চাওলুং চ্যুকাফা

লেখক- মেহজেবিন আৰা

দুই হাতত তেওঁৰ স্বৰ্গীয় সমল
চোমদেও বিগ্ৰহ আৰু এটা মঙল চোৱা কুকুৰা
পিতৃ পুৰুষ সোণৰ জখলাৰে নামি আহিল,

মীমাংসা লাগে, প্ৰশ্ন কৰিলে দেউধায়ে
“কোনে ক’ত সোণ ৰূপ আৰিঁছা?”
ডলুৱা হ’ল খুনলুং
অভিশেষ খুনলাই।

আইতাৰ আদৰ
আইতাৰ মন্ত্ৰণা
বনকলা কটা বাটত
একো বেগেতকৈ বাঢ়িছে, সেয়ে নৰাওভতা।

“উত্তৰে দক্ষিণে পখৰা ঘোঁৰা এটা”
দেওশাল পাতিলে, পৰ্বত উজনিৰ
বৰ নেওচা পেলাই নগৰ ল’লে চৰাইদেউ।

মুঠিত হেংদাং, বুকুত মৰম
বৰাহী চাংমাই হ’ল
সাত ৰাজ মাৰি এক হ’ল
ছশ বছৰীয়া ৰাজত্বৰ সোণালী যুগৰ সূচনা হ’ল
বৰ অসমৰ ভেটিত নৱ সূৰ্য্য উদয় হ’ল।

সেই জ্যোতিৰ শিখা পোহৰ
বিশ্ব ঐতিহ্যবাহী আমি অসমীয়া
আমাৰ সংস্কৃতি আমাৰ চিনাকি।

হে পিতৃ পুৰুষ, তোমাৰ চৰণত প্ৰণাম শতকোটি।

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Sharma
3 years ago

Great

Don`t copy text!