ঋণাত্মকে ঋণাত্মকে ধনাত্মক

লেখক- ড° ৰিমকী ভট্টাচাৰ্য

দৃশ্য নং ১:

বৃদ্ধ পিতৃ মাতৃ… গাঁৱৰ ঘৰ.. একমাত্ৰ পুত্ৰ চাকৰি সূত্ৰে বাহিৰত থাকে। দুই তিনি দিনৰ মুৰে মুৰে আহি থাকে। ক’ৰণাৰ দুই বছৰত দীঘল পদূলিৰ জপনাখনত দিনতেই তলা। পুত্ৰ ৰত্নই মানুহক দুৰতেই বিদূৰ কৰে। কোনোবাই কথা পাতিলেও গেটৰ সিপাৰৰ পৰাহে পাতিব লাগিব। কোনোবাই যদি মহামাৰীক আওকাণ কৰি বুঢ়া বুঢ়ীৰ লগত কথা পাতিব আহে (বিশেষকৈ বুঢ়াৰ লগত) তেনেহ’লে দুয়োজনেই বেয়া ব্যৱহাৰৰ সন্মুখীন হ’ব। গোটেই চুবুৰিতেই পুতেকৰ স্বভাৱৰ আলোচনা। বুঢ়াও দস্তুৰমত বিৰক্ত। আপাত দৃষ্টিত ঋণাত্মক ..কিন্তু বুঢ়া বুঢ়ীক মহামাৰী হ’লে হস্পিটেলত অকলে ৰাখিব লাগিব বুলি লোৱা কঠোৰ পদক্ষেপৰ ফলাফল ধনাত্মক।

দৃশ্য নং ২:

মহাবিদ্যালয়ৰ নতুন নামভৰ্তিৰ পিছৰ এটি দিন। গুৰু বিভাগৰ ছাত্ৰ ছাত্ৰীৰ মাজত এজন অলপ বেছি বিসদৃশ(মানুহৰ মনত থকা ভাল ল’ৰা এজনৰ ছবিৰ ওলোটা)। চুলিখিনি হাঁহৰ ফিচাৰ দৰে। কাণৰ দুয়োফালে খুৰুৱা। হাতত খাৰু কাণত কেৰু। বিভাগত তাৰ বেশভূষালৈ আলোচনা। দীঘল ক’ৰিডৰটোৰে ল’ৰা জনক আহি থকা দেখি অধ্যাপিকাই তাক এইবোৰ আচহুৱা ৰূপ এৰি অলপ সঠিককৈ আহিবলৈ বুজাবৰ বাবে অকণ হুটাকৈয়ে মাতিলে (মনত অলপ ভয়ো যিহে মূৰ্তি তাৰ কিবা বেয়াকৈয়ে ওলোটাই কয় নেকি বুলি)। পিছে ইমান অমায়িক ভাৱে লʼৰাজন আগবাঢ়ি আহি “মেডাম মোক মাতিছিল নেকি” বুলি সুধিলে যে মেডামে থতমত খালে। পঢ়াত মধ্যমীয়া হ’লেও নিয়মিত শ্ৰেণীত উপস্থিত থকা সংস্কৃতিৱান পৰিয়ালৰ পৰা অহা এজন অতি অমায়িক ভদ্ৰ বাধ্য ল’ৰা বুলি তিনিটা বছৰত নিজকে প্ৰমাণ কৰিলে। ল’ৰা জনক অমায়িক ব্যৱহাৰৰ বাবেই অধ্যাপিকাৰ মনত ৰৈ গ’ল।

দৃশ্য নং ৩:

মানুহ গৰাকী অফিচত চাকৰি কৰে। স্বামীৰে সৈতে মহানগৰীৰ যিটো এপাৰ্টমেণ্টত থাকে তাৰ গ্ৰাউণ্ড ফ্ল’ৰৰ এটি ফ্লেটত ওচৰৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কেইজনমান ছাত্ৰই ভাৰা লৈ থাকে। সন্ধিয়া হোৱাৰ লগে লগে ফ্লেটটোত হৈ হাল্লা… চিগাৰেট মদৰ গোন্ধ। এপাৰ্টমেণ্টটোৰ বাতাৱৰণ নষ্ট কৰাৰ বাবে অন্য ফ্লেটৰ বাসিন্দা সকলৰ বিৰক্তি আৰু আলোচনা। মালিকক কৈ ল’ৰা কেইজনক সোনকালেই খেদিব লাগে ইত্যাদি। সেইদিনা অফিচতেই গা আচম্বিতে খুব বেয়া লগাত মানুহ গৰাকী সোনকালেই ঘৰলৈ গুচি আহিল। স্বামী তেতিয়াও আহি পোৱা নাই। লাহে লাহে গা বেছি বেয়া হৈ গৈ থাকিল। প্ৰবল পেটৰ বিষ। বমি, মুৰ ঘূৰাই মাটিত পৰিও গৈছে। ততাতৈয়াকৈ স্বামী আহি পাই ডাক্তৰৰ লগত যোগাযোগ কৰাত যেনেতেনে হ’লেও ওচৰৰ ফাৰ্মাছিখনলৈ লৈ গৈ এটা বিশেষ বেজী দিব লাগিব বুলি ক’লে। স্বামীয়ে অকলে অকলে কোনোমতে ডাঙি নি লিফটেৰে নমাই নিওতেই পুনৰাই মহিলা গৰাকী সংজ্ঞা হেৰুৱায় বাগৰি পৰিল। সেইসময়ত চিনাকি অচিনাকি সততে কথা বতৰা হৈ থকা কেইবাজনেও ওচৰেৰে পাৰ হৈ গ’ল। কোনেও অকণ সহায়ৰ হাত আগনবঢ়ালে। কিন্তু ঈশ্বৰৰ দেৱদূতৰ দৰে সেইসময়ত তাত উপস্থিত হ’ল সকলোৱে সমালোচনাৰে থকা-সৰকা কৰা সেই বিশেষ ফ্লেটটোৰ ল’ৰাকেইটা। মানৱতাৰ জয়গান গাই দঙা পৰাত সহায় কৰি ফাৰ্মাছিলৈ লৈ যাবলৈ সহায় কৰি দিলে। ভদ্ৰলোক বোৰ ক’ৰবাতে থাকিল…।

কিমাধিকম!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments