কেঙ্গেৰু দেশৰ বতৰা

লেখক- মমী ছৈয়দ

ডেলাইট ছেভিং টাইম:

আজি মেলবৰ্নত ৰাতিৰে পৰা বতৰ ডাৱৰীয়া। যোৱাৰাতিৰ পৰা কিনকিনিয়া বৰষুণ আৰু লগত ফেৰফেৰিয়া বতাহ। ইয়াত লাহে লাহে শীতকালৰ আৰম্ভণি হব ধৰিছে। একদম ৰাতিপুৱা সোনকালে উঠিব মন নোযোৱা বতৰ, আৰু যেন অলপ সময় লেপৰ তলত থাকিম, এনে বতৰ। আৰু এনে বতৰতে যদি আপোনাক কোৱা হয়, আজি দেওবৰীয়া ৰাতিপুৱা আপুনি এঘণ্টা দেৰিলৈকে শুব পাৰিব কিন্তু ঘড়ীত সময় সলনি নহব মানে এঘণ্টা বেচিকৈ পাব তেন্তে কেনে লাগিব বাৰু! কিমান ভাল লগা কথা হব নহয় নে বাৰু! আচৰিত হৈছে নেকি মোৰ কথা শুনি, আচৰিত নহব এয়া একদম সঁচা কথা। 

আমি সকলোৱে জানো, সূৰ্য্যৰ অৱস্থানৰ বাবে ঋতু সলনি হোৱাৰ দৰে দিনৰাতিৰ সময়ো সলনি হয়। ঠাণ্ডাৰ দিনত যেনেকৈ দিন চুটি হোৱাৰ বাবে সোনকালে আন্ধাৰ হয় ঠিক তাৰ বিপৰীতে গৰমৰ দিনত দিন দীঘল হয়। গৰমৰ দিনকেইটাত যিহেতু দেৰিকৈ আন্ধাৰ হয় সেই বাবে পৃথিৱীৰ কিছু দেশে নিজৰ ঘড়ীৰ সময় এঘণ্টা আগুৱাই দিয়ে, যাতে যিমান পাৰি বেচি সূৰ্য্যৰ পোহৰৰ সদ্‌ব্যৱহাৰ কৰিব পৰা যায়। ঠিক তেনেদৰে গৰমৰ দিনকেইটা শেষ হোৱাৰ লগে লগে, শীতকালত সোনকালে আন্ধাৰ মানে দিন চুটি হোৱাৰ লগেলগে আকৌ এক ঘণ্টা সময় পিছুৱাই দিয়া হয়। এই প্ৰক্ৰিয়াটোক কোৱা হয়দিবালোক সংৰক্ষণ সময় বা ডেলাইট ছেভিং টাইম (Daylight Savings Time) পৃথিৱীৰ বহু দেশত, বছৰত দুবাৰকৈ ঘড়ীৰ সময় আগপিছ কৰা হয়। এবাৰ গ্ৰীষ্ম কালত ঘড়ীৰ সময় আগুৱাই দিয়া হয় আৰু আকৌ শীতকালত ঘড়ীৰ সময় পিছুৱাই দিয়া হয়। ডেলাইট ছেভিং টাইমক সহজভাৱে বুজিবলৈ গ্ৰীষ্ম কালত আগলৈ (Spring Forward) আৰু শীত কালত পাছলৈ (Fall Backward) বুলি কোৱা হয়। 

অষ্ট্ৰেলিয়াকে ধৰি পৃথিৱীৰ বহুতো দেশ যেনেকানাডা, ইউৰোপ, আমেৰিকা আদিত এই ডেলাইট ছেভিং টাইম ব্যৱহাৰ কৰা হয়। বিভিন্ন দেশৰ ঋতুৰ অনুসৰি ডেলাইট ছেভিং টাইমৰ সময় বেলেগবেলেগ হয়। 

অষ্ট্ৰেলিয়াত আজিৰ পৰা শীতকালিন ডেলাইট ছেভিং টাইম আৰম্ভ হৈছে। আজিৰ পৰা ঘড়ীৰ সময় এক ঘণ্টা পিছুৱাই দিয়া হল। সহজ কথাত কবলৈ হলেগ্ৰীষ্ম কালত আৰম্ভ হোৱা ডেলাইট ছেভিং টাইম, ত এক ঘণ্টা সময় আগুৱাই দিয়া হৈছিল সেয়া আজি শেষ হল আৰু আজিৰ পুনৰ এক ঘণ্টা পিছুৱাই দিয়া হল। তাৰমানে আজি যদি আমি ৰাতিপুৱা ৮ বজাত উঠিছোঁ, তেতিয়া দৰাচলতে ৭ হে বাজিছে। ডেলাইট ছেভিং টাইম আৰম্ভ হোৱাৰ লগে লগে, মবাইল বা কম্পিউটাৰৰ ঘড়ীৰ সময়বোৰ নিজে নিজে সলনি হৈ এক ঘণ্টা আগ বা পিছ হৈ যায়, কিন্তু ৱালৰ ঘড়ীবোৰ বা হাত ঘড়ীবোৰৰ সময় নিজে সলনি কৰি লব লাগে। 

মেলবৰ্নৰ কিনকিনিয়া বৰষুণৰ এটি দেওবৰীয়া পুৱা যদি আপুনি উঠি দেখেচেহ্ ৮ বাজিলেই চোন! কিন্তু পাছ মুহূৰ্ততে যদি মোবাইল চাওঁতে গম পায় অস্‌ আজিৰ পৰা ডেলাইট ছেভিং টাইম আৰম্ভ তাৰ মানে ৭ হে বাজিছে, আৰু অলপ সময় শুব পাৰিমকেনে লাগিব বাৰু! ইয়াকে কয় এনেই বুঢ়ী নাচনী তাতে আকৌ নাতিনীয়েকৰ বিয়া মানে এনেই বতৰ বেয়া তাতে আকৌ ডেলাইট ছেভিং টাইম আৰু দেওবাৰ! 

খোৱা পানী:

আপোনালোকে বাৰু খোৱা পানী বিশুদ্ধিকৰণ মানে ফিল্টাৰ কৰে নে? নিশ্চয় কৰে নহয় জানো বাৰু! আমি সৰুৰে পৰা এটা কথা দেখি/শিকি আহিছোঁদমকল বা নলৰ (টেপ) পানী ফিল্টাৰ কৰি সেৱন কৰিব লাগে। ফিল্টাৰ নকৰা পানী সেৱন কৰাটো অস্বাস্থ্যকৰ। তিনিচুকীয়াৰ জীয়ৰী মই। তিনিচুকীয়াৰ অঞ্চল বিশেষে কিছু জেগাত পানী ভাল আকৌ কিছু জেগাত একদম বেয়া। সাধাৰণতে সকলোৱে দমকল বা নলৰ পানী বিশুদ্ধিকৰণ (ফিল্টাৰ) কৰি সেৱন কৰে। আমি একেবাৰে সৰুৰে পৰা পানী ফিল্টাৰ কৰি খোৱা মনত আছে। বিনা ফিল্টাৰে কোনো দিন পানী খোৱা মনতে নাই। 

তাৰপাছত গলোঁ দিল্লীলৈ। প্ৰথমে শিক্ষা জীৱন, তাৰপাছত কৰ্ম জীৱন তথা বৈবাহিক জীৱনৰ আৰম্ভণিৰ কালছোৱা দিল্লীত প্ৰায় প্ৰায় ১০ বছৰ থাকিলো। অসমৰ পৰা দিল্লীলৈ যোৱাৰ প্ৰথম দিনৰে পৰা খোৱা পানী কিনাৰ কথা মনত আছে। দিল্লীৰ সাধাৰণ টেপৰ পানী একেবাৰে খোৱাৰ উপযোগী নহয়। বিনা ফিল্টাৰে আপুনি নলৰ পানী খাব নোৱাৰে বা খাব লগীয়া স্বাস্থ্যসন্মত মুঠেও নহয়। পঢ়ি থকা কালছোৱাত আমি দিল্লীত পানী কিনি সেৱন কৰিছিলো। সেই সময়ত আমাৰ চিনাকিৰ ভিতৰত সকলোয়ে, দিল্লীত ফিল্টাৰ কৰি পানী খোৱাত কৈ, বিচলেৰী বা অন্য তেনে পানীৰ ২০ বা ২৫ লিটাৰৰ ডাঙৰ বটল কিনি লৈছিল। প্ৰথমে দুটা তেনে বটল কিনি লব লাগে। তাৰপাছত এটা শেষ হলে, যাৰ পৰা কিনিছে তেওঁলোকক ফোন কৰিলে পুনৰ এটা বটল দি যায়। এনেকৈয়ে পানী কিনি খোৱা হয়। অৱশ্যে দিল্লীত স্থায়ী ৰুপে বাস কৰা বহুতো লোকে R.O আদি লগাই, এই সদায় কিনি পানী খোৱাৰ ব্যৱস্থাটোৰ এটা স্থায়ী সমাধানো নকৰা নহয়। কিন্তু ছাত্ৰ বা আন বিভিন্ন কোম্পানীত কাম কৰি থকা বহুতে বটলৰ পানীয়ে কিনি লৈছিল। তাৰপাছত অলপ দিন থাকিলোঁ বাংগালোৰত। তাতো একেই সকলো। বটলৰ পানী কিনি খাব লাগিব বা ঘৰত R.O আদি লগাই ফিল্টাৰ কৰি লব লাগিব। মুঠতে, পানী ফিল্টাৰ কৰিবই লাগিব আৰু সৰুৰে পৰা ফিল্টাৰ কৰা পানীয়ে দেখিলোঁ, খালোঁ। মুঠতে, সঁচা কথা কবলৈ গলে, ফিল্টাৰ কৰা বা কিনা বটলৰ পানী, তাৰ বাদে পানী খোৱাৰ কথা ভৱাও নাছিলো আৰু নাজানিছিলো। 

তাৰপাছত আহিলোঁ অষ্ট্ৰেলিয়ালৈ। ইয়ালৈ আহি, ইমান দিনে, সৰুৰে পৰা দেখি থকা খোৱা পানীৰ সংজ্ঞাই একেবাৰে সলনি হৈ গল। সৰুৰে পৰা ফিল্টাৰ কৰা পানী বা পিছৰ কালত বটলৰ কিনা পানী খোৱাৰ যি অভ্যাস আছিল, সেয়া অষ্ট্ৰেলিয়ালৈ আহি একেবাৰে সলনি হৈ পৰিল। ইয়াত আপুনি ঘৰৰ নল খুলিলেই যি পানী ওলাব সেয়া খোৱা পানী। সেই পানী আপুনি নলৰ পৰা লৈ চিধা খাব পাৰে। ফিল্টাৰ কৰাৰ প্ৰয়োজন নাই, আৰু বটলৰ পানী কিনি খোৱাৰো প্ৰয়োজন নাই। কাৰণ এই পানী ইতিমধ্যে চৰকাৰে ফিল্টাৰ কৰি ঘৰে ঘৰে দিছে। নলৰ পৰা পানী আপুনি একো নকৰাকৈ সেৱন কৰিব পাৰে। যদি কেতিয়াবা, কেনেবাকৈ নলৰ পানী খোৱাৰ ফলত আপুনি বেমাৰত পৰিব লগা হয়, তেন্তে তাৰবাবে আপুনি প্ৰশাসনৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব পাৰে আৰু প্ৰশাসনৰ বিৰুদ্ধে কেচ কৰিব পাৰে। অৱশ্যে তেনে হোৱাৰ সম্ভাৱনা বহুত কম। বিশ্বৰ কেইখনমান বিশুদ্ধ খোৱা পানী যোগান কৰা দেশৰ ভিতৰত অষ্ট্ৰেলিয়াৰো নাম তালিকাৰ ওপৰত আছে। অষ্ট্ৰেলিয়া আহি সৰুৰে পৰা পানী ফিল্টাৰ কৰাৰ বা কিনাৰ অভ্যাসটো একেবাৰে সলনি হৈ পৰিল। ইয়ালৈ আহি, প্ৰথম এই পানীৰ কথাটো চকুত পৰিছিল। কাৰণ ফিল্টাৰ কৰা পানী সেৱন কৰাটো সৰুৰে পৰা সদায় দেখিশুনি আৰু কৰি অহা এটা প্ৰতিদিনৰ অভ্যাস আছিল আমাৰ। নলৰ পানী বিনা ফিল্টাৰে সেৱন কৰিব নোৱাৰি বুলি ভাবিছিলোঁ। 

এতিয়া ইয়াত থাকি আমাৰ নল খুলিয়েই পানী খোৱাৰ এটা অভ্যাস হৈ পৰিছে। অসমলৈ গলে ছোৱালীহঁতে কেতিয়াবা ভুলতে অভ্যাসবশতঃ নলৰ পানীয়ে খাবলৈ লয়। দিল্লীত, মাত্ৰ এবাৰ, এক বিশেষ পৰিস্থিতিত, মাজৰাতি, মাত্ৰ এগিলাছ নলৰ পানী সেৱন কৰি প্ৰায় ২ মাহ মান টাইফয়েড জ্বৰত এনেভাৱে আক্ৰান্ত হৈছিলোঁ যে আজিলৈকে পাহৰিব পৰা নাই। গতিকে অসমলৈ গলে, নিজে যদিও নাপাহৰোঁ, তথাপিও ছোৱালীহঁতৰ বাবে সদায় সাৱধান হৈ থাকিব লগা হয়। 

সাগৰ দেখিছা:

সাগৰ দেখিছা? দেখা নাই কেতিয়াও? ময়ো দেখা নাই, 

শুনিছোঁ তথাপি

নীলিম সলিলৰাশি বাধাহীন উৰ্ম্মিমালা আছে দূৰ

দিগন্ত বিয়পি 

কবি দেৱকান্ত বৰুৱাদেৱৰসাগৰ দেখিছাকবিতাটি ভাল নোপোৱা মানুহ চাগৈ কোনো নাই। মোৰো প্ৰিয় এই কবিতাটি। এই কবিতাৰ প্ৰথম শাৰীটো পঢ়ি, একেবাৰে সৰুতেই সাগৰৰ প্ৰতি মনত এটি কৌতূহল জন্ম হৈছিল৷ তেতিয়া সৰু আছিলোঁ, কবিতাটোৰ অন্তৰ্নিহিত অৰ্থটো বুজাতকৈ, প্ৰথমৰ শাৰী দুটা পঢ়ি, সাগৰৰ প্ৰতিহে এক বিশেষ কৌতূহল হৈছিল। ওচৰৰ পৰা সাগৰ চাবলৈ মনত এক হেঁপাহৰ জন্ম হৈছিল। লগতে মন গৈছিল, সাগৰৰ তীৰ মানে Beach লৈ যাবলৈ। সমুদ্ৰতীৰ( Beach) ভাল নোপোৱা মানুহ চাগৈ নোলাব। বিশেষকৈ গৰমৰ দিনসমূহত সাগৰৰ পাৰবোৰত মানুহৰ সমাগম বেচি হয়। এনে গৰমৰ দিনবোৰত সাগৰৰ পাৰৰ সোণালী বালিচৰবোৰত বহুতে ঘণ্টাৰ পিছত ঘণ্টা সময় অতিবাহিত কৰে। আপুনিও ভালপায় নে বাৰু, সাগৰ আৰু সাগৰৰ পাৰৰ বালিচৰ? 

যদি সমুদ্ৰতীৰ মানে সাগৰৰ সোণোৱালী বালিচৰ আপোনাৰ পচন্দ, তেন্তে জানি আচৰিত হব যে অষ্ট্ৰেলিয়াত সৰ্বমুঠ যিমানখন সমুদ্ৰতীৰ আছে, সকলোবোৰ যদি আপুনি দিনে এখনকৈও ফুৰিব আৰম্ভ কৰে তেন্তে আপোনাৰ জীৱনৰ সৰ্বমুঠ প্ৰায় ৩২ বছৰ লাগিব, সকলো সমুদ্ৰতীৰ ফুৰি শেষ কৰিবলৈ। আচৰিত হৈছে নেকি? মুঠেও নহ! এয়া একদম সঁচা কথা। 

আমি সকলোৱে জানো পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত অৱস্থিত অষ্ট্ৰেলিয়া মহাদেশক চাৰিওফালে সমুদ্ৰই আৱৰি আছে। দৰাচলতে চাবলৈ গলে অষ্ট্ৰেলিয়া এটা বৃহৎ আকৃতিৰ দ্বীপ। চাৰিওফালে সমুদ্ৰৰে আৱৰি থকা হেতুকে অষ্ট্ৰেলিয়াত সমুদ্ৰতীৰৰ অভাৱ নাই। সমগ্ৰ অষ্ট্ৰেলিয়াক আৱৰি প্ৰায় ৬০, ০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সমুদ্ৰৰ তটৰেখাত (coastline) প্ৰায় ১২,০০০ খন, ডাঙৰসৰু সমুদ্ৰতীৰ আছে। সকলো সমুদ্ৰতীৰ যদি আপুনি দিনে এখনকৈ ফুৰিম বুলি ভাবে, তেন্তে আপোনাক প্ৰায় ৩২ বছৰ লাগিব এই সকলো সমুদ্ৰতীৰ ফুৰি শেষ কৰিবলৈ। 

সকলো সমুদ্ৰতীৰ ফুৰাটো নিশ্চয় সম্ভৱ নহয়। কিন্তু আপোনালোক যদি কেতিয়াবা অষ্ট্ৰেলিয়া ফুৰিবলৈ আহে তেন্তে কেইখন মান অতি ধুনীয়া, লগতে বিশ্ববিখ্যাত সমুদ্ৰতীৰ ফুৰিবলৈ নিশ্চয় নাপাহৰিব। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!