আয়োজন
লেখক- যশোৱন্ত নিপুণ
কাষৰ মানুহজনৰ চিঞৰ আৰু কেঁকনিৰ শব্দবোৰে গোটেই নিশাটো মোৰ চকুলৈ টোপনি আহিবলৈ দিয়া নাছিল। সেই কাৰণেই বোধহয় খুৰাৰ বিছনাৰ কাষৰ নীলা কুচন লগোৱা সৰু বিছনাখনত ৰাতিপুৱাতেই অলপ সময়ৰ বাবে মই বৰ গভীৰ টোপনিত লালকাল দিছিলোঁ। ফিজিঅ’ থেৰাপিষ্টে চিঞৰি মাতোঁতে সাৰ পাইছিলোঁ যদিও প্ৰথমতে তেওঁ কি সুধিছিল, একো ধৰিবই পৰা নাছিলোঁ।
“তেল মালিচ কৰিলা নে নাই?” তেওঁ দাবী মাৰি হিন্দীতেই সুধিছিল।
“নাই কৰা। অ’ হয়, কৰিছোঁ।” মই মিছা মাতিছিলোঁ।
“হয়। ৰাতিয়েই কৰিছে দিয়ক!” খুৰাই ইতিমধ্যে সাৰ পাইছিল। মোক বচাবলৈকে তেৱোঁ ভগা ভগা হিন্দীৰে মিছা মাতিছিল।
খুৰাক সৰুসুৰা ব্যায়াম কেইটামান কৰিবলৈ আজিও দেখুৱাই ফিজিঅ’ থেৰাপিষ্টজন গ’লগৈ। যোৱাৰ আগতে কৈ গ’ল, “আপুনি এনেদৰে শুই থাকিলে নহ’ব নহয়। খোজ কাঢ়িব লাগিব ঠিকমতে। উঠক, উঠক! খোজ কাঢ়ি থাকক!”
দুদিন আগতে খুৰাৰ এটা অপাৰেছন হৈছিল। ভৰি এখনত টাংষ্টেনৰ স্ক্ৰু নে কিবা এটা লগাই দিয়া হ’ল। ভেজা দিব পৰা ওৱাকাৰ এডালত ধৰি তেওঁ লাহে লাহে খোজ কাঢ়িব পাৰে। ফিজিঅ’ থেৰাপিষ্টে তেওঁক দুঘণ্টা–তিনিঘণ্টা খোজ কাঢ়িবলৈ কৈ থৈছিল কালিয়েই। খুৰাৰ আকৌ টিভি চোৱা নাইবা ফোনত কথা পতাতহে বেছি মন। কিবা এবিধ তেল দিছিল পিঠিত মালিচ কৰিবলৈ। ৰোগীয়ে লৰচৰ নকৰাকৈ শুই থাকিব লগাত পৰিলে পিঠিত ঘাঁ হোৱাৰ সম্ভাৱনা থাকে হেনো। কিন্তু খুৰাইতো কালি দিনত শোৱাই নাই, বিছনাতেই বহি আৰামত কথা পাতি, টিভি চাইহে সময় কটাই আছিল।
এটা ৰূমত দুজনকৈ ৰোগী। ফিজিঅ’ থেৰাপিষ্টৰ কাণ ফলা দাবীৰ শব্দতেই নেকি, কাষৰ বিছনাৰ ৰোগীজন, শ্ৰীমান ৰাজেশ প্ৰসাদ সাৰ পাই গ’ল। তেওঁ চকু দুটা ডাঙৰকৈ মেলি আমাৰ ফালে চালে। মানুহজনৰ মূৰৰ বাওঁফালটো বৰকৈ উখহিছে। তীব্ৰ যন্ত্ৰণা ভুগি আছে তেওঁ। মই যিটো বুজিছোঁ, মূৰটো সামান্য লৰচৰ হ’লেই তেওঁ যন্ত্ৰণাত ৰ’ব নোৱৰা হৈ চিৎকাৰ কৰিবলৈ ধৰে। ঘৈণীয়েকজনীৰো মানুহজনৰ লগতে কষ্টৰ সীমা নোহোৱা হৈছে। ৰাতিটো চিঞৰি, কেঁকাই–গেঁথাই মোকো অলপো টোপনি মাৰিবলৈ নিদিলে কাৰণেই মানুহজনৰ প্ৰতি মহা বিৰক্ত হৈ আছিলোঁ। সেয়ে, অইন ফালে মুখখন ঘূৰাই ল’লোঁ।
খুৰাই টিভিটো ‘অন’ কৰি বাতৰি চাবলৈ ধৰিছিল। এগৰাকী বিখ্যাত অভিনেত্ৰী চাইকেলৰ পৰা পৰি ভৰিত দুখ পোৱা ব্ৰেকিং নিউজটোৱে প্ৰায়বোৰ নিউজ চেনেলকেই তল–ওপৰ কৰি ৰাখিছে। বাতৰি পৰিৱেশকসকলৰ কণ্ঠত উদ্বিগ্নতা, ৰাইজৰ হৃদয়ত উৎকণ্ঠা, ফেনসকলৰ বুকুত শোক। সাংঘাতিকভাৱে চিন্তিত হৈ পৰা অভিনেত্ৰীগৰাকীৰ ফেন কেইজনমানৰো মতামত দেখুওৱা হৈ আছে বাতৰিৰ মাজে মাজে। সকলোৱে অভিনেত্ৰীগৰাকী ভালে–কুশলে থকা কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আছে। মই নিজে যদিও শৰীৰৰ ফালৰ পৰা ফাপৰে খোৱা আৰু যৌৱনৰ দিনবোৰ এৰি অহাৰো মোৰ বেছ কিছু দিনেই হ’ল, তথাপিতো মাজে মাজে অভিনেত্ৰীগৰাকীৰ টিভিৰ পৰ্দাত জিলিকি উঠা মোহময়ী মুখখন আৰু শৰীৰটোলৈ চকু দি থাকিলোঁ। আস্! কাৰ ভাগ্যত বা আছে ঈশ্ৱৰৰ এই পকা বিলাহীৰ দৰে সৃষ্টি!
ঠিক তেনেতেই আকৌ তীব্ৰ এক যন্ত্ৰণাকাতৰ চিঞৰ সেই মানুহজনৰ। এটা বিৰক্তি আৰু খঙৰ ভাবে মোৰ মন–মগজু জোকাৰি গ’ল। ক’ত ঈশ্বৰৰ পকা বিলাহী আৰু ক’ত কাষৰ এই পঁচা পইতা ভাত!
ঘূৰি চালোঁ। মানুহজনে হঠাতেই বাগৰ সলাবলৈ চেষ্টা কৰিছিল বোধহয়। মূৰত হাত দুখন থৈ তেওঁ চিৎকাৰ কৰি আছিল। বাহিৰত দুৱাৰৰ ওচৰত ৰৈ থকা ঘৈণীয়েকজনী দৌৰি আহি মানুহজনৰ কান্ধত ধৰি তেওঁৰ মূৰত ফুৱাবলৈ ধৰিলে। বোধহয় সেই যন্ত্ৰণা উপশমৰ আন কোনো উপায় নাই দেখিয়েই মানুহজনীয়ে নিৰুপায় হৈ তেনেকৈ ফুৱাইছিল। কিবা এটাতো কৰিবলৈ ইচ্ছা জাগিবই। অসহায়ভাৱে মূৰটো লৰাই লৰাই মোক তেওঁ ইংগিতেৰে মাতিলে।
“এওঁক বাগৰ সলাই দিওঁ, ৰ’ব! আপুনি এইখিনিতেই ধৰকচোন!” তেওঁ ক’লে। দুয়ো মিলি বৰ সাৱধানেৰে মানুহজনক বাগৰ সলাই দিয়া কামটো সম্পূৰ্ণ কৰিলোঁ। কেতিয়াবা চকু কোঁচাই আৰু কেতিয়াবা মুদি মানুহজনে দেদাউৰিয়াইছিল তেতিয়াও। তেওঁ যেন ক’তো ৰক্ষা পোৱা নাছিল। শ্ৰীমতী প্ৰসাদে বৰ কৌশলেৰে চাৰি–পাঁচটামান গাৰুৰ মাজত গিৰিয়েকৰ মূৰটো আলফুলে ৰাখিছিল যাতে সহজতে মূৰত কোনো জোকাৰণি নালাগে।
এইখিনি কাম কৰোঁতেই পাঁচ মিনিটমান লাগিল। মই কাষৰ পৰা গুচি আহোঁতেও মানুহজনে কেঁকাই আছিল। কিন্তু তেওঁৰ চকুযুৰিত এটা কৃতজ্ঞতাৰ চাৱনি ফুটি উঠিছিল। কিছু সময় পাছত তেওঁৰ কেঁকনি বন্ধ হ’ল। হঠাতে তেওঁ আমাৰ ফালে চাই হিন্দীতে সুধিলে, “ক’ৰ পৰা আহিছে আপোনালোক?”
