দ্য বেটমেন (২০২২)
লেখক- বিকাশ দত্ত
পৰিচালনাঃ মেট ৰিভছ
চিত্ৰনাট্যঃ মেট ৰিভছ, পিটাৰ ক্ৰেইগ
অভিনয়তঃ ৰ‘বাৰ্টে পেটিনছন, জ‘য়ি ক্ৰেভিটছ, জেফ্ৰী ৰাইট, পল ডেনো, জন টুৰটুৰৌ, এণ্ডি চাৰকিছ আৰু কলিন ফেৰেল৷
ছবিখনৰ কাহিনীৰ বিষয়ে নকৈ আমি কেইটামান গুৰুত্বপূৰ্ণ দিশক দৰ্শক হিচাপে অতি সহজে প্ৰত্যক্ষ কৰিব পাৰো৷ প্ৰথম কথা ক‘বলৈ গ‘লে বেটমেনৰ চৰিত্ৰটোৰ আৰম্ভণি কেনেকৈ হ‘ল, ব্ৰুচ ৱেইন কিদৰে বেটমেনলৈ ৰূপান্তৰিত হ‘ল সেয়া ছবিখনত দেখুওৱা হোৱা নাই৷ বৰং ছবিখনৰ আৰম্ভণিতে কোৱা হৈছে যে গ‘থাম চহৰবাসীয়ে ইতিমধ্যে বেটমেনক ভালদৰেই জানে৷ কিন্তু বেটমেনৰ এইয়া আৰম্ভণিহে৷ কাৰণ ব্ৰুচ ৱেইন বেটমেন হৈছে মাথোঁ দুবছৰ পূৰ্বে৷ সেয়া আমি তেওঁৰ দ্বাৰা ব্যৱহৃত বিভিন্ন সা–সৰঞ্জামত প্ৰত্যক্ষ কৰিব পাৰো৷ পূৰ্বৰ বেটমেনৰ ছবিসমূহৰ দৰে এইখনত অত্যাধুনিক প্ৰযুক্তিৰ তুলনাত “দ্য বেটমেন“ত বেটমেনৰ সঁজুলিসমূহ সামান্য নিম্নস্তৰৰ যেন অনুভৱ হয়৷ অৱশ্যে সেইটোৱে ছবিখনত কোনো বিৰূপ প্ৰভাৱ পেলোৱা নাই৷ ইয়াৰ মূলতেই হ‘ল প্ৰতিটো চৰিত্ৰৰেই বস্তুনিষ্ঠ উপস্থাপন৷ বেটমেন আৰু ব্ৰুচ ৱেইনৰ দ্বৈত চাৰিত্ৰিক বৈশিষ্ট্যক আমি ছবিখনৰ প্ৰতিটো মুহূৰ্ততেই অনুভৱ কৰিব পাৰো৷ এটা সময়ত এনেকুৱাও লাগে যেন বেটমেন ছবিখনৰ মূল ভিক্টিম! হয়, সেয়াও এই ছবিখনত দেখিবলৈ পোৱা যায়৷ এইক্ষেত্ৰত চিত্ৰনাট্যকাৰদ্বয় মেট ৰিভছ আৰু পিটাৰ ক্ৰেইগৰ শলাগ ল‘বই লাগিব৷ প্ৰতিটো মুহূৰ্ততে ছবিখনৰ পৰিৱেশ তথা চৰিত্ৰসমূহক এক বিশেষ ভংগিমাত ৰাখি নিৰ্মাণ কৰা দৃশ্যাংশসমূহে ছবিখনৰ মূল চালিকাশক্তি যে ইয়াৰ চৰিত্ৰসমূহ, সেয়া দৰ্শকৰ মনত বোধগম্য কৰাত পৰিচালক মেট ৰিভছ সফল হৈছে৷ গ‘থামৰ সাধাৰণ জনতাৰ দৃষ্টিত, চহৰখনৰ দৃষ্টিত ভিজিলেণ্টী বা মাস্কমেনৰ পৰা বেটমেনলৈ ৰূপান্তৰিত হোৱাত ব্ৰুচ ৱেইনৰ যাত্ৰাক আমি ছবিখনৰ এটা দৃশ্যত খুব ভালদৰেই অনুভৱ কৰিব পাৰো৷ হঠাতে হোৱা বানপানীৰ ফলত বিভিন্ন স্থানত ফচি ৰোৱা অসহায় মানুহবোৰে বেটমেনৰ পিছে পিছে, লাহে লাহে খোজ দি আগবাঢ়ি যোৱা এটা টপ এংগল শ্বটত আমি দেখিবলৈ পাও যে সমাজখনক এক আশাৰ সঞ্চাৰ দিছে বেটমেনে৷ তদুপৰি “দ্য ডাৰ্ক নাইট“ৰ জ‘কাৰ যিদৰে নিজৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিজস্ব যুক্তিৰে সমাজৰ অন্ধকাৰ জগতৰ উদঘাটন কৰি প্ৰতিগৰাকী ব্যক্তিক বিপথে পৰিচালিত কৰা কাৰ্যত তথা অৰাজকতাত উন্মেষ ঘটোৱাৰ পিছতো বিফল হৈছিল, ঠিক একেদৰে এই ছবিখনতো ৰিডলাৰ অৰ্থাৎ ছবিখনৰ মূল এণ্টাগনিষ্ট বিফল হৈছে৷ নিজৰ নৃশংস আৰু কণ্টকময় অতীত তথা সকলো হেৰুওৱাৰ পিছতো মানৱীয় প্ৰমূল্যবোধক আগত ৰাখি সমাজক নতুন পথ দেখুওৱাত বেটমেন সফল হয়, সেয়া ছবিখনৰ অন্তিম ভাগত খুব ভালদৰেই আমি দেখিবলৈ পাও৷ প্ৰকৃতাৰ্থত বেটমেন চৰিত্ৰটোৰ সুস্থ উপস্থাপনত এক দাৰ্শনিক দৃষ্টিভংগী জড়িত হৈ থকাতো স্বাভাৱিক, যিটো জেক স্নাইডাৰৰ বেটমেনত আমি সততে দেখিবলৈ নাপাও৷ ক্ৰিষ্টোফাৰ ন‘লানৰ দৰে মেট ৰিভছেও বেটমেনক এটা চৰিত্ৰ হিচাপে নহয়, বৰং এটা পৃথক কাহিনী হিচাপে উপস্থাপন কৰিছে, আৰু তেওঁ এইক্ষেত্ৰত সফলো হৈছে৷ মেট ৰিভছৰ এই চাৰিত্ৰিক উপস্থাপনৰ গুণগত মানদণ্ডৰ নজিৰ আমি তেওঁৰ পূৰ্বৰ দুখন সফল ছবি “ডন অৱ দ্য প্লেনেট অৱ দি এপছ“ (২০১৪) আৰু “ৱাৰ ফ‘ৰ দ্য প্লেনেট অৱ দি এপছ“ (২০১৭) ত ভালদৰেই প্ৰত্যক্ষ কৰিবলৈ পাও৷
অভিনয়ৰ দিশত বেটমেন–ব্ৰুচ ৱেইনৰ চৰিত্ৰত ৰ‘বাৰ্ট পেটিনছনৰ ভূমিকাক শলাগ ল‘বই লাগিব৷ বেটমেনৰ চৰিত্ৰটোক ফুটাই তোলাত তেওঁ নিশ্চয় সফল হৈছে৷ হয়তো সেইবাবেই ছবিখনৰ মুক্তিৰ পিছতেই বিভিন্নজনে ৰ‘বাৰ্ট পেটিনছনক শ্ৰেষ্ঠ বেটমেন বুলিও অভিহিত কৰিছে৷ কিন্তু ছবিখনৰ দুটা চৰিত্ৰই দৰ্শকৰ মনত সাঁচ বহুৱাই যায়৷ এটা হ‘ল ক‘লিন ফেৰেলৰ “পেঙ্গুইন“ আৰু আনটো হ‘ল পল ডেনোৰ “ৰিডলাৰ“ৰ চৰিত্ৰ দুটা৷ সুন্দৰ সংলাপ তথা চিত্ৰনাট্যৰ গভীৰতাক নিজস্ব সাৱলীল অভিনয় তথা চাৰিত্ৰিক ভঙ্গীমা আৰু প্ৰকাশভঙ্গীৰে উপস্থাপন কৰি দৰ্শকৰ মনত নিশ্চয়কৈ এক সুকীয়া আসন দখল কৰিছে দুয়োগৰাকী প্ৰতিভাৱান অভিনেতাই৷ প্ৰায় তিনি ঘণ্টাযোৰা ছবিখনত দুয়োগৰাকী অভিনেতাৰ স্ক্ৰীণ টাইম বেছি নহয় যদিও যেতিয়াই চৰিত্ৰদুটা, বিশেষকৈ পেঙ্গুইন চৰিত্ৰটো পৰ্দাত আহে তেতিয়াই দৰ্শকৰ মুখমণ্ডলত এক হাঁহি বিয়পি পৰে৷ পল ডেনোৰ “ৰিডলাৰ“ৰ ভয়াৱহতা প্ৰকাশ পাই তেওঁৰ অসাধাৰণ অভিনয়ৰ জৰিয়তে৷ অন্যান্য চৰিত্ৰসমূহ যেনে– জ‘য়ি ক্ৰেভিটছৰ কেট ৱ‘মেন বা এণ্ডি ছাৰকিছৰ আলফ্ৰেড পেনিৱৰ্থৰ চৰিত্ৰ দুটাকো ভবাৰ ধৰণে ছবিখনত দেখিবলৈ পোৱা নাযায়৷ অৱশ্যে জেফ্ৰী ৰাইটৰ “জিম গৰ্ডন“ৰ চৰিত্ৰটোক ভবাৰ ধৰণেই ছবিখনত দেখুওৱা হৈছে৷ সদৌশেষত ক‘ব পাৰি যে দুই এটা ৰূপায়ণগত ক্ৰুটি বাদ দিলে “দ্য বেটমেন“ক এখন উপভোগ্য ছবি বুলিয়েই ক‘ব পাৰি৷ ন্যূনতম যদিও সুন্দৰকৈ কৰিয়‘গ্ৰাফ কৰা একশ্যন দৃশ্যসমূহ, গ্ৰেইগ ফ্ৰেচাৰৰ চিনেমাটোগ্ৰাফী, সুন্দৰ ভিজুৱেল এফেক্টছ আৰু মাইকেল গিয়াচিনোৰ শক্তিশালী আৰু সময়ে সময়ে প্ৰয়োগ কৰা ক্লাছিকেল আৱহ সঙ্গীত ছবিখনৰ মূল চালিকাশক্তি৷
ডিচি তথা ৱাৰ্ণাৰ ব্ৰাডাৰ্ছে মাৰ্ভেলৰ ধৰণে সফল হ‘ব পৰা নাই যদিও, কাহিনীৰ বাস্তৱিক উপস্থাপনৰ ক্ষেত্ৰত ডিচিয়ে দৰ্শকক কেতিয়াও নিৰাশ নকৰে৷ বিগত বৰ্ষকেইটাত কমিক বুক জগতৰ ছবিসমূহৰ সফলতাৰ ক্ষেত্ৰত ডিচিৰ সংখ্যা তেনেই কম যদিও ষ্টুডিঅ‘ই পৰিচালকৰ নিৰ্মাণশৈলী বা কাহিনীৰ কথনশৈলীক হস্তক্ষেপ নকৰিলে বা দৰ্শকে বিচৰা ধৰণে উপস্থাপন কৰা জনপ্ৰিয় চৰিত্ৰসমূহক প্ৰত্যক্ষ কৰিলে, দৰ্শকে আঁকোৱালি লোৱাও আমি দেখি আহিছো৷
এইবৰ্ষত ডুৱেইন জনছন অভিনীত “ব্লেক এডাম“, এজৰা মিলাৰ অভিনীত “দ্য ফ্লেছ“ আৰু জেছন মমোৱাক পুনৰ বাৰ আমি দেখিবলৈ পাম “একুৱামেন“ৰ দ্বিতীয়খন ছবিত৷ সেয়েহ আগন্তুক দিনত ডিচিৰ জয়যাত্ৰা এইদৰেই অব্যাহত থাকক আমি তাৰেই আশা ৰাখিছো৷
“দ্য বেটমেন“ আপোনাৰ নিকটৱৰ্তী চিনেমা হলত পূৰ্ণোদ্যমে চলি আছে৷ ডিচি তথা কমিক বুকৰ প্ৰতি আগ্ৰহী প্ৰতিজন দৰ্শকে ছবিখন চাব পাৰে৷