কাৰ্শলা
লেখক-কমলা দাস
শীতৰ ঠেটুৱৈ ধৰা জাৰত ৰাতিপুৱা সোনকালে উঠিবলৈ অলপ এলাহ লাগে ৰীতিৰ। সেইখিনি সময়ৰ নিহালিৰ উম লগা আমেজকণ এৰিবলৈ বৰ টান। তথাপিও উঠিব লাগিবই। কাৰণ ল’ৰা ছোৱালী দুয়োটাই ৰাতিপুৱা ছয় বজাতেই টিউচনলৈ যায়। ছয় বজাৰ আগতে সিহঁতক উঠাবলৈ হ’লে ৰীতিয়ে নিজেও উঠিব লাগে। সেয়ে এলাহ কাটি কৰি নিহালিখন গুচাই লৰালৰিকৈ শোৱা পাটি এৰে ৰীতিয়ে। সিহঁত দুটাকো উঠাই দিয়ে। এটাই ভাল যে, সিহঁত দুটাক এবাৰত কৈ বেছি মাতিব নালাগে। শুই উঠিয়েই সিহঁত দুটাই মুখ ধুই, বিস্কুট দুখন খাই টিউচনলৈ গুছি যায়। সিহঁতে যোৱাৰ পাছত ৰীতিয়ে বাহি বনত ধৰে।
আজিকালি সেই কাহিলী পুৱাতেই, ছমাহ আগত পুষ্পিতা হোৱা ছোৱালীজনীক অকলে টিউচনলৈ পঠাবলৈ ৰীতিৰ চিন্তা হয়! দিনকাল যি হে পৰিছে! সৰু ডাঙৰ কথা নাই! হৰিণাৰ মাংসই বৈৰীৰ নিচিনাকৈ ছোৱালীৰ দেহটোৰো শতৰুৰ অভাৱ নাই! তাতে তাই নতুনকৈ প্ৰস্ফুতিত হোৱা ফুলৰ নিচিনাকৈ, জালি কোমোৰাৰ দৰে বৰণ ধৰিবলৈ লৈছে। শৰীৰৰ আঁহ পাঁহ বোৰো মুকলি হ’ব ধৰিছে। লোভনীয় চকু বোৰৰ পৰা ছোৱালী জনীক বচাই ৰাখিবলৈ বহুত চিন্তা কৰিব লগা হয়। পেপাৰে পত্ৰই, মেলে মিটিঙে যিমানেই নাৰী সুৰক্ষাৰ নামত কথাৰ ফুলজাৰি নামাৰক কিয়, সময়ত সেই সকলো বোৰ ফুটুকাৰ ফেন হয়!
ঘৰৰ মানুহ বোৰ উঠাই নাই। ৰাতিৰ চুৱা বাচন বোৰ উলিয়াই দমকলৰ পাৰত থৈ, চোতালখন সাৰো বুলি ৰীতিয়ে বাঢ়নি টাৰ হাতত তুলি ললে। আগফালৰ পদূলি মূৰৰ পৰা পিছফালে বাহনিৰ তললৈকে চোতালখন সাৰোতে বহুত সময় লাগে। তাতে আকৌ আজিকালি গছৰ পাত বোৰো সৰিবলৈ লৈছে। ৰীতি হঁতৰ নিজৰ লগতে খুড়াক, বৰদেউতাক হঁতৰো মিলি চাৰিওফালে বহুত ডাঙৰ ডাঙৰ গছ আছে। সময়ত গছ বোৰে ছাঁ, ফল মুল দিয়াৰ লগতে এইটো সময়ত সৰা পাতবোৰে ঘৰ চোতাল লেতেৰাও কৰে। ৰীতিয়ে চোতাল সাৰোতে পাতবোৰ সাৰি নি এঠাইত দ’ম কৰি, দুই তিনি দিন মূৰে মূৰে জ্বলাই দিয়ে।
টোপনিৰ নিচা ভালকৈ নভগা ৰীতিয়ে আগফালখন আগতে সাৰি লওঁ বুলি ভাবি লেহেমীয়া খোজেৰে আগফাললৈ আহি আছিল। এনেতে কাষৰ ঘৰৰ বৰমাক হঁতৰ ঘৰৰ বাৰাণ্ডাৰ পৰা কিবা চিঞৰ বাখৰ ভাঁহি আহিল। তাই বাঢ়নি টাৰ হাতত লৈয়ে কিনো হৈছে বুলি কাণ উণাই, উমান লৈ আগফাললৈ আহি থাকিল!
বৰমাকৰ পুতেকটোৱে অৰ্থাৎ সম্বন্ধত ৰীতিৰ দেৱৰেকে ডাঙৰ ডাঙৰ কৈ, কৈছে—ইমান দিনৰ ফুল চোৰ আজি হে ধৰা পৰিল। ধুনীয়া কৈ ফুলি থকা ফুল বোৰ সদায় ৰাতিপুৱা চিঙি নিয়ে। বহুত দিন চোপ লৈ লৈ আজি হে চোৰ ধৰিব পাৰিলোঁ। আজি ক’ত পলাবি তই? খুটাত বান্ধি থ’ম তোক আজি লেংটা কৰি!
বাপৰে! ইমান খঙ উঠিছে তাৰ!
দুয়োখন ঘৰ সীমাৰ বেৰখনৰ লগতে লাগি থকা বাবে ইখন ঘৰত ডাঙৰকৈ কথা ক’লে সিখন ঘৰত শুনা পায়। ৰীতিয়ে দেৱৰেকৰ গৰ্জনখিনি আগফালে আহি থাকোঁতেই শুনা পালে। আজি কেইবাদিনৰ পৰা বৰমাক হঁতে হুলস্থূল কৰিয়েই আছিল যে, তেওঁলোকৰ ফুলবোৰ হেনো কোনোবাই মনে মনে চিঙি নিয়ে। ফুলৰ খুবেই চখ থকা বৰমাক হঁতৰ বাবে এইটো বৰ ডাঙৰ ঘটনা। অবশ্যে জকমকাই ফুলি থকা ফুলবোৰ চিঙিলে সকলোৰে বেয়া লাগে। কথাটো ৰীতিয়েও বৰ বেয়া পায়। সুন্দৰ কৈ ফুলি থকা ফুলবোৰ অযথা কোন সোতেনো চিঙিব পাৰে বাৰু!
কোনেনো সদায় সদায় ফুল চিঙে আৰু কাকনো ধৰিলে বুলি ৰীতিয়ে বাঢ়নি টাৰ হাতত লৈয়ে সীমাৰ জেওৰা বেৰখনলৈকে আগবাঢ়ি গ’ল চাবলৈ। হুলস্থূল শুনি বৰমাক, শাহুয়েকহঁতো শোৱাৰ পৰা উঠি আহিল।
ৰীতিয়ে হাওলি চাই দেখিলে–দেৱৰেকে বাৰাণ্ডাত থকা চকীখনত বহি কাৰোবাক হাতেৰে ধৰি আছে! ধৰি থকা হাতখন সৰু ল’ৰা ছোৱালীৰ যেন লাগিছে। খুটাটোৰ আঁৰ থকা বাবে হাতৰ গৰাকীক ভালদৰে দেখা নাই। ফ্ৰক চোলা পিন্ধাৰ নিচিনা লাগিছে! ওও, , চোলাতো দেখোন আইজনীৰ নিচিনাই! আমাৰ আইজনী নেকি! হেহ্, তাইনো বাৰু কি কাৰণত ফুল চিঙিবলৈ যাব! চাওঁচোন ভালদৰে! বুকুৰ ঢপঢপনিৰে সৰু জপনাখন খুলি ৰীতি সোমাই গ’ল বৰমাক হঁতৰ বাৰাণ্ডাৰ ওচৰলৈ!
জপনা খুলি ভিতৰলৈ দুখোজ দিওঁতেই ৰীতিয়ে দেখিলে— ঔ আই, দেৱৰেকে চোন সঁচাসচিকৈ আইজনীকে ধৰি আছে! ৰীতিয়ে আচৰিত হোৱাৰ লগতে মূৰটোও গৰম হৈ গ’ল। উধাতু খাই গৈ তাই আইজনীৰ ইখন হাতত ধৰিলে আৰু দেৱৰেকক সুধিলে– কি হৈছে?
দেৱৰেকে প্ৰচণ্ড খঙত বৌয়েকক গালি পাৰিব ধৰিলে। ল’ৰা ছোৱালীক ভাল শিক্ষা দিয়া নাই, চোৰ কৰিবলৈ শিকাইছে আদি ইত্যাদি লগতে বৌয়েকেও হেনো বজৰুৱা! আৰু বিভিন্ন বেয়া মাত মাতি মাতি গালি পাৰি অপমান কৰিলে!
মই ফুল চিঙা নাই এ বুলি কৈ কৈ মেঙমেঙাই কান্দি থকা জীয়েকৰ হাতখন খুড়াকৰ হাতৰ পৰা এৰুৱাবলৈ চেষ্টা কৰি থাকি ৰীতিয়ে ধৈৰ্য্য ধৰি পুনৰ সুধিলে তাক– আচলতে কথাটো কি হৈছে, কবি নে?
এইবাৰ বৰমাকে মাত লগালে— জীয়েৰক ফুল চোৰ কৰিবলৈ শিকাই এতিয়া সুধি আছা, কি হৈছে বুলি!
অ, , , , বৰমা, তাৰ মানে আমাৰ আইজনীয়েই ফুল চিঙিছে নেকি! দেৱৰেকৰ ফালে চাই ৰীতিয়ে ক’লে— বাৰু হ’ব দে। মই তাইক বুজাম। কিয়নো তাই ফুলবোৰ চিঙিব লাগে! এতিয়া এৰি দে। তাইৰ টিউচনলৈ দেৰি হব। টিউচনৰ পৰা অহাৰ পাছত তাইক মজা দিম মই। বুলি কৈ ৰীতিয়ে পুনৰ জীয়েকৰ হাতখন এৰুৱাবলৈ চেষ্টা কৰিলে।
আইজনীৰ হাতখন বেছিকৈ হে চেপা মাৰি ধৰি দেৱৰেকে গৰ্জি উঠিল— নিদিওঁ তাইক এৰি। চুৰুণী তাই। আজি তাইক লেংটা কৰি বান্ধি থ’ম। ঐ চুৰুণী, খোল, কাপোৰ খোল তই! বুলি তাই পিন্ধি থকা চোলাটো টানিব ধৰিলে!
ঠাচ্!
গাৰ সমস্ত জোৰেৰে দেৱৰেকৰ গালত চৰ মাৰি দিলে ৰীতিয়ে! আৰু একে আজোৰে তাৰ বান্ধোনৰ পৰা জীয়েকৰ সাতখন এৰুৱাই লৈ আহিল! তাত উপস্থিত থকা আটাইয়ে ঘটনাৰ আকস্মিকতাত
