সম্পাদকীয়
লেখক- মুনমুন সৰকাৰ শইকীয়া
পোনপ্ৰথমে সকলো লৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিহু সকলোৰে ভালে কুশলে গ’ল বুলি আশা ৰাখিলোঁ। সম্পাদনাৰ দৰে গুৰু দায়িত্ব এটা আমাক অৰ্পণ কৰাৰ বাবে সাহিত্য ডট অৰ্গৰ সমূহ সদস্যলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
এইবাৰৰ সংখ্যাৰ থিম অনুবাদ সাহিত্য। সেয়া লাগিলে অনুবাদ গল্পয়েই হওক, অনুবাদ কবিতা হওক বা যিকোনো ন’ন ফিকচনাল লেখাৰ অনুবাদ। এতিয়া কথাটো হ’ল মৌলিক সাহিত্যৰ লগে লগেই অনূদিত সাহিত্যৰ প্ৰয়োজন আমি কিয় অনুভৱ কৰোঁ। ধৰি লোৱা হ’ল গান এটাৰ সংগীতে আপোনাক খুব মোহিত কৰিছে কিন্তু অন্য ভাষাত সৃষ্ট গানৰ কথা আপুনি ধৰিব পৰা নাই যাৰ কাৰণে আপোনাৰ হয়তো গানটো শুনি পাবলগীয়া সুখত অলপ হ’লেও ব্যাঘাত ঘটিব। ঠিক তেনেদৰে সাহিত্যৰ ক্ষেত্ৰতো পৃথিৱীৰ ইমানবোৰ ভাষাত ইমান সাহিত্য ৰচিত হৈছে হয়তো কিন্তু সীমিত ভাষাৰ জ্ঞানে আপোনাক সেই সাহিত্য পঠন কৰি তাৰ সাৰমৰ্ম উপলব্ধি কৰাত বাধা প্ৰদান কৰে। কিন্তু সেই গান বা সেই সাহিত্যৰ যদি আপুনি অনূদিত ৰূপ এটা নিজৰ ভাষাত লাভ কৰিবলৈ সক্ষম হয় তেন্তে হেৰোৱা সুখখিনি পুনৰুদ্ধাৰ কৰিব পাৰি।
অন্য এক ভাষাৰ প্ৰতি কাৰোবাৰ কৌতূহল তেতিয়াই জন্ম হয় যেতিয়া সৰুৰে পৰা ভিন্ন ভাষা-ভাষী মানুহৰ মাজত, ভিন্ন কলা কৃষ্টিৰ, ৰীতি-নীতি মানি চলা মানুহক বহুত ওচৰৰ পৰা পোৱা যায় অৰ্থাৎ একেখন এলেকাত যেতিয়া বাৰেবৰণীয়া কৃষ্টি সংস্কৃতিৰ লগত জড়িত বহু সংখ্যক মানুহ একেলগে বসবাস কৰে তেতিয়া শ্ৰৱণ আৰু কথনৰ দ্বাৰাও বেলেগ এটা ভাষা শিকাৰ ক্ষেত্ৰত সুবিধা হয় আৰু এনেকৈয়ে প্ৰথমে বেলেগ ভাষাৰ প্ৰতি কৌতূহল বাঢ়ি গৈ থাকে আৰু লাহে লাহে সেই ভাষাৰ সাহিত্যৰ প্ৰতিও অনুৰাগ জন্মে। মোৰ ক্ষেত্ৰতো এনেকুৱা হৈছিল। যিখন ঠাইত মোৰ জন্ম ভাষিক বৈচিত্ৰ্য তাত ইমানেই বেছি যে মন গ’লেও আপুনি নিজৰ ভাষাটোকে খামোচ মাৰি ধৰি বহি থাকিব নোৱাৰে, কাষে পাজৰে ইমান ভিন্ন ভিন্ন ভাষা-ভাষী লোক, ইমান বাৰেবৰণীয়া সংস্কৃতি, নীতি-নিয়ম আদব কায়দা, সেই সকলোখিনিৰ মাজত নিজকে বিলীন কৰি দিবলৈ ভীষণ মন যায়। অন্যৰ ভাষাৰ প্ৰতি, অন্যৰ সংস্কৃতিৰ প্ৰতি, জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানুহৰ প্ৰতি অন্তৰখনত মৰম চেনেহ, সুভাশাবোধ থাকক সেয়ে সৰুৰে পৰাই যদি আমি কম বেছি পৰিমাণে অনূদিত শিশু সাহিত্যৰ, সাধুকথাৰ কিতাপ আৰু অন্যান্য শিশু উপযোগী কিতাপ পঢ়াৰ অভ্যাস কৰাব পাৰো তেন্তে সৰুৰে পৰাই ল’ৰা ছোৱালীৰ মাজত বহুমুখী প্ৰতিভা গঢ় লৈ উঠিব। জীৱনটো বহুত কম দিনৰ তাৰেই আধা আমি ঘৃণা আৰু হিংসাত কটোৱাতকৈ ভিন ভিন ধৰ্মৰ, ভিন ভিন ভাষা-ভাষী লোকৰ, বাহিৰৰ মূলুকত প্ৰচলিত ভাল আচাৰ ব্যৱহাৰ, ৰীতি-নীতি, মানৱীয় প্ৰমূল্যবোধক আঁকোৱালি লৈ নিজৰো চিন্তাৰ ভড়ালটো অকণমান চহকী কৰাতনো আপত্তি ক’ত?
