ওভতনি যাত্ৰা
লেখক- বিদুল বৰুৱা
কাহিলি পুৱাতে গৈ
একাবেকা দুৰ্গম পাহাৰীয়া পথেৰে
শতক মাইল অতিক্ৰমি –
ভাগৰুৱা দেহাৰে যেতিয়া ঘৰলৈ উভতো,
চহৰখনে নিতাল মাৰি শুই পৰে।
চকিহলা, চিলনিজান, ডিলাইৰ
কুৱাৰেণ্টাইন শিবিৰবোৰ
ৰাতিৰ পোহৰত
যেতিয়া জিলিকি উঠে.,
এনেহেন লাগে,
যেন এখন যুদ্ধৰ বাবে
গড় নিৰ্মাণৰ মহা প্ৰস্তুতি।
সামাজিক দূৰত্ব, মাস্ক, চেনিটাইজ, ইমিউনিটি
এই আচহুৱা শব্দবোৰেই
আমাৰ বাবে এতিয়া এক
শক্তিশালী প্ৰতিৰোধৰ অস্ত্ৰ।
সৌ সিদিনা, কৰ’ণাৰ কৰাল গ্ৰাসত পৰি
বন্ধু ৰামছিঙো গ’লগৈ
আজি শুনিলো জয়ছিঙৰ কথা।
তেওঁলোকৰ লগত
কলি মনেৰে
টিকা পাহাৰৰ দাঁতিত
অথবা, কপিলি নৈৰ পাৰত বহি
কলেজীয়া দিনৰ কথাবোৰ
আৰু পতা নহ’ল।
যেন এক জীৱন ৰেলৰ ডবা,নিৰবে থমকি ৰ’ল।
অন্যান্য শিতান
Menu
বিদুল দাৰ সময়োপযোগী বাস্তৱ ধৰ্মী কৱিতাটো পঢ়ি ভাল লাগিল।