফ্ৰ’ম এন এফ ৰেলৱে?
: ইয়েচ ছাৰ।
: অ’হ! ফ্ৰ’ম দ্য লেণ্ড অব ধীৰে ধীৰে।
গিৰ্জনি মৰা হাঁহিত বাতানুকুল বন্ধ কোঠাটো ৰজনজনাই গৈছিল।
সেই মুহূৰ্তত মোৰ লাজ লাগিছিল নে খং উঠিছিল ধৰিব পৰা নাছিলোঁ। ক্লাছটোত অকণো মন বহা নাছিল।
সেইবাৰেই আন এটা ক্লাছত পঢ়াৰ মাজতে সেই লেণ্ড অৱ ধীৰে ধীৰে বুলি কোৱা ছাৰজনে হিন্দী চিনেমাৰ ক’ৰিঅ’গ্ৰাফাৰৰ কথা উলিয়াইছিল। সৰোজ খান, কমল নাথ শেষত ফাৰাহ খান। প্ৰথম দিনাৰ মন্তব্যটোৰ বাবে সেই ছাৰজনক মোৰ অকণো পছন্দ হোৱা নাছিল। সেয়ে সেইদিনা ক’ৰিঅ’গ্ৰাফাৰৰ আলোচনাতো ভাগ লোৱা নাছিলোঁ। মৌন হৈ শুনি আছিলোঁ কথাবোৰ। হঠাতে কি হ’ল জানো তেওঁ মোৰ ফালে চাই সুধিলে,
: ফাৰাহ খান কা নাম কভি শুনা হ্যায়?
টিঙিচকৈ খঙ এটা উঠি আহিল। আমাৰ নৰ্থ ইষ্টৰ মানুহখিনিক বাহিৰা জ্ঞান নথকা মুৰ্খ বুলি ভাবি লৈছে নেকি এওঁলোকে?
: ছাৰ, ফাৰাহ খান ইজ এ ফেমাছ কৰিঅ’গ্ৰাফাৰ। ছি ক’ৰিঅ’গ্ৰাফড ইন এবাউট ছেভেনটি হিন্দী ম’ভি। ছি ইজ দ্য ড’টাৰ অফ কাৰ্মান খান এণ্ড মেনকা ইৰানি। ছি ডিৰেক্টেড দ্য পপুলাৰ হিন্দী ম’ভি মে’ হু না।
একে উশাহতে কথাখিনি কৈ ৰৈ দিছিলোঁ।
অলপ বেছিকৈয়ে কৈছিলোঁ চাগে। ছাৰে আৰু মোক একো নোসোধাকৈ বেলেগ এজনৰ ফালে ঘূৰিছিল।
মাজতে এদিন ট্ৰেইনিঙলৈ অহা আটাইবোৰ চিকিৎসক মিলি পাৱাগড়ত থকা মন্দিৰলৈ গৈছিলোঁ। পাহাৰৰ গাৰে উঠি যোৱা অকোঁৱা-পকোৱা ৰাস্তাটো আছিল শিল দিয়া, ভঙা ছিঙা। আমি কেইখনমান জীপত গৈছিলোঁ। আমাৰ জীপখনত যোৱা আনগৰাকী মহিলা চিকিৎসক ছিটৰ মাজত বহিছিল ভয়তে। মই পিছে কাষৰ ছিটত বহি খিৰিকীৰে মূৰটো আৰু হাতখন উলিয়াই দি বতাহখিনি চুই চুই গৈছিলোঁ। জীপখনে খলাবমাবোৰত যেতিয়া জঁপিয়াই উঠিছিল, বাকী চিকিৎসকবোৰে ভয়তে চিঞৰি দিছিল। মই কিন্তু স্থিৰ হৈ বাহিৰৰ সেউজীয়াবোৰে আকাশৰ নীলাক সাৱতি ধৰা দৃশ্যবোৰ চাই আপোন-পাহৰা হৈ পৰিছিলোঁ।
: কৃষ্ণা কা নৰ্থ ইষ্ট তো জংগল হী হ্যা। উধৰ কা চড়ক তো ইস ছে ভী বতহৰ হ্যা। ইছলিয়ে উসকো ডৰ ন্যহী লগতা।
