জেমছ ওৱে’ব মহাকাশ টেলিস্কোপৰ কথা
লেখক- পংকজ কুমাৰ নেওগ
জেমছ ওৱে’ব মহাকাশ টেলিস্কোপ (JWST) মূলতঃ ইনফ্ৰা ৰে’ড বা অৱলোহিত জ্যোতিৰ্বিজ্ঞান পৰিচালনাৰ বাবে নিৰ্মাণ কৰা হৈছে। ইনফ্ৰা ৰে’ড জ্যোতিৰ্বিজ্ঞান হৈছে জ্যোতিৰ্বিজ্ঞানৰ এক উপ–শাখা য’ত অতি ৰঙা ৰশ্মিৰ বিকিৰণ ব্যৱহাৰ কৰি জ্যোতিৰ্বিজ্ঞানৰ বস্তুসমূহৰ পৰ্যৱেক্ষণ আৰু বিশ্লেষণ কৰা হয়। মহাকাশৰ আটাইতকৈ ডাঙৰ ‘অপটিকেল টেলিস্কোপ’ হিচাপে ইয়াৰ ইনফ্ৰা ৰে’ড বিশ্লেষণ কৰিব পৰা ক্ষমতা আৰু সংবেদনশীলতা বহু পৰিমাণে উন্নত আৰু হাবল স্পেচ টেলিস্কোপৰ তুলনাত অতি দূৰৈৰ বা অস্পষ্ট বুলি গণ্য কৰা বস্তুবোৰৰ দৰ্শনো ইয়াৰ দ্বাৰা সম্ভৱ। ইয়াৰ ফলত জ্যোতিৰ্বিজ্ঞান আৰু ব্ৰহ্মাণ্ডবিজ্ঞানৰ ক্ষেত্ৰত এক বহল পৰিসৰৰ অনুসন্ধান সম্ভৱ হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ ভিতৰত প্ৰথম নক্ষত্ৰসমূহৰ আৰু প্ৰথম তাৰকাৰাজ্যসমূহৰ পৰ্যৱেক্ষণ কৰি সেইবোৰৰ গঠন আৰু বাসযোগ্য হ’ব পৰা বহিঃগ্ৰহসমূহৰ বায়ুমণ্ডলীয় বৈশিষ্ট্যসমূহৰ বিশদ বিৱৰণ ইত্যাদিবোৰেই হ’ব উল্লেখযোগ্য। ২০২১ চনৰ ২৫ ডিচেম্বৰত ফ্ৰেন্স গিয়ানাৰ কৌৰ’ৰ (Kourou) পৰা এৰিয়ান–৫ ৰকেটত উৎক্ষেপণ কৰা জেমছ ওৱে’ব স্পেচ টেলিস্কোপ ২০২২ চনৰ জানুৱাৰী মাহত নিৰ্দিষ্ট স্থানত উপনীত হয়। জেমছ ওৱে’ব স্পেচ টেলিস্কোপৰ পৰা প্ৰথমখন ছবি ২০২২ চনৰ ১১
জুলাইত এখন সংবাদমেলৰ জৰিয়তে জনসাধাৰণৰ বাবে মুকলি কৰা হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এই প্ৰথম ছবি ‘ওৱেবছ ফাৰ্ষ্ট ডিপ ফিল্ড’ প্ৰকাশ কৰে। নাছাৰ জ্যোতিষ পদাৰ্থ বিজ্ঞানৰ ফ্লেগশ্বিপ মিছনত এইদৰে হাবল স্পেচ টেলিস্কোপৰ উত্তৰাধিকাৰীৰূপে এই জেমছ ওৱে’ব টেলিস্কোপ প্ৰতিষ্ঠিত হয়।
ওৱে’ব টেলিস্কোপত বন্দী হোৱা প্ৰথম ছবিবোৰে নিজ সৌন্দৰ্য্যৰে বিশ্ববাসীক বাৰুকৈয়ে মোহিত আৰু আচৰিত কৰি তুলিছে। কিন্তু জ্যোতিৰ্বিজ্ঞানৰ ভৱিষ্যতত এই ছবিবোৰে কেনেদৰে প্ৰভাৱ পেলাব? জেমছ ওৱে’ব স্পেচ টেলিস্কোপেৰে লোৱা মহাবিশ্বৰ প্ৰথমখন ছবি প্ৰকাশ পোৱাৰ লগে লগে পৃথিৱীত এক নতুন অধ্যায়ৰ সূচনা হয়। এই টেলিস্কোপত মহাকাশত জন্ম হোৱা তৰা আৰু মহাজাগতিক নৃত্যত আবদ্ধ হৈ থকা তাৰকাৰাজ্যৰ এটা গোটৰ দৃশ্যৰাজিৰ পাঁচখন আশ্চৰ্য্যকৰ ছবি ধৰা পৰিছে। ছবিবোৰ হৈছে বিশ্বব্ৰহ্মাণ্ডৰ এতিয়ালৈকে আটাইতকৈ বিতং আৰু সূক্ষ্ম ৰঙীন ছবি আৰু এইসমূহে নিঃসন্দেহে টেলিস্কোপটোৰ অসীম ক্ষমতা আৰু সামৰ্থ্য প্ৰদৰ্শন কৰিছে। ছবিসমূহৰ সৌন্দৰ্য্য উপভোগ আৰু প্ৰশংসা কৰাৰ সময়তে বিজ্ঞানীসকলে নাছা, ইউৰোপীয় মহাকাশ সংস্থা (ইএছএ) আৰু কানাডাৰ মহাকাশ সংস্থা (চিএছএ)ৰ সহযোগত সম্পন্ন কৰা আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পটোৰ বৈজ্ঞানিক তাৎপৰ্য্যৰ বিষয়ে আঙুলিয়াই দিবলৈ আগ্ৰহী হৈ পৰিছে।
ইউৰোপীয় মহাকাশ অপাৰেচন চেণ্টাৰৰ (ইএছঅ’চি) জ্যোতিৰ্বিজ্ঞানী তথা যোগাযোগ বিষয়া কাই ন’স্কে কয় যে এই ছবিসমূহে আমাক প্ৰমাণ কৰি দেখুৱালে যে ওৱে’ব টেলিস্কোপে অবিশ্বাস্যভাৱে ভাল কাম কৰিব পাৰে। ই আমাৰ বিশ্বব্ৰহ্মাণ্ডখনক বহু বেছি বিশদভাৱে অধ্যয়ন কৰাত সহায় কৰিব। ইতিমধ্যে উল্লেখ কৰা মতে ওৱে’ব টেলিস্কোপৰ প্ৰথমখন ছবি আছিল বিশাল বিশ্বব্ৰহ্মাণ্ডৰ এখন সৰু অথচ পুংখানুপুংখ ক্ষেত্ৰৰ ছবি আৰু এই ছবিখনে দূৰৰ তাৰকাৰাজ্যৰ থুপ প্ৰদৰ্শন কৰিছিল। ইয়াৰে কিছুমান তাৰকাৰাজ্য ১৩ বিলিয়ন বছৰতকৈয়ো অধিক পুৰণি আৰু বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাৰম্ভিক অৱস্থাতে সৃষ্টি হৈছিল। ন’স্কে মন্তব্য কৰা মতে আমাৰ ওচৰ আহি পোৱা এই পোহৰ ৫০ কোটি বছৰৰ আগৰ প্ৰাৰম্ভিক বিশ্বব্ৰহ্মাণ্ডৰ পৰা অহা পোহৰ। এইদৰে সময়লৈ উলটি চাব পৰা অদ্ভুত পৰিঘটনাটো পোহৰৰ গতিবেগ আৰু পোহৰ আমাৰ ওচৰ আহি পাবলৈ লগা সময়ৰ বাবে সংঘটিত হৈছে। পোহৰে প্ৰতি ছেকেণ্ডত ৩ লাখ কিলোমিটাৰ (প্ৰায় ৬৭ কোটি মাইল প্ৰতি ঘণ্টাত) গতি কৰে। ই অত্যন্ত দ্ৰুত। কিন্তু মহাকাশখনো সঁচাকৈয়ে বিশাল আৰু সেইবাবে পোহৰ ভ্ৰমণ কৰিবলৈ এতিয়াও বহু সময় লাগিব পাৰে।
উদাহৰণস্বৰূপে, সূৰ্য্য পৃথিৱীৰ পৰা প্ৰায় ১৫ কোটি কিলোমিটাৰ (৯৩ মিলিয়ন মাইল) দূৰৈত আৰু সূৰ্য্যৰ পোহৰ আমাৰ ওচৰ আহি পাবলৈ প্ৰায় আঠ মিনিট সময় লাগে। ওৱে’ব টেলিস্কোপৰ ছবিত থকা বস্তুবোৰ বহু কোটি আলোকবৰ্ষ দূৰৈত। এটা আলোকবৰ্ষ হ’ল পোহৰে এবছৰত অতিক্ৰম কৰা দূৰত্ব আৰু ই প্ৰায় ৯.৫ ট্ৰিলিয়ন কিলোমিটাৰ। ইয়াৰ অৰ্থ হ’ল পোহৰে কোটি কোটি বছৰ মহাকাশ আৰু সময়ৰ মাজেৰে যাত্ৰা কৰি আমাৰ ওচৰ পাইছেহি। আজিৰ অৱস্থাত এই তাৰকাৰাজ্যবোৰ দৰ্শন কৰিবলৈ আমি আৰু ১৩ বিলিয়ন বছৰ অপেক্ষা কৰিব লাগিব। এই দূৰত্ববোৰৰ পৰিসৰ কল্পনা কৰাটো কঠিন কিন্তু ই নিশ্চিতভাৱে আমাক আশ্বস্ত কৰে যে আমি বজাৰলৈ খোজ কাঢ়ি যাবলগীয়া দূৰত্ব তুলনামূলকভাৱে নিচেই নগণ্য! ‘কেৰিনা নেবুলা’ আৰু ‘ষ্টেফানচ কুইণ্টেট’ৰ কেলিড’স্কোপিক ছবিসমূহত ওৱেব টেলিস্কোপত ধৰা দিয়া তৰাৰ জন্ম আৰু বিকাশ ঘটা দৃশ্যসমূহ দেখিবলৈ পাওঁ। বিজ্ঞানীসকলে কেতিয়াও তাৰকাৰাজ্যৰ পাৰস্পৰিক ক্ৰিয়া ইমান বিশদভাৱে পৰ্যৱেক্ষণ কৰিব পৰা নাছিল। নে’বুলা বা নিহাৰিকা হৈছে তৰাৰ মাজৰ ঠাইখিনি দখল কৰি নতুন তৰাৰ বাবে ‘নাৰ্চাৰী’ হিচাপে কাম কৰা ধূলি আৰু গেছৰ এক বিশাল ডাৱৰ। এই নে’বুলা শব্দটো আহিছে লেটিন ভাষাৰ পৰা আৰু ইয়াৰ অৰ্থ হ’ল
কুঁৱলী, বাষ্প, ধোঁৱা, উশাহ–নিশাহ, ইত্যাদি। নীহাৰিকা ধূলি, হাইড্ৰ’জেন আদি মৌলিক মৌল আৰু অন্যান্য আয়নীকৃত গেছৰ দ্বাৰা গঠিত। তাৰকাৰাজ্যবোৰ গঠিত কৰা তৰা, কৃষ্ণগহ্বৰ, মহাজাগতিক ধূলি, ডাৰ্ক মেটাৰ আৰু বহুতো বস্তুৰ ভিতৰত নিহাৰিকাও অন্যতম। ‘কেৰিনা নেবুলা’ (NGC 3372) হৈছে হাতীপটি বা মিল্কীৱেৰ ভিতৰত থকা এটা বিশাল তৰা গঠনকাৰী অঞ্চল। ১৭৫০ চনত ফৰাচী জ্যোতিৰ্বিজ্ঞানী নিকোলাছ লুই ডি লাকেলে আনুষ্ঠানিকভাৱে আৱিষ্কাৰ কৰা এই নিহাৰিকা ৩০০ আলোকবৰ্ষতকৈও অধিক বিস্তৃত আৰু ই ইমানেই ডাঙৰ আৰু উজ্জ্বল যে খালী চকুৰে ইয়াক সহজেই দেখা পোৱা যায়। ‘ষ্টেফানচ কুইণ্টেট’ হৈছে পাঁচটা তাৰকাৰাজ্যৰ এটা দৃশ্যমান গোট যাৰ ভিতৰত চাৰিটাই এতিয়ালৈকে আৱিষ্কাৰ হোৱা তাৰকাৰাজ্যৰ প্ৰথমটো সংহত গোট। পেগাছাছ নক্ষত্ৰমণ্ডলত দৃশ্যমান এই গোটটো ১৮৭৭ চনত মাৰ্চাই নিৰীক্ষণ কেন্দ্ৰত এডৱাৰ্ড ষ্টেফানে আৱিষ্কাৰ কৰিছিল। সকলোবোৰ সংহত তাৰকাৰাজ্যৰ গোটৰ ভিতৰত এই গোটটো আটাইতকৈ বেছি অধ্যয়ন কৰা হৈছে।
ওৱে’ব টেলিস্কোপৰ ইনফ্ৰা ৰে’ড কেমেৰাৰ বাবেই আমি আজি তৰাবোৰক সিহঁতৰ প্ৰাকৃতিক তথা প্ৰকৃত ৰূপত চাবলৈ সক্ষম হৈছোঁ। ন’স্কে কয়, ইনফ্ৰা ৰে’ডে আমাক তৰুণ বিশ্বব্ৰহ্মাণ্ডখনৰ বিষয়ে পূৰ্বতকৈ বহু বেছি তথ্য দিছে। এই তাৰকাৰাজ্যবোৰৰ পৰা আমাৰ ওচৰ আহি পোৱালৈকে প্ৰসাৰিত হোৱা পোহৰ ওৱে’ব টেলিস্কোপে আমাক চাবলৈ সুবিধা দিছে। ‘কস্মিক ক্লিফছ’ত(টেলিস্কোপৰ ত্ৰিমাত্ৰিক ছবিবোৰত পাহাৰৰ চূড়াৰ দৰে দেখিবলৈ পোৱা কেৰিনা নেবুলাৰ গেচীয় গহ্বৰ) থকা ৰংবোৰ ওৱে’ব টেলিস্কোপৰ বিজ্ঞানী দলটোৱে কৃত্ৰিমভাৱে মূল ছবিখনত যোগ দিয়ে যদিও এই ৰংবোৰ একেবাৰে নথকা বুলি ক’ব নোৱাৰি। প্ৰকৃততে তৰাৰ পৰা নিৰ্গত হোৱা পোহৰত আমি চকুৰে দেখাতকৈ বহু বেছি মূল্যৱান তথ্য থাকে। গৱেষকসকলে তৰাৰ পৰা নিৰ্গত পোহৰৰ তথ্য ব্যৱহাৰ কৰি তাৰকাৰাজ্যবোৰ কেনেকৈ গঠিত হয়, বৃদ্ধি পায় আৰু ইটোৱে সিটোৰ লগত সংলগ্ন হয় আৰু কিছুমান ক্ষেত্ৰত তৰা গঠন হোৱা প্ৰক্ৰিয়াটো কিয় একেবাৰে বন্ধ হৈ পৰে সেই কথাবোৰ বুজিবলৈ ব্যৱহাৰ কৰে। উদাহৰণ স্বৰূপে, নীলা তাৰকাৰাজ্যত তৰা থাকে যদিও ধূলিৰ পৰিমাণ অতি কম। কিছু ৰঙা বা ৰঙচুৱা ধৰণৰ তাৰকাৰাজ্য ডাঠ ধূলিৰ তৰপেৰে আবৃত আৰু সেউজীয়া তাৰকাৰাজ্যবোৰত হাইড্ৰ’কাৰ্বন আৰু অন্যান্য
ৰাসায়নিক যৌগবোৰৰ প্ৰাদুৰ্ভাৱ বেছি। নাছাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনায় যে ওৱে’ব টেলিস্কোপে আধুনিক জ্যোতিষ পদাৰ্থ বিজ্ঞানৰ কিছুমান অত্যাৱশ্যকীয় মুকলি প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হ’ব। এনে ধৰণৰ প্ৰশ্নবোৰৰ ভিতৰত এটা নিৰ্দিষ্ট অঞ্চলত গঠন হোৱা তৰাৰ সংখ্যা কিহে নিৰ্ধাৰণ কৰে বা এটা নিৰ্দিষ্ট ভৰৰ সৈতে তৰা কিয় গঠন হয়, এনে ধৰণৰ কথাবোৰৰো সমিধান পোৱা যাব।
প্ৰথম ছবিসমূহ পুংখানুপুংখভাৱে বিশ্লেষণ কৰি ওৱেব টেলিস্কোপে ভৱিষ্যতে আৰু কি বা কেনে ধৰণৰ কাম কৰিবলৈ সক্ষম হ’ব, সেই বিষয়ে জানিবলৈ কেইবা সপ্তাহ বা মাহৰো আৱশ্যক হ’ব পাৰে। আমি দেখা প্ৰতিখন ফটো বহু ঘণ্টাৰ ইমেজিঙৰ সংমিশ্ৰণ। চিকিৎসকসকলে মেগনেটিক ৰেজোনেন্স ইমেজিং (MRI)ৰ সৈতে কৰাৰ দৰে অধ্যয়ন দলসমূহেও তথ্যসমূহ বিশদ অধ্যয়নৰ বাবে বহুতো ছবিৰ ‘স্লাইচ আৰু ডাইচ’ কৰিব লাগিব। ওৱে’বৰ তীক্ষ্ণতা আৰু বিৱৰণৰ স্তৰে স্পষ্ট কৰিছে যে বৈজ্ঞানিক গৱেষণাৰ বাবে এই টেলিস্কোপৰ সম্ভাৱনা অপৰিসীম। ওৱে’বে সময়ক কেৱল পিছলৈ ঘূৰি চোৱাই নহয় অধিক বিশদভাৱে চাবও পাৰিছে। ই বিজ্ঞানীসকলক গ্ৰহ, তৰা, তাৰকাৰাজ্য, আৰু শেষত বিশ্বব্ৰহ্মাণ্ডখন কেনেকৈ গঠন হৈছিল, সেই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পোৱাত সহায় কৰিব।
‘কস্মিক ক্লিফছ’তকৈ কম ধুনীয়া হ’লেও ওৱে’বৰ বহিঃগ্ৰহ (WASP-96b) ৰ বায়ুমণ্ডলৰ বৰ্ণালীবিজ্ঞান বিশ্লেষণ হয়তো ভৱিষ্যতে আহিবলগীয়া অধিক ৰোমাঞ্চকৰ তথ্যৰ উদাহৰণ। (WASP-96b) হৈছে আমাৰ সৌৰজগতৰ গ্ৰহবোৰৰ সৈতে অতি কম সাদৃশ্য থকা আৰু প্ৰায় ১১৫০ আলোকবৰ্ষ দূৰত অৱস্থান কৰা এক প্ৰকাৰ গেছৰ বৃহৎ উৎস। হাতীপটি বা মিল্কীৱেত নিশ্চিত হোৱা ৫ হাজাৰতকৈ অধিক বহিঃগ্ৰহৰ ভিতৰত ই অন্যতম। ওৱে’বৰ দলটোৱে গ্ৰহটোৰ বায়ুমণ্ডলৰ মাজেৰে ফিল্টাৰ কৰা তৰাৰ পোহৰ বাৰক’ডৰ দৰে জুখি গ্ৰহটোৰ সংবহন বৰ্ণালী বিশ্লেষণ কৰিছে। ন’স্কে উল্লেখ কৰা মতে জ্যোতিৰ্বিজ্ঞানীসকলে ব্যৱহাৰ কৰা এইটো এটা আচৰিত কৌশল। গ্ৰহটোৱে ইয়াৰ নক্ষত্ৰটোৰ সন্মুখৰে পাৰ হৈ যাওঁতে অলপ পোহৰ গ্ৰহটোৰ বায়ুমণ্ডলৰ মাজেৰে পাৰ হৈ যায় আৰু পোহৰৰ এই জিলিঙণিয়ে বায়ুমণ্ডলৰ ৰাসায়নিক স্বাক্ষৰ বাৰক’ডৰ দৰে ছাপ মাৰি থৈ যায়। বিশ্লেষণত দেখা গৈছে যে গ্ৰহটোৰ বায়ুমণ্ডলত পানীৰ সৈতে ডাৱৰ আৰু কুঁৱলীও আছে। কিন্তু WASP-96bত আমি ভাবিব পৰা কালত কোনো জন–প্ৰাণীৰ বসবাস যোগ্য হৈ নুঠিব। ইয়াৰ কাৰণ হ’ল, গ্ৰহটো গেছেৰে গঠিত আৰু নিজৰ নক্ষত্ৰটোক ই অত্যন্ত ওচৰৰ পৰা প্ৰদক্ষিণ কৰে। ইয়াৰ ফলত এই গ্ৰহটো অতি উত্তপ্ত আৰু ইয়াৰ বাতাৱৰণ জীৱন্ত প্ৰাণীৰ সহ্যাতীত। (WASP-96b)ৰ বিশ্লেষণে বহিঃগ্ৰহ গৱেষণাৰ ক্ষেত্ৰত ভৱিষ্যতে কেনে ধৰণৰ অৱদান যোগাব পাৰে তাৰ আভাস ইতিমধ্যে আমি পাইছোঁ। অৱশ্যে, সঠিককৈ কি কৰা হ’ব, সেয়া এতিয়াও নিৰ্ণয় কৰা হোৱা নাই। ভৱিষ্যতে কোনবোৰ বহিঃগ্ৰহৰ বিষয়ে অধ্যয়ন কৰিব লাগে, সেই সম্পৰ্কে বিশ্বব্যাপী বৈজ্ঞানিক সম্প্ৰদায়ৰ প্ৰস্তাৱৰ বাবে এই টেলিস্কোপটো এতিয়া সদায় মুকলি।
জেমছ মহাকাশ ওৱে’ব টেলিস্কোপ হৈছে বিশ্বজুৰি মহাকাশ সংস্থা, কোম্পানী, গৱেষণা কেন্দ্ৰ আৰু বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ অন্তৰ্গত হাজাৰ হাজাৰ বিজ্ঞানী, অভিযন্তা আৰু প্ৰশাসকৰ ২৫ বছৰীয়া কামৰ ফল। ওৱে’বৰ এজন প্ৰজেক্ট লিডাৰজন মেথাৰে আৱেগিকভাৱে এই যাত্ৰাৰ বৰ্ণনা কৰি কয় – “এই কাম অতি কঠিন আছিল আৰু কিমান কঠিন আছিল সেয়া প্ৰকাশ কৰা মোৰ বাবে অসম্ভৱ। এই কামত ভুল কৰা বা ভুল হোৱাৰ আছিল হাজাৰটা সম্ভাৱনা আছিল। কিন্তু ক’তো একো ভুল নহ’ল। সকলোবোৰ বাধা অতিক্ৰমি অৱশেষত এই কাম সুকলমে সম্পন্ন হ’ল আৰু এতিয়া মানৱতাৰ আটাইতকৈ ডাঙৰ মহাকাশ দূৰবীণটো বিজ্ঞান আৰু মানৱ সেৱাৰ বাবে লভ্য।”