কৃষি, পেছা আৰু পেছাদাৰিত্ব

লেখক- মাণিক চন্দ্ৰ শৰ্মা বৰদলৈ

“কৃষি অন্য কোনো পেছা বা শিল্পৰ পৰা পৃথক নহয় আৰু আমি আমাৰ পেছাদাৰিত্ব ক্ৰমবৰ্দ্ধমানভাৱে প্ৰদৰ্শন কৰা প্ৰয়োজন৷”
~ৰিচাৰ্ড কুকছলে
সঞ্চালক, কৃষি পৰিচালনা প্ৰতিষ্ঠান, ইংলেণ্ড

অতীজত পৰিয়ালৰ প্ৰয়োজন পূৰণ কৰাৰ তাগিদাত মানুহে চিকাৰী জীৱনৰ অনিশ্চয়তা বাদ দি নিৰ্ভৰযোগ্য কৃষিকৰ্মক ধীৰে ধীৰে আঁকোৱালি লৈ নিজকে কৃষক বুলি চিনাকি দিব পৰা হ’ল৷ কৃষিৰ লগত জড়িত বেছিভাগ লোকেই সময় বাগৰাৰ লগেলগে কৃষি কৰ্মকে জীৱিকা নিৰ্বাহ কৰিব পৰা নিৰ্ভৰযোগ্য বৃত্তি বুলি গণ্য কৰিবলৈ ল’লে৷ এজন কৃষকৰ কৰ্মক্ষেত্ৰত কৰণীয় হ’ল- খাদ্য উৎপাদন, ধাৰণশীলভাৱে (sustainable) গ্ৰহণযোগ্য মাটিৰ ব্যৱহাৰ, কৃষিভূমিত জল ব্যৱস্থাপনা, কৃষি উৎপাদনত পশুধন আৰু ৰাজহুৱা স্বাস্থ্যৰ প্ৰতি নজৰ ৰখা আৰু উন্নত প্ৰযুক্তিৰ প্ৰয়োগ কৰা৷ সাধাৰণতে, এজন কৃষকে এই কৰ্মবোৰ নিজৰ নৈতিক বিশ্বাস আৰু বদ্ধমূল ধ্যান ধাৰণাৰ ওপৰত গুৰুত্ব দি সম্পাদন কৰে৷ অৰ্থনৈতিক বিবেচনা ইয়াৰ পাচতহে আহে৷ এজন কৃষকে সৰল ভাবে নিজকে অৰ্পণ কৰি কৰা নিয়মমাফিক কামকাজবোৰৰ মাজেৰে তেওঁৰ সাধুতা প্ৰকাশ কৰিব পাৰে আৰু তাৰ মাজেৰে তেওঁৰ চৰিত্ৰও প্ৰকট হয়৷

জীৱিকাৰ উপায় আৰু আত্মনিয়োগৰ সুবিধা থকা অথচ সাধাৰণভাৱে সমাজে মূল্য দিয়া কৃষিকৰ্মক বৰ্তমান কৃষকে পেছা হিচাপে ল’বলৈ আৰম্ভ কৰা দেখা গৈছে৷ শিক্ষিত যুৱচামে আধুনিক পদ্ধতিৰে কম সময়ত অধিক উৎপাদনৰ চিন্তাও কৰিবলৈ লোৱা দেখা গৈছে৷ আনহাতে, অতীজৰে পৰা দেখা গৈছিল যে কৃষিক পেছা হিচাপে লোৱা কৃষকজন কোনোবা সময়ত ৰায়ত, আধিয়াৰ বা মাটিৰ মালিকো হ’ব পাৰে৷ সেইদৰে বৰ্তমানো কৃষিক পেছা হিচাপে লোৱা ব্যক্তি এজন কৃষি বিষয়ত উচ্চশিক্ষিত ব্যক্তিও হ’ব পাৰে৷

কৃষিকৰ্ম নিসন্দেহে এটা ৰাজহুৱা সেৱা৷ কিন্তু সেৱাৰে আমাৰ পৰিয়াল চলাব নোৱাৰোঁ৷ গতিকে আমি কৃষিক পেছা হিচাপে গ্ৰহণ পৰিব লাগে৷ কিন্তু পেছা হিচাপে লোৱামাত্ৰেই কৃষকৰ দায়িত্ব বাঢ়ে৷ কৃষকে নিজৰ পেছাৰ সমৰ্থনত উপযুক্ত কাৰণ দৰ্শাব পাৰিব লাগে, নিজে সিদ্ধান্ত লব পৰা ক্ষমতা থাকিব লাগে৷ নিজৰ পেছাটোক সফল ব্যৱসায়িক পৰ্য্যায়লৈ লৈ যাবৰ বাবে সাধাৰণ লোকৰ বিশ্বাসযোগ্য কৰি তোলাৰ প্ৰয়োজন৷ উপভোক্তাসকল নিশ্চিত হ’ব লাগে যে, কৃষকজনে উৎপন্ন কৰা শস্য বা খাদ্যদ্ৰব্য নিশ্চিতভাৱে প্ৰদুষণমুক্ত আৰু স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নহয়৷ উৎপাদিত শস্য বা খাদ্যদ্ৰব্য কি ধৰণে উৎপাদন কৰা হৈছে, কি কি সমল, কি অনুপাতত ব্যৱহাৰ কৰিছে, ব্যৱহাৰ কৰা সমলবোৰ প্ৰকৃততে ব্যৱহাৰযোগ্য হয়নে নহয় আৰু শেষত শস্য বা দ্ৰব্যবিধ খোৱাৰ বাবে পুষ্টিকাৰক আৰু স্বাস্থ্যবৰ্ধক হোৱাৰ নিশ্চয়তা প্ৰদান -ইত্যাদিবিলাকত চকু দিয়াতো কৃষকৰ উপভোক্তাৰ প্ৰতি দায়িত্বৰ ভিতৰত পৰে৷

বৰ্তমান সময়ত প্ৰযুক্তি যিধৰণে আগবাঢ়িছে, এজন কৃষকে নিজৰ পেছাদাৰিত্বৰ মাপকাঠি নিজা ‘ব্ৰেণ্ড’ ৰ উৎপাদিত সামগ্ৰীৰে দিব পাৰে৷ এইবিষয়ত সহাঁৰি দি, উন্নত দেশবোৰত কৃষকসকলে প্ৰণালীবদ্ধ কৃষিকাৰ্য্য উপভোক্তা ৰাইজৰ বাবে লাভদায়ক ভাৱে যাতে কৰিব পাৰে তাৰ বাবে চৰকাৰেও ব্যবস্থা গ্ৰহণ কৰিছে৷ ইংলেণ্ডত এজন কৃষকে কৃষিক পেছা হিচাপে লোৱাৰ আগতে এটা নিৰ্দিষ্ট পাঠ্যক্ৰম শেষ কৰি নিজক পেছাদাৰী কৃষক হিচাপে প্ৰতিপন্ন কৰিব পৰাকৈ P. Agric. (Professional Agriculturist) উপাধি লোৱাৰ ব্যৱস্থা আছে৷ এই ডিপ্লোমা লোৱাৰ পিছত কৃষকজনে নিজৰ পেছাত প্ৰয়োজনীয় জ্ঞান, প্ৰযুক্তি তথা কৌশল আহৰণ কৰাৰ উপৰিও সমাজৰ বিশ্বাসযোগ্যতা অৰ্জন কৰিব পাৰে৷ আনহাতে আমেৰিকা যুক্তৰাজ্যত একোজন কৃষকে কৃষিত ব্ৰতী হৈ প্ৰয়োজনীয় জ্ঞানাদিৰ এক নিৰ্দিষ্ট পাঠ্যক্ৰম শেষ কৰি CCA (Certified Crop Advisor) উপাধি ল’ব পাৰে৷ এনে কৃষকৰ কৃষক হিচাপে প্ৰতিষ্ঠা প্ৰাপ্তিৰ উপৰিও আনক দিহা পৰামৰ্শ দিয়াৰ অধিকাৰ থাকে৷ আমাৰ ভাৰতবৰ্ষৰো বৰ্তমান কেইখনমান কৃষি বিশ্ববিদ্যালয়ে এইদৰে ডিপ্লোমা পাঠ্যক্ৰম কিছুমান দিয়াৰ ব্যৱস্থা কৰিছে, যদিও ইয়াৰ বহল প্ৰচাৰ হোৱা নাই৷ আমাৰ ইয়াত বৰ্তমানে শিক্ষা চাকৰীমুখীয়েই হৈ আছে৷ আনহাতে ভাৰত চৰকাৰেও কৃষকসকলৰ বাবে বিভিন্নধৰণৰ শস্য বা কৰ্মভিত্তিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে৷ কিন্তু এই প্ৰশিক্ষণ প্ৰণালীবদ্ধভাৱে দি ইচ্ছুক কৃষকক পেছাদাৰী হ’বৰ বাবে প্ৰেৰণা যোগাব পৰাকৈ ডিপ্লোমা দিয়া বা অন্যান্য ব্যৱস্থাসমূহ এতিয়াও হৈ উঠা নাই৷ অৱশ্যে কৃষিৰ উপযোগী সমল বিক্ৰীৰ ক্ষেত্ৰত পেছাদাৰিত্ব আনিবৰ বাবেই ভাৰত চৰকাৰে ২০১৬ চনৰ নভেম্বৰ মাহত ৰাজ্যচৰকাৰবোৰলৈ জাননী জাৰি কৰিছে যে ৰসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ ব্যৱসায়ীজন বিজ্ঞানৰ স্নাতক হ’ব লাগিব৷ এই সিদ্ধান্তৰ সময়সীমা চৰকাৰে অহা দুবছৰলৈ বান্ধি দিছে৷ অহা দুবছৰত বিক্ৰেতাসকলে নিজে বিজ্ঞানৰ স্নাতক উপাধিধাৰী হ’ব লাগিব বা নিজৰ বিক্ৰীকেন্দ্ৰত এজন বিজ্ঞানৰ স্নাতকধাৰী ৰাখিব লাগিব, যাৰ নামত বিক্ৰীকেন্দ্ৰটোৰ অনুজ্ঞাপত্ৰ থাকিব৷ সহজ অৰ্থত, ৰসায়নিক সাৰ বা কীটনাশক ব্যৱসায় কৰিবলৈ বিজ্ঞান স্নাতক হ’ব লাগিব৷ আনহাতে যিসকল ব্যৱসায়ী বিজ্ঞান স্নাতক নহয় তেওঁলোকে নিজৰ ব্যৱসায়ৰ অনুজ্ঞাপত্ৰ নবীকৰণৰ সময়ত এখন ঘোষণাপত্ৰত স্বাক্ষৰ কৰিব লাগিব যে তেওঁলোকে এজন বিজ্ঞান স্নাতক পেছাদাৰীলোকক নিজৰ ব্যৱসায় চলাবলৈ ৰাখিছে৷ অৱশ্যে এই বিষয়ত চৰকাৰে ৰসায়নিক সাৰ বিক্ৰেতাসকলক সকাহ দি কৈছে যে তেওঁলোকে ৰসায়নিক সাৰ ব্যৱস্থাপনাৰ ওপৰত এটা ছমহীয়া প্ৰশিক্ষণ সমাপ্ত কৰি নিজাকৈ সাৰৰ দোকান চলাব পাৰিব৷ দেশৰ ভিতৰতে প্ৰথমখন এই নিয়ম বলবৎকাৰী ৰাজ্য হিচাপে পৰিগণিত হোৱা পঞ্জাৱৰ কৃষি বিভাগে চলিত জানুৱাৰী মাহৰ পৰাই এই নিয়ম বলবৎ কৰিবলৈ জাননী জাৰি কৰিছে৷ পঞ্জাৱ ৰাজ্যৰ কৃষি সঞ্চালক ডা° যচবিৰ সিঙ বেইনচে উক্ত জাননীত উল্লেখ কৰিছে যে ব্যক্তিগত ব্যৱসায়ীয়ে কোনো পেছাদাৰী লোকক ভাড়া কৰিলেও, অনুজ্ঞাপত্ৰ পেছাদাৰী লোকজনৰ নামতহে দিয়া হ’ব৷ এইক্ষেত্ৰত কব পাৰি যে কৃষিক এটা পেছা হিচাপে পৰিগণিত কৰি মৰ্য্যদাপূৰ্ণ কৰিবৰ বাবি চৰকাৰৰ এনে প্ৰচেষ্টা প্ৰশংসাযোগ্য৷ যদিও প্ৰথমতে এনে বিক্ৰেতাসকলে কিছু অসুবিধাৰ সন্মুখীন হোৱাটো অত্যন্ত স্বাভাৱিক আমি আশা ৰাখিছো যে, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ চৰকাৰী কৃষি বিভাগে অনতি পলমে এই ব্যৱস্থা গ্ৰহণ কৰি কৃষকৰ হিতাৰ্থে প্ৰয়োজনীয় পদক্ষেপ ল’ব৷

আনহাতে, কৃষিক পেছা হিচাপে লোৱাৰ ক্ষেত্ৰত ইতিমধ্যে ভাৰতীয় কৃষি গৱেষণা পৰিষদে (ICAR) কৃষিৰ দহবিধ স্নাতকক কাৰিকৰী পৰ্য্যায়ৰ বুলি ঘোষণা কৰিছে আৰু উপাধিধাৰি লোকজনক পেছাদাৰী ব্যক্তিৰ মৰ্য্যদা দিছে৷ এই ঘোষণাৰ পিচত সেই সম্বন্ধীয় কৃষি স্নাতক সকলৰ কৰ্ত্তব্য আৰু দায়িত্ব বাঢ়িছে৷ উন্নত কৌশল, প্ৰযুক্তি বিদ্যা আৰু কিবা এটা নিজে কৰাৰ উদ্যমী মনোভাৱ যাতে এই পেছাদাৰী স্নাতকসকলৰ মাজত থাকে তাৰ প্ৰতি সতৰ্কতাৰে পাঠ্যক্ৰম যুগুতুৱা হ’ব আৰু এনে পৰিমাৰ্জিত পাঠ্যক্ৰমৰ মাজেদি কৃষিক্ষেত্ৰত এক পৰিবৰ্ন আনিব পৰা হ’ব৷ আত্মনিয়োগ, পৰিবৰ্দ্ধিত গ্ৰাম্য জীৱিকাৰ উপায়, খাদ্য সুৰক্ষা আৰু বহনশীল কৃষি ব্যৱস্থাপনাৰ যোগেদি এনে ৰূপান্তৰ আশা কৰা হৈছে৷

গতিকে, আহক আমি সকলোৱে মিলি আমাৰ কৃষি ব্যৱস্থাটোক এটা নিৰ্ভৰযোগ্য পেছা হিচাপে গঢ়ি তোলোঁ আৰু পেছাদাৰী লোক হিচাপে নিজৰ নিজৰ কৰ্ত্তব্য আৰু দায়িত্ব পালন কৰি উপভোক্তা ৰাইজৰ নিৰ্ভৰযোগ্য হৈ দেশক ভাল দিনলৈ আগবঢ়াই নিয়াৰ চেষ্টা কৰোঁ ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments