শীতৰ সেমেকা গধূলি

লেখক- কমলা দাস

ঐ, তই চোন বিয়াৰ পিছত আৰু বেছি ধুনীয়া হৈ পৰিছ’! আমাৰ গাঁৱৰ ধুনীয়া ধুনীয়া ছোৱালী তহঁতবোৰ সকলোৱেচোন গাঁৱৰ বাহিৰলৈয়ে গ’লিগৈ!
সেনাৰ চাকৰি কৰা নৱই পোন্ধৰ দিনৰ চুটিত ঘৰলৈ আহিছে। সি ঘৰলৈ অহাৰ দুমাহ আগতে বিয়া হৈ যোৱা অজন্তাক, সি চাইকেলেৰে গাওঁ ফুৰিবলৈ আহি মাকৰ ঘৰৰ সন্মুখতে লগ পাই হাঁহি হাঁহি মাত লগাই জোকালে। তায়ো হাঁহি মাৰি তাক উত্তৰ দিলে– অ নৱকাই! আমাক গাঁৱৰ কোনোৱেই ৰাখিব নুখুজিলে আকৌ! সেয়ে আন গাঁৱলৈ গুছি গলোগৈ।
তাইতকৈ দুশ্ৰেণী ওপৰত পঢ়া নৱক তাই নৱকাই বুলি মাতে। সি পঢ়াত চোকা আছিল। পিছে হায়াৰ চেকেণ্ডাৰী পাছ কৰাৰ পাছতে সেনা বাহিনীৰ চাকৰি পাই, আগলৈ আৰু নপঢ়ি চাকৰি কৰিবলৈ গুছি গ’ল। মাজে মাজে চুটিত ঘৰলৈ আহিলে অজন্তাৰ লগতে তাৰ লগৰ ল’ৰা-ছোৱালীহঁতক লগ কৰে।
নৱই পুনৰ হাঁহি মাৰি তাইক জোকালে— দুমাহমান ৰখিব নোৱাৰিলি! তোক ময়েই লৈ গ’লোহেঁতেন!
হাঁহি হাঁহি তায়ো ক’লে— ইয়ে, হয় নেকি! পিছে তোৰ কথা নাভিবিলোৱেই নহয়! বাৰু হ’ব দে। বাদ দে সেইবোৰ। আহ এতিয়া ভিতৰলৈ। চাহ একাপ খাই যাবি।
সি চাইকেলখন মাকহঁা বেৰখনতেই আওজাই থৈ অজন্তাহঁতৰ চোতাললৈ সোমাই গ’ল। অজন্তাৰ লগতে মাকহঁতৰ লগতো হাঁহি মাতি, কথা-বতৰা পাতি, চাহ তামোল খাই সি মাত লগাই গুছি গ’ল। বাটলৈ আগবঢ়াই থোৱা অজন্তাক এবাৰো পিছলৈ নোচোৱাকৈ সি চাইকেলৰ পেদেল মাৰি গুছি গ’ল। সি যোৱাৰ পাছত তায়ো মাকে জেওৰাখনতে মেলি দিয়া কাপোৰ কেইটা সামৰি ভিতৰলৈ আহিল।
সেইদিনাৰ পিছত অজন্তাই আৰু তাক লগ পোৱা নাই বুলিয়েই ক’ব পাৰি। তাইৰো সংসাৰৰ লেথাবোৰ বাঢ়ি আহিল। ঘৰলৈ অহাটোও কমি গ’ল। তাই কেতিয়াবা আহিলে আকৌ সি ঘৰলৈ নাহে। সেনাবাহিনীৰ চাকৰি তাৰ। ইঠাইৰ পৰা সিঠাইলৈ বদলি হৈ থাকে। তাৰ মাজতে মাকহঁতৰ মুখত সি বিয়া পতা বুলি শুনিছিল। ওচৰৰে গাওঁ এখনৰ, একেখন স্কুলৰে অজন্তাতকৈ দুই শ্ৰেণী তলত পঢ়া নিৰুপমা নামৰ ছোৱালীজনী বিয়া পাতিলে সি। ইয়াৰ পাছত বহু বছৰ তাৰ খবৰ তাই পোৱাই নাছিল। কেইবাটাও চুবুৰী থকা অজন্তাহঁতৰ ডাঙৰ গাওঁখনৰ ইটো মূৰে অজন্তাহঁতৰ ঘৰৰ বিপৰীতে সিটো মূৰত আছিল নৱহঁতৰ ঘৰখন। সেয়ে হয়তো তেওঁ বৰ বেছি খবৰ পোৱা নাছিল, বা খবৰ পালেও অজন্তাক সেইবোৰ জনাব লাগে বুলি ভবা নাছিল। সময় যোৱাৰ লগে লগে তাৰো হয়তো সংসাৰ বাঢ়িছিল। অজন্তাৰো ল’ৰা-ছোৱালী হাল ডাঙৰ হৈ আহিছিল।