খুৰাই ভগা ভগা হিন্দীৰে সবিস্তাৰে উত্তৰটো দিলে। এই কথাষাৰ শ্ৰীমতী প্ৰসাদে কালিয়েই মোক সুধিছিল আৰু মই এটা বিস্তাৰিত বিবৰণ দিছিলোঁ। প্ৰসাদ ডাঙৰীয়াই যন্ত্ৰণাৰ কোবত সকলো পাহৰিলে বোধহয়।
“আপোনাৰ সহায়ৰ কাৰণে ধন্যবাদ।” মানুহজনে কৃতজ্ঞতা প্ৰকাশ কৰিছিল।
“এহ্! এয়ানো কি হ’ল? এইখিনিতো সকলোৱে কৰা উচিত।” মই কৈছিলোঁ।
মানুহজনে দুদিন আগতে পুৱা অমাৰ ৰূমটোৰ আনটো চিট লৈছিল। এতিয়ালৈকে দুই–এষাৰ কথাহে পাতিছিলোঁ তেওঁলোকৰ লগত। এটা কথা কিন্তু মানিছোঁ যে তেওঁলোকৰ খবৰ লোৱা মানুহ বহুত। কালিও তিনিটামান খবৰ লোৱা দল আহিছিল। আবেলি অহা দলটো বোধহয় মানুহজনৰ ককায়েকৰ ফালৰ আছিল। চেহেৰা–পাতিৰ মিল চাই ধাৰণা এটা কৰি লৈছিলোঁ।
”চাবোনেৰে হাত ধুই আহ!” খুৰাই সৰুকৈ অসমীয়াতে কৈছিল। মানুহজনক বাগৰ সলাই দিওঁতে হাতত বীজাণু লাগি আহিব পাৰে – খুৰাৰ ভয়।
হাত ধুই আহি খুৰাৰ বিছনাৰ কাষৰ চকীখনত বহিলোঁ। দেখিলোঁ, শ্ৰীমতী প্ৰসাদে বৰ সাৱধানেৰে ভিজা কাপোৰ এখনেৰে গিৰিয়েকৰ মুখ আৰু ডিঙিটো লাহে লাহে মচি আছে। মূৰটো লৰচৰ হ’ব বুলি মানুহজনৰ মুখখনত আতংকৰ চিন সুস্পষ্ট হৈ উঠিছিল। গা–পা শেষবাৰ বা কেতিয়া ধুইছিল তেওঁ? কি কষ্টই যে ভুগিছে দুৰ্ভগীয়া মানহজনে আৰু লগতে ঘৰৰ আনবোৰেও। দৃশ্যটো চাই থাকোঁতে মানুহজনীৰ চকুৱে চকুৱে পৰিল। মই তেনেকৈ চাই থকাটো তেওঁ ভাল পোৱা নাছিল বোধহয়। মুখখন ঘূৰাই ল’লোঁ। লাহী শৰীৰৰ আৰু মিঠা বৰণৰ শ্ৰীমতী প্ৰসাদৰ এক ধৰণৰ শান্ত–সমাহিত সৌন্দৰ্য আছে। তেওঁৰ চকুযুৰিও ধুনীয়া।
খুৰাই হাস্পটালৰ পৰা দিয়া চাহ, ব্ৰে’ড আৰু কণী খালে। কণী খাবলৈ আজিও মন কৰা নাছিল। কিন্তু ডাক্তৰে কৈ গৈছে যে এনেকুৱা অপাৰেছনৰ পাছত প্ৰ’টিনযুক্ত খাদ্য খোৱাটো ভাল। হাস্পটালৰ খানাত মাছ–মাংস নিদিয়ে, কণী আৰু গাখীৰ দিয়ে। আজি সেই কাৰণেই জোৰকৈয়ে খুৰাক কণী খাবলৈ বাধ্য কৰিলোঁ। কালি খুৰাৰ ভাগৰ সিজোৱা কণীটো ময়েই খাই থৈছিলোঁ।
বাহিৰৰ ৰেষ্টুৰেণ্ট এখনত চাহ খাই আহিলোঁ। হাস্পটালখনৰ কেণ্টিনত দাম অলপ বেছি আৰু মোৰ পছন্দৰ বস্তুও তাত নাপাওঁ। আহি দেখোঁ, খবৰ লোৱা পাঁচজনমান মানুহ, বোধহয় দুটা পৰিয়াল, মানুহজনৰ বিছনাৰ কাষত বহি আছে। মানুহজনৰ ককায়েক আৰু বৌৱেকো সেই কেইজনৰ মাজত। খুৰাই টিভি বন্ধ কৰি এনেয়ে বহি আছে।
মানুহ কেইজনৰ কথা–বতৰাবোৰকেই শুনিবলৈ ধৰিলোঁ। বেলেগ কিনো আৰু কৰোঁ?
এজনে কোৱা শুনিলোঁ, “অসুখ ভাল হ’বই। সেইটো খাটাং। কিন্তু ইয়াতে ভাল লগা নাই, বেলেগ এখন হাস্পটাললৈ যাব লাগিব।”
পাঁচটা গাৰুৰ মাজত মূৰটো ৰখা মানুহজনৰ মুখত কোনো ভাবান্তৰ নেদেখিলোঁ। শিলৰ মূৰ্তিটোৰ দৰে অকণো লৰচৰ নকৰাকৈ তেওঁ কথাবোৰ শুনি গৈছিল।
তাৰ মানে হাস্পটালখন খুব ভাল নহয় নেকি? আমিতো খুব ভাল বুলিয়েই শুনিছিলোঁ এইখন। ব্যক্তিগত হাস্পটালবোৰতকৈ খৰচো বহুত কম। অসুখটো ইমানেই ডাঙৰ নে যে ইয়াতে চিকিৎসা কৰাবই নোৱাৰি? অৱশ্যে মানুহজনৰ যন্ত্ৰণালৈ চাই অসুখটো খুব ছিৰিয়াছ যেনেই লাগে।
তেওঁলোকৰ চাহ–জলপান খোৱাৰ পৰ্ব আৰম্ভ হ’ল। খবৰ লোৱা মানুহবোৰে, দেখিছোঁ, খোৱাবস্তু বহুত আনিছে। ঘৈণীয়েকে মানুহজনক চামোচেৰে বৰ সাৱধানেৰে চাহ নে গাখীৰ কিবা খুৱাবলৈ ধৰিলে। মানুহজনেও সৰু ল’ৰা এটাৰ দৰে বাধ্য হৈ সেইখিনি খাইছিল।
“ই..ই..ইককককক্…” হঠাতে মানুহজনে আকৌ তীব্ৰ চিঞৰ এটা মাৰিলে। আৰু তেওঁৰ চিঞৰ বন্ধ নহয়হে নহয় এতিয়া!
“কি হ’ল, কি হ’ল ভিনদেউ?” এজনী গাভৰু তিৰোতাই দৌৰি আহি আস্তব্যস্ত হৈ সুধিলে। অ’ তাৰ মানে সেইজনী প্ৰসাদৰ খুলশালীয়েক। আৰু কাষতে বহা ডেকাজন তেওঁৰ শালপতিয়েকেই হ’ব।
মানুহজনৰ একো শুনাৰ ধৈৰ্য নাছিল। মূৰটো দুই হাতেৰে চেপি, চকু দুটা টানকৈ মুদি ধৰি তেওঁ চিঞৰি আছিল। চিঞৰিয়েই আছিল। বাকী কেইজন মানুহেও অসহায়ভাৱে মানুহজনৰ একেবাৰে কাষত থিয় হৈছিলগৈ। খুৰাই নিজৰ কষ্ট পাহৰি মুখখন মেলি চাই আছিল আৰু নিজে নিজে কৈ আছিল, “বেচেৰাটোৰ কিমান কষ্ট হৈছে! কৃপা কৰা অ’ কৃষ্ণ প্ৰভু দয়াময়!”
মানুহজনৰ ককায়েকজনৰ মুখখন কন্দনামুৱা হৈছিল। ওচৰলৈ গৈ ভায়েকৰ মূৰটোত খুব লাহে হাত ফুৰাই দিছিল। ওচৰৰ ৰূমৰ দুজনমানে চিঞৰ–বাখৰ শুনি ভূমুকিয়াই চাই গ’ল। এজনে মোক ইংগিতেৰে দুৱামুখৰ পৰা মাতিলে।
”কি হৈছে ইয়াত?” তেওঁ সুধিলে।
মই সংক্ষেপে যি জানো ক’লোঁ।
”চাওক, কাষৰ ৰূমটোতে মোৰ মা আছে। তেওঁৰ বৰ ছিৰিয়াছ। কাষতেই কোনোবাই চিঞৰি থাকিলে আমাৰ বৰ দিগদাৰ হয়। এখেতসকলক ক’ব কথাটো! কেৱল নিজৰ কথা ভাবিলে নহ’ব নহয়!”
মই মূৰ দুপিয়াই ভিতৰলৈ আহিলোঁ। সেইজনে দেখোন নিজেও কেৱল তেওঁৰ মাকৰ কথাহে ভাবিছে। বিকটকৈ চিঞৰি থকা মানুহজনে মনৰ স্ফূৰ্তিতে সেইটো কৰা নাই বুলি তেওঁ বুজিব পৰা নাই নে? নে বুজিব নোখোজেই? দেখিছোঁ, সব স্বাৰ্থপৰ! মই কাকো একো কোৱাৰ প্ৰয়োজন বোধ নকৰিলোঁ।
মানুহজনৰ চিঞৰ–বাখৰবোৰ, কেঁকনিবোৰ লাহে লাহে সৰু হৈ আহি বন্ধ হ’লহি। তেওঁৰ অঙহী–বঙহী কেইজনো তেওঁলোকৰ কথা–বতৰাবোৰৰ মাজলৈ গুচি গ’ল। লক্ষ্য কৰিলোঁ – মানুহজনেও বৰ আগ্ৰহেৰে কথাবোৰ শুনিবলৈ ধৰিছে। আগৰ ৰাতিটো নোশোৱা কাৰণেই নেকি, তেওঁৰ চকু দুটা মাজে মাজে জাপ খাই যাব খুজিছিল। তেওঁ আকৌ যেন টানি টানি মেলি ৰাখিছিল সিহঁতক। ইমান যন্ত্ৰণাৰ পাছতো আড্ডাৰ লোভ সামৰিব পৰা নাই নেকি তেওঁ?
দুপৰীয়ালৈকে মানুহজন বেছ ভালকৈয়ে আছিল। দুই–এষাৰ কথাৰে তেওঁ আড্ডাটো ৰসাল কৰিবলৈও চেষ্টা কৰিছিল। শালপতিয়েকে নিজৰ মাকৰ অসুখৰ সময়ত হোৱা তেওঁৰ অভিজ্ঞতাৰ বৰ্ণনা দিছিল। “মোৰ খুব টেনচন। ডাক্তৰজনক সুধিলোঁ – মাৰ অসুখ ভাল হ’ব নে? – অ’ মোৰ কপাল। তেওঁৰ কি উত্তৰ! ক’লে – মই কিবা জ্যোতিষী নেকি? – ইমান অভদ্ৰ। আৰে ভাই, অসুখৰ চিকিৎসাৰ কাৰণে আমি পইচা দিছোঁ। তহঁতে ফ্ৰীতে একো কৰি দিয়া নাই নহয়।”
“হয়, হয়। বহু ডাক্তৰ–নাৰ্চৰ এনে অভদ্ৰ ব্যৱহাৰ।” মানুহজনৰ ককায়েকজনেও যোগ দিলে।
“সকলো এনে নহয়। কিছুমান ডাক্তৰ–নাৰ্চৰ কি সুন্দৰ কথা–বাৰ্তা। কিছুমানে আকৌ টেনচন বঢ়ায়।” শালপতিয়েকৰ কথা।
“বহুত মানুহে যা–তা কয় দিয়ক। টেনচন লৈ মৰিব লাগে।” খুলশালীয়েকে ক’লে।
“টেনচন কাৰো পৰা লোৱা বস্তু নহয় অ’!” প্ৰসাদে অলপ হাঁহিৰ সুৰত কৈছিল। “টেনচন আমি কাৰোবাক দিবহে লাগে।”
“হয় হয় হয়।” প্ৰায় প্ৰত্যেকজনেই হয়ভৰ দিছিল। সকলোৱে মানুহজন কিছু পৰিমাণে স্বাভাৱিক হোৱা দেখি উৎসাহিত হৈছিল।
মাজতে দুবাৰমান নাৰ্চে আহি খুৰাক চাই গ’ল।
কাষৰ মানুহজনকো বেলেগ এগৰাকী নাৰ্চে চাই গ’ল।
দুপৰীয়া ডাক্তৰ এজনে মানুহজনৰ ঘৈণীয়েক আৰু শালপতিয়েকক বাহিৰলৈ মাতি লৈ গৈ কিবা আলোচনা কৰিলে। কি আলোচনা কৰিলে গম নাপালোঁ। বাহিৰৰ পৰা আহি শালপতিয়েকে মানুহজনলৈ চাই ক’লে, “ইয়াতে আৰু নাথাকোঁ। বেলেগ হাস্পটাল এখনলৈ যাম। ভাল লগা নাই ইয়াতে।” কথাষাৰ শুনি মানুহজনৰ ওঁঠত এটা শেঁতা হাঁহি বিৰিঙিল। ক’লে, “কিনো বেলেগ হাস্পটাল যাব লাগে। ঘৰলৈয়ে যাওঁ। ইয়াত মিছামিছি সময় নষ্ট। পইচা কেইটাও এনেয়ে পানীত পেলাই আছোঁ। মোৰতো সম্পত্তিৰ পাহাৰ নাই নহয়!”
