মকৰাজাল
লেখক-হিমানী কলিতা
পিছফালৰ বাৰাণ্ডাখনৰ ৱালৰ চুকবোৰত কিমানবোৰ যে মকৰাজাল! মায়ে সদায় ঝাৰুৰে কোবাই জালবোৰ ভাঙি পেলায়! তাৰপিছতো সেই একেই ঠাইতে পুনৰ আন এখন জাল সঁজাৰ প্ৰস্তুতি চলে সিহঁতৰ। বাৰে বাৰে মায়ে ভাঙে আৰু বাৰে বাৰে সিহঁতে নতুন উদ্যমেৰে নকৈ আকৌ সাজে।
মই বাৰাণ্ডাৰ চকী এখনত বহি চাই থাকোঁ মা আৰু মকৰাৰ মাজত চলি থকা এই নীৰৱ যুদ্ধখন।
আচৰিত হৈ পৰোঁ মকৰাৰ দৰে সাধাৰণ পতংগ এটিৰ ধৈৰ্য আৰু মনৰ উদ্যম দেখি। এনেকৈনো ভাগৰি নপৰেনে সিহঁতে?
তেন্তে মই কিয় ভাগৰি পৰিলোঁ?
নিজেই নিজকে প্ৰশ্ন কৰি চালোঁ এবাৰ! মই এটা ইমান সাধাৰণ পতংগতকৈও অধম জীৱ নে? ঈশ্বৰে ইমান সুন্দৰকৈ গঢ়া জীৱশ্ৰেষ্ঠ এগৰাকী মানৱী হৈয়ো মোৰ মনত ধৈৰ্য শক্তিৰ ইমান অভাৱ নে! নিজ হাতেৰে সঁজা ঘৰখন এবাৰ ভাঙি যাওঁতেই মই কিয় ইমান দুৰ্বল হৈ পৰিলোঁ? কিয় আকৌ নতুনকৈ গঢ়াৰ উদ্যম মনত জগাই নুতুলিলোঁ?
“মানু জীৱনটোৰ কথা আকৌ এবাৰ নতুনকৈ ভাৱচোন! এবাৰতে এনেকৈ হাৰ মানিলে কেনেকৈ হ’ব?”
“নাই মা! মোৰ আৰু দুনাই এইবোৰত সোমাবলৈ মনত ইচ্ছা অথবা সাহস দুয়োটায়ে নাই! আৰু মোৰ দৰে ..”
“মই ভৱাই নাছিলোঁ মোৰ ছোৱালী হৈ তই ইমান দুৰ্বল হ’বি বুলি!”
বৰ হেঁপাহেৰে ৰভাতলিত কইনা সাঁজেৰে আদিত্যৰ কাষত বহিছিলোঁ। বহু আকাংক্ষিত সপোন এটা সিদিনা পূৰ হ’ব ওলোৱা দেখি মোৰ মনত আনন্দৰ সীমা নাছিল। প্ৰায় তিনিটা বছৰৰ প্ৰেমৰ অন্তত হ’বলৈ ওলোৱা বিয়াখনে কিমান যে বিঘিনিৰ সন্মুখীন হৈছিল! আচলতে জাতি–ভেদ, উচ্চ–নীচ এইবোৰেই আছিল আমাৰ দুয়োৰে মিলনৰ এক বৃহৎ দেৱাল। আদিত্যহঁতৰ ব্ৰাহ্মণ পৰিয়ালটোৱে মোৰ দৰে সূদিৰৰ ছোৱালী এজনীক নিজৰ ঘৰৰ বোৱাৰী কৰিবলৈ কোনোপধ্যেই মান্তি হোৱা নাছিল। কিন্তু আদিত্যৰ আকোঁৰ–গোজ স্বভাৱটোৰ বাবে উপায়হীন হৈ তেওঁলোকে বিয়াখনত সন্মতি দিবলৈ বাধ্য হৈ পৰিছিল। আঘোণ মাহৰ এটি শীতৰ সন্ধিয়া হোমৰ জুইক সাক্ষী কৰি দুচকুত অলেখ সপোন আঁকি তাৰ স’তে এটা নতুন জীৱনত সোমাই পৰিছিলোঁ। আদিত্যক নিজৰ স্বামী হিচাপে পাই বৰ সুখী হৈছিলোঁ।
আদিত্যৰ ঘৰখনত সোমাই পৰাৰ দিন ধৰি মই হাত দুখেনেৰে আটোমটোকাৰিকৈ সজাই তুলিছিলোঁ ঘৰখনৰ প্ৰতিটো চুক কোণ। নিজ ইচ্ছাই ৰিজাইন দিছিলোঁ কলেজৰ চাকৰিটো। সময়বোৰ কেৱল মাথোঁ আদিত্য আৰু ঘৰখনৰ নামতে কটোৱাৰ উদ্দেশ্যে। বৃদ্ধ শাহু–শহুৰৰ যত্ন লোৱাত অকণো ক্ৰুতি ৰখা নাছিলোঁ। পাৰ্য মানে চেষ্টা কৰিছিলোঁ তেওঁলোকৰ মনৰ মাজত মোৰ বাবে অলপ হ’লেও ঠাই উলিয়াবলৈ। কিন্তু সেয়া কোনোদিনে সম্ভৱ হৈ উঠা নাছিল। প্ৰতিদিনে শাহু–শহুৰৰ পৰা পোৱা ককৰ্থনা হজম কৰি থব পৰাকৈ কেৱল মাত্ৰ আদিত্যৰ মৰম আৰু ভালপোৱাখিনিয়ে মোক খুব শক্তিশালী কৰি তুলিছিল।
“তুমি সঁচাকৈয়ে আন ছোৱালীতকৈ ব্যতিক্ৰম মানু! দিনে ৰাতিয়ে মা–দেউতাৰ পৰা ককৰ্থনা পোৱাৰ পিছতো কোনোদিনে তেওঁলোকৰ বিষয়ে মোৰ আগত এটি টু শব্দও নোকোৱা! নিজৰ ইমান ধুনীয়া চাকৰিটো কেৱল মাথোঁ ঘৰখনৰ বাবেই ত্যাগ কৰিলা! তথাপি মা–দেউতাই তোমাক বুজি নাপালে। অন্য ছোৱালী হ’লে চাগে কোনোবাদিনাই মোক মা–দেউতাৰ পৰা পৃথক কৰি দূৰলৈ আঁতৰাই নিলেহেঁতেন। তোমাৰ দৰে জীৱন সংগী পাই মই সঁচাই বৰ লাকী অ’ মানু!” ৰাতি বিছনাত কোনো নিবিড় মুহূৰ্তত আদিত্যই মোক বুকুৰ মাজত লৈ তেনেকৈ কৈছিল।
“মই তোমাৰ স’তে ঘৰ পাতিবলৈহে আহিছোঁ, ভাঙিবলৈতো অহা নাই আদি! আৰু তোমাৰ মা–দেউতাক মই হৃদয়েৰে মোৰ নিজৰ মা–দেউতা ভাৱি লৈছোঁ! হয় তেওঁলোকে মোক পচন্দ নকৰে! কিন্তু এদিন নহয় এদিন তেওঁলোকেও মোক আকোঁৱালি ল’ব নিশ্চয়! সময়বোৰ সদায় একে হৈ নাথাকে নহয় আদিত্য!”
“আমাৰ মাজলৈ যদি এটি সন্তান আহে তেন্তে সকলো ঠিক হৈ যাব বুলি মই ভাৱো মানু..।“
“এৰা আদি..! ময়ো ভাৱিছো সেইটো কথা!”
বিয়াৰ তিনিটা বছৰ বাগৰি গৈছিল। কিন্তু মোৰ গৰ্ভ উৰ্বৰা হোৱা নাছিল। মনে মনে হতাশ হৈছিলোঁ! আদিত্যই মোক ডাক্তৰৰ ওচৰলৈকো লৈ গৈছিল। ক’ত যে পৰীক্ষা নিৰীক্ষা কৰিলোঁ। শেষত ডাক্তৰৰ এটাই কথা–
“প্ৰব্লেম একোৱে নাই। ধৈৰ্য ধৰক। ফল এদিন পাবই।“
ধৈৰ্যই ধৰিছিলোঁ।
তেনেকৈয়ে আৰু দুটামান বছৰ পাৰ গৈছিল।
আৰু তাৰ পিছতে সলনি হৈ পৰিছিল সকলো। আমাৰ পাঁচ বছৰীয়া বিবাহ বাৰ্ষিকী আছিল সিদিনা।
আৰু সেইদিনাই আদিত্যৰ মাক দেউতাকে তাক মূৰত ধৰি শপত খুৱাইছিল দ্বিতীয় বিবাহৰ কাৰণে।
“ঘৰখনৰ বংশ ৰক্ষা হেতুকে তই এইবাৰ আমাৰ কথা ৰাখিবই লাগিব বোপা। এজনী বাঁজী তিৰোতাৰ লগত তোৰ আৰু এই বংশৰ ভৱিষ্যত আমি এনেকৈ ধংস হৈ যোৱা চাই থাকিব নোৱাৰোঁ আদি।“
মই সেইবোৰ শুনি ধৈৰ্য ধৰি থাকিব পৰা নাছিলোঁ তাত। উজাই অহা কান্দোনটি ওলাই আহিব নোৱাৰাকৈ মুখত হাত এখনেৰে সোপা দি মই ৰূমলৈ দৌৰিছিলোঁ!
“মোক ক্ষমা কৰি দিবা মানু। মা –দেউতাৰ সুখৰ বাবেই মই এইবাৰ…”
সেই ৰাতি আদিত্যই মূৰ ওপৰ নকৰাকৈ মোক কোৱা কথাষাৰ শেষ কৰিব নোৱাৰিলেও মই ঠিকেই বুজিছিলোঁ। বেৰৰ ফালে মুখ কৰি মই গোটেই ৰাতি কান্দিছিলোঁ।
আৰু পিছদিনা কাকো একো নোকোৱাকৈ নি:শব্দে আঁতৰি আহিছিলোঁ সেই ঘৰখনৰ পৰা।
খুব সোনকালেই শেষ হৈছিল কোৰ্ট–কাছাৰীৰ কামবোৰ। কাৰণ আদিত্যৰ দ্বিতীয় বিয়াখনৰ বাবে খুব লৰালৰি আছিল মাক দেউতাকৰ।
আদিত্যৰ স’তে পতা ঘৰখন মই ধৰি ৰাখিব নোৱাৰিলোঁ। আচলতে ভাগ্যই মোৰ লগত বৰ বেয়াকৈ খেলিলে। আদিত্যৰ স’তে বিচ্ছেদিত হোৱাৰ আজি দুবছৰ হ’ল। তথাপি আজিও আদিত্যক হৃদয়ৰ পৰা উলিয়াই দিব পৰা নাই।
মা আৰু দেউতাৰ সাহসত যদিও আকৌ এবাৰ নতুনকৈ মূৰ দাঙি থিয় হৈছোঁ তথাপি দ্বিতীয় এখন ঘৰ পাতিবলৈ মনেৰে এতিয়াও সাজু হৈ উঠা নাই। নাৰীবোৰ সঁচাকৈয়ে সন্তান জন্ম দিয়া একো একোটা যেন যন্ত্ৰ হে। যি নাৰীৰ সন্তান জন্ম দিয়া ক্ষমতা নাই সেই নাৰীৰ কোনো পুৰুষক প্ৰেম কৰাৰো অধিকাৰো যেন নাই। আৰু যদি ভুলতো কাৰোবাক প্ৰেম কৰাও যায় তেন্তে সন্তান জন্ম দিব নোৱাৰাৰ দোষত মোৰ দৰেই প্ৰেমিক অথবা স্বামীৰ পৰা এনেকৈয়ে অৱহেলিতা হৈ পৰিব লাগে।
নালাগে মই মকৰাৰ দৰে বাৰে বাৰে ঘৰ ভঙা পতাৰ এই খেল খেলিব নোৱাৰোঁ। তাতকৈ মই এনেকৈয়ে মা দেউতাৰ লগতে সুখী হৈ থাকিম। নিজৰ ভৰিত থিয় হৈ মা–দেউতা আৰু নিজৰ বাবেই জীৱন জীয়াৰো দেখোন এক সুকীয়া মাদকতা আছে!