দিনবোৰ গতানুগতিকভাৱে গৈ আছিল। লগ -বন্ধু কোনেও কাৰো খবৰ নাৰাখিলেও সকলোৱে কুশলে থকাৰ কামনা কৰে। কিন্তু সিদিনা হঠাতে টিভিত, পাকিস্তানী সৈন্যৰ হাতত নৱকুমাৰ নাথ শ্বহীদ হোৱাৰ বাতৰি দেখা পাই, হে ভগৱান! বুলি চিঞৰ মাৰি তাই থৰ লাগিল! খবৰটো সঁচা বুলি তাইৰ বিশ্বাসেই হোৱা নাছিল! বাতৰি পঢ়োতাই বাৰে বাৰে তাইৰ নিজৰ গাওঁখনৰ কথা উল্লেখ কৰি, শ্বহীদ নৱকুমাৰ নাথৰ ফটোৰে সৈতে পৰাক্ৰমৰ বৰ্ণনা কৰি আছে! শ্বহীদ জনৰ শৱদেহ কেতিয়া আহি অসম পাব, টিভিৰ প্ৰতিটো চেনেলত সম্প্ৰচাৰ হৈ আছে। বাতৰি চাই কিমান সময় হতভম্ব হৈ থিয় হৈ আছিল, তাই ক’বই নোৱাৰে! একে গাঁৱৰে ল’ৰা এজনৰ মৃত্যুৰ বাতৰি শুনি, তাইৰ গা-মূৰ বেয়া লাগিছে বুলি ভাবি, গিৰিয়েকে তাইক ধৰি আনি চোফা খনত বহাই দিছিল। তাইৰ অনবৰতে চকুলো বৈছে। বহুত দুখ লাগিছে তাইৰ। দেহিঐ, নৱকাইৰ নিচিনা গজগজীয়া মানুহটো এনেদৰে অকালতে যাব লাগেনে! যদিও তাইৰ দুখ লাগিছে, তথাপিও তাৰ মৃত্যু দেশৰ বাবে হোৱা কাৰণে গৌৰৱবোধো কৰিছে। বাতৰিত কৈছে, সি হেনো আৰু এটা বছৰৰ পাছতেই সেনাবাহিনীৰ পৰা অৱসৰ লৈ আহি, অসম পুলিচত ভৰ্তি হোৱাৰ কথা আছিল! উহ্, এই এটা বছৰ যদি কিবাকে পাৰ হ’লহেতেন! তাৰ সংসাৰখনৰ কথাও মনলৈ আহিছিল। পত্নীৰ সৈতে ল’ৰা ছোৱালী দুটা এৰি থৈ যোৱা বুলি টিভিত কৈ আছে। কিমান বা ডাঙৰ হৈছে সিহঁত! নিৰুপমাক ধৈৰ্য্য ধৰিবলৈ শক্তি দিয়া যেন প্ৰভু! বুলি তাই নেদেখা জনলৈ কাকূতি কৰিলে।
অজন্তাৰ ককায়েকে তাইলৈ ফোন কৰি, নৱৰ মৃতদেহ কাইলৈ গাওঁ আহি পাব বুলি জনালে। শ্বহীদক শেষ শ্ৰদ্ধা জনাবলৈ মানুহৰ সোঁত হেনো আজিয়েই ববলৈ ধৰিছে গাঁৱলৈ। ককায়েকে পাৰিলে তাইকো যাবলৈ কৈছে।
পিছদিনা অজন্তাহঁত যেতিয়া গাওঁ আহি পালে, তেতিয়ালৈ মানুহৰ ভিৰত বিৰ দি বাট পাবলৈ নোহোৱা হৈছে গাওঁখনত। যেন মানুহৰ মেলাহে লাগিছে! শ্বহীদ নৱকুমাৰ নাথৰ শেষকৃত্য কৰিবলৈ গাঁৱৰ ৰাজহুৱা খেল পথাৰতে অপেক্ষা কৰিছে ৰাইজে। তেতিয়ালৈকে শ্বহীদৰ কফিন আহি পোৱা নাই। পুলিচে গিজগিজাই আছে চাৰিওফালে।
