অতুল টাফ: এটা স্বপ্ন
লেখক- মৃদুল চন্দ্ৰ শৰ্মা
মোৰ এটা স্বভাৱ হৈছে, বাছত ক’ৰবালৈ গ’লে বাটৰ কাষত থকা দোকানসমূহৰ ছাইনবোৰ্ডবোৰ পঢ়ি যাওঁ। উদেশ্য এটাই, ক’ত পালোঁহি গম পোৱাৰ। ঠাইডোখৰৰ নাম লিখা নেদেখিলে কেতিয়াবা খঙেই উঠি আহে। যি কি নহওক, কোনো চাইনবৰ্ড দেখা নাপালে বাছৰ ভিতৰৰ লিখাবোৰকে পঢ়িবলৈ আৰম্ভ কৰোঁ। এদিন হঠাতে গ্লাচৰ চুকত লিখা দুটা শব্দ দেখা পালোঁ। প্ৰতিখন গ্লাচতে অতুল টাফ বুলি লিখা আছে। তাৰ পিছত চকুকেইটা ক’ব নোৱাৰাকৈয়ে মুদ খাই গ’ল। মনৰ দাপোনত এটা এটাকৈ প্ৰতিচ্ছবি ভাহি আহিলঃ সেই অতুল সেন নামৰ ক্ষীণমীন ল’ৰা এজন কলিকতাৰ চৌৰঙ্গীত ভিক্ষা কৰি ঘূৰি ফুৰিছে। গাড়ীবোৰ দেখিলেই হাত মেলি সি আগবাঢ়ি যায়। দিনবোৰ এনেকৈয়ে গৈ থাকে। দিনটোত আৰ্জন কৰা টকাকেইটাৰে কলিকতাৰ ফুটপাথৰ সুলভ মূল্যৰ দোকান এখনৰ পৰা পাতত দিয়া ভাত খাই একমাত্ৰ কম্বলখন লৈ ফুটপাথৰ কাষত নিচিন্তমনে মূৰে–গায়ে ঢাকি সি শুই থাকে। তাৰ নিজৰে মনত নাই ক’ত তাৰ জন্ম, কোন তাৰ মাক বাপেক। এজনী মৰমিয়াল ভিক্ষাৰীয়ে তুলি তালি তাক ডাঙৰ কৰিছিল। তায়ে তাৰ নাম ৰাখিলে অতুল। তাৰ দহ বছৰ মান হওঁতেই হঠাতে সেই নানীজনী পিছে মৰি থাকিল। কলিকতা মহানগৰত অতুল নিঠৰুৱা হ’ল। সংঘৰ্ষৰে যুঁজি যুঁজিও অতুল কিন্তু জীয়াই
থাকিল। লাহে লাহে চৌৰঙ্গী অঞ্চলত তাক সকলোৱে চিনি পোৱা হ’লগৈ। কোনোবা দিনা ভিক্ষা কৰি একো নাপালে ওচৰৰ দোকানীবিলাকে মৰমতে খাবলৈয়ো তাক দিয়ে। কেতিয়াবা আকৌ বেছি পইচা পালে লগৰ কেইজনকো খুৱাই সি ভাল পায়। হঠাতে এদিন সেই দুৰ্ভাগ্যজনক দিনটো আহিল। গধূলি ভিক্ষা কৰি থাকোঁতে হঠাতে অত্যধিক বেগত অহা গাড়ী এখনে অতুলক প্ৰচণ্ড জোৰত খুন্দা মাৰিলে। আচলতে, প্ৰকাণ্ড বিদেশী গাড়ীখনৰ যান্ত্ৰিক বিজুতি ঘটাৰ বাবে গাড়ীখন ৰখাব নোৱৰা হৈছিল। অতুলে গাড়ীৰ বনেটৰ ওপৰেদি উফৰি গৈ সন্মুখৰ গ্লাচত প্ৰচণ্ড জোৰত খুন্দা খালেগৈ। ফলত গ্লাচখন ভাঙি অতুলৰ ভৰি এখন বৰ বেয়াকৈ কাটিলে। তেজেৰে তুমৰলি হৈ সি বাগৰি পৰিল। তৎক্ষণাত গাড়ীৰ পৰা বেলজিয়ামৰ ভ্ৰমণকাৰী বৃদ্ধ দম্পতী এহাল নামি আহিল আৰু তেওঁলোকে অতুলক লৰালৰিকৈ টেক্সি এখনত উঠাই হস্পিতাললৈ লৈ গ’ল। হস্পিতালত অতুল প্ৰায় এমাহ থাকিব লগা হ’ল। তাৰ এখন ভৰি কাটি পেলাব লগীয়াও হ’ল। বেলজিয়ামৰ কোটিপতি সেই মৰমিয়াল দম্পতীয়ে নিঠৰুৱা অতুলৰ চিকিৎসাৰ সম্পূৰ্ণ দ্বায়িত্বভাৰ ল’লে। পাৰ্ছপৰ্টৰ দিন উকলি যোৱাৰ সময় হোৱাত তেওঁলোকে অতুলৰো পাৰ্ছপৰ্ট আৰু ভিছা উলিয়াই বেলজিয়ামলৈকে লৈ গ’ল। দম্পতীহালৰ বেলজিয়ামত গ্লাচ
বনোৱা ডাঙৰ ফেক্টৰী এটা আছিল। সন্তানহীন সেই দম্পতীয়ে অতুলকে সন্তানৰ মৰ্যাদা দি গ্লাচ ফেক্টৰীৰ দ্বায়িত্বও তাৰ কান্ধত তুলি দিয়ে। জন্মগতভাৱে চোকা বুদ্ধিৰ অতুলে এদিন সহজে ভাঙি নপৰা গ্লাচ এবিধ তৈয়াৰ কৰি উলিয়ালে । চোকা ধাৰ থকা যি গ্লাচে কটা বাবে তাৰ ভৰিখন কটা গৈছিল, ভৱিষ্যতে যাতে আন কাৰো ভৰি কটা নাযায়, সেই কথা চিন্তা কৰিয়েই গাড়ীত লগাব পৰা এবিধ ধাৰ নথকা গ্লাচৰ তেওঁ আবিষ্কাৰ কৰিলে। সেই আৱিষ্কাৰত বেলজিয়ামৰ দম্পতীও অতি সুখী হ’ল। অতুলৰ সন্মানাৰ্থে সেই গ্লাচৰ নাম তেওঁলোকে অতুল টাফ ৰাখিলে। আজি বিশ্বৰ প্ৰায় বিলাক গাড়ী নিৰ্মাতাই এই অতুল টাফ গ্লাচ ব্যৱহাৰ কৰে।
হঠাতে বাছৰ কণ্ডাক্টৰে যোৰহাট যোৰহাট চিঞৰাত সপোন জগতৰ পৰা আঁতৰি আহিলোঁ। বেগটো লৈ বাছৰ পৰা নামি যাওঁতে আকৌ এবাৰ গ্লাচত লিখা শব্দকেইটালৈ চকু গ’ল ‘অতুল টাফ’।