দেউতা
লেখক- ড° চয়নিকা শইকীয়া
দেউতা তোমাৰ সৰিয়হ তলিত
এতিয়া চাগৈ ৰʼদৰ সুহুৰি,
হালধীয়া সৰুফুলবোৰে
দুপৰৰ লেহেমীয়া বতাহত
ৰেডিঅʼৰ গানৰ উমত
এতিয়াও হালি পৰে নে
তোমাৰ দৰে ভাত–ঘূমতিত দোঁ খাই?
মূলা ফুলৰ ৰং কি আছিল দেউতা?
পাহৰিছোঁ, বগা নে বেঙুনীয়া,
শাকনিৰ জিলমিল খুতৰা,
তোমাৰ হাতৰ পিৰালি–পালেংডৰা,
জানো মই, মোলৈ বুলি তুমি
এইবেলিও আঁছুতীয়া কৈ থৈছা,
সদায়েতো থৈ আহিছা।
মটৰকেইজোপাত গুটি ধৰিছে নে?
তোমাক জোকাবলৈ সৰুতে
মিঠা মটৰগুটি গুচাই খাই
খালি বাকলিবোৰ ডালতে যে এৰি আহোঁ,
আৰু তুমিও যে নজনাৰ ভাও জুৰি
সেইবোৰ পিতিকি চোৱাঁ,
কিমান যে মজা পাইছিলোঁ…….
মটৰৰ বাকলিটো আচলতে তুমিয়ে আছিলা,
আৰু আমি তোমাৰ বুকুৰ মাজৰ
সৰু সৰু কোমল মটৰগুটি……..
গুটিবোৰ আঁতৰি আহিলোঁ,
তোমাক সময়ৰ গছ–ডালিত
খোলা বুকুৰে অকলে এৰি।
এবাৰ যে মাঘত দুয়ো মিলি
এটা কাঠ–আলু খান্দিছিলোঁ,
কি বিয়াগোম আছিল তাৰ আকাৰ!
তোমাৰ পটু, মোৰ অপৈণত হাতেৰে
অলপ অলপ কৈ খান্দি উলিওৱা
সেই কাঠ আলুটোৰ কথা
তুমি হয়তো পাহৰিলা,
মই নাপাহৰোঁ দেউতা,
কি বিস্ময়কৰ আছিল সেই অভিজ্ঞতা!
এতিয়া নিজকে মোৰ
সেই কাঠ–আলুজোপাৰ দৰে লাগে,
ওপৰে ওপৰে সেউজীয়া পাতেৰে
আৰু ভিতৰি স্মৃতিৰ দʼ গাতত
পোট খাই লাহে লাহে বাঢ়ি অহা
এডোখৰ মঙহাল দুখৰ দৰে।
দেউতা তোমাৰ শীতৰ বাৰীত
এতিয়া চাগৈ স্মৃতিৰ হেজাৰ বসন্ত,
ৰʼদ বৰণীয়া চোলা পিন্ধি
আপোন পাহৰি গুণগুণাই ফুৰা
লাহী খোজৰ মৌ–মাখিজনী
এতিয়াও আহেনে দোপ দি তোমাৰ বুকুলৈ?
চিনাকি ফুলৰ অচিনাকি সুৱাস লৈ?