মাৰিয়মৰ ৰাষ্ট্ৰত কুকুৰা মঙহৰ এবাতি চুৰুহা

লেখক- মনস্বিনী মহন্ত

“বেলজিয়াম, জাৰ্মানী আৰু নেডাৰলেণ্ডৰ সংগমত থিয় হৈ পাইছা?”
চুৰুহা খোৱা চামুচখনৰ সৈতে মোৰ হাতখন মুখৰ পৰা দুই ইঞ্চি দূৰৈত ৰৈ গ’ল। মাৰিয়মৰ দুমহলীয়া ঘৰটোৰ প্ৰায় গাতে লাগি থকা উইপিং উইল’জোপাৰ পাতবোৰৰ মাজেৰে বতাহ সৰকি সৃষ্টি হোৱা শব্দটো বাদ দিলে কোঠাটোত সম্পূৰ্ণ নৈঃশব্দ্যই বিৰাজ কৰিছিল। অসাৱধানবশতঃ চামুচখন বাতিত লাগি টুং-টাং শব্দ এটা হ’বলৈয়ো বাতিকেইটা খোৱা বস্তুৰে ভৰি আছিল। মেজখনৰ দুয়ো মূৰে বহি আমি নিমাতে-নিৰলে, একাগ্ৰচিত্তেৰে কেৱল খোৱাতেই মনোনিবেশ কৰিছিলোঁ। জুয়েই লাগক বা ঘূৰ্ণিয়েই আহক, এই মুহূৰ্তত চুৰুহাৰ বাতিটোতকৈ জৰুৰী বস্তু যেন আমাৰ কাৰণে একো নাই, আমাক দেখিলে যিকোনো মানুহৰে তেনে যেন লগাকৈ আমি বাতিত থকা কুকুৰা মঙহৰ চুৰুহাখিনিৰ লগত ব্যস্ত আছিলোঁ। বা-মাৰলি আৰু আগ্নেয়গিৰিৰ বিষয়ে পাতিবলগীয়া সকলো কথাই যেন দিনটোত হেজাৰবাৰ পতা হৈ গৈছিল। এতিয়া কেৱল হজম হ’বলৈহে বাকী! বেৰত আঁৰি থোৱা পৃথিৱীৰ ৰাজনৈতিক মানচিত্ৰখন চাই চাই মই একমনে ভাত খাই আছিলোঁ। কোমলকৈ সিজোৱা ভাত আৰু কুকুৰা মঙহৰ চুৰুহা। তেনেতে মাৰিয়মে মোক সুধিলে মই বেলজিয়াম, জাৰ্মানী আৰু নেডাৰলেণ্ডৰ তিনি বিদেশী ভূমিৰ সংগমস্থলত থিয় হৈ পাইছোঁনে নাই।

পাইছোঁ, ৱাল চহৰৰ সেইখিনি ঠাইত মই থিয় দি পাইছোঁ। আৰু সেই ঠাইত থিয় দিয়াৰ বহু আগতেই মই ৰাষ্ট্ৰীয় সীমাৰ অন্তঃসাৰশূন্যতাক বুজি উঠিছোঁ। ৰাষ্ট্ৰ ব্যৱস্থাটো কিমান নিৰৰ্থক, সেয়া মই প্ৰথমবাৰলৈ অনুভৱ কৰিছিলোঁ‌ ভূজত ভাৰত-পাক জলসীমান্তৰ কাষৰ ভূমিভাগত থিয় হওঁতে। একেই পানী। একেই নীলা আকাশৰ ৰং জিলিকা পানী। পানীত ভাঁহি ফুৰা একেই টুলুঙা নাও, অথচ সেই নাৱৰ ওপৰত গুজি থোৱা পতাকাকেইখনে কৈ আছে পানীখিনি একে নহয়।

পতাকানো কি? বিভিন্ন ৰং আৰু নক্সাৰ একোখন কাপোৰ। অথচ কিমান যে শক্তিশালী তাৰ চেতনা! ভূজৰ সেই গাঁৱৰ আবাসীৰ সৈতে মোৰ একোৱেই মিল নাছিল। হেজাৰ কিমি দূৰৈৰ মোৰ ঘৰখনৰ চাহকাপো সেইঠাইত চেনি মিহলোৱা গাখীৰত নামমাত্ৰ চাহৰ গোন্ধ হৈ পৰিছিল। অথচ সেই অতি মিঠা গোন্ধ একেদৰেই ভাল পোৱা সত্ত্বেও, মাজে মাজে উট একোজনীহঁত খোজেৰে পাৰ হৈ গণ্ডগোল লগোৱা বগা, নিমখীয়া বালিয়ৰি সীমাৰ এইটো পাৰৰ মানুহবোৰৰে, সিটো পাৰৰ মানুহবোৰ একে নাছিল! আৰু মই, হেজাৰ হেজাৰ কিমি দূৰৈৰ, তেওঁলোকৰ চাহকাপৰ মিঠা সোৱাদ সহ্যও কৰিব নোৱৰা মানুহজনী একে হৈ পৰিছিলোঁ! এখন কাপোৰৰ ইমান শক্তি? ৰাষ্ট্ৰৰ ধাৰণাটো এক অৰ্থহীন অথচ অতীৱ শক্তিশালী সত্তা বুলি সেইদিনাই বুজি উঠিছিলোঁ।
ধুবুৰীৰ সীমামূৰীয়া গাঁৱৰ মানুহ এজনে শদিয়াৰ কেঁ‌চাইখাতী গোঁ‌সানীৰ থানলৈ টান অনুভৱ কৰিবনে? কৰে নে সঁ‌চায়ে? তথাপি দুয়ো একেখন ৰাজ্য, একেখন ৰাষ্ট্ৰৰে অংগ। অন্ততঃ ভোটাৰ তালিকাত তেওঁলোক একেই এক চিনাকি।

মাত্ৰ দহ কিমি দূৰৈত থকা, একেটা দোৱানত কথা পতা মানুহ এটাতকৈ হেজাৰ কিমি দূৰৈৰ মানুহ এটাক বেছি কাষৰকৈ ধৰি ৰখা এডাল কাল্পনিক ৰেখাৰ শক্তি বুজি পোৱাৰ সেই সময়খিনিতে মই মানুহবোৰ একে দেখাও আৰম্ভ কৰিছিলোঁ‌। দুটা চকু, দুখন কাণ, এটা নাক, এখন জিভা, সকলোবোৰ আৱৰি এখন চাল। একেইচোন সকলো। মানুহবোৰৰ ভোকো একেই। আলু খায়। ভাত খায়। ৰুটী খায়। ব্ৰেড খায়। এশ টকা কেজি হ’লেও পিয়াঁ‌জ কিনি খায়। তেন্তে মানুহবোৰ কিহতনো বেলেগ? শ্ৰীলংকাত, নাৰিকল দিয়া বোকা কেঁ‌কোৰাৰ জোল এখনত পিঠাগুড়িৰ ৰুটী এখন ডুবাই খাই থাকোঁ‌তে মোৰ কিয় জানো নাজিৰাত আমাৰ চুবুৰীয়া আমিনা খুড়ীৰ হাতৰ পিঠাগুড়িৰ গোলা ৰুটীখনলৈ মনত পৰিছিল।

তেতিয়া মই ভেগাবণ্ডৰ দৰে ঘূৰি ফুৰিবলৈ আৰম্ভ কৰিছিলোঁ। হাতত কেমেৰা, ট্ৰাইপড আৰু কান্ধত লেপটপৰ বেগটোলৈ এবছৰমান মই গুজৰাটত আছিলোঁ। তাতে, ভূজৰ পানীখিনি একেখন আকাশে একেদৰে ৰঙীণ কৰা দেখি, ৰাষ্ট্ৰীয় চিনাকি এটাৰ কথাটোত মোৰ কাৰণে কিছুমান প্ৰশ্নবোধক লাগিছিল। ইতিমধ্যে বেনেডিক্ট এণ্ডাৰচনৰ ইমাজিনড কমিউনিটী মোৰ মুখস্থ হৈছিল। দ্বন্দ্ব-প্ৰতিদ্বন্দ্বৰ শেষত মই মানি লৈছিলোঁ‌ ৰাষ্ট্ৰ এক অৰ্থহীন অথচ বিকল্পৰ অভাৱত প্ৰয়োজনীয় ব্যৱস্থা।
মই যিখন ঠাইত ডাঙৰ হৈছিলোঁ, অসম-নাগালেণ্ড সীমান্তৰ সেই ঠাইখনত, নগাই অসমীয়া গাঁৱৰ পৰা কুকুৰ উঠাই নিয়াৰ খবৰ তেনেই সাধাৰণ আছিল। নগা গাড়ীয়ে অসমীয়া পথৰ ওপৰতে তাণ্ডৱ কৰি যোৱাও একো অভাৱনীয়া ঘটনা নাছিল। নাগালেণ্ডৰ নাম্বাৰপ্লেট থকা গাড়ীৰ খুণ্ডাত, শইকীয়া খুৰাদেউৰ কঁকালৰ জোৰা কাললৈ লৰিছিল। কুকুৰ খোৱা নগাৰ প্ৰতি উদগ্ৰ ঘৃণাই নিৰন্তৰ সামাজিক বাতাৱৰণত ঠাই পোৱা অথচ সীমা ঠেলা-ঠেলিৰ নৈমিত্তিক কাজিয়াই দহ-বাৰটা মানুহ নমৰালৈকে বহুসময়ত খবৰ কাগজতো ঠাই নোপোৱা পৰিবেশ আৰু সময় এখিনি মই পাৰ কৰি আহিছিলোঁ। মোৰ কলেজীয়া জীৱনত, মেঘালয়লৈ অৰ্থনৈতিক অৱৰোধৰ কথা চাহৰ মেজৰ সহজ আলোচনাৰ বিষয় আছিল। গাৰো পাহাৰত সহপাঠী নিমিষাৰ দেউতাক চিৰদিনলৈ হেৰাই গৈছিল। শিলচৰৰ শুভজিতে শ্বিলঙত থকা ককাকহঁতৰ দিনৰে ঘৰ-মাটি আধামূলীয়াকৈ বেচি পাহাৰৰ পৰা নামি আহিবলগীয়া হোৱাৰ কথা কৈছিল।
চাহ চেঁচা হৈছিল আৰু আমাৰ সাৰুৱা উপত্যকাটোক আৱৰি থকা জনজাতীয় মানুহৰ পাহাৰবোৰৰ প্ৰতি বিতৃষ্ণাত আমাৰ গা গৰম হৈ আহিছিল। কাষৰ মেজত বহি থকা মিজোৰামৰ ৱানচেং লুৰালৈ চাই, বেদান্তই ‘কুকুৰৰ বমি খোৱা নগা’ বুলি ঘৃণা প্ৰকট কৰিছিল। কিতাপ এখনত মন দিবলৈ চেষ্টা কৰি থকা লুৰাই, ভাষা নুবুজিলেও, বেদান্তৰ ঘৃণাৰ দহনত তামবৰণীয়া হোৱা মূৰটো তুলি আমালৈ চাইছিল। আমাৰ সন্মিলিত ঘৃণাভৰা চাৱনিৰ তাপত তাম গলাৰ দৰে গলি ভাপ হৈ সি নোহোৱা হৈছিল।
বিশ্ববিদ্যালয়ৰ হোষ্টেলত লিকি চমু মোৰ ৱালমেট আছিল। ইটানগৰত অসমীয়া সাংবাদিকৰ দল এটালৈ ইটা দলিওৱাৰ দিনা তাই কোঠাৰ পৰা ওলাবলৈ ভয় কৰিছিল। অথচ পাহাৰত ‘প্লেইন লাগা’ আগ্ৰাসকলৈ ইটা দলিওৱা পাহাৰী মানুহখিনিয়েও লিকি চমুকো প্লেইন লাগা মানুহৰ সমানেই ঘিণ কৰিছিল। নখত বিহ লৈ ফুৰা তাইৰ মনপা চিনাকিটো, অৰুণাচল প্ৰদেশ বুলি আমি একে নাম দি থোৱা প্ৰদেশখনৰ বহুতো জনজাতিৰ কাৰণে ভীতিজড়িত ঘৃণাৰ কাৰক আছিল। প্ৰদেশ আৰু জাতিৰ দ্বন্দ্বত অকলশৰীয়াকৈ ওলমি ৰোৱা লিকি চমুৰ উচুপনিয়ে বেৰৰ ইটা-প্লাষ্টাৰ ভেদি, শেঙেটা শীতৰ দিনত মোৰ বিছনাখন উমালকৈ ৰাখিবলৈ তুলীৰ ওপৰত পাতি লোৱা নগা শ্বালখন প্ৰতি ৰাতি সেমেকাইছিল। গাতে লাগি থকা বেৰখন চকুপানীৰে ভেঁকুৰা বুলি জনাৰ পিছতো শেষ মাঘৰ ডাৱৰীয়া বতৰটোত, ইলেক্ট্ৰিক হিটাৰ এটাৰ চাৰিওফালে জুম পাতি বহি ফুচফুচাই আড্ডা মাৰি থকা পাপৰি সন্দিকৈ, ইমৰাণা হাজৰিকা, পলি তালুকদাৰহঁতৰ মাজৰ পৰা উঠি গৈ লিকি চমুৰ কাষত থিয় হ’বলৈ মোৰ কিবা অনামী কাৰণত এক সংকোচ হৈছিল।

বিশ্ববিদ্যালয়ৰে সহপাঠী বেঞ্জামিন দৈমাৰীয়ে মোক এদিন তহঁত অসমীয়া মানুহবোৰ মিঞাৰ হাতত মৰিবি বুলি কৈছিল। সেইখিনি সময়ত বিটিএডিত বড়ো আৰু বাংলাদেশী মূলৰ মানুহ এখিনিৰ মাজত কাজিয়া হৈছিল। আৰু সি মোক ‘মিঞা’ক লৈ সতৰ্ক কৰাৰ সময়চোৱাত আমি টেম্পু এখনত এখিনি ‘তেনেকুৱা মানুহ’ৰ মাজত বহি নিকটৱৰ্তী চহৰখনৰ পৰা বিশ্ববিদ্যালয়লৈ উভতি আহি আছিলোঁ। বেঞ্জামিন আৰু মই একেখন ৰাজ্যৰে মানুহ আছিলোঁ; কিন্তু তথাপি সি মোক তহঁত বুলিয়েই কৈছিল। সেয়া বিশ্ববিদ্যালয়ত আমাৰ শেষ পৰীক্ষাটোৰ ঠিক আগে আগে ঘটা ঘটনা আছিল।

এম এ পাছ কৰাৰ পিছত মই যেতিয়া গুজৰাটলৈ গৈছিলোঁ, ৰাজস্থান-গুজৰাট সীমান্তৰ আবাসী ভাবেশে মোক বিটিএডিৰ কথা সুধিছিল। “মাইনৰিটী লোগোকো বড়ো লোগ কিউ মাৰ ৰহা হ্যে?” মই বড়ো-অবড়ো আৰু বাংলাদেশী অনুপ্ৰবেশৰ ডাইনেমিকচ তাক বুজাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিলোঁ। ক’ব নোৱৰাকৈ মই বেঞ্জামিনহঁতৰ হৈ যুক্তি দিছিলোঁ। মোৰ দেউতায়ো অসম আন্দোলন কৰিছিল। পিকেটিঙত হোচপাইপেৰে মৰা পানীয়ে মাৰ শৰীৰ আবৰি ৰখা চাদৰ-মেখেলাও তিয়াইছিল। গতিকে ক’ব নোৱৰাকৈয়ে মোৰ কথাবোৰ বেঞ্জামিনহঁতৰ ফলীয়া হৈছিল।

তাৰ কেইদিনমানৰ পিছতেই মই কাম কৰা সংস্থাটোৰ তৰফৰ পৰা, দিল্লীৰ ঝিলমিল অঞ্চলত, গাজিয়াবাদ সীমান্তৰ বস্তি এটাত মই সামূহিক গণমাধ্যমৰ বিষয়ে কাম কৰিবলৈ গৈছিলোঁ। সামূহিক গণমাধ্যমৰ ব্যৱহাৰেৰে সৰু সৰু প্ৰান্তীয় অৱস্থিতিসমূহৰ উন্নয়নৰ হেতু আমাৰ সংস্থাটোৱে কাম কৰিছিল। আমাৰ লগত কাম কৰা মিজো ছোৱালী এৰিকা, এদিন কামৰ পৰা ঘূৰি আহোঁতে তাইৰ ৰাতি হৈছিল। তাই ঘৰ এটা ভাড়া লৈ থকা অঞ্চলটোৰ মানুহবোৰ ৰাষ্ট্ৰীয়তাৰ অহংকাৰেৰে ভৰপূৰ আছিল আৰু চকু সৰু মানুহ মাত্ৰেই তেওঁলোকৰ কাৰণে চীনা আছিল। কাৰ হাত লাগি কোনে জানে, ‘চীনি বাজাৰু ঔৰত’ এৰিকাৰ দোপাট্টা খহি ৰাস্তাত পৰিছিল। কলমকাৰী কামিজৰ ছিগা টুকুৰাবোৰেৰে তাই লাজ ঢাকিব নোৱৰা হওঁতে ষ্ট্ৰীট লাইটৰ হালধীয়া পোহৰখিনিয়েহে তাইক আৱৰি থ’ব খুজিছিলে। এক কিমি দূৰৈৰ থানাখনৰ পৰা পঞ্চলিচ মিনিট পিছত পুলিচ আহি পোৱালৈকে তাই ষ্ট্ৰীট লাইটটোকে সাৱতি থিয় হৈ আছিল।

পিছদিনা দিল্লীৰ উত্তৰ-পূব ছাত্ৰ পৰিষদে এই পৈশাচিক ঘটনাৰ বিৰোধিতা কৰি ৰেলী উলিয়াইছিল। উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ দাবীৰে যন্তৰ-মন্তৰত সমাবেশ হৈছিল। বেদান্তই সেইসময়ত জে.এন.ইউত গৱেষণা কৰি আছিল। বহুদিনৰ মূৰত তাৰ সৈতে মোৰ দেখা-দেখি হৈছিল। যন্তৰ-মন্তৰৰ সমাবেশত সি আৰু মই একেলগে থিয় হৈছিলোঁ। একেলগে ঔপনিবেশিক ভাৰতৰ উত্তৰ-পূবৰ প্ৰতি ঘৃণাৰ বিৰোধিতা কৰিছিলোঁ। শূন্যলৈ মুষ্টিবদ্ধ হাত উঠাই চিঞৰি থাকোঁতে হঠাতে ভিৰৰ মাজত মই লুৰাক দেখা যেন পাইছিলোঁ। বেদান্তই কুকুৰৰ বমি খোৱা নগা বুলি গালি পৰা আমাৰ একালৰ কলেজীয়া সহপাঠী মিজো ল’ৰা ৱানচেং লুৰা!
বেদান্তই কৈছিলে, “হ’বও পাৰে। সি দি.ইউতে আছেতো। বিজয়নগৰৰ ফালে থাকে। ৰক্তিমদাৰ ৰূমলৈ গ’লে লগ পাওঁতো। মাজে মাজে ত্ৰিপুৰী মালটো সিয়েই যোগাৰ কৰি দিয়ে না।” মাল মানে বেদান্তই ভাঙৰ কথা বুজাইছিল। এসপ্তাহমান পিছত বাদ-প্ৰতিবাদবোৰ তল পৰিছিল। ভাঙৰ গোন্ধেৰে আমোলমোল ৰক্তিমদাৰ কোঠাত, মই ৰন্ধা লাইপাত-নগা খৰিচা দি সিজোৱা গাহৰি খাবলৈ লুৰাও আহিছিল। সেইসময়লৈ তাৰ শৰীৰটো কলেজীয়া দিনবোৰৰ দৰে তামবৰণীয়া নাছিল। অথচ দুদিনমান আগলৈকে যন্তৰ-মন্তৰত আমি সকলোৱেই দহি দহি তামবৰণীয়া হৈছিলোঁ। মই মাংস লৰাই থকা মোৰ নিজৰ হাতখনলৈ চাইছিলোঁ। মোৰ হাতখনতো সেই দহি-পুৰি নিয়া ৰঙৰ চাপ নাছিল। গাহৰিৰ চৰ্বীত লাইপাতৰ সেউজীয়াখিনি জিলিকা ৰং এটাহে মোৰ হাতখনত জিলিকি আছিল।
দিল্লীৰ পৰা ঘূৰি গৈ আহমেদাবাদত মই মাত্ৰ দুদিন আছিলোঁ। কচ্ছৰ নিমখীয়া জলাহ অঞ্চলত বাস কৰা জলচৰ উটবিলাক তথা সিহঁতৰ পালকসকলৰ বিষয়ে আমাৰ সংস্থাৰ তৰফৰ পৰা এখন তথ্যচিত্ৰ কৰিবলৈ লোৱা হৈছিল। তথ্যচিত্ৰখনৰ মুখ্য চিত্ৰগ্ৰহণকাৰী হিচাপে সেইবাৰ ভূজলৈ যাত্ৰা কৰোঁতে ঋষভো মোৰ লগত আছিল। সি অসমৰ পৰা কেৱল মোক লগ ধৰিবলৈকে গুজৰাটলৈ গৈছিল। বিশ্ববিদ্যালয়ৰ পৰিসৰতে ঋষভ আৰু মোৰ মাজত মিহি মিহিকৈ মিঠা সম্পৰ্ক এটা গঢ় লৈ উঠিছিল। মাষ্টাৰ্চৰ পিছত সি গুৱাহাটী বিশ্ববিদ্যালয়ত গৱেষণা কৰিবলৈ সোমোৱাৰ বিপৰীতে মই বহিৰ্মুখী হৈ গুজৰাট পাইছিলোঁ। এনেয়ো তাৰ ঘৰগোণা স্বভাৱৰ বিপৰীতে মই সদায়েই অতি চলনশীল আছিলোঁ। সপ্তাহন্তৰৰ এটা বন্ধও ঘৰত সোমাই থকাটো মোৰ কাৰণে অসহনীয় আছিল। পৃথিৱীখনত ইমানবোৰ কথা চাবলৈ আছে। ইমান কথা শিকিবলৈ আছে। ঘৰৰ কোণটোতে খামুচ মাৰি ধৰি পৰি থাকিলে হ’ব নে কিবা?

ঋষভৰ লগত একেলগে থিয় হৈ ভাৰতৰ শেষ সীমাৰ পানীখিনি চোৱাৰ পিছৰে পৰা তাৰে-মোৰে মাজত আৰু এটা আদৰ্শগত পাৰ্থক্য মোৰ চকুত পৰিছিল। যিখিনি পানীত একেখন আকাশৰ ৰং চিটিকি পৰা দেখি মই ৰাষ্ট্ৰ ব্যৱস্থাটোৰেই অৰ্থসাৰশূন্যতা উপলব্ধি কৰিছিলোঁ, সেই একেখিনি ৰঙে ঋষভক কেৱল ভাৰত নামৰ ধাৰণাটোৰ অৱ্শ্যম্ভীয়তা সম্পৰ্কেহে সন্দিহান কৰি তুলিছিল।

ঋষভে আগৰেপৰাই চৰাইদেউ কেন্দ্ৰিক অসম এখনত বিশ্বাস কৰিছিল। জাতীয়তাবাদী নহও বুলি মুখেৰে ক’লেও সি সদায়েই সোণকোষ নদীৰ সিটোপাৰে বাস কৰা মানুহবোৰক সন্দেহৰ চকুৰে চাইছিল। আনহে নেলাগে, গুৱাহাটীৰ সিটোপাৰে চাকৰি কৰিবলগীয়া হ’লে কি হ’ব, নামনি অসমৰ ভাষা কেনেকৈ আয়ত্ত কৰিব সেয়াও তাৰ কাৰণে চিন্তাৰ বিষয় আছিল। বিশ্ববিদ্যালয়ৰ শিক্ষামূলক ভ্ৰমণত শ্ৰী-সূৰ্য পাহাৰ চাবলৈ গৈ ঘূৰি অহাৰ সময়ত সি সেই অঞ্চলবোৰ ধুনীয়া যদিও অসম অসম নলগা বুলি কৈছিল। নগৰবেৰা কলেজত ওলোৱা চাকৰি এটাৰ কাৰণে দৰ্খাস্ত এখন লিখিবলৈয়ো সি নাৰাজ আছিল। তাৰ মতে সেইবোৰ ঠাইত অসমৰ পৰিবেশ নাছিল। সেই ঠাইৰ ৰাইজে হেনো গধূলি বঙালীবোৰৰ নিচিনাকৈ উৰুলি দিয়ে আৰু শংখ বজায়! তাৰ চিন্তাৰ অসমখন দৰাচলতে সেই কলিয়াবৰলৈকেহে আছিল যেন মোৰ মাজে মাজে ভাব হৈছিল। আৰু তাৰ পৰিধিয়ে ঢুকি পোৱা সেইখন অসমৰ বাহিৰত সি এদিনলৈয়ো সুখী হ’ব নোৱাৰিছিল। সি অতি অসমীয়া আছিল আৰু মই দিনে দিনে অসমীয়াৰ উপৰিও আৰু বহুত চিনাকিকে আঁকোৱালি লৈছিলোঁ।

সেইখিনি সময়ত মই সীমা ঠেলা-ঠেলিৰ কাজিয়াত নিতৌ তিনিটা মানুহৰ মূৰ ফলা-ফলি হোৱা ৰাজ্যকেইখনৰ মানুহে ত্ৰিপুৰাৰ মাল, গাহৰি আৰু উত্তৰ-পূবীয় চিনাকিৰ সূত্ৰে দিল্লী বা বেংগালুৰুত আপোন হৈ উঠাৰ সমীকৰণটোও বুজি পাইছিলোঁ। একেদৰে বুজি পাইছিলোঁ কিয় চামেলী ফুলৰ গোন্ধত এলাৰ্জী হৈ তিনিবাৰ হাঁচি মৰা হিমাচলৰ মানুহ এজনৰ, সেই তেলেৰে দিনটোত তিনিবাৰ মূৰ মালিচ কৰা কৰ্ণাটকী মানুহ এজনক লণ্ডন বা নিউইয়ৰ্কত ভাৰতীয় ৰাষ্ট্ৰীয় চিনাকি এটাৰ সূত্ৰতে আপোন যেন লাগে। দৰাচলতে দুয়োটা চিনাকিয়েইতো আঞ্চলিক আৰু আপেক্ষিক সাংস্কৃতিক পৰিচিতিৰেই বন্ধা আছিল। ইমাজিনড কমিউনিটীৰ ধাৰণাই ভূজৰ পানীখিনিৰ ৰংটো, বেলেগ বেলেগ পতাকাৰ চিন পাহৰি কিয় একে হৈ পৰে. সেই প্ৰশ্নৰ উত্তৰ মোক নিৰহ-নিপানীকৈ বুজাই দিছিল। ভাৰত উপ মহাদেশীয় চিনাকি বনাম বগা চালৰ ইউৰোপীয় চিনাকি অথবা প্ৰথম বিশ্বৰ নাগৰিক বনাম তৃতীয় বিশ্বৰ নাগৰিক- এই আধা শতিকাতকৈয়ো বেছি পুৰণি যুঁজখনত ৰাষ্ট্ৰীয় চিনাকিতো আচলতে এটা উপলক্ষ্যহে বুলি বুজাৰ দিনাই, স্বাধীন অসমৰ ধাৰণাটোলৈ থকা মোৰ সামান্যতম সমৰ্থনৰ চিন্তাও নোহোৱা হৈছিল।

অথচ ঋষভ সলনি হোৱা নাছিল। সি ভাৰতক ঔপনিবেশিক বুলিছিল আৰু ভূজৰ পানীখিনিত উপঙি থকা পতাকাকেইখনৰ অৰ্থসাৰশূন্যতা কেৱল সেই ঔপনিবেশিক আৰোপৰ অৰ্থহীনতা বুলিয়েই বুজিছিল। ধেমাজিৰ শিশুহত্যাৰ অতবছৰৰ পিছতো সি আলফাৰ মতাদৰ্শক মানি চলিছিল। মাত্ৰ পন্থাটো ভুল বুলিছিল। সঞ্জয় ঘোষৰ হত্যাক আলফাৰ মতলবী কাৰচাজি বুলি ভাবি চাবলৈয়ো সি নাৰাজ আছিল। এই কথাবোৰক লৈ আগতেও আমাৰ দ্বন্দ্ব-মতবিৰোধ হৈছিলেই। মতবিৰোধৰ পিছতো কিমানখিনি ভালপোৱাৰ সাহসত সাহসী হৈ সি মোক লগ ধৰিবলৈ গুজৰাট ওলাইছিলগৈ, সেয়া মই নুবুজাকৈ নাছিলোঁ। বুজিছিলোঁ। বুজাৰ পিছতো ভূজৰ উটৰখীয়াৰ কোঠাৰ আমাৰ অস্থায়ী বাহৰত, সেইদিনা সন্ধিয়া আমাৰ দূৰ্বাদল কাজিয়া হৈছিল। সৰুতে কুকুৰ খোৱা নগা বুলি হঁহা মানুহখিনিয়ে বিচৰা ৰাষ্ট্ৰখনৰ ধাৰণা আৰু স্বাধীন অসমৰ ধাৰণা, ভাৰত ৰাষ্ট্ৰৰ ধাৰণাৰ সৈতে একেই অবাৰ্চীন বুলি বুজিবলৈ আৰু মোৰ বাকী নাছিল। গতিকে কি ভিত্তিত স্বাধীন অসমৰ দাবীক সমৰ্থন জনাম সেয়া মোৰ কাৰণে অবোধ্য আছিল। ঋষভে ভাৰতৰ, বিশেষকৈ হিন্দী বলয়ৰ মানুহৰ ঔপনিবেশিক মনোবৃত্তিৰ কথা কৈছিল আৰু মই সেই একেই মনোবৃত্তি উন্নাসিক মূল সুঁতিৰ অসমীয়া মধ্যবিত্তৰ মাজতো দেখিছিলোঁ।

বাদ-বিবাদৰ বিষবাষ্পৰে উষ্ণ হৈ উঠা কোঠাটোত উশাহ ঘূৰাবলৈ টান পাই মই বাহিৰলৈ গুচি আহোঁতে মোক বিচাৰি সিয়ো পিছে পিছে আহিছিল। বাবুল গছ এজোপাৰ তলত পাৰি থোৱা চাৰপাই এখনত বহি, মই তাৰ চিনাকি মানুহজনীতকৈ বহুত সলনি হৈ যোৱা বুলি অভিযোগ কৰি সি কান্দিছিল। মই জানিছিলোঁ কলিয়াবৰলৈকে বিস্তৃত তাৰ চিনাকি অসমখনক সি যিমানখিনি ভাল পায়, মোকো সি সিমানখিনিয়েই ভাল পায়। তথাপিও ঋষভৰে মোৰ এৰা-এৰি হৈছিল। কেৱল ভালপোৱাৰে জীৱন গঢ়িব নোৱাৰি। একেলগে ভৰি থৈ খোজ দিবলৈ উমৈহতীয়া চিন্তাৰ মজিয়া এখন নেথাকিলে আকাশত চাং পাতি চলিব পাৰি জানো?

জাতীয়তাবাদৰ সুঁতি এটা সাৱটি, ঋষভ গুছি যোৱাৰ পিছত কিয় জানো মোৰ চকুপানী ওলোৱা নাছিল। চাৰি বছৰমানৰ সম্পৰ্ক এটাৰ তেনে সমাপ্তিত অকণমান হ’লেও বেয়া লাগিব লাগিছিল। কিন্তু মোৰ লগা নাছিল। মই বৰঞ্চ মুকলি হোৱা যেন অনুভৱ কৰিছিলোঁ। হাঁহি উঠা ধৰণে মই নকন্দা কথাটো, বিভিন্ন অচিনাকি ভাষা-সংস্কৃতিৰ চোতাল গৰকি গৈ গুজৰাটৰ পৰা হেজাৰ হেজাৰ কিমি দূৰৈৰ মোৰ জন্ম ঠাইৰ চিনাকি নঙলাত খুন্দা মাৰি ছিটিকি পৰি, সৰুতে খেলা চকৰি লাটুমটোৰ দৰে চোতাল জুৰি ঘূৰি ফুৰিছিল। মই কেনে পাষাণ হদয়ৰ মানুহ এই কথাৰ পৰা আৰম্ভ কৰি, মোৰ অন্য কাৰোবাৰ সৈতে হিয়া দিয়া নিয়া হোৱাৰ নানানটা কথাৰ সাঁচ, লাটুমৰ জোঙা আগটোৱে মোৰ চিনাকি চোতালখনত আঁকি পেলোৱাৰ সময়তে মই বেলজিয়ামলৈ যাবলৈ ওলাইছিলোঁ। সামূহিক গণমাধ্যম সম্পৰ্কীয় কিছু প্ৰশিক্ষণৰ হাত ধৰি মই ব্ৰাচেলচলৈ গৈ ঘূৰি অহাৰ সময়লৈ মোৰ চিনাকি চোতালত পৰা লাটুমৰ সাঁচবোৰ চোতাল সৰা বাঢ়নীৰ আঁচ পৰি নোহোৱা হৈছিল।

সেয়া আজি চাৰিবছৰৰ আগৰ কথা। তাৰপিছত মই আৰু বিভিন্ন ঠাই ঘূৰিলোঁ। একেখন পাছপৰ্টে ঢুকি পোৱা, ভিজা নলগা ঠাইবোৰৰ উপৰিও ষ্টাম্প মৰা কাগজৰ চিনাকি লৈয়ো কিছুমান ঠাই ফুৰিলোঁ। আৰু আচৰিতভাৱে অচিনাকি ঠাইবোৰত মই নিজকে বিভিন্ন ৰূপত চিনি পালোঁ।

বেলজিয়ামত ভৰি থোৱাৰ দ্বিতীয় দিনটোতে মোৰ এটা প্ৰাণঘাটী দুৰ্ঘটনা হৈছিল। কাষত বহি শীতকালীন বন্ধত গাড়ী চলাই হাত খৰচ উলিয়াবলৈ চোৱা কণমান গ্ৰেজুৱেট ছাত্ৰটি ঠাইতে ঢুকাইছিল। দহদিন মই ঘৰতে আছিলোঁ। চেলিমা আপাই মোৰ চোৱাচিতা কৰিছিল। আপাৰ সৈতে চিনাকি হওঁতে দুৰ্ঘটনাৰ কৃপাত, মই এটা চকুৰে তেখেতক ধোঁৱা-কোৱাকৈহে দেখিছিলোঁ। নামবাচক বিশেষ্যৰ পৰিচিতিটো পোৱাৰ পিছতো, উত্তৰ প্ৰদেশৰ খানদানী মুছলিম মানুহৰ চেহেৰাৰ আপাক প্ৰথম দিনা মই ভাৰতীয় বুলিয়েই ভাবিছিলোঁ। গাড়ীৰ দৰজাৰ গ্লাচত খুন্দা লাগি মেলিব নোৱৰাকৈ ফুলি যোৱা মোৰ চকুৰ নীলা-ক’লা পিৰিঠিত তেওঁ গৰম পানীত নিমখ মিহলাই সেক দিছিল। আইচ পেক দিছিল। লাহে লাহে ভাল হৈ আহিছিলোঁ। ক’লা পৰি থাকিলেও চকুটো মেলিব পৰা হৈছিলোঁ। আৰু চেলিমা আপাৰ চেহেৰাটো মোৰ চকুত স্পষ্ট হৈছিল। দেশ বিভাজনৰ সময়ত লক্ষ্ণৌ এৰি লাহোৰত ঘৰ বান্ধিবলৈ বাধ্য হোৱা ইউচুফ মিঞাৰ সৰু জী চেলিমা আপাৰ চকুত মই মোৰ বাবে দৰদ দেখিছিলোঁ। নিজৰ ঠাইৰ মানুহৰ প্ৰতি সৃ্ষ্টি হোৱা দৰদ। অথচ পাকিস্তানৰ সৈতে ক্ৰিকেট খেলৰ দিনটোত আমি চেলিমা আপাৰ দেশখনক শত্ৰু বুলি চাবলৈয়ে শিকিছিলোঁ। সদায়েই। ফটকা ফুটাই যিখন দেশৰ পৰাজয় সদায় উদযাপন কৰিছিলোঁ, সেই দেশৰ প্ৰবাসী নাগৰিক চেলিমা আপাৰ হাতৰ অৱধি গোস্ত বিৰিয়ানি, বেলজিয়ামত ব্ৰেড আৰু ভজা মাংসই আমুওৱা মোৰ জিভাৰ কাৰণে পৰম সকাহ হৈছিল।

আমিনা খুড়ী সৰুতে আমাৰ চুবুৰীয়া আছিল। মা-দেউতা কামলৈ যোৱাৰ পিছত মোৰ ল’ৰালিৰ দুপৰীয়াবোৰ খুড়ীৰ চোতালতে পাৰ হৈছিল। ৰফিক কাকা আৰু চাজিদা বাইটিয়েও বন্ধৰ দিনবোৰত আমাৰ মাৰ ৰান্ধনিঘৰৰ কাষতে ঘূৰা পকা কৰি থাকিছিল। গুড়ত দিয়া বগৰী, আমৰ মিঠা মোৰাব্বা মই বেছিকৈ খালে চকু পকাই ধৰা মায়ে ৰফিক কাকাই প্লেটে প্লেটে খালেও একো নকৈছিল। কাতিমহীয়া আমৰলীয়া হাঁহৰ জিৰা-জালুক দি, কোমোৰাৰে সৈতে ৰন্ধা জোলখনৰ সুবাসে জেওৰা পাৰ হৈ খুড়ীহঁতৰ ঘৰো আমোল-মোলাই থকাৰ সময়ত, মই আগমঙহ নেখাওঁ বুলি কেনেবাকৈ পাহৰি গ’লেও চাজিদা বাইটিয়ে আগমঙহখিনি শুকানকৈ ভাজিলেহে খাই ভাল পায় বুলি মায়ে ঠিকেই মনত ৰাখিছিল। পিঠাগুড়ি গৰম পানীৰে কোমলকৈ আটা সনাৰ দৰে সানি আমিনা খুড়ীয়ে পিঠাগুড়িৰ ৰুটী কৰিছিল। ৰমজান গৰমকালি পৰাৰ সময়ত বৰা চাউল চেৱা দি সিজাই, গাখীৰ অকণ দি, পকা আমৰ সৈতে এটা জলপান তৈয়াৰ কৰিছিল। খুড়ীৰ সেই জলপানটোৰে পৰিশোধিত ৰূপ এটা মই বেংকক আৰু লাওচত খাইছিলোঁ। নাৰিকলৰ গাখীৰৰ পৰিৱৰ্তিত সংযোজন সত্ত্বেও, বেংককৰ নিশাৰ বজাৰত, জুঁতি ফুলৰ গোন্ধ সনা আঠালেতীয়া চেৱা দিয়া বৰা চাউলৰ একচামুচ মুখত ভৰোৱাৰ সময়ত মোৰ আমিনা খুড়ীৰ জলপানটোৰ সোৱাদৰ কথাই মনলৈ আহিছিল। শ্ৰীলংকাৰ পল ৰুটী আৰু কেৰেলাৰ পাথিৰিতো খুড়ীৰ পিঠাগুড়িৰ ৰুটীৰ সোৱাদ বিচাৰি পাইছিলোঁ। পুল্লকাৰ পৰা পিলাফ, পোলাও অথবা পাইলাৰ ইতিহাস খোচৰোঁতে মই মানৱ সভ্যতাৰ প্ৰব্ৰজন পৰিক্ৰমাকো জুমি চাইছিলোঁ। স্পেইনৰ এক কেৰাহী পাইলাই মোক নিজৰ বিষয়েই কিমান কথা কৈছিল! ইন্দোনেচিয়াৰ ৰামকথাতো মই নিজৰ বাদে কাকোৱেই দেখা নাছিলোঁ। নিজকেইতো দেখিছিলোঁ। নিজৰ মানুহকেই দেখিছিলোঁ। ঘৰৰ পৰা দূৰৈত থকাৰ শীতাৰ্ত অনুভৱ মোৰ নোহোৱা হৈছিল। সকলো ঠাইতে মানুহৰ ইমান উম। কি ভাললগাকৈ মানুহবোৰে উম দিয়ে অথচ ভকভকাই তাপে নদহে। সীমাৰ পৰিধিভেদে মানুহৰ পৰা পোৱা এই উষ্ম আদৰণিৰ অভিজ্ঞতাই মোক সুখী কৰিছিল। অন্ততঃ অষ্ট্ৰেলিয়াৰ মাটিত আজিৰ ৰাতিপুৱাটোলৈকে!
“তোমাৰ ভাগৰ লাগিছে চাগৈ?” অলপ আগতে সোধা প্ৰশ্নটোৰ কোনো উত্তৰ নেপাই, মাৰিয়মে আকৌ সুধিলে। মই ইতিবাচকভাৱে মূৰ জোকাৰিলোঁ। মাৰিয়মে আৰু একো নেমাতিলে। মাইক্ৰ’ৱেভটোৰ পৰা সময় সূচক শব্দ এটা হ’ল। নিজৰ চুৰুহাৰ বাতিটো থৈ উঠি গৈ তেখেতে মাইক্ৰ’ৱেভটো খুলি গোটাকৈ ভজা কোমল, কণমান গাজৰ একপ্লেট উলিয়াই আনিলে।
মই মূৰ তুলি স্কাইলাইটেৰে অহা পোহৰৰ ৰেশটোলৈ চালোঁ। আকাশখনৰ ৰঙে উমান দিছিল, সন্ধিয়া লাগি ভাগিলে। আমাৰ গাঁৱৰ পুৰণি ঘৰত এইখিনি সময়ত ভাতৰ চৰু নমাই শাকৰ কেৰাহী তুলিবৰ হয়। চেঁচুক বাঁহতলত বাঁহৰ আগবোৰ পথলৈ নমাই বাটৰুৱাক বিপাঙত পেলোৱা ভূতৰ কাহিনীৰে গপচ হৈ পৰা গাঁৱৰ গধূলিবোৰে ঘিটমিটীয়া ৰাতিটোক সোনকালেই পাট পাৰি বহিবলৈ ঠাই মোকলাই দিয়ে। মেলবৰ্ণত ৰাতি দেৰিকৈ হয়। অৱশ্যে পৃথিৱীৰ প্ৰায় সকলো চহৰতেই ৰাতিবোৰ দেৰিকৈ যৌৱনপ্ৰাপ্ত হয় আৰু বৃদ্ধত্ব কেতিয়াও নাহেই।

জুলাই মাহৰ ঠাণ্ডা। আজি ঠাণ্ডা অকণমান বেছিয়েই পৰিছে। উষ্ণতাৰ হিচাপ ল’বলৈ ম’বাইলটো উলিয়াই দেখিছিলোঁ, স্ক্ৰীণখন তেনেই চুচুৰ্মৈ হ’ল। স্ক্ৰীণ? মানুহজনী যে বাচিলোঁ, সেয়াই ডাঙৰ কথা।

মোৰ মূৰত বেণ্ডেজ মৰা ঠাইটুকুৰা টানি ধৰিছিল। মই বাৰুকৈয়ে ভাগৰুৱা অনুভৱ কৰিছিলোঁ। মেলবৰ্ণ আৰক্ষীৰ সোধপোচ অলপ আগতেহে শেষ হৈছিল। একেখিনি কথাকে মই সাতবাৰ দোহাৰিছিলোঁ। যোৱা পোন্ধৰ দিন যোৱাৰ দৰে মই কেমেৰাৰ বেগটো লৈ ৰাতিপুৱাই ওলাই গৈছিলোঁ। লা-ট্ৰবে বিশ্ববিদ্যালয়ৰ ওচৰত মোৰ দলৰ বাকী মানুহখিনিয়ে মোৰ বাবে অপেক্ষা কৰি আছিল। আঠবজাৰ পৰা আমাৰ শ্বুট হোৱাৰ কথা আছিল, সেয়ে মই সোনকালেই ওলাইছিলোঁ। শিলগুটি দলিওৱা ল’ৰাকেইজন মই চিনি নেপাওঁ। মই মাটিত বহি পৰিছিলোঁ। তেওঁলোকৰ এজনে মোৰ মুখত হেঁচা মাৰি ধৰিছিল। এজনে মোৰ কেমেৰাৰ বেগটো টানিছিল। বাধা দিওঁতে এজনে মোৰ মূৰত পাথৰেৰে আঘাত কৰিছিল। মোক ব্লাডী ইণ্ডিয়ান হোৰ বুলি গালি পাৰিছিল। ব্লেক বিটচ বুলিও কৈছিল। মাৰিয়ম আৰু জৰুৰীকালীন সেৱাৰ মানুহখিনি আহি পোৱালৈ মই প্ৰায় সংজ্ঞাহীন হৈছিলোঁ। একেখিনি কথাকে মই বাৰে বাৰে কৈছিলোঁ। কৰবাত মোৰ কথা অসংলগ্ন হৈছিল। বিষ আৰু শ্বকত সকলো কথা মনত ৰখা বা যুকিয়াই কোৱাটো মোৰ পক্ষে অসম্ভৱ আছিল। আৰক্ষীৰ লোকসকল পিছে সহানুভূতিশীল আছিল। কথাবোৰ এটা এটাকৈ, বিতংভাৱে তেওঁলোকে নথিভুক্ত কৰিছিল আৰু অৱশেষত মোৰ গৃহকৰ্ত্ৰী মাৰিয়মক মাত লগাই, মোক সোনকালে সুস্থ হোৱাৰ শুভকামনা জনাই তেখেতসকল যোৱালৈ সন্ধিয়া লাগিছিল।

“আজি ৰাতি মই শুব নোৱাৰিম। চকু মুদিলেই একেখিনি কথা মোৰ বন্ধ পতাৰ সিটোপাৰে ভাঁহি থাকিব।” মেপল চিৰাপত লেটি লোৱা কোমল গাজৰ এটা কাটাচামুচ এখনেৰে খুচি মুখত ভৰাই চোবাবলৈ চেষ্টা কৰি থাকিয়েই মই স্বগতোক্তি কৰিলোঁ।
“এৰা, কিছুমান ছবিয়ে শুবলৈ নিদিয়ে। “ মাৰিয়মৰ চকুৰ কোণত চমকনি অকণে থিতাপি ল’লে। “তথাপি, তোমাৰ ভাগ্য ভাল, তুমি অষ্ট্ৰেলিয়াৰ পুলিচৰ সহায় পাইছা।“

মাৰিয়মে কেতিয়াবা পুলিচৰ সহায় পোৱা নাছিল নেকি? গাজৰ চোবোৱাৰ কচৰৎ একাষৰীয়া কৰি প্ৰশ্নবোধক এটা চকুত লৈ মই মাৰিয়মলৈ চালোঁ। ক’ত, কেতিয়া পোৱা নাছিল? বগা ছালৰ মাৰিয়ম নিশ্চিতভাৱে অষ্ট্ৰেলিয়াত মোৰ দৰে বৰ্ণবৈষম্যৰ বলি হোৱা নাছিল। তেন্তে ক’ত, কেতিয়া মাৰিয়মে ভাগৰ লাগিলেও টোপনি নহা ছবি কিছুমান চকুত বান্ধি ফুৰিছিল? ক’ত পুলিচৰ সহানুভূতি মাৰিয়মৰ কাৰণে সকাহ হোৱা নাছিল? মোৰ দুচকুৰ প্ৰশ্ন মাৰিয়মে বুজি পাইছিল। অথচ তেওঁ এবাৰো মোৰ চকুলৈ মূৰ তুলি চোৱাই নাছিল। মেজৰ ওপৰত সজাই থোৱা সিজোৱা উৰহী গুটিখিনিৰ ওপৰতহে সত্তৰোৰ্ধৰ মানুহগৰাকীৰ দৃষ্টি নিবদ্ধ হৈ আছিল।

“মোৰ জন্ম হৈছিল আমেৰিকাত। ১৯৭৫ চনত মোৰ স্বামী জৰ্জৰ সৈতে মই ভাৰতলৈ কুষ্ঠৰোগীৰ সেৱা সংস্থান এটিত কাম কৰিবলৈ গৈছিলোঁ। এই সংস্থানটি এটি মিছনেৰী সংস্থা আছিল। আমি উৰিষ্যাৰ অত্যন্ত প্ৰান্তীয় অঞ্চল এটিত কাম কৰিছিলোঁ। বা-মাৰলিৰ হিচাপ নোলালে আমি কাম কৰা ঠাইখিনিৰ হিচাপ ভাৰতৰ কোনো মানচিত্ৰতে নাছিল।”

যোৱা পোন্ধৰ দিন ধৰি মই মাৰিয়মৰ ঘৰত পেয়িং গেষ্ট হিচাপত আছোঁ। সোণালী চুলি, বগা শোঁতোৰা পৰা গালৰ মাৰিয়মক অষ্ট্ৰেলিয়ান বুলিয়েই ভাবিছোঁ। তেখেতৰ ভাৰতীয় সংযোগৰ বিষয়ে তেখেতেও মোক একো কোৱা নাই, আৰু ময়ো সোধা নাই। আনকি তেখেতে মই ভাৰতৰ অসমৰ বুলি জানি মূৰ জোকাৰোঁতেও মই সেই বিষয়ে সুধিব লগীয়া কিবা আছে বুলি ভবা নাই। সেইখিনি সময়ত, বয়সৰ ভাৰত ন্যুব্জ্য মাৰিয়মতকৈ অষ্ট্ৰলিয়াৰ সমু্দ্ৰৰ বে-বাগবিলাকৰ বিষয়ে কৰিবলগীয়া শ্বুটটোৰ ওপৰতহে মোৰ ধ্যান কেন্দ্ৰীভূত হৈ আছিল।
“আমি ধৰ্মপ্ৰচাৰ কৰা নাছিলোঁ। “
উৰহী এচামুচ নিজৰ কাঁহীখনত লৈ মাৰিয়মে আকৌ আধাতে এৰি দিয়া কাহিনীৰ সূতাডালত টান দি ধৰিছিল।
“সেয়া আমাৰ কামৰ অন্তৰ্গত বিষয় নাছিল। আমি দৰিদ্ৰতা আৰু কুষ্ঠৰোগ সম্পৰ্কীয় হিন্দু ধৰ্মীয় সংস্কাৰসমূহৰহে বিৰোধিতা কৰিছিলোঁ। কিন্তু কথাবোৰ ভুলকৈ প্ৰচাৰ হৈছিল। ইমানেই ভুলকৈ প্ৰচাৰ হৈছিল যে এদিন জৰ্জৰ টুকুৰা টুকুৰ দেহটো বোৱাৰী পুৱাতেই চাউলৰ ব্স্তা এটাৰে বান্ধি আমাৰ চোতালত পেলাই থৈ যোৱা হৈছিল। তেতিয়া মোৰ ছোৱালী নেন্সী ভৰযৌৱনা। দুৰাতি জৰ্জক আমি বিচাৰি আছিলোঁ। পুলিচকো খবৰ দিছিলোঁ। কিন্তু জৰ্জৰ মৃত্যুৰ পিছতহে পুলিচে আমাৰ ঘৰ বিচাৰি ওলাইছিলহি। আৰু তেখেতসকলে সোধা প্ৰশ্নসমূহৰ পৰা মোৰ এনে লাগিছিল যেন জৰ্জৰ মৃত্যুৰ কাৰণে আন কোনো নহয়, আমিয়েই, জৰ্জৰ আপোন মানুহকেইটায়েই দায়ী।”

কৈ কৈ মাৰিয়মে মোলৈ চাই হাঁহি এটা মাৰিলে। মাৰিয়মৰ হাঁহিটোত বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ মোৰ বিছনাখনৰ গাতে লাগি থকা বেৰখনৰ সেই সেমেকা ভাবটো কোনোবাখিনিত লাগি আছিল। কলেজ কেণ্টীনত লুৰাই চকু তুলি চাওঁতেও কি মাৰিয়মৰ হাঁহিটোৱেই তাৰ চকুতো সনা আছিল। এৰিকা? এৰিকাই হস্পিতেলত আমি চাবলৈ যাওঁতে কেনেদৰে চাইছিল মোলৈ? কি আছিল তাইৰ দুচকুত? শুভজিতে দেউতাকে ঘৰ-বাৰী বেচি আহিবলগীয়া হোৱাৰ কথা কওঁতেও কি এই হাঁহিয়েই মাৰিছিল?

মোৰ চকুৰ আগৰ পৰা সিজোৱা উৰহীৰ থালী, কুকুৰা মঙহৰ চুৰুহা, কুমলীয়া মিঠা গাজৰ সকলোবোৰে হৰলুকী দিলে। মাথোঁ একবাতি সিজোৱা চাউল লৈ মই ঠাইতে বহি থাকিলোঁ। খাবও নোৱাৰোঁ, উঠিও যাব নোৱাৰোঁ। জৰ্জৰ দেহৰ অংশ বান্ধি অনা চাউলৰ বস্তাটোৰ পৰাই যেন মাৰিয়মে এবাতি চাউল আনি সিজাই মোক পৰিবেশন কৰিছে আৰু মই মোকোৰা মোকোৰে তাকে খাইছোঁ। চৰম লজ্জাত অধোনত হৈ মই চাউলৰ বাতিটো নিজৰ পৰা আঁতৰাই দিলোঁ। হঠাৎ মোৰ চিন্তা হ’ল, নেন্সী ক’ত? দেউতাকৰ মৃত্যুৰ সময়ত ভৰযৌৱনা মাৰিয়মৰ ছোৱালী নেন্সী আজি ক’ত? যদি তাই অষ্ট্ৰেলিয়াতে থাকে, ইমানদিনে, সপ্তাহন্তত হ’লেও পাক এটা নেমাৰিলেহেঁতেননে? বিদেশত থাকিলেও অন্ততঃ ফোন এটাতো কৰাৰেই কথা!

“নেন্সীও নেথাকিল!” মাৰিয়মে যেন মোৰ মনটোৰ ভিতৰখন পঢ়ি মোৰ প্ৰশ্নটোৰ উত্তৰ দিছিল। মই নেন্সীৰ কথাই ভাবি আছিলোঁ বুলি মাৰিয়মে কেনেকৈ জানিছিলে বাৰু?
“মঃ ইকবালৰ নাম শুনিচা?” একমুখী কথাৰ আঁত ভাঙি মাৰিয়মে মোক সুধিছিলে। মই ইতিবাচকভাৱে মূৰ জোকাৰিছিলোঁ। মঃ ইকবাল! হিন্দ দেশ কে নিবাসী সভীজন এক হ্যে বুলি কোৱা ইকবাল নামৰ কবি-সাহিত্যিকজন সেই হিন্দ দেশৰ গুণ গান কৰি কৰিয়েই এদিন পাকিস্তান নামৰ নতুনকৈ সজা দেশখনলৈ গুচি গৈছিল। ধৰ্ম নামৰ চিনাকিটো তেওঁ, তেওঁৰ হিন্দ দেশ- সিন্ধু পাৰৰ পুৰণি ৰাষ্ট্ৰখনৰ চিনাকিটোতকৈ বেছি আপোন বুলি ভাবিবলৈ লৈছিল নেকি! ৰাষ্ট্ৰীয় চিনাকিৰ ইমান সোনকালে ৰদ-বদল হয় নে?
“হিন্দ দেশৰ গুণ-গান কৰিও, মঃ ইকবালে ১৯৪৭ চনত যিখন নতুনকৈ গঢ় লোৱা ৰাষ্ট্ৰক নিজৰ বুলিবলৈ লৈছিল, সেইখন ৰাষ্ট্ৰৰ পৰা অহা কেইটামান মানুহে নেন্সীক শেষ কৰিছিল। ২০০৮ চনত, তোমাৰ ভাৰততে।“

মাৰিয়মে আপাত নিৰ্বিকাৰভাৱে কোৱা বাক্যকেইটাই মোক আকৌ এবাৰ পায়ুলৈকে কঁপাই তুলিছিল। “জৰ্জৰ মৃত্যুৰ পিছতো আমি আমাৰ কাম অব্যাহত ৰাখিছিলোঁ। ভাৰত চৰকাৰৰ পৰাও আমি লাহে লাহে সহায়-সাৰথি পাবলৈ ধৰিছিলোঁ। আমি উৰিষ্যাৰ বাদেও অন্যান্য ঠাইত কাম আৰম্ভ কৰিছিলোঁ। জৰ্জক হেৰুওৱাৰ পিছতো কিয় জানো মই ভাৰতৰ প্ৰতি মোহ হেৰুৱাব পৰা নাছিলোঁ। চাউলৰ বস্তা এটাই কঢ়িয়াই অনা দুঃখময় দিনবোৰৰ স্মৃতি আমি লাহে লাহে পাহৰিবলৈ লৈছিলোঁ। পাহৰিবলৈ লৈছিলোঁ যে আমাৰ ছালখনৰ ৰং এইখন দেশৰ হেজাৰগৰাকী মানুহৰে সৈতে একে নহয়। পাহৰি গৈছিলোঁ যে এইখন দেশৰ নাগৰিকৰ পৰিচিতিৰে মই ধনী নহয়। আৰু সুখৰ কথা যে ভাৰতীয়ত্বৰ পৰিচিতি এটা নোহোৱাকৈয়ো ভাৰতে মোক লাহে লাহে আঁকোৱালি ল’বলৈ ধৰিছিল। জৰ্জৰ মৃত্যুৱে দিয়া ঘাঁ টুকুৰাৰ দাগ ৰৈ গৈছিল যদিও ঘাঁ টুকুৰা শুকাই নোহোৱা হৈছিল। ঘাঁৰ দাগটো ঢাকিবলৈ আমি বহুতৰপীয়া কাপোৰ পিন্ধিবলৈ লৈছিলোঁ। শীতৰ দিনবোৰততো পিন্ধিছিলোঁৱেই, ভৰ গৰমৰ দিনবোৰতো আমি কাপোৰৰ তৰপ কমোৱা নাছিলোঁ। কিজানিবা দাগটোৱে আমাক নহ’লেও, দাগ দিয়া কাৰোবাক অশান্তি দিয়ে। অস্বস্তিৰ সৃষ্টি কৰে। ধৰ্মইতো আমাক ক্ষমাৰ কথাই কয়, নহয় জানো?

তেনেকুৱা দাগ ঢকা দিনবোৰৰ এদিনতে নেন্সী আৰু মই সেইবাৰ মুম্বাইলৈ গৈছিলোঁ। মোৰ বাইদেউ লিজা আহিছিল পৰ্তুগালৰ পৰা। সেইদিনা নেন্সীৰ জন্মদিন আছিল আৰু তাই বাহিৰতে এসাঁজ খোৱাৰ প্ৰস্তাৱ দিছিল। বাইদেউৰ ল’ৰা ৰিচাৰ্দ, কেঁচুৱাতে দেখাৰ পিছত মই তাক সেইবাৰ প্ৰথমবাৰৰ কাৰণে দেখিছিলোঁ। লিচবনৰ ৰেষ্টোৰাঁ এখনত ৰন্ধা-বঢ়াৰ প্ৰশিক্ষণ সামৰি সি কেইদিনমান মাকৰ লগত সময় কটাবলৈ আহিছিল। ৰিচাৰ্দেও নেন্সীৰ প্ৰস্তাৱতে হয়ভৰ দিছিল। আমি ডাঙৰখিনিয়ে ক’বলৈ বা বাধা দিবলৈ একো সুৰুঙাই পোৱা নাছিলোঁ। বাধা দিয়াৰ কথাও নাছিল। ইমানদিনৰ মূৰত গোটেইবোৰ লগ হৈছোঁ, সেয়া যে সঁচাকৈয়ে উদযাপনৰ দিনেই আছিল। একেখন গাড়ীত গোটেইবোৰ নোজোৰাৰ কাৰণে লিজাৰ সৈতে মই অন্য এখন গাড়ীত উঠিছিলোঁ। আধাবাটতে লিজাৰ মনত পৰিছিল তাই পইচাৰ মোনাটো হোটেলৰ কোঠাতে এৰি আহিছিল। গাড়ী ঘূৰাই পইচাৰ মোনা লৈ আকৌ নেন্সীহঁতক লগ ধৰিবলৈ যোৱালৈ মুম্বাইৰ ট্ৰেফিকত পৰি আমাৰ আধাঘণ্টা দেৰি হৈছিল। আৰু সেই আধাঘণ্টাতে, মাত্ৰ আধাঘণ্টাৰ সেই পাৰ্থক্যৰ হাত ধৰিয়েই নেন্সীহঁত সময়তকৈ বহুত আগবাঢ়ি আমাৰ পৰা বহুদূৰলৈ গুচি গৈছিল। “
মাৰিয়মৰ কাহিনী শেষ হ’ল। মাৰিয়মক সান্ত্বনা দিয়াৰ দুঃ-সাহস কৰাৰ কথা মোৰ কাৰণে সপোনৰো অগোচৰ। মই মাত্ৰ ভাবিবহে পাৰোঁ, কেনেকৈ ঘৃণাৰ ৰাজনীতিয়ে ধৰ্মকেন্দ্ৰিক এক ৰাষ্ট্ৰীয় চিনাকিৰ খাতিৰতে, দুটা বিপৰীত ৰাষ্ট্ৰীয় চিনাকিৰ খোৱা-কামোৰাত মাৰিয়মক নিঃস্ব কৰি থৈ গ’ল! পিছে সঁচাকৈয়ে যদি মাৰিয়মে সৰ্বস্ব হেৰুৱাই নিঃস্ব হ’লহেঁতেন আজি অষ্ট্ৰেলিয়াৰ এই অচিন চহৰত আকৌ জীৱনৰ জয়গান গাবলৈ সাহস কৰিলেহেঁতেন নে? যিখন দেশত তেওঁ সকলো হেৰুৱাইছিল, সেইখন দেশৰ পতাকা তল, ৰাষ্ট্ৰীয় চিনাকিৰ কাগজ এটুকুৰা লৈ অহা মানুহ এজনীক ঘৰত ঠাই দিব পাৰিলেহেঁতেন নে? ইমান অঁকৰা সাহস সৰ্বস্ব হেৰুওৱা মানুহৰ থাকে জানো?
“নেন্সী মৰাৰ পিছত মই ইউৰোপলৈ গৈছিলোঁ। কোনো কাম নাছিল। এনেয়ে গৈছিলোঁ। আচলতে মই ভাৰতৰ পৰা দূৰলৈ যাব খুজিছিলোঁ। ভাৰত আৰু ভাৰতীয় মানুহৰ প্ৰতি মোৰ অহৈতুক খং উঠিছিল। মোৰ সকলো দুৰ্দশাৰ কাৰণ যেন ভাৰতেই আছিল মোৰ এনে লাগিছিল। অথচ সেই ভাৰতৰ পৰাই দূৰৰ কোনোবা ঠাইলৈ যোৱা কথাটোক মই বিদেশলৈ যোৱা বুলিয়েই ভাবিছিলোঁ। কোনোবা এক দূৰ বিদেশৰ ভূমিতহে যেন মই শান্তি পাম, মোৰ এনে লাগিছিল। তেনেকুৱা দিন এটাতে মই বেলজিয়াম, নেডাৰলেণ্ড আৰু জাৰ্মানীৰ সেই সীমাৰেখাত ভৰি থৈছিলোঁ। পৃথিৱীত মাত্ৰ এখনেই এনেকুৱা ঠাই আছে, য’ত তিনিখন দেশৰ সীমা লগ লাগে। লিমবাৰ্গ প্ৰদেশৰ ৱাল চহৰৰ দক্ষিণলৈ সেইখিনি ঠাইত মই বহুপৰ ঠিয় দি আছিলোঁ। গ্ৰীষ্মকালিৰ দিন আছিল। নতুন ঘাঁহেৰে ঠাইখিনি ভৰি আছিল। পানীৰ সুঁতি এটা, ভালকৈ পাহাৰো বুলিব নোৱৰা ঠাইখিনিৰে তললৈ বাগৰি গৈছিল। থিয় দি থকা মুকলি ঠাইখিনি মই উৰিষ্যাৰ দৰে দেখিছিলোঁ। হঠাৎ মোৰ ভাব হৈছিল, মই তিনিখন বিদেশৰ সংগম স্থলত থিয় দি আছোঁ। তিনিখন বিদেশ বুলি ভাবি মোৰ নিজৰে হাঁহি উঠিছিল, ভাৰতোতো মোৰ কাৰণে বিদেশেই আছিল। নে নাছিল? যৌৱন-জীৱনৰ কৰ্মক্ষম দিনবোৰ পাৰ কৰা দেশখন মোৰ কাৰণে বিদেশ আছিল নে? তেন্তে মোৰ নিজৰ দেশখননো ক’ত আছিল?”
মোৰ কাৰণে কি ক’ম একো থিৰাং কৰিব নোৱৰা অস্বস্তিকৰ সময় কেইপলকমান পাৰ হোৱাৰ পিছত মাৰিয়মে আকৌ ক’লে,
“সেইদিনাই মই বুজিছিলোঁ, ভাৰত নহয় বা পাকিস্তানো নহয়। মোক কষ্ট দিছে কেৱল মানুহে।
মানুহ বৰ বিচিত্ৰ জীৱ। ধৰ্মৰ নামত, জাতিৰ নামত, গাৰ ছালচটাৰ ৰংটোৰ নামত মানুহে মানুহক গুলীয়াই, গচকি মাৰিব পাৰে। অথচ সেই মানুহৰে সংগ নহ’লে মানুহ মানুহ হৈয়ো থাকিব নোৱাৰে। মানুহতকৈ ৰাষ্ট্ৰক ওপৰত তুলি, মৰা মানুহৰ পাহাৰ গঢ়ি তোলে। অথচ সেই পাহাৰৰ সিটো পাৰে ন কৈ মানুহৰ কাৰণেই এখন সুকীয়া ৰাষ্ট্ৰৰ সপোন মানুহেই দেখে।”
এৰা, মানুহ সঁচাকৈয়ে বৰ বিচিত্ৰ জীৱ। মানুহেই মাৰিয়মৰ ঘৰ ভাঙিলে। মোৰ দৰে একে দেখাত মানুহকেইটামানে মাৰিয়মৰ ঘৰখন থান-বান কৰিলে। অথচ, তেওঁ যে মোক তেওঁৰ এই ঘৰত আশ্ৰয় দিছে, একে ৰঙৰ মানুহ কেইটামানে আধামৰা কৰোঁতে তুলি আনি চিকিৎসা কৰিছে, মানুহ বুলিয়েইতো কৰিছে। মানুহৰে কিমান ৰূপ! অথচ আমাৰ সকলোৰে দুখন কাণ, দুটা চকু, এখন জিভা, এটা নাক, এচটা চাল। একেই দুশ ছয়ডাল হাড়। শইকীয়া খুড়াদেউক ৰাস্তাতে খুন্দিয়াই চোঁচোৰাই নিয়া মানুহৰো, এৰিকাৰ চকুকেইটাৰ চিন বিচাৰি নোপোৱা মানুহৰো। বেলজিয়ামত মোৰ ওখহি উঠা চকু সেকা চেলিমা আপাৰ শৰীৰতো ৰঙা তেজ আছিল, মাৰিয়মৰ জীয়েক নেন্সীক চালনীযেনকৈ গুলীৰে থকা-সৰকা কৰা মানুহটোৰ গাতো সেই একে ৰঙৰ তেজেই প্ৰবহমান আছিল! তথাপি মানুহ মানুহৰ পৰা কিমান বেলেগ! একোখন পতাকা, একোখন ছালৰ ৰঙে নিৰ্ধাৰণ কৰি দিয়ে মানুহ মানুহৰ পৰা কিমান বেলেগ! মূৰত পিন্ধা টুপী আৰু দীঘল তিলকৰ ৰঙে কয় একে যেন দেখা মানুহবোৰো ইটো সিটোতকৈ বেলেগ! নে বেলেগ ধৰণে একে অথবা একেধৰণে বেলেগ!
“ধেই” বুলি আগ-গুড়ি নোহোৱা চিন্তাখিনি খেদিবলৈ মূৰটো জোকাৰি দিওঁতে, চিলাই পৰাখিনিত অকণমান টনটনালে। হাজাৰ প্ৰতিকূলতাৰ পিছতো মাৰিয়মৰ জীৱনমুখী, মানুহমুখী প্ৰত্যয়ৰে উমাল হৈ, তেখেতে ৰান্ধি দিয়া ৰ’জমেৰীৰ গোন্ধ ভাঁহি অহা গৰম গৰম কুকুৰাৰ চুৰুহাত ডুবাই মই ভাত এচামুচ মুখত ভৰালোঁ। জালুকৰ গুড়ি চটিওৱা চুৰুহা সনা ভাতখিনিৰ তাপে, পুৱাৰ পৰা ঠেৰেঙা লাগি থকা মোৰ মনটোক, শৰীৰটোৰ জড়তা ভাঙিবলৈ সাহস আৰু শক্তি এখিনি গোটাই দিলে। তামবৰণীয়া দহন নোহোৱাকৈ উমাল কৰিব পৰা শীতকালিৰ উমাল জুই একুৰাৰ শক্তি মাৰিয়মৰ দেশৰ কুকুৰা মঙহৰ চুৰুহাবাতিত যে বাৰুকৈয়ে আছিল!

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Dr Kalyani Rajkumari
3 years ago

সত্যৰ ইমান স্পষ্ট, হৃদস্পৰ্শী ৰূপ!!!

Don`t copy text!