সবুজ গুণ্ডা আৰু দিলু চাইণ্টিষ্
অনুবাদ- ৰঞ্জনা দত্ত
সবুজ গুণ্ডা আৰু দিলু চাইণ্টিষ্ট
লেখক: মোঃ জাফৰ ইকবাল
নতুন ক্লাছলৈ উঠাৰ পিছৰ পৰাই দিলুৰ দিনকাল বেয়া হ’বলৈ ধৰিছে। অকল দিলুৰে নহয় ক্লাছৰ সকলোবোৰ ল’ৰাৰ মূৰৰ ওপৰলৈ এক ভয়াবহ বিপদ নামি আহিছে। দিলু যিহেতু সকলোতকৈ চাইজত সৰু, চকুত মোটা চশমা আৰু কিছু শান্ত প্ৰকৃতিৰ, বিপদটো তাৰেই বেছি হৈছে। বিপদটো যাৰ পৰা আহিছে তাৰ নাম সবুজ, যদিও তাক সকলোৱে ‘সবুজ গুণ্ডা’ হিচাপেই জানে। সি ইমানদিন ওপৰৰ ক্লাছত আছিল, তেতিয়া তাক সকলোৱে সবুজ দাদা বুলি মাতিছিল, এতিয়া ফেল কৰি দিলুহঁতৰ ক্লাছলৈ আহিছে। এইখিনি সময়ৰ ভিতৰেতে সি গুণ্ডা হিচাপে খুব নামজ্বলা হৈ পৰিছে। ডাঙৰ হ’লে যে সি খুব ডাঙৰ সন্ত্ৰাসী হ’ব সেই বিষয়ে কোনো সন্দেহ নাই। কলেজ–ইউনিভাৰ্চিটিবোৰত হাতত দেশী ৰাইফল লৈ ঘূৰি ফুৰিবৰ বাবে তেতিয়া তাক ৰাজনৈতিক দলসমূহে ভাড়া কৰি লৈ যাব।
সবুজৰ চাইজ তাৰ ক্লাছৰ বাকীবোৰৰ দুগুণ। এনেয়ে বয়স বেছি তাৰ উপৰি দিনৰ দুইবেলা বলাইৰ ৰেষ্টুৰেণ্টত মাংস–পৰঠা খাই খাই সি একেবাৰে হৃষ্ট–পুষ্ট ডেকা হৈ পৰিছে। ক্লাছ চেভেনত পঢ়োঁতেই সি বিড়ি খোৱা শিকিছে, এইটলৈ আহিবলৈ নৌপাওঁতেই গঙ্গা নাপিতৰ দোকানলৈ গৈ দাড়ি খুৰাই আহিব লগা অৱস্থা!
সবুজ যিদৰে পাহাৰৰ দৰে মস্ত এটা দানব, দিলু সেইদৰে ক্ষীণ–মীণ নিশকতীয়া। চকুত ডাঙৰ ডাঙৰ চশমা থকাৰ বাবে আৰু কাণ দুখন কিছু ডাঙৰ হোৱাৰ বাবে তাক দেখিবলৈ শহাপহুৰ নিচিনা লাগে। দিলুৰ দৰে ল’ৰাবোৰৰ বাবে সবুজ আছিল এক ভয়াবহ আতংক। শেষৰ বেঞ্চৰ খিড়িকীৰ কাষত সবুজৰ বাবে এটা চিট ৰিজাৰ্ভ কৰা আছে, প্ৰথম দিনা নজনাকৈ দিলু আহি তাত বহি পৰিল। সবুজ আহি তাৰ বেঞ্চত কিতাপ বহি দেখি প্ৰচণ্ড হুংকাৰ এটা দি ক’লে–
“ইয়াত কোন চালাই বহী ৰাখিছে?”
দিলুৱে ভয়ে ভয়ে ক’লে– “মই”
-“নিগনিৰ বাচ্চা, এইখিনি মোৰ ঠাই বুলি তই নাজান?”
দিলুৱে দুৰ্বল কণ্ঠৰে কোনোমতে মাতটো উলিয়ালে-“ যাৰ য’তে মন যায় বহিব নোৱাৰে নেকি?”
“কি? মোৰ মুখে মুখে কৈছ?”
সবুজে আগুৱাই আহি দিলুৰ চাৰ্টৰ কলাৰত ধৰি তাক ওপৰলৈ তুলি দেৱালত হেঁচা মাৰি ধৰিলে। চকু ৰঙা কৰি হাতখন মুঠা মাৰি তাৰ নাকৰ ওপৰত ৰাখি ক’লে–
“একে ঘোচাতে নাক ভিতৰলৈ সুমুৱাই দিম, হাৰামীৰ বাচ্চা।”
দিলুৱে মিনমিনিয়া মাতেৰে ক’লে “আৰু নবহোঁ।”
সবুজে তাক এৰি দি হাতেৰে ডেস্কত থকা দিলুৰ সকলোবোৰ বহী–কিতাপ চিটিকাই দিলে। ব্যাকৰণৰ বহীখন খিড়িকীৰ বাহিৰলৈ ওলাই গৈ নলাৰ ওপৰত পৰিলগৈ।
ব্যাকৰণৰ ক্লাছত চাৰে সুধিলে–
“বহীখন তিতি আছে কিয়?”
সবুজে ঘোচা দেখুৱাই দিলুক বুজাই দিলে সঁচা কথা ক’লে তাৰ বাৰ বজাই দিব। সি চাৰক সঁচা কথাটো ক’ব নোৱাৰিলে আৰু এনেয়ে চাৰৰ গালি খাব লগাত পৰিল!
ইয়াৰ পাছৰপৰাই দিলুৱে সবুজক এৰাই ফুৰিবলৈ চেষ্টা কৰে। কিন্তু কামটো সহজ নহয়। সবুজ যেতিয়াই ক্লাছলৈ আহে তেতিয়াই সি কিবা এটা গণ্ডগোলৰ সৃষ্টি কৰে। যদি কোনো গণ্ডগোলৰ সৃষ্টি কৰিব নোৱাৰে তেতিয়াও তাৰ কোনো ক্ষতি নহয়, মাত্ৰ হঠাতে পাছফালৰপৰা আহি মূৰত জোৰেৰে চাট এটা মাৰে নহ’লে ডিঙিত জোৰেৰে গতা এটা মাৰে। সবুজৰ সকলোতকৈ পছন্দৰ কামটো হৈছে দিলুৰ চশমাজোৰ খুলি নিয়া। দিলুৰ চশমাৰ পাৱাৰ ইমান বেছি যে চশমাযোৰ খুলি দিলে সি এহাত দূৰৰ বস্তুও ভালদৰে দেখা নাপায়। সবুজে সেই চশমাযোৰ খুলি হাতত লৈ হাতখন ওপৰলৈ দাঙি থাকে আৰু দিলুৱে তাক কাকূতি–মিনতি কৰি থাকে– এইটো প্ৰায় প্ৰতিদিনৰ ঘটনা।
অকল দিলুকেই নহয়, ক্লাছৰ অন্যবোৰকো বিভিন্ন ধৰণে অত্যাচাৰ কৰাৰ বাবে সবুজৰ নানা ৰকমৰ উপায় আছে। তাৰ এটা হৈছে সাপ্তাহিক চান্দা। ক্লাছৰ সকলোৱে চান্দা তুলি সবুজৰ ‘মাংস–পৰঠাৰ’ বাবে পইচা গোটাব লগা হয়। কোনোবাই যদি পইচা আনিবলৈ পাহৰি যায় তাৰ বাবে কঠিন শাস্তিৰ ব্যৱস্থা আছে। তাৰ মাজত এটা হৈছে চুলিৰ মাজত চুয়িংগাম লগাই দিয়া। চুলিত ভালদৰে চুয়িংগাম লাগি গ’লে সেই চুয়িং গাম অৰু এৰুৱাব নোৱাৰি! তেতিয়া তাৰ একমাত্ৰ সমাধান