প্ৰথম অসমীয়া মহিলা স্নাতক
লেখক- উৎপল কুমাৰ দাস
সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা – এই ছন্দোময় নাম দুটা কোনে শুনা নাই?
আজি পঞ্চাশ– ষাঠী বছৰৰপৰা প্ৰচলিত হৈ থকা চাইফুদ্দিন আহমেদৰ ‘জানানে’ নামৰ ছাত্ৰ–ছাত্ৰীৰ বহু পঠিত আৰু জনসমাদৃত সাধাৰণ জ্ঞানৰ কিতাপখনৰ বিখ্যাত প্ৰশ্নটিৰ উত্তৰ দুটি ছাত্ৰ–ছাত্ৰীৰ কণ্ঠস্থ আছিল। কিন্তু তেওঁলোকৰ বিষয়ে সেই সময়ত (আৰু বৰ্তমানো) প্ৰকাশিত কোনো কথা পোৱা নাযায়।
“ সুখলতা, সুধালতা আৰু শান্তিলতা আছিল তিনি বাই–ভনী। তেওঁলোকৰ দেউতাক ৰমাকান্ত বৰকাকতীয়ে কলিকতা উচ্চ ন্যায়ালয়ত অনুবাদকৰ চাকৰি কৰিছিল। তেখেত কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আশুতোষ মুখাৰ্জীৰ আইন অধ্যয়নৰ সহপাঠী আছিল। তেওঁলোকৰ মূল ঘৰ আছিল শিৱসাগৰৰ চাৰিঙৰ দুৱাৰাপাৰত। সমসাময়িক অসমীয়া ছাত্ৰসকলৰ দৰে তেখেতেও সাহিত্য চৰ্চাত মনোনিবেশ কৰিছিল। তেখেতে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সম্পাদক হিচাপেও পাঁচ বছৰ সেৱা আগবঢ়াইছিল। তেখেতৰ ছগৰাকী ছোৱালী আৰু তিনিজন পুত্ৰসন্তানেৰে নদন–বদন সংসাৰখন অসমীয়া সংস্কৃতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। সেই সময়ত কটন কলেজ ( ১৯০১) স্থাপন হৈছিল যদিও অসমত স্নাতকোত্তৰ শিক্ষাৰ ব্যৱস্থা নথকাত আৰু দেউতাকৰ কৰ্মস্থলী সূত্ৰে তেওঁলোক কলিকতাত থাকি পঢ়াশুনা কৰিবলগীয়া হৈছিল। তেওঁলোকৰ সন্তানসকলৰ ভিতৰত তিনিগৰাকী জীয়ৰী সুধালতা, সুখলতা আৰু শান্তিলতা অত্যন্ত মেধাৱী আছিল। দেউতাকে উপাধি কাকতী লিখিলেও দুৱৰা কাকতী বংশৰ এই ছোৱালী কেইগৰাকীয়ে উপাধি হিচাপে দুৱৰাহে লিখিছিল।
সুধালতা আৰু সুখলতাই বেথুন কলেজৰপৰা স্নাতক হৈ কলিকতা বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ আৰু ডায়চেঁচান কলেজৰ পৰা বিটি উপাধি লাভ কৰিছিল। যি সময়ত মহিলাৰ শিক্ষা অসমত প্ৰাথমিক পৰ্যায়তে শেষ হৈছিল, তেনে সময়ত সুধালতা আৰু সুখলতা দুয়ো বাই–ভনীয়ে প্ৰথম অসমীয়া মহিলা স্নাতক (১৯১৯ ), স্নাতকোত্তৰ (১৯২১) আৰু বিটি (আজিকালিৰ বি এড ) হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল।
