শৈশৱ, জোনাকী পৰুৱা আৰু বহু কথা

লেখক- তুমি, মই আৰু বহুতো

সাহিত্য ডট্ অৰ্গ:
আমি শৈশৱত বহু মধুৰ সময় পাৰ কৰিছোঁ, কেতিয়াবা মনতে তেনে কথাবোৰ পাগুলিয়াই থাকি খুব ভাল লাগে। সেইবোৰ ভালেই আছিল নে বেয়াই আছিল সেয়া বিচাৰ কৰিব পৰাকৈ মনবোৰ আমাৰ পৈণত নোহোৱাৰ বাবেই হয়তো জীৱনবোৰ বহুত সহজ-সৰল আছিল। ময়ো আজি তেনে কিছু সৰু সৰু কিন্তু মনটো সুখেৰে ভৰাই পেলোৱা কথাকেই ভাবি ভাবি অলস ভাৱত দিনটো পাৰ কৰিছোঁ। তেনে বহু স্মৃতিৰ ভিতৰত কিছুমান যেনে, ১। তেঁতেলী টেঙা লেটিয়াই থোৱা সেই কাঠৰ চামুচ খন ২। ঠেলাত অনা ৰঙীণ বৰফবোৰ ৩। চকলেটৰ সৈতে দিয়া হাতত পানীৰে লগাব পৰা ষ্টিকাৰবোৰ ইত্যাদি ইত্যাদি। আপোনালোকৰ তেনে কোনো নষ্টালজিয়া আছে যদি ইয়াতে মন্তব্য হিচাপে দিবচোন। 

————————————————————————————————————————————————————

লক্ষজ্যোতি নাথ:

আগতে পেপচি বুলি ক’লে প্লাষ্টিকৰ দীঘল পেকেট এটাত অহা ৰঙা বৰফক বুজোঁ যি এটকাত পায়। পাছত বুজিলোঁ আচল পেপচি পাকিস্তানৰ খেলুৱৈৰ বুকুত লিখাটোহে। আচল পেপচি বটলত আহে, দাম বেছি।

Jolly Kalita:

সৰু সৰু দীঘলীয়া প্লাষ্টিকৰ পেকেটৰ বগৰীৰ গুড়ি, নাৰিকল পাতৰ ঘড়ী বনোৱা, তামোলৰ ঢকুৱাৰ গাড়ী টনা, কৰৱী ফুলৰ ভিতৰৰ বগা অংশটোৰ নাকফুলি পিন্ধা, কৃষ্ণচুড়া ফুলৰ পুংদণ্ড কেইডালৰ যুঁজ খেল ইত্যাদি।

Gitika Saharia:

Jolly Kalita ৰ লগতে মই এটা যোগ কৰোঁ মদাৰৰ ফুলেৰে দীঘল নখ লগোৱা।

দিব্য দত্ত:

১) টেঙেচী পাতৰ যুঁজ খেলা

২) কঠাল পাতেৰে ম’হ বনোৱা

৩) বকুল ফুল বোটলা

৪) গৰুখিছ বিচাৰি খোৱা

৫) গৰু চৰাবলৈ যোৱা

৬) খলি গুটি খেলা

৭) কচুপাতেৰে জোকাৰি বিছাৰ নোম গুছোৱা ইত্যাদি।

Jutika Shabhapandit:

১) দোকানত পোৱা সৰু সৰু কেঞা বগৰীবোৰ আৰু সৰু চেনি গুটিবোৰ

২) ঘিলাগুটি লৈ মাটিত আচ টানি খেলা খেলবোৰ

৩) ডাঙৰ ডাঙৰ কুকিজ বিস্কুটবোৰ। 

Pankaj Sarma Barua:

চেচোঁৰ খন্দা, লুজেনগুটি, ৫ পইছাৰ চকলেট, অৰেঞ্জ ক্ৰীম বিস্কুট, গ’ল্ডষ্পট ক’ল্ড ড্ৰিংকছ ইত্যাদি। 

Yamini Gogoi:

বাৰিষা ছাতি নিবলৈ এলাহ লগা স্কুলীয়া দিনবোৰত কচুপাতৰ ছাতি লৈ বৰষুণ খেদা, বৰষুণৰ পানীত কাগজৰ নাও খেলা, পথাৰৰ মাজৰ ডাঙৰ খালবোৰত কলগছৰ ভূৰ চলোৱা, মাৰ্বল গুটিৰে ধনী জেপবোৰৰ অহংকাৰলৈ লগৰীয়াৰ আগত বাহাদুৰি মৰা, আলতীয়া মাটিৰে গোল-গোলকৈ বাতলুগুটি সজা, গাঁৱৰ নামঘৰত ভাওনা চাই আহি ভাইটিৰ সৈতে তৰোৱাল হিচাপে জেওৰা খুটি লৈ যুদ্ধ-যুদ্ধ খেলা, ঘৰত নাম সকাম পতাৰ দিনত ঢৰাৰে বেৰত ঘৰ সাজি তাত সোমাই থকা….অন্তহীনচোন শৈশৱৰ নষ্টালজীয়া!

