অপুৰ ৰহঘৰা
লেখক- অপূৰ্ব কলিতা
পাতনি: সকলোকে হঁহুহাই থকা অপূৰ্ব কলিতা (অপু) আৰু আমাৰ মাজত নাই৷ সম্পাদনাৰ দ্বায়িত্ব লওঁতে ভবা নাছিলোঁ এদিন এইদৰে অপু কাইৰ কথা লিখিব লাগিব বুলি৷ এই সমাজলৈ আমি দুদিনৰ বাবে আহিছোঁ। সকলোৱে এদিন যাবই লাগিব৷ সেয়ে, অপু কাইৰ সোঁৱৰণত তেওঁ লিখা কিছুমান বেবেৰিবাং খুহুতিয়া লেখাকেই পুনৰ পঢ়ি চাওঁ, আহকচোন! এই লেখাসমূহ অসমীয়া কথা-বতৰা গোটতেই তেওঁ লিখিছিল। সময়ৰ লগে লগে সেইবোৰ যাতে হেৰাই নাযায়, তাৰ বাবেই তেওঁৰ লেখা কিছুমান আমি ইয়াতেই সাঁচি ৰখাৰ এক ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ৷
ইতি,
মনোজ মন কলিতা
সম্পাদক, সাহিত্য ডট অৰ্গ, মাৰ্চ-২০২২
(১)
পৰহি গনেশগুৰিত এজনী ধুনীয়া ছোৱালী দেখিলোঁ আৰু তাইক প্রেম নিবেদন কৰিম বুলি ভাবি তাইৰ পিছ ললোঁ। ঠিক জাৱৰৰ দ’মটোৰ কাষত তাইক লগ পাই কথাটো ক’ম বুলি ভাবি মুখখন মেলোতেই ওঁঠত মহ এটাই বৰ বেয়াকৈ কামুৰিলে। ওঁঠখন লগে লগেই ফুলি গ’ল। হনুমানৰ দৰে মুখখন লৈ কথাটো আৰু কোৱা নহ’ল। ডেংগু হ’ব বুলি ভয় খাই হস্পিতাল এখনলৈ গ’লোঁ। সিহঁতে ক’লে, তেজ পৰীক্ষা কৰিবলৈ।মই মানুহটো অলপ মিতব্যয়ী। সেয়ে, মুঠ খৰচ কিমান হ’ব, সুধিলোঁ। সিহঁতে ক’লে, তেজ পৰীক্ষাৰ বাবদ ৩০০ টকা আৰু পিছত চিকিৎসকৰ ফীজ ২০০ টকা। মুঠ ৫০০ টকা হ’ব। পিছত খবৰ ল’মহি বুলি সিহতক কৈ গাড়ী এখন ভাড়া কৰি খানাপাৰাৰ পৰা জালুকবাৰীলৈকে কেইবাখনো হস্পিতালত ‘বাৰগেইনিং’ কৰি কৰিও কমতে হোৱাকৈ এখনতো নাপালোঁ।ঠিক সেই সময়তে মোৰ মনত পৰিল স্কুলত একেলগে পঢ়া তিনিচুকীয়াত থকা মোৰ বন্ধু এজনে কলিকতাত ৫০ নে ৩০ টকাত তেজ পৰীক্ষা কৰাৰ কথা এটা এবাৰ কৈছিল। তাৰ মবাইল নংটো মোৰ তাত নাছিল যদিও সি থকা ঘৰটো কিন্তু চিনি পাওঁ। তৎক্ষণাত ইনডিগো এখন ভাড়া কৰি তিনচুকীয়ালৈ বুলি ওলালোঁ।তাক তাত লগ পালোঁ কিন্তু সি মোক কৃপণ বুলি ভাবিব পাৰেতো, সেয়ে সকলো কথা তাক খুলি নকলোঁ। বেলেগ কথা প্ৰসংগৰ মাজতে তাক সেই কথাটো সুধিলোঁ। সি ক’লে, আজিকালি ১০০ টকা মানত কৰে কিজানি। তৎক্ষণাত সেই পৰীক্ষাগাৰৰ বিৱৰণী লৈ মই গুৱাহাটীলৈ আহিলোঁ আৰু দেৰি নকৰি সামান্য কিছু কাপোৰ লৈ এয়াৰ ইণ্ডিয়াৰ টিকেত কাটি কলিকতা পালোঁহি। আহিয়েই এ চি থকা কোঠা এটা লৈ অলপ ভাল হোটেল এখন ললোঁ আৰু চিধাই সেই ঠাইলৈ ৰাওনা হলোঁ ৷ বন্ধুজনে ঠিকেই কৈছিল, তাত মাত্ৰ এশ টকাতেই তেজ পৰীক্ষা কৰোঁৱালোঁ আৰু সুখৰ খবৰ যে মোৰ ডেংগু হোৱা নাই । তাতোকৈ সুখৰ খবৰ এয়ে যে মই ১০০ টকা বচাব পাৰিলোঁ। টকা গছত নালাগে। সেয়ে, আপোনালোকেও মিতব্যয়িতা শিকা উচিত ।
(২)
‘ৰাম তেৰি গংগা মেইলী’
***********
এয়া কেবাহাজাৰ বছৰ আগৰ ঘটনা । তেতিয়া চিকাৰী হিচাপে মোৰ নাম জগত বিখ্যাত হৈ পৰিছিল। সেই সময়ত জুৰাচিক পাৰ্কৰ পৰা কেইটামান ডাইনছৰ পলাই গৈ হেনো আমেৰিকাৰ ৰাজধানী ক’হিমাত লুকাই আছিলগৈ।তেতিয়াৰ দিনত গ্ৰাহাম বেলে ফোন আৱিষ্কাৰ কৰাই নাছিল। মানুহে তেতিয়াও ম’বাইল ফোনেৰেই কাম চলাই আছিল। এদিন ৰাতিপুৱাই মোলৈ আমেৰিকাৰ মুখ্যমন্ত্ৰী জৰ্জ ক্লিণ্টনে ফোন কৰিলে যে সেই ডাইনছৰকেইটা মাৰি পেলাব লাগে। ৰাতিপুৱাই সেইকথা শুনি মোৰ অলপ খঙো উঠিছিল আৰু ফোনত তাৰ মুখৰ গোন্ধ পাই বিৰক্তিও পাইছিলোঁ। তথাপিও, পইচা ভাল দিম বুলি কোৱাত ‘য়েচ’ বুলিয়েই ক’লোঁ। পিছে, ভাপ ইঞ্জিন সেই সময়ত কল্পনাৰো অগোচৰ আছিল আৰু পানীজাহাজ, ৰেলগাড়ী আদিবোৰ অহাই নাছিল। সেয়ে, কিংফিছাৰ এয়াৰলাইনচৰ পৰা উৰাজাহাজ এখন ভাৰা কৰি ল’লোঁ। আমেৰিকাত মোক তেওঁলোকে বিৰাট আদৰণি জনালে। গধুলী আমেৰিকাৰ ৰজা আৰ্নল্ড তালুকদাৰে মোৰ সন্মানাৰ্থে প্ৰীতি ভোজ এটাৰো আয়োজন কৰিলে। তাত চাকিৰা আৰু চলমান খানে খুব নাচিলে। পিছদিনাখন কেটেপা এটা লৈ কাজিৰঙা লৈ গ’লোঁ ডাইনছৰ মাৰিবলৈ। কিন্তু, হঠাতে মোলৈ বুলি ধুম ধুম শব্দ কৰি কিছুমান জলন্ত বস্তু নিক্ষেপ কৰিলে ডাইনছৰবোৰে। তেতিয়াহে গম পালোঁ সেইবোৰ গুলি আছিল বুলি । কিন্তু সিহতে গম নাপালে যে ময়ো বিখ্যাত চিকাৰী শম্ভুৰ ভতিজা। মই তৎক্ষণাত গান এটা গোৱা আৰম্ভ কৰিলোঁ ‘টেৰ’ৰিষ্ট এন্টাৰড্ মাই হাউচ’ৰ পৰা ।
“লাজৰ চাৱনী তোমাৰে চকুতে চঞ্চলা হাঁহি তোমাৰে মুখতে ……….”
কান্দি কান্দি তৎক্ষণাত বপুৰাকেইটাই কাণত ধৰি ধৰি জংঘলৰ পৰা ওলাই আহিল আৰু কেতিয়াও জুৰাচিক পাৰ্কৰ পৰা পলাই নাহে বুলি শপতো খালে । মোৰ কাম শেষ হোৱাত পুৰষ্কাৰ লৈ মই ঘৰলৈ বুলি যাবলৈ গ্ৰীণ ভেলীৰ বাচ এখনত উঠি ললোঁ। বাচত আহি ভালেই লাগিছিল কাৰণ মোৰ কাষৰ চিটত চানী লিয়নী বোলা ছোৱালী এজনী আছিল।বাচখন আহি আছে। মাজে মাজে খাল-ডোঙত চকা পৰি গাড়ীখন বেঁকা বেকী হৈ যায় আৰু তাই মোলৈ হালি আহে আৰু কেতিয়াবা ময়ো তাইৰ ফালে হাওলি যাওঁ৷ বেয়া ৰাষ্টা পাবলৈ মই আৰু ভগৱানক অনবৰতে খাটিব ধৰিলোঁ। কিন্তু কি হ’ব, ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি। বাচখন ঠিক আফগানিস্তানৰ মাজত আহি পাওঁতেই প্ৰচণ্ড শব্দ কৰি বাচখন ৰৈ দিলে। মই পাইলটক সুধিলোঁ কি হ’ল বুলি। সি ক’লে বোলে বাচ যাব নোৱাৰে। আগত কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হৈছে। কৌৰৱ আৰু পাণ্ডৱৰ মাজত তয়াময়া যুদ্ধ। মই বাচৰ পৰা নামি দেখিলোঁ, লাখ লাখ মানুহ নিজৰ মাজতে কাজিয়া কৰি আছে। ওচৰতে কোনোবাই আন্না হাজাৰে জিন্দাবাদ, হাম তুমহাৰে চাথ হে …বুলি কৈ থকা প্ৰচেচন এটাৰ আঁৰে আঁৰে মনে মনে অলপ ভিতৰলৈ গৈ দেখিলোঁ, হনুমান আৰু লাডেনৰ মাজত তয়াময়া যুদ্ধ । কোনোবাই মাইকত সান্ধ্য আইন জাৰী কৰা বুলিও ঘোষণা কৰি আছে । বিপদৰ গোন্ধ পাই মই তৎক্ষণাত চুপাৰমেনক ফোনালোঁ। সি আহি পালে আৰু তাৰ পিঠিত উঠিয়েই চানীক বিদায় দি ভাৰত-বাংলাদেশ সীমান্তত নামিলোঁহি । সি ভাৰতৰ ভু-খণ্ডত সোমাব নোৱাৰে কাৰণ তাৰ হেনো ভিচা নাই। চুপাৰমেনক ভাড়াৰ বাবদ দিবলগীয়া ২৪০ টকা আৰু ১০ টকা টিপ দি মই কিংফিচাৰত উঠি এইমাত্ৰ ঘৰ পালোঁহি আৰু বাহিৰে বাহিৰে মোৰ অভিজ্ঞতাখিনি আপোনালোকক ক’বলৈ বুলি ফেচবুকটো খুলি দি লৈছোঁ।
(বি.দ্ৰ. — উপৰোক্ত কাহিনীটো শুনি কাৰোবাৰ যদি বমি বমি ভাব আহিছে, অনতিপলমে মুৰত ঠাণ্ডা পানী এবটল ঢালিবলৈ হুকুম দিয়া হ’ল । )
(৩)
এইটো কবিতা ২৫ বছৰ ধৰি বহুত কষ্ট কৰি লিখা ।
***********
মোৰ মন যায় পুলিচ হ’বলৈ
ট্ৰাকৰ পৰা সদায় পইচা তুলিবলৈ
মোৰ মন যায় ডাক্তৰ হ’বলৈ
মই বেয়া পোৱা হৰেনৰ পেট ফালিবলৈ
মোৰ মন যায় অসমত চাকৰি কৰিবলৈ
সোনকালে ঘোচ খাই ধনী হ’বলৈ
মোৰ মন যায় মন্ত্ৰী হ’বলৈ
বহুত বহুত ধনী হৈ বিদেশলৈ যাবলৈ।
(৪)
সু-নাগৰিক :
***********
নাৰ্চাৰী বাচ ষ্টপেজ পাওঁতেই আহিল নহয় ফোনটো! গাড়ী চলাই থাকোঁতে মই ফোন ৰিচিভ কৰিবলৈ টান পাওঁ। মই সৰুৰে পৰাই এজন দায়িত্বশীল নাগৰিকৰ ভুমিকা পালন কৰি আহিছোঁ। সমাজৰ নিতি-নিয়ম সকলো মানি আহিছোঁ৷ নাজানো, মানুহবোৰে কিয় এই নিয়মবোৰ মানিবলৈ টান পায়! কোনোবা পুৰুষৰ কণ্ঠস্বৰ শুনা পায়ে কাটি দিলোঁ। নিয়ম ইচ নিয়ম ভাই। এন আৰ এল পেট্ৰল পাম্পত তেল ভৰাম বুলি গাড়ীখন সুমুৱাই দিলোঁ। ১০০০ টকাৰ তেল ভৰাব দি দেখিলোঁ, আকৌ ফোন। পেট্ৰল পাম্পত ফোনত কথা পাতিব নালাগে। নিয়ম ইচ নিয়ম ভাই। ফোনটো বন্ধ কৰি চিগাৰেট এটা জ্বলাই ললোঁ আৰু দিয়াশলাই কাঠিটো খিৰিকিৰে বাহিৰত পেলাই দিলোঁ। মিটাৰত জিৰ’ আছিল নে নাই মই সদায় লক্ষ্য কৰোঁ আৰু পুৰাপুৰি ১০০০ টকাৰ দিছে নে নাই চাই আছিলোঁ। তেল দিয়া লৰাকেইটাই কিবা ইংগিত দি আছিল। নাজানো কি ইংগিত। তেল ভৰোৱা হোৱাত গুছি আহিলোঁ। জু তিনিআলিৰ জেব্ৰা ক্ৰচিঙত গাড়ীখন লাহেকৈ ৰখালোঁ আৰু কোনোবা পাৰ হ’ব আছে নে নাই চালোঁ। সেই সময়তেই ৰঙা লাইটটো জ্বলি উঠিল আৰু মই তীব্ৰ গতিত গাড়ীখন আগবঢ়ালোঁ। ট্ৰেফিক পুলিচটোৱে জোৰকৈ হুইচেল বজাই আছিল। কোনোবাই কিজানি আইন মনা নাই। ট্ৰেফিকৰ নিয়মবোৰ মানুহে যে কিয় মানিব নোখোজে নহয়! জেব্ৰা ক্ৰচিঙত গাড়ী সদায় লাহে লাহে চলাব লাগে। কিছুমানে আকৌ মদ খায়ো গাড়ী চলায়। নাপায় দেই এনেকৈ গাড়ী চলাব। এইবাৰ, কালিয়েই বনাই ৰখা মনিপুৰী ভাঙৰ চিগাৰেটটো জ্বলাই ললোঁ। গাড়ী চলাওঁতে সদায় মনোযোগ দি চলাব লাগে। বাকী একো কথা ভাবিব নালাগে। ভাঙৰ চিগাৰেটটো শেষ হোৱাত ম’বাইলটো খুলি ফেচবুক উলিয়াই যোৱা কালি দিয়া কবিতাটোত কেইটা লাইক আৰু কোনে কোনে কি কমেণ্ট দিছে, চাই চাই গাড়ী আগবঢ়াই নি আছোঁ । ঠিক গুৱাহাটী ক্লাৱৰ গোল চকটো পাওঁতেই সোঁফালৰ চিগনেল লাইটটো দি মই বাওঁফালে উলুবাৰীলৈ গাড়ী ঘূৰালোঁ৷ এই চিগনেলবোৰ দিওতে মই বৰ সতৰ্ক। বি বৰুৱা কলেজৰ সন্মুখত গাড়ীখন ইমান জোৰকৈ জাম্পিং কৰিলে নহয়, মোৰ মূৰটো একেবাৰে ঠেকেছি গ’ল। এই স্পীড বেকাৰবোৰো য’তে ত’তে দিয়ে যে চৰকাৰে! কাণ্ডজ্ঞানহীনবোৰ ক’ৰবাৰ! খঙতে গাড়ীৰ স্পীড মোৰ ১২০ ৰ ওপৰত গ’ল। ঠিক ভঙাগড় উৰণীয়া সেতুৰ পষ্ট এটাত হঠাৎ গাড়ীখনে খুন্দিয়ালে । উপায় নাই আৰু এই মগজহীন ইঞ্জিনিয়াৰ সোপাৰ! ইমান ডাঙৰ খুটা কিয়নো দিব লাগে! দিলেও লিখি দিব লাগে যে তাৰ মাজেৰে গাড়ী চলাব নালাগে। সু নাগৰিক হ’ব খুজিও হ’ব নোৱাৰি দেখোন এইখন দেশত । ধৈই!!