বৰ মানুহ

লেখক- চৈয়দা চেমিন ইছলাম

গাওঁখনৰ একমাত্ৰ ধনী ব্যক্তি কলিতা কেৰাণী বৰ্তমান নৰিয়াপাটীত‌। তেওঁৰে বৰপুত্ৰ অৱনীয়ে কিছু সময়ৰ আগতে লগত দুজনমান ল’ৰা লৈ লক্ষেশ্বৰৰ ঘৰলৈ আহিছিল। নানান ধৰণৰ উচ্চ-বাচ্য কৰি লক্ষেশ্বৰ আৰু লতিকাক থকা সৰকা কৰি থৈ গৈছে সিহঁতে। দৰাচলতে পঢ়াত ভাল আছিল কাৰণেই তিলকক “বৰ মানুহ” কৰিবলৈ কলিতা কেৰাণীৰ ওচৰত টকা ধাৰ লৈ আছিল লক্ষেশ্বৰে। এতিয়া কেৰাণী নৰিয়াপাটীত‌ পৰাৰ পৰাহে সমস্যা হৈছে লক্ষেশ্বৰৰ। প্ৰায়েই আহি অৱনীয়ে লক্ষেশ্বৰক বাপেকৰ পৰা লোৱা টকাখিনি ওভতাই দিবলৈ সঁকিয়নি দি থৈ যায়। আজিও সদলবলে আহি এমাহৰ ভিতৰত যেনেতেনে সুদে-মূলে আদায় দিবলৈ সোঁৱৰাই গৈছে। এক কথাত ক’বলৈ গ’লে একপ্ৰকাৰ ধমকিয়েই দি গৈছে লক্ষেশ্বৰ আৰু লতিকাক।
উপায়বিহীন হৈ পৰে দুয়ো।
: দিম হেৰৌ..!
সুদে-মূলেই আদায় দিম। দৰকাৰ হ’লে দুশ টকা বেছিকৈয়েই দিম। ল’ৰাটোৱে চাকৰিত সোমোৱাৰ দুটা মাহ হৈছেহে…! দৰমহাটো পালে সি নিজেই তোৰ ওচৰত যাব। চিন্তা নকৰিবি।
দুখীয়া পিতৃ-মাতৃহালৰ একমাত্ৰ পুত্ৰ তিলকে উচ্চ পৰ্যায়ৰ চাকৰিটোত যোগদান কৰাৰ ছমাহৰ পিছতহে একেলগে দৰমহাৰ মোটা অংক এটা পাবলৈ সক্ষম হ’ল। বৰ সুস্থিৰ অনুভৱ কৰিলে সি আজি মনটো। পলম নকৰিলে। দৰমহাৰ কিয়দংশ বেংকৰ পৰা উলিয়াই পোনেছাটেই লতিকা আৰু লক্ষেশ্বৰৰ কাষ পালেহি উচ্চ পদস্থ বিষয়া তিলক দাস। বৰ হেঁপাহেৰে দেউতাকৰ হাতত টকাখিনি গুজি দিলে সি। লক্ষেশ্বৰেও কঁপা হাতেৰে পুত্ৰৰ প্ৰথম উপাৰ্জনৰ টকা হাত পাতি লৈ ভগৱানক শতকৌটি প্ৰণাম জনালে। বুকুখন সামান্য ওফন্দি উঠাৰ দৰেও অনুভৱ কৰিলে লক্ষেশ্বৰে। উঠিবৰে কথা– কাৰণ, সি শুনামতে সিহঁতৰ গাঁওখন কিয়, সিহঁতৰ সেই বৃহৎ অঞ্চলটোতে তাৰ পুতেকৰ সমকক্ষ এজনো বৰ মানুহ হ’ব পৰা নাই এতিয়ালৈকে।
পিছে, টকাখিনি লোৱা হাতখনৰ তলুৱাখনহে চোন কিবা পাতল পাতল লাগিছে লক্ষেশ্বৰৰ..? প্ৰতি মাহে কেৰাণীৰ পৰা ধাৰলৈ আনিব যোৱা টকাখিনিতকৈও পাতল…?
হাতৰ মুঠিটো খুলি চাবলৈ কিবা এটা লাজ লাগি গ’ল লক্ষেশ্বৰৰ। মূৰটো গৰম হৈ অহা যেন অনুভৱ কৰিবলৈ ধৰিলে সি। তিলকৰ মুখখন অথবা লতিকাৰ মুখলৈ চাওঁ বুলিও সাহস নহ’ল। মুক হৈ চোতালখনতে দৃষ্টি নিৱদ্ধ কৰিবলৈ চেষ্টা কৰিলে। সঁচাকৈয়ে, লতিকাই এই বয়সতো সাৰি-মচি বৰ আতৌপিতৌকৈ ৰাখিছে চোতালখন। আঠালেটীয়া মাটিৰ পকা চপৰাবোৰ গুড়ি কৰি মচি থোৱা চোতালখন একেবাৰে ফু মাৰি ভাত খাব পৰা কৰি ৰাখিছে তাই। চোতালত থকা তুলসী জোপাও লহপহকৈ বাঢ়িছে। অভাৱ আছে যদিও দুচকু শাঁত পৰাকৈ ৰাখিছে তাই ঘৰখন। পিছে, মূৰটো ঘূৰাই চোতালৰ ইটোফাললৈ চাওঁতেহে দুচকু সেমেকি উঠিল লক্ষেশ্বৰৰ। তাৰ মামৰে ধৰা পুৰণি অটোৰিক্সাখন আৰু কাপোৰ মেলা ৰচিডালত মেলি থোৱা তাৰ আৰু লতিকাৰ উৱঁলিব ধৰা কাপোৰবোৰ…! তিলকৰ চাকৰিত যোগদানৰ লগে লগে তিলকৰ দিহামতে অটোৰিক্সাখন চলোৱা বাদ দি চোতালৰ চুকটোত আঁতৰাই থৈছিল লক্ষেশ্বৰে। তিলকে কেজি হিচাপতে বিক্ৰী কৰাৰ কথা কৈছিল যদিও লক্ষেশ্বৰৰ মনটোৱে মনা নাছিল। সেয়ে, সুযোগ পালে বিদায় দিয়াৰ পৰিকল্পনা কৰি চুকটোত ৰাখি থৈছিল অটোৰিক্সাখন। আজি, এই মুহূৰ্তত লক্ষেশ্বৰৰ দৃষ্টি অটোৰিক্সাখনত নিৱদ্ধ হোৱাৰ লগে লগে অটোৰিক্সাখনে যেন তাচ্ছিল্যৰ হাঁহি মাৰি উঠিল লক্ষেশ্বৰক…! এখোজ-দুখোজকৈ আগুৱাই আহি অটোৰিক্সাৰ হেণ্ডেলডালত ধৰি থিয় হৈ থাকিল লক্ষেশ্বৰ..!
: মা, তোমাৰ কামৰ বোজা পাতলাবলৈকেই মল্লিকাক সোনকালে তোমাৰ বোৱাৰী কৰি আনিব খুজিছোঁ। তোমালোকৰ নিশ্চয় কোনো আপত্তি নাই…?
: বিয়া..?
ইমান টকা ক’ত পাবি তই..?
তাতেই আকৌ ইমান ধনী মানুহৰ ছোৱালী…! বিয়া পাতি ক’ত ৰাখিবি তাইক? আমাৰ এই খেৰৰ ঘৰটোত…?
: তোমালোকে সেইবোৰৰ চিন্তা কৰিব নালাগে মা। ছমাহৰ দৰমহা ইতিমধ্যে জমা আছেই মোৰ ওচৰত। থকাৰ চিন্তাও বাদ দিয়া। মোৰ লগত কোৱাৰ্টাৰতে থাকিব পাৰিব তাই…!
তিলকে লতিকাক কৈ থকা কথাবোৰ নুশুনাকৈ নাথাকিল লক্ষেশ্বৰে। আঢ্যৱন্ত ঘৰৰ জীয়ৰী তথা তাৰ প্ৰেয়সী মল্লিকাৰ সৈতে বিবাহৰ প্ৰস্তাৱটো আগবঢ়াইছে সি মাকৰ ওচৰত…! কথাবোৰ শুনি একপ্ৰকাৰ হতভম্ব হৈ পৰিল লক্ষেশ্বৰ। নিজৰ শীৰ্ণকায় শৰীৰটোৰে অটোৰিক্সাখন চলাই কোনোমতে ঘৰ সংসাৰৰ বোজা টানি থকা লক্ষেশ্বৰৰ অলপ আগতে ওফন্দি উঠা বুকুখনত যেন কোনোবাই হঠাতে চেপি ধৰা যেন অনুভৱ কৰিবলৈ ধৰিলে সি।
”কি ভাবি আছিলো, কি হ’বলৈ গৈ আছে…?”
মূৰটো আশ্চন্দ্ৰাই কৰিবলৈ ধৰিলে লক্ষেশ্বৰৰ। কিছু পৰৰ আগতে অৱনীয়ে দি যোৱা সঁকীয়নি আৰু তিলকৰ কথাবোৰে যেন পাকঘূৰণি দিবলৈ ধৰিলে তাৰ মূৰটোত…!
লতিকাক উদ্দেশ্যি আটাহ পাৰি উঠিল লক্ষেশ্বৰ …
: হেৰা, আমাৰ ঘৰটোৰ মাটিৰ কাগজ- পাতিখিনি উলিয়াই লৈ আনাচোন।
এনেদৰে ইমান জোৰেৰে চিঞৰিবলৈ হঠাতে কিনো হ’ল মানুহজনৰ বুলি উধাতু খাই দৌৰি আহিল তিলক আৰু লতিকা লক্ষেশ্বৰৰ কাষলৈ।
: কি চাই আছা মোৰ মুখলৈ..?
যি কৰিবলৈ কৈছো তাকে কৰা।
: মাটিৰ কাগজেৰে কি কৰিব খুজিছে আপুনি? ভেটিটোৰ বাহিৰে একোৱেই নাইচোন এতিয়া আমাৰ..! সকলোবোৰ দেখোন বিক্ৰীয়েই হৈ গৈছে।
: যি আছে তাকেই অৱনীৰ হাতত তুলি দিম। পুত্ৰক “বৰ মানুহ” সজাবলৈ লোৱা ঋণ নিজেই পৰিশোধ কৰিম।
চিন্তা নকৰিবা তুমি। ল’ৰা বৰ মানুহ হ’ল যেতিয়া এই মামৰে ধৰা অটোৰিক্সাখনেৰেই চলি যাব আমাৰ। কেৰাচিন তেল অকণমানেৰে চাফা কৰি দিলে এতিয়াই চকচকীয়া হৈ পৰিব এইখন..! মনত ৰাখিবা, এইখনে কিন্তু কেতিয়াও বিশ্বাসঘাটকতা কৰা নাই আমাক।
অসহজ অনুভৱ কৰিলে লতিকাই। তিলকৰ উদাসীন মুখখনলৈ চাই সেমেকা হাঁহি এটি বিৰিঙি উঠিল লতিকাৰ ওঁঠত।
এই বয়সত এনেকুৱা বৰ মানুহৰ পিতৃ মাতৃ হিচাপে “দায়গ্ৰস্ত” হৈ দোষী হৈ থকাতকৈ সোনকালে “ঋণমুক্ত” হোৱাই ভাল…!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!