প্ৰণয়-গীত
লেখক- মিতালী নাৰায়ণি
মূল: খালিল জিব্ৰানৰ “The Love Song”
এগৰাকী কবিয়ে এবাৰ এটা প্ৰণয়–গীত ৰচনা কৰিলে। গীতটো খুব মোহনীয় হৈছিল। তেওঁ তাৰ কেইবাটাও প্ৰতিলিপি কৰি উলিয়ালে আৰু পুৰুষ–মহিলা নিৰ্বিশেষে তেওঁৰ বন্ধু–বান্ধৱ আৰু পৰিচিত লোকসকললৈ আনকি মাথোঁ এবাৰহে লগ পোৱা পাহাৰৰ দাঁতিত বাস কৰা গাভৰুগৰাকীলৈয়ো প্ৰণয়–গীতটোৰ প্ৰতিলিপি পঠিয়ালে।
দুই–এদিন পাছতে এগৰাকী বাৰ্তাবাহক আহিল। তেওঁ সেই গাভৰুগৰাকীৰ চিঠি এখন লৈ আহিছিল। চিঠিখনত লিখা আছিল, “তুমি মোৰ বাবে লিখা প্ৰণয়–গীতটোৱে মোক বাৰুকৈয়ে অভিভূত কৰিছে; তোমাক মই এই কথাৰ নিশ্চিতি দিছোঁ। এতিয়া আমাৰ ঘৰলৈ আহা আৰু মোৰ মা–দেউতাক লগ কৰাহি। আমি আমাৰ আঙুঠি পিন্ধোৱাৰ আয়োজনো কৰিব লাগিব।”
কবিগৰাকীয়ে চিঠিখনৰ উত্তৰত লিখিলে, “কিন্তু সখী, এয়া কবি হৃদয়ৰপৰা নিগৰি ওলোৱা এটা প্ৰণয়–গীতহে যিটো প্ৰতিগৰাকী পুৰুষে প্ৰতিগৰাকী নাৰীৰ বাবে গায়।”
গাভৰুগৰাকীয়ে পুনৰ কবিলৈ লিখিলে, “ভণ্ড, মিছলীয়া! তোমাৰ কাৰণেই আজিৰপৰা মোৰ মৃত্যুৰ দিনালৈ সকলো কবি মোৰ ঘৃণাৰ পাত্ৰ হ’ল।”