মৃদুস্মিতা অসমীয়া: পানীবেলুনত পানী ভৰাবলৈ কৰা আপ্ৰাণ চেষ্টাবোৰ আৰু টেবুলৰ ড্ৰয়াৰৰ পাছফালে চিনেমাৰ হিৰ’ৰ ফটোবোৰ লগাই থোৱা সময়বোৰ। পঢ়াৰ মাজে মাজে ড্ৰয়াৰটো খুলি মায়ে নেদেখাকৈ ফটোবোৰ চোৱা সময়খিনি।

Monika Devi:

১) আমি গাঁৱৰ ঘৰত থাকোঁতে চাকৰি সূত্ৰে বিভিন্ন ঠাইৰ পৰা কণমানি ভাই-ভনীহঁতক লৈ খুৰা-খুৰীহঁত আহিছিল। আমি ডাঙৰ কেইটাই সিহঁতক লৈ ওচৰৰ দোকনৰ কাষত অগা-দেৱা কৰি থাকো। মুৰুকত দোকানীয়ে বটলৰ পৰা উলিয়াই দিয়া ৰঙা-নীলা চেনীগুটি কেইটা লৈ ঘৰমুৱা হওঁ। আমাৰ উদ্দেশ্য সফল হোৱাৰ আনন্দই সুকীয়া।

২) পিতল বৰণীয়া ২০ পইচা হাতত লৈ দোকানৰ পৰা ৫ পইচা দামৰ দুই পেকেট কেঞা বগৰী, ১০ পইচাৰ চানাচুৰ ভগাই খোৱাৰ আনন্দ এতিয়াৰ দামী চানাৰ পেকেট বা দোকানত সজাই থোৱা খেজুৰিৰ পেকেটবোৰত নাপাওঁ দেখোন ।

৩) আলহী সোধ-পোচ কৰিবলৈ মায়ে সযতনে ৰখা কণ্ডেনচ মিল্কৰ টেমাৰ পৰা হাতত ঢালি সোহা মৰা সেই দিনবোৰে নিশ্চয় আপোনালোককো নষ্টালজিক কৰি তোলে।

৪) পাকঘৰৰ চেনীৰ বটল ছাগলী গৰালত উদ্ধাৰ !ভাইটিৰ উত্তৰ-খেতৰে নিলে চাগে।

৫) ঘৰত বছৰেকীয়া লক্ষ্মী পূজা ভাঙিলে অতিথিৰ লগত ব্যস্ত আই -বোপাইৰ আঁৰ হৈ পূজাৰ শৰাইৰ নৈবেদ্য বুলিবলৈ যোৱাৰ আনন্দই সুকীয়া।আৰু বহু কথা আছে। পিছে পৰে লিখিম।

Pranamika Adhikary:

গৰমৰ বন্ধ দিয়াৰ দিনা বুট, বিস্কুট আদিৰ মালা গুঠি চাৰ বাইদেউক পিন্ধোৱা আৰু পিছত টনা-আজোৰা কৰি খোৱা, মায়ে মালপোৱা পুৰিলে ভুজিয়াৰ দৰে টুকুৰাবোৰ থপিয়াই খোৱা, পায়সৰ চচপেনৰ কাণটো ৰুকি ৰুকি খোৱা, দীঘল জাঙিয়াৰ ৰবৰছটাক সাৰথি কৰি মাৰ্বলগুটি সুমুৱাই লোৱা, কচুপাতত জিলিকেঁচুৰ নুৰা আৰু বৰশী লৈ খালৰ দাঁতিত গৰৈ টুপিওৱা, সন্ধিয়া নতুন আলু জুইত সুমুৱাই গৰমে গৰমে খাই তালু পুৰি যোৱাৰ পৰা বাচিবলৈ ওপৰ মুখ কৰি মুখ মেলি বতাহ লোৱা, শাকনি বাৰীত মটৰমাহ বিলাহী চিঙি খোৱা, ভটা গুটি খেলি দৌৰা, চেংগুটি খেলা, কলাকচু বগাকচুৰে ষোল্লপাতি খেলা, বৰষুণৰ পাছত জোপোহা গছৰ তললৈ সৰুবোৰক মাতি নি গছ জোকাৰি তিওৱা, পাঁচ পইচাতে আঁচথকা মাৰ্বলগুটি লুজেন খোৱা, ভোটোৰাৰ ঠাৰিৰে বেলুন ফুলোৱা, বাঁহৰ চুঙাত ঠিলা দি পমা গুটিৰে বন্দুক মৰা, কলগছৰ ভূৰ সাজি উঠা, গছত উঠা, আমৰ বতৰত জোনাক নিশা চোতালত ধুপধাপ আম পৰা শুনিলেই দৌৰ মৰা আৰু ডাঙৰৰ ডাঙৰ মাত শুনিলেই হুঁহুকি অহা, খেৰৰ পুঁজিত উঠি হুৰুসকৰে তললৈ সৰি পৰা, মৈত উঠা…. আস্! কত যে কথা৷ ক’ত যে হেৰাই গ’ল সেই সময়!

Iva Hazarika:

চোতালত পাঁচটা পাঁচটাকৈ গাঁত খান্দি নিম গুটিৰে খেলা ‘খুলি” খেলখন, পীৰা যোৰাদি ঘৰ সাজি মাৰ চাদৰ- মেখেলা পিন্ধি ‘ঘৰ ঘৰ’ খেলা দিনবোৰ, আলহীয়ে বিস্কুট অনাৰ আনন্দ, মামাহঁতৰ ঘৰলৈ গ’লে আহিবৰ সময়ত সৰু মামা আৰু মাজুমামাই দিয়া চাৰিঅনীয়া আৰু আঠঅনীয়া পইছাটো, আলহী থকাকৈ আহিলেযে সেইকেইদিন চাকিৰ তেলপুৰি পঢ়িব নালাগে। কত মধুৰ স্মৃতি।

Monika Devi:

