টি-পাম: এক সোণালী ইতিহাসৰ আৰম্ভণি

লেখক- বনদীপা গগৈ

’টি-পাম’.. য’ৰ পৰাই হয়টো এদিন বৰ অসমৰ ভেঁটি স্থাপন কৰা পিতৃ পুৰুষজনাই হেংদাংৰ খাপত হাত থৈ চাই ৰৈছিল মুং-দুন্-চুন-খাম্ অৰ্থাৎ বিস্তৃত স্বৰ্ণ ভূমিলৈ—যাৰ নাম এতিয়া অসম। ছা্ন টাই সকলে বিশ্বাস কৰিছিল যে পাটকাই পৰ্বতৰাজিৰ সিপাৰে পশ্চিম দিশত এখন সোণৰ দেশ আছে। এই দেশখনক তেওঁলোকে মুং-দুন্-চুন্-খাম্ নামেৰে অভিহিত কৰিছিল। মুং মানে দেশ, দুন হাবি, চুন বাগিচা আৰু খামৰ অৰ্থ হ’ল সোণ অৰ্থাৎ সেউজ গছ গছনিৰে ভৰপূৰ সোণৰ দেশ। এই সোণালী দেশৰ পম খেদি বৃহত্তৰ টাই জাতিৰ এজন পৰাক্ৰমী ৰাজকোঁৱৰ চাওলুং চ্যুকাফাই ১২২৮ খ্ৰীষ্টাব্দৰ আঘোণ মাহৰ ১৬ তাৰিখে মুং-দুন্ – চুন্ – খাম্ বা সৌমাৰপীঠৰ ভূমিত উপস্থিত হয়হি। ইয়াৰ পৰাই জনা যায় আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা জনক চ্যুকাফা। এই আহোম নামটোৰ অৰ্থ হৈছে স্বৰ্গৰ পৰা অহা ৰজা বা সিংহ। ‘চ্যু’ ৰ অৰ্থ সিংহ বা বাঘৰ আগমন, ‘কা’ ৰ অৰ্থ হ’ল অহা আৰু ‘ফা’ৰ অৰ্থ হ’ল স্বৰ্গ। কোৱা হয় যে আহোম সকল এছিয়া মহাদেশৰ বৃহৎ টাই জাতিৰ লোক আৰু মাও চান বা মাও চাম গোষ্ঠীৰ।

চাও চ্যুকাফাই তেতিয়াৰ সৌমাৰপীঠ(বৰ্তমান অসম) লৈ দেশ দিগ্বিজয়ৰ উদ্দেশ্য অহা নাছিল। তেওঁৰ উদ্দেশ্য আছিল ইয়াত অতীজৰে পৰা বসবাস কৰি থকা আদিবাসী মৰাণ, বৰাহী আদি লোক সকলৰ সৈতে মিলিজুলি বসতি স্থাপন কৰা। পিছলৈ এই সমন্বয়ৰ বান্ধেৰে সকলোৰে লগত বান্ধ খাই সবল নেতৃত্ব প্ৰদানেৰে মুং-দুন্-চুন্ – খাম্ ৰ প্ৰতিষ্ঠা কৰে বৰ অসমৰ ভেটি গঢ়োতা চাওল্যুং চ্যুকাফায়ে। ১২২৭ খ্ৰীষ্টাব্দত তেওঁলোকে সোণালী দেশলৈ আহি থাকোঁতে নাম-বং বোলা এখন নৈ পাইছিল। ইয়াৰ কাষে কাষে ভটিয়াই আহি ছয়খন উপনৈ লগ লগা ঠাই এখন পালেহি, ঠাই খনক তেওঁলোকে ‘নাম্ ৰুক’ নামেৰে নামাকৰণ কৰিলে। নাম্ বং নৈৰে অৰ্থাৎ জলপথেৰে তেওঁলোক আহি দিহিং নৈ পালে। দিহিং নৈক নাম দিয়ে ‘নাম্ জীন’। ইয়াৰ পিছত দিহিং নৈৰে ভটিয়াই আহি ১২২৮ খৃষ্টাব্দৰ ১৬ আঘোণৰ দিনা চাওলুং চুকাফাই তেখেতৰ সপোনৰ দেশ মুং-দুন্-চুন-খাম্ ত ভৰি দিয়েহি। যি ঠাইত তেওঁলোকে প্ৰথমে আহি ৰয়, সেই ঠাইখনত এটা ওখ আহল বহল চাপৰি আছিল। তাই ৰাজকোঁৱৰে ইয়াৰ নাম দিয়ে টি-পাম। টি মানে ঠাই আৰু পামৰ অৰ্থ চাপৰি। এই টি-পামতে চাওলুং চ্যুকাফাই তিনিটা বছৰ থাকি তিনিবিধ খেতি কৰে। এই সোণালী দেশৰ টি-পামতেই চাও চ্যুকাফাই প্ৰথম ৰাজকাৰ্য্য শুভাৰম্ভ কৰি আহোম সকলৰ প্ৰথম অস্থায়ী ৰাজধানী নিৰ্মাণ কৰে। তাতে তেওঁ মঙ-বান-ৰুইক বুঢ়াগোহাঞি আৰু থাও-মঙ-কাঙ-ঙানক বৰগোহাঞি মন্ত্ৰী পাতে। পাছত বাৰিষা দিহিঙৰ পানীয়ে খেতি পথাৰ বুৰাই পেলোৱাৰ বাবে লগতে ৰাজ্য বঢ়োৱা উদ্দেশ্যে ভৈয়ামলৈ তেওঁলোক নামি আহিল।