কোনোবা এজনে মোৰ ফালে আঙুলিয়াই কৈছিল।
এৰা, নৰ্থ ইষ্ট জংগলেই বাৰু। কিন্তু কংক্ৰীটৰ অৰণ্যতকৈ বহুগুণে ভাল। মনেৰে ভাৱিলোঁ যদিও মুখেৰে একো নামাতিলোঁ।
ট্ৰেইনিঙৰ মাজতে শনিবাৰ ৰবিবাৰৰ বন্ধ মিলাই বৰোদাৰ পৰা আমি দমন ডিউলৈ গৈছিলোঁ। আটাইকেইজন চিকিৎসকৰ লগতে ছাৰ এজনো গৈছিল তত্ত্বাবধায়ক হিচাপে। এটা ৰেলৰ ডবাত এজাক প্ৰাণচঞ্চল ডেকা চিকিৎসক, হুলস্থূল। মাজতে সকলোৱে সিদ্ধান্ত ললে, অন্তাক্ষিৰি খেলা হওক। আটাইকেইজন সদস্যক দুটা দলত ভগোৱা হ’ল। কোনোবা এজনে মোক সুধিলে
: কৃষ্ণা, তুম হিন্দী গানা সুনতে হো ক্যা? আসাম কে লোগ হিন্দী জানতে হ্যায় ক্যা?
তেওঁৰ ( নাম উল্লেখ নকৰোঁ ) অজ্ঞতা দেখি খং কৰিম নে পুতৌ কৰিম ধৰিব নোৱাৰিলোঁ। ভাৰতৰ ৰাজভাষা হিন্দী আৰু অসম ভাৰতৰ অংগৰাজ্য এই কথাটো তেওঁক সোঁৱৰাই দিয়াৰ প্ৰয়োজনবোধ নকৰিলোঁ।
২০১২ চনত কাশ্মীৰলৈ গৈছিলোঁ। শ্ৰীনগৰত থকা চাৰিদিনৰ বাবে ট্ৰেভেল ক’ম্পেনিটোৱে আমাক ইন’ভা এখন দিছিল। ইন’ভাখনৰ ড্ৰাইভাৰ আছিল এজন প্ৰায় চল্লিশ বছৰীয়া কাশ্মিৰী ভদ্ৰলোক। তেওঁ প্ৰথমদিনা আমাক শ্ৰীনগৰৰ বিমানবন্দৰৰ পৰা হোটেললৈ নিবলৈ আহিছিল। গাড়ীত বহাৰ পাছত কথা পাতোঁতে আমি অসমৰ পৰা অহা বুলি শুনি তেওঁ আমাক বিমানবন্দৰত আমি মুদ্ৰা সলনি কৰি লৈছোঁ নে নাই সুধিছিল। মই একো বুজি নাপায় কি মুদ্ৰা সলাব লাগে বুলি সোধাত তেখেতে আচৰিত হৈ মোৰ ফালে চাই কৈছিল,
: মেমচাহাব, আপুনি নাজানে নেকি এখন দেশৰ পৰা আন এখন দেশলৈ আহিলে কাৰেন্সি চেঞ্জ কৰি ল’ব লাগে? আপোনালোকে বিমানবন্দৰতে নিজৰ দেশৰ কাৰেন্সি দি ভাৰতীয় টকা লৈ ল’ব লাগিছিল। কাশ্মীৰত ভাৰতীয় টকাহে চলে।
: আমিও ভাৰতৰে মানুহ। আমাৰ ৰাজ্যতো এই টকাই চলে।
মোৰ কথা শুনি তেওঁ আচৰিত হৈছিল। তেওঁ হেনো ইমান দিনে অসম চীনৰ অন্তৰ্গত বুলি ভাৱি আছিল।
কাশ্মীৰত থকা কেইদিন এনেকুৱা অভিজ্ঞতা আৰু এবাৰ হৈছিল। ডাললেকত আমি থকা বটহাউছৰ ৰুম চাৰ্ভিছ বয় এজনে আমাক চীনৰ মানুহ বুলি ভাৱিছিল।
নৰ্থ ইষ্টৰ বাহিৰলৈ ফুৰিবলৈ, পঢ়িবলৈ বা চাকৰি কৰিবলৈ যোৱা আমাৰ বহুতৰে এনেকুৱা অভিজ্ঞতা নিশ্চয় হৈছে। স্বাধীনতাৰ ইমান বছৰৰ পাছতো ভাৰতৰ আন প্ৰান্তত থকা শিক্ষিত ব্যক্তিসকলেও যেতিয়া অসম ক’ত বুলি সোধে মোৰ তেওঁলোকলৈ পুতৌ হয়। ভাৰতৰ মানচিত্ৰত পূৱত থকা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰ কেনেকৈ নেদেখাকৈ থাকে তেওঁলোকে? দেশ এখনৰ নাগৰিকে দেশৰ বিষয়ে ইমানখিনি নজনাতো এটা দোষণীয় কথা নহয় জানো? উত্তৰৰ কাশ্মীৰ, পশ্চিমৰ গুজৰাট, দক্ষিণৰ তামিলনাডুক ভাৰতৰ অংগৰাজ্য হয়নে নহয় বুলি আমি ভাৱিব লগা হয় জানো কেতিয়াবা? কিয়? ভাৰতৰ মেপখন দেখোন চকুৰ আগতে ভাঁহি থাকে।
কাৰণ কিছুমান ঠাইৰ মানুহে নিজকে আনতকৈ উন্নত বুলি ভাৱে। ‘ছুপাৰিয়ৰিটি কমপ্লেক্স’। তেওঁলোকৰ মনৰ ভাৱ, উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে জানিবৰ দৰকাৰেই বা কি? তাত জংঘলী মানুহহে থাকে। সিহঁতে পোক পৰুৱা খায়, সিজোৱা বস্তু খায়, অৰ্ধ উলংগ হৈ থাকে।
আনে বাৰু গুৰুত্ব নিদিলেই। আনে বাৰু আমাক নাজানিলেই। আমি নিজৰ গুৰুত্ব বঢ়াবলৈ, নিজকে জনাবলৈ কিবা পদক্ষেপ হাতত লৈছোঁ নে?
স্বাধীনতাৰ ইমান বছৰৰ পাছতো ইউ পি এছ চিৰ লিষ্টত স্থান প্ৰাপ্ত সকলৰ মাজত নৰ্থ ইষ্টৰ ছাত্ৰ ছাত্ৰী কিমান শতাংশ থাকে?
সৰ্বভাৰতীয় পৰ্যায়ত পতা নিট (NEET)পৰীক্ষাত আমাৰ ৰাজ্যৰ কাট অৱ মাৰ্ক দিল্লী আদিতকৈ বহুত কম কিয়?
ৰেলৱে বা বেঙ্কৰ চাকৰিত অসমৰ অফিচসমূহত কিয় ইমান আন ৰাজ্যৰ লোকৰ মকৰল হয়? মই থকা ৰেলৱে অফিচাৰছ ক’লনিৰ ৯৫ শতাংশই কিয় বাহিৰৰ পৰা অহা হিন্দীভাষী লোক?
আমাৰ পিঠা-পনা বা জলপান কিয় ছাউথ ইণ্ডিয়াৰ দ’ছা বা ইডলিৰ দৰে জনপ্ৰিয় নহয়?
ৰাজস্থানৰ ঘুমৰ নৃত্য বা ছাউথৰ ক্লাছিকেল সঙ্গীতৰ দৰে কিয় আমাৰ বিহু নৃত্য বা বিহুগানে হিন্দী ছৱি জগতত, ভাৰতীয় লোকৰ হৃদয়ত ঠাই পোৱা নাই?
আমাৰ ভাৰতীয় নাৰীৰ পোছাক শাড়ী। তথাপিও আন ৰাজ্যৰ চেলোৱাৰ, লেহেঙ্গা আদিও সমানে জনপ্ৰিয়। আমাৰ সুন্দৰ মেখেলা চাদৰযোৰে ইমান জনপ্ৰিয়তা পোৱা নাই কিয়?