বহুত কথা আছে। বতাহ ধুমুহা আহিলে আমকলি বোতলা দিনবোৰ, খেতি শেষ হ’লে লেছেৰি বোটলা আৰু ইয়াৰ পৰা ওলোৱা চাউলৰ চুঙা পিঠা, পথাৰৰ ৰ’দত কেঁচা জলকীয়া, নিমখৰ লগত তিয়ঁহ কাটি খোৱা, ৰবাব টেঙা খোৱা, গৰখীয়া সবাহত ভাগ লোৱা,  কাতি বিহুত তুলসীৰ তলত নাম গোৱা, ঘৰে ঘৰে চাউল দাইল বুটলি মাঘৰ বিহুৰ উৰুকাত নৈৰ কাষত ভোজ খোৱা, মেজিৰ জুইৰ পকা অঙঠা ইস্ত্ৰি কৰিবলৈ সংগ্ৰহ কৰা, গৰু বিহুৰ দিনা চাতৰ বস্তুৰে বছৰটো ভালে যাবলৈ ঔষধ বনাই খোৱা, কাষত কলহ লৈ নদীৰ পানী কঢ়িয়াবলৈ যোৱা আৰু যে ক’ত কি। বৰ সুন্দৰ দিন আছিল সেইবোৰ।

নয়নমণি হাজৰিকা:

১) আঘোণৰ পথাৰত লেছেৰি বোটলা

২) সোণ পৰুৱা বিচাৰি কপালত ফোঁট লোৱা

৩) চেচোঁৰ খান্দি খোৱা

৪) কাপোৰেৰে পুতলা সাজি কইনা দৰা সাজি খেল খেলা

৫) বহঁতেৰে মাটিফলি মচা

৬) সোণাৰুৰ হালধীয়া ফুলেৰে কাণফুলি পিন্ধা

৭) জোনাকী পৰুৱা খেদি হাতৰ তলুৱাত লোৱা আদি।এনেদৰে আৰু বহুতো শৈশৱৰ সোণোৱালী স্মৃতি বুকুৰ মাজত এতিয়াও সজীৱ হৈ আছে।

বৰ্ণালী পাঠক:

১) পদুম পদুম খেলা

২) জুই পুৱাই ককাৰ মুখৰ সাধু শুনা

৩) মৰণা মাৰোঁতে গৰুৰ লগত দৌৰা

৪) ধানৰ পুঁজিত জঁপিয়াই জঁপিয়াই হাত-ভৰিৰ খজুৱতি তুলি লোৱা, তাৰ পিছত আইতা-মামীৰ হাতৰ মিঠাতেল মালিচ

৫) জুম বান্ধি পথাৰ বা বাৰীত বহি কলপাতত ৰবাব টেঙা খোৱা

৬) নিশ্চিন্ত মনে চুবুৰীয়া ল’ৰা-ছোৱালীবোৰ ৰাতিলৈ হোৱালৈ একেলগে খেলা-ধুলা কৰা

৭) কাৰেন্ট গ’লে গোটেই চুবুৰীটো একগোট হৈ ৰাস্তাত ফুৰা

লিখি শেষ কৰিব নোৱাৰা এখন তালিকা আমাৰ শৈশৱ।

Meghali Gogoi:

১) কঁঠালপাতৰ চকৰি বনাই বতাহ বলিলে হাতত লৈ দৌৰা

২) মায়ে অমলেট বনোৱাৰ পাছত পেলাই দিয়া এমূৰ ভঙা কণীৰ চোকোৰাটোত চকু-নাক আদি আঁকি মানুহৰ বিশেষকৈ কইনা এজনীৰ মুখ বনাই বটল এটাৰ মুখত সুমুৱাই, মেখেলা-চাদৰ পিন্ধাই পুতলা বনোৱা

৩) অষ্টম শ্ৰেণীলৈ উঠাৰ পাছত স্কুললৈ মেখেলা-চাদৰ পিন্ধিবলৈ লাজ আৰু একেসময়তে জগা হেঁপাহ।

আৰু যে কত কি…!

Rupalim Mahanta:

১) স্কুলৰ সমুখত পোৱা এটকীয়া জ্বলা চিপছ সেহাই সেহাই খোৱা

২) দেওবাৰে মায়ে ৰন্ধা মাংসৰ জোলকণ খাবলৈ উদগ্ৰীৱ হোৱা

৩) ১০ পইচাৰ কমলা ৰঙৰ টেঙা মিঠা মৰ্টন খাই দাঁত টেঙাই যোৱা অনুভূতি

৪) দেওবাৰে দুপৰীয়া ৰেডিঅ’ত নাটক শুনা,

৫) গধূলি মহ খেদাবলৈ দিয়া ধুনাৰ গোন্ধ

৬) ল’ড শ্বেডিঙৰ একঘণ্টা ফৰিং ফুটা জোনাকত চোতালত বহি কথা পতা

৭) লেণ্ড লাইনত ঘণ্টাজুৰি আড্ডা মাৰি মাৰ বকনি শুনা

৮) পাপাৰ স্কুটাৰৰ হৰ্ন শুনি গেট খুলিবলৈ দৌৰি যোৱা

৯) মানুহৰ ঘৰলৈ ফুৰিবলৈ গ’লে থাওকতে যচা লুচী ভাজি বগৰী আচাৰকণ গোগ্ৰাসে গিলা

১০) আলহী আহি যাবৰ সময়ত টকা দিলে সেমেনা-সেমেনি কৰি মাৰ মুখলৈ চোৱা, মায়ে “কেলৈনো দিছে, নিদিব” বুলিলে পেটে পেটে বেয়া পোৱা

১১) গৰমৰ দিনৰ গধূলি মায়ে দিয়া নেমু চৰবত গিলাছৰ সোৱাদ

১২) নেঞ্চি ড্ৰিও, হাৰ্ডি বয়জ, সঁফুৰা, মৌচাক, চান্দমামা, টিংকলৰ গোন্ধ আৰু পঢ়াৰ আমেজ।

কৈ শেষ কৰিব নোৱাৰা শৈশৱৰ অনুভূতি। বেছিভাগেই সোৱাদ আৰু ঘ্ৰাণৰ লগত জড়িত।

Rushmika Das:

১) পথাৰত ধান দাই থাকোঁত ৰেডিঅ’ত শুনা সৈনিকৰ গীতৰ অনুৰোধৰ অনুষ্ঠানটো

২) শাওণমহীয়া ভুঁই ৰুই পথাৰৰ পৰা অহাৰ পিছত মায়ে যতনাই দিয়া ভীমকল এপিচৰ লগত ফিকা চাহ একাপ

৩) মাৰ হাতৰ লফা শাকৰ লগত শ’ল মাছৰ টেঙা জোলকণ

৪) পঁচিশ পইচাত পোৱা টেঙা স্বাদৰ মর্টন

৫) সৰু সৰু দীঘলীয়া প্লাষ্টিকৰ পেকেটত উপলব্ধ শুকান বগৰীৰ সোৱাদকণ

৬) কঁঠালৰ পাতেৰে চকৰী বনাই দৌৰি দৌৰি বা বতাহৰ দিশত দি ফেনৰ দৰে ঘূৰোৱা কথাবোৰ

৭) পথাৰত গৰু এৰাল দিবলৈ গৈ ঘূৰি আহোঁতে লেছেৰি বোটলা

৮) ব’হাগ বিহুৰ সময়ত দেউতাই সাপ্তাহিক বজাৰৰ পৰা আনি দিয়া ফুটুকীয়া চোলাটো বিহুৰ গোটেইকেইদিনেই পিন্ধি ঘূৰি ফুৰা কথাটো যিটো সুখ এতিয়া বিহুত উপহাৰ হিচাপে পোৱা দামী চাদৰ মেখেলা বা শাৰীখনেও দিব নোৱাৰে

৯) পানীখোৱা ছুটীত লগৰীয়াৰ সৈতে শিলিখা, বগৰী ভগাই খোৱা কথাবোৰ

১০) পূজা বুলিলে বাঁহৰ চুঙাত গোটাই থোৱা টকা কেইটিৰে চিচাৰ খাৰু, বেলুন আৰু কিলিপ কিনা কথাবোৰ। 

Bondita Goswami Sarmah:

মই শৈশৱৰ দিনবোৰ মোৰ শ্ৰেষ্ঠ দিন হিচাপে প্ৰতিপন্ন কৰিব খোজোঁ। বৰ্তমান আধুনিক পৰিবেশত থাকি দিন অতিবাহিত কৰিছোঁ যদিও শৈশৱৰ আনন্দ তিলমাত্ৰাও নাই। মই উৰণীয়া পখীৰ নিচিনাকৈ অতিবাহিত কৰিছিলোঁ। সেই সময়ত পঢ়া আৰু লগৰীয়াৰ লগত খেলাৰ বাহিৰে আন চিন্তা নাছিল।স্কুলৰ পৰা আহোঁত মলখি, বগৰী খোৱা, স্কুলৰ গেটৰ সন্মুখত থকা চানাৱালাৰ চানা আদিৰ আনন্দ বেলেগ। আবেলি স্কুলৰ পৰা আহি ভাত খাই লগৰীয়াৰ লগৰ ওচৰৰ ফিল্ডত কাবাদী, গৰম পিঠা, আদা দেনা আহি খেলিছিলোঁ। প্লাষ্টিকৰ পেকেটত থকা তেঁতেলীৰ সোৱাদেই বেলেগ।লোকৰ বাৰীৰ ফলমূলবোৰ নোসোধাকৈ খোৱাটো আছেই। ঘৰৰ বয়সীয়ালজনে আগফালে বহি ল’ৰা-ছোৱালী আহে বুলি ৰৈ থকা দেখিলে খং আমাৰহে উঠিছিল। ৰঙা, কমলা, বগা ৰঙৰ বাকছত ভৰাই অনা বৰফ দেখিলে সদায় কিনিব নোৱাৰাৰ বাবে খোৱাৰ হাবিয়াস থাকি গৈছিল।মিহি ঠাই পালে সৰু গাত এটাত গপু বনাই দুডাল আঁ‌চ টানি মাৰ্বল খেলাৰ আনন্দই বেলেগ আছিল।চুবুৰীবোৰত লৰা-ছোৱালী সকলোৱেই খেলিছিল।জবাব ফুল পালে ভাঙি চিঙি ভাগ কৰি বিভিন্ন অংশ দেখুৱা। গধূলি-গোপাল আৰু নাইট ফুলিবলৈ ৰৈ থকা মুহূৰ্তবোৰ সঁচাকৈয়ে মধুৰ। সন্ধিয়া উৰি যোৱা বগলী জাক দেখিলে হাত জোকাৰি বগলী বগা ফোত দি যা গোৱা। কাউৰী উৰি গ’লে গাইছিলোঁ-কাউৰী গ’ল, গধূলি হ’ল, আমাৰে চাউল কঠা মুকলি হ’ল। আমাৰ ওচৰতে থকা মাছৰ হাটৰ নামঘৰত গধূলি ডবা বজোৱাৰ লগে লগে ডবাৰ শব্দত কোনো সন্তান ঘৰৰ বাহিৰত নাথাকিছিল।সেই ডবাৰ শব্দই ঘড়ীৰ কাম কৰিছিল। “নাৰায়ণ কৃষ্ণ প্ৰভু” বুলি সকলোৱে হাত দুখন জপাই সেৱা আগবঢ়াইছিল। আৰু বহুত আছে–শৈশৱত কিতাপ পঢ়াতো এটা অভ্যাসত পৰিণত হৈছিল। মই বিদেশ ভ্ৰমণ, ৰামায়ণ আৰু মহাভাৰতৰ সাধু আৰু আত্ম জীৱনী-যথেষ্ট অধ্যয়ন কৰিছিলোঁ। ইয়াৰ কাৰণো আছিল। বহু কেইজন লিখকক তথা সাহিত্যিকক কাষৰ পৰা পোৱাৰ সৌভাগ্য ঘটিছিল। এটা সময়ত যোৰহাটৰ জিলা পুথিভঁৰলৰ কিতাপ পঢ়া মোৰ নিচাত পৰিণত হৈছিল। দুখনমান সৰহকৈ পাবৰ বাবে আনৰ কাৰ্ড বিচাৰি ফুৰিছিলোঁ। সেইসময়ৰ পুথিভঁৰালৰ গোস্বামী আৰু বৰুৱা উপাধিৰ দুজন পুথিভঁৰালীক মই শ্ৰদ্ধাৰে সোঁ‌ৱৰণ কৰিবই লাগিব। কাৰণ মই তেখেত সকলৰ লগত কিতাপৰ বিষয়ে বহুত কথা পাতিছিলোঁ। যি কোনো কিতাপ পঢ়া হ’লেই কিতাপখন দিবৰ সময়ত মই অজানিতে তেখেতসকলক কেনেকুৱা পালোঁ কবলৈ চেষ্টা কৰিছিলোঁ। বনে বনে, মৌ -মহাভাৰত, এণ্ডাৰছনৰ সাধু–অলেখ কিতাপ পঢ়া টেবুলত মনে মনে পঢ়াৰ কথা আজিও পাহৰিব পৰা নাই। কি দিন আছিল! আমাৰ দিনত মইনাৰ মেলে শাৰিৰীক আৰু মানসিক বিকাশত যথেষ্ট সহায় কৰিছিল।তৰ্ক, আকস্মিক বক্তৃতা, কবিতা, ভাষণ দিয়া, অভিনয় কৰা আদি বিভিন্ন দিশৰ বিকাশ মইনামেলৰ পৰাই হৈছিল।

Vidyut Jyoti:

সৰুতে স্কুলত পঢ়োঁতে খুব center fresh কিনিছিলোঁ, তাৰ লগত দিয়া ক্ৰিকেটাৰ সকলৰ কাৰ্ডবোৰৰ কাৰণে।

Ankita Baroah:

সেই নষ্টালজিক অনুভৱৰ মাজত তেঁতেলি টেঙা মোৰ বাবে আটাইতকৈ প্ৰিয় আছিল।

১) সদায় স্কুল গৈয়ে ১০ পইচাত এটাকৈ তেঁতেলি টেঙাৰ পেকেট মুঠ ১০ টা কিনি খোৱাটো মোৰ নিয়মেই হৈ পৰিছিল।

২) কমলাৰঙী বৰফবোৰ পেকেট এটাৰ ভিতৰত সোমাই থাকে। দাঁতেৰে এটা কামোৰ দিলেই মাজতে ফাটি যায়। কাৰ জিভা কিমান কমলাৰঙী হৈছে সেয়া এক অন্য বিষয় আমাৰ।

৩) সব-মিচলৰ কথা কেনেকৈ নোকোৱাকৈ থাকো। জ্বলাৰ কোবত সেহাই সেহাই টিউবৱেলৰ তলত আঁজলি পাতি মুখত পানী লৈ কুলকুলি কৰি তত নাপাওঁ।

কত কথা যে মনত পৰি গ’ল!

Moniparna Goswami:

সৰুকালৰ বহুতো স্মৃতিয়ে এতিয়াও মনটো জীপাল কৰি ৰাখিছে।

১)জাৰকালি আগফালে ৰ’দত বহি বহি গ্ৰন্থমেলাত কিনি দিয়া কিতাপবোৰ পঢ়া

২)গৰমৰ দিনত সন্ধ‍্যা বিচনীৰ বা লৈ লৈ আগফালে চোতালত গোটেইবোৰ একেলগে বহি দেশৰ কথা পতা, জোনাকী পৰুৱাবোৰ চোৱা, আকাশখনৰ তৰাবোৰৰ মাজত কালপুৰুষৰ নক্ষত্ৰবোৰ বিচৰাৰ লগতে পপীয়া তৰা দেখো নেকি সেইটোও চোৱা

৩) বাবল গামৰ লগত অহা ষ্টিকাৰবোৰ ৰবৰডাল মাৰি সযতনে ৰখা, চেণ্টাৰ ফ্ৰুটৰ লগত অহা ক্ৰিকেটাৰৰ ছবি গোটোৱা

৪) ডাঙৰকৈ অহা বৰষুণজাকত মনে মনে গৈ তিতি তিতি কাগজৰ নাও উটুওৱা

৫)নতুনকৈ চাইকেল চলাবলৈ শিকাৰ পাছত স্কুলৰ পৰা আহি ভাতকেইটা খাই উধাই-মুধাই চাইকেল চলোৱা।

আৰু কিমান যে স্মৃতি আছে এনেকুৱা!

Hemen Nath:

১) বিয়া-সকামত কলপাতৰ ৰভা দিয়া আৰু কলপটুৱাত ৰাইজক খাবলৈ দিয়া সেই দিনবোৰ মনত পৰে।

২) ‘মহাভাৰত’ আৰু ‘শক্তিমান’ চাবলৈ গাঁৱৰ এমূৰৰ এঘৰলৈ যোৱা স্মৃতি এতিয়াও সজীৱ হৈ আছে।

৩) মাটিৰ পেঞ্চিল বাঁহৰ সৰু চুঙাত সুমুৱাই কলম আকৃতিৰ কৰি লোৱা, থুৰে ফলি মচা, পানীখোৱা লেইজাৰত চাৰি অনাৰ (পঁচিশ পইছা) ছানা খোৱাৰ সেই নষ্টালজিয়া সযতনে সাঁচি ৰাখিছোঁ।

৪) নৰা কাটি সেই নৰাৰে ভেলাঘৰ সজা মনত আছে।

Papari Goswami:

শৈশৱৰ সকলো স্মৃতিয়েইচোন নষ্টালজিয়া। তথাপি মাৰ শাৰী পিন্ধি খেলা খেলটো মোৰ বৰ প্ৰিয় আছিল। কাৰেন্ট নোহোৱা হ’লে পঢ়া বাদ দি শুনা আইতাৰ সাধুবোৰ সকলো মনতেই ৰৈ গৈছে। মামাহঁতৰ ঘৰত গৈ আগ চোতালত ধূলিৰে ঘৰ সজা, সৰিয়হতলীত লুকাই ফুল চিঙা, খেৰৰ দমত উঠা।

Bidisha Mahanta:

সৰুতে স্কুলৰ সন্মুখত বহি থকা ফুচকাৱালাৰ ফুচকা আৰু চানা খাবলৈ পোৱাটো পৰম ভাগ্যৰ কথা আছিল। কিন্তু বেছিভাগ সময়তে সেয়া পুৰা নহৈছিল। কাৰণ আমাক স্কুললৈ যাওঁতে মায়ে টিফিন বান্ধি দিছিল কিন্তু পইচা নিদিছিল। সেয়ে তেনে এটকা দুটকা লৈ অহা ভাগ্যৱান বন্ধুৱে বাৰে মিচল চানা কিনি খাই থাকিলে ওচৰে-পাজৰে অকণমান চানাৰ আশাত অৱস্থান কৰিছিলোঁ। কেতিয়াবা বন্ধু সদয় হ’লে ভাগত পৰিছিল নহ’লে নাই। কেতিয়াবা এটকা দুটকাৰ বাবে লুচী পায়সৰ টিফিন সলাইছিলোঁ। এবাৰ দেউতাই মাৰ পৰা আঁ‌ৰ কৰি মোৰ ফুচকা খোৱাৰ বাসনা পুৰণ কৰিছিল। মোৰ আকৌ বজাৰত ফুচকা কিনি খাবলৈ দীঘল নাকত লাজ লাগিছিল। মই আঁতৰত ৰৈ আছিলোঁ দেউতাই কিনি আনি দিছিলহি। দেউতাই মই খোৱা পৰম বিস্ময়েৰে চাই মন্তব্য কৰিছিল –ইমান খন লুচী একেবাৰতে মুখত ভৰাই দিলা –ফুচকা খালেই মোৰ সেই কথা মনত পৰে। আমাৰ শৈশৱত আছিল বিশ পইচাৰ চ’ন পাপৰি আৰু ৰঙা নীলা বৰফ আৰু আছিল টিনৰ বাকচত নিয়া কিতাপ বহী–বিদ্যাপাতেৰে শুৱনি বহী কিতাপ, ধূপৰ পেকেট কাটি তৈয়াৰ কৰা বিচনী, চুইট চিগাৰেট নামৰ মৰ্টন বিধ, পুজাত জৈন হোটেলৰ ডোচা আৰু আলুচপ। কাকজানৰ আইতাৰ ঘৰলৈ গ’লে নেফথেলিনৰ গোন্ধত বুৰ গৈ থকা এক আলমাৰি কিতাপ –দস্যু ভাস্কৰ চিৰিজ, দস্যুৰাণী বিজুলী, পৱন, জেচন, পাফু চিৰিজ। অনবৰতে ভাস্কৰ চিৰিজ পঢ়ি থকা বাবে খুৰাই মোৰ নাম ভাস্কৰণী দিছিল। কাকজানৰ লগ সমনীয়াৰ লগত কৰা দুৰ্গেশ্বৰ হাবিৰ অভিযান, ফুটকলা খাই বেঙুনীয়া কৰা জিভা আৰু বলমৰ পাৰৰ মোৰ শৈশৱৰ এৰাব নোৱাৰা অংগ। একেদৰে নঙলামৰাৰ আইতাৰ ঘৰৰ মূল আকৰ্ষণ ককাৰ লগত দিছাঙত গা ধুবলৈ যোৱা আৰু হলককাৰ দোকানৰ বাদাম খোৱা।

Ila Chetia:

১) সৰুতে তামোলৰ ঢকুৱাত পাল পাতি এটা এটাকৈ বহি চোতালত ঢকুৱা চোঁচৰাই ফুৰা দিনবোৰ,

২) ব’হাগ বিহুত চুবুৰীৰ সমনীয়াৰ লগত বিহু গাই পোৱা টকাৰে ভোজ খোৱাৰ আনন্দ, 

৩) গৰম দিনত ৰাতি চোতালত জোনাকী পৰুৱা ধৰিবলৈ লওঁতে পেট চলিব বুলি আইতাহঁতে ভয় খুৱাই দিয়া সময়বোৰ, 

৪) পাকঘৰৰ পৰা হৰলিক্স, পাউদাৰ গাখীৰ চুৰ কৰি খাওঁতে তালুত লাগি ধৰি খকখকাই থকা সময়বোৰ,

৫) সৰু সৰু শিলগুটিৰে লগৰীহঁতৰ সৈতে হেতালি খেলা, মাৰ্বল খেলা আৰু হৰা-জিকাকলৈ হোৱা কাজিয়াত নমতা-নমতিকৈ দুদিনমান থকাৰ পিছত মাতিবলৈ লাজ অথচ উদগ্ৰীৱ হৈ থকাৰ সময়বোৰ বৰ মনত পৰে।

ললিতা হাজৰিকা:

আমাৰ সোনসেৰীয়া শৈশৱৰ দিনবোৰে আজিও লুকা-ভাকু খেলে দৈনন্দিন জীৱনত-আমি স্কুললৈ গৈ প্ৰথমতে স্কুলৰ বেৰখন চুই সদায় সেৱা এটা জনাওঁ‌। নিৰ্দিষ্ট শ্ৰেণীত কিতাপ ফলি থৈ ঘৰৰ পৰা নিয়া আমলখি, বহঁত, শিলিখা আদি বস্তুবোৰ সহপাঠীৰ লগত বিনিময় কৰোঁ। তাৰোপৰি চাফাই কৰি থাকোঁতে ফিল্ডত পোৱা শিলিখা গুটিবোৰ শিলেৰে ভাঙি মাজৰ বাদামটো খোৱাৰ মজাই বেলেগ আছিল। ৰবিবাৰৰ দিনা দুপৰীয়া মইনামেললৈ যোৱাৰ স্মৃতিয়ে আজিও আমনি কৰে।গৰমৰ দিনত চোতালত বহি আকাশেদি যোৱা ৰকেট গণা, বননিৰ মাজত জোনাকী পৰুৱা ধৰা সন্ধিয়াবোৰে এতিয়া বৰ আমনি কৰে।গৰম বন্ধ দিয়াৰ পাছত সমনীয়াৰ লগত পথাৰত মাছ ধৰোঁতে‌ মৈৰ পিছে পিছে যোৱা, সৰু সৰু টোকণী পুখুৰীবোৰ ভেটি সিঁ‌চা, বেছিকৈ বৰষুণ দিলে পানী বাঢ়িলে কচুপাতত থুই পেলাই পুলৰ পানীৰ সোঁ‌তত পেলাই ইটো মুৰত জুমি চোৱাৰ মজাই বেলেগ আছিল।জাৰৰ দিনত খেৰৰ মেজিত উঠি সমনীয়াৰ লগত জপিয়াই গধূলি ভৰি ধুবলৈ ভয় লগা কথাই এতিয়াও ভৱাই তোলে।হাইস্কুলত পঢ়োঁতে তেঁতেলিৰ পেকেটৰ লগত পোৱা ধুনীয়া বিশটকীয়া নোটখন যে কিমান মৰমৰ আছিল!সৰু থাকোঁতে‌ ৰাস্তাৰে সেনাৰ গাড়ী গ’লে হাত জোকাৰি চেলাম দিয়া প্ৰথাতো এতিয়াও কেতিয়াবা আহি যায়।আমাৰ সোনালী শৈশৱবোৰ এতিয়া একো একোটা জীয়া সাধু।

Rekha Dutta:

১) ভঁৰালৰ গাধৈত উঠি নাৰিকলৰ কুটোৰাত ভাত আঞ্জা ৰন্ধা, কাপোৰৰ কইনা-দৰা খেলা

২) ভেকুলী ধৰি আনি ভেকুলী বিয়া পতা

৩) পথাৰৰ লেছেৰি বুটলি অনা

৪) নামঘৰত ভাওনা চাই আহি পিছদিনা ঘৰত আখৰা

৫) ঢকুৱাত উঠা

৬) কঁঠাল পাতৰ চকৰি আৰু নৰাৰ পেঁপা বনোৱা

৭) ৰবাব টেঙাৰ বল খেলা

৮) ঘৰীয়ালৰ পানী খেলা ,”ইমান ইমান পানী, গঙ্গা ৰাণী” আদি খেলা ইত্যাদি

Rashmi Rekha Bora Hazarika:

শৈশৱৰ নষ্টালজিয়াৰ ভিতৰত

ক) দেৰগাঁৱৰ ককাৰ ঘৰত খেৰঘৰত জপিওৱা, গধূলি ভৰি-হাত ধোওঁতে খেৰে কটা ঠাইবোৰ কি যে ধৰিছিল

খ) ককাই জুইত পুৰি দিয়া সৰু আলুগুটি খৰিকা এডালত খুচি ফুৱাই ফুৱাই খোৱাগ) বাবুলগামৰ পেকেটত অহা ফিল্মষ্টাৰৰ ফটো গোটোৱা, বিশেষকৈ মিথুন চক্ৰবৰ্ত্তী, সঞ্জয় দত্ত আৰু অনিল কাপুৰৰগ) বান্ধৱী অৰ্চনাৰ ঘৰত মইনামেলৰ গান-নাচ, কবিতা, নাটক, অৰ্চনাৰ বা দুয়ো গৰাকীয়ে আমাক মৰম কৰি শিকাইছিলঘ) মা-পাপাৰ লগত ৰূপালীম হলত চিনেমা চাবলৈ যোৱা, গৰম দিনত সন্ধিয়া সময়ত শিৱসাগৰ পুখুৰীৰ পাৰত ফুৰিবলৈ যোৱাঙ) ডাঙৰ খুড়াৰ চাইকেলৰ পিছে পিছে চাইকেল মাৰি পেহীহঁতৰ ঘৰলৈ যোৱাচ) সৰু খুড়াৰ চাইকেলত ডবল উঠি খুড়াৰ বান্ধৱীবোৰৰ ঘৰলৈ ফুৰিবলৈ যোৱাছ) মামণিবাহঁতৰ চোতালত এজাক ল’ৰা-ছোৱালীয়ে চুৱা-চুই খেলাএনেকুৱা এশ এটা স্মৃতি। টাইম মেচিন এটি পোৱা হ’লে পুনৰ জীলোঁহেঁতেন সেই দিনবোৰ, সম্ভৱত ঘূৰিয়েই নাহিলোহেঁতেন। মা-পাপাৰ স্মৃতিয়েও বৰকৈ আমনি কৰে। 