সুখলতা লাহোৰ কন্যা মহাবিদ্যালয়ৰ অধ্যক্ষৰ পদত নিয়োজিত হয় আৰু পাছলৈ আগ্ৰাৰ চিভিল চাৰ্জন বেনাৰসী দাসৰ লগত বিবাহ পাশত আবদ্ধ হৈ কৰ্মজীৱনৰপৰা অৱসৰ লয়।
তেওঁলোকৰ ভিতৰত জ্যেষ্ঠ ভগিনী সুধালতাই (১৮৯৬ – ১৯২৮ ) মেধা আৰু প্ৰজ্ঞাৰ দিশৰপৰা সৰ্বশ্ৰেষ্ঠা আৰু উজ্জ্বল প্ৰতিভাসম্পন্ন আছিল। সকলোবিলাক পৰীক্ষাতে সদায় প্ৰথম স্থান অধিকাৰ কৰা সুধালতাই ১৯১৯ চনত সংস্কৃতত সন্মান সহকাৰে প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতক হয়। ১৯২১ চনত কলিকতা বিশ্ববিদ্যালয়ৰপৰা ভাৰতীয় প্ৰধান তুলনামূলক ভাষা বিভাগত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ এম–এ পৰীক্ষাত উত্তীৰ্ণ হয়। উল্লেখযোগ্য যে ভাৰতীয় প্ৰধান তুলনামূলক ভাষা বিভাগত সুখ্যাতিৰে এম এ পাছ কৰি কেৱল অসম–বংগতে নহয় সমগ্ৰ ভাৰততে সেই বিষয়ত এম–এ উপাধি লাভ কৰা প্ৰথম মহিলা হোৱাৰ গৌৰৱ দুয়ো বাই–ভনীয়ে অৰ্জন কৰিছিল। ক’বলৈ গ’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমক ভাৰতৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ এখন কৰাৰ সপোন তেতিয়াই সুধালতা আৰু আনন্দৰাম বৰুৱাই (আই চি এচ অৰ্থাৎ আজিকালিৰ আই এ এছত পঞ্চম স্থান প্ৰাপ্ত) নিজৰ প্ৰজ্ঞা আৰু মেধাৰে পূৰ্ণ কৰিছিল। সুধালতাই এই পৰীক্ষাৰ আঠখন কাকতৰ সাতখনতে বিশ্ববিদ্যালয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল। অসমীয়া, বাংলা, পালি, প্ৰাকৃত আৰু তুলনামূলক ভাষাতত্ত্ব আদি কাকতত অভিলেখ নম্বৰ লাভ কৰিছিল। তেওঁৰ মেধাৰ প্ৰতি সন্মান জনাই বিশ্ববিদ্যালয়ে এইসমূহ পুৰস্কাৰ প্ৰদান কৰিছিল –
১) দুৰ্গামণি দেৱী পদক
২) অন্নপূৰ্ণা দেৱী পদক
৩) নচিপুৰ মহাৰাজ পদক
৪) ব্ৰহ্মময়ী পদক
৫) উমেশ চন্দ্ৰ মুখাৰ্জী পদক
৬) আশুতোষ মুখাৰ্জী পদক
শিক্ষা সমাপ্তিৰ পিছত সুধালতাই কৰ্মজীৱন আৰম্ভ কৰে বেথুন কলেজিয়েট স্কুলৰ শিক্ষয়িত্ৰী ৰূপে। ইতিমধ্যে এলাহাবাদৰ খ্ৰাইষ্ট ৱেইট কলেজত ইংৰাজী আৰু সংস্কৃতৰ অধ্যাপিকা পদ পোৱাত এলাহাবাদলৈ গৈ নতুন কামত যোগদান কৰে। ১৯২৫ চনত তেওঁ এই কলেজৰ অধ্যক্ষ পদত নিযোজিত হয় আৰু উত্তৰ প্ৰদেশৰ মহিলাসকলৰ মাজত উচ্চশিক্ষা প্ৰসাৰৰ কামত আত্মনিয়োগ কৰে। মানৱতাবোধ আৰু উচ্চ আদৰ্শৰে অনুপ্ৰাণিত সুধাই তেওঁৰ কলেজৰ ছাত্ৰীসকলক লৈ গাৰ্ল গাইড দল এটি গঠন কৰে। এই দলটিয়ে সকলো ডাঙৰ ডাঙৰ সামাজিক উৎসৱ আৰু অনুষ্ঠানতেই সেৱা আগবঢ়াইছিল। বিশেষকৈ কুম্ভমেলাৰ সময়ত সুধালতাই তেওঁৰ গাৰ্ল গাইডখিনিক লৈ প্ৰয়াগৰ গংগা, যমুনা, সৰস্বতীৰ সংগম স্থলত সমাবেত হোৱা লাখ লাখ তীৰ্থযাত্ৰীৰ সেৱাত ব্ৰতী হৈছিল। তেওঁৰ মধুৰ আৰু বিশাল ব্যক্তিত্বত মোহিত হৈ কৃতজ্ঞতাৰ চিন স্বৰূপে সকলোৱে নিজৰ দলটিৰ নতুন নামকৰণ কৰিছিল ‘সুধাবাহিনী’ বুলি।
তেওঁৰ প্ৰজ্ঞা আৰু মেধাক স্বীকৃতি দি এলাহাবাদ বিশ্ববিদ্যালয়ে সুধালতাক বিশ্ববিদ্যালয়ৰ কৰ্ট সভা, অধিবিদ্যা পৰিষদ, পুথি বাছনি সমিতি আদিলৈ নিৰ্বাচিত কৰিছিল। বিভিন্ন শৈক্ষিক সভাসমূহত বিশেষকৈ স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰত সুধালতাৰ মতামত সন্মান সহকাৰে গৃহীত হৈছিল।
অতি সৰল জীৱন–যাপন কৰা এইগৰাকী বিদুষী মহিলাই অধ্যয়নৰ বাহিৰৰ অৱসৰ সময় আৰ্ত্ত মানৱৰ সেৱাত অতিবাহিত কৰিছিল।
সুন্দৰ, সুস্থ মনৰ গৰাকী সুধালতাৰ আচাৰ ব্যৱহাৰত সুৰুচিপূৰ্ণ অমায়িক অসমীয়া জীয়ৰীৰ ছবি এখন সুন্দৰকৈ ফুটি ওলাইছিল। তেওঁৰ সান্নিধ্যলৈ অহা প্ৰত্যেকেই তেওঁৰ সুষমামণ্ডিত মোহময়ী ব্যক্তিত্বত মোহিত হৈছিল। তেওঁৰ অন্তৰৰো অন্তঃস্থলত দেশপ্ৰেম আৰু জাতীয় চেতনাবোধৰ নৈখন পাৰ ভাঙি বৈ আছিল। গান্ধীজীৰ অহিংসা আৰু সত্যাগ্ৰহৰ পথেদি কৰা স্বাধীনতা আন্দোলনে সুধালতাৰ ধ্যান ধাৰণাক অতিশয় প্ৰভাৱান্বিত কৰিছিল।
দেউতাক ৰমাকান্ত বৰকাকতীয়ে চাকৰিৰপৰা অৱসৰ লোৱাৰ অন্তত যোৰহাটত নিগাজীকৈ থাকিবলৈ ল’লে। ১৯২৮ চনৰ গৰমৰ বন্ধত সুধালতা যোৰহাটৰ ঘৰলৈ আহিছিল। কিন্তু আইৰ ঘৰলৈ যাম, দুয়ো হাতে খাম, বিধাতাই বোলে ময়ো পাছে পাছে যাম। সুধালতাৰ ক্ষেত্ৰতো সেয়াই হ’ল।
মাক–দেউতাকৰ অপাৰ মৰম আৰু বহুদিনৰ মূৰত লগ পোৱা আপোন মানুহবিলাকৰ উল্লাস আৰু স্নেহভৰা সান্নিধ্যত প্ৰবাসত থকা সুধালতাৰ মন–প্ৰাণ ভৰি গৈছিল। দূৰৰ গংগা যেন ওচৰতে পাই গাঁওবাসীৰো মন আনন্দ, উছাহত পাৰ ভাঙি গৈছিল। বাৰিষাৰ আগমনত সদ্যস্নাতা যোৰহাট নগৰখন পাতে– ফুলে ধুনীয়া হৈ উঠিছিল। প্ৰকৃতিৰো যেন সুধালতাক পাই ৰূপত ৰহণ চৰিছিল। কিন্তু মহাকালৰ নিৰ্মম আহ্বানক মানুহৰ মৰম আৰু প্ৰকৃতিৰ সৌন্দৰ্য্যই জানো বাধা দি ৰাখিব পাৰে! সুধাকো ৰাখিব নোৱাৰিলে। মেধা, উদ্যম, কৃতিত্বৰে সমগ্ৰ দেশতে সুকীয়া পৰিচয় লাভ কৰা, মাক–দেউতাকৰ আলসুৱা আৰু অসমবাসীৰ নয়নৰ মণি সুধাকো ৰাখিব নোৱাৰিলে। ১৯২৮ চনৰ ৫ মে’ৰ দিনা খাদ্যৰ বিষক্ৰিয়াজনিত অসুখত মাত্ৰ কেইদিনমান ভুগিয়েই চিৰহাস্যময়ী সুধালতা তেওঁৰ সকলো সাধনা, কীৰ্তি আৰু প্ৰজ্ঞা এৰি থৈ মহাকালৰ বুকুত হেৰাই গ’ল। সুধাৰ মৃত্যুৱে কেৱল মাক–দেউতাক বা পৰিয়ালটিকে মৰ্মান্তিক আঘাত কৰি নেৰিলে, সমগ্ৰ অসমীয়া সমাজখনকো বহু কিবা পোৱাৰপৰা বঞ্চিত কৰিলে। অসমীয়াৰ দুৰ্ভাগ্য যে প্ৰস্ফুটিত গোলাপ পাহে সুগন্ধি বিয়পাবলৈ আৰম্ভ কৰাৰ সময়তে যেন কালৰ কুটিল চক্ৰত মৰহি যাব লগা হ’ল।
কিন্তু খাদ্যত বিষক্ৰিয়া ঘটি মৃত্যুবৰণ কৰিবলগীয়া হোৱাটো আশ্চৰ্যকৰ বিষয়। স্বীকাৰ কৰিব লাগিব যে যোৰহাটৰ দৰে ঠাইত হয়তো সেই সময়ত চিকিৎসা ব্যৱস্থা উন্নত নাছিল। গুৱাহাটী শোধনাগাৰৰ অৱসৰপ্ৰাপ্ত বিষয়া বিকাশ চন্দ্ৰ শৰ্মাৰপৰা জানিব পৰা মতে তেওঁলোকে যোৰহাটৰ স্কুলত পঢ়োতে সুধালতাৰ মৃত্যু canned fish (টেমাত সংৰক্ষিত মাছ )খোৱাৰ ফলত হোৱা বুলি শুনিছিল। যদি সেয়াই কাৰণ হয় তেন্তে সেয়া তেখেত উত্তৰ প্ৰদেশৰপৰা ছুটী লৈ ঘৰলৈ বুলি লগত লৈ অহা বুলি ভাবিব পাৰি, কাৰণ অসমৰ সেই সময়ৰ পৰিবেশত কেণ্ড ফিছৰ প্ৰচলন অপ্ৰাসঙ্গিক আছিল।
সুধালতাৰ শিক্ষাগুৰু ‘বংগ ভাষা এবং সাহিত্যেৰ ইতিহাস’ৰ দৰে অমূল্য গ্ৰন্থৰ প্ৰণেতা, মহান পণ্ডিত ড° দীনেশ চন্দ্ৰ সেনে তেওঁৰ সকলোতকৈ প্ৰিয় ছাত্ৰী সুধালতাৰ স্মৃতিত ‘A Memoir of Sudhalata Duora MA BT, An ideal Hindu girl’ নামেৰে ইংৰাজী ভাষাত এখনি গ্ৰন্থ সুধালতাৰ মৃত্যুৰ দুবছৰ পিছত ৰচনা কৰি সুধালতাৰ পবিত্ৰ আত্মাৰ উদ্দেশ্য উছৰ্গা কৰিছিল। ষ্টুডেণ্টচ ষ্টোৰে ১৯৯৭ চনত ইয়াৰ অসমীয়া অনুবাদ ( অনুবাদিকা সন্ধ্যা দেৱী ) প্ৰকাশ কৰিছিল। কলিকতাৰ নেচনেল লাইব্ৰেৰীত এই দুয়োখন গ্ৰন্থ সংৰক্ষিত হৈ আছে।
গ্ৰন্থখনিৰ ড° মন্দিৰা দাসে কৰা বাংলা অনুবাদ ২০২০ চনত ‘অসম দুহিতা সুধালতা দুৱৰা’ নামেৰে উজনিৰ ডুমডুমা কলেজে প্ৰকাশ কৰিছে। ড° নগেন শইকীয়াৰ মূল্যৱান ভূমিকাৰে সৈতে গ্ৰন্থখনিৰ সমালোচনা আগবঢ়াইছে পাঁচজন বিশিষ্ট বুদ্ধিজীৱী হোমেন বৰগোহাঞি, ড° ৰাজেন শইকীয়া, ড° হীৰেণ গোঁহাই, অশোক উপাধ্যায় আৰু দেৱেন তামুলীয়ে। উল্লেখযোগ্য যে উক্ত গ্ৰন্থখনিৰ ২য় তাঙৰণ শীঘ্ৰে প্ৰকাশৰ পথত য’ত ড° দীনেশ চন্দ্ৰ সেনৰ কেইখনমান চিঠি আৰু দুষ্প্ৰাপ্য আলোকচিত্ৰও সংযোজিত হোৱাৰ কথা।
এগৰাকী ভনীয়েক সুখলতাই সাংসাৰিক জীৱনত প্ৰবেশ কৰিলে। আনগৰাকী সুধালতাক নিয়তিয়ে আমন্ত্ৰণ জনালে। আৰু শান্তিলতা? প্ৰতিভাসম্পন্না শান্তিলতাই বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ৰপৰা স্নাতক হৈ এলাহাবাদ বিশ্ববিদ্যালয়ৰপৰা অৰ্থনীতিত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ছিমলাৰ লেডী লিনলিথগো কলেজত অধ্যাপক হিচাপে নিয়োজিত হৈছিল। তাৰপৰা অৱসৰ লৈ তেওঁ পৰম ব্ৰহ্মৰ সাধনাত মগ্ন হোৱাৰ কথা চিন্তা কৰিলে। কৰ্ণাটক প্ৰদেশৰ বাংগালোৰ চহৰৰ সমীপৱৰ্তী হোৱাইট ফিল্ডৰ আশ্ৰমৰ নিৰ্জনতাত সন্ন্যাসী জীৱন কটাই আধ্যাত্মিক চিন্তা–চৰ্চাৰে ভগৱানৰ চৰণত বাকী দিনবোৰ নিবেদন কৰিলে।
যোৱা শতিকাৰ বিৰল প্ৰতিভাশালী মহিলা, অসমৰ নাৰী শিক্ষাৰ বাটকটীয়া সুধালতাৰ বিষয়ে আমি বহু আগেয়ে বহু কথা জানিব লাগিছিল, তেখেতৰ জীৱনী গ্ৰন্থ ৰচনা হ’ব লাগিছিল, স্কুলীয়া পাঠ্যপুথিত তেখেতৰ প্ৰজ্ঞা, প্ৰতিভা আৰু কৰ্মোদ্যমৰ বিষয় অন্তৰ্ভুক্ত হ’ব লাগিছিল, সেই যুগৰ অনগ্ৰসৰ মহিলাসকলৰ মাজত এক উজ্জ্বল পটন্তৰ হিচাপে জিলিকি থাকি সকলোকে বাট দেখুৱাব লাগিছিল, বিদ্যায়তনিক পৰিসৰত তেখেতৰ স্মৃতিত অনুষ্ঠান, প্ৰতিষ্ঠান, বৃত্তি, বঁটা আদিৰ ব্যৱস্থা হ’ব লাগিছিল, কিন্তু সুধালতা সাধাৰণ জ্ঞানৰ এটি কুইজৰ উত্তৰতে সীমাবদ্ধ হৈ থাকিল। সুধালতাৰ প্ৰখৰ মেধাৰে বৰ্ণিল শিক্ষা জীৱন আৰু তাৰ পিছত সামাজিক দায়বদ্ধতাৰে পাতনি মেলা কৰ্মজীৱনৰ কৰুণ পৰিসমাপ্তিৰ বিষয়ে উপন্যাস, চিনেমা বা ডকুমেণ্টৰী এখন নিৰ্মাণ হোৱাটো অসম্ভৱ নাছিল।
এশ বছৰ পাৰ হ’বৰ হ’ল, এইগৰাকী প্ৰতিভাশালী মহীয়সী নাৰী সুধালতা দুৱৰাৰ এখন জীৱনী পৰ্য্যন্ত আজিলৈকে প্ৰকাশ হৈ নোলাল। যেন বনৰীয়া ফুল হৈ বনতে ফুলি সুগন্ধি বিয়পাই বনতে মৰহি গ’ল। কাৰো দৃষ্টিগোচৰ নহ’ল। অথচ বংগদেশৰ প্ৰথম দুগৰাকী মহিলা স্নাতক চন্দ্ৰমুখী বসু আৰু ডা: কাদম্বিনী গাংগুলী আজিও চৰ্চিত।
সময় যোৱাৰ লগে লগে তেওঁৰ জীৱনী লিখাৰ সমলো সীমিত হৈ আহিছে। সেই সময়ত প্ৰকাশিত ‘জয়ন্তী’ আদিৰ দৰে আলোচনীত প্ৰকাশ পোৱা সংক্ষিপ্ত আলোচনা, ড° দীনেশ চন্দ্ৰ সেনৰ গ্ৰন্থ বা সেই গ্ৰন্থৰ অসমীয়া আৰু বাংলা অনুবাদিকাৰ ভূমিকা আৰু আত্মীয় স্বজনৰপৰা গোটোৱা সমল ইত্যাদিয়ে এখন উৎকৃষ্ট জীৱনীৰ আধাৰ হ’ব পাৰে।
কলিকতাৰ এ এচ এল ক্লাবৰ(১৮৭২ চনত স্থাপিত) সভাপতি কৰুণা কান্ত ডেকাই তেওঁলোকৰ বছৰেকীয়া মুখপত্ৰৰ ২০১৯চনৰ সংখ্যা ‘সংক্ৰান্তি’ত ‘প্ৰথম অসমীয়া মহিলা গ্ৰেজুৱেট’ নামেৰে লিখা দীঘলীয়া প্ৰবন্ধটিয়েও সুধালতাৰ বিষয়ে বহুতো নজনা তথ্যৰ আভাস দিব পাৰে।
নলবাৰীত থকা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপক কুমাৰ শৰ্মাৰ তৎপৰতাত সুধালতাৰ বিষয়ে কিছু তথ্য আহৰণ কৰি থকা বুলি জনা গৈছে। উল্লেখযোগ্য যে এই বিশ্ববিদ্যালয়ৰ এটি ছাত্ৰীনিবাসৰ নাম সুধালতাৰ নামত দিয়া হৈছে আৰু সুধালতাৰ ফটো এখনিও তাত আঁৰি থোৱা আছে।
যোৱা শতিকাৰ শেষ দশকত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ভৱ প্ৰসাদ চলিহাই সুধালতাৰ এখনি জীৱনী গ্ৰন্থ ৰচনাৰ কাম হাতত লৈছিল বুলি জনা যায়।
গুণীজনাৰ স্বীকৃতি, চৰ্চা আৰু প্ৰতিষ্ঠাৰ দ্বাৰা আমাৰ সমাজ আগবাঢ়ি যাব পাৰে, নতুন প্ৰজন্মই আদৰ্শ, উৎসাহ আৰু প্ৰেৰণা লাভ কৰিব পাৰে, সৰ্বোপৰি প্ৰতিভাৰ যথাযোগ্য মূল্যায়নেৰে আমি আমাৰ ঐতিহ্য সময় বলুকাত হেৰাই যোৱাৰপৰা ৰক্ষা কৰিব পাৰোঁ।
(কমলেশ্বৰ বৰাৰ পুৰণি লেখা আৰু অন্যান্য সূত্ৰৰ সহায় লৈ)