অজন্তাই মানুহৰ ভিৰ ফালি ঘৰলৈ বুলি আগবাঢ়িল। থেলা হেঁচা খাই গৈ তাইৰ ভাৱ আহিল, ইমান মানুহ চাগৈ গাঁৱৰ ৰাসৰ সময়তো নহয়! ইমানবোৰ মানুহৰ মাজত তাইৰ চকুৱে নিৰুপমাক বিচাৰিলে। নিৰুপমা কি স্থিতিত আছে বাৰু! এই দুখৰ সময়ত নিৰুপমাক মাত এষাৰ লগাবলৈ, তেওঁৰ কাষলৈ দৌৰি যাবৰ মন গ’ল অজন্তাৰ। মানুহৰ ভিৰ ঠেলি হেঁচি তাই যেনেতেনে আহি ঘৰ পালেও, ঘৰত নোসোমোই নিৰুপমাহঁতৰ ঘৰৰ ফালে যাবলৈ বুলি খোজ আগবঢ়াইছিল, এনেতে আহিছে আহিছে বুলি হুলস্থূল লাগি পৰিল। উৎসুকতাৰে মানুহ বোৰে লৰাঢপৰা লগালে। তাই নিৰুপমাৰ ওচৰ পাবগৈ নোৱাৰিলে। মানুহৰ সোঁতে তাইক বিপৰীত ফালে ঠেলি লৈ আহিল।
সম্পূৰ্ণ সামৰিক মৰ্য্যদাৰে শ্বহীদ নৱকুমাৰ নাথৰ শৱদেহ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সাজু কৰা হ’ল। গাঁৱৰ মানুহৰ কান্দোনৰ ৰোল উঠিল। তাৰ মাজতে অজন্তাই দেখিলে, নিৰুপমাক কেইজনীমান তিৰোতাই ধৰি ধৰি আনিছে। তাই কান্দি কাটি বাউলি হৈ পৰিছে। তাইৰ ওচৰে ওচৰে লৰা ছোৱালী দুটিয়েও কান্দি কান্দি আহিছে। নিৰুপমাহতক দেখি অজন্তাৰ বুকুখন বুজাব নোৱাৰা কৈ বিষাই উঠিল।
দেশৰ কাৰণে প্ৰাণ বলি দিয়া শ্বহীদজনক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাইজক সুবিধা দিয়া হ’ল। নিৰুপমাকহঁতক তালৈকে লৈ অহা হৈছে। লগে লগে সেইফাললৈ নিউজ চেনেলৰ মানুহে লৰা ঢপৰা লগাইছে! তাকে দেখি অজন্তাৰ ভয় হে লাগিল। মনতে ভগৱানক খাটিছে, সিহঁতে নিৰুপমাক “বৰ্তমান সময়ত আপোনাৰ অনুভৱ কি” বুলি নুসুধিলেই হয় আৰু! তেনেকৈ সুধিলে হয়তো গাঁৱৰ মানুহে পিটিয়েই দিব সেইজনক। কাৰণ গাঁৱৰ মানুহে এতিয়াও গাঁৱৰ কাৰোবাৰ দুখ হ’লে, নিজৰ দুখ বুলিয়েই ভাবে। ওচৰ চুবুৰীয়াৰ প্ৰতি এতিয়াও নিভাঁজ আন্তৰিকতা আছে।
মানুহৰ ভিৰ ঠেলি অজন্তাও আগুৱাই গ’ল শ্বহীদক শ্ৰদ্ধাঞ্জলিৰে শেষ বিদায় জনাবলৈ। হাতত থকা ফুলপাহেৰে শ্ৰদ্ধাঞ্জলি জনাওতে আবেগিক হৈ ফেকুৰী উঠিল অজন্তা। চকুলো মচি মূৰটো ঘূৰাই চাওঁতে নিৰুপমাৰ চকুৱে চকুৱে পৰিল। তাই দূৰৰ পৰাই নিৰুপমাক চাই হাতযোৰ কৰিলে। ধৈৰ্য্য ধৰিছে নিৰুপমাই। হয়তো নিজৰ বীৰ স্বামীক সন্মান সহকাৰে বিদায় জনাবলৈ মানসিকভাৱে প্ৰস্তুত হৈছে!
মানুহৰ ঠেলা-হেঁচা সহিব নোৱাৰি অজন্তা অলপ পিছুৱাই আহিল। দূৰৰ পৰাই চাই থাকিল, বীৰ শ্বহীদৰ শেষ বিদায়। এটা সময়ত অজন্তাই ঘৰলৈ বুলি উভতি আহিল।
সেই দিনটোৰ চাৰিমাহমানৰ পিছত অজন্তা আহিছে মাকৰ ঘৰলৈ। নৱ ককায়েকৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিনাখন নিৰুপমাক মাত লগাব নোৱাৰি অজন্তাৰ মনটো বেয়া লাগি আছিল। সেয়ে এই চেগতে তাই নিৰুপমাক মাত এষাৰ লগাবলৈ বুলি তেওঁলোকৰ ঘৰলৈ গ’ল।
গাঁৱৰ বাট পথ আজিকালি উন্নত হৈছে। মানুহৰ ঘৰ দুৱাৰো সলনি হ’ল। নিৰুপমাহঁতৰ ঘৰটোও চিনিব নোৱাৰাৰ নিচিনা হ’ল! পদূলি মুখতে একাষৰীয়া কৈ শ্বহীদবেদী সজাই দিছে চৰকাৰে। ফুলি থকা ফুলেৰে সৈতে ধুনীয়া শ্বহীদবেদীতো দেখি অজন্তাৰ মনটো ভাল লাগিল। এখন্তেক ৰৈ তাই শ্বহীদজনাক হাতযোৰকৈ সেৱা এটি জনালে। তাৰ পিছত ভিতৰৰ চোতাললৈ সোমাই গ’ল।
ভিতৰ সোমাই অজন্তাই চাৰিওফালে এবাৰ চাই ললে। সৰুতে নৱহঁতৰ ঘৰৰ লগতে আন লগৰীয়া সকলোৰ ঘৰলৈকো টলৌ টলৌকৈ কিমান যে ঘূৰি ফুৰিছিল সিহঁতে! তেতিয়া বেলেগ আছিল ঘৰবোৰ। তেতিয়াতকৈ এতিয়া ভালদৰে বনাইছে। আহল-বহল চোতালেৰে সৈতে পৰিবেশটো শান্ত হৈ আছে। অজন্তাই ইফালে সিফালে চাই কাকো নেদেখি নিৰুপমা বুলি মাত লগাবলৈ লওঁতেই ল’ৰা এজন ভিতৰৰ পৰা ওলাই আহিল। অজন্তাক দেখি হাঁহি মাৰি আথে বেথে মাতিলে— অ পেহী আহিছে, আহক, আহক। ভিতৰত বহকচোন পেহী!
ল’ৰাটোৰ ব্যৱহাৰত অজন্তা আচৰিত হ’ল! কোনোদিনে নেদেখা অজন্তাক, সি এনেদৰে মাতিছে, যেন বহুদিনৰ চিনাকি! তাৰ ফালে চাই অজন্তাই হাঁহিৰে সঁহাৰি দি, ভিতৰৰ চোফাত বহিল। দুৱাৰৰ কাষত থিয় হৈ থকা ল’ৰাটোক তাই মৰমেৰে সুধিলে– তুমি নৱকাইৰ ল’ৰা নেকি!
সি ক’লে—হয় পেহী। পেহী আপুনি বহকচোন, মই মাক মাতি আনো। বুলি কৈ অজন্তাক বহাই থৈ ল’ৰাটো বাহিৰলৈ গ’ল।
অকলে বহি থকা অজন্তাই ৰুমটোত চকু ফুৰালে। বৰ ধুনীয়া কৈ সজাই থোৱা আছে ৰুমটো। সজোৱা বোৰত এখন সংস্কৃতিৱান ৰুচিসম্পন্ন ঘৰৰ ছবি পৰিস্ফুট হৈ উঠিছে। ছবিবোৰ এফালৰ পৰা চাই যাওঁতে, এখন ছবিত অজন্তাৰ দৃষ্টি নিবদ্ধ হৈ ৰ’ল! ঠোঁটত মাছ এজনী পানীৰ পৰা উঠাই লৈ উৰি যোৱা মুহূৰ্তৰ চৰাই এজনীৰ ছবিখন দেখি অজন্তাই ৰব নোৱাৰিলে। উঠি গৈ ওচৰৰ পৰা তন্ন তন্নকৈ ছবিখন চালে। কি যে নিখুঁত এখন ছবি! আঁকোতা জনে মন প্ৰাণ ঢালি আঁকিছে! নিজেও ছবি আঁকি ভাল পোৱা অজন্তাই, তন্ময় হৈ ছবিখন চাই ৰ’ল।
বাইদেউ! অকস্মাতে কাৰোবাৰ মাত শুনি, বাস্তৱলৈ আহিল অজন্তা। ঘূৰি চাই দেখে, নিৰুপমা আহিছে। শুধ বগা সাজ পিন্ধা নিৰুপমাক মুহূৰ্তৰ বাবে ধৰিব পৰা নাছিল অজন্তাই। — সেইখন ছবি আমাৰ ল’ৰাটোৱে আঁকিছে বাইদেউ। আপোনাৰ নিচিনাকৈ ছবি অঁকাত বৰ ৰাপ তাৰো। কথা কৈ কৈ নিৰুপমা সোমাই আহিল।
বহক বাইদেউ। আপুনি অহা বহু সময় হ’ল নেকি। মই ওচৰৰ এঘৰলৈ কাম এটাত গৈছিলো। ভালে আছেনে বাইদেউ!
অজন্তা বহিল। নিৰুপমাইও আন এখন চকীত বহি অজন্তাৰ খা খবৰ ললে।
অজন্তাই হাঁহি মাৰি খুব আন্তৰিকতাৰে ক’লে– মই ভালেই আছো ৰ’বা। তোমালোকৰ খবৰ কোৱাচোন। নৱকাই যোৱাৰে পৰা তোমালোকৰ খবৰ এটা কৰিবলৈ আহিম বুলিও অহাই হোৱা নাছিল মোৰ। ভালে আছানে আটাইয়ে! নিৰুপমাই কিবা কবলৈ মুখ মেলিব লওঁতেই ছোৱালীজনীয়ে মাত লগালেহি- পেহী! মাকে ক’লে- আমাৰ ছোৱালীজনী বাইদেউ। তাইৰ মাতত হাঁহি মাৰি নিৰুপমাই সঁহাৰি জনালে যদিও আচৰিতো হ’ল! ল’ৰা-ছোৱালী দুইটাকে অজন্তাই কেতিয়াও দেখা নাই, নাইবা সিহঁতেও অজন্তাক দেখা নাই! নৱকাইৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিনাখন এক মুহূৰ্তৰ বাবে দেখাটোক দেখা বুলি নকয়। তেনেস্থলত পুৰণি চিনাকিৰ দৰে দুয়োজনে খুব আত্মীয় যেন ভাৱত মাত লগাইছে যে অজন্তা নিজেই আচৰিত হৈ পৰিছে! মৰমলগা ছোৱালীজনীক কিবা এটা সোধাটো উচিত হ’ব বুলি ভাবি তাইক সুধিলে– তুমি কি পঢ়ি আছা মাজনী!
মই দশম শ্ৰেণীত পঢ়ো পেহী। এইবাৰ মেত্ৰিক পৰীক্ষা দিম।
– খুব ভাল কথা। ভালদৰে পঢ়া শুনা কৰিবা। তোমাৰ নামটো জানিব পাৰো নে!
– মোৰ নাম- অজন্তা নাথ।
– অ, একেই নাম দেই আমাৰ দুয়োৰে। মোৰো নাম অজন্তা।
– জানো পেহী।
– তুমি মোৰ নাম জানা! কিন্তু কেনেকৈ? মোক আগতে দেখিছা নেকি!
