নিষিদ্ধ গদ্যৰ সন্ধানত

লেখক- বৰ্ণালী পাঠক

দিনটো ধৰি দি থকা বৰষুণজাক শাম কটালৈ গধূলিয়ে হ’ল।
দিনটো পেনপেনাই অসহ্য লগোৱা বৰষুণজাকে পিছে এতিয়া পৰিৱেশটো ধুনীয়া কৰি থৈ গ’ল।
অলপ অলপ ঠাণ্ডাৰ ভাৱো অনুভূত হৈছে বৰষুণজাকৰ বাবে।

ধোঁৱাই থকা কফি একাপ হাতত লৈ গল্প এটাৰ কথা ভাবিছোঁ। বহুদিনেই হ’ল গল্প এটা লিখা নাই। আচলতে ভাল বিষয়বস্তুৰ সন্ধানত আছোঁ।
চেষ্টা কৰিও একো লিখিব পৰা নাই। ‘ৰাইটাৰ্ছ ব্লকে’ খাইছে মোক বহুদিন ধৰি। চেষ্টা কৰিও কলমেৰে নিগৰাব পৰা নাই শব্দবোৰ।

কি লিখিমনো?

প্ৰেম-বিৰহ, শাহু-বোৱাৰী, সন্তানহীনতা, নিবনুৱা সমস্যা, বানাক্ৰান্তৰ বিননি, দুৰ্ভিক্ষ, অন্ধবিশ্বাস…
আমুৱাইছে এইবোৰে। আনকি ক’ৰ’ণাও পুৰণি হ’ল।

অৱশ্যে এটা টপিক আছে যি হাজাৰবাৰ, হাজাৰজনে লিখিলেও আমনি নাপায় পাঠকে।

যৌনতা…বিশেষকৈ বেশ্যাৰ কাহিনী। সিহঁতৰ সুখ(?)-দুখ। মুখত যিয়ে নকওক মানুহে, যৌনতাৰ বিষয়ে পঢ়ি ভাল পায়।

মই পিছে আজিলৈ লিখি পোৱা নাই। এবাৰ-দুবাৰ ছোৱালী আনি পাইছোঁ ৰুমলৈ, বিশেষকৈ কাৱেৰীৰ লগত ব্ৰেকআপ হোৱাৰে পৰা। কিন্তু কাহিনীৰ কথা ভবা নাছিলোঁ কেতিয়াও। মনতে খেলোৱা নাছিল কেতিয়াও। ঘণ্টা হিচাপত অহা সংগীৰ লগত কিয় কথা পাতি অযথা পইছা খৰচ কৰোঁ?

আজি পিছে চেষ্টা কৰি চাওঁ, লাগিলে ৰুমতে নানো। ৰাস্তাতে কথা পাতিম, নদীৰ পাৰ বা অন্য কোনোবা ঠাইত।

যৌনতাৰ মছলা সানি বেশ্যা এজনীৰ দুখবোৰ ধুনীয়া শব্দত লিখিলে পঢ়ুৱৈৰ অভাৱ নহ’ব।

কি ঠিক বেষ্টচেলাৰেই হৈ যায়!
নাইবা ডাঙৰ কিবা পুৰস্কাৰেই পাওঁ!

ঠিক কৰিলোঁ যেতিয়া ওলাওৱেই আৰু। পিছে গাড়ীখন লৈ ওলাও নে স্কুটাৰ?
দুয়োটাতে অসুবিধা!
গাড়ীখন পাৰ্ক কৰিবলৈ দিগদাৰ, স্কুটাৰত ঠাণ্ডা পাম।
গাড়ীখন নিলে অৱশ্যে ইম্প্ৰেশ্যন ভাল পৰে, ভাল চিকাৰেই হাতত পৰিব। ৰাতি হ’বলৈ ধৰিছে যিহেতু পাৰ্কিঙো পাই যাম।

ওলাই আহিলোঁ গাড়ীখনেই লৈ।
গলিটোৰ মুখতে নবীনদাৰ বৌক দেখিছোঁ। গেটৰ মুখতে মুখ ওন্দোলাই বহি আছে। সদায়ৰ নাটক তেওঁলোকৰ ঘৰৰ, শাহু-বোৱাৰী, গিৰিয়েক-ঘৈণীয়েকৰ কাজিয়া। বৌয়ে মোলৈ চাই মাজে মাজে অদ্ভুত চাৱনি দিয়ে। ইচ্ছা কৰিলেই মোৰ কাম উলিয়াব পাৰোঁ তেওঁৰ পৰা। পিছে সুবিধা পায়ো সুবিধা উঠাবলৈ মন কৰা নাই মই। যৌনতা থাকিলেও এনে ঘিচাপিটা টাইপ নচলিব। ঘৰুৱা কাহিনী নচলে মাৰ্কেটত।
কিবা নতুন লাগে মোক।

গণেশগুৰিৰ নতুন ব্ৰীজখনেৰে উঠাইছোঁ।
পেট্ৰল পাম্পৰ ওচৰৰ বাচ ষ্টপটোত প্ৰায়ে পোৱা যায় কাঢ়া লিপষ্টিক লগোৱা আৰু নাভিৰ বহুতলত শাৰীপিন্ধা কেইজনীমানক।

দুজনীমান আছে, কিবা ভাল লগা নাই। ৰৈ থকাৰ ধৰণটোৱে ভাল লগা নাই।

নাই নহ’ব, গাড়ী নৰখালোঁ। চিধা পানবজাৰ পানীটেংকি। এজনী চকুত লগা ধৰণৰ পাইছোঁ। কিন্তু নতুন, কম বয়সীয়া যেন লাগিছে। মোক অলপ অভিজ্ঞ লাগে।

ৰোৱা নাই মোৰ গাড়ী, ব্ৰহ্মপুত্ৰৰ কাষে কাষ চিধা আদাবাৰীলৈ পোনাইছোঁ। সময়ৰ চিন্তা নাই মোৰ…ঘৰত ৰৈ থকা মানুহো নাই।

ৰাতি গভীৰ হ’বলৈ ধৰিছে, আদাবাৰীত বাছবোৰ জমা হৈছেহি। গধূলিৰ বৰষুণজাকৰ পিছত কদৰ্য্য পৰিৱেশ এটাৰ সৃষ্টি হৈছে।

গাড়ীখন ৰখাই চিগাৰেট এটা জ্বলালোঁ। অদূৰত চাহৰ দোকান এখন, সামৰিবলৈ যো-জা চলাইছে। কাষতে ৰৈ থকা ছোৱালীজনীলৈ চকু গৈছে মোৰ। মনে বিচৰা বয়স আৰু চেহেৰা তাইৰ। বয়স্কা কাৰণে হয়তো গ্ৰাহক নিমিলিল।

দুবাৰমান অহা-যোৱা কৰিলোঁ, চকু তাইৰ ওপৰতে নিবদ্ধ।
বুজিছে তাই মোৰ ইংগিত। কাষ চাপি আহিল।

দৰকাৰী প্ৰশ্নটো সুধিছোঁ,

:ঘণ্টাত?

:দুহাজাৰ।

:উঠা।

উঠি বহিল তাইৰ গাড়ীত, ষ্টাৰ্ট দিওঁতেই সুধিছে,

:নিব ক’লৈ? ঘৰ নে হোটেল?

:ওঁহো…গাড়ীতে..কথা পাতিম।

:মানে? মূৰত গণ্ডগোল আছে নেকি?

:ওঁহো…আচলতে লেখক মই, সেয়ে…

:বচ্….বুজিলোঁ, আৰু ক’ব নালাগে।

:মানে? কি বুজিলা?

:আপোনাৰ দৰে পাগল লেখক পাইছোঁ আগতেও।

তাইৰ স্পৰ্দ্ধা দেখি গা জ্বলি আহিল, কাক পাগল বুলিছে? গাড়ী ৰখাই ইয়াতেই তাইক দেখাও নেকি পুৰুষৰ পাগলামি?

কিবাকৈ নিজকে সংযত কৰি সুধিছোঁ,

:পাগল মানে?

:পাগল নকৈ কি ক’ম? গল্প লিখিবলৈ বেশ্যাৰ দুৱাৰত ঢকিওৱাবোৰক পাগল নকৈ কি ক’ম? ঘৰত কি নাৰীদেহ নাপায় নেকি? নিষিদ্ধ গলিৰ অভিসাৰতহে সাহিত্য ওলায় নেকি? তুমি অৱশ্যে নতুন লিখক যেন পাওঁ!

আপুনিৰ পৰা চিধা তুমি!
পিছে কেনেকৈ গম পালে মই নতুন লেখক বুলি? বয়স চাই?

মোৰ চকুৰ প্ৰশ্ন বুজি পাইছে যেন তাই, সন্মুখলৈ চাই কৈ গ’ল,

:অভিজ্ঞবোৰে আগতে দুদিনমান উপভোগ কৰি লয়, তাৰ পিছতহে লাহেকৈ গল্পৰ কথা উলিয়াই। তুমি পোনচাটেই গল্পৰ কথা ক’লা…একেবাৰে নশিকাৰু।

গাত লাগিল কথাষাৰ, গাড়ী ঘূৰাই ঘৰলৈ লৈছোঁ। ইমান টকা খৰচ কৰিমেই যিহেতু। স্পীড বঢ়াইছোঁ, ঘণ্টা হিচাপত পইছা দিব লাগিব যে।

হাঁহিছে তাই,

:ইমান দৌৰাব নালাগে…ৰাতিটোৰ কাৰণে কিবা মিলাই দি দিবা।

:পইছা নোহোৱা কেলেহুৱা পাইছা মোক?

:ওঁহো..তুমি অনভিজ্ঞ যে। তোমাক সহায় কৰিবলৈ মন গৈছে।

ৰুমলৈ ঘূৰি আহিলোঁ। মই দুৱাৰ বন্ধ কৰি দুটা গ্লাছত ৱাইন ঢালোঁ মানে কাপোৰ খোলাত লাগিলেই তাই।

বয়স হৈছে যদিও দেহৰ ভাঁজবোৰ বেয়া নহয়। অলপ সময়ৰ কাৰণে গল্পৰ কথা পাহৰি গ’লো মই।
ঠাণ্ডা ভাৱটো আঁতৰি গ’ল ৰুমটোৰ পৰা।
অলসভাৱে বাগৰি আছোঁ দুয়ো বিছনা চাদৰখন গাত লৈ।

শ্লেষাত্মক হাঁহি এটা মাৰি কৈ উঠিল তাই,

:কিবা গল্প খেলাইছে?

:তুমি কোৱাচোন তোমালোকৰ জীৱন আৰু জীৱিকাৰ বিষয়ে, তেতিয়াহে কিবা যদি খেলাই।

:হা…হা…হা…

জোৰকৈ হাঁহি উঠি বহিল তাই,

:জীৱন? আমাৰ? জীৱন থাকিলে এনেকৈ অচিনাকি মানুহৰ বিছনা বগাওনে! জীয়াই থকাটোকে জীৱন কয় নেকি? কিন্তু কি জানা…আমাতকৈও তোমালোকৰ নিচিনাবোৰৰ জীৱন বেছি পুতৌ লগা।

:মানে?

:মানে গল্প এটা লিখিবলৈ বেশ্যা লাগে, বেশ্যাৰ গল্প চলে যে। নাম নকওঁ বাৰু, কিন্তু নাম থকা সাহিত্যিকৰ বিছনাতো শুই পাইছোঁ জানা? আৰু কবি..মুধাফটা কবিৰ নগ্ন দেহৰ লগতে নগ্ন চেহেৰাও প্ৰত্যক্ষ কৰিছোঁ। সমাজত কি নাম, কি সন্মান! গল্প-কবিতাৰ খাতিৰতহে আমাৰ লগত চিনাকি হৈছে বুলি কৈও দেহৰ সোৱাদ ল’বলৈ নেৰে। ছিঃ..আমি শৰীৰ বেচো পেটৰ তাড়নাত, তহঁতে দিনত সমাজৰ পৰা সন্মান পাবলৈ ৰাতি নিষিদ্ধ গলি চেলেকি ফুৰ। কোনোবাই সুধিলে কৱ যে, “বেশ্যাৰ দুখ ডাঙি ধৰোঁ।”

মদৰ নিচা নে ক্ষোভৰ জ্বালা…তইলৈ নামি আহিল তাইৰ সম্বোধন।

একো নকৈ পুনৰ ভৰাই ল’লোঁ খালী গ্লাছটো। তাইৰটোও ভৰাই দিলোঁ, লগালগ খালী।

কণ্ঠস্বৰ বাঢ়ি আহিছে তাইৰ,

:মুধাফটা সাহিত্যিকজন বা বিখ্যাত কবিজনে কিমান সময় ল’লে মোৰ, ধাণ্ডাত ঘাটাও হ’ল সিহঁতৰ কাৰণে। লগৰবোৰৰ ৰোষতো পৰিলোঁ মই সিহঁতৰ পাল্লাত পৰি। এবাৰ স্বাৰ্থ সিদ্ধি হোৱাৰ পিছত কিন্তু দেখিবলৈও নাই কাকো। মোৰ বাচ্চা পৰ্য্যন্তৰো দায়িত্ব ল’ম বুলি মোৰ পৰা কাহিনী আৰু দেহৰ ৰস চুঁচি খাই দুয়ো পুনৰ বৌদ্ধিকসমাজৰ ওখ আসনত বহিলগৈ। মই থাকি গ’লোঁ নৰ্দমাতে।

:মনত বহুত খং-ক্ষোভ জমা হৈ আছে তোমাৰ, বুজি…

:খবৰদাৰ…সমবেদনা নালাগে। সিহঁততকৈও তহঁতবোৰ বেছি বদমাছ।

:মুখ চম্ভালি কথা ক’বা, বেছি মুখ চলাইছা তুমি। নিজৰ পৰিচয় বা স্থান নাপাহৰিবা..

:নাপাহৰোঁ…কেতিয়াও নাপাহৰোঁ। কিন্তু সঁচাকৈ তহঁত অধম। যুগ যুগ ধৰি বেশ্যাৰ কাহিনী চলি আহিল বুলি তহঁত নতুনবোৰেও যে তাকেই লিখিবলৈ আগবাঢ়ি আহ। কিয়? সময় যে সলনি হয়, সমাজ আধুনিক হয়, কিন্তু সমাজৰ চিন্তাধাৰা কিয় সলনি নহয়? আমি দেহ বিক্ৰী কৰি খাও, তহঁতে আমাৰ ৰমৰমীয়া দেহৰ বেপাৰৰ কাহিনী বিক্ৰী কৰি।

একো নামাতিলো, মাতিবলৈ আচলতে একো নাছিল।

কাপোৰ পিন্ধাত লাগিল তাই। কাপোৰ পিন্ধি উঠি ঘড়ীটোলৈ চাইছে, বুজিলো তাইৰ ইংগিত।
পাৰ্চ খুলি দুখন দুহাজাৰৰ নোট উলিয়াই দিলোঁ।

নিজৰ বেগত ভৰাই তাই কৈ উঠিল,
:বেয়া নাপাবা, হঠাতে খং উঠি গ’ল। আচলতে আমাৰ ধাণ্ডাত গ্ৰাহকৰ লগত খং কৰা নাযায়। কিন্তু পুৰণি কথা মনত পৰি নিজকে চম্ভালিব নোৱাৰিলোঁ। শুই পিছে ভালেই লাগিল তোমাৰ লগত। এইটো মোৰ ফোন নাম্বাৰ, লাগিলে ফোন কৰিবা। কিন্তু ভুলতেও কাহিনীৰ নাম নোলোৱা যাতে। তুমি কমবয়সীয়া, সেয়ে উপদেশ দিছোঁ। বেলেগ বিষয় বিচাৰা, আমি বেশ্যাবোৰক ক্ষমা কৰা।

ৰাতিৰ এন্ধাৰতে ওলাই গ’ল তাই মোৰ ঘৰৰ পৰা। ভয়ভীত নাই, হয়তো আন কোনোবা গ্ৰাহক পাবও পাৰে ৰাস্তাত।

তাইৰ নাম বা কি আছিল?

সোধা নহ’ল।
গল্প লিখা নহ’ল, গল্পৰ জুমুঠিও তাইৰ পিছে পিছে ওলাই গুচি গ’ল।

লগতে মোৰ বেশ্যাৰ ওপৰত গল্প লিখাৰ হাবিয়াসো!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments