সৰু মানুহ
অনুবাদ- সঞ্জীৱ কুমাৰ বৰা
মূলঃ ছোটলোক(বাংলা)
গল্পকাৰঃ বলাইচাঁদ মুখোপাধ্যায়
দুপৰীয়াৰ প্ৰখৰ ৰ’দজাককো আওকাণ কৰি উচ্চশিৰ ৰাঘৱ সৰকাৰে খৰ খোজেৰে বাট লৈছে। তেওঁৰ পৰিধানত খদ্দৰ, মূৰত ছাটি নাই। ভৰিত জোতা আছে, কিন্তু জোতাযোৰ এনে জৰাজীৰ্ণ যে ক্ষত ভৰি দুখনক শয্যাশায়ী ভীষ্মৰ লগত তুলনা কৰিলেও অত্যুক্তি কৰা নহয়। উচ্চশিৰ ৰাঘৱ সৰকাৰৰ সেই লৈ কোনো ভ্ৰূক্ষেপ নাই, তেওঁ দ্ৰুত খোজেৰে আগবাঢ়িছে। সুনিৰ্দ্দিষ্ট নীতি অনুসৰণকাৰী অনমনীয় চৰিত্ৰ ৰাঘৱ সৰকাৰৰ শিৰ সদায়েই উচ্চ। তেওঁ কেতিয়াও কাৰো অনুগ্ৰহ প্ৰত্যাশী নহয়, কাৰো বোজা হৈ থাকিব নিবিচাৰে, যথাসাধ্য সকলোৰে উপকাৰ কৰে, কিন্তু পৰাপক্ষত আনৰ দ্বাৰা উপকৃত নোহোৱাকৈ থাকে। নিজৰ শিৰ সদায় উচ্চ কৰি ৰখাই তেওঁৰ জীৱনৰ ব্ৰত।
টিলিং টিলিংকৈ টিলিঙা বজাই এজন ৰিক্সাৱালাই তেওঁৰ পিছ ল’লে।
-“ৰিক্সা লাগিব বাবু? ৰিক্সা?”
ৰাঘৱ সৰকাৰে পিছলৈ ঘূৰি চালে।
অস্থি–চৰ্মসাৰ ৰিক্সাৱালাজনে তেওঁলৈ আশাৰে চাই আছিল।
যিসকল নিতান্তই অমানুহ, সেইসকলহে কেৱল মানুহৰ কান্ধত উঠি যায়।–এয়াই ৰাঘৱ সৰকাৰৰ ধাৰণা। সেয়েহে অন্যায় কাৰ্য্য বুলি ভাবিয়েই তেওঁ জীৱনত কোনোদিনে পাল্কী বা ৰিক্সাত উঠা নাই। খদ্দৰৰ আস্তিনখনেৰে কপালৰ ঘামখিনি মচি তেওঁ কৈ উঠিল,
-“নাই নালাগে।“
কৈয়েই তেওঁ খৰ খোজেৰে আগবাঢ়িল।
টিলিং টিলিংকৈ টিলিঙা বজাই ৰিক্সাৱালাজনেও তেওঁৰ পিছ ল’লে। দৰদী ৰাঘৱ চৰকাৰে ভাবিলে, এইটোৱেই বোধহয় বেচেৰাৰ অন্ন সংস্থাপনৰ একমাত্ৰ পথ। ধনীকবাদ, দৰিদ্ৰ–নাৰায়ণ, বলশেভিজ্ম, ডিভিশ্যন অৱ লেব’ৰ, পল্লীৰ দুৰ্দশা, ফেক্টৰী, জমিদাৰী আদি বহু কথাই ক্ষন্তেকতে তেওঁৰ মনত খেলা কৰি গ’ল।
তেওঁ পুনৰ পিছলৈ ঘূৰি চালে।
অঃ। সঁচাকৈয়ে লোকজন শীৰ্ণকায় অনাহাৰী।
তেওঁৰ হৃদয়ত দয়াৰ সঞ্চাৰ হ’ল।
টিলিঙা বজাই ৰিক্সাৱালাই আকৌ এবাৰ সুধিলে,
-“ক’লৈ যাব আপুনি? উঠক বাবু। থৈ আহিমগৈ।“
-“তই শিৱতলালৈকে কেই পইছা ল’বি?”
-“ছয় পইছা।“
-“ঠিক আছে, আহ।“
কৈয়েই ৰাঘৱ সৰকাৰে পুনৰ খোজ ল’লে।
-“আহক বাবু, উঠক।“
-“তই আহি থাক।“
ৰাঘৱ সৰকাৰে গতিবেগ বৃদ্ধি কৰিলে।
ৰিক্সাৱালাজন পিছে পিছে আগবাঢ়িল।
মাজে মাজে কেৱল নিম্নলিখিত বাৰ্তালাপ হৈ থাকিল।
-“আহক বাবু, উঠক।“
-“নুঠো“।
শিৱতলা পোৱাৰ লগে লগে ৰাঘৱ সৰকাৰে পকেটৰ পৰা ছটা পইছা উলিয়াই ক’লে,
-“এইটো ল।“
-“আপুনিতো ৰিক্সাত উঠাই নাছিল।“
-“মই ৰিক্সাত নুঠো।“
-“কিয়?”
-“ৰিক্সাত উঠাটো পাপ।“
-“অ! তেন্তে আগতেই ক’ব পাৰিলেহেঁতেন।“
ৰিক্সাৱালাজনৰ চকুৱে মুখে এক অৱজ্ঞাৰ ভাৱ স্পষ্ট হৈ উঠিল। সি ঘাম মচি ঘূৰি যাবলৈ উদ্যত হ’ল।
-“পইছাটো লৈ যা।“
-“মই কাৰোৰেপৰা ভিক্ষা নলওঁ।“
টিলিং টিলিং কৈ টিলিঙা বজাই ৰিক্সাৱালাজন পথৰ কেঁকুৰিত অদৃশ্য হৈ পৰিল।