চাওলুং চ্যুকাফায়ে যি মহান উদ্দেশ্য, আদৰ্শ, সৱল নেতৃত্ব আৰু ত্যাগেৰে বৃহত্তৰ অসম আৰু অসমীয়া জাতিক প্ৰতিষ্ঠা কৰি থৈ গৈছে, তাৰেই স্মৰণত বৰ্তমানৰ প্ৰজন্মই অসম আৰু অসমীয়াৰ জাতীয়তাবাদী স্বাৰ্থ অক্ষুণ্ণ ৰাখিবলৈ দৃঢ়প্ৰতিজ্ঞ হোৱা উচিত। তদুপৰি এই ঠাইতেই আছে পোন প্ৰথমবাৰৰ বাবে অসমৰ ভেঁটিত ভৰি থৈয়ে চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ টি-পামৰ চাপৰিত নিৰ্মাণ কৰা প্ৰথমটো আহোম সকলৰ উপাসনা স্থলী ‘চাও-চেং-ৰেং’। ইয়াৰ প্ৰায় কাষতে আছে এটা হিন্দু ধৰ্মৰ দেৱী মন্দিৰ। জানিব পৰা মতে সেই মন্দিৰটোৰ মূল থাপনা আহোম সকল অহাৰ আগেয়ে ইয়াৰ আদিবাসী লোক সকলৰ বনদেৱীৰ উপাসনাস্থলী আছিল। চাও চ্যুকাফাই কেতিয়াও কাৰো ধৰ্মক আঘাত কৰি নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰিব বিচৰা নাছিল। তেওঁ নিজৰ ধৰ্মক যিমান গুৰুত্ব দিছিল সিমানেই আনৰ ধৰ্মৰ প্ৰতিও শ্ৰদ্ধাশীল আছিল।

বৰ্তমান সময়ত অসম চৰকাৰে এই টি-পামক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিবলৈ অনেক ব্যৱস্থা হাতত লৈছে যদিও এতিয়াও ই সম্পূৰ্ণ ৰূপেৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে প্ৰতিষ্ঠা পোৱা নাই। কিন্তু ক’ব পৰা যায় যে সংৰক্ষণ আৰু উন্নয়নৰ ওপৰত টি-পামক যদি গুৰুত্ব দিয়া হয়, তেন্তে অসমৰ মুখ্য পৰ্যটনৰ স্থান সমূহৰ ভিতৰত টি-পাম অসমৰ অন্যতম কেন্দ্ৰস্থল হিচাপে পৰিগণিত হ’ব। এইয়াই আছিল বৰ অসমৰ আৰম্ভণিৰ সোণালী ইতিহাসৰ কিছু কিয়দংশ। (তথ্যসমূহৰ বাবে সহায় লোৱা হৈছে)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!