“মনে মনে থাকাচোন! কি আবোল–তাবোলবোৰ বকি থাকা। আমি জানো নহয় কি কৰিব লাগে।” ঘৈণীয়েকে খং কৰি ক’লে।
মানুহজনে হাঁহিলে। ক’লে, “তুমিনো কি বুজিবা? একোৱেই নুবুজা। সেইটোৱেইতো সমস্যা।”
দুপৰীয়া বাহিৰত ভাত খাই আহি দুয়োফালৰ ৰোগীৰ ৰূমবোৰৰ মাজৰ আহল–বহল ঠাইখিনিৰ চোফা এখনত বহিলোঁগৈ। তাতে এটা ডাঙৰ টিভি লগোৱা আছে। বেমাৰীৰ লগত অহা মানুহবোৰে মাজে মাজে তাতে বহি অলপ আৰাম কৰে। টিভিত হিন্দী ছবি এখন চলি আছিল। কোনেও মন দি চোৱা নাছিল। মোৰ নিউজ চাবলৈহে অলপ মন গৈছিল। কিন্তু চেনেল সলনি কৰিবলৈ এলাহ লাগিল। দেখিলোঁ, অলপ দূৰতে বহি ৰাজেশ প্ৰসাদৰ ককায়েক আৰু বৌৱেক। সৰু সৰুকৈ কিবা আলোচনা কৰি আছিল তেওঁলোকে। মোক দেখিছিল যদিও কথা বন্ধ কৰা নাছিল। তেওঁলোকৰ কথাবোৰ ভালকৈয়ে শুনিব পাৰিছিলোঁ মই।
টিভিত চলি থকা ফিল্মখনত মন দিলোঁ। খলনায়ক আৰু তাৰ লগৰ কেইজনে অকলশৰীয়া নায়কৰ লগত ভীষণ মুষ্টিযুদ্ধত লিপ্ত হৈছে। নায়কে অসীম বিক্ৰমেৰে অকলেই সিহঁতক গুৰুলাগুৰুলকৈ পিটিছে। নায়িকাই একাষত থমথমকৈ থিয় হৈ যুঁজখন উৎকণ্ঠাৰে চাই আছে।
“আজিয়েই যাবলৈ বেয়া লাগিব। কিন্তু থাকিনো কিডাল কৰিম?” মানুহজনীৰ কথাষাৰ মোৰ কাণত পৰিছিল।
“সেইটোৱে ভাবিছোঁ। সিহঁতৰ ফালৰ মানুহতো আছেই। বেলেগ হাস্পটাললৈ নিওনো কি লাভ হ’ব? মিছামিছি আৰু এটা খৰচ।” প্ৰসাদৰে ককায়েকে চিন্তিত সুৰত কৈছিল।
“আপুনি আৰু সেইবোৰ নক’ব! কিবা এটা আশা কৰিহে নিবলৈ ওলাইছে।”
“একো আশা নাই। একো আশা নাই।” হতাশভাৱে মানুহজনে কৈছিল।
ইফালে খলনায়কৰ দলটোৰ অৱস্থা বৰ শোচনীয় হৈ পৰিছে। গতি বিষম দেখি খলনায়কজনে পিস্তল এটা উলিয়াই, ইমান মাৰ খোৱাৰ পাছতো “হাঃ হাঃ”কৈ হাঁহি সেইটো নায়কলৈ টোৱালে।
“অলপ টকাৰ কথা কৈছিল …।” টিভিৰ পৰ্দাৰ খলনায়কৰ অট্টহাঁহিৰ লগতে মানুহজনৰ কথাও মোৰ কাণত পৰিছিলহি।
“নিদিব দেই কিন্তু! মই কৈ দিছোঁ। আমাৰ কিবা টকাৰ গছ আছে নেকি? আমি নিজৰ কথাওটো ভাবিব লাগিব। আৰু ক’তনো ঘূৰাই দিবলৈ সময় পাব? থাকিবইনো আৰু কেইদিন সি?”
বিজুলী বেগেৰে নায়কে কিক এটা মাৰিলে আৰু পিস্তলটো খলনায়কৰ হাতৰ পৰা উৰি আহি তাৰ হাতত পৰিলহি। “থিছিউ থিছিউ থিছিউ …।” গোটেইবোৰ গুলী আকাশলৈ চলাই দি নায়কে পিস্তলটো দূৰলৈ দলিয়াই দিলে, ভাবটো, “মোৰ হাত দুখনেই তহঁতৰ কাৰণে যথেষ্ট, নিগনিহঁত।” বৰকৈ মাৰ খোৱা খলনায়ক আৰু লগৰবোৰে আৰু যুঁজি লাভ নাই বুলি জানি বিম্বাশব্দে পলাই পত্ৰং দিলে।
“কথাটো হয়।” মানুহজনে চিন্তিত সুৰত কৈছিল। “আমি কৰিব পৰাও একো নাই। যামেই দিয়া। তাৰ মুখখনলৈ চাই থাকিব নোৱৰা হৈছোঁ। আৰু সি চিঞৰিলে বুকুত চুৰি মাৰি দিয়া যেন লাগে মোৰ। হে ভগৱান! মই আৰু সহ্য কৰিব নোৱৰা হৈছোঁ। কিয়নো তাক ইমান কষ্ট দিয়া প্ৰভু? কি কৰিলেনো সি?”
“আমাৰ বিয়াৰ সময়ত সি কিমান সৰু আছিল নহয়! পঞ্চম শ্ৰেণীত পঢ়ি আছিল নেকি?” মানুহজনীয়ে দুখেৰে কৈছিল।
ফৰ্মূলামাৰ্কা ফিল্মখন চাই থাকিবলৈ বা প্ৰসাদৰ ককায়েক–বৌৱেকৰ ফুচফাচ কথাবোৰ শুনি থাকিবলৈ মন নগ’ল। ৰূমলৈকে ঘূৰি আহিলোঁ। খুৰাই বিছনাত আউজি বহি টিভিত নিউজ চাই আছিল। ৰাজেশ প্ৰসাদৰ চকু মুদ খোৱা আৰু তেওঁৰ নাক বাজি আছিল। তেওঁ বোধহয় গভীৰ টোপনিত। কাষতে চকীত বহি শালপতিয়েক আৰু খুলশালীয়েকেও টোপনিয়াই আছিল।
শ্ৰীমতী প্ৰসাদে আমাৰ কাষত আহি বহিলহি। কিবা এটা ভাল লাগি গ’ল মোৰ। “কাইলৈকে আমি যাম। আপোনালোকে কেতিয়া যাব?” মানুহজনীৰ মাতটোও শুনি থাকিব পৰা ধৰণে সুন্দৰ।
খুৰাই উত্তৰ দিলে।
”আমি বেলেগ হস্পিটাল এখনলৈকে যামগৈ। ইয়াতে ডাক্তৰে আৰু একো কৰিব নোৱাৰে বুলি কৈছে। খুব বেছি আৰু তিনি মাহ থাকিব মানুহজন।”
”কি কৈছে আপুনি? ইমানেই ছিৰিয়াছ নে?” মই সঁচাকৈয়ে আচৰিত হৈছিলোঁ।
অলপ সময় ৰৈ শ্ৰীমতী প্ৰসাদে কথাবোৰ ভাঙি–পাতি ক’লে। মানুহজনৰ মগজুৰ টিউমাৰ হৈছে। কেইমাহমান আগৰ পৰা তেওঁ মূৰত বিষ অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল। কেতিয়াবা কেতিয়াবা হঠাতে সংজ্ঞাহীন হৈ পৰিছিল। স্থানীয় হাস্পটালত দেখুৱাওতেও ডাক্তৰে আশা কম বুলিয়েই কৈছিল। ইয়াৰ ডাক্তৰেও একে কথাবোৰেই কৈছে – তেওঁলোকে কিবা কৰিব পৰা অৱস্থাত মানুহজন নাই।
”ভগৱানৰ ওপৰত ভৰসা ৰাখকচোন! সকলো ঠিক হৈ যাব।” কিবা এষাৰ ক’ব লাগে কাৰণেহে ক’লোঁ।
”এওঁ গমেই নাপায় তেওঁৰ অৱস্থাতো এনেকুৱা হৈছে।” টোপনিত লালকাল দিয়া গিৰিয়েকলৈ ইংগিত কৰি শ্ৰীমতী প্ৰসাদে ক’লে।
”ল’ৰা–ছোৱালী দুটাক কোৱাই নাই এতিয়ালৈ। কিন্তু কিমান দিন নোকোৱাকৈ থাকিম? গতিকে কৈয়ে দিম।” তেওঁ ধুনীয়া চকুযুৰি মোৰ ফালে ঘূৰাই ক’লে। যেন মোৰ পৰা কিবা পৰামৰ্শ বিচাৰিছিল।
”সেইটো হয়। এদিনতো ক’বই লাগিব।” মই এনেয়ে দোহাৰিলোঁ। মানুহজনীৰ চকুৰ ধুনীয়া নীলা সাগৰ এখনে মোক এই সময়তো উন্মনা কৰিলে কেই মুহূৰ্তমানৰ কাৰণে।
”মই সাজু হৈছোঁ। কপালত যি আছে আৰু! ল’ৰা–ছোৱালী দুটাইহে কেনেকৈ সহ্য কৰিব জানো! মানুহটোক সঁচা কথাটো ক’বলৈতো সাহসেই নহয়।”
মই একো নক’লোঁ।
”আপুনি যে নিজৰ খুৰাকৰ কাৰণে ইমান কৰিছে! ধন্যবাদ দিব লাগিব আপোনাক।” তেওঁ ক’লে।
”ঘৰৰ মানুহে সেইখিনি কৰেই।”
”আমাৰ আকৌ চাওকচোন! ককায়েক–বৌৱেক আহিল। এদিন মজা মাৰিলে আৰু আজি যাবই। এনেয়ে চাবলৈ কিয় আহিব লাগে কওকচোন!”
”তেওঁলোকৰ কাম থাকিব পাৰে। আজি–কালি কাৰ হাততনো সময় থাকে।”
”নহয়, নহয়। মই আচল কথাটো খুব ভালকৈ জানো। এবাৰ আহি খবৰ লোৱাটো দেখুৱালে আৰু!” অলপ ৰৈ আকৌ তেওঁ ক’লে, “আমাতকৈ সিহঁতৰ অৱস্থা বহুত বেছি ভাল। বৰ ধনী। কিন্তু কি হ’ব? আমাকনো কিডাল সহায় কৰিছে? অলপ পইচা খোজোঁতে একো ন’কলেই, যেন শুনাহে নাই। ফুটা–কড়ি এটাও আমাক দিয়া নাই এই বিপদৰ সময়ত। আমাক মানুহ বুলিয়েই নাভাবে সিহঁতে।”
তেওঁ গিৰিয়েকৰ ককায়েক–বৌৱেকহঁত কিমান স্বাৰ্থপৰ প্ৰাণী, সেই বিষয়ে দীঘলীয়াকৈ ক’লে। তেওঁৰ এটাই বৰ দুখ – গিৰিয়েকে এতিয়াও সিহঁতৰ আচল ৰূপটো চিনিয়েই নেপালে। তেনেকৈয়ে মানুহজনে সকলো এৰি যাবলৈ ওলাইছে। তেওঁ নোহোৱাকৈ মানুহজনীৰ কিমান কষ্ট হ’ব, কোনে ক’ব পাৰে। কিন্তু, ককায়েক–বৌৱেকহঁতে মনে মনে কিজানি ভালহে পাব।
মানুহজনীৰ ধুনীয়া মুখখনত আৰু তেওঁৰ সুৱদী কণ্ঠত শেহৰ এই কথাবোৰ খাপ নোখোৱা যেন লাগিল। এনে ধৰণৰ কথাই মুখবোৰ অলপ হ’লেও কুশ্ৰী কৰি তোলে।
এজনী নাৰ্চ আহি ওলালহি। “এখেতৰ লগত কোন আছে?” প্ৰসাদলৈ আঙুলিয়াই আমাৰ পিনে চাই তেওঁ সুধিছিল।
শ্ৰীমতী প্ৰসাদ নাৰ্চগৰাকীৰ ওচৰত গৈ থিয় হ’ল। নাৰ্চজনীয়ে তেওঁক সৰু সৰুকৈ কিবা ক’লে। শ্ৰীমতী প্ৰসাদৰ মুখৰ ৰং সলনি হ’ল। আশা কৰিছিলোঁ যদিও শ্ৰীমতী প্ৰসাদ আকৌ আমাৰ ওচৰলৈ কথা পাতিবলৈ নাহিল। গিৰিয়েকৰ কাষত চকী এখন টানি লৈ চকু দুটা মুদি তেওঁ বহিল।
আবেলি তেওঁলোকৰ পুতেক–জীয়েক আহিল। পুতেক ষোল–সোতৰ বছৰীয়া। জীয়েকজনী দুই–তিনি বছৰমান সৰু হ’ব। সিহঁতক ওচৰত পাই ইমান যন্ত্ৰণাৰ মাজতো মানুহজনৰ মুখখন উজলি উঠিল। ল’ৰাটোৰ কিবা কথাত ছোৱালীজনীৰ খুব হাঁহি উঠিল। দেউতাকে আগৰ পৰাই তাৰ কথা শুনি শুনি সৰু সৰুকৈ হাঁহি আছিল। পেইনকিলাৰবোৰ দি থকাতকৈ পুতেক–জীয়েকক কাষত ৰাখিলে বোধহয় বেছি কামত আহিব। মানুহজনীৰ মুখতো হাঁহি বিৰিঙিছিল। মই মানুহজনীৰ মুখত আজিহে হাঁহি দেখিলোঁ। ধুনীয়া হাঁহি। এতিয়ালৈকে তেওঁৰ মুখত উদ্বেগ আৰু চিন্তাৰ ৰেখাহে দেখিছিলোঁ। হাঁহিলে তেওঁক ভাল দেখি। এনেয়েও তেওঁৰ শৰীৰত এক আকৰ্ষণীয় কমনীয়তা আছেই। কিমান বয়স হ’ব পাৰে তেওঁৰ? চল্লিশ? বিয়াল্লিশ? এই বয়সতে ধুনীয়া মানুহজনী বিধৱা হ’বলৈ ওলাইছে। কি যে হৈ থাকে এই সংসাৰত!
ল’ৰাটোৰ ধেমেলীয়া কথাবোৰে মানুহ কেইজনক ঘনে ঘনে হঁহুৱালে। হাঁহিৰ ছিটিকনিবোৰে আমাকো পৰশি গ’ল। এটা সময়ত ভনীয়েকে হাঁহি ৰখাব নোৱৰা হ’ল। মহাকে ল’ৰাটোৰ কাণ মলি দিলেগৈ।
ল’ৰাটোৱে আৰু ছোৱালীজনীয়েও দেউতাকৰ অৱস্থাটো গম পোৱা নাই কিজানি। নহ’লে সিহঁতে এনেকৈ প্ৰাণ খুলি হাঁহিব পাৰে নে? কিন্তু শ্ৰীমতী প্ৰসাদেতো জানে, মানুহজনৰ শালপতিয়েক আৰু খুলশালীয়েকেও নিশ্চয় কথাটো জানে । তেওঁলোকেওতো তেনেকৈয়ে হাঁহিছে। ক্ষন্তেকলৈ বোধহয় তেওঁলোকে মানুহজন যে খুব সোনকালেই চিৰদিনৰ বাবে গুচি যাব, সেই কথাটো পাহৰি গৈছিল। নাইবা, তেওঁলোকে ইতিমধ্যেই মানুহজনৰ শেষ বিদায়ৰ পৰলৈ নিজকে সাজু কৰি লৈছিল।
সন্ধিয়া ল’ৰা–ছোৱালী দুটা আৰু মহাক–মাহীয়েক লজলৈ গ’ল। আমাৰ ৰূমটোও অলপ নিজম পৰি গ’ল। প্ৰসাদ আৰু তেওঁৰ ঘৈণীয়েকৰ মুখ দুখন আকৌ গধুৰ হৈ পৰিল।
খুৰাৰ টোপনি আহিছিল। মই কাষৰ সৰু বিছনাখনত বহি বাতৰিকাকত এখনত চকু ফুৰাইছিলোঁ। মোৰো চকু দুটা মুদ খাই আহিছিল।
”শুনকচোন!”
কাৰোবাৰ মাতত মোৰ তন্দ্ৰা ভাগিল। দেখিলোঁ, ওচৰতে থিয় হৈ শ্ৰীমতী প্ৰসাদ।
”আপোনাৰ টোপনি ভঙাৰ কাৰণে ক্ষমা কৰিব দেই!” তেওঁ আকৌ ক’লে।
”একো নাই। কওকচোন!” মই ক’লোঁ।
”মই বাথৰূমলৈ যাম। এওঁক অলপ চাব! মই বেছি সময় নলওঁ।”
”যদি আপোনাৰ মানুহজনে চিঞৰিবলৈ আৰম্ভ কৰে মই কেনেকৈ চম্ভালিম ক’ব নেকি মহাশয়া?” মোৰ তেনেকৈ সুধিবৰ ইচ্ছা হৈছিল। ফুঁটাই ক’লোঁ, “হ’ব দিয়ক। কোনো কথা নাই।” কিন্তু উদ্বিগ্নতাখিনি মই একেবাৰে লুকুৱাব নোৱাৰিলোঁ।
মানুহজনীয়ে বাথৰূমলৈ যোৱাৰ অলপ পাছতেই প্ৰসাদ মহাশয়ে মোক ইংগিতেৰে ওচৰলৈ মাতিলে। অনিচ্ছা সত্ত্বেও মানুহজনৰ বিছনাৰ কাষৰ চকীখনত বহিলোঁগৈ।
”আপোনাৰ খুৰাৰ কেনে দেখিছে এতিয়া?” ৰাজেশ প্ৰসাদে সৰু সৰুকৈ সুধিলে।
”ভালেই দিয়ক! ডাক্তৰে কোনো চিন্তা নাই বুলি কৈছে।” মই ক’লোঁ।
“হয়। ভাল হওক!” মানুহজন তভক মাৰি ৰ’ল অলপ সময়।
“আপোনাৰ বয়স কিমান?” প্ৰসাদে আকৌ সুধিলে। প্ৰশ্নটো মোৰ ভাল নালাগিল। দুবছৰমান কম কৰি মোৰ বয়সটো ক’লোঁ।
“মোতকৈ দুবছৰমান সৰু হ’ব। মোৰ শ্ৰীমতীৰ বয়সৰে হ’ব আপুনি।”
সৰুকৈ কাঠ হাঁহি এটা মাৰিলোঁ।
“মূৰত ইমান বিষ। কিন্তু খুব টোপনি ধৰিছে মোৰ।” তেওঁ আকৌ ক’লে।
“শোৱক, শোৱক আপুনি! ভাল লাগিব।” মই ৰক্ষা পৰা যেন পাইছিলোঁ। তেওঁৰ কাষত এনেদৰে বহিব লগাটো, তেওঁক চাই থাকিব লগাটো আৰু তেওঁৰ লগত বাৰেবিংকৰা কিবা কথা পাতি থাকিব লগাটো – এই সকলোবোৰেই মোৰ কিবা সাংঘাতিক আমনিদায়ক যেন লাগিছিল। তেওঁ টোপনি গ’লে মই অন্ততঃ কাষতে এনেদৰে বহি থকাৰ পৰা নিস্তাৰ পাম।
কিন্তু মোক নিৰাশ কৰি তেওঁ নিৰাসক্তভাৱেৰে ক’লে, “নাই, নাই। আমি অলপ কথা পাতোঁ। কাৰোবাৰ লগতে কথা পাতিবলৈ আৰু কিমান সময় পাম কোনে জানে?” প্ৰসাদৰ কথাত সামান্য বিষাদৰ সুৰ এটা শুনা যেন লাগিল মোৰ। তেওঁ নিজৰ অৱস্থাটোৰ কথা গম পায় নেকি? মোৰ সন্দেহ হ’ল।
“ল’ৰা–ছোৱালী দুটা আহি ওলাব পাৰে। মই শুই থকা দেখিলে সিহঁত গুচি যাব। সেইটো হ’বলৈ দিব নোৱাৰোঁ। পাৰিলে সিহঁত দুটাক কাষত বহুৱাই লৈ দিনে–ৰাতি যেন কথাই পাতি থাকিম, কথাই পাতি থাকিম, নমৰালৈকে যেন কথাই পাতি থাকিম।”
মই আৰু কি কওঁ? কিবা এষাৰ নক’লে ভাল নেদেখি কাৰণেই ক’লোঁ, “সকলো মাক–দেউতাকে নিজৰ ল’ৰা–ছোৱালীক পাৰিলে নিজৰ কাষতেই ৰাখিব খোজে সদায়।”
“হয়। কিন্তু মোৰ হাতত যে খুব কম সময়হে আছে। বাকী থকা সময়খিনি শুই শুই শেষ কৰি দিবৰ ইচ্ছা নাই মোৰ। তাৰ পাছততো মই কেৱল শুয়ে থাকিব পাৰিম।” সৰু হাঁহি এটা মাৰিলে তেওঁ।
“আপোনাক এটা কথা কওঁ। আমনি পোৱা নাইতো?” তেওঁ মোৰ চকুলৈ কেই মুহূৰ্তমানৰ বাবে চাই ৰ’ল। চকুত অসহায় আৰু নিৰাশাৰ চাৱনি। মোৰ অলপ বেয়া লাগিল। ক’লোঁ, “নাই। কিয় বেয়া পাম। আপুনি কওক!”