হৈছে কেঁচিৰে চুলিৰ সেই অংশ কাটি পেলোৱা। ক্লাছৰ প্ৰায় আধাতকৈও বেছি ল’ৰাৰ খলপা–খলপ চুলি দেখি বুজা যায় কোনে কোনে সবুজৰ মাংস–পৰঠাৰ পইচা সময়ত আনিব পৰা নাছিল। তাৰ আৰু এটা শাস্তি হৈছে ছাৰ্টৰ ভিতৰত বিহ পৰুৱা ভৰাই দিয়া। পৰুৱাবোৰ ভৰোৱাৰ আগতে সবুজে সেইবোৰ অলপ হাতেৰে মোহাৰি দিয়ে। মোহাৰি দিয়া পৰুৱাবোৰ খঙত জ্বলি থাকে। গতিকে ছাৰ্টৰ ভিতৰত সুমুৱাই দিলে সিহঁতে বুকুৱে–পিঠিয়ে যিকেইটা কামোৰ মাৰে তাক ভুক্তভুগীয়েহে জানে!
ক্লাছৰ ল’ৰাবোৰে সবুজৰ কাৰণে মাংস–পৰঠাৰ পইচা অনাৰ উপৰি আৰু বহুতো কাম কৰি দিব লগা হয়। পানী খোৱা ছুটিত তাৰ কান্ধ আৰু পিঠি পিটিকি দিব লগা হয়, পেঞ্চিল ভোটা হৈ গ’লে জোঙা কৰি দিব লগা হয়, হমৱৰ্ক কৰি দিব লগা হয়। ক্লাছ আৰম্ভ হোৱাৰ আগতে প্ৰতিদিনে এজনকৈ ল’ৰাই এঘণ্টা আগতে আহি বহি থাকিব লগা হয়। সবুজে সিহঁতৰ কপিৰপৰা চাই হমৱৰ্কবোৰ টুকি লয়। দিলুৰ অৱস্থা আৰু বেয়া। তাৰ হাতৰ আখৰ খুব বেয়া, দেখিবলৈ বহুতখিনি সবুজৰ হাতৰ আখৰৰ দৰে। সেইবাবে সি প্ৰায়েই সবুজৰ হমৱৰ্কৰ বহি এখন ঘৰলৈ লৈ যাব লগা হয়। নিজৰ হমৱৰ্ক কৰাৰ আগতে দিলুৱে সবুজৰ বহীত তাৰ হমৱৰ্কবোৰ কৰি দিব লগা হয়। সবুজে তাক সাবধান কৰি দিছে হাতৰ লিখা যাতে হুবহু তাৰ নিচিনা হয়, অকণমান ইফাল–সিফাল হ’লে সি তাক লাচ্ কৰি পেলাব। যদিও কথাটো অসম্ভব নহয় দিলুৱে টোপনি খতি কৰি সবুজৰ হমৱৰ্ক শেষ কৰি আনে। এইবোৰ কথা চাৰহঁতক ক’ব নোৱাৰি। এবাৰ আৰিফে চেষ্টা এটা কৰিছিল, তাৰ যি অৱস্থা হৈছিল সেইটো দেখাৰ পিছত আৰু কোনেও সাহস কৰা নাই।
এই সকলোবোৰ মিলি দিলুৰ অৱস্থা একেবাৰে বেয়া। অন্য কোনো মানুহ হোৱা হ’লে ইমানদিনে নিশ্চয় পাগল হৈ গ’লহেঁতেন, কেৱল দিলু বুলিহে তিষ্ঠি আছে। দিলুৰ কথা অৱশ্যে বেলেগ, কাৰণ সি হৈছে চাইণ্টিচ, শব্দটো চাইণ্টিষ্ট হ’ব লাগে। কিন্তু চাইণ্টিচ বুলি ক’বলৈ সুবিধা বাবে সবেই চাইণ্টিচ বুলিয়ে কয়। যেনেকৈ সবুজ ডাঙৰ হৈ সন্ত্ৰাসী হ’ব বুলি কাৰো সন্দেহ নাই ঠিক সেইদৰে দিলু ডাঙৰ হৈ যে চাইণ্টিষ্ট হ’ব সেই বিষয়েও কাৰো কোনো সন্দেহ নাই। তাৰ স্কুলৰ বেগটো এটা ভ্ৰাম্যমান লেবৰেটৰি। তাত আছে চুম্বক, ইলেকট্ৰিক তাঁৰ, লেন্স, প্ৰিজম, টৰ্চ লাইটৰ বেটেৰি, এটা সৰু হাইড্ৰজেন পেৰক্সাইডৰ বটল, কেঁচি, চুৰি আৰু বিজ্ঞানৰ কিতাপ। যেতিয়াই সময় পায় সি বিজ্ঞানৰ মোটা মোটা কিতাপ উলিয়াই বহি পৰে। যদি হাতৰ ওচৰত একো কিতাপ নাপায় তেতিয়াও তাৰ একো সমস্যা নহয়। চকু–মুখ কোঁচাই বিজ্ঞানৰ কোনো সমস্যা ভাবিবলৈ আৰম্ভ কৰি দিয়ে। সি কিবা এটা এনেকুৱা বস্তু সাজিব বা আৱিষ্কাৰ কৰিব – যিটোৱে সবুজক উল্টা কৰি ওলোমাই ৰাখি অকণমান পিছত মাটিত আছাৰ মাৰি পেলাই দিব, সেই কথাটো সি প্ৰায়েই ভাবে।
এই ধৰণৰ যন্ত্ৰ সজা ইমান সহজ নহয়। সেইবাবেই দিলু আৰু তাৰ বন্ধুবোৰে সবুজৰ অত্যাচাৰ সহ্য কৰি গৈছে। কিন্তু সেইবুলি দিলুৱে পুৰাপুৰি আশা এৰি দিছে বুলি ভাবিলে ভুল হ’ব। বেছিভাগ সময়েই দিলুৱে যেতিয়া হাত দুখন মূৰৰ পিছফালে দি গভীৰ মনোযোগেৰে কিবা এটা ভাবে, সকলো সময়তেই এইবোৰ যে ব্লেকহোল বা ইলেকট্ৰন প্ৰ’টনৰ কথা তেনে নহয়, বহু সময়ত সি ভাবি থাকে সবুজক কেনেকৈ ভালদৰে এসেকা দিব পাৰি।
দিলুৱে বহুতদিন ভাবি চিন্তি দেখিছে যে সবুজক সিহঁতে জব্দ কৰিব নোৱাৰে, তাক জব্দ কৰিব পাৰিব তাতকৈও সাংঘাতিক কোনোবা এজনে। সেইজন একমাত্ৰ ইদ্ৰিছ ছাৰৰ বাহিৰে আন কোনো হ’ব নোৱাৰে। ইদ্ৰিছ ছাৰে সিহঁতক বিজ্ঞান পঢ়ুৱায়। বিজ্ঞানৰ দৰে এটা মজাৰ বিষয় ইদ্ৰিছ ছাৰৰ হাতত পৰি একেবাৰে বেয়া অৱস্থা হৈ গৈছে। ছাৰে কথা–বতৰা একেবাৰে কম কয়, খং–ৰাগ কৰে তাতোকৈও কম, কিন্তু হঠাৎ যদি কিবা কাৰণে খং উঠে একেবাৰে ভয়ঙ্কৰ অৱস্থা হৈ পৰে। কিবা উপায়ে যদি ইদ্ৰিছ ছাৰক সবুজৰ ওপৰত খং উঠাই দিব পৰা যায়, কিবা এটা গতি লাগিব যেন ভাব হয়। দুবছৰ আগতে এদিন ছাৰৰ খুব খং উঠি ল’ৰা এটাক স্কুলৰপৰা বাহিৰ কৰি দিছিল। সেইদৰে যদি এই বিহফোঁহাটোক বাহিৰ কৰি দিব পাৰে কিযে চমৎকাৰ কথা হ’ব! দিলুৱে মুখখন কোঁচাই কিছু সময় চিন্তা কৰিলে। কোনো উপায়েই নোলাব নেকি?
এদিন এই কথাটোকে ভাবি ভাবি হঠাৎ বিজুলীৰ দৰে তাৰ মূৰত এটা বুদ্ধি খেলালে! লগে লগে থিয় হৈ হাত দুখন পিছলৈ কৰি কোঠাটোৰ ভিতৰত এপাক মাৰি আহিলে, ভাব হৈছে এইবাৰ কিবা এটা হেস্ত–নেস্ত কৰিব পৰা যাব। দিলুৱে চকু–মুখ কোঁচাই কিছু সময় চিন্তা কৰিলে, কিছুদিন কষ্ট কৰিব লাগিব, কিন্ত কাম হ’ব বুলি সি নিশ্চিন্ত হ’ল।
দিলুৱে পিছদিনা ৰাতিপুৱাৰপৰাই কাম আৰম্ভ কৰি দিলে। প্ৰথমেই সাজিলে এডাল ইনডাকচন কয়েল। এটুকুৰা লোহাৰ ওপৰত এডাল তাঁৰ ভালদৰে পকাই ল’লে, সেইডাল হ’ল প্ৰাইমাৰি কয়েল। তাৰ ওপৰত খুব মিহি এডাল এনামেল কোটেড তাঁৰ পকাবলৈ আৰম্ভ কৰিলে। খুব হাই ভল্টেজ উৎপন্ন কৰিব লাগিব। সেইবাবে বহুত সময় পকাব লাগিব। সেইডাল হ’ব ছেকেণ্ডেৰী কয়েল। ভালদৰে নপকালে তাঁৰবোৰ ওলট–পালট হৈ যায়, সেইবাবে দিলুৱে খুব সাবধানে পকাইছে। কামটো লৈ সি একেলগে কেইবাঘণ্টাও পাৰ কৰি দিলে। ইনডাকচন কয়লটো হৈ যোৱাৰ পিছত তাক এবাৰ খুব সাবধানে পৰীক্ষা কৰিলে। দুই আঙুলিত তাঁৰডালৰ দুটা মূৰ লৈ সৰু বেটাৰি এটাত লগাই দিলে। লগে লগে প্ৰচণ্ড ইলেকট্ৰিক শ্বক খাই সি প্ৰায় চিটিকি পৰিল! বঢ়িয়া হৈছে ইনডাকচন কয়েলটো– দিলুৰ মুখত এটা ডাঙৰ হাঁহি ফুটি উঠিল, চাইণ্টিষ্ট মানুহে ভাল বস্তুৰ মোল বুজে।
সৰু কামটো শেষ হ’ল। এতিয়া ডাঙৰ কামটো বাকী, স্কুললৈ গৈ সবুজৰ বেঞ্চত কিছু তাঁৰ লগোৱা। সি স্কুললৈ বিনা কামত গৈ লগাব নোৱাৰিব, কিবা এটা বুদ্ধি কৰিব লাগিব। স্কুলৰ চকীদাৰ কালিপদক কৈ ছুটিৰ পিছত যদি ক্লাছৰুমত সোমাব পৰা যায় সেইটো সবাতোকৈ ভাল কাম হ’ব। কালিপদ মানুহজন ভাল, তেওঁৰ ওচৰলৈ গৈ যদি সহজ গল্প এটা কোৱা যায় যে ভুলতে ক্লাছৰ ভিতৰত বহীখন পেলাই থৈ আহিছে বা তেনেকুৱা অন্য কিবা তাক নিশ্চয় সোমাবলৈ দিব।
সেইদিনা আবেলিয়েই দিলুৱে বাকী কামবোৰ শেষ কৰি পেলালে। খুব সৰু কিছুমান তাঁৰ সবুজৰ বেঞ্চৰ ওপৰত ৰাখি দুয়োফালে আঠা লগাই দিলে। সবুজে তাৰ বেঞ্চৰ ওপৰখন ব্লেডেৰে কাটি কুটি আঁক বাঁক কৰি ৰাখিছে। তাৰ ওপৰত আৰু দুটামান দাগ কাটি তাঁৰকেইডাল বহুৱাই দিবলৈ তাৰ একো অসুবিধা নহ’ল। তাঁৰবোৰৰ দুই মূৰ টেবুলৰ তলেৰে অন্য এখন বেঞ্চৰ তললৈ লৈ আনিলে। তাত বেটেৰিটো ৰাখিব। কোনেও নেদেখাকৈ হাতেৰে বেটাৰিৰ কানেকশন কৰিব পৰা যাব। দিলুৱে কেইবাবাৰো পৰীক্ষা কৰি দেখিলে যে গোটেইবোৰে খুব সুন্দৰকৈ কাম কৰিছে।
পিছদিনা যেতিয়া ইদ্ৰিছ ছাৰ ক্লাছলৈ আহিল, তেওঁ অকণো আন্দাজ কৰিব নোৱাৰিলে যে অকণমান পিছতেই ইয়াত এখন ডাঙৰ নাটক ঘটিব। ছাৰে পঢ়াবলৈ আৰম্ভ কৰিলে। বিজ্ঞানৰ ক্লাছ, কিন্তু অকণমান সময়ৰ পিছতেই ছাৰে ইমান একঘেয়া মাতেৰে পঢ়াবলৈ ল’লে যে প্ৰায় পুৰা ক্লাছটোৰেই চকুৰ পতা নামি আহিল। অন্যদিন হোৱা হ’লে দিলুৰ চকুও বন্ধ হৈ আহিলহেঁতেন কিন্তু আজিৰ কথা বেলেগ, সি ধৈৰ্য ধৰি ছাৰৰ মুখৰ ফালে চাই আছে। খুব বেছি উত্তেজিত হ’লে ছাৰে খোনাবলৈ আৰম্ভ কৰে, মুখখন বেঁকা কৰি কিবাকৈ সেইটো আকৌ ঠিক কৰি লয়।
দহ মিনিটমানৰ পিছত ছাৰৰ মুখৰ কথা লাগি ধৰিবলৈ আৰম্ভ কৰিলে, ছাৰে খোনাবলৈ ধৰিলে। দিলুৱে টেবুলৰ তললৈ হাতখন ভৰাই বেটাৰিৰ কানেকশন কৰি দিলে। তাৰ পিছত যি এটা ঘটনা ঘটিল ভাবিব নোৱাৰি। সবুজে হাত দুখন টেবুলৰ ওপৰত থৈ টোপনিয়াই আছিল, হঠাৎ প্ৰচণ্ড ইলেকট্ৰিকৰ শ্বক খাই বিকট চিঞৰ এটা মাৰি নিজৰ চিটৰপৰা চিটিকি আহিল। ক্লাছৰ সকলো ল’ৰাই মূৰ ঘূৰাই সবুজৰ ফালে চালে। ছাৰে চকু পকাই সুধিলে,
“কি হৈছে?”
সবুজে কথা ক’ব পৰা নাছিল। কোনোমতে খোনাই খোনাই ক’লে-“ই–ই–ই-”-
ছাৰৰ মুখখন একেবাৰে ক’লা পৰি গ’ল, চকু দুটা ৰঙা কৰি কিবা এটা ক’বলৈ গৈ ছাৰেও খোনাবলৈ ধৰিলৈ, “ কি–কি–কি–
সবুজে আকৌ ক’লে, -“ ই–ই–ই, তাৰপিছত কোনোমতে জোৰেৰে ধাক্কা এটা দি কথাখিনি শেষ কৰিলে, “ ই– ইলেকট্ৰিক শ্বক।”
ইদ্ৰিছ ছাৰে দাঁতমুখ কৰছি ক’লে, – “ ইলেকট্ৰিক শ্বক? ফাজলামি কৰিবলৈ আহিছ ক্লা–আ–ছত? চুপ–চাপ বহি থাকগৈ।”
সবুজ আকৌ নিজৰ ঠাইত গৈ সাবধানে বহিলগৈ। ইফালে–সিফালে ভয়ে ভয়ে চালে। দিলুৱে নিশ্বাস বন্ধ কৰি চাই থাকিল, যদি সূক্ষ্ম তাঁৰবোৰ চকুত পৰে ডাঙৰ ঘটনা হ’ব। সবুজে নেদেখিলে।
ছাৰে আকৌ পঢ়াবলৈ আৰম্ভ কৰিলে। কেইমিনিটান যোৱাৰ পিছত ছাৰৰ কথাবোৰ আকৌ লাগি ধৰিলে। দিলুৱে তেতিয়াই বেঞ্চৰ তলেদি হাতখন ভৰাই সাবধানে বেটেৰিৰ কানেকচন কৰি দিলে আৰু লগে লগেই সবুজে আকৌ চিঞৰ এটা মাৰি জঁপিয়াই উঠিল।
ইদ্ৰিছ ছাৰৰ চেহেৰাটো চাবলগীয়া হ’ল! তেওঁৰ এইবাৰ কোনো সন্দেহ বাকী নাথাকিল যে তেওঁৰ খোনাই কথা কোৱাটোৰ সবুজে ভেঙুচালি কৰিছে। তেওঁ চকু–মুখ পকাই সবুজক ক’লে–
“ব–ব– বদমাছ ল’ৰা। ত–ত–তই ফাজলামি কৰিছ?”
সবুজে ক’লে– “ফা– ফা– ফাজলামি কৰা নাই ছাৰ।”
ছাৰৰ আৰু খং উঠিল। তেওঁ এইবাৰ গোজৰণি মাৰি ক’লে–
“চু–চু– চুপ থাক।”
সবুজে ভয়ে ভয়ে গৈ নিজৰ ঠাইত বহিলগৈ। আকৌ ক্লাছ আৰম্ভ হ’ল। তাৰ মুখখন শেঁতা পৰি গৈছে। নিজৰ ঠাইত বহি ইফালে–সিফালে চাইছে। সি একো ধৰিব পৰা নাই। ওঁঠ দুখন কঁপি আছে তাৰ, ভাব হৈছে ওপৰৱালাৰ দয়া বিচাৰিছে, কপালত তাৰ বিন্দু বিন্দু ঘাম।
ছাৰে আকৌ পঢ়াবলৈ আৰম্ভ কৰিলে। পঢ়া এইবাৰ একবাৰে নিস্তেজ। গোটেই ক্লাছটোতে এক ধৰণৰ চেপি ৰখা ভয়। ছাৰে এইবাৰ কথাই কথাই ৰৈ যাবলগীয়া হৈছে। এবাৰ যেতিয়া তেওঁ ভালদৰে খোনাবলৈ আৰম্ভ কৰিলে দিলুৱে আকৌ বেটেৰিৰ কানেকচনটো লগাই দিলে।
কুকুৰক হঠাতে কোনোবাই লাঠ মাৰি দিলে যিধৰণে ‘ঘেঁউ’ বুলি চিঞৰি দিয়ে সবুজে ঠিক তেনেকুৱা এটা শব্দ কৰি জঁপিয়াই উঠিল। তাৰ চকু–মুখত আতংক। খোনাই খোনাই সি ক’লে–
“ই–ই–ই–ই–
সি কথা শেষ কৰিব নোৱাৰিলে।
ইদ্ৰিছ ছাৰ আহি তাৰ চুলিকোছা ধৰি ক্লাছৰপৰা বাহিৰলৈ লৈ গ’ল। যোৱাৰ আগে আগে দাঁত কৰছি কৈ গ’ল–
“ম–ম–ম–মোৰ লগত অসভ্যালি। তো– তো– তোক মই চিধা কৰিহে এৰিম।”
ইদ্ৰিছ ছাৰে সবুজক কি কৰিলে কোনেও গম নেপালে, কিন্তু সবুজ আৰু ক্লাছলৈ ঘূৰি নাহিল।
স্কুল ছুটিৰ পিছত যেতিয়া সকলোবোৰ ঘৰলৈ উভতিল, সবুজক গঙ্গা নাপিতৰ দোকানৰ আগত শুকান মুখেৰে বহি থকা দেখিলে। ক্লাছৰ ল’ৰাবোৰে তাক ঘেৰি ধৰিলে। এটা ল’ৰাই ভয়ে ভয়ে সুধিলে
– “ছাৰে কি কৰিলে?”
সবুজে নিশ্বাস এটা এৰি ক’লে–
“স্কুলৰপৰা বাহিৰ কৰি দিছে। ভাবিছে মই ছাৰক ভেঙুচালি কৰিছিলোঁ।”
“কৰা নাছিলি?”
“নাই। সঁচা ইলেকট্ৰিক শ্বক।”
“এতিয়াও হৈ আছে?”
সবুজে মূৰ লৰালে, -“অঁ হৈছে। কিন্তু আগৰ নিচিনা বেচি নহয়।”
দিলুৱে বহুত কষ্টেৰে হাঁহিটো লুকুৱালে। সি এনেকুৱা ভয় খাইছে যে এতিয়া এনেই সি ইলেকট্ৰিক শ্বক খাই আছে। সবুজে হঠাৎ দিলুৰ ফালে চাই ক’লে
-“দিলু-”
দিলুৱে ভয়ে ভয়ে সুধিলে –
“কি?”
“তইতো চাইণ্টিচ, বহুত কিতাপ–পত্ৰ পঢ়। কি হৈছে ঘটনাটো বুজিছনে?”
দিলুৱে মূৰটো খজুৱাই খজুৱাই উত্তৰ দিলে–
“বহুতদিন আগতে এখন কিতাপত পঢ়িছিলোঁ শৰীৰত যেতিয়া কেমিকেলৰ গোলমাল হৈ যায় তেতিয়া নাৰ্ভাচ চিষ্টেমৰপৰা উল্টা–পুল্টা চিগনেল যায়, কেতিয়াবা ভাব হয় বিষ, কেতিয়াবা ভাব হয় ইলেকট্ৰিক শ্বক, কেতিয়াবা খজুৱতি– বেলেগ বেলেগ মানুহৰ বেলেগ ধৰণৰ…।”
“কি কৰিব লাগে তেতিয়া?”
“এটাই মাত্ৰ চিকিৎসা – বিশ্ৰাম”
“বিশ্ৰাম?”
“অঁ। তুমি এতিয়া স্কুললৈ অহাটো ঠিক নহ’ব। অতি কমেও এবছৰ বিশ্ৰাম লোৱা দৰকাৰ।”
“অসুখটোৰ নাম কি?”
“মনত নাই। গুণ্ডোটাইটিচ নে কিবা সেইধৰণৰ নাম এটা।”
“গুণ্ডোটাইটিচ? কি আচৰিত নাম!”
“অঁ খুব আচৰিত। বেমাৰটোওতো আচৰিত।”
দিলুৱে খোজ কাঢ়ি গৈ থাকোঁতে দেখিলে দুৰাৰোগ্য গুণ্ডোটাইটিচ ৰোগাক্ৰান্ত সবুজে শেঁতা পৰা মুখেৰে গঙ্গা নাপিতৰ দোকানত বহি আছে।