হৃদয়

লেখক- কিশোৰ মনজিৎ বৰা

হৃদয় থকা মানুহবোৰৰ বুকুত 

যন্ত্ৰণাৰ এটা মন্দিৰ থাকে

সেই মন্দিৰত যেতিয়া ঘণ্টা বাজে

তেতিয়া সন্ধিয়াৰ আকাশৰ প্ৰতিটো তৰাই 

নীৰৱে চকুপানী টোকে

হৃদয় থকা মানুহবোৰে নদী ভাল পায়

ভাল পাই সোঁৱৰণিৰ প্ৰাচীন ঘাট

প্ৰতিটো উজাগৰী ৰাতি তেওঁলোকৰ বাবে

যন্ত্ৰণাৰ গভীৰ কাব্যপাঠ

হৃদয় থকা মানুহবোৰে হৃদয় হেৰুওৱাৰ পিছতো

বুকুত আলফুলে সাঁচি ৰাখে

যন্ত্ৰণাৰ বাবে অকণমান আছুতীয়া ঠাই

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!