Moon Moon Sarmah:

ক) খুৱ মাৰ্বল খেলিছিলোঁ ল’ৰাৰ লগত। আঙুলিবোৰ মোটা হৈ গৈছিল।

খ) টাং গুটি ত মোক কোনোৱে হৰাব নোৱাৰিছিল।

গ) ক্লাছ ছিক্সলৈকে ৩ বাৰ হাত ভৰি ভাঙিছিল।

Manaswee Sarmah:

১) এটকীয়া দীঘল পাইপত থকা বগৰী গুৰিৰ পেকেট খোৱা

২) বিগ বাবুল খাই খাই শেষত নাকৰ ওচৰলৈকে ফুলাবলৈ চেষ্টা কৰা

৩) দুটকীয়া, পাঁচটকীয়া বৰফ খোৱা, পেকেটত পোৱা ৰঙা ৰঙৰ বৰফ খোৱা

৪)পাউদাৰ গাখীৰ এচামুচ উলিয়াই কোনেও নেদেখাকৈ হাতৰ তলুৱাত লৈ খোৱা

৫)নৱেম্বৰ, ডিচেম্বৰ মাহত বছৰেকীয়া পৰীক্ষাৰ সময়ত দূৰদৰ্শনত ৰাতি ৯.৩০ মানত দিয়া হিন্দী চিনেমা চাবলৈ দিবলৈ মাহঁতক কুটুৰি থকা

৬) দেউতাৰ লগত পিছফালে চোতালত বহি গৰম দিনত মহাভাৰত, ৰামায়ণৰ কথা শুনা

৭) গৰমৰ দিনত টোপনি নগ’লে দেউতাই বিচনীৰে বিচি থকা দিনবোৰে নষ্টালজিক কৰি তোলে। 

Mayuri Gogoi Phukon:

শৈশৱ যে কিমান মধুৰ! কবিয়ে কোৱাৰ দৰে এদিনৰ বাবেও যদি শৈশৱক ঘূৰাই পালোহেঁতেন। ৰঙীন নষ্টালজিয়াৰে ভৰপূৰ মোৰ শৈশৱ…

১) ধতুৰা পাতত থকা সোণপৰুৱা ধৰি কাচৰ বটলত ভৰাই থোৱা

২) ভাত লগাই লগাই চিলা সজা

৩) চাহ-বাগিছাৰ নলাবোৰত কেঁকোৰা ধৰা

৪) ২৬ জানুৱাৰীত চাহ-বাগিছাৰ ফিল্ডত পতা দৌৰ, হাইজাম্প, মিউজিক চেয়াৰ, টেকেলিভঙা আদিবোৰ খেলত অংশলৈ পুৰষ্কাৰ হিচাপে ষ্টিলৰ গ্লাচ, প্লেট, চামুচ পোৱা

৫) টোপনিয়াই টোপনিয়াই ৰাতি ৰাতি বাগিছাৰ ফ্লিডত “গাৰ্ডেন শ্ব’” চোৱা

৬) লগৰ ছোৱালীৰ লগত আচাৰ অদলা-বদলি কৰিবলৈ চুৰকৈ ঘৰৰপৰা পেণ্টৰ খোচনিত আচাৰ নিয়া

৭) কেঞাগোলাৰপৰা এটকাত ডালমূট, হাজমলা আৰু পঁচিশ পইচা, পঞ্চাশ পইচাত টেঙা মৰ্টন কিনি খোৱা

৮) স্কুলত বাইদেউহঁতে দিয়া শ্ৰুতলিপিবোৰ, মৌখিক অংকবোৰ, সাধাৰণজ্ঞানবোৰ লগতে চেকনিৰ কোবকেইটা

৯) স্কুললৈ পিন্ধি যোৱা ৰঙীন হাফপেণ্ট কেইটালৈ বৰ মনত পৰে৷ কিয়নো আমাৰ বাগিছাৰ স্কুলত তেতিয়ালৈকে ইউনিফৰ্ম নাছিল

১০) চোতালৰ চুকত কলপাতেৰে ঘৰ বনাই মেখেলাচাদৰ পিন্ধি ঘৰ ঘৰ খেলা

১১) নাৰিকলৰ খোলা, দৈৰ মলাবোৰ বাচন সজাই চৰু ভাত খেলা

১২) সন্ধিয়া গৰু ঘৰলৈ অহা সময়ত সিহঁতৰ ৰচীত ধৰি উলমি দি চুচৰি যোৱা

১৩) লগৰ সমনীয়াৰ লগত টিংকল, মৌচাক, চন্দামামা, সঁফুৰাৰ অদলা-বদলি কৰা ইত্যাদি কৈ শেষ কৰিব নোৱাৰি৷ শৈশৱেই এনেকুৱা এটা স্মৃতি য’ত দুখ, বেজাৰ নাই৷ বাৰে বাৰে ৰোমন্থন কৰিব পাৰি।

Utpala Kaur:

১) কঁঠালৰ পাতৰ চকৰি

২) মুৰ্গী ফুলৰ কলিৰে কানফুলি পিন্ধা

৩) মৰাপাটৰ শকত ঠাৰি কাটি কাঠীৰে যোৰা লগাই মাজত বাঁহৰ কামিৰে গাড়ী বনাই চলোৱা

৪) মাটি পেঞ্চিল লুকুৱাবলৈ মাটিত গাঁত খান্দি পুতি থোৱা

৫) পমা গছৰ গুটিৰে হিলৈ ফুটোৱা

৬) কাউৰীমণিৰে মালা গুঠা  

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments