দ্যা পেটাৰ্ণ

লেখক- নাজিফ হাজৰিকা

২৬ নৱেম্বৰ, ২০২১ চন।

আজি লাভলীনা বৰগোঁহাই আহিছিল নাজিৰা কলেজলৈ, women empowerment-ৰ বিষয়ে এক কাৰ্যসূচীত ভাগ ল’বলৈ। তদুপলক্ষে আজি দিনটো ভীষণ ব্যস্ততাৰে পাৰ হ’ল আৰক্ষী বাহিনীৰ।
নাজিৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফাহাজুল হুছেইনৰ আজি দিনত ভাত খোৱাও নহ’ল।

অৱশেষত ডিউটি সামৰি সন্ধিয়া ৬:৩০ বজাত তেওঁলোক থানাত সোমাইছেহি মাথোঁ, তেনেকুৱাতে হেড কনষ্টে’বল অনিল বৰুৱাই প্ৰায় দৌৰি অহাদি আহি ফাহাজুল হুছেইনৰ হাতত ধৰি চিঞৰি উঠিল-

: ছাৰ বৰ ডাঙৰ কথা হ’ল। এইমাত্ৰ SDPO ছাৰে ফোন কৰিছিল।
: কি হ’ল? কি কথা?
: ছাৰ লাভলীনাৰ মেডেলটো চুৰি হ’ল?
: কি? কি ফাল্টু কথা কৈছে হে? আমি এইমাত্ৰ তাৰ পৰাই আহিছোঁ।
: হয় ছাৰ, আপোনালোক অহাৰ অলপ পিছতেই চুৰি হৈছে।
: কি কৈছে আপুনি? এইটো কেনেকৈ সম্ভৱ?

হুছেইনৰ লগতে বাকীকেইজন পুলিচৰো মুখকেইখন শুকাই পৰিল। কাৰণ দায়িত্ব তেওঁলোকৰ ওপৰতে আছিল।

ইতিমধ্যে খবৰটো চ’চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি সকলোতে বিয়পি পৰিল। ঘনে ঘনে নাজিৰা থানালৈ ফোন আহিবলৈ ধৰিলে SP, DGP ৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰী, আনকি মুখ্যমন্ত্ৰীলৈকে।

নাজিৰা থানাত দৌৰাদৌৰি লাগিল। লাভলীনা তেতিয়াও নাজিৰা কলেজতে আছিল। তাইৰ মুখৰ ভাষ্যতে আৰক্ষীয়ে লিখিলে FIR আৰু চোৰাংচোৱাই লিখিলে নিজৰ কেছ ডায়েৰী।

লাভলীনা কঠিন মনৰ ছোৱালী। মনত বেজাৰ আছিল যদিও দুখত ভাগি পৰা নাছিল। চোৰাংচোৱা বিষয়া ভাস্কৰ শৰ্মাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ তাই শান্ত মনেৰে দি গৈছিল-

: কোৱাচোন লাভলীনা, exactly কোনখিনিত সময়ত হৈছিল ঘটনাটো?
: ঠিক মোৰ মনত নাই, কিন্তু মই ষ্টেজত উঠি আসন গ্ৰহণ কৰালৈকে মেডেলটো মোৰ লগতে আছিল।
: তাৰ পিছত?
: তাৰ পিছত মেডেলটো মই থিয় হৈ দৰ্শকক প্ৰদৰ্শন কৰি সন্মুখৰ টেবুলখনতে ৰাখিছিলোঁ।
: তাৰ পিছত?
: তাৰ পিছত হঠাৎ দেখোঁ মেডেলটো টেবুলত নাই।
: আচৰিত! ষ্টেজত কিমান মানুহ আছিল?
: ষ্টেজত মাত্ৰ মইহে আছিলোঁ। আৰু সৌ প’ডিয়ামটোত ববিতা বাইদেউ আছিল।
: মানুহ তেন্তে ষ্টেজত কোনো নাছিল?
: নাছিল।
: তেন্তে তোমাৰ সন্মুখৰ পৰাই নাইকিয়া হৈ পৰিল মেডেলটো?
: তেনেকুৱাই। মাজতে কিন্তু ২/৩ ছেকেণ্ড মানৰ কাৰণে কাৰেণ্ট গৈছিল। ষ্টেজৰ লাইট অফ পৰিছিল। হয়তো সেই সময়তে ….
: কি? লাইট অফ হৈ পৰিছিল?
: হয়….

ভাস্কৰ শৰ্মাই তন্ন তন্নকৈ তাইক কথাবোৰ সুধিলে। তন্ন তন্নকৈ পৰীক্ষাও কৰিলে ষ্টেজটো। বিশেষ একো নাপালে। হঠাৎ শৰ্মাৰ ষ্টেজত থকা টেবুলখনৰ তললৈ চকু গ’ল। টেবুলৰ তলতে আছিল এটা আধা খোৱা চিগাৰেটৰ টুকুৰা। শৰ্মাই টুকুৰাটো বুটলি আনিলে। টুকুৰাটোত লিখা আছিল কোম্পানীটোৰ নাম- PATTERN ।
এইটো কোম্পানীৰ চিগাৰেট শৰ্মাই জীৱনত প্ৰথম দেখিছে।

* * *

প্ৰায় ১৫ দিন পাৰ হৈ গ’ল। আৰক্ষী বিভাগে কোনো ধৰণৰ শুং সূত্ৰ উলিয়াব নোৱাৰিলে। খবৰটোৱে ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লগতে আন্তৰ্জাতিক সংবাদ মাধ্যমতো খলকনি তুলিলে।

বিৰোধীয়েও এইটো চেগতে শাসক দলৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰি দিলে। উপনিৰ্বাচৰণৰ বিৰোধীয়ে আগতে এইটো এটা ডাঙৰ ইছ্যু পালে।

অৱশেষত চৰকাৰে নাজিৰাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰপৰা আৰম্ভ কৰি শিৱসাগৰৰ SPলৈকে শাস্তিমূলক বদলিকৰণ কৰিলে। তাৰ বাহিৰে অৱশ্যে কৰিবলৈ কামো নাই। ভাস্কৰ শৰ্মাক ১৫ দিনৰ সময়সীমা বান্ধি দিয়া হ’ল।

ভাস্কৰ শৰ্মাই আজি লাভলীনাৰ প্ৰগ্ৰেমত ডিউটি কৰা আৰক্ষীসকলক প্ৰশ্ন কৰি আছে –

: সেইদিনা প্ৰট’কল মতে লাভলীনাৰ একদম লগতে এজন থাকিব লাগিছিল। আপোনালোকৰ কোন আছিল?
: ছাৰ আমাৰ ডিউটি দৰ্শকৰ মাজত আছিল। লাভলীনাৰ লগত ফাহাজুল ছাৰ নিজেই আছিল।
: কাৰেণ্ট যে মাজতে গুচি গৈছিল, তেতিয়া তেওঁ ক’ত আছিল?
: সেইখিনি সময়ত আমি মন কৰা নাছিলোঁ, কাৰণ দৰ্শকৰ লগত আছিলোঁ।
: ফাহাজুল ছাৰ ক’ত আছে? মাতক এতিয়াই।
: তেওঁকটো চাৰিদিন আগতেই শিলচৰলৈ শাস্তিমূলক ট্ৰেন্সফাৰ দিলে। তেওঁ গুচি গ’ল।
: কি?
: হয় ছাৰ।
: শিলচৰত খবৰ লওক। ইমিডিয়েট মোক যোগাযোগ কৰিব কওক।

শিলচৰ থানালৈ খবৰ পঠিওৱা হ’ল। গম পোৱা গ’ল যে ফাহাজুল হুছেইনে শিলচৰত জইন কৰিয়েই মেডিকেল লিভ লৈছে। আৰু তাৰ পিছৰ পৰা হুছেইনৰ কোনো খবৰ নাই।

কথাখিনি গম পায়েই ভাস্কৰ শৰ্মাৰ গাটো অলপ চেবালে। ফাহাজুলৰ ওপৰত সন্দেহ হ’ল। দিছ্পুৰলৈ ফোন কৰি কথাখিনি জনালে আৰু য’তেই পাই ত’তেই ফাহাজুলক আটক কৰিবলৈ নিৰ্দেশ দিলে।

দিছপুৰলৈ ফোন কৰি উঠি যাবলৈ লওঁতেই শৰ্মাৰ ফাহাজুল হুছেইন বহা টেবুলখনলৈ চকু পৰিল। তাত থকা চিগাৰেটৰটুকুৰা পেলোৱা ছাইদানীটোত দুটা চিগাৰেটৰ টুকুৰা আছিল।
তাতো লিখা আছিল কোম্পানীটোৰ নাম – PATTERN!

ভাস্কৰ শৰ্মাৰ সন্দেহ ঘনীভূত হৈ পৰিল।

* * *

ফাহাজুল হুছেইনক বিচাৰি পোৱা নগ’ল। আনকি দেৰগাঁৱত থকা তেওঁৰ নিজা ঘৰটোতো কোনো মানুহ নাছিল।

খবৰটো ইতিমধ্যে অলিম্পিক কমিটিৰ ওচৰ পালেগৈ। ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত অসম চৰকাৰ এক লজ্জাজনক পৰিস্থিতিৰ সন্মুখীন হবলগীয়া হ’ল।

অলিম্পিক কমিটিৰ ফালৰপৰা এটা compassionate ব্ৰঞ্জৰ মেডেল দিবলৈ সিদ্ধান্ত ল’লে। পিছে গ্ৰাউণ্ড ৰিপোৰ্ট জমা দিয়াৰ পিছতহে অলিম্পিক কমিটিয়ে মেডেল দিব।

গ্ৰাউণ্ড ৰিপোৰ্টৰ বাবে ৰিকাৰ্ড’ স্মিথৰ নেতৃত্বত এটা দল আহি নাজিৰাত উপস্থিত হ’লহি। এফালৰপৰা তেওঁলোকে তথ্য সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰি দিলে।
স্থানীয় ৰাইজ, সাংবাদিক, কলেজ কৰ্তৃপক্ষৰপৰা আৰম্ভ কৰি সকলোৰেপৰা বেলেগে বেলেগে ঘটনাৰ তথ্য সংগ্ৰহ কৰিলে।

অৱশেষত ৰিকাৰ্ড’ স্মিথ ভাস্কৰ শৰ্মাৰ ওচৰত আহি উপস্থিত হ’লহি।

: So Mr sharmah, you have failed to find out the culprits? ( স্মিথে ঠাট্টাৰ সুৰত ক’লে)
: ya, I think so…… (ভাস্কৰ শৰ্মাই লাজ পালে)

স্মিথে তন্ন তন্নকৈ শৰ্মাৰ কেছ ডায়েৰীত চকু ফুৰাই গ’ল। PATTERN কোম্পানীৰ চিগাৰেটৰ কথাখিনি একান্তমনে পঢ়িলে।

: So why don’t you simply follow the pattern Mr Sharmah ?
: What pattern? There is nothing to follow .

ভাস্কৰ শৰ্মাৰ বিৰক্তি লাগিল।
ওঁঠত বেঁকা হাঁহি এটা লৈ ৰিকাৰ্ড’ স্মিথে শৰ্মাৰপৰা বিদায় লৈ ওলাই গ’ল।

থানাৰ মুখলৈকে শৰ্মাই স্মিথক আগবঢ়াই দিলে। ঘূৰি আহি নিজৰ টেবুলত বহিছিলহে, তেনেতে হঠাৎ স্মিথে আধা খাই ছাইদানীত পেলাই থৈ যোৱা চিগাৰেটৰ টুকুৰাটোত চকু পৰিল। তাতো কোম্পানীটোৰ নাম লিখা আছিল – PATTERN।

দেখিয়েই ভাস্কৰ শৰ্মাৰ চকু কপালত উঠিল। তেওঁ ৰিকাৰ্ড’ক ধৰিবলৈ দৌৰি ওলাই গ’ল। পিছে তেতিয়ালৈকে আন্ধাৰত লগত বিলীন হৈ গৈছিল ৰিকাৰ্ড’। চহৰৰ সকলোফালে ৰিকাৰ্ড’ক বিচাৰি পুলিচ ঘূৰিল, কিন্তু ৰিকাৰ্ড’ক বিচাৰি পোৱা নগ’ল।

* * *

কথাবোৰ জেলেপীৰ পাকৰ দৰে হৈ পৰিল। ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ সকলোৰে যেন এতিয়া মূৰে-কপালে হাত দিবলগীয়া অৱস্থা।

ভাস্কৰ শৰ্মাই কিন্তু আজি শান্ত মনেৰে কথাবোৰ আৰম্ভণিৰপৰা চিন্তা কৰিছে। বাৰে বাৰে তেওঁৰ মগজলৈ এটা কথাই আহিছে –
“Simply follow the pattern”
“Simply follow the pattern”

হঠাৎ যেন শৰ্মাই কিবা এটা বিচাৰি পালে। মুখখন উজ্জ্বল হৈ পৰিল। কাগজ কলম উলিয়াই লিখি গ’ল-
প্ৰথম চিগাৰেট — নাজিৰা কলেজ।
দ্বিতীয় চিগাৰেট –ফাহাজুল হুছেইন।
তৃতীয় চিগাৰেট — ৰিকাৰ্ড’ স্মিথ।

নাজিৰা কলেজ ফাজাজুল হুছেইন ৰিকাৰ্ড’ স্মিথ
নাজিৰা ফাহাজুল ৰিকাৰ্ড’
নাজি ফাহাজ ৰিকা
নাজিফ হাজৰিকা।

ভাস্কৰ শৰ্মা উৎফুল্লিত হৈ পৰিল। এই কাণ্ডৰ মূল নায়কৰ নাম – নাজিফ হাজৰিকা। খবৰটো লগেলগে দিছপুৰক জনোৱা হ’ল। আৰক্ষী বিভাগ নাজিফ হাজৰিকাৰ সন্ধানত নামি পৰিল। বিচাৰ খোচাৰ কৰি মাত্ৰ এজনেই নাজিফ হাজৰিকাৰ বিষয়ে গম পোৱা গ’ল। যাৰ ঘৰ বোকাখাটত।

বোকাখাট আৰক্ষীয়ে আহি নাজিফ হাজৰিকাৰ ঘৰ ঘেৰাও কৰি পেলালে। পিছে আশ্চৰ্যজনকভাবে ঘৰটোত কোনো মানুহ নাছিল। দৰ্জাখন সামান্য ঠেলা মাৰি দিওঁতেই খোল খাই গ’ল।

ড্ৰইংৰুমত সোমায়েই চেণ্টাৰ টেবুলৰ ওপৰত ট ট কৈ জিলিকি থকা লাভলীনাৰ মেডেলটো দেখা গ’ল। তাৰ কাষতে আছে এখন চিঠি। বোকাখাটৰ আৰক্ষী বিষয়াই চিঠিখন পঢ়িবলৈ ধৰিলে-

মৰমৰ লাভলীনা,

বেয়া নাপাবা, তোমাক অলপ কষ্ট দিলোঁ। তোমাৰ মেডেল চুৰি কৰাৰ উদ্দেশ্য মোৰ কাহিনীও নাছিল। তোমাৰ মেডেলটোৰ ওপৰত সুৰক্ষা কম হোৱা যেন অনুভৱ কৰিয়েই মই এই বিষয়ে চৰকাৰক অৱগত কৰিছিলোঁ। পিছে চৰকাৰৰ ফালৰপৰা বিশেষ গুৰুত্ব দিয়া হোৱা নাছিল। সেয়েহে অলপ চৰকাৰৰ গা লৰক বুলিয়েই মই এইখিনি নকৰিবলগীয়া কাম কৰিলোঁ। তাৰ বাবে মই দুঃখিত, ক্ষমা কৰিবা।

বাকী চোৰাংচোৱা বিষয়া ভাস্কৰ শৰ্মাক ধন্যবাদ জনাইছোঁ। আপোনাৰ প্ৰচেষ্টাতে মেডেলটো ইমান সোনকালে উলিয়াব পাৰিলে।

ইতি
নাজিফ হাজৰিকা

মেডেলটো আৰু চিঠিখন টেবুলৰ পৰা উঠাই আনোতে দেখা গ’ল, চিঠিখনৰ তলত এপেকেট চিগাৰেট আছিল। নাম লিখা আছিল – PATTERN ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments