মেণ্ডেলা: গণতন্ত্ৰত এটা ভোটৰ মহত্ত্ব
লেখক- দেৱ প্ৰতীম হাজৰিকা
গণতন্ত্ৰত এটা ভোটৰ মহত্ত্ব কি? এটা ভোটৰ মূল্য কি? এটা ভোটে কি কৰিব পাৰে? এটা ভোটৰ কাৰণে প্ৰাৰ্থীসকলে কি কৰিব পাৰে? তাৰেই উত্তৰ বিচাৰি পাব ২০২১ বৰ্ষৰ এখন তামিল চিনেমা ‘মেণ্ডেলা’ত। নিৰ্দেশক হিচাপে আত্মপ্ৰকাশ কৰা মেড’ন অশ্বীনৰ এই চিনেমাই ব্যংগৰ মাজেদি বহুতো কথাই কৈ গ’ল।
মেণ্ডেলা যি ভোটাধিকাৰ পোৱাৰ আগলৈকে সকলোৰে বাবে আছিল ‘স্মাইল’, ‘শিয়াল’, পেচাত নাপিত এই মেণ্ডেলা নিম্ন জাতিৰ হোৱা বাবে সকলোৰ বাবে আছিল আলৈ-আথানিৰ পাত্ৰ; যেতিয়া কোনেও শৌচাগাৰ চাফা কৰিবলৈ মান্তি হোৱা নাছিল তেতিয়া তাক মতা হৈছিল সেই শৌচাগাৰ চাফা কৰিবলৈ, ঘৰলৈ সি পিছ দুৱাৰেদি সোমাবলগীয়া হৈছিল, আনকি মানুহে তাক তাৰ কষ্টৰ মূল্য দিবলৈও মন কৰা নাছিল। স্মাইল ওৰফে মেণ্ডেলাৰ এইবিলাকৰ ওপৰত একো আপত্তি নাছিল, এইবিলাক হাঁহিমুখেই সহ্য কৰি গৈছিল, যি পইচা পাইছিল নিতৌ সঞ্চয় কৰি গৈছিল; কাৰণ তাৰ এটা সপোন আছিল, বটবৃক্ষজোপাৰ তলত এখন ডাঙৰ চেলুন খোলা। সদায় বাহিৰৰ, নিম্নজাতিৰ বুলি সকলোৰে কটাক্ষৰ সন্মুখীন হোৱা মেণ্ডেলাৰ জীৱনলৈ আমূল পৰিবৰ্তন আহিছিল যেতিয়া সি ভোটাধিকাৰ পাইছিল। ইয়াৰ ওপৰতেই চিনেমাখনৰ কাহিনীভাগ।
মেণ্ডেলাৰ চৰিত্ৰত অভিনয় কৰা য়োগী বাবুৰ অভিনয়ে সকলোৰে মন চুই যাব। চৰিত্ৰটো ফুটাই তোলোতে তেওঁ অকণো কৃপনালি কৰা নাই। সঁচা কথা ক’বলৈ গ’লে মই এই য়োগী বাবুৰ ফেন হৈ পৰিছোঁ। নিৰ্দেশক তথা ৰচোঁতা মেড’ন অশ্বীনৰ কাহিনীয়ে বৰ্তমানৰ তামিলনাডুৰ ৰাজনীতিক এক প্ৰকাৰে আলোকপাত কৰিছে। গাঁৱৰ সভাপতি, তেওঁৰ দুই লুভীয়া পত্নী, তেওঁৰ স্বাৰ্থপৰ তথা অদূৰদৰ্শী দুুই পুত্ৰ, সভাপতিৰ ড্ৰাইভাৰ জন, মেণ্ডেলাৰ সহায়কাৰী কিৰুথা, পোষ্ট অফিচৰ বিষয়াগৰাকী, বিড়ী খোৱা বৃদ্ধলোকজন, নিৰ্বাচনী বিষয়ালৈকে অতি সুক্ষ্ণতাৰে চৰিত্ৰ গঠন কৰিছে। প্ৰতিটো চৰিত্ৰই আমাৰ আজিৰ সমাজখনৰ একো একোটা দিশক প্ৰতিনিধিত্ব কৰিছে। এই চৰিত্ৰবিলাক কোনো আশ্চৰ্যৰ বিষয় নহয়। এইবিলাক সদায় আমি দেখি অহা ওচৰৰ-পাজৰৰ লোক। পোষ্ট অফিচলৈ প্ৰথম আহি বিষয়া গৰাকীয়ে (শীলা ৰাজকুমাৰ) নিজেই কাৰ্যালয়টো নিজেই ঝাৰু মাৰি, নিজেই দুৱাৰ ঠিক কৰাই আজিৰ যুগৰ মহিলাই সমাজৰ গণ্ডিৰ পৰা ওলাই আহি উপাৰ্জনৰ পথ মুকলি কৰোঁতে সন্মুখীন হোৱা সমস্যাবিলাককে সূচায়।
গাঁৱৰ সেই সৰু পঞ্চায়তৰ নিৰ্বাচনৰ জৰিয়তে চিনেমাখনে দেশৰ ৰাজনীতিৰ বৃহৎ পৰিসৰটো আওপকীয়াকৈ দেখুৱালে। নিৰ্দেশক অশ্বীনে ইয়াত কোনো চৰিত্ৰক প্ৰত্যক্ষভাৱে নায়ক বা খলনায়ক সজোৱা নাই, আওপকীয়াকৈ এই সমগ্ৰ ব্যৱস্থাটোক জগৰীয়া কৰিছে; যিটো সলনি হোৱাটো অতি জৰুৰী বুলি চিনেমাখনে সূচাইছে, কিন্তু ব্যৱস্থাবিলাক নিজে নিজে সলনি নহয়, ইয়াক সলনি কৰিবলৈ হ’লে মানুহবিলাকৰ মন-চৰিত্ৰ সলনি হোৱাটো অত্যন্ত জৰুৰী।
’মেণ্ডেলা’ই বৰ্তমানৰ ৰাজনীতিক ব্যংগ কৰিছে। অৱশ্যে ইয়াল সচৰাচৰ ব্যংগাত্মক চিনেমাৰ দৰে ব্যংগ কৰা নাই, তেনে ধৰণৰ ব্যংগাত্মক সংলাপো নাই। সেইবাবে ইয়াক ব্যংগ চিনেমা বুলি কোৱাতকৈ আমাৰ বৰ্তমানৰ চাৰিওফালৰ ঘটনাৰাজীক এক ন-দৃষ্টিৰে চাব পৰা মঞ্চ বুলি ক’ব পাৰি।
(চিনেমাখন ‘নেটফ্লিক্স’ত আছে। ইচ্ছুক সকলে চাব পাৰে। )