নাৰী-নিৰ্যাতন আৰু প্ৰতিৰোধৰ বাবে আমাৰ ভূমিকা

লেখক- পল্লৱী শৰ্মা

নাৰী প্ৰকৃতিৰ অনুপম সৃষ্টি যাৰ অবিহনে এই পৃথিৱীৰ কোনো অস্তিত্বই নাই বুলিয়েই ক’ব পাৰি। নাৰী সৃষ্টি আৰু প্ৰেৰণাৰ চিৰন্তন প্ৰতীক। সৃষ্টিৰ পাতনিৰে পৰা লক্ষ্য কৰিলে দেখা যায় যে, পুৰুষ আৰু নাৰী উভয়ে উভয়ৰ পৰিপূৰক। বৰ্তমান শিক্ষা-দীক্ষাৰ ফালৰ পৰাও নাৰীয়ে পুৰুষৰ সমানে আগুৱাই গৈছে। এগৰাকী নাৰীৰ অশেষ ত‍্যাগৰ বিনিময়ত ঘৰ, সমাজ আৰু দেশখন উন্নতিৰ জখলাৰে আগবাঢ়ি যাব পাৰে। নাৰীৰ ত‍্যাগৰ বহু উদাহৰণ আমাৰ চকুৰ আগত জলজল পতপতকৈ জিলিকি আছে। তাৰে এক উদাহৰণ মহাভাৰতৰ গান্ধাৰী। তেনেদৰে মুলাগাভৰু, কনকলতা, জয়মতীৰ ত‍্যাগৰ নিদৰ্শন আজিও ইতিহাসৰ পাতে পাতে লিপিবদ্ধ হৈ আছে। তেওঁলোকৰ সাহস আৰু সুস্থ মানসিকতাই তেওঁলোকক আদৰ্শৱান নাৰী হিচাপে আমাৰ সমাজ তথা দেশতেই জাকত জিলিকাই ৰাখিছে।

বৰ্তমান দেশত নাৰী জাগৰণৰ সৃষ্টি হৈছে। ভাৰতীয় সভ্যতাত নাৰীক সদায় উচ্চ স্থান দিয়া হয়। বৰ্তমান শিক্ষা-দীক্ষাৰ ফালৰ পৰাও নাৰীয়ে পুৰুষৰ সমানে খোজ মিলাবলৈ সক্ষ‍ম হৈছে। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত পুৰুষতকৈ নাৰীৰ স্থান কোনো গুণেই কম নহয়। পুৰণি কালত নাৰী শিক্ষাত একেবাৰে গুৰুত্ব দিয়া হোৱা নাছিল। ছোৱালী এজনীক ঘৰুৱা বিভিন্ন যাৱতীয় কামত ব‍্যস্ত ৰাখি পঢ়া-শুনাৰ পৰা বঞ্চিত কৰি ৰাখিছিল। ফলত তেওঁলোকে কোনোদিনেই এষাৰো নিজৰ অধিকাৰৰ বাবে মাত মাতিব পৰা নাছিল। বৰ্তমান চৰকাৰী বা বেচৰকাৰীভাৱেএ হওক নাৰী সবলীকৰণৰ ওপৰত বিস্তৃতভাৱে আলোচনা বিলোচনা অনুষ্ঠিত হৈছে। নাৰীৰ কল‍্যাণৰ বাবে এচাম লোক যিমানেই সচেতন হৈছে ঠিক তেনেকৈ আকৌ এচামে প্ৰত‍্যক্ষ বা পৰোক্ষভাৱে নাৰী নিৰ্যাতনত সক্ৰিয় ভূমিকা লয়। আমি সামাজিক মাধ‍্যমত নাৰীৰ স্বাধীনতা, অধিকাৰ আদিৰ কথা আলোচনা কৰি থাকিলেই জানো আজিৰ নাৰী সকল সুৰক্ষিত বুলি ক’ব পাৰি? বাতৰি কাকত, টেলিভিছন খুলিলেই নাৰীৰ ধৰ্ষণ, নাবালিকা বলাৎকাৰ আদি বাতৰি বোৰে আমাৰ চকু সেমেকাই তোলে।

নাৰী নিৰ্যাতন বোলোতে শাৰীৰিক আৰু মানসিক উভয় নিৰ্যাতনৰ কথাকে কোৱা হৈছে। বৰ্তমান সময়ত যৌতুকজনিত কাৰণত বোৱাৰীক শাৰীৰিক, মানসিক অত‍্যাচাৰ, কেতিয়াবা জীৱন্তে কেৰাচিন ঢালি জ্বলাই দিয়াও দেখা যায়, নাবালিকা বলাৎকাৰ, বনকৰা কিশোৰীক বলপূৰ্বক ধৰ্ষণ কৰি হত্যা কৰা, কৰ্মক্ষেত্ৰতো নাৰী সুৰক্ষিত নহয় আদি ঘটনাৰ খৱৰবোৰ এক সাধাৰণ ঘটনালৈ পৰ্যবসিত হৈছে। মানুহৰ মাজত থাকিব লগা নৈতিক আদৰ্শৰ অপমৃত্যু ঘটিল বুলি ক’লেও হয়টো বঢ়াই কোৱা নহ’ব। নাৰী অবিহনে পুৰুষৰ জীৱনৰ সাৰ্থকতা নাই বুলি কোৱা যয় যদিও আমাৰ সমাজত পুৰুষৰ দ্বাৰায়ে নাৰী নিৰ্যাতিত হয়। চহৰতেই হওক বা গাঁৱৰ অনগ্ৰসৰ অঞ্চলবোৰত সাধাৰণতে মদ্যপানৰ প্ৰভাৱত নাৰী নিৰ্যাতন ঘটনা নিত্য নৈমিত্তিক ঘটনাত পৰিণত হয়।

‘ডাইনী’ আধুনিক সমাজ ব‍্যৱস্থাত নাৰী নিৰ্যাতনৰ এক ভয়াবহ সমস্যা ৰূপে পৰিগণিত হৈছে। শিক্ষাৰ পোহৰ নপৰা অনুন্নত ঠাইৰ মানুহৰ অন্ধবিশ্বাসৰ ফলতে ডাইনী সন্দেহত অনেক নৃশংস, অমানৱীয় হত্যাকাণ্ড সংঘটিত হৈ আছে যদিও ইয়াৰ নিৰাময়ৰ বাবে আশানুৰূপ পদক্ষেপ লোৱা হোৱা নাই। নিৰ্দোষী মহিলাক ডাইনী সন্দেহত হত্যা কৰা হৈছে নিৰ্বিবাদে। তেওঁলোকে প্ৰতিবাদ নকৰাৰ কাৰণটো হ’ল শিক্ষা-দীক্ষাৰ পোহৰ নপৰা মহিলাসকলে ঘৰৰ চাৰিবেৰৰ মাজত ঘৰুৱা কামত ব‍্যস্ত থাকে বাবে যুক্তিগতভাৱে কথাবোৰ চিন্তা কৰিব নোৱাৰে, তেওঁলোকৰ মাজত অন্ধবিশ্বাসৰ প্ৰভাৱ প্ৰকট। ফলস্বৰূপে অন্ধবিশ্বাস, কুসংস্কাৰ আদিয়ে তেওঁলোকৰ মনবোৰ আৱৰি ৰাখিছে। নাৰীসকলৰ এনে দুৰ্বলতাৰ সুযোগ লৈ এচাম কু-চক্ৰান্তকাৰী লোকৰ ন‍্যস্ত স্বাৰ্থৰ বাবেই সংঘটিত হৈছে এটাৰ পিছত এটাকৈ ডাইনী সন্দেহত হত্যাকাণ্ডসমূহ।

আমাৰ সমাজত বিধবা, সন্তানহীন, কেও-কিছু নোহোৱা আবিয়ৈ মহিলাসকলক ‘কুলক্ষণীয়া’ উপমাৰে অভিহিত কৰা আমি প্ৰায়ে দেখিবলৈ পাওঁ। তদুপৰি কন‍্যা সন্তান বুলি ভ্ৰুণ হত্যা কৰা, কন‍্যা সন্তানতকৈ পুত্ৰ সন্তানক সকলো ক্ষেত্ৰতে গুৰুত্ব দিয়া, বাল‍্য-বিবাহ, যৌতুক প্ৰথাৰ প্ৰচলন, বিধৱা মহিলা সকলে বগা কাপোৰ পৰিধান কৰা, যিকোনো মাঙ্গলিক কাৰ্য্যত বিধৱা সকলক আঁতৰাই ৰখা আদিবোৰ নিঃসন্দেহে আমাৰ সমাজত প্ৰচলিত কু-সংস্কাৰ। মহিলাসকলে নিজৰ নিজৰ মৰ্যাদা তথা জাতিগত সত্তা জীয়াই ৰাখিবলৈ এনেবোৰ কু-সংস্কাৰৰ তীব্ৰভাৱে বিৰোধিতা কৰিব লাগে।