“মোৰ ল’ৰাটো আৰু ছোৱালীজনীক আপুনি অলপ চাব লাগিব।”
কি কয় মানুহজনে? মইনো তেওঁলোকক জানো কিমান আৰু মই থাকোঁও হাজাৰ মাইল দূৰত।
“মানে মই কৈছোঁ, ফোনত খবৰ লৈ থাকিলেও হ’ব। আচলতে মোৰ হাতত বেছি সময় নাই। দুই–তিনি–চাৰিমাহ। তাৰ পাছত ওপৰলৈয়ে যাম আৰু। ঘৰখন থানথিত লগাই থৈ যাব নোৱাৰিলোঁ, সেই দুখটোৱে মোক মূৰৰ বিষটোতকৈও কষ্ট দি আছে। ল’ৰা–ছোৱালী দুটাক আৰু মানুহজনীক আৰু দেখিবলৈ নাপাওঁ। সেই কাৰণেই ওচৰত থাকিলে সিহঁতকে চাই থাকিবৰ মন যায়, টোপনি আহিলে সময়বোৰ নষ্ট হ’ব বুলি ভয় লাগে। মানুহজনীয়ে নাজানেই মোৰ অৱস্থাটো আচলতে কি। মই কিন্তু সাজু হৈছোঁ। আৰুতো উপায় নাই।”
তাৰ মানে প্ৰসাদে নিজৰ অৱস্থাটো সম্পৰ্কে খুবেই সচেতন। কিন্তু তেওঁ নাজানে ঘৈণীয়েকেও তেওঁৰ কথাবোৰ জানে বুলি। ঘৈণীয়েকেও নাজানে গিৰিয়েকে কথাবোৰ জানে বুলি। মাত্ৰ নিজৰ নিজৰ ফালৰ পৰা প্ৰস্তুত হৈছে দুয়ো অৱশ্যম্ভাৱী সম্ভাৱনা এটালৈ। ঘৈণীয়েকে বাকীছোৱা পথ অকলশৰে আগবাঢ়িবলৈ আৰু গিৰিয়েকে নিজৰ নাটকখনৰ সামৰণিটো সাবটি ল’বলৈ।
“কথাটো প্ৰথমতে জানিব পাৰি বৰকৈ ভাগি পৰিছিলোঁ যদিও এতিয়া মানি লৈছোঁ আৰু! শেষৰ দিনবোৰ দুখ কৰি থাকি ঘৰখনকনো কিয় কষ্ট দিওঁ।”
প্ৰসাদে আৰু কিবাকিবি ক’লে। ঘৈণীয়েক তেওঁৰ ওচৰৰ গাঁৱৰে আৰু তেওঁৰ সৰুৰে পৰাই চিনাকি। বিয়াখনত দুয়োখন ঘৰৰ মত নাছিল আৰু এতিয়াও তেওঁলোকক দুয়োফালৰ মানুহেই সহজভাৱে ল’ব পৰা নাই। সেইবাবেই এই বিপদৰ সময়তো ঘৰৰ পৰা যেনে ধৰণে সহায়–সহযোগ পাব বুলি ভাবিছিল, তেনেদৰে পোৱা নাই। বহুতৰে ফোনত খবৰ ল’বলৈও সময় নাই। যিসকলে খবৰ লয়, তাৰো বহুতে এন্ধাৰ হৈ আহিব খোজা ভৱিষ্যতটোৰ কথাবোৰ বাৰে বাৰে উনুকিয়াই তেওঁলোকক হতাশহে কৰিব খোজে। মই কি ক’ম ভাবি পোৱা নাছিলোঁ। বহু খুন্দা–খাটলি, ভালপোৱা–বেয়াপোৱাৰ মাজেৰেইতো আমাৰ জীৱনবোৰ চলি থাকে।
“আপোনাৰ ল’ৰা–ছোৱালী?”
এই কথাষাৰে মোক সদায় অপ্ৰস্তুত কৰি তোলে। মই বিয়া কৰোৱা নাই বুলি ক’লে কিয় বিয়া কৰোৱা নাই, সোনকালে বিয়া পাতি পেলাব লাগে, ভাল ছোৱালীৰতো আকাল নাই ইত্যাদি আজি–কালি সাধাৰণ হৈ অহা মহা বিৰক্তিকৰ প্ৰশ্নবোৰৰ সম্মুখীন হ’ব লাগে। কাক কিমান উত্তৰ দি ফুৰিম আৰু! ভাগ্য ভাল যে প্ৰসাদে বৰকৈ পেচি পেচি এইবোৰ একো সুধি নাথাকিল। বোধহয় অইনৰ ব্যক্তিগত জীৱনৰ ৰহস্য সন্ধানৰ সহজাত নিচাটো যন্ত্ৰণাৰ প্ৰকোপত তেওঁৰ মনৰ পৰা পলাই ফাট মাৰিছে কেতিয়াবাই। কিন্তু মই নিজেই আচৰিত হ’লোঁ যে উপযাচিয়েই কথাবোৰ মই কৈ গ’লোঁ। যেনে – মোৰ চেহেৰা–পাতিৰ ফালৰ পৰা, বা মোৰ জীৱিকাৰ ফালৰ পৰা ভালপোৱাৰ আৰু বিয়াৰ বজাৰত মোৰ দাম একেবাৰেই নাছিল। তথাপি এজনীৰ লগত বিয়াৰ ঠিক হৈছিল। পিছে তাই মাক–দেউতাকক মোৰ লগত বিয়া হ’ব লগা হ’লে আত্মহত্যা কৰিব বুলি ভাবুকি দিলে হেনো। বিয়াখন ভাগি থাকিল। তেনেকুৱা কিবাকিবি হৈ থকাৰ কাৰণেই বিয়া কৰোৱাই নহ’ল আৰু এতিয়া বিয়াৰ বয়সো নাই বুলিব পাৰি!
“এনেদৰে থকাটোতো এটা সুখ আছে দিয়ক।” প্ৰসাদে ক’লে। তেওঁ যিকোনো উপায়ে বিয়াখন পাতি পেলাবলৈ উপদেশ দি বক্তৃতা এটা নিদিয়াৰ কাৰণে ভালেই পালোঁ।
“বুজা নাই মই।”
“এই যে আপুনি এনেদৰে অকলে আছে, এই যে আপোনাৰ ল’ৰা–ছোৱালী, পত্নী নাই – এইবোৰে আপোনাক কম মুকলি কৰি ৰাখিছে নে? এইটো কম ভাগ্যৰ কথা নে? যেতিয়াই ইচ্ছা তেতিয়াই নিশ্চিতভাৱে আপুনি মৰিব পাৰে।”
যন্ত্ৰণাত বোধহয় কেতিয়া কি ক’ব লাগে, কি ক’ব নালাগে সেইবোৰৰ বিবেচনা নোহোৱা হৈছে মানুহজনৰ। মুখৰ ভাব যথাসম্ভৱ সলনি নকৰাকৈ ক’লোঁ, “এস্, সেইবোৰ মৰা–নমৰাৰ কথা এতিয়া নক’বচোন।”
মোৰ কথাষাৰ আওকাণ কৰি তেওঁ আকৌ ক’লে, “মোলৈ চাওকচোন! মইতো শান্তিত মৰিব নোৱাৰিম। ল’ৰা–ছোৱালীৰ, মানুহজনীৰ কি হ’ব, কেনেকৈ চলিব সিহঁত মই নাথাকিলে? শুবলৈও বৰ ভয় লাগে আজি–কালি। ঠিকতো নাই শুই থাকোঁতেই মৰি থাকিব পাৰোঁ, কিজানি সাৰেই নাপাওঁ আৰু।”
তেওঁ লাহে লাহে আৰু বহুত কিবাকিবি কৈ গ’ল। মৰিবলৈ তেওঁ ভয় কৰা নাই। কিন্তু পৰিয়ালটোক এনেদৰে অকলশৰীয়াকৈ কৰি এৰি যাব লগা হোৱা কাৰণে তেওঁৰ চিন্তাৰ পাৰ নোহোৱা হৈছে। ঘৰৰ মানুহবোৰে আচল কথাটো গম পালে কেনেকৈ সহ্য কৰিব। ঘৈণীয়েকে কেনেকৈ সংসাৰখন চলাব। সকলোকে যেন আটাইতকৈ ডাঙৰ ফাঁকিটো মাৰি তেওঁ যাবলৈ ওলাইছে।
মানুহজনক মাজে মাজে ভাগি নপৰিবলৈ, মনোবল নেহেৰুৱাবলৈ এনেয়ে কিবাকিবি ময়ো ক’লোঁ। কিন্তু ভাব হ’ল তেওঁৰ ঘৈণীয়েক আৰু পৰিয়ালৰ আন মানুহো দেখোন ইতিমধ্যেই তেওঁক বিদায় দিবলৈ সাজু হৈছেই। এনেকৈয়ে মানুহবোৰ হেৰাই যায় আৰু সকলোৱে হেৰাই যোৱাবোৰৰ চিন–চাব পাহৰি যাবলৈ পৃথিৱীখনততো বহুত কিবাকিবিয়েই আছে। মোৰো দেখোন ভাব হৈছে মানুহজন সোনকালে পাৰ হ’লেই তেওঁৰ নিজৰ কাৰণেও ভাল।
“বেলেগ এখন হাস্পটাললৈ মোক নিব খোজে। কিন্তু মই জানো বহুত টকা–পইচা এনেয়ে পানীত পেলাব ইহঁতে। মইতো আৰু বেংকত এসোপা টকা থৈ যাব নোৱাৰিলোঁ। অৱশ্যে, মোৰ দাদা বহুত টকা–পইচাৰ মানুহ। মোক লাগ বুলিলেই যিমান লাগে সি মোক দিব; সেইটো মই জানো। পিছে মোৰহে হাত পাতিবলৈ মন নাই।”
মই হয়, হয় বুলি তেওঁৰ কথাবোৰ শলাগি গ’লোঁ। ইতিমধ্যেই শ্ৰীমতী প্ৰসাদ আহি কাষতে থিয় হৈছিল। পাতল নীলা কাপোৰ এসাজেৰে তেওঁক বৰ ভাল লাগিছিল। এটা ফুৰফুৰীয়া সুগন্ধি উৰি আহি মোৰ নাকত লাগিছিল। মোলৈ চাই তেওঁ মিঠা ধুনীয়া হাঁহি এটা মাৰিলে। বগা ডালিমৰ গুটিৰ দৰে দাঁতবোৰৰ পৰা এছাটি পোহৰ ওলাই মোৰ বুকুৱেদি সোমাই গ’ল। প্ৰসাদলৈ মোৰ অলপ ইৰ্ষা হ’ল।
“ধন্যবাদ দেই আপোনাক। আপুনি থকা কাৰণেই নিশ্চিন্ত মনে অলপ আঁতৰ হ’ব পাৰিলোঁ। বৰ ভাগৰ লাগি আছিল দুদিনমানৰ পৰা।” শ্ৰীমতী প্ৰসাদে কৃতজ্ঞতাৰ ভাব এটা মুখত লৈ ক’লে। মোৰ বুকুখনৰ কোনোবাখিনি কিবা ভাল লগা অনুভূতি এটিয়ে পাতল কৰি তুলিলে। তেওঁৰ ওচৰত বহি অলপ দীঘলীয়াকৈ সুখ–দুখৰ কথা পাতিবৰ মন গ’ল। তেওঁৰ সুখ–দুখবোৰ ভগাই ল’ব পাৰিলে বৰ সুন্দৰ কথা এটা হ’লহেঁতেন।
মোক আচৰিত কৰি প্ৰসাদৰ কথা মতে তেওঁ মোৰ ফোন নম্বৰটোও ল’লে। মনে মনে বৰ ভাল পালোঁ। শ্ৰীমতী প্ৰসাদৰ লগত মাজে মাজে কথা পাতিব পাৰিলে ভালেই লাগিব, তেওঁক কিবা সহায় কৰিব পাৰিলে আৰু বেছি ভাল লাগিব।
ৰাতি খুৰা আৰু প্ৰসাদে বহুত কথা পাতিলে। খুৰাই নিউজ চাই চাই বৰ্তমানৰ ৰাজনৈতিক অৱস্থাৰ ওপৰত নিজৰ বিশ্লেষণ আগবঢ়াবলৈ আৰম্ভ কৰিছিল। লগতে প্ৰসাদেও উজান দিলে। দেখা গ’ল দুয়োজনৰে ৰাজনৈতিক মতাদৰ্শ মিলে। কাৰণ দুয়োজনেই একে কেইজন নেতাকেই পাৰে মানে গালি পাৰিলে। শ্ৰীমতী প্ৰসাদ আৰু মই নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকিলোঁ। ইচ্ছামতে লৰচৰ কৰিব নোৱৰা ৰোগীৰ কাৰণে বহুতো কাম কৰিব লগা হয়। মই দুই–এটা কামত তেওঁক সহায়ো কৰিব লগা হ’ল। মাজতে ডাক্তৰ আৰু নাৰ্চ আকৌ আহি ৰোগী চাই গ’ল। খুৰাৰ লগত কথা পাতি পাতি প্ৰসাদে বোধহয় এটা সময়ত অলপ লগাতকৈ বেছি উৎসাহিত হৈ পৰিছিল। ডাঙৰকৈ কিবা এটা মত ব্যক্ত কৰিবলৈ ধৰোঁতে তেওঁৰ মূৰটো সামান্য জোকাৰ খালে। যন্ত্ৰণাভৰা তীব্ৰ চিঞৰ এটাই আমাক সকলোকে ভয় খুৱাই দিলে। শ্ৰীমতী প্ৰসাদ আৰু মই দহমিনিটমানৰ চেষ্টাৰ অন্তত কিবাকৈ মানুহজনক শান্ত অৱস্থালৈ ঘূৰাই আনিব পাৰিলোঁ। তেওঁৰ যন্ত্ৰণা দেখি মোৰ খুব বেয়া লাগিছিল। শ্ৰীমতী প্ৰসাদে অসহায়ভাৱে ভাগৰ আৰু ভয়তে ফোঁপাইছিল। তেওঁৰ চকুৰ কোণত দুটোপাল চকুলো দেখিছিলোঁ। মোৰ পৰা লুকুৱাই সেইবোৰ মচি পেলোৱাটোও মই গম পাইছিলোঁ। মানুহজনীলৈও বেয়া লাগিছিল।
নিশা হোটেলত ভাত খাই আহি মই সৰু বিছনাখনত অলপ সময় বহিছিলোঁ। খুৰাৰ আৰু প্ৰসাদৰ টোপনি আহিছিল। টোপনিতে প্ৰসাদে এবাৰ হুমুনিয়াহৰ দৰে দীঘলকৈ উশাহ এৰিছিল। সপোন দেখিছিল কিজানি। তেওঁৰ সৰলতাৰে ভৰা মুখখনলৈ চাইছিলোঁ। টোপনিত মুখৰ জটিল ৰেখাবোৰো এনেদৰে সৰল হৈ পৰেই সকলোৰে। কাষৰ বিছনাখনত শ্ৰীমতী প্ৰসাদে কম্বল এখন লৈ শুইছিল। অবিন্যস্ত দীঘল চুলিখিনিৰে তেওঁৰ শান্ত ধুনীয়া মুখখন বাল্বৰ দুৰ্বল পোহৰত ৰহস্যময় হৈ পৰিছিল। সন্তৰ্পণে তেওঁলৈ চাই থাকিলোঁ কিছু সময়। আৰু বা কেইটা দিন বিধৱাৰ সাজযোৰ পিন্ধিবলৈ? কিমান দুখৰ, কিমান কষ্টৰ হ’ব পাৰে তেওঁৰ পাছৰ দিনবোৰ? হাতত ধৰাধৰিকৈ বহু দূৰ অহাৰ পাছত অকলশৰে আগুৱাবলৈ অভ্যস্ত হ’বলৈ কিমান সময় লয় মানুহে?
খিৰিকিৰ ওচৰত গৈ থিয় হ’লোঁ। বাহিৰলৈ চাই পঠিয়ালোঁ। শুই পৰা নগৰখনৰ ঘৰবোৰে আকাশৰ তলত জিৰণি লৈছে। বহুতো ঘৰে আকাশখন চুবলৈ চেষ্টা কৰিছে। আকাশত কেইটামান তৰাই বিমৰ্ষভাৱে চকু টিপিয়াই আছে। বহল ৰাস্তাটোৰে মাজে মাজে তীব্ৰ বেগত গাড়ী একোখন পাৰ হৈ গৈছে। ক’লৈ গৈছে কোনে জানে?
ফুটপাথত কম্বলৰ তলত শুই থকা এজাক মানুহ। এইখন হাস্পটাললৈ চিকিৎসাৰ বাবে অহাসকলৰ মাজত বহুতো দুখীয়া মানুহো আছে যাৰ হোটেল বা লজ এখনত দুদিনলৈ থকাৰ সম্বলখিনিও নাই। তেওঁলোকে ফুটপাথতেই দিনবোৰ, ৰাতিবোৰ পাৰ কৰে। এটাই ভাল লগা কথা যে কম খৰচতেই চিকিৎসা সেৱা প্ৰদানৰ ব্যৱস্থাও এইখন হাস্পটালত আছে। নহ’লে এই মানুহখিনিয়ে কি কৰিলেহেঁতেন, কোনে জানে? কিমান দুখ তেওঁলোকৰ জীৱনত!
কিন্তু সকলোৰে জীৱনত কিবাকিবি দুখ থাকেই। য’লৈকে মানুহবোৰ যায় দুখবোৰো লগে লগে যায়। জীৱনৰ পথটো সদায় মসৃণ হৈ ৰ’ব বুলি ভাবি লোৱাটোৱেই বোধহয় আমাৰ ভুল। মোৰ শাৰীৰিক বিকৰ্ষণীয়তাৰ কাৰণে নিঃসংগ জীৱন এটাকে সাবটি ল’ব লগা হ’লোঁ। অফিচৰ সহকৰ্মীসকলে দিনটোৰ কামৰ শেষত ঘৰলৈ যাবলৈ লৰা–ধপৰা লগায়; কাৰণ সিহঁতলৈ বহু হাঁহি, মৰম আৰু অভাৱ–অভিযোগ লৈ ঘৰবোৰ ৰৈ থাকে। মই লাহে–ধীৰে ঘৰলৈ ঘূৰোঁ। মোৰ ঘৰৰ সেমেকা শূন্যতাই কাৰো বাবে অপেক্ষা কৰি নাথাকে। এইটো মোৰ দুখ। গিৰিয়েকৰ অবিহনে সম্মুখৰ নিৰানন্দৰ সুদীৰ্ঘ পথছোৱা শ্ৰীমতী প্ৰসাদে অকলশৰেই আগবাঢ়িব লাগিব। সেইটো হয়তো তেওঁৰ দুখ। নিজৰ সৰু পৰিয়ালটোক হঠাতে এৰি যাব লগাৰ চিন্তাটোৱে প্ৰসাদৰ শেহৰ দিন কেইটাওতো দুখেৰেই পূৰ কৰি ৰাখিছে।
বিছনাত উঠি বেৰত আউজি বহি পৰিলোঁ। ক’ব নোৱৰাকৈয়ে চিলমিল টোপনি এটাৰ মাজলৈ গুচি গ’লোঁ।
“শুলে নেকি?” কাৰোবাৰ মাতত সাৰ পালোঁ। কিমান সময় শুইছিলোঁ ক’ব নোৱাৰোঁ। মূৰ তুলি চালোঁ; শ্ৰীমতী প্ৰসাদ ওচৰতে থিয় হৈ আছে।
“ভালকৈ শোৱা নাই। এনেয়ে অলপ।”
দুৰ্বল পোহৰত জিলিকি উঠা তেওঁৰ লাহি শৰীৰটো বৰ বেছি ধুনীয়া লাগিছিল। তেওঁ অলপ সময় নীৰৱে থিয় হৈ ৰ’ল। কি সুধিম, ভাবি পোৱা নাছিলোঁ।
“বহোঁ নে ইয়াতে?”
“নিশ্চয়। বহক, বহক!” মই ভৰি কোঁচাই তেওঁক বহাৰ সুবিধা কৰি দিলোঁ।
কেই ছেকেণ্ডমান পাৰ হ’ল। খুৰা আৰু প্ৰসাদ এতিয়াও গভীৰ টোপনিত।
“কিয় এনে হয়? মোৰ খুব ভয় লাগিছে, জানে?”
“কিহৰ ভয়?” একো নজনাৰ ভাও ধৰি সুধিলোঁ।
“অকলে অকলে মই পাৰিম নে? বিয়াৰ পাছৰ ইমান বছৰ এওঁ মোক আগুৰি আছিল। ঘৰৰ কোনেও আমাক ভাল নাপায়। আৰু এতিয়া মোক অকলে এৰি যাবলৈ ওলাইছে। ল’ৰা–ছোৱালী দুটাক কেনেকৈ ডাঙৰ কৰিম অকলে অকলে?” এটি উচুপনিয়ে তেওঁৰ মাতটো শেহলৈ থোকাথুকি কৰি আনিছিল যদিও তেওঁ নিজকে চম্ভালি ল’লে।
তেওঁলোকৰ ল’ৰা–ছোৱালীহাল সৰু হৈ থকা নাই। কিন্তু জীৱনৰ যুঁজখনলৈ সাজু হ’ব পৰা বয়সো সিহঁতৰ হোৱা নাই। নিজৰ মাক–দেউতাক দুয়োৰে মৰম সিহঁতে আৰু কেইবছৰমান পোৱা হ’লে খুবেই ভাল হ’লহেঁতেন। পিছে জীৱন প্ৰায়েই তেনেকুৱা নহয় যেনেকুৱা ই হ’ব লাগে বুলি আমি ভাবোঁ। সান্ত্বনা দিবলৈ চেষ্টা কৰি ক’লোঁ, “আপুনি হতাশ নহ’ব। সকলোবোৰ ঠিক হৈ যাব। আৰু সকলোবোৰেই চলি যায়।”
তেওঁ মোলৈ চকুযুৰি তুলি চালে। পোহৰ এছাটি মোৰ বুকু ভেদি পাৰ হৈ গ’ল। ইমান ধুনীয়া, ইমান কৰুণ এহালি চকু! কিছু সময় নীৰৱতাৰে পাৰ হ’ল।
“এইবিলাক কথা ভাবিলে এনে লাগে যেন বিয়া–চিয়া নোহোৱাই ভাল আছিল।” তেওঁ আকৌ ক’লে।
“তেনে কথা নহয়। কিছুমান সমস্যা সদায়েই থাকে।” মই ক’লোঁ।
“হ’ব পাৰে। তথাপি … “ অলপ সময় তভক মাৰি ৰৈ তেওঁ আকৌ ক’লে, “আপুনি বিয়া নকৰালে কিয়?”
তেওঁক মোৰ কথাটো তাৰ মানে গিৰিয়েকে ক’লে। অলপ অস্বস্তি অনুভৱ কৰিলোঁ। মোৰ চেহেৰা–পাতি, সাজ–পোছাক দেখিলে তেওঁ নিজেই দেখোন কিবা এটা ধাৰণা কৰি ল’ব পাৰে। ক’লোঁ, “বিয়া–চিয়া সকলোৰে ভাগ্যত নাথাকে নহয়। ভগৱানেই মোৰ কপালত বিবাহৰ সুখ নিলিখিলে কিজানি।”
“আপুনিয়েই ইচ্ছা কৰা নাই নেকি। নহ’লে আপোনাৰ কি চিন্তা? নে আপোনাৰ সাহস নাই?” তেওঁ মোলৈ চাই ক’লে।
আকৌ অস্বস্তিৰ ঢৌ এটাই মোক কোবাই গ’ল।
“অকলে অকলে কথাবোৰ বহুত কঠিন নহয়নে? কাৰোবাৰ হাত এখনত ধৰি আগুৱাব পাৰিলে কথাবোৰ বহুত সহজ হৈ পৰে নহয়?”
মই কি ক’ম? মইতো অকলশৰেই জীৱনৰ আধা দিন পাৰ কৰি আহিলোঁ। “হয়। কিন্তু সকলোৰে সেইকণ ভাগ্য নাথাকে।”
“হয়। মোৰ যি আছিল সেয়াতো সকলোবোৰ হেৰাব, এখন হাত, মৰমভৰা, ভাৰসাৰ, সহায়ৰ এখন হাত …!” অলপ ৰৈ তেওঁ মোৰ একেবাৰে ওচৰলৈ আহি বহিল। তেওঁৰ দেহৰ এটি সৌৰভে মোৰ মনটো অকণমান অস্থিৰ কৰি তুলিলে। নিসংকোচে এখন হাত মোৰ মুখৰ আগত ৰাখি ক’লে, “চাওকচোন মোৰ হাতখন। আপুনি হাত চাব জানেনে?”
“নাই। নাজানো।” লাহেকৈ ক’লোঁ।
“মই কিন্তু জানো।” আন হাতখনৰ তৰ্জনী আঙুলিৰে দেখুৱাই ক’লে, “এই ৰেখাডাল দেখিছে। কি বুজাইছে জানে? মই কেতিয়াও বিধৱা নহ’ম। মোৰ জীৱনত কেৱল সুখ আৰু সুখ। কিন্তু ক’তা – মই দেখোন …।” অলপ পৰ ৰৈ তেওঁ আকৌ ক’লে, “এওঁৰো জীৱনৰেখা বৰ দীঘল। কিন্তু কি হৈ গ’ল!”
“সেইবিলাক কথা বিশ্বাস কৰিব পাৰি জানো?” বৰ লাহেকৈ ক’লোঁ, নহ’লে বিশ্বাসত আঘাত লাগিলে তেওঁ ক্ষুণ্ণ হ’বও পাৰে।
“আপোনাৰ হাতখন দিয়কচোন।” মোক আচৰিত কৰি তেওঁ মোৰ সোঁহাতখন নিজৰ হাতত তুলি ল’লে। মুখখন হাতখনৰ কাষলৈ নি তেওঁ কিবা চাবলৈ ধৰিলে মনোযোগেৰে। তেওঁৰ হাত দুখন ধুনীয়া। জোঙা আঙুলিৰ নখবোৰত ৰঙা নে গোলাপী পলিচ লগোৱা। মোৰ খহটা হাতত তেওঁৰ মিহি হাতৰ পৰশ লগা কাৰণেই নেকি এটা ৰিমজিম ভাব গোটেই শৰীৰতে অনুভৱ কৰিলোঁ।
“আপোনাৰ হাতখন খুব ভাল। এই ৰেখাডাল চাওকচোন!” তেওঁ মোৰ হাতৰ ৰেখাবোৰলৈ চাই চায়ে ক’লে। মোৰ চকু দুটাই গোপনে তেওঁৰ গোটেই শৰীৰৰ ওপৰেৰে বগাই গ’ল। দুকূল ওপচা নদীৰ দৰে এটা ভৰুণ দেহা। মোৰ নিজকে মন্দিৰৰ ওচৰত ফটা–ছিটা কাপোৰেৰে ৰৈ থকা এজন নিঃস্ব ভিখাৰী যেন অনুভৱ হ’ল।
“আপোনাৰ হাতখন অসাধাৰণ। বৰ ভাগ্যবান আপুনি। জীৱনত যি বিচাৰে তাকেই পাব। এখনি হাত বিচাৰি নলয় কিয়? কেৱল আপোনাৰ কাৰণে। খুব সহজ নহ’ব জানো আপোনাৰ কাৰণে এয়া।” মোৰ হাতখন এৰি নিদিয়াকৈয়ে তেওঁ ক’লে।
আচলতে এই কামটো মোৰ বাবে কিমান সহজ সেইটো মোতকৈ ভালকৈ আৰু কোনে জানে? ক’লোঁ, সহজ হ’লে মই জানো এনেকৈ থাকোঁ আজি। সকলোৰে জীৱনত ভাগ্য বুলিও এটা কথা থাকে নহয় জানো।
“সকলো সম্ভাৱনাৰ কথা। মই ভাবিছিলোঁ, শেহলৈকে একেলগে গৈ থাকিম। আৰু এদিন একেলগেই শুই পৰিম।” মোৰ হাতখন তেওঁ এৰি দি তেওঁ খুব লাহে লাহে কৈছিল।
মই একো নক’লোঁ। এটা সুন্দৰ সপোন সকলোৱেই দেখে। কিন্তু জীৱনৰ ওখোৰা–মোখোৰা পথটোৰ এটা বৈশিষ্ট্য, বোধহয় এটা ৰোমাঞ্চকৰ বৈশিষ্ট্যই হ’ল যে ভবা মতে কথাবোৰ প্ৰায়েই নহয়। আমি অপ্ৰত্যাশিত সময়ত ইজনে–সিজনৰ পৰা এৰাএৰি হোৱাৰ সম্ভাৱনাটো বৰ প্ৰবল। তেওঁ কিছুসময় এনেয়ে বহি থাকিল। ময়ো একো ক’বলৈ বিচাৰি পোৱা নাছিলোঁ।
যাবলৈ থিয় হৈ তেওঁ ক’লে, “খুব অসহায় বোধ কৰিছোঁ জানে। হয়তো আপোনাৰ লগত কথা পাতিলে মনটো পাতল লাগিবও পাৰে। ক’ব নোৱাৰোঁ কিয় – এনে লাগিছে যেন আপোনাক মই সকলো কথাই ক’ব পাৰিম। আপুনি যেন মোৰ বহু ওচৰৰ কোনোবা এজন। এটা অনুৰোধ, মই ফোন কৰিলে নুঠোৱাকৈ নাথাকিব।”
“নিশ্চয়। কিয় নুঠাম বাৰু? ফোন কৰিব। মই ভালহে পাম।”
তেওঁ নিজৰ বিছনাখনলৈ গৈ কম্বলখন গাত জাপি লৈ শুই পৰিল। মই এনেয়ে কিছু সময় খিৰিকিৰে বাহিৰলৈ চাই থাকিলোঁ। মনটো উৰুঙা উৰুঙা লাগি গৈছিল। মোৰ দৰে দাঁত–নখবিহীন অথৰ্ব জন্তু এটাৰ পৰা একো অপকাৰ নহয় বুলি তেওঁ ভালকৈয়ে বুজি পাইছে বোধহয়। থিয় হৈ তেওঁৰ ধুনীয়া মুখখনলৈ সন্তৰ্পণে কেইমুহূৰ্তমান চাই ৰ’লোঁ। তাৰ পাছত মূৰে–গায়ে কম্বলখন মেৰিয়াই লৈ বিছনাত বাগৰি পৰিলোঁ।
পুৱা নাৰ্চৰ মাততেই সাৰ পাইছিলোঁ। ডাক্তৰে খুৰাক চাই ক’লে আৰু দুদিনমান পাছত তেওঁক ৰিলিজ দিব পৰা যাব। প্ৰসাদহঁতৰ যোৱাৰ খদমদম লাগিছিল। মানুহজনৰ শালপতিয়েক আৰু খুলশালীয়েক আহি ওলাইছিল পুৱাই। বস্তুবোৰ গোটাই মেলি লোৱাত তেওঁলোকে শ্ৰীমতী প্ৰসাদক সহায় কৰি আছিল। খুৰাক মাজে মাজে প্ৰসাদে এষাৰ–দুষাৰ কথা সুধিছিল। প্ৰসাদহঁত যাব কাৰণেই নেকি খুৰাৰ মুখখনত উদাস উদাস ভাব এটা লাগি আছিল। খুৰাৰ স্বভাৱেই এইটো, দুদিনৰ বাবে লগ পোৱা মানুহ এজনৰ লগতো তেওঁৰ আত্মিক সংযোগ এটা স্থাপন হৈ যায়। মই মুখ ধুই আহি সৰু বিছনাখনত এনেয়ে বহি থাকিলোঁ। মাজে মাজে প্ৰসাদহঁতৰ ফালেও চাইছিলোঁ। শ্ৰীমতী প্ৰসাদ বস্তুবোৰ ঠিক–ঠাক কৰি লোৱাত খুব ব্যস্ত আছিল। তথাপিতো তাৰ মাজতে খুৰাৰ ওচৰলৈ এবাৰ আহি সেৱা জনাই খুৰাৰ মংগল কামনা কৰি গ’ল। সেইখিনিতেই খুৰা বিগলিত হৈ পৰিছিল।
দুটামান ঔষধ কিনিবলৈ মই হাস্পটালৰে তলৰ মহলাত থকা ফাৰ্মাচীখনলৈ গ’লোঁ। ঔষধ ল’বলৈ শাৰী পাতি থাকোঁতে কাৰোবাৰ চিনাকি যেন লগা মাত শুনি ঘূৰি চালোঁ। দেখিলোঁ প্ৰসাদৰ শালপতিয়েক অৰু খুলশালীয়েক দুয়ো। তেওঁলোকেও ঔষধ নিবলৈকে আহিছে বোধহয়। মোক দেখিলে নে নাই ক’ব নোৱাৰিলোঁ।
“চলিব পাৰিব দিয়া। চলিবতো লাগিবই এনেকৈ। পিছে বাইদেউজনী চালাক নহয় যে সেইটোৱে দিগদাৰ।” প্ৰসাদৰ খুলশালীয়েকে কোৱা শুনিলোঁ।
“মোৰ হ’লে বেলেগ এটা ডাঙৰ চিন্তাহে হৈছে। তুমি বা আকৌ কি ভাবা?” গিৰিয়েকে অনুচ্চ কণ্ঠেৰে কৈছিল।
“কি?”
“মোৰ পইচাখিনি কেতিয়া ঘূৰাই পাম। দেৰী কৰিলে মোৰ বৰ দিগদাৰ হ’ব নহয়। তুমিতো জানাই আমাৰ কেনে অৱস্থা।”
“মোৰো চিন্তা হৈছে। বাইদেউক এতিয়া সুধিবও নোৱাৰোঁ। সুধিলে কি ভাবিব?”
“কিন্তু এতিয়া নাপালে কেতিয়া ঘূৰাই পাবা ভাবি চোৱাঁ এবাৰ। মোকোনো কিহে পাইছিল সোধাৰ লগে লগে টকা যোগাৰ কৰি দিব পাৰিম বুলি ক’বলৈ। এতিয়া ঘূৰাই পাওঁ নে নাপাওঁ সন্দেহ হ’বলৈ ধৰিছে। পালেও কোন যুগত পাওঁ তাৰ ঠিকনা নাই।”
“নিজৰ ঘৰৰ মানুহৰ খবৰেই নাই। ককায়েক বোলে বৰ ধনী মানুহ। পিছে এটা টকা দিলে নে এই হেন বিপদৰ সময়ত?”
“আমি মহামুৰ্খ। আমাক ৰখীয়া পাতি থৈ বাকীবোৰ পলাইছে। মোৰ ছুটীবোৰো শেষ কৰি পেলালোঁ। আজিৰ দিনত কোনেও কাৰো কাৰণে এনেদৰে মৰিব নোৱাৰেহে।” প্ৰসাদৰ শালপতিয়েকে বিৰক্তিৰে কৈছিল।
সিহঁত দুটাই আৰু কিবাকিবি আলোচনা কৰিছিল – প্ৰসাদক বেলেগ এখন হাস্পটাললৈ নিলেও যে মিছামিছি এসোপা টকা পানীত পেলোৱা হ’ব, সেইটো কথা সিহঁতে বুজিছিল। কিন্তু বাইদেৱেকৰ আশা, কিবা এটা কিজানি হয়েই।
ঔষধ দুটা কিনি মই আকৌ বেগাবেগিকৈ ৰূমলৈ আহিলোঁ। দুৱাৰমুখতে শ্ৰীমতী প্ৰসাদৰ গাত ডাঙৰকৈ খুন্দা এটা মাৰিলোঁ। তেওঁ হামখুৰি খাই পৰিবলৈয়ে ধৰিছিল, কিন্তু মোৰ এখন হাতত ধৰি কিবাকৈ নপৰাকৈ ৰ’ল। “উঃ!” তেওঁ মোৰ ফালে চাই মিচিকিয়াই হাঁহিছিল। মোৰ হাতখন এৰি নিদিয়াকৈ শুন–নুশুনকৈ তেওঁ কৈছিল, “এই কাৰণেই এনে এখন হাতৰ বৰ প্ৰয়োজন, নহয়নে?” মোৰ গোটেই শৰীৰেৰে ৰিমজিম ভাব এটাই সাপৰ দৰে বগাই গ’ল।
শালপতিয়েক আৰু মই ধৰাধৰিকৈ আনি প্ৰসাদক হুইল চেয়াৰ এখনত বহুৱাই দিলোঁ। প্ৰসাদ মানুহজন ওখ–পাখ আৰু ঘৈণীয়েকৰ লগত মিলা ধৰণে সুপুৰুষ। আমি তেওঁক ধৰি ধৰি সাৱধানে চেয়াৰখনত বহুৱাই দিয়াৰ সময়খিনিত ভয়তে তেওঁৰ মুখখন শুকাই টেমী যেন হৈছিল। মূৰটো বেয়াকৈ লৰচৰ কৰিব পাৰে বুলি ভয় কৰিছিল বোধহয়। সকলোখিনি ঠিকে–ঠাকেই গৈ আছিল। পিছে প্ৰসাদে পানী খাব খুজিলে তেতিয়া আৰু পানী খাই থাকোঁতে তেওঁৰ মূৰটোত সামান্যভাৱে জোকাৰ খালে বোধহয়। “আ..আ..আ…।” এটা বিকট যন্ত্ৰণাকাতৰ চিঞৰ মাৰি মুখৰ পানীখিনি তেওঁ উলিয়াই মাৰি পঠিয়ালে। মোৰ গাতো পানী পৰিছিল। ওচৰৰ ৰূমৰ মানুহ দুজনমান কি হৈছে চাবলৈ দৌৰি ওলাই আহিল।
“অ’ মোৰ মূৰটো কাটি দে ভাই! অ’ মই নহ’লে মৰি যাম।” চিঞৰি চিঞৰি তেওঁ কি কৈছিল নিজেই গম পোৱা নাছিল।
“কাটি দিওঁ নেকি সঁচাকৈয়ে?” শালপতিয়েকে ধেমালি কৰি কৈছিল। দুজনমানে হাঁহিছিল কথাষাৰ শুনি। শ্ৰীমতী প্ৰসাদেও হাঁহিছিল। আতংক আৰু যন্ত্ৰণাত কুঞ্চিত হৈ অহা প্ৰসাদৰ মুখখনলৈ চাইছিলোঁ। কাৰো সামান্য ঠাট্টা–বিদ্ৰূপ অনুভৱ কৰাৰ ধৈৰ্যও বোধহয় তেওঁৰ আৰু নাছিল। কিছুসময় পাছত তেওঁ নিজে নিজে শান্ত হৈ আহিছিল। হুইল চেয়াৰখন ঠেলি শালপতিয়েকে তেওঁক খুৰাৰ বিছনাৰ ওচৰলৈ লৈ গ’ল। “মই যাবলৈ ওলালোঁ। আপোনাক লগ পাই বৰ ভাল লাগিল। আপুনি বৰ ভাল মানুহ। কিন্তু আপোনাক আৰু লগ পাবলৈ মোৰ সময় নহ’ব কিজানি। মোৰ কাৰণে বৰ দিগদাৰ হ’ল আপোনাৰ। ক্ষমা কৰি দিব।” খুৰাক হাতযোৰ কৰি কৈছিল প্ৰসাদে।
“কিনো কোৱা মোৰ বোপাই! মই কিয়নো দিগদাৰ পাম তোমাৰ পৰা? ভগৱানে তোমাৰ মংগল কৰিব দিয়া! তুমি চিন্তাই নকৰিবা!” খুৰাই অসমীয়াতে কথাষাৰ ক’লে। প্ৰসাদহঁতে যে অসমীয়া বুজি নাপায় সেইটো তেওঁ পাহৰি গৈছিল। প্ৰসাদৰ চকুৰ একোণত পানী জমা হৈছিল। শ্ৰীমতী প্ৰসাদে ৰুমাল এখনেৰে সেইখিনি বৰ সাৱধানে মচি দিছিল।
“ভাই, আপুনি বৰ ভাল মানুহ। বৰ সহায় কৰিলে আমাক এই দুইদিন।” প্ৰসাদে মোকো হাতযোৰ কৰি কৈছিল, “আৰু লগ নাপাম কিজানি আপোনাক। মোক বেয়া নাপায় যেন। মোৰ ল’ৰা–ছোৱালী দুটাক পাৰিলে অলপ চাব।”
ময়ো প্ৰতি নমস্কাৰ জনাই “হ’ব, হ’ব। আপুনি চিন্তাই নকৰিব।” জাতীয় দুষাৰমান কিবা কৈছিলোঁ।
লিফ্টলৈকে ময়ো তেওঁলোকৰ লগত গ’লোঁ। হুইলচেয়াৰত বহি প্ৰসাদ আৰু তেওঁলোক বাকী কেইজনো লিফ্টত সোমাল। লিফ্টৰ দুৱাৰ বন্ধ হোৱাৰ ঠিক আগতে শ্ৰীমতী প্ৰসাদে মোলৈ চাই মিঠা হাঁহি এটি মাৰি চকুৰে বিদায় লোৱাৰ ইংগিত এটা দিলে। এছাটি পোহৰ আকৌ মোৰ বুকু ভেদি পাৰ হৈ গ’ল।
লিফ্টৰ দুৱাৰখন বন্ধ হৈ গ’ল।
আৰু মই খুৰাৰ ওচৰৰ পৃথিৱীখনলৈ লাহে লাহে ঘূৰি আহিলোঁ।