হতভম্ব হৈ পৰিল! চৰ মাৰি উঠি ৰীতিয়ে সমান উস্মাৰে গালি দিলে— কুকুৰ, জীয়েৰৰ নিচিনা ভটিজি জনীক বাৰে বাৰে লেংটা কৰিম বুলি কবলৈ লাজ নালাগিল তোৰ? পঢ়ি শুনি ইয়াকে শিকিলি! তহঁতৰ ভৰষাতে আইজনীহঁতৰ বাপেকে নিঃচিন্ত মনে দুৰ ঠাইত চাকৰি কৰি থাকে। কিবা বিপদ আপদ হ’লে ল’ৰা ছোৱালীহঁতক, তহঁতকে কবলৈ কয়! তহঁতৰ কথা কৈয়েই দেউতাকে সিহঁতক সাহস দিয়ে! আৰু তহঁতে নিজেই এইয়া! ঐ অধম, সিহঁতক ভাল, বেয়া বুজাবি ক’ত, ফুল এটা চিঙাৰ বাবে তহঁতে হে নতুনকৈ গাভৰু হোৱা ভটিজী ছোৱালী জনীক লেংটা কৰিব লৈছা! ৰীতিয়ে পাৰে মানে বকি বকি প্ৰচণ্ড খঙত ফোঁপাই –জোপাই আইজনীক চোচোৰাই টানি লৈ আহিল ঘৰলৈ! ইয়াৰ পিছত বৰমাক আৰু শাহুয়েকে কিবা কিবি বকাবকি কৰি আছিল যদিও, ৰীতিয়ে কাণ নিদিলে সেইবোৰত।
আইজনীক ৰুমলৈ লৈ আনি দুই চৰ লগালে ৰীতিয়ে। তাই বিছনাত বাগৰি পৰি চিঞৰি চিঞৰি কান্দিব ধৰিলে। ৰীতিৰ খঙ ক’মা নাই! জীয়েকক বকি আছে— তোৰ বাবেই আজি ৰাতিপুৱাই ৰাতিপুৱাই কাজিয়াখন লাগিব লগা হ’ল। কি দৰকাৰ আছিল তোৰ লোকৰ ফুল চিঙিবলৈ যাবলৈ! তোক আজি! বুলি আৰু এক চৰ লগাব লওঁতেই শাহুয়েকে আহি ৰীতিৰ হাতত থাপ মাৰি ধৰিলে। মাকৰ মাৰৰ পৰা বচাবলৈ নাতিনীয়েকক সাৱটি ধৰি বোৱাৰীয়েক বকিবলৈ ধৰিলে— আমাৰ ছোৱালীক তই মাৰি মাৰি, মাৰি পেলালেও কাৰো একো ক্ষতি নহয়, বুজিছো! লোকৰ কথা শুনি তই যে তাইক উধাই মূধাই কোবাই আছা, আগতে তাইক সুধি নলওঁ কিয়, আচলতে কথাটো কি!
শাহুয়েকৰ বকনি খাই হে ৰীতিৰ গালৈ হুচ আহিল! হয় চোন! মই চোন তাইক একো নুসুধাকৈয়ে মৰিয়াব ধৰিছো! ফুলকুমলীয়া ছোৱালী জনীৰ মাকৰ চৰ খাই গাল দুখন তেনেই ৰঙা পৰি উঠিছে! দেখি ৰীতিৰ বহুত দুখ লাগিল! তাইক সাৱটি ধৰি ৰীতিয়ে হুকহুকাই কান্দিবলৈ ধৰিলে!
ৰীতিয়ে বহুত সময় আইজনীক বুকুৰ মাজত লৈ থাকিল। খঙটো ক’মাৰ পাছত ৰীতিয়ে আইজনীৰ মূৰত হাত বুলাই থাকিল! এটা সময়ত তাইক বৰ মৰমেৰে সুধিলে, সচা কথা কোৱা চোন আইজনী, আচলতে ঘটনাটো কি হৈছিল!
মাকৰ আশ্বাস পাই চকু পানী মচি মচি আইজনীয়ে কবলৈ ধৰিলে, কেনেকৈ তাই টিউচনলৈ যাবলৈ বুলি ঘৰৰ আগত চাইকেলত উঠিব লওঁতেই খুড়াকে তাইক তেওঁলোকৰ বাৰাণ্ডাৰ পৰাই, সৰি থকা ধুনীয়া ফুল এপাহ নিবলৈ মাতিলে! ডাঙৰ ধুনীয়া ফুলপাহ দেখি তাইৰো লবলৈ মন গ’ল। তাই চাইকেলখন ৰাস্তাৰ দাঁতিত থৈ ফুলপাহ নিবলৈ জপনা খুলি সোমাই গৈছিল। খুড়াকৰ হাতৰ পৰা ফুলপাহ লবলৈ লওঁতেই খুড়াকে থাপ মাৰি তাইৰ হাতত ধৰিলে। কোনো নথকাৰ সুযোগতে তাইক সাৱটি ধৰিলে! তাই সেইবোৰ ভাল নেপাই হাত এৰুৱাই যাব খুজিলে। খুড়াকে তাইক এৰি নিদি আজোৰ মাৰি বুকুৰ মাজলৈ টানি আনিলে। তাই চিঞৰিব ধৰিলে— খুড়া, এৰি দে মোক। টিউচনলৈ দেৰি হব মোৰ। এৰি নিদিলে মই চিঞৰি মাক মাতিম, বুলি কৈ তাই মা মা কৈ চিঞৰিব ধৰিলেই! এনেতে খুড়াকে তাইক হাতত ধৰি লৈ চোৰ চোৰ বুলি চিঞৰিব ধৰিলে।
জীয়েকৰ কথা শুনি ৰীতিৰ মূৰ ঘূৰাই গ’ল! হে ভগৱান! কি ডাঙৰ ঘটনা ঘটিবলৈ লৈছিল! ৰীতিয়ে চুৱা বাচন বোৰ দমকলৰ পাৰলৈ নি থাকোঁতে এবাৰ আইজনীয়ে মাতা যেন লাগিছিল তাইৰ! এনেয়ে মনৰ ভাৱ বুলি ভাবিছিল ৰীতিয়ে। তাৰ মানে আইজনীয়ে সঁচাসচিকৈ মাকৰ সহায় বিচাৰি চিঞৰিছিল! উস্! আইজনীক মাকে জোৰেৰে বুকুৰ মাজত সাৱটি ধৰিলে। তাই মাকৰ বুকুৰ মাজত কুৰুকি সোমাই ফেকুৰী ফেকুৰী কান্দি – মোৰ কথা বিশ্বাস কৰিছানে মা! মই ফুল চিঙা নাই। খুড়াই মিছাকে চোৰ সজাইছে মোক!
মই বুজি পাইছো আইজনী! সন্তানৰ কথা মই বিশ্বাস কৰোঁ। তহঁতে মোক মিছা কথা নোকোৱা বুলি জানো। আগলৈও এই বিশ্বাস সদায় ৰাখিবি। তেতিয়া হে মই তহঁতক বচাব পাৰিম!
আইজনীয়ে মাকৰ বুকুত মুখ লুকুৱাই বিৰবিৰালে—মা! অ মা, বুকুত বহুত দুখ পাইছোঁ মই!
কি! অসভ্যটোৱে এইবোৰো কৰিছে নেকি তোৰ লগত! উস্! জীয়েকক আৰু জোৰে সাৱটি ধৰিলে ৰীতিয়ে। খঙত, দুখত, ৰীতিৰ চকুৰে গৰম চকুলো ওলাল! দাঁত কৰচি তাই ভাবিলে— এইবোৰ কাৰ্শলা ঘৰতেই লুকাই থাকে। চুকত থাকি বুকুত কামোৰা পিশাচটোক, মই মাৰা এক চৰ টো, বহুত কম হ’ল! সি আৰু বেছিৰ যোগ্য আছিল। কোনো কথা নাই! সময়ে ৰঙ সলাব! সময় আমাৰো আহিব! তেতিয়া ক’ত পলাব সি!
ৰীতিয়ে আইজনীৰ চুলিত হাত বুলাই, বুলাই বুকুৰ মাজত এনেদৰে সাৱটি ল’লে, যেন তাইক ৰক্ষা কৰিবলৈ ৰীতিয়ে এক কঠিন বৰ্ম হে পিন্ধি ললে! আৰু তাইক মৰমেৰে ক’লে—চিন্তা নকৰিবি আই!
তেতিয়া আমি তাক সমাজৰ আগত নাঙঠ কৰিম! নহয়, সি নিজে নিজেই নাঙঠ হৈ পৰিব।