বাহিৰৰ ৰাজ্যত বাদেই দিয়ক আমাৰ নিজৰ ৰাজ্যতেই ব্যৱসায় বাণিজ্যৰ বজাৰখন কিয় থলুৱা লোকৰ দখলত নাই?
চুলি কটা নাপিতজন, জোতা চিলোৱা মুচীজন কিয় বাহিৰৰ পৰা অহা লোক?
এনেকুৱা বহুত কিয়ৰ উত্তৰ মোৰ দৃষ্টিত আমাৰ শ্ৰমবিমুখতা আৰু কষ্ট কৰিব নোৱাৰা স্বভাৱটো।
অপ্ৰিয় সত্য ….
এতিয়াও বাহিৰা ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীবোৰৰ তুলনাত আমাৰ সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত কষ্ট কম কৰে।
আমি আমাৰ সন্তানক সৰুৰে পৰা চৰকাৰী চাকৰিৰ সপোন দেখুৱাওঁ। কিন্তু তাৰবাবে কৰিব লগা কষ্টখিনিৰ বাবে সিহঁতক মানসিকভাৱে সাজু কৰি তোলাত গুৰুত্ব নিদিওঁ। বেঙ্ক বা ৰেলৱে চাকৰিৰ ক’ছিঙ কৰি সময় নষ্ট(? ) কৰাৰ সলনি আমাৰ সন্তানে আমাৰ টকাৰে বাইক কিনি চাৰিআলিত আড্ডা দি সময় কটায়।
আৰু এটা কথা। মন দি, কষ্ট কৰি ব্যৱসায় বাণিজ্য কৰিও যে স্বাৱলম্বী হব পাৰি সেই কথা আমি সিহঁতক নকওঁ। চৰকাৰী চাকৰি নাপালেহে সাধাৰণতে আমাৰ ল’ৰা ছোৱালীয়ে ব্যৱসায়ত হাত দিয়ে।
আমি নিজেই আমাৰ অসমীয়া জলপান পিঠা পনা এৰি মেগি, চাওমিন, দ’ছাৰ শৰণাপন্ন হ’লে বাহিৰা ৰাজ্যৰ মানুহে আমাৰ খাদ্য কিয় খাব?
বিহুক, মেখেলা চাদৰক ৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় কৰিবলৈ আমি বা চৰকাৰে কিবা আঁচনি গ্ৰহণ কৰিছোনে?
ভাৰতৰ আন ৰাজ্যৰ মানুহে আমাৰ অসম বা অৰুণাচল ক’ত নাজানে বা জনা সকলেও ‘চিঙ্কী’ বুলি আমাক হীন চকুৰে চাই, সেয়া সঁচা কথা। তাৰবাবে আমাৰ দুখ লগা, খং উঠা কথাটোও এক স্বাভাৱিক প্ৰতিক্ৰিয়া। সেয়া আঁতৰাবলৈ আমি তেওঁলোকক দুআষাৰ গালি দিয়েই, টিভি বাতৰি কাকত ছ’চিয়েল মিডিয়াত ক্ষোভ উজাৰিয়েই আমাৰ দ্বায়িত্ব সামৰিম নেকি? হাজাৰজন ‘পৰশ’ৰ ওপৰত ক্ষোভ উজাৰিলেও অসম, মেঘালয়ৰ স্থান ভাৰতৰ মানচিত্ৰত আছে নে চীনৰ মানচিত্ৰত সেই প্ৰশ্নটো বহুতো ভাৰতীয় লোকৰ মনত আৰু বহুদিনলৈ প্ৰশ্ন হৈয়েই ৰ’ব যদিহে এই খং আৰু ক্ষোভক অস্ত্ৰ হিচাপে লৈ নিজকে পৰিশ্ৰমী কৰি গঢ়ি তুলি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ লগতে নিজৰ ৰাজ্যখনক উজ্জ্বলাই তুলিবলৈ আমি আহোপুৰুষাৰ্থ চেষ্টা নকৰোঁ।