এগৰাকী নাৰী শিক্ষিত হোৱা মানে এখন ঘৰৰ লগতে এখন সমাজ শিক্ষিত হোৱা। গতিকে নাৰী শিক্ষা বিশেষভাৱে প্ৰয়োজন। গাঁৱে-ভূঞে, চহৰে-নগৰে সকলো নিৰক্ষৰ ছোৱালী, মহিলাক সুশিক্ষাৰে স্বাক্ষৰ কৰাৰ লগতে তেওঁলোকৰ অধিকাৰ, কৰ্তব্যৰ বিষয়ে তেওঁলোকক অৱগত কৰি তুলিব লাগে। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো নাৰী একগোট হৈ অন‍্যায়, অত‍্যাচাৰ অবিচাৰ, নিৰ্যাতনৰ বিৰুদ্ধে যুঁজ দিব পৰাকৈ শক্তিশালী কৰি তুলিব লাগিব। নাৰীৰ দ্বাৰা নাৰীৰ প্ৰতি কৰা অত্যাচাৰৰ বিৰুদ্ধে নাৰী সংগঠন যেনে— অসমৰ নৰ্থ-ইষ্ট নেৱাওৰ্ক, ৰাজস্থানৰ ‘সাবীন’, বৰ্তমান অসমত গা কৰি উঠা স্বেচ্ছাসেৱী নাৰী সংগঠন ‘Warriors–এটি জাগৰণ নাৰীত্বৰ’ আদিৰ নাম বিশেষভাৱে উল্লেখনীয়। আমাৰ দেশৰ মহিলাসকলে নাৰী বিষয়ক সকলোবোৰ আইন আৰু চৰকাৰী আঁচনিসমূহৰ সম‍্যক জ্ঞান আহৰণ কৰা উচিত কিয়নো এনে জ্ঞানে তেওঁলোকৰ নিজৰ নিজৰ অধিকাৰ, কৰ্তব্য আদি, সাব্যস্ত কৰাত সহায় কৰিব। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা “বেটি বচাও, বেটি পঢ়াও” এখন আদৰণীয়, সময় উপযোগী আঁচনি। নাৰী সুৰক্ষাৰ ক্ষেত্ৰত “দ‍্যা প্ৰটেকচন অৱ ৱমেন ফ্ৰৰ্ম ডমেষ্টিক ভায়েলেঞ্চ এক্ট ২০০৫”, যৌতুক নিবাৰণী আইন(১৯৬১/১৯৮৪), ভাৰতীয় বিচ্ছেদ আইন(১৯৬৯), বাল্যবিবাহ প্ৰতিৰোধ(১৯২৯/১৯৭৮), গৰ্ভৱতী মহিলা আইন(১৯৭১), ভাৰতীয় দণ্ডবিধি আইন(ধাৰা ৩৫৪, ৩৬৬, (ক), ৩৭২/৩৭৩, ৩৭৬, ৪৯৪, ৪৯৮ (৬), ৫০৯ আদি, ফৌজদাৰী কাৰ্যবিধি আইন (১২৫ ধাৰা) ইত্যাদি উল্লেখনীয়।

নাৰী নিৰ্যাতন ৰোধ কৰাটো কিন্তু প্ৰতিজন মানুহৰে এটা সামাজিক তথা নৈতিক কৰ্তব্য। আনহাতে স্বেচ্ছাসেৱী সংগঠন সমূহৰো এই ক্ষেত্ৰত গধুৰ দায়িত্ব আছে। যিকোনো ঘটনা সংঘটিত হোৱাৰ পিছত কিছু চিঞৰ-বাখৰ, প্ৰতিবাদ, প্ৰতিবাদী সভা দুখনমান পাতোতেই যেন আমাৰ দায়িত্ব শেষ। দৰাচলতে প্ৰতিবাদ সাব‍্যস্ত কৰিব লাগিব সজোৰে। দোষীক উপযুক্ত শাস্তি দিবৰ বাবে চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰক; সমাজৰ সকলো শ্ৰেণীৰ লোকেই এই ক্ষেত্ৰত মাত মাতক, আগবাঢ়ি আহক। সমাজৰ সৰ্বত্ৰতে এক জনজাগৰণৰ সৃষ্টি কৰিব পাৰিলে নিশ্চয়কৈ নাৰী নিৰ্যাতনৰ এই সমস্যা সমূহ সমাধান নোহোৱাৰ কোনো কাৰণ নাই। সেয়ে আমি নাৰী সমাজত একত্ৰিত হৈ অন‍্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ মাৰ বান্ধি প্ৰভাৱশালী ভূমিকা গ্ৰহণ কৰিব লাগিব।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments