নৱম অধ্যায়: সাম্প্ৰতিক যুগৰ অসমীয়া সাহিত্য : প্ৰথম পৰ্ব (১৯৭০-১৯৯০)

লেখক- মৃণালজ্যোতি গোস্ৱামী

অন্যান্য সাহিত্য

আলোচ্য সময়ছোৱাত কবিতা, চুটিগল্প, উপন্যাস, নাটক আদি সৃষ্টিশীল সাহিত্যৰ উপৰি সাহিত্যৰ আন আন ঠালসমূহৰো সমৃদ্ধি হ’বলৈ ধৰে৷ এই কালছোৱাত অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ উপৰি ধৰ্ম, বিজ্ঞান, জীৱনী, ভ্ৰমণ, সমালোচনা সাহিত্য ইত্যাদি অনেক বিষয়ক ন ন গ্ৰন্থ প্ৰকাশ পাইছে৷ তাৰে কেইটামান দিশৰ বিষয়ে চমুকৈ আলোচনা কৰিবলৈ যত্ন কৰা হ’ল৷

যুদ্ধোত্তৰ যুগৰ প্ৰথম পৰ্বটোৰ দৰে দ্বিতীয় পৰ্বটোতো অসমীয়া জীৱনী সাহিত্যই এক নতুন মাত্ৰা লাভ কৰে, বিশেষকৈ জীৱনীকাৰসকলে সুখপাঠ্যতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি জীৱনী প্ৰণয়ন কৰিবলৈ আৰম্ভ কৰে৷ এই সময়ত ৰচিত জীৱনীসমূহৰ ভিতৰত যতীন্দ্ৰনাথ গোস্বামীৰ ‘জগন্নাথ বৰুৱা’ (১৯৭৮), ‘ওজা হেমচন্দ্ৰ বৰুৱা’ (১৯৮৫); নন্দ তালুকদাৰৰ ‘কনকলাল বৰুৱা’ (১৯৭২), ‘কালিৰাম মেধি’ (১৯৭৮), ‘সূৰ্যকুমাৰ ভূঞা’ (১৯৮৪); হৰিপ্ৰসাদ নেওগৰ ‘পদ্মনাথ গোহাঞিবৰুৱা’ (১৯৭১); বেণুধৰ শৰ্মাৰ ‘হেমচন্দ্ৰ গোস্বামী’ (১৯৭২); ভৱপ্ৰসাদ চলিহাৰ ‘মহেশ্বৰ নেওগ : মানুহ আৰু কাম’ (১৯৭৪); আব্দুল ছাত্তাৰৰ ‘কৃষ্ণকান্ত সন্দিকৈ’ (১৯৭৫); প্ৰফুল্ল চন্দ্ৰ বৰাৰ ‘চৈয়দ আব্দুল মালিক’ (১৯৭১); তিলক দাসৰ ‘বিষ্ণুৰাভা এতিয়া কিমান ৰাতি’ (১৯৭৭); যুগল দাসৰ ‘মহেন্দ্ৰনাথ ডেকাফুকন’ (১৯৮৩), তীৰ্থনাথ শৰ্মাৰ ‘বেণুধৰ শৰ্মা’ (১৯৮৩); যোগেন্দ্ৰ নাৰায়ণ ভূঞাৰ ‘দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা’ (১৯৮৮); ভৃগুমোহন গোস্বামীৰ ‘জনকৃষ্টিৰ সাধক ডক্টৰ প্ৰফুল্লদত্ত গোস্বামী’ (১৯৯০); অতুল বৰুৱাৰ ‘শৰৎ চন্দ্ৰ গোস্বামী’ (১৯৮৭); পৰাগ কুমাৰ ভট্টাচাৰ্যৰ ‘নিৰ্মলপ্ৰভাৰ অনুপম আভা’ (১৯৭১); প্ৰফুল্লদত্ত গোস্বামীৰ ‘মাণিকচন্দ্ৰ বৰুৱা আৰু তেওঁৰ যুগ’ (১৯৭০), ‘মাণিক চন্দ্ৰ বৰুৱা’ (১৯৭৭), ‘এটি জীয়া কাহিনী’ (১৯৭৯); সত্যেন বৰকটকীৰ ‘আডল্‌ফ হিটলাৰ’ (১৯৮২); নিৰোদ চৌধুৰীৰ ‘ইন্দিৰা গান্ধী’ (১৯৮৪); শিৱনাথ বৰ্মনৰ ‘আইনষ্টাইন আৰু পদাৰ্থ বিজ্ঞান’ (১৯৭৬); ৰঞ্জনা চৌধুৰীৰ ‘শ্ৰীনিবাস ৰামানুজন’ (১৯৮৯); নিৰোদ চৌধুৰীৰ ‘ৰাধাগোবিন্দ বৰুৱা’ (১৯৭৮); ললিত কুমাৰ বৰুৱাৰ ‘বিদ্যাসাগৰ ’(১৯৭৪); অক্ষয় কুমাৰ মিশ্ৰৰ ‘ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ’ (১৯৮৮); লক্ষ্যধৰ চৌধুৰীৰ ‘মানুহ বিচাৰি’ (১৯৮৭); কবীন্দ্ৰ কুমাৰ শৰ্মাৰ ‘ভাৰতীয় বিজ্ঞানী’ (১৯৮৭); মহেন্দ্ৰ বৰাৰ ‘কুৰিজন বিজ্ঞানী’ (১৯৮০), শীলা বৰঠাকুৰ সম্পাদিত ‘লেখিকাৰ জীৱনী’ (১৯৮৭) আদি উল্লেখযোগ্য৷

আমাৰ আলোচ্য সময়ছোৱাত জীৱনৰ দৰে ভালেকেইখন সুখপাঠ্য আত্মজীৱনীও প্ৰকাশ পাইছে৷ তাৰে কেইখনমান হ’ল– পদ্মনাথ গোহাঞিবৰুৱাৰ ‘মোৰ সোঁৱৰণি’ (১৯৭১); কৃষ্ণনাথ শৰ্মাৰ ‘কৃষ্ণ শৰ্মাৰ ডায়েৰী’ (১৯৭১); প্ৰতাপচন্দ্ৰ গোস্বামীৰ ‘জীৱনস্মৃতি আৰু কামৰূপী সমাজ’ (১৯৭০); ৰাজবালা দাসৰ ‘তিনি কুৰি দহ বছৰ’ (১৯৭১); পূৰ্ণচন্দ্ৰ শৰ্মাৰ ‘মোৰ অতীতৰ সোঁৱৰণি আৰু নগাঁও জিলাৰ মুক্তি সংগ্ৰাম’ (১৯৭৩); নিত্যানন্দ বৰদলৈৰ ‘পুৰণি দিনৰ ৰেঙণি’ (১৯৭৪); নলিনীবালা দেৱীৰ ‘এৰি অহা দিনবোৰ’ (১৯৭৭), অতুলচন্দ্ৰ হাজৰিকাৰ ‘স্মৃতিৰেখা’ (১৯৮১); দেবেশ্বৰ শৰ্মাৰ ‘হেৰাই যোৱা দিনবোৰ’ (১৯৮০); জ্ঞানদাভিৰাম বৰুৱাৰ ‘মোৰ কথা’ (১৯৮৭); হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ ‘কাৰাৰুদ্ধ জীৱনৰ বাকৰুদ্ধ কাহিনী’ (১৯৮৪); বেণুধৰ শৰ্মাৰ ‘মজিয়াৰপৰা মেজলৈ’ (১৯৮৫); অম্বিকাগিৰি ৰায়চৌধুৰীৰ ‘মোৰ জীৱন ধুমুহাৰ এছাটি’ (১৯৮৬); লক্ষ্মীধৰ শৰ্মাৰ ‘জীৱনস্মৃতি’ (১৯৮৭); মহেশ্বৰ নেওগৰ ‘জীৱনৰ দীঘ আৰু বাণি’ (১৯৮৮); হোমেন বৰগোহাঞিৰ ‘আত্মানুসন্ধান’ (১৯৮৮), ‘মোৰ সাংবাদিক জীৱন’ (১৯৮৯); ত্ৰৈলোক্যনাথ গোস্বামীৰ ‘অতীতৰ কথা’ (১৯৮৯); চৈয়দ আব্দুল মালিকৰ ‘মোৰ জীৱনৰ নহ’লবোৰ’ (১৯৯০); মহেন্দ্ৰ বৰাৰ ‘উপলা নদীৰ দৰে’ (১৯৯০) আদি উল্লেখযোগ্য৷

এই সময়ছোৱাত বহু প্ৰবন্ধ আৰু সাহিত্য সমালোচনৰ পুথি প্ৰকাশিত হৈছে৷ এই সময়ছোৱাৰ প্ৰবন্ধ আৰু সাহিত্য-সমালোচনা সম্পৰ্কে আলোচনা কৰিলে পোনতে এটা কথা পোহৰলৈ আহে যে, আলোচ্য কালছোৱাত প্ৰবন্ধ লিখাৰ পদ্ধতি আৰু সাহিত্য-সমালোচনাৰ ৰীতি তথা দৃষ্টিভঙ্গীৰ পৰিৱৰ্তন ঘটিছে৷ এই ঠাল দুটাই আন্তৰ্জাতিক পটভূমিত বিকাশ লাভ কৰিবলৈ আৰম্ভ কৰিছে৷ এনে ঠালৰ গ্ৰন্থৰ প্ৰকাশ বৃদ্ধি পাইছে৷ লিখকসকলেও ইউৰোপীয় সাহিত্যৰ চিত্ৰকল্পবাদ, প্ৰতীকবাদ, অভিব্যক্তিবাদ, অস্তিত্ববাদ আদি বিভিন্ন আদৰ্শ আৰু আঙ্গিকৰ লগতে ফ্ৰয়েদীয় মনোবিশ্লেষণমূলক ভাবধাৰা আৰু ৰীতিৰ দ্বাৰা, মাৰ্ক্সীয় দৰ্শনৰ দ্বাৰা; চীন, জাপান, ৰুছ, আমেৰিকা, জাৰ্মান, ফ্ৰান্স আদি দেশৰ বিভিন্ন সাহিত্যকলাৰ দ্বাৰা প্ৰভাৱান্বিত আৰু পৰিপুষ্ট হৈছে৷ ইয়াৰ ফলত এই শ্ৰেণীৰ সাহিত্যৰ আদৰ্শ, লক্ষ্য আৰু আঙ্গিকৰ বিস্তাৰ আৰু বিকাশ সাধন হৈছে৷ তাৰ ফলত অসমীয়া সাহিত্য বিচাৰৰ মান আৰু ৰীতিৰো পৰিৱৰ্তন হৈছে৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে এই কালছোৱাৰ আগলৈকে সাহিত্য-সমালোচনা বুলিলে কেৱল ইংৰাজী আৰু সংস্কৃত সাহিত্যৰ আধাৰত পৰম্পৰাগতভাৱে অসমীয়া সাহিত্যৰ পৰ্যালোচনাক বুজোৱা হৈছিল৷ কিন্তু আমাৰ আলোচ্য কালছোৱাতে সাহিত্য-সমালোচনাৰ দিগন্তৰ অধিক প্ৰসাৰ ঘটে আৰু আন্তৰ্জাতিক পটভূমিত অসমীয়া সাহিত্যৰ মূল্যায়ণ কৰাৰ প্ৰচেষ্টাৰ আৰম্ভ হয়৷ সমসাময়িক সমাজৰ সামাজিক, দেশৰ আৰ্থ-ৰাজনৈতিক অৱস্থাৰ পৰিপ্ৰেক্ষিতত সাহিত্য-বিচাৰৰ প্ৰয়াস এই সময়ৰ প্ৰবন্ধ আৰু সমালোচনা সাহিত্যৰ এটি বিশেষ ৰীতি হিচাপে দেখা দিয়ে৷ তদুপৰি এই যুগতে প্ৰবন্ধ আৰু সমালোচনাত সাহিত্য-শিল্পৰ স্বতন্ত্ৰ সত্তাক স্বীকৃতি দি তাৰ শিল্পগত আৰু আঙ্গিকগত বিশ্লেষণৰ ওপৰতে বিশেষ গুৰুত্ব দিয়া আৰু একো একোটা কবিতা বা আন বিধৰ ৰচনাৰ সূক্ষ্ম বিশ্লেষণৰ যোগেদি তাৰ কলাগত সাৰ্থকতাৰ বিচাৰ কৰাৰ প্ৰচেষ্টা লক্ষ্য কৰা যায়৷
পূৰ্বৱৰ্তী সময়তে সাহিত্যক্ষেত্ৰত প্ৰৱেশ কৰা বহু কেইজন সমালোচকে এই কালছোৱাটো প্ৰবন্ধ আৰু সাহিত্য সমালোচনামূলক গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে৷ ইয়াৰে ভিতৰত হেম বৰুৱাই ‘সাহিত্য আৰু সমস্যা’ (১৯৭৯), ত্ৰৈলোক্যনাথ গোস্বামীয়ে ‘ইংৰাজী সমালোচনাৰ ধাৰা আৰু অসমীয়া সাহিত্যত ইয়াৰ প্ৰভাৱ’ (১৯৭০), ‘নন্দনতত্ত্ব : প্ৰাচ্য আৰু পাশ্চাত্য’ (১৯৮০), ‘সাহিত্য সমীক্ষণ’ (১৯৮৯); সত্যেন্দ্ৰনাথ শৰ্মাই ‘উপন্যাসৰ গতিধাৰা’ (১৯৭৬), ‘অসমীয়া কাহিনী কাব্যৰ প্ৰৱাহ’ (১৯৭০) ৰচনা কৰি এই যুগটোৰ শুভাৰম্ভ ঘটায়৷ প্ৰসংগক্ৰমে উল্লেখ কৰা হ’ল যে আমাৰ আলোচ্য কালছোৱাত সাহিত্যৰ বিভিন্ন ঠালসমূহক ন ন দৃষ্টিভংগীৰে বিচাৰ কৰিবলৈ বিচৰাৰ ফলত প্ৰবন্ধ আৰু সমালোচনা সাহিত্যৰ সংখ্যা বৃদ্ধি পাইছিল৷
আমাৰ আলোচ্য যুগটোত কবিতাৰ ইতিহাস, কবিতাৰ শ্ৰেণী বিভাজন, কবিতাৰ আঙ্গিক, কবিতাত পাশ্চাত্য প্ৰভাৱ আদি বিভিন্ন দিশক সামৰি বহু গ্ৰন্থ প্ৰকাশ পাইছে৷ তাৰে ভিতৰত ইমদাদ উল্লাহৰ ‘কবিতাৰ সবিশেষ’ (১৯৮৩), ‘সৃজন আৰু মনন’ (১৯৭৭); চন্দ্ৰ কটকীৰ ‘আধুনিক অসমীয়া কবিতা’ (১৯৮৯), নৱকান্ত বৰুৱাৰ (সম্পাঃ) ‘অসমীয়া কাব্য সংগ্ৰহ’(১৯৭৩), ‘কবিতাৰ দেহ বিচাৰ’(১৯৮৭), নিৰ্মলপ্ৰভা বৰদলৈৰ ‘কবিতাৰ কথা’ (১৯৮১), ‘কবিতাৰ দেহ বিচাৰ’ (১৯৮৭); নীলমণি ফুকনৰ (সম্পাঃ) ‘কুৰি শতিকাৰ অসমীয়া কবিতা’ (১৯৭৭); মহেন্দ্ৰ বৰাৰ ‘অসমীয়া ছন্দৰ শিল্পতত্ত্ব’ (১৯৯০); মহেশ্বৰ নেওগৰ (সম্পাঃ) ‘সঞ্চয়ন’ (১৯৭৮); বীৰেশ্বৰ বৰুৱাৰ ‘ৰামধেনু যুগ আৰু পৰৱৰ্তী কাল’ (১৯৮৬); খগেন্দ্ৰনাৰায়ণ দত্ত বৰুৱাৰ ‘হেম বৰুৱাৰ কবিতা’ (১৯৮৮); পৰমানন্দ মজুমদাৰৰ ‘কবি হীৰেণ ভট্টাচাৰ্য আৰু তেওঁৰ কবিতা’ (১৯৮৬); প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ ‘জীৱন কবিতা আৰু নৱকান্ত’ (১৯৯০); হেম বৰা আৰু পূৰ্ণ বৰাৰ সম্পাদনা ‘নৱকান্ত বৰুৱাৰ জীৱন আৰু কৰ্ম’ (১৯৯০) আদিৰ নাম উল্লেখযোগ্য৷ ইয়াৰে কেইবাখনো সম্পাদিত কবিতা সংকলনত সংকলিত হোৱা পাতনিসমূহে অসমীয়া কবিতাৰ গতি প্ৰকৃতি সম্পৰ্কে বিস্তৃতভাৱে আলোচনা আগবঢ়াইছে৷
সাহিত্য সম্পৰ্কীয় গ্ৰন্থসমূহৰ ভিতৰত পৱন বৰদলৈ আৰু সতীশ চন্দ্ৰ চৌধুৰীৰ সম্পাদনাত প্ৰকাশিত ‘মহেন্দ্ৰ বৰা : ব্যক্তিত্ব আৰু প্ৰতিভা’ (১৯৮৭), হেমন্ত কুমাৰ শৰ্মাৰ সম্পাদিত ‘বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সাহিত্য কৃৰ্তি’ (১৯৮৩), নন্দ তালুকদাৰৰ ‘সম্বাদ পত্ৰৰ ৰ’দ কাঁচলিত অসমীয়া সাহিত্য’ (১৯৭৫), নীলমণি ফুকনৰ ‘ৰূপ বৰ্ণ বাক’ (১৯৮৮), প্ৰফুল্ল কটকীৰ ‘সাহিত্য আৰু সংজ্ঞা’ (১৯৭৯), বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘ডেৰশ বছৰীয়া অসমীয়া সংস্কৃতিত এভুমুকি’ (১৯৮৫), মহেন্দ্ৰ বৰাৰ ‘সাহিত্য উপক্ৰমণিকা’ (১৯৮৫), ‘সাহিত্য আৰু সাহিত্য’ (১৯৮৮), ‘ৰমন্যাসবাদ’ (১৯৭৬); শশী শৰ্মাৰ ‘সাহিত্যত বিৱৰ্তন’ (১৯৮৪), শিৱনাথ বৰ্মনৰ ‘লোক-কৃষ্টিৰ উৎস’ (১৯৮২), ‘শ্ৰীমন্ত শঙ্কৰদেৱ : কৃতি আৰু কৃতিত্ব’ (১৯৮৯); শৈলেন ভৰালীৰ ‘অসমীয়া ঐতিহাসিক উপন্যাস’ (১৯৮৭), ‘ট্ৰেজেদি বিচাৰ’ (১৯৮৬), ‘উপন্যাস : বিচাৰ আৰু বিশ্লেষণ’ (১৯৮৯), ‘নাট্যকলা দেশী বিদেশী’ (১৯৮২), ‘নাটক আৰু অসমীয়া নাটক’ (১৯৯২), ‘অসমীয়া লোকনাট্য পৰম্পৰা’ (১৯৮৪); হীৰেন গোহাঁইৰ ‘কালভ্ৰমৰ’ (১৯৭৭), ‘বিশ্বায়তন’ (১৯৮৩), ‘সাহিত্য আৰু চেতনা’ (১৯৭৬), ‘সাহিত্যৰ সত্য’ (১৯৭০); হীৰেন্দ্ৰনাথ দত্তৰ ‘কিতাপৰ ভৱিষ্যত’ (১৯৯০); হোমেন বৰগোহাঞিৰ ‘জিজ্ঞাসা’ (১৯৭৯); তফজ্জ্বল আলিৰ ‘মধ্য বিংশ শতিকাৰ অসমীয়া সাহিত্য’ (১৯৭৪); নগেন শইকীয়াৰ (সম্পাদনা) ‘আধুনিক অসমীয়া সাহিত্যৰ অভিলেখ’ (১৯৭৭); গোবিন্দ প্ৰসাদ শৰ্মাৰ ‘জীৱনী আৰু অসমীয়া জীৱনী’ (১৯৮৬); কৰবী ডেকা হাজৰিকাৰ ‘মাধৱদেৱৰ সাহিত্য আৰু কলা’ (১৯৮৮), কেশদা মহন্তৰ গোস্বামী ‘তুলসীদাস আৰু ৰামচৰিত মানস’ (১৯৭১), প্ৰফুল্ল কটকীৰ ‘তুলনামূলক সাহিত্য আৰু অনুবাদ বিচাৰ’ (১৯৮৯), কেশৱানন্দ দেৱগোস্বামীৰ ‘সত্ৰ সংস্কৃতিৰ ৰূপৰেখা’ (১৯৭৩), লীলা গগৈৰ ‘অসমৰ সংস্কৃতি’ (১৯৭৫), হেৰম্ব বৰপূজাৰীৰ ‘আমেৰিকান মিছনেৰীসকল আৰু ঊনবিংশ শতিকাৰ অসম’ (১৯৮৩), ‘অসমৰ নৱজাগৰণ’ (১৯৮৭); যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ ‘অসমৰ সাংস্কৃতিক ইতিহাস’ (১৯৮৯), সুৰেশচন্দ্ৰ গোস্বামীৰ ‘অসমৰ নৃত্য-নাট্য-কলা’ (১৯৭৮), প্ৰসেনজিৎ চৌধুৰীৰ ‘সমাজ আৰু সংস্কৃতি’ (১৯৮৩), ‘ঊনবিংশ শতিকাৰ অসমত এভুমুকি’ (১৯৮৪), ‘অতীত অনুসন্ধান’ (১৯৯০); নিৰ্মলপ্ৰভা বৰদলৈৰ ‘দেৱী’ (১৯৮৬), ‘শিৱ’ (১৯৮৮); নীলমণি ফুকনৰ ‘লোক-কল্প দৃষ্টি’ (১৯৮৭), মহেশ্বৰ নেওগৰ ‘প্ৰাচ্য শাসনাৱলী’ (১৯৭৪), যোগেন্দ্ৰনাৰায়ণ ভূঞাৰ ‘ঊনবিংশ শতিকাৰ অসম সংবাদ’ (১৯৯০), ৰামচৰণ ঠাকুৰীয়াৰ ‘পাঠ সমীক্ষাৰ প্ৰসঙ্গত’ (১৯৮৬), ‘ভাষা-সাহিত্য সমীক্ষা’ (১৯৯০), হেমন্ত কুমাৰ শৰ্মাৰ ‘অসমীয়া সাহিত্যত দৃষ্টিপাত’ (১৯৭২), ভুৱনেশ্বৰী বৈশ্যৰ ‘প্ৰাকৃত সাহিত্যৰ পৰিচয়’ (১৯৯০), কুতুবুদ্দিন আহমেদৰ ‘ইংৰাজী সাহিত্যৰ বুৰঞ্জী’ (১৯৮৩), লক্ষ্মীকান্ত মহন্তৰ ‘বিশ্ব সাহিত্যৰ আভাস’ (১৯৯০) আদি উল্লেখযোগ্য৷ এই গ্ৰন্থসমূহে কেৱল অসমীয়া সাহিত্যৰ ভঁৰালকে চহকী কৰা নাই; সাহিত্য সম্পৰ্কীয় আলোচনালৈ বৈচিত্ৰ্য আৰু গভীৰতাও আনি দিছে৷
আমাৰ আলোচ্য যুগটোত অসমীয়া ভাষা, ব্যাকৰণ আৰু লিপি বিষয়ক ভালেমান গ্ৰন্থ প্ৰকাশ পাইছে৷ তাৰে ভিতৰত কালিৰাম মেধিৰ অসমীয়া ‘ভাষাৰ মূলকথা’ (১৯৯০), মহেন্দ্ৰ বৰা সম্পাদিত ‘অসমৰ জনজাতীয় ভাষাৰ লিপি’ (১৯৭৪), উপেন্দ্ৰনাথ গোস্বামীৰ ‘অসমীয়া লিপি’ (১৯৮৭) আৰু‘ প্ৰত্ন অসমীয়া ভাষাৰ ৰূপতাত্ত্বিক বিশ্লেষণ’ (১৯৮৫), গোলোকচন্দ্ৰ গোস্বামীৰ ‘অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ’ (১৯৯০), ভগৱান মৰলৰ ‘ভাষাৰ্থ বিজ্ঞান’ (১৯৮৬), বিশ্বেশ্বৰ হাজৰিকাৰ ‘অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্ৰমবিকাশ’ (বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থখনৰ অসমীয়া অনুবাদ) (১৯৮৮), নাৰায়ণ দাসৰ ‘বিশ্বলিপিৰ ভূমিকা’, ৰমেশ পাঠকৰ ‘ভাষা বিজ্ঞানৰ ভূমিকা’ (১৯৮০), ‘ব্যাকৰণ আৰু প্ৰাকৃতিক বিজ্ঞান’ (১৯৮৮); নগেন ঠাকুৰৰ ‘পালি-প্ৰাকৃত ভাষা আৰু সাহিত্য’ (১৯৮৪), লীলাৱতী শইকীয়া বৰাৰ ‘অসমীয়া ভাষাৰ ৰূপতত্ত্ব’, ফণীন্দ্ৰনাৰায়ণ দত্ত বৰুৱাৰ ‘আধুনিক ভাষা বিজ্ঞান পৰিচয়’ (১৯৯০), ভীমকান্ত বৰুৱাৰ ‘অসমৰ ভাষা’ (১৯৯০), দীপ্তি ফুকন পাটগিৰিৰ ‘ভাষাতত্ত্ব’ আদিৰ নাম উল্লেখ কৰিব পাৰি৷
সংস্কৃতি আৰু জনজাতীয় সংস্কৃতি, নৃতত্ত্ব সম্পৰ্কীয় ভালেমান পুথিও আমাৰ আলোচ্য যুগটোত প্ৰকাশ পাইছে৷ নবীনচন্দ্ৰ শৰ্মাৰ ‘অসমৰ লোক-সংস্কৃতিৰ আভাস’ (১৯৯০), নিৰ্মলপ্ৰভা বৰদলৈৰ ‘অসমৰ লোক-সংস্কৃতি’ (১৯৮৭), শিৱনাথ বৰ্মনৰ ‘লোক কৃষ্টিৰ উৎস ’(১৯৮২), লীলা গগৈৰ ‘অসমৰ সংস্কৃতি’ (১৯৮৬), মনবাহাদুৰ ছেত্ৰীৰ ‘অসমীয়া নেপালী সমাজ আৰু সংস্কৃতি’ (১৯৮৩), বীৰেন্দ্ৰনাথ দত্তৰ ‘চিফুং গুংগাং’ (১৯৮৬), ভুৱনমোহন দাসৰ (সম্পাদিত) ‘অসমৰ মানুহ’ (১৯৮৬), ধীৰেন্দ্ৰনাৰায়ণ মজুমদাৰৰ ‘গাৰো সংস্কৃতিৰ ৰূপৰেখা’ (১৯৭৪), ৰাজেন ৰাভাৰ ‘ৰাভা জনজাতি’ (১৯৭৪), ভবেন নাৰ্জীৰ ‘বড়ো কছাৰীৰ সমাজ আৰু সংস্কৃতি’ (১৯৮৫), নিৰুপমা হাগজেৰ ‘ডিমাচা’ (১৯৭৪), ভৃগুমণি কাগ্‌য়ুংৰ ‘মিছিং সংস্কৃতিৰ আলেখ্য ’ (১৯৭০)আদি ভালেমান মূল্যবান গ্ৰন্থ এই কালছোৱাত প্ৰকাশ পাইছে৷ এই কিতাপসমূহৰ প্ৰকাশেই প্ৰমাণ কৰে যে তদানীন্তন কালত অসমত সংস্কৃতি তথা জনজাতীয় সংস্কৃতি সম্বন্ধে প্ৰণালীবদ্ধ চিন্তা-চৰ্চা তথা অধ্যয়ন চলি আছিল৷
আমাৰ এই আলোচনাত প্ৰতিভাত হৈছে যে যুদ্ধোত্তৰ যুগত প্ৰবন্ধ আৰু সাহিত্য সমালোচনাৰ ক্ষেত্ৰত বিভিন্ন দৃষ্টিভঙ্গীৰে ৰচনা কৰা ভালে সংখ্যক গ্ৰন্থ প্ৰকাশ পাইছে৷ এই গ্ৰন্থসমূহে নিঃসন্দেহে অসমীয়া সাহিত্যৰ বুৰঞ্জীক সমৃদ্ধিশালী কৰি তুলিছে৷

(সমাপ্ত)

টোকা: এই সাহিত্যৰ চমু বুৰঞ্জীখন লিখি উলিয়াওতে বৰ্তমানলৈকে প্ৰাপ্ত বিভিন্নজনে লিখা সাহিত্য বুৰঞ্জীৰ লগতে বিভিন্ন পুথিৰ সহায় লোৱা হৈছে৷ ইণ্টাৰনেটত সহজতে পাৰ পৰাকৈ এই বুৰঞ্জীখন লিখা হৈছিল বাবে পাদটীকা বা সহায়ক গ্ৰন্থৰ নাম উল্লেখ কৰা হোৱা নাই৷ ১৯৯০ চনৰ পাছত বৰ্তমানলৈকে প্ৰায় ৩১ বছৰত অসমীয়া সাহিত্যলৈ বিভিন্ন নতুন নতুন সাহিত্য ধাৰাৰ আগমন ঘটিছে৷ সেই বিষয়ে সাহিত্যৰ ইতিহাসকাৰসকলে বুৰঞ্জী প্ৰণয়ন কৰিব বুলি আশা কৰোঁ৷

আমি সাহিত্যৰ ইতিহাসকাৰ নহয়; তেনে ধৃষ্টতাও নকৰোঁ৷ কেৱল ইণ্টাৰনেটত অসমীয়া সাহিত্যৰ চমুকৈ হ’লেও বুৰঞ্জী এখন থাকক বুলি ভাবিয়েই এই কামটো হাতত লৈছিলোঁ৷ ভুল-ত্ৰুটি থাকি যাব পাৰে৷ আঙুলিয়াই দিলে ভাল পাম৷ এই অসমীয়া সাহিত্যৰ চমু বুৰঞ্জীখন ইমানতে সামৰণি মাৰিলোঁ৷ এইক্ষেত্ৰত মোক সহায়ৰ হাত আগবঢ়োৱা সকলোকে মোৰ সেৱা আৰু কৃতজ্ঞতা জনালোঁ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!