প্ৰত্যেকে মৃত্যুৰ আগমুহূৰ্ত পৰ্যন্ত কিবা নহয় কিবা শিকি থাকে গতিকে জীৱনৰ মূল লক্ষ্য যদি সদায় এটা হ’লেও নতুন কথা শিকা হয়, মৰম বুটলি থকা আৰু বিলাই থকা হয় তেন্তে আহৰণ আৰু বিতৰণৰ এটা প্ৰক্ৰিয়া অহৰহ চলি থাকে, এই আহৰণ আৰু বিতৰণৰ সামগ্ৰিক প্ৰক্ৰিয়াটোক ত্বৰান্বিত কৰি তোলে সাহিত্যৰ অনুবাদে। সাহিত্যৰ অধ্যয়নৰে মাজেৰেহে আমি এটা জাতিৰ লোকাচাৰ, সংস্কৃতিক আয়ত্ত কৰিব পাৰো। সাহিত্য সৃষ্টিৰ ক্ষেত্ৰতটো অনুবাদ সাহিত্য অপৰিহাৰ্য। অনুবাদ সাহিত্যৰ অধ্যয়নৰ মাজেদি সাহিত্য চৰ্চা কৰা লোকসকলে বিভিন্ন দেশৰ সাহিত্য অধ্যয়নৰে অভিজ্ঞতাৰ ভড়াল চহকী কৰে। এই অভিজ্ঞতাই উচ্চ মানবিশিষ্ট সৃষ্টিত অৰিহণা যোগায়। লগতে হিংসা বিদ্বেষ, ঘৃণাৰ সংকীৰ্ণ দুৱাৰবোৰত লাগি থকা তলাৰ চাবিপাত ভাষা শিক্ষাৰ চাবিপাতেৰে খুলিবলৈ সহজ হয়। গোটেই পৃথিৱীয়ে দুবাহু মেলি আদৰিবলৈ ৰৈ আছে আমিনো কিয় এই আদৰ বুটলি লওঁতে কৃপণালি কৰোঁ? নহয়নে?
শ্ৰদ্ধাৰ পাঠকসকল আপোনালোকলৈ বুলি এপ্ৰিলৰ/ বহাগৰ এই সংখ্যাটো আগবঢ়োৱা হ’ল, যদিও বিহুৰ ধামখুমীয়াত অলপ দেৰিয়েই হ’ল হ’লেও দায়দোষ মৰিষণ কৰি আমাৰ সম্পাদক হিচাপে প্ৰাৰম্ভিক চেষ্টাক আকোঁৱালি ল’ব বুলি আশা ৰাখিলোঁ।
শেষত মোক শিকাই বুজাই লৈ এই এটা মাহে মোৰ সৰু ডাঙৰ সকলো ভুল, অনভিজ্ঞতাক আওকাণ কৰি এই সংখ্যা প্ৰকাশৰ ক্ষেত্ৰত অৰিহণা যোগোৱা সকলোলৈ কৰযোৰে প্ৰণাম।
সম্পাদক
সাহিত্য ডট অৰ্গ
এপ্ৰিল, ২০২২ সংখ্যা
এই সংখ্যাটোৰ আঁৰত-
*একাদশ বৰ্ষৰ নৱম সংখ্যাটোৰ আঁৰত*
‘সাহিত্য ডট অৰ্গ’ৰ একাদশ বৰ্ষৰ নৱম সংখ্যাটিৰ আঁৰত থাকি সহায়-সহযোগিতা আগবঢ়াই যোৱা সকলো সদাশয় ব্যক্তিলৈকে সম্পাদকৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
এই সংখ্যাটিৰ বাবে সাক্ষাৎকাৰটি লিপিবদ্ধ কৰাত বিশেষ সহযোগিতা আগবঢ়ালে বেদান্ত কুমাৰ নাথ আৰু অভিজিত দত্তই। সাক্ষাৎকাৰটিৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰি তুলিলে শ্ৰীবিকাশ দত্তই আৰু ইয়াক সম্পাদনা কৰিলে শ্ৰীঅভিজিত দত্তই।
লেখাসমূহৰ বৰ্ণাশুদ্ধিৰ বিষয়ত সহযোগিতা আগবঢ়ালে শ্ৰীমৃদুল কুমাৰ শৰ্মা, ড° মৃণাল জ্যোতি গোস্বামী, শ্ৰীমতী মিতালী বৰ্মন, শ্ৰীমতী উৎপলা কৌৰ শ্ৰী মণ্টু কুমাৰ বৰঠাকুৰ আৰু শ্ৰী মাধুৰ্য্য গোস্বামীয়ে।
কাৰিকৰী দিশত সহায়-সহযোগিতা আগবঢ়ালে ক্ৰমে শ্ৰীমৃদুল কুমাৰ শৰ্মা, ড° দীপজ্যোতি বৰা আৰু ড° মনোজ মন কলিতাই।
সমূহ লেখক-লেখিকা তথা ‘অসমীয়াত কথা বতৰা’ গোটৰ সমূহ সদস্য-সদস্যাক আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
ধন্যবাদ।