আপোনাক আজিয়েই প্ৰথম দেখিলো পেহী। হ’লেও আপোনাৰ সকলো কথা আমি জানো।
অজন্তাই আচৰিত হৈ ছোৱালীজনীক আৰু কিবা সুধিবলৈ লওঁতেই মাকে তাইক চাহ বনাবলৈ বুলি ভিতৰলৈ পঠিয়াই দিলে।
ছোৱালীজনী কোঠাৰ পৰা ওলাই যোৱাৰ পাছত দুইজনীয়ে এক মিনিটমান সময় মনে মনে থকাৰ পিছত প্ৰথমে নিৰুপমাইয়ে মাত লগালে– আপোনাৰ খবৰ কওকচোন বাইদেউ। কেতিয়া আহিলে ঘৰলৈ!
জুপুকা লগাৰ নিচিনাকৈ বহি ৰোৱা অজন্তাই নিৰুপমাৰ মাতত সম্বিত অহাৰ দৰে বেঙা হাঁহি এটা মাৰি কৈ উঠিল– মোৰ ভালেই ৰ’বা। তাৰ পাছত নিৰুপমাৰ ফালে স্পষ্টকৈ চাই ক’লে—বাৰু নিৰুপমা, কথা এটা কোৱাচোন!
– কি কথা বাইদেউ!
এই যে তোমাৰ ল’ৰা-ছোৱালী দুটাক মই কেতিয়াও দেখা নাই বা সিহঁতেও মোক দেখা নাই। আনকি তোমাকো মই, মোৰ যিমান দূৰ মনত পৰে, বিয়াৰ পিছত কিজানি আজিহে ল’গ পালো, নহয় নে!
– হয় বাইদেউ।
তথাপিও তোমালোকৰ ল’ৰা-ছোৱালী দুয়োজনে মোক ইমান ধুনীয়াকৈ মাতিছে, যেন আমি বহুদিনৰ চিনাকি! কেনেকৈ বাৰু!
বাইদেউ, আপুনি সিহঁতক নাজানিলেও, সিহঁতে কিন্তু সৰুৰে পৰাই আপোনাৰ কথা শুনি, শুনিয়েই ডাঙৰ হৈছে।
নিৰুপমাৰ কথা শুনি অজন্তাই চকু ডাঙৰ কৰি আচৰিত হৈ সুধিলে— কিন্তু কেনেকৈ! কোনে কয় মোৰ কথা সিহঁতক!
– দেউতাকে কৈছিল সিহঁতক আপোনাৰ কথা। আপোনাৰ ব্যৱহাৰ, আপোনাৰ শিষ্টাচাৰ, আপুনি পঢ়াত চোকা আছিল, আপুনি ধুনীয়া ছোৱালী, ভাল ছবি আঁকে, ভাল গান গায়, আদি আপোনাৰ সকলো কথা দেউতাকে কৈছিল সিহঁতক। আপোনাৰ আদৰ্শৰে চলিবলৈ সিহঁতক অনুপ্ৰাণিত কৰিছিল।
– কিন্তু কিয়! নৱ ককাইদেউৱে কিয় সিহঁতক মোৰ কথা ক’ব লগা হ’ল! মইতো একো খাচ মানুহ নহয়! সাধাৰণভাৱে চলা, সাধাৰণ মানুহ মই। উদাহৰণ দিব পৰাকৈ মই একোৱেই নহয়। তথাপিও নৱককাইদেউৱে কিয় বাৰু মোৰ উদাহৰণ দিছিল সিহঁতক! মই আচৰিত হৈছো নিৰুপমা।
– কাৰণ তেওঁ আপোনাক ভাল পাইছিল বাইদেউ! আপুনি তেখেতৰ প্ৰথম প্ৰেম আছিল।
– কি কৈছা নিৰুপমা! এইয়া কেতিয়াও সঁচা নাছিল। চিঞৰি উঠিল অজন্তাই! মই নৱকাইক সদায় ককাইদেউৰ সন্মানকে দি আহিছো। তাৰ বাহিৰে কেতিয়াও বেলেগ দৃষ্টিৰে চোৱা নাই। আৰু বীৰশ্বহীদ এজনৰ কথা এনেকৈ কবলৈ তুমি চিন্তা কৰা উচিত আছিল নিৰুপমা!
– মই সকলো জানো বাইদেউ। আপুনি যে এই বিষয়ে একো নাজানে, সেইটোও জানো।
তথাপিও তুমি এনেকুৱা কথা কিয় ক’লা নিৰুপমা! আচৰিত ভাৱেৰে অজন্তাই মৰমেৰে সুধিলে।
– হয় বাইদেউ, মই এনেকুৱা কথা ক’ব নালাগিছিল! কিন্তু উপায় নাই বাইদেউ! মানুহজনৰ আত্মাটোৱে শান্তি পাওক বুলিয়েই আজি আপোনাক কথাখিনি জনাম বুলি ভাবিছো!
কি ক’ব ভাবি নাপাই অজন্তাই আচৰিত হৈ নিৰুপমাৰ মুখৰ ফালে চাই থাকিল নীৰৱে!
নিৰুপমাই এটা এটা কথা কৈ গ’ল অজন্তাৰ আগত।
বিয়াৰ পাছতেই মোক আপোনাৰ কথা কৈছিল তেখেতে। আপোনাক তেওঁ প্ৰাণ ভৰি ভাল পাইছিল। কিন্তু আপোনাৰ পঢ়াত দিগদাৰ আহিব বা আপোনাৰ কিবা কাৰণত বদনাম হ’ব বুলি ভাবি তেওঁ আপোনাক জনোৱা নাছিল। সময়ত আপোনাক জনাই, আপোনাৰ ঘৰত বিয়াৰ প্ৰস্তাৱ দিব বুলি ভাবি থাকোঁতেই সময় পাৰ হৈ গ’ল। তেওঁ কৰ্তব্যৰ খাতিৰত কাশ্মীৰত থকা সময়তে আপোনাৰ বিয়া হৈ গ’ল। তেওঁ চুটিত অহাৰ পাছত এই কথা জানিব পাৰি খুব দুখ পাইছিল।
বিয়াৰ পিছত মোৰ পৰা একো কথা লুকুওৱা নাছিল তেখেতে। কথাবোৰ জানিব পাৰি প্ৰথমতে মোৰ খুব বেয়া লাগিছিল। মোক বিয়া পতা মানুহজনৰ অন্তৰত বেলেগ কোনোবা সোমাই আছে বুলি জানি, কাৰণো ভাল লাগিব! দিন যোৱাৰ লগে লগে খং উঠিছিল। খঙে চুড়ান্ত পৰ্যায় পাইছিল গৈ তেতিয়া, যেতিয়া তেওঁ আমাৰ ছোৱালীৰ নামো আপোনাৰ নামেৰে ৰাখিলে! অবশ্যে মই যিমান খং কৰিলেও তেওঁ মোক বেয়া নাপাইছিল। তেওঁক খং কৰাটো মোৰ অধিকাৰ বুলি কৈছিল। বৰ সৰল আছিল তেখেত। তেনেকুৱা এজন মানুহৰ লগত বৰ বেছিদিন কাজিয়া কৰা নাযায়! লাহে লাহে তেওঁক মই বুজিবলৈ ধৰিলো বাইদেউ। বুজি উঠিলো যে তেওঁৰ অন্তৰত আপুনি কেৱল স্মৃতি হৈহে আছে। তাৰ বাহিৰে মোৰ সংসাৰত আপোনাৰ স্থান কতো নাই। তেওঁ কোনোদিনে আমাৰ প্ৰতি কৰ্তব্যৰ অৱহেলা কৰা নাই। ল’ৰা-ছোৱালীৰ মনতো তেওঁ পৃথিৱীৰ আটাইতকৈ ভাল দেউতাক আছিল। মোৰ প্ৰতিটো সুবিধা অসুবিধাৰ খবৰ ৰাখিছিল। সেয়ে ভাবিলো, তেওঁ আমাক ইমান মৰম দিয়াৰ পৰিবৰ্তে মই অকণমান তেওঁক বুজিব নোৱাৰোনে! বিয়াৰ আগৰ অকণমান সুন্দৰ স্মৃতি, তেওঁৰ মনৰ গোপন কোণত থাকিলেই যেনিবা, কিনো ক্ষতিটো! সেয়ে পিছলৈ তেওঁ আপোনাৰ কথা ক’লে মই কাজিয়া নকৰা হ’লো। ল’ৰা-ছোৱালীহঁতক আপোনাৰ গুণৰ কথা ক’লে, নাইবা আপোনাৰ নিচিনাকৈ পঢ়া-শুনাত মনোযোগ দিবলৈ ক’লে মই একো নামাতো। বৰং সিহঁতক দেউতাকৰ কথা মানিবলৈ হে বুজাও। এনেদৰেই তেওঁৰ মনতো সুখ দি, মোৰো সংসাৰখন আউল নলগাকৈ সুখী হবলৈ যত্ন কৰিছিলো বাইদেউ! পিছে বিধাতাই মোৰ কপালৰ বেলিটো লৈ যাবলৈ চল বিচাৰি আছিল! 😢
পৰিবেশটো নিস্তব্ধ হৈ পৰিছিল! দুচকুত জলমল কৰি থকা পানীখিনি মচি ললে নিৰুপমাই। অলপ সুস্থিৰ হৈ পুনৰ কবলৈ ধৰিলে–তেখেতে মোক কথাবোৰ আপোনাক নজনাবলৈ কৈছিল বাইদেউ। পিছে তেখেতৰ অবৰ্তমানত মই আপোনাক কথাবোৰ জনোৱাতো উচিত বুলি ভাবিলো। আশা কৰোঁ এই বাবে তেখেতে মোক ক্ষমা কৰি দিব! কথাটো এই কাৰণেই আপোনাক জনালো যে জীয়াই থাকোঁতে ক’ব নোৱাৰা হৃদয়ৰ গোপন কথাটো আপুনি জনা বুলি জানিলে হয়তো তেখেতৰ আত্মাই শান্তি পাব! বেয়া নাপাব বাইদেউ! আপুনি হয়তো অকণমান মনোযোগ দিলে তেওঁৰ মনৰ কথা বুজি পালেহেতন! আৰু তেতিয়া হয়তো কথাবোৰ বেলেগ হ’লহেতেন! হয়তো তেৱোঁ—-!
কথাবোৰ কৈ উঠি নিৰুপমা মৌন হৈ ৰ’ল! হয়তো একেৰাহে বহু বেছি কথা কোৱা বাবে ভাগৰ লাগিছে, নাইবা মনৰ ভিতৰত পুৰণি স্মৃতিয়ে আমনি কৰিছে!
ইমান সময়ে স্তব্ধ হৈ নিৰুপমাৰ কথা শুনি থকা অজন্তা, এইবাৰ লৰিচৰি বহিল! কি ক’ব মনতে জুকিয়াই ললে। তাৰ পাছত নিৰুপমাৰ ফালে স্পষ্টকৈ চাই গহীনাই ক’লে—তোমাৰ কথাবোৰ শুনি আচৰিত হলো নিৰুপমা! যদিও মই এই বিষয়ে একোকে নাজানিছিলো, তথাপিও তোমাৰ কথাৰ সত্যতা নিৰূপণ কৰি, মই নৱকাইৰ প্ৰেমক সন্মান জনাইছো! (গভীৰ ভাৱে উশাহ লৈ) এটা কথা জানানে নিৰুপমা! বীৰশ্বহীদৰ পত্নীৰ সন্মান পাবলৈ, সকলোৰে ভাগ্য নাথাকে!
নিৰুপমাহঁতৰ পৰা বিদায় লৈ যোৱাৰ পৰত ওলাই আহোঁতে অজন্তাই শ্বহীদ বেদীৰ ওচৰত পুনৰ এখন্তেক ৰৈ চাই ৰ’ল! আঘোণমহীয়া গধূলিৰ কুঁৱলীৰ আচ্ছাদনে ঢাকি ধৰিব খোজা শ্বহীদ বেদীতো, হাতেৰে এবাৰ চুই চালে! চেঁচা স্পৰ্শটোত কলিজাটো বিন্ধি যোৱা যেন লাগিল!

তাই লৰালৰিকৈ ঘৰলৈ বুলি খোজ ললে!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments