বৰগছ

লেখক- প্ৰণামিকা অধিকাৰী

অগণন মানুহ। অহা আহিছে, যোৱা গৈছে। সকলোৰে খোজৰ গতি খৰ। সকলো ব্যস্ত। কিহত ব্যস্ত

প্ৰায়বোৰেই মোবাইলত কথা পাতি গৈছে। আনকি গাড়ী বাইক আদি চলাওঁতেও কথা। কিহৰ ইমান কথা! সকলোকে মুহূৰ্ততে খবৰবোৰ লাগে। ৰবলৈ কাৰো সময় নাই। 

তাৰ পিচিঅটো থাকোঁতে ফোন কৰিবলৈ অহা মানুহৰ দীঘলীয়া শাৰী। ফোনত কথা পাতি থকাজনৰ সময় অলপ বেছি হলেই প্ৰথমে গুণগুণনি, তাৰপাছত উচ্চস্বৰত বাকবিতণ্ডা। কোনোবাই কেঁচুৱা এৰি আহিছে, কোনোবাই বেমাৰী এৰি আহিছে, কোনোবাই স্কুলৰ পৰা অফ পিৰিয়ডত আহিছে। সি মধ্যস্থতা কৰিবলগীয়া হৈছিল। মানুহবোৰ শান্ত হৈছিল। 

মানুহবোৰ ইমান সোনকালে অশান্ত হৈ উঠে কিয়? কাৰো ভাবানুভূতিৰ প্ৰতি কাৰো আদৰ নাই। সকলো ব্যস্ত কেৱল নিজক লৈ। এনেদৰেই পৃথিৱীখন চলেনে? এনেদৰেই শেষ হয়নে জীৱন? হয়। এনেকৈয়ে জীৱন শেষ হয়। এচামে হাহুমুনিয়াহ কাঢ়ি আৰু এচামে ধনদৌলতৰ বিলাসিতাত উটিভাহি। কোনো কাৰো নহয়। কোনেও কাৰো বাবে নাভাবে। প্ৰত্যেকৰে নিজা নিজা বৃত্ত একোটা থাকে। বৃত্তবোৰ ইটোসিটোৰ গাত লাগিলেও একো নহয় কাৰণ কেন্দ্ৰ অৰ্থাৎ মনবোৰ দূৰত থাকে। মানুহে শৰীৰৰ ওপৰত পোছাক পিন্ধে। মনবোৰৰ ওপৰতো পিন্ধে। আৰু এই আৱৰণে আঁতৰাই ৰাখে সকলোকে আনৰ পৰা। তাৰোতো এটা আৱৰণ আছে মনৰ। সিয়োতো কাকো তাৰ মনৰ কথা উদঙাই নিদিয়ে। দিব বিচাৰে সি। কিন্তু শুনিবলৈ কাৰো আহৰি নাই। 

প্ৰভা? নাই নাই, তায়ো আন সকলোৰে দৰেই। কেৱল পাকঘৰৰ প্ৰয়োজনীয় বস্তুৰ চিন্তা। শাহুৱেকৰ দৰৱ। লৰাছোৱালীৰ স্কুলৰ মাচুল। নাঃ তাৰমাজত তাৰ মনটো উদঙাই দি তাইক কষ্ট দিয়াটো অনুচিত। 

কি যে বাৰেবিংকৰা কথাবোৰ মনলৈ আহিছে! কাম নোহোৱা সময়ত আজিকালি সি এনে ওপঙা কথাবোৰেই ভাবি সময় পাৰ কৰে। আচলতে পাৰ নকৰে, হৈ যায়। বহুসময় পাৰ হৈ যায় এনেদৰে আৰু তাৰপাছত এবুকু বিষাদ লৈ দোকানত তলা মাৰি ঘৰলৈ ওভতে। হাতত কিবা টোপোলা নিব পৰা দিনত তাৰ মনটোত জোনাকী পৰুৱাৰ পোহৰৰ দৰে হতাশাৰ মাজতো এচেৰেঙা হাঁহি থাকে। নহলে তলমূৰ কৰি গোমোঠা মুখেৰে সোমায়গৈ। শৰ্য্যাগত মাকৰ কাষত এপলক ৰৈ সি পিছফালে গৈ হাতমুখ ধুই দুগিলাচ চেঁচা পানী খাইঅইন একো খাবলৈ মন যোৱা নাই বুলি’’ বিছনাত পৰে। পেটে কলমলাই থাকিলেও মুখেৰে প্ৰকাশ নকৰে। ৰাতি প্ৰভাই জোৰকৈ টানি নি তাক ভাতৰ পাতত বহুৱায়। আলুৰ লগত শাকপাত মিহলাই কৰা ভাজি আৰু ভাত। 

    * * *

মেট্ৰিক পৰীক্ষা দিয়াৰ বৰ্ষতে মদনৰ দেউতাক ঢুকাইছিল। এ এচ ই বিৰ লাইনমেন আছিল। মাষ্টাৰ ৰোলৰ কৰ্মী। অস্থায়ী। লাইনৰ কাম কৰি থাকোঁতে বিদ্যুত প্ৰবাহ হৈ ত্ৰিশ ফুট ওখ খুটাৰ পৰা তলৰ শিলৰ দমত পৰি লগে লগে তেওঁৰ মৃত্যু হৈছিল। বিভাগীয় গাফিলতি। তাকে লৈ মাষ্টাৰ ৰোলত কাম কৰা সকলো বিভাগৰ কৰ্মীসকল জাঙুৰ খাই উঠিল। ধৰ্মঘট, সমদল, স্মাৰকপত্ৰ, কাম বন্ধ আদিৰে আন্দোলন হল। উপযুক্ত ক্ষতিপূৰণ দিব লাগে। অস্থায়ী পদত আছিল বাবে কৰ্মৰত অৱস্থাত বিভাগৰ গাফিলতিতে মৰিল যদিও তেওঁৰ ঠাইত পৰিয়ালৰ কোনোৱে অনুকম্পামূলক নিযুক্তি নাপায়। দুদিনমান আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিলে। লাহে লাহে আন্দোলন শাম কাটিল। আন্দোলনৰ ফলশ্ৰুতিত দহহাজাৰ টকা ক্ষতিপূৰণ হিচাপে মদনৰ মাকলৈ আগবঢ়োৱা হল। দুজনমান নেতাক নিয়মীয়া পদত মকৰল কৰা হল। দুজনমানে পাবলগীয়া বানচৰ ওপৰঞ্চি বানচ লাভ কৰিলে। মদনৰ মাকে আৰ ঘৰ তাৰ ঘৰ কৰি হায়ৈ বিয়ৈ কৰি ফুৰোঁতে চাচিনাকি হোৱা দুঘৰমানতপাৰ্ট টাইমকাম কৰিবলৈ ললে। মদনহঁতৰ জীৱন অন্যফালে ঢাল খালে। দ্বিতীয় বিভাগত মেট্ৰিক পাছ কৰি সি বাপেকৰ অফিচৰ পৰা পোৱা দহহাজাৰ টকাৰে অৱশেষত এটা পিচিঅখুলিলে। 

প্ৰথম অৱস্থাত মদনৰ ব্যৱসায় ভাল চলিল। তাক দেখি আন কেইবাটাও পিচিঅগঢ়ি উঠিল যদিও পুৰণা গ্ৰাহকক ধৰি ৰখাৰ কিটিপ জানে বাবেই তাৰ বৰ লোকচান নহল। কিন্তু মোবাইল ফোন অহাৰ লগে লগে তাৰ পিচিঅৰ গ্ৰাহক কমি আহিব ধৰা দেখি সি টাইপ ৰাইটাৰ এটাও আনি ললে। মাত্ৰ এবছৰ নে দুবছৰ পিছত টাইপৰাইটাৰৰ কাম নোহোৱা হল। সকলোৱে কম্পিউটাৰত ডিটিপি কৰাৰ কথাহে কয়। সি কম্পিউটাৰৰ কাম নাজানে। ডিটিপি কেনেকৈ কৰে শিকা নাই। মাকৰ সতে আলোচনা কৰি সি বেংকৰ লোন লৈ জেৰক্স মেচিন আৰু কম্পিউটাৰ এটা কিনিলে। লগতে কম্পিউটাৰৰ প্ৰাৰম্ভিক কামখিনি শিকি লৈ পাছপোৰ্ট ফটোৰ পৰা ডিটিপিলৈকে চম্ভালি ললে। দোপতদোপে তাৰ উন্নতি হল। কম সময়তে বেংকৰ লোন মাৰি আজৰি হৈয়ে প্ৰভাক আদৰি আনিলে জীৱনলৈ। সাধাৰণভাৱে দুজনী ভনীয়েককো বিয়া দিলে। উশাহ সলাব নোৱৰাকৈ ব্যস্ত হৈ পৰিল সি। 

বুইছ, সময়ৰ টিকনি আগফালে উৰে বুলি জানই। সেয়ে, মই টিকিব পাৰিছোঁ। তয়ো সময় থাকোঁতে কথাবোৰ ভাবিব লাগিছিল।মদনে তাৰ লগৰ প্ৰভাতক কথাখিনি কোৱা সময়ত তাৰ নদনবদন অৱস্থা। মেট্ৰিক পাছ কৰাৰ পিছত মদনে নিজৰ জীৱিকা লৈ ব্যস্ত হোৱাৰ পৰত প্ৰভাতে নানা সংঘাত জয় কৰি প্ৰথম বিভাগত ইতিহাস প্ৰধান বিষয় হিচাপে লৈ বি এ পাছ কৰিলে। কিন্তু আজিকালি অকল বি এ পাছৰ আদৰ নাই। গতিকে, বি এডো পঢ়িলে। কিন্তু শিক্ষক হবলৈ টেট পৰীক্ষাত উত্তীৰ্ণ হব লাগে। টেট পৰীক্ষাত বহিবলৈ তাৰ অৰ্হতা নাই। টেটৰ বাবে নিৰ্দিষ্ট কৰা নম্বৰ সি মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰীত পোৱা নাছিল। এতিয়া? 

কি কৰোঁ কচোন! ঘৰত মাদেউতায়ো নুবুজা হল। তোৰ দৰে দোকান এখন দিবলৈয়ো চিন্তা, পইচাৰ। মাটি এডোখৰকে বেচোঁ নেকি? 

নেবেচিবি। তোৰ দৰে মোৰো দুবিঘামান মাটি থকাহেঁতেন মই এইদৰে দোকান মেলি নবহিলোঁহেঁতেন। কিবা এটা কৰ! কিন্তু মাটি নেবেচিবি! আমাৰ মাটিবোৰ এনেকৈয়ে বাহিৰৰ মানুহৰ হাতলৈ গৈ আছে, বুজিছ? শাকপাচলিৰ খেতি কৰিব পাৰ দেখোন! 

বান্দৰে ৰন্ধা ভাতৰ চৰুকে দাঙি নিয়ে। খেতি কৰি কেনেকৈ ৰখাবি? 

সেইটোও হয়। 

নীৰৱতাই গ্ৰাস কৰে দুয়োৰে সময়। হৃদয়ত হেজাৰ কথাৰ উকমুকনি। কিন্তু পৰিৱেশে মৌন হবলৈ বাধ্য কৰিছে দুয়োকে। সম্মুখত দীঘল পথ। কাঁইটে ভৰা। কেনেকৈ পাৰ হয়! 

লোন এটা লৈ ইৰিক্সা এখনেই কিনো নেকি? তই গেৰাণ্টৰ হবি? পৰিশোধ কৰাৰ উপায় নাথাকিলে লোন পোৱাটো মস্কিল। 

নালাগে। ব, বেংকৰ মানুহ এজন মোৰ চিনাকি। তেওঁৰ লগত কথা পতাই দিম। তেওঁক অলপ পইচা দিয়াৰ প্ৰতিশ্ৰুতি দিলে তোক লোন এটা দিয়াই দিব। 

মদনে প্ৰভাতৰ অনুৰোধটো গ্ৰহণ কৰিবলৈ শংকিত হৈ উঠিছিল। তাৰ নিজৰ অৱস্থা কোনোমতেহে ভাললৈ আহিছে, এতিয়া লোকৰ লোনৰ গেৰাণ্টি সি৯গ লয় কিদৰে? তথাপি তাকতো সহায় কৰিবই লাগিব। 

     * * *

আজিকালি মদনৰ আগৰ দৰে ব্যস্ততা নাই। সময়ৰ টিকনি আগফালে উৰে বুলি সি এদিন প্ৰভাতক তাৰ সাফল্যৰ গৰ্ব দেখুৱাইছিল। আজি সি বহুত পিছ পৰি আছে। আচলতে, তাৰ দৰে মানুহবোৰে সময়ৰ দুৰ্বাৰ গতিৰ লগত তাল মিলাব নোৱাৰি হয় উফৰি গৈছে, নহয় স্থবিৰ হৈ ৰৈছে। মদনে এতিয়া বহুযুগৰ আগতে বাটৰ কাষত পোতা এটা মাইলৰ খুটিৰ লগত নিজকে তুলনা কৰে। এণ্ড্ৰইড মোবাইল ফোনবোৰ অহাৰ পৰা পাছপৰ্ট চাইজৰ ফটো, ঘৰে ঘৰে কম্পিউটাৰ হোৱাৰ পৰা ডিটিপি কৰা, আনকি জেৰক্সৰ কামো কমি আহিছে। আগতে সি দোকান খোলাৰ আগতেই গ্ৰাহকৰ ভিৰ লাগিছিল। এতিয়া সি পুৱাই দোকান খুলি গ্ৰাহকৰ বাবে বাট চাব লাগে। 

আজিকালি হেনো সকলো পৰ্টেলত আপলোড কৰিলেই হৈ যায়। জেৰক্স কৰা, এক্সেল শ্বিটত ডাটা ভৰোৱা আদি সকলো কাম পৰ্টেলতেই কৰা হয়। সকলো অফিচস্কুলত ইণ্টাৰনেটৰ ব্যৱস্থা। উচ্চ ক্ষমতাসম্পন্ন প্ৰযুক্তিৰ ব্যৱহাৰে সকলো কাম তাৰপৰা আঁতৰাই নিছে। তৎক্ষণাত কিবা জমা দিবলগীয়া হলে দুইএক কলেজীয়া লৰাছোৱালী অৱশ্যে আহে। তাকো মাজেসময়েহে। গতিকে, দিনৰ দিনটো সি বাটৰ মানুহৰ আলেখলেখ চায়েই সময় পাৰ কৰে। 

জেৰক্স হবনে

তন্দ্ৰা ভাব এটা আহিছিল তাৰ। মাতটো শুনি এইবাৰ সি খপজপকৈ পোন হল। 

হয় হব। কি আছিল? 

মানুহজনে তালৈ এনুৰা কাগজ আগুৱাই দিলে। সি হাতপাতি লৈ মেচিনটো অন কৰি কাগজবোৰ মেলিয়েই কিন্তু উচপ খাইহে উঠিল। মানুহজনলৈ সি চালে। তেওঁৰ দৃষ্টি বাহিৰত। কি কৰিব সি? এইবোৰ কাম কৰা ভাল হবনে? বেংকৰ লোন মৰিলেও দোকানঘৰৰ ভাৰা যোৱামাহতো দিব পৰা নাই। মালিকে তাগিদা দিয়া আৰম্ভ কৰিছেই। যাঃ, মোৰ কি আহে যায়? মই জেৰক্সহে কৰিছোঁ। 

সোনকালে কৰক! মই বাহিৰত চকু ৰাখিছোঁ। আন মানুহ অহাৰ আগতে কৰিলে আপোনাৰে ভাল। 

কিন্তু এইবোৰ কাগজ! 

আপুনি জেৰক্সহে কৰিব। বিনিময়ত আপোনাক দুগুণ কিয় তিনিগুণো টকা দিম। কৰক সোনকালে! 

সি ফটাফট জেৰক্সৰ কপি উলিয়াই গল। মানুহজনে সি ভবাতকৈ সঁচাকৈ বহু বেছি পইচা উলিয়াই তাক দিলে আৰু কলে, “প্ৰয়োজন হলে দুই এটা আন কামো কৰি দিব লাগিব। কৰিব নহয়?” 

কি কাম? 

খা খবৰ সংগ্ৰহ কৰা। 

নাই নাই। মই সেইবোৰ নকৰোঁ। আপুনি যাওক! 

যাওঁৱেই। ভাবি চাবচোন! বিচৰাতকৈ বেছি পইচাই পাব। আজিকালি বুজিছে, পইচাই মেইন। এইবোৰ নীতি আদৰ্শ দেখুৱাই লাভ নাই। 

মানুহজনে হাঁহি মাৰি আঁতৰি গল। মদন লৰচৰ নকৰাকৈ বহি থাকিল। কি হৈ আছে এইবোৰ? কিয় কৰিলে এই জেৰক্সখিনি? নিষিদ্ধ সংগঠনৰ প্ৰচাৰ পত্ৰিকা? কিয় লৈ আহিল তাৰ ওচৰলৈ? ইমান দিনে কত কৰিছিল বা? সি নোটকেইখন আঙুলিৰে পিছলাই হিচাপ কৰিলে, বাৰশ টকা। বাপৰে! ইমান কম সময়তে ইমান টকা! হয়, মানুহজনে ঠিকেই কৈছে, পইচাই মেইন। এমাহৰ ঘৰভাৰা দি প্ৰভাৰ পাকঘৰৰো কিছু জোৰা মাৰিব পৰাকৈ বজাৰ কৰি সি উভতিল। 

     * * *

এইটোৱে টেটুলৈকে গেলাসোপা গিলি আহি চুবুৰীটোত তালফাল লগাই থাকে। লৰাছোৱালীবোৰে কি শিকিব? কোনোৱে দুকোবমান দিবও নোৱাৰেনে? 

প্ৰভাই ভোৰভোৰাই ভোৰভোৰাই পাকঘৰৰ কামখিনি সামৰি আহি আঁঠুৱাখন টানিবলৈ ললে। 

মদন সাউতকৈ বিছনাৰ পৰা উঠি বাহিৰলৈ খোজ ললে। প্ৰভাই সুধিলে, লৈ যোৱা? 

সি তাইলৈ চাই মুখেৰে একো নকৈ হাতেৰেবা’’ অৰ্থত ইংগিত এটা দি বাহিৰলৈ ওলাই গল। বাহিৰত প্ৰভাতৰ উচ্চ স্বগতোক্তি। অবাচ্য, অশ্লীল শব্দেৰে ভৰা। 

মোক তহঁতৰ দৰে পাইছ? কেতিয়াবা ঘপিয়াই দুছেও কৰিম। তহঁত ধনীবোৰৰ বাবেহে পৃথিৱীখন নেকি? ৰিক্সাত উঠ, বিশটকাৰ ভাৰা, খুচুৰা নাই বুলি দহটকা দিয়, চালী বনৰীহঁত। ইফালে, বগা পোছাক পিন্ধা পৈয়েৰহঁতে লাঠি জোকাৰিয়েই থাকে, এইফালে নাযাবা, সেইফালে নাযাবা। হেৰ’, তহঁতে যদি দামী গাড়ী কিনি ৰাজপথেৰে নিৰ্বিবাদে গাড়ী চলাব পাৰ, আমি নোৱাৰোঁ কিয়? ৰাস্তাটো কাৰ টকাৰে সাজে? যত চব সুবিধা এই ধনীসোপাৰ বাবে। ৰিক্সাত উঠি আকৌ ক্লাবঘৰ পোৱাৰ আগতে নামে, বেটীহঁতৰ বান্ধৱীসকলে হেনো ৰিক্সাৰ পৰা নমা দেখিলে লাজ পাব। হেৰৌ, ৰেষ্টুৰেণ্টত খাবলৈ গৈ ষ্টেটাচ মিলাবলৈ পাঁচশ টকাৰ খুচুৰাখিনি যে নোলোৱাকৈ ওলায় আহিব পাৰ, মোৰ ৰিক্সাৰ ভাৰাটো মোক সমুদায় কিয় দিব নোৱাৰ হা? খালে ডোঙে কেতিয়াবা ৰিক্সাও সুমুৱাম, তহঁতকো সুমুৱাম। চিনি পোৱা নাই মোক। থুঃ

কি কৰি আছাগৈ তাত? 

প্ৰভাৰ মাতত সি উভতি চাই ভিতৰলৈ খোজ ললে। 

গেলা খাই সি চেলবেলাই আছে, তাকে শুনি থাকি কি ৰস পাইছা? পাৰিলে ঠলামূৰি দুটামানহে দিব লাগে। ঠাইখনৰ পৰিৱেশেই নষ্ট হৈ গৈছে। 

প্ৰভাত ভাল লৰা প্ৰভা। পঢ়ি থকা কালত কেৱল পঢ়াত বাদে সি কোনো চিন্তাই নকৰিলে। সপোন ভঙাৰ বেদনা সি বুজি পায়। আমাৰ লগৰকেইটাৰ মাজত সিহে সপোন দেখিছিল, ডাঙৰ মানুহ হোৱাৰ। তাক বেয়া নুবুলিবা! মই দিনত কব বিচৰা কথাবোৰ সি যেনিবা ৰাতি কয়। তাৰ কথাবোৰ মোৰ প্ৰাণৰ কথা, প্ৰভা। সি সঁচা কথাই কয়। 

লেও, ইমান ৰাতিখন! 

আমাৰ দৰে মানুহৰ বাবে আজিৰ পৃথিৱীত জীয়াই থকাটো এক প্ৰহসন হৈছে, প্ৰভা। তুমি নুবুজিবা! বাহিৰৰ পৃথিৱীখন বৰ সোনকালে বহুত সলনি হল। কি চৰকাৰৰ শাসন ব্যৱস্থা, কি আইনআদালত, আমি সকলোতে উপেক্ষিত শোষিত বঞ্চিত। কেৱল নিৰ্দিষ্ট একোটা দিনত আমাৰ আঙুলিৰ চাপবোৰৰ প্ৰয়োজন হয়। তাৰ পাছত আমাৰ জীৱন এক শোকলগা যুদ্ধ। 

বুজিছোঁ বাৰু। কিন্তু মদসোপা নাখালে নহয়নে তাৰ? 

নিচা লগাকৈ নাখায় সি। কথাবোৰ নিচাত কোৱা নহয়। দিনটোৰ ক্ষোভ উজাৰে। তাকে নকৰি কি কৰিব সি, কোৱা। বস্তুৰ দামে মানুহক কোঙা কৰিছে। ইৰিক্সাখনৰ পৰা পোৱা টকাৰে সি চলিব পাৰেনে? আমি পাৰোঁনে চলিব, প্ৰভা! এটা এটাকৈ আমাৰ হাবিয়াসবোৰ ত্যাগ কৰি কৰি কোনোমতে দুবেলা দুসাজ খাই জীয়াই থকাটোৱেই জীৱনৰ ব্ৰত হৈ পৰা নাইনে? এনেকৈ জানো মানুহ জীয়াই থাকে, প্ৰভা? 

, আহা! শুই থাকাহি! আমি এনেকৈয়ে থাকিব লাগিব। ভাল দিন আহিব এদিন। আহা, কাইলৈৰ পৰা ইহঁত দুটাৰ পৰীক্ষা। পুৱা অলপ সোনকালে উঠিব লাগিব। 

কৈ কৈ প্ৰভা ভিতৰৰ ফালে গল। মদনে তাইক অনুসৰণ কৰিলে। 

অথনি মানুহ এজন আহিছিল। কিবা কথা আছিল হেনো। দোকানত কেইবাজনো মানুহ থকা বাবে তালৈ নগল। মই ফোন নম্বৰটো দিছিলোঁ, তেওঁ কলে, ফোনত পাতিব পৰা কথা নহয়। কেৱল তোমাক সুধিবলৈ দিছে, তোমাৰ সন্মতি আছে নে নাই। 

মদন থৎমৎ খাই ৰল। মানুহজন মানে নিশ্চয় সিদিনা প্ৰচাৰ পত্ৰিকা জেৰক্স কৰিবলৈ অহা মানুহজনেই হব। তাৰ ঘৰ বিচাৰি উলিয়ালে কিয়! কি মেৰপাকত সোমাই গৈ আছে সি ঈশ্বৰেহে জানে। 

একো নকলা দেখোন। মানুহজনৰ কথাবোৰ বৰ ৰহস্যময় যেন লাগিল। কি কথা বাৰু? 

মদন নিৰুত্তৰ হৈ ৰোৱা দেখি প্ৰভাই পুনৰ সুধিলে। 

হুঁ, কি বুলি কওঁনো তোমাক। কাম এটাৰ কথা কৈছে। কৰোঁ নে নকৰোঁ, সুধিছে। ইমানেই। 

কি কাম? 

কৰিলে জানিবাই বাৰু। কিন্তু মানুহজনে আকৌ আহিব বুলি কৈছে নেকি? 

ওঁ, আহিব। কামটো কৰিবানে? 

বিছনাত শুই থকা লৰাছোৱালীদুটালৈ চালে সি। লৰাটোৱে টোপনিতে বাগৰ সলাই বিৰবিৰাই কিবা কৈ দেউতাকৰ হাতখন খামুচি ধৰিলে। এটা দীঘল হুমুনিয়াহ এৰি সি কলে, “তেওঁ আহিলে কবা, আগলৈ যাতে ইয়ালৈ আৰু নাহে। মই কামটো নকৰোঁ। আমি ভোকত থাকিলেও সুখতে আছোঁ, নহয়নে প